''কলকাতা, জয়পুৰ, দিল্লী অথবা মুম্বাই, যি ঠায়েই নহওক কিয়, বাঁহৰ প’ল’ বল দেউলপুৰৰ পৰাই গৈছিল,’’ ভাৰতৰ কোন কোন ঠাইত প’ল’ খেলা হৈছিল তাৰ তালিকা দি ৰঞ্জিত মালে এইদৰে কয়।

পশ্চিমবংগৰ দেউলপুৰৰ প’ল’ বলৰ কাৰিকৰ ৭১ বৰ্ষীয় ৰঞ্জিতে বিগত প্ৰায় ৪০ বছৰ ধৰি বাঁহৰ মূঢ়াৰ পৰা এই বল প্ৰস্তুত কৰি আহিছে। বাঁচেৰ গঢ়া – অসমীয়াত বাঁহৰ মূঢ়া হৈছে মাটিৰ তলত থকা বাঁহ গছৰ অংশ, ইয়াৰ পৰাই বাঁহ গছৰ বিস্তাৰ হয়। সম্প্ৰতি ইতিহাসত পৰিণত হ’বলৈ ধৰা এই হস্তশিল্পবিধৰ ৰঞ্জিতেই হৈছে অন্তিমগৰাকী শিল্পী।

কিন্তু যোৱা ১৬০ বছৰ ধৰি খেলি অহা আধুনিক প’ল’ খেলবিধৰ ক্ষেত্ৰত বিশেষকৈ সৈন্য, ৰাজপৰিয়ালৰ লোকসকল আৰু সম্ভ্ৰান্ত লোকসকলে খেলিবলৈ ব্যৱহাৰ কৰা বাঁহৰ প’ল’ বল এই দেউলপুৰতেই প্ৰস্তুত কৰা হৈছিল। উল্লেখ্য যে বিশ্বৰ প্ৰথমটো প’ল’ ক্লাব প্ৰতিষ্ঠা হৈছিল ১৮৫৯ চনত অসমৰ শিলচৰত, ইয়াৰ পিছত ১৮৬৩ চনত কলকাতাত গঠিত হৈছিল দ্বিতীয়টো প’ল’ ক্লাৱ। আধুনিক প’ল’ হৈছে মণিপুৰৰ মেইটেই সম্প্ৰদায়ৰ পৰম্পৰাগত খেল ছাগোল কাংজেইৰ অভিযোজিত সংস্কৰণ আৰু মেইটেইসকলেই বাঁহৰ মূঢ়াৰে তৈয়াৰী বল খেলিবলৈ ব্যৱহাৰ কৰিছিল।

১৯৪০ চনৰ আৰম্ভণিতে দেউলপুৰ গাঁৱৰত ৬-৭টা পৰিয়ালে প্ৰায় ১২৫ গৰাকী শিল্পীক কামত লগাইছিল আৰু তেওঁলোকে বছৰি অতিকমেও ১ লাখ বল প্ৰস্তুত কৰিছিল। “আমাৰ সুনিপুণ শিল্পীসকলে প’ল’ বজাৰখনৰ বিষয়ে জানিছিল,’’ ৰঞ্জিতে কয়। তেওঁৰ এই দাবীৰ প্ৰমাণ ব্ৰিটিছকালৰ হাওৰা জিলাত চলোৱা জৰীপতো স্পষ্ট হৈ আছে। তাত লিখা আছে এইদৰে, “দেউলপুৰেই হৈছে ভাৰতৰ একমাত্ৰ ঠাই য’ত প’ল’ বল প্ৰস্তুত কৰা হয়।’’

ৰঞ্জিতৰ পত্নী মিনতি মালে কয়, “প’ল’ বল প্ৰস্তুতৰ ৰমৰমীয়া ব্যৱসায় দেখিয়েই দেউতাই মোৰ ১৪ বছৰ বয়স হওতেই ইয়ালৈ বিয়া দিছিল।’’ এতিয়া ৬০ বছৰত ভৰি দিয়া মিনতিয়ে এক দশক আগলৈকে স্বামীক প’ল’ বল প্ৰস্তুত সহায় কৰিছিল। এই পৰিয়ালটো পশ্চিমবংগত অনুসূচিত জাতি হিচাপে অন্তৰ্ভুক্ত মাল সম্প্ৰদায়ৰ আৰু ৰঞ্জিতে দেউলপুৰতে ডাঙৰ-দীঘল হৈ আজিৰ এই সময়ত উপনীত হৈছে।

মাদুৰি বনৰ কঠত বহি তেওঁ সংৰক্ষণ কৰি ৰখা আপুৰুগীয়া পুৰণি বাতৰি কাকত আৰু আলোচনীৰ পৃষ্ঠাবোৰ লুটিয়াই অতীতলৈ উভতি গৈছে। সেইবোৰ চাই থকাৰ মাজতে তেওঁ গৌৰৱেৰে কৈ উঠিছে, ''পৃথিৱীৰ য’তেই নহওক কিয় ক’ৰবাত যদি লুঙি পিন্ধি প’ল’ বল প্ৰস্তুত কৰি থকা কোনো এজন মানুহৰ পুৰণি ফটো দেখা পোৱা, জানিবা সেইজন ময়েই।’’

Ranjit shows his photographs of ball-making published in a Bangla magazine in 2015 (left) and (right) points at his photograph printed in a local newspaper in 2000
PHOTO • Shruti Sharma
Ranjit shows his photographs of ball-making published in a Bangla magazine in 2015 (left) and (right) points at his photograph printed in a local newspaper in 2000
PHOTO • Shruti Sharma

ৰঞ্জিতে ২০১৫ চনত বাংলা আলোচনীত প্ৰকাশিত বল তৈয়াৰ কৰি থকা মুহূৰ্তৰ ফটো দেখুৱাইছে (বাওঁফালে) আৰু (সোঁফালে) ২০০০ চনত স্থানীয় বাতৰি কাকতত ছপা হোৱা তেওঁৰ ফটোখনলৈ আঙুলিয়াই দিছে

টেপ ৰেকৰ্ডাৰত মহম্মদ ৰফিৰ গীত বজাই সুভাষ বাগৰ কাৰখানাত কাম কৰি থকা দিনবোৰ স্মৰণ কৰি তেওঁ একপ্ৰকাৰ নষ্টালজিক হৈ পৰে। হাঁহি এটি মুখত লৈ তেওঁ কৈ গৈছে, ''ৰফি চাহাবৰ গান বুলিলেই মই পাগল। মই তেখেতৰ গানবোৰ ৰেকৰ্ড কৰি কেছেটো প্ৰস্তুত কৰিছিলো।’’ প’ল’ খেলা সেনাৰ বিষয়াসকলে কলকাতাৰ ফ’ৰ্ট উইলিয়ামৰ পৰা বল কিনিবলৈ আহিছিল। তেওঁ আৰু কয়, “গান শুনি তেখেতসকলেও ভাল পাইছিল। সেয়ে তেখেতসকলে সকলো কেছেট লৈ গৈছিল।’’

দেউলপুৰৰ এই সাফল্যৰ মূলতেই আছিল হাওৰা জিলাৰ উক্ত অঞ্চলটোত প্ৰচুৰ পৰিমাণে থকা স্থানীয় ভাষাত 'ঘৰো’ নামেৰে জনাজাত বাঁহবিধৰ (Guadua bamboo) সহজ উপলব্ধতা। এই বাঁহ সহজতে গজে বাবে মাটিৰ তলত ইয়াৰ মূঢ়া মজবুত আৰু দীঘল হয়। এই মূঢ়াৰেই প্ৰস্তুত কৰা হয় প’ল’ বল।

“সকলো প্ৰজাতিৰ বাঁহৰ মূঢ়া আকাৰ আৰু ওজনৰ দিশৰ পৰা প’ল’ বলৰ বাবে উপযোগী নহয়,’’ ৰঞ্জিতে কয়। ভাৰতীয় প’ল’ এছ’চিয়েশ্যনে নিৰ্ধাৰণ কৰি দিয়া ৭৮-৯০ মিটাৰ ব্যাস আৰু ১৫০ গ্ৰাম ওজনৰ নিৰ্দিষ্ট মানকৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো বল যথাযথভাৱে প্ৰস্তুত কৰিবলগীয়া হৈছিল।

১৯৯০ পৰ্যন্ত সকলো প’ল’ বলেই এই সামগ্ৰীবিধৰ জৰিয়তেই প্ৰস্তুত কৰা হৈছিল। “লাহে লাহে বাঁহৰ বলৰ ঠাই ল’বলৈ আৰম্ভ কৰিলে আৰ্জেণ্টিনাৰ পৰা অহা ফাইবাৰগ্লাছৰ বলে,’’ বৰ্ষীয়ান শিল্পীগৰাকীয়ে কয়।

ফাইবাৰগ্লাছৰে নিৰ্মিত বলবোৰ বেছি দিন টিকে আৰু বাঁহৰ বলতকৈ দামো বেছি। কিন্তু “প’ল’ খেলবিধেই হৈছে বহুত ধনী লোকসকলে খেলা খেল। সেয়ে বলৰ বাবে টকা বেছিকৈ খৰছ কৰাতো তেওঁলোকৰ বাবে একো ডাঙৰ কথা নহয়,’’ ৰঞ্জিতে কয়। বজাৰলৈ অহা এই পৰিৱৰ্তনৰ ফলত দেউলপুৰৰ এই শিল্পবিধলৈ নামি আহে কলীয়া ডাৱৰ। “২০০৯ চনৰ আগলৈকে ইয়াত ১০০-১৫০ গৰাকী লোক বল প্ৰস্তুতৰ সৈতে জড়িত হৈ আছিল। কিন্তু ২০১৫ চন পোৱালৈকে প’ল’ বলৰ শিল্পবিধৰ সৈতে জড়িত মানুহ কেৱল মইহে থাকি গ’লো। এতিয়া আৰু নতুন কোনো আগবাঢ়ি অহাৰো সম্ভাৱনা নাই,’’ স্মৃতিকাতৰ হৈ ৰঞ্জিতে কয়।

*****

Left: Carrying a sickle in her hand, Minoti Mal leads the way to their six katha danga-zomin (cultivable piece of land) to show a bamboo grove.
PHOTO • Shruti Sharma
Right: She demarcates where the rhizome is located beneath the ground
PHOTO • Shruti Sharma

বাওঁফালে: হাতত কাঁচি এখন লৈ মিনতি মালে বাঁহনিডৰা দেখুৱাবলৈ লৈ গৈছে, খেতি কৰিব পৰাকৈ তেওঁলোকৰ ছয় কঠা মাটি আছে। সোঁফালে: মাটিৰ তলত ক’ত বাঁহৰ মূঢ়া আছে সেয়া তেওঁ দেখুৱাইছে

Left: The five tools required for ball-making. Top to bottom: kurul (hand axe), korath (coping saw), batali (chisel), pathor (stone), renda (palm-held filer) and (bottom left) a cylindrical cut rhizome - a rounded ball.
PHOTO • Shruti Sharma
Right: Using a katari (scythe), the rhizome is scraped to a somewhat even mass
PHOTO • Shruti Sharma

বাওঁফালে: বল নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পাঁচটা সঁজুলি। ওপৰৰ পৰা তললৈ: কুৰুল (হাত কুঠাৰ), কৰত, বটালি, শিল, ৰেণ্ডা আৰু (তলৰ বাওঁফালে) এটা নলাকাৰ কাটি লোৱা বাঁহৰ মূঢ়া - এটা ঘূৰণীয়া বল। সোঁফালে: কটাৰী ব্যৱহাৰ কৰি বাঁহৰ মূঢ়াটোক বল তৈয়াৰ কৰিব পৰাকৈ আকাৰ দিয়া হৈছে

হাতত কাঁচি এখন লৈ মিনতি তেওঁলোকৰ বাঁহনিডৰালৈ আগবাঢ়িছিল, ৰঞ্জিত আৰু মই পিছে পিছে গৈছিলো। ঘৰৰ পৰা ২০০ মিটাৰ দূৰৈত তেওঁলোকৰ ৬ কঠা মাটি আছে, তাতে তেওঁলোকে নিজে খাবলৈ কিছু ফলমূল আৰু শাক-পাচলিৰ খেতি কৰিছে। নিজে খোৱাৰ পিছত ৰাহি হোৱাখিনি স্থানীয় ব্যৱসায়ীক বিক্ৰীও কৰে তেওঁলোকে।

“বাঁহবোৰ কটাৰ পিছত মাটিৰ পৰা মূঢ়াবোৰ উভলা হ’ব,’’ মিনতিয়ে দেউলপুৰৰ ছৰ্দাৰ সম্প্ৰদায়ৰ বাঁহৰ মূঢ়া উভলা সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে বৰ্ণনা কৰি কৈ গৈছে। সেইবোৰৰ পৰা ৰঞ্জিতে বাঁহৰ মূঢ়া বাচি উলিয়াব। ২-৩ কিলোগ্ৰাম ওজনৰ এটা মূঢ়া ২৫-৩২ টকা পৰ্যন্ত বিক্ৰী হয়।

এই মূঢ়াবোৰ চাৰি মাহলৈকে ৰ’দত শুকোৱা হয়। ''নুশুকালে, কেঁচা অৱস্থাতে বল তৈয়াৰ কৰিবলৈ গ’লে সেয়া বেয়া হৈ যাব বা ফাটি যাব,’’ ৰঞ্জিতে কয়।

শুকোৱাৰ পিছত সেইবোৰ পুখুৰীত ১৫-২০ দিন ডুবাই ৰখা হয়। তেওঁ আৰু কয়, ''ৰ’দত শুকোৱা মূঢ়াবোৰ মিহি কৰিবলৈ পানীত ডুবাই ৰখাতো প্ৰয়োজনীয়। নহ’লে মূঢ়াবোৰ কটাতো সম্ভৱ নহয়। তাৰ পিছত আমি আকৌ সেইবোৰ ১৫-২০ দিন ৰ’দত শুকুৱাও। এই সকলোবোৰৰ পিছতহে বল তৈয়াৰ কৰিব পৰা যায়।’’

বাঁহৰ মূঢ়াবোৰ প্ৰয়োজনীয় আকাৰৰ বাবে ৰুকিবলৈ কটাৰী বা বতালি ব্যৱহাৰ কৰা হয় আৰু তাৰ পিছত সেয়া কৰতেৰে নলী আকৃতিত টুকুৰাকৈ কটা হয়। পিঠিৰ বিষত আক্ৰান্ত হোৱা বাবে এতিয়া লাহে লাহে কাম কৰিবলৈ বাধ্য হৈ পৰা ৰঞ্জিতে আৰু কয়, ''এই গোটেই কামবোৰ ভৰিত ভৰ দি বিশেষ ভংগীমাত বহি লৈ কৰিবলগীয়া হয়। ক’বলৈ গ’লে প’ল’ আমাৰ দৰে কাৰিকৰসকলৰ ওপৰত নিৰ্ভৰ কৰিয়েই খেলা হৈছিল।’’

''মূঢ়াবোৰৰ পৰা নলী আকৃতিত টুকুৰাবোৰ কৰা হোৱাৰ পিছত সেইবোৰক বটালি ব্যৱহাৰ কৰি ঘূৰণীয়া আকাৰ দিয়া হয়। মূঢ়াৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি আমি এটা মূঢ়াৰ পৰা ২টা, ৩টা বা ৪টা লৈকে বল তৈয়াৰ কৰো,’’ ৰঞ্জিতে কয়। তাৰ পিছত তেওঁ সেই বলবোৰ হাতৰ তলুৱা ব্যৱহাৰ কৰি চলোৱা ৰেণ্ডা ব্যৱহাৰ কৰি উপৰিভাগ মিহি কৰে।

দেউলপুৰৰ এই সাফল্যৰ মূলতেই আছিল হাওৰা জিলাৰ উক্ত অঞ্চলটোত প্ৰচুৰ পৰিমাণে থকা স্থানীয় ভাষাত 'ঘৰো’ নামেৰে জনাজাত বাঁহবিধৰ (Guadua bamboo) সহজ উপলব্ধতা

শিল্পবিধক লৈ ছুটি ভিডিঅ’টো চাওক

পুৰণি বল এটাত মিনতিয়ে গ্লেজিং কেনেকৈ কৰা হয় সেয়া দেখুৱাই দিছে। “ঘৰৰ কামৰ মাজতে মই ছিৰিছ কাগজেৰে বল মিহি কৰিছিলো। তাৰ পিছত বলত বগা ৰং দিয়া হয়। কেতিয়াবা আমিও ষ্টাম্প মাৰিছিলো,’’ মিনতিয়ে কয়।

প্ৰতিটো বল তৈয়াৰ কৰোতে ২০-২৫ মিনিট সময় লাগিছিল। ‘এদিনতে আমি দুয়ো ২০টা বল তৈয়াৰ কৰি ২০০ টকা উপাৰ্জন কৰিছিলো,’’ ৰঞ্জিতে কয়। এই কামৰ বাবে প্ৰয়োজনীয় দক্ষতা, জ্ঞান আৰু সকলো দিশৰ প্ৰতি মনোযোগ দিয়াৰ পিছতো ৰঞ্জিতে আশা কৰা ধৰণে লাভৰ মুখ নেদেখিলে। যেতিয়া তেওঁ এটা কাৰখানাত প’ল’ বল তৈয়াৰৰ কাম আৰম্ভ কৰিছিল, তেতিয়া তেওঁ প্ৰতিটো বলৰ বিপৰীতে ৩০ পইচাকৈ উপাৰ্জন কৰিছিল। ২০১৫ চনত সেয়া বাঢ়ি মাত্ৰ ১০ টকা হৈছিল।

''দেউলপুৰৰ পৰা প্ৰতিটো বল ৫০ টকাত বিক্ৰী হৈছিল,” তেওঁ কয়। কলকাতা প’ল’ ক্লাবৰ ৱেবছাইটৰ ব্যৱসায়িক সামগ্ৰীৰ কথা উল্লেখ থকা কথাখিনিলৈ চকু ফুৰালেই দেখা যায় যে বল তৈয়াৰ কৰা এইসকলক শিল্পীৰ কষ্টৰ পৰাই বৃহৎ পৰিমাণৰ লাভ জমা হৈছিল।

ৱেবছাইটত এই বলবোৰক “পশ্চিমবংগৰ গ্ৰাম্য উদ্যোগত বিশেষভাৱে নিৰ্মিত বাঁহৰ বল” বুলি উল্লেখ কৰা হৈছে। বৰ্তমান প্ৰতিটো বলৰ মূল্য  ১৫০ টকা, যি নেকি প্ৰতিটো বলৰ বিপৰীতে ৰঞ্জিতে লাভ কৰা মজুৰিতকৈ ১৫ গুণ বেছি।

ৰঞ্জিতে আৰু কয়, “এখন প’ল’ মেচৰ বাবে ২৫-৩০ টাতকৈও অধিক বাঁহৰ বলৰ প্ৰয়োজন আছিল। কিয়নো বাঁহৰ মূঢ়া হৈছে প্ৰাকৃতিক, সেয়েহে ইয়াৰ ওজন ভিন ভিন হয়। লগতে প’ল’ মেচৰ সময়ত মেলেটেৰে খেলি থকাৰ ফলত ইয়াৰ আকৃতি সোনকালে সলনি হৈ পৰে বা ফাট মেলে। আনহাতে, ফাইবাৰগ্লাছৰ বল বেছি দিন টিকে। এখন প’ল’ মেচত ফাইবাৰগ্লাছৰ মাত্ৰ তিনি-চাৰিটা বলেই যথেষ্ট।”

A sack full of old bamboo rhizome balls (left).
PHOTO • Shruti Sharma
Minoti (right) demonstrating the task of glazing a polo ball with sand paper. 'Between housework, I used to do the smoothening and finishing,' she says
PHOTO • Shruti Sharma

পুৰণি বাঁহৰ মূঢ়াৰে তৈয়াৰ কৰা বলেৰে ভৰা বস্তা এটা (বাওঁফালে)। মিনতিয়ে (সোঁফালে) প’ল’ বল এটা ছিৰিছ পেপাৰেৰে নিমজ কৰাৰ কাম দেখুৱাইছে। তেওঁ কয়, ‘ঘৰৰ কামৰ মাজত মই এই কাম কৰিছিলো’

Left : Ranjit holds a cut rhizome and sits in position to undertake the task of chiselling.
PHOTO • Shruti Sharma
Right: The renda (palm-held file) is used to make the roundedness more precise
PHOTO • Shruti Sharma

বাওঁফালে: ৰঞ্জিতে বাঁহৰ মূঢ়া ধৰি কাটিবৰ বাবে বিশেষ ভংগীমাত বহি লৈছে। সোঁফালে: বলবোৰ অধিক ঘূৰণীয়া আৰু নিখুঁত কৰিবলৈ ৰেণ্ডা ব্যৱহাৰ কৰা হয়

১৮৬০ চনৰ আৰম্ভণিতে মাত্ৰ ৩০ কিলোমিটাৰ দূৰত্বত কলকাতা প’ল’ ক্লাৱ স্থাপন হোৱাত দেউলপুৰত প’ল’ বল নিৰ্মাণে ক্ষিপ্ৰতাৰে গতি লাভ কৰিছিল। কিন্তু এই বলৰ চাহিদা হ্ৰাস পোৱাৰ লগে লগে ক্লাৱটোৱে ২০১৫ চনৰ ভিতৰত বাঁহৰ বল ক্ৰয় কৰাতো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে।

*****

খেলা-ধূলাৰ প্ৰতি ৰঞ্জিতৰ ৰাপ নথকা নহয়। তেওঁ স্থানীয় ক্লাৱ দেউলপুৰ প্ৰগতি সংঘৰ হৈ ফুটবল আৰু ক্ৰিকেট খেলিছিল আৰু ক্লাৱটোৰ প্ৰথম সম্পাদক আছিল। তেওঁ কয়, “গাঁৱত মই এজন বেগী বলাৰ আৰু ডিফেণ্ডাৰ হিচাপে বিখ্যাত আছিলো।’’

সুভাষ বাগৰ মালিকানাধীন কাৰখানাত কাম কৰি তেওঁ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। এই সুভাষ বাগৰেই ককাদেউতাকে দেউলপুৰত প’ল’ বল নিৰ্মাণৰ কাম পোনপ্ৰথমে আৰম্ভ কৰিছিল। এতিয়া ৫৫ বছৰীয়া সুভাষেই হৈছে প’ল’ আৰু দেউলপুৰৰ একমাত্ৰ যোগসূত্ৰ – কিন্তু তেওঁ বলৰ পৰিৱৰ্তে সম্প্ৰতি প’ল’ মেলেট নিৰ্মাণতহে মনোনিৱেশ কৰিছে।

ডেৰ শতিকা পূৰ্বে দেউলপুৰৰ বাসিন্দাসকলৰ অধিকাংশৰেই জীৱিকা উপাৰ্জনৰ অন্যতম সম্বল হৈ পৰিছিল প’ল’ বল তৈয়াৰ। মিনতিয়ে কয়, “এম্ব্ৰ’ইডাৰি, বিড়িৰ মুঠি বন্ধাৰ পৰা প’ল’ বললৈকে কিমান যে কি কাম নকৰিলো। জীৱনটো চলাই নিবলৈ আৰু আমাৰ তিনিটা সন্তানক ডাঙৰ-দীঘল কৰিবলৈ কৰিব পৰা সকলো কামকেই কৰিলো।’’ কথাৰ মাজতে ৰঞ্জিতে যোগ দিয়ে, “বৰ কষ্টৰ কাম আছিল আৰু পইছা পাইছিলো তেনেই কেইটামান। জীৱনটোত বহুত কষ্ট কৰিলো।’’

“এতিয়া আমাৰ ইয়াৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ দূৰৈৰ ধূলাগড় চৌৰাস্তাৰ ওচৰলৈ বহু উদ্যোগ আহিছে,” দেউলপুৰৰ বাসিন্দাসকলে পূৰ্বতকৈ ভাল কামৰ সন্ধান লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰি ৰঞ্জিতে কয়। মিনতিয়ে আকৌ কয়, “প্ৰায় প্ৰতিটো ঘৰতে পৰিয়ালৰ এজনে এতিয়া দৰমহা পোৱা চাকৰি কৰে। কিন্তু কিছুমান মানুহে এতিয়াও ঘৰতে এম্ব্ৰ’ইডাৰীৰ কাম কৰে।’’ ২০১১ চনৰ লোকপিয়ল অনুযায়ী দেউলপুৰৰ প্ৰায় ৩,২৫৩ জন লোক ঘৰুৱা উদ্যোগত কৰ্মৰত।

সৰু পুত্ৰ সৌমিত (৩১) আৰু বোৱাৰী সুমনাৰ সৈতে থাকে এই দম্পতীহালে। সৌমিতে কলকাতাৰ ওচৰৰ চিচিটিভি কেমেৰা কোম্পানী এটাত কাম কৰে। কলেজত স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত সুমনাই পঢ়া শেষ কৰি চাকৰি কৰাৰ সপোন পুহি ৰাখিছে।

Left : Sumona, Ranjit and Minoti on the road from where Mal para (neighbourhood) begins. The localities in Deulpur are segregated on the basis of caste groups.
PHOTO • Shruti Sharma
Right : Now, there are better livelihood options for Deulpur’s residents in the industries that have come up closeby. But older men and women here continue to supplement the family income by undertaking low-paying and physically demanding zari -work
PHOTO • Shruti Sharma

বাওঁফালে: মাল পাৰাৰ (চুবুৰী) পথত সুমনা, ৰঞ্জিত আৰু মিনতি। দেউলপুৰত জাতি-গোষ্ঠীৰ ভিত্তিত ঠাইসমূহ পৃথক কৰা হৈছে সোঁফালে: এতিয়া, আশে-পাশে স্থাপিত উদ্যোগবোৰত দেউলপুৰৰ বাসিন্দাসকলে বিকল্প কামৰ সন্ধান পাইছে। কিন্তু ইয়াত বয়সীয়াল পুৰুষ-মহিলাসকলে পৰিয়াল চলাবলৈ কম দৰমহা পোৱা আৰু শাৰীৰিকভাৱে কষ্টকৰ এম্ব্ৰইডাৰী আদি কামো কৰি গৈছে

*****

ৰঞ্জিতে কয়, “মোৰ দৰে শিল্পীসকলে এই কলাবিধক সৰ্বস্ব উজাৰি দিছিল, কিন্তু আমি প’ল’ খেলুৱৈসকল বা চৰকাৰৰ পৰাও বিনিময়ত একো নাপালো।’’

২০১৩ চনত পশ্চিম বংগ চৰকাৰে ইউনেস্ক’ৰ সৈতে সন্মিলিতভাৱে সমগ্ৰ ৰাজ্যতে পৰম্পৰাগত শিল্প আৰু শিল্পকলাৰ বিকাশৰ বাবে গ্ৰাম্য শিল্প হাব প্ৰকল্প আৰম্ভ কৰে। বৰ্তমান তৃতীয় পৰ্যায়ত চলি থকা এই প্ৰকল্পই সমগ্ৰ ৰাজ্যতে ৫০ হাজাৰ হিতাধিকাৰীক সামৰি লৈছে যদিও ইয়াত এজনো বাঁহৰ প’ল’ বল নিৰ্মাণ কৰা শিল্পী নাই।

ৰঞ্জিতে কয়, “আমি ২০১৭-১৮ চনত নবান্নালৈ [পশ্চিমবংগ চৰকাৰৰ মুখ্য কাৰ্যালয়] গৈছিলো, আমাৰ এই শিল্পবিধ যাতে নাইকিয়া হৈ নাযায় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিলো। আমি আমাৰ কথাবোৰ কৈছিলো, আবেদন দাখিল কৰিছিলো, কিন্তু তাৰ পৰা একো ফল নাপালো। আমি তেওঁলোকক সুধিছিলো যে আমাৰ শিল্পবিধ হেৰাই গৈছে, আমাৰ জীৱিকাও সংকটত, গতিকে আমাৰ আৰ্থিক অৱস্থা কি হ’ব? আমি কি খাম?”

“হয়তো প’ল’ বলবোৰ চাবলৈ ধুনীয়া নহয় বাবেই মানুহে এই শিল্পবিধক ইমানকৈ গুৰুত্ব দিয়া নাই,” ৰঞ্জিতে ক্ষন্তেক সময় থমকি ৰৈ আৰু কয়, “... সত্য এয়াই যে আমাৰ কথা আচলতে কোনেও কেতিয়াও ভবাই নাছিল।”

মিনতিয়ে দুপৰীয়াৰ সাজৰ বাবে মাছ বাচি থকাৰ পৰাই ৰঞ্জিতৰ কথা শুনি কয়, “এতিয়াও আমি এই আশা কৰিয়েই আছো যে এদিন আমাৰ কষ্টই সামান্যকৈ হ’লেও কিবা এটা স্বীকৃতি পাব।”

ৰঞ্জিত অৱশ্যে ইমান আশাবাদী নহয়। নিৰাশ মনেৰে তেওঁ কয়, “প’ল’ জগতখন কেইবছৰমান আগলৈকে আমাৰ দৰে শিল্পীসকলৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল আছিল। কিন্তু এতিয়া সকলো সলনি হৈ গ’ল। এতিয়া, এই বিলুপ্ত শিল্পবিধৰ মই হৈছো জীৱন্ত সাক্ষী।”

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Shruti Sharma

শ্রুতি শর্মা ২০২২-২৩ সালের এমএমএফ-পারি ফেলো। কলকাতার সেন্টার ফর স্টাডিজ ইন সোশ্যাল সায়েন্সেস-এ ভারতে ক্রীড়াসামগ্রী নির্মাণের সামাজিক ইতিহাস নিয়ে পিএইচডি গবেষণা করছেন।

Other stories by Shruti Sharma
Editor : Dipanjali Singh

দীপাঞ্জলি সিং পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার একজন সহকারী সম্পাদক। এছাড়াও তিনি পারি লাইব্রেরির জন্য নথিপত্র সংক্রান্ত গবেষণা ও অনুসন্ধান করেন।

Other stories by Dipanjali Singh
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari