ৰাজু ডুমৰগঁয়িয়ে টাৰ্পি (টাৰ্পা বুলিও কোৱা হয়) বজাবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁৰ গালদুখন ফুলি উঠে৷ বাঁহ আৰু শুকান পানীলাওৰ খোলাৰে নিৰ্মিত এই পাঁচফুট দীঘল বাদ্যযন্ত্ৰবিধে যেন হঠাতে প্ৰাণ পাই উঠে আৰু বতাহত সুমধুৰ ধ্বনিৰ অনুৰণন তোলে৷

২০২০ চনৰ ২৭-২৯ ডিচেম্বৰলৈ ছত্তীশগড়ৰ ৰায়পুৰৰ প্ৰদৰ্শনী খেলপথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় জনজাতীয় নৃত্য মহোৎসৱত এই সংগীতজ্ঞজন আৰু তেওঁৰ অদ্ভুত আকৃতিৰ বাদ্যযন্ত্ৰটোৱে উপস্থিত আটাইৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

কা ঠাকুৰ সম্প্ৰদায়ৰ সংগীতজ্ঞ ৰাজুৱে কয় যে তেওঁ মহাৰাষ্ট্ৰৰ পালঘৰৰ গুণ্ডাচা পাৰা নামে চুবুৰীত থকা নিজ ঘৰত দশেৰা আৰু নৱৰাত্ৰীৰ লগতে আন আন উৎসৱত টাৰ্পি বজায়।

এয়াও পঢ়ক: ‘টাৰ্পাখনেই মোৰ ঈশ্বৰ’

অনুবাদ: মনোৰঞ্জন মজুমদাৰ

Purusottam Thakur

পুরুষোত্তম ঠাকুর ২০১৫ সালের পারি ফেলো। তিনি একজন সাংবাদিক এবং তথ্যচিত্র নির্মাতা। বর্তমানে আজিম প্রেমজী ফাউন্ডেশনে কর্মরত পুরুষোত্তম সমাজ বদলের গল্প লেখায় নিযুক্ত আছেন।

Other stories by পুরুষোত্তম ঠাকুর
Editor : PARI Desk

আমাদের সম্পাদকীয় বিভাগের প্রাণকেন্দ্র পারি ডেস্ক। দেশের নানান প্রান্তে কর্মরত লেখক, প্ৰতিবেদক, গবেষক, আলোকচিত্ৰী, ফিল্ম নিৰ্মাতা তথা তর্জমা কর্মীদের সঙ্গে কাজ করে পারি ডেস্ক। টেক্সক্ট, ভিডিও, অডিও এবং গবেষণামূলক রিপোর্ট ইত্যাদির নির্মাণ তথা প্রকাশনার ব্যবস্থাপনার দায়িত্ব সামলায় পারি'র এই বিভাগ।

Other stories by PARI Desk
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder