সুকুমাৰ বিশ্বাস কোনো সাধাৰণ নাৰিকল বিক্ৰেতা নহয়। সংগীতৰ প্ৰতি তেওঁৰ সাংঘাতিক ৰাপ আছে, পিয়াহত আতুৰ হৈ পৰা গ্ৰাহকৰ হাতত ডাবৰ পানী তুলি দিওতে তেওঁৰ সেই অনুৰাগী সুৰ কণ্ঠৰে নিগৰে। সেইকাৰণে তেওঁ কয়, “নোখোৱাকৈ থাকিব পাৰিম, কিন্তু নোগোৱাকৈ, ওহো, একেবাৰে নোৱাৰো।” শান্তিপুৰৰ লংকাপাৰা এলেকাত তেওঁক মানুহে ডাবদাদু (নাৰিকল ককা) বুলি জানে।

সত্তৰৰ দেওনা গৰকা মানুহজনে প্ৰথমে ডাব এটা আপোনালৈ ষ্ট্ৰ এডালৰ সৈতে আপোনালৈ আগবঢ়াই দিব, পি খোৱা হোৱাৰ পিছত তেওঁ নাৰিকলৰ ভিতৰৰ কোমল সাহখিনি আপোনাক এৰুৱাই দিব আৰু এই গোটেই সময়ছোৱাত তেওঁ লোকগীত গাই থাকিব। তেওঁ লাল ফকিৰ, শ্বাহ আব্দুল কৰিম, ভবা খ্যাপা আৰু আন বহুতৰ গান গাই মতলীয়া হৈ থাকে। তেওঁ এই গীতবোৰৰ মাজত জীৱনৰ অৰ্থ বিচাৰি পায় আৰু পাৰিৰ বাবে এটা গীত গাই শুনায়, “সত্য কি নিজে জানিলে, সেই সত্যৰ ওচৰ চাপিব পাৰি। সত্যৰ অন্বেষণ কৰিবলৈ হ’লে আমি প্ৰথমে নিজৰ অন্তৰত সততাক ঠাই দিব লাগিব। অসাধু এই মনটো সততাৰে ধুই পেলাব পাৰিলে আমি আনক ভাল পাব পাৰিম।”

তেওঁ ইখন ঠাইৰ পৰা সিখনলৈ তেওঁৰ তোলিখন (ট্ৰাইচাইকেলত জোৰা দি লোৱা এখন ভান) লৈ যোৱাৰ সময়তো তেওঁ গান গাই যায়। তেওঁৰ গীতেই তেওঁৰ উপস্থিতি জাহিৰ কৰে। মানুহে ডাবৰ পানী খাবলৈ পাব বুলি গম পাই যায়।

“কিছুমান মানুহ আকৌ নাৰিকল কিনিবলৈ নাহে, আহে গান শুনিবলৈ। তেওঁলোকে একো নিকিনে। বেছি বিক্ৰীৰ মই আশাও নকৰো। যিমানখিনি হয়, সিমানেৰেই মই সুখী,” গ্ৰাহকক ডাব নাৰিকল আগবঢ়াই দি থকাৰ সময়তে তেওঁ কয়।

Left: Sukumar selling coconuts on the streets of Santipur.
PHOTO • Tarpan Sarkar
Right: Back home, Sukumar likes to sing while playing music on his harmonium and dotara
PHOTO • Tarpan Sarkar

বাওঁফালে: সুকুমাৰে শান্তিপুৰৰ ৰাস্তাত ডাব নাৰিকল বিক্ৰী কৰে। সোঁফালে: ঘৰত সুকুমাৰে তেওঁৰ হাৰমনিয়াম আৰু দোতোৰা লৈ গীত গাই কটায়

সুকুমাৰৰ জন্ম হৈছিল বৰ্তমানৰ বাংলাদেশৰ কুষ্ঠিয়া জিলাত। তেওঁৰ পিতৃ আছিল মৎস্যজীৱি। মাছ নোপোৱা বতৰত তেওঁ দিনহাজিৰা কৰিছিল। ১৯৭১ৰ বাংলাদেশত মুক্তিযুদ্ধ আৰম্ভ হোৱাৰ সময়ত (তেতিয়া পূৱ পাকিস্তান বুলি জনা গৈছিল) অসংখ্য মানুহ ভাৰতত শৰণাৰ্থী হ’ল। সুকুমাৰো তাৰে মাজৰ এজন। “এই দেশলৈ আহোতে আমি সকলোৰে বাবে আছিলো শৰণাৰ্থী। সকলোৱে আমাক পুতৌৰ দৃষ্টিৰে চাইছিল,” তেওঁ কয়। ভাৰতলৈ আহোতে তেওঁলোকে লগত মাছ মৰা জালবোৰ আনিব নোৱাৰিলে।

সুকুমাৰৰ পৰিয়ালটোৱে প্ৰথমতে পশ্চিমবংগৰ চিকাৰপুৰ জিলাত উঠিলহি। কেইমাহমানৰ বাবে কৃষ্ণননগৰত থকাৰ পিছথ তেওঁলোকে শেষত মুৰ্শ্চিদাবাদ জিলাৰ জিয়াগঞ্জ-আজিমগঞ্জ এলেকাত নিগাজী হ’ল। গংগা নদীত পিতৃয়ে মাছ মৰাৰ স্মৃতি মনত উদ্ভাসিত হৈ পৰাত তেওঁৰ চকুজুৰি উজ্বল হৈ পৰে। “আমি স্থানীয় বজাৰত সেই মাছ বিক্ৰী কৰি ভাল পইচা পাইছিলো। এবাৰ তেওঁ ঘৰলৈ আহি কৈছিল যে আমি এতিয়া আৰু চিন্তা কৰিব নালাগে। তেওঁ এনেকৈ কৈছিল যেন আমি লটাৰীত পইচাহে পাইছিলো। প্ৰথমবাৰৰ বাবে আমি মাছ বিক্ৰী কৰি ১২৫ টকা পাইছিলো। সেই সময়ত সেয়া বহুত পইচা আছিল।”

জীৱনৰ বিভিন্ন সময়ত পেট প্ৰৱৰ্তোৱাৰ বাবে বিভিন্ন কাম কৰা সুকুমাৰে কেতিয়াবা ৰেলত ফেৰী কৰিছিল, কেতিয়াবা গংগাত নাও বাইছিল, কেতিয়াবা দিনহাজিৰা কৰিছিল। কেতিয়াবা আকৌ বাঁহী আৰু দোতাৰা বনোৱা কাম কৰিছিল। কিন্তু যিয়েই নকৰক কিয়, তেওঁ কোনোদিন গীত গোৱাৰ পৰা থমকি ৰোৱা নাছিল। নদীৰ পাৰত আৰু বাংলাদেশৰ সেউজ পথাৰত শিকা গানবোৰ এতিয়াও তেওঁৰ ভালদৰেই মনত আছে।

সুকুমাৰৰ এতিয়া ঠিকনা হৈছে পশ্চিমবংগৰ নাদিয়া জিলাৰ শান্তিপুৰ। তাত তেওঁ পত্নীৰ লগত থাকে। দুজনী কন্যা আৰু এজন পুত্ৰ সন্তানৰ তেওঁ পিতৃ। ছোৱালীদুজনীৰ বিয়া হৈছে। ল’ৰাটোৱে মহাৰাষ্ট্ৰত দিনহাজিৰা কৰে। “মই যি কৰি আছো, তাক লৈ তেওঁলোকৰ আপত্তি নাই। জন্ম পোৱাৰ পৰা এতিয়ালৈ বহুত দিন পাৰ কৰি আহিলো, এই পৰ্য্যন্ত চলি আছো। এনেকৈয়ে বাকী থকা দিনকেইটা পাৰ কৰিব পাৰিম বুলি ভাবিছো।”

ফিল্মখন চাওক: ডাব নাৰিকল আৰু সুৰৰ অধিকাৰী শান্তিপুৰৰ ডাবদাদু

অনুবাদ: পংকজ দাস

Tarpan Sarkar

লেখক, অনুবাদক ও গ্রাফিক ডিজাইনার তর্পণ সরকার যাদবপুর বিশ্ববিদ্যালয়ের তুলনামূলক সাহিত্য বিভাগ থেকে স্নাতকোত্তর পাশ করেছেন।

Other stories by Tarpan Sarkar
Text Editor : Archana Shukla

অর্চনা শুক্লা পিপলস্‌ আর্কাইভ অফ রুরাল ইন্ডিয়ার একজন কনটেন্ট এডিটর এবং প্রকাশনা বিভাগে কর্মরত।

Other stories by Archana Shukla
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das