ত্ৰিশৰ ডেওনা গৰকা গণেশ পণ্ডিত নতুন দিল্লীৰ পুৰণি যমুনা ব্ৰীজৰ লোহা পুলৰ তৰুণ বাসিন্দা। তেওঁ কয় যে তেওঁৰ সমনীয়াবোৰৰ প্ৰায়ভাগেই ‘মূলসূঁতি’ৰ কাম যেনে সাতোৰ প্ৰশিক্ষক হিচাপে আৰু কাষৰে চুবুৰীয়া চান্দনী চ’কৰ খুচুৰা দোকানত কাম কৰিবলৈ ওলাই গৈছে।

দিল্লীৰ মাজেৰে পাৰ হৈ যোৱা গংগাৰ আটাইতকৈ দীঘল উপনৈ যমুনাখন আয়তনৰ ফালৰ পৰা (ঘাঘাৰাৰ পিছতে) দ্বিতীয় বৃহত নৈ।

পণ্ডিতে যমুনা নদীৰ মাজত ফটোশ্বুটৰ ব্যৱস্থা কৰে আৰু নৈৰ মাজত পৰম্পৰাগত ৰীতি-নীতিখিনি কৰিব খোজা মানুহক লৈ যায়। “য’ত বিজ্ঞান ৰৈ যায়, তাতে বিশ্বাসৰ কাম আৰম্ভ হয়,” তেওঁ কয়। তেওঁৰ পিতৃ তাৰে এগৰাকী পুৰোহিত আৰু দুই ভায়েকে “যমুনা নদীখনতে সাতুৰিব শিকিছে।” পণ্ডিতৰ ভায়েক দুটাই পঞ্চতাৰকা হোটেলত লাইফগাৰ্ড হিচাপে কাম কৰে।

PHOTO • Shalini Singh
PHOTO • Shalini Singh

বাওঁফালে: গণেশ পণ্ডিত (৩৩) যমুনা নদীৰ এগৰাকী নাৱৰীয়া, তেওঁৰ ঘৰ দিল্লীৰ লোহা পুলত। সোঁফালে: দলঙৰ এখন ফলকে ইতিহাসৰ কথা কৈছে

PHOTO • Shalini Singh
PHOTO • Shalini Singh

বাওঁফালে: যমুনাৰ পাৰৰ ঘাঁহ-বন, শেলুৱৈ আৰু জাৱৰৰ মাজত গণেশ পণ্ডিতৰ নাওখন চপাই থোৱা আছে। সোঁফালে: নদীখনৰ কাষৰ পাহাৰীয়া উপত্যকাত মানুহে তন্ত্ৰ-মন্ত্ৰ কৰিবলৈ অনা যোগাৰ-পাতিৰ পেলনীয়াখিনি দেখা গৈছে। গণেশ পণ্ডিতৰ দৰে নাৱৰীয়াই মানুহক পইচাৰ বিনিময়ত ফেৰি কৰি নিয়ে

নাৱৰীয়াৰ পেছা এতিয়া আৰু লাভজনক হৈ থকা নাই, সন্মানো নাই। সেয়ে মানুহে নাৱৰীয়াক নিজৰ ছোৱালী গতাব নিবিচাৰে। “মই ফেৰি কৰি দিনে ৩০০ৰ পৰা ৫০০ টকা পাও,” পণ্ডিতে কয়। লগতে যোগ দিয়ে যে নদীত ফটো আৰু ভিডিঅ’ শ্বুটৰ ব্যৱস্থা কৰি তেওঁ ভাল টকা পায়।

তেওঁ এনেকৈ নাও চলোৱা এটা দশক পাৰ হ’ল আৰু এই কথা কৈ তেওঁ দুখ কৰে যে নদীখনৰ পানী প্ৰদূষিত হৈছে। বাৰিষাৰ পানীয়ে নদীখনৰ জাৱৰ-যোথৰবোৰ ধুই নিয়াৰ পিছত ছেপ্টেম্বৰ মাহত নৈখন এবাৰহে চাফা কৰা হয়, তেওঁ কয়।

যমুনা নদীখনৰ মাত্ৰ ২২ কিলোমিটাৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ মাজেৰে পাৰ হৈ যায়। কিন্তু ১,৩৭৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ নৈখনৰ ৮০ শতাংশ প্ৰদূষণ এইটো অঞ্চলতে হয়। পঢ়ক: যেতিয়া যমুনাৰ ‘মৰা মাছবোৰ সতেজ হৈ পৰিব’

অনুবাদ: পংকজ দাস

Shalini Singh

শালিনী সিং পারি-র পরিচালনের দায়িত্বে থাকা কাউন্টারমিডিয়া ট্রাস্টের প্রতিষ্ঠাতা অছি-সদস্য। দিল্লি-ভিত্তিক এই সাংবাদিক ২০১৭-২০১৮ সালে হার্ভার্ড বিশ্ববিদ্যালয়ে নিম্যান ফেলো ফর জার্নালিজম ছিলেন। তিনি পরিবেশ, লিঙ্গ এবং সংস্কৃতি নিয়ে লেখালিখি করেন।

Other stories by শালিনী সিং
Editor : PARI Desk

আমাদের সম্পাদকীয় বিভাগের প্রাণকেন্দ্র পারি ডেস্ক। দেশের নানান প্রান্তে কর্মরত লেখক, প্ৰতিবেদক, গবেষক, আলোকচিত্ৰী, ফিল্ম নিৰ্মাতা তথা তর্জমা কর্মীদের সঙ্গে কাজ করে পারি ডেস্ক। টেক্সক্ট, ভিডিও, অডিও এবং গবেষণামূলক রিপোর্ট ইত্যাদির নির্মাণ তথা প্রকাশনার ব্যবস্থাপনার দায়িত্ব সামলায় পারি'র এই বিভাগ।

Other stories by PARI Desk
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das