কল্লিড়াম নদীৰ বালিচৰত ধীৰে ধীৰে আন্ধাৰ নামিছে। তাৰপৰা তামোল এখনৰ বাটত কৃষক বাড়িভেলানৰ তিলৰ খেতিপথাৰখন। তাতেই তেওঁ আমাক খেতিৰ কাহিনী কৈছে। এই নদীখনত প্ৰচণ্ড সোঁত বৈছিল, ওফন্দি উঠিছিল নদীৰ বুকু, বানৰ পানীয়ে গাওঁবোৰ বুৰাই পেলোৱাৰ ১২ দিন পিছত তেওঁৰ জন্ম হৈছিল। গাওঁখনৰ প্ৰতিঘৰ মানুহে এল্লু মানে তিলৰ খেতি কৰে। বীজবোৰ চেপি তাৰ পৰা মৌ বৰণৰ সুগন্ধী তেল ওলায়। তেওঁ কাহিনী ক’লে কেনেকৈ তেওঁ দুডাল কলগছ জোৰা লগাই ভেল বনাই চলাবলৈ শিকিলে, কল্লিড়ামতকৈ ডাঙৰ এখন নদীত কাবেৰীৰ পাৰৰ প্ৰিয়াৰ সৈতে প্ৰেমত পৰিল, ছোৱালীৰ বাপেকে নামানিলেও তাইক বিয়া পাতিলে আদি কাহিনী ক’লে। আৰু ক’লে তেওঁলোকৰ ডেৰ একৰ খেতিমাটিত কৰা ধানখেতি, কুঁহিয়াৰ, ক’লামাহ আৰু তিলৰ খেতিৰ কথা…

প্ৰথম তিনিবাৰ খেতি কৰোঁতে মুনাফা ভালে হৈছিল। “আমি ধানখেতিৰ পৰা পোৱা পইচাখিনি কুঁহিয়াৰ খেতিত ব্যৱহাৰ কৰোঁ। সেইখিনি আকৌ খেতিতেই খৰছ কৰোঁ,” বাড়িভেলানে বুজাই কয়। এল্লু মানে তিলৰ খেতি তেলৰ বাবে কৰা হয়। কাঠৰ মিল এটাত তিলবোৰ খুন্দা হয়, নাল্লেনাইখিনি ((তিলতেল) ডাঙৰ পাত্ৰত সঞ্চয় কৰা হয়। “সেয়া আমি খাবলৈ আৰু আচাৰ বনাবলৈ ব্যৱহাৰ কৰোঁ,” প্ৰিয়াই কয়। “অঁ, আৰু এটা কথা, তেওঁ সেই তেলেৰ সদায় কুলকুলি কৰে,” বাড়িভেলানে মিচিকিয়াই হাঁহি কয়। “আৰু তেলেৰে গা ধোৱে, মই বৰ ভাল পাওঁ!” তেওঁ কয়।

বাড়িভেলানে ভাল পোৱা ভালেমান কাম আছে। সেইবোৰ তেনেই সাধাৰণ ধেমালীৰ কাম। সৰুকালত এইখন নদীত মাছ ধৰা, বন্ধুবৰ্গৰ লগত সেই মাছ পুৰি খোৱা, গাঁৱত পঞ্চায়তৰ সভাপতিৰ ঘৰত থকা গাওঁখনৰ একমাত্ৰ টিভিটোত চিৰিয়েল-চিনেমা চোৱা, আদি বিভিন্ন। “টিভি ইমানেই ভাল পাইছিলো যে মই টিভিটো ভালকৈ চিগনেল নাপালে ওলোৱা চেৰচেৰাই থকা মাতটোও শুনি থাকিছিলো!”

কিন্তু দিনৰ পোহৰ হেৰাই যাবলৈ ধৰাৰ দৰে সেইবোৰ কেৱল পচিমৰ আকাশত হেঙুলীয়া আভা হৈ ৰ’ল, আৰু দূৰ দিগন্তত হেৰাই গ’ল। “এতিয়া আৰু খেতিৰ মাটিখিনিৰে কোনোমতেই নোজোৰে,” বাড়িভেলানে কয়। “কেব চলাই জোৰা-টাপলি মাৰি চলিছো।” তেওঁ আমাক শ্ৰীৰংগম তালুকৰ তিৰুভালাৰচ’লাইৰ নিজৰ ঘৰৰ পৰা নিজৰ সেই টয়টা ইটিয়চ খনতেই নৈৰ পাৰলৈ লৈ গ’ল। তেওঁ ৮ টকা সুতৰ হাৰত ব্যক্তিগত ঋণ লৈ সেইখন গাড়ী কিনিছে। মাহে মাহে ২৫ হাজাৰ টকা দিয়াটো কেতিয়াবা টান হৈ পৰে। পইচাৰ বাবে সদায়ে চিন্তা কৰি থাকিবলগীয়া হয়, দম্পতিহালে কয়। বেছি নাটনি পৰিলে সোণৰ গহনা বন্ধকত থ’বলগীয়া হয়। “আমাৰ দৰে মানুহে ঘৰ এটা সাজিবলৈ বেংকৰ পৰা ঋণ ল’বলৈ হ’লে দহজোৰ চেন্দেল ক্ষয় নিয়াব লাগিব। তেওঁলোকে সিমানবাৰ আমাক বেংকলৈ দৌৰাই থাকে!” বাড়িভেলানে হুমুনিয়াহ কাঢ়ি কয়।

আকাশখন এখন ছবিৰ দৰে দেখা গৈছে। গুলপীয়া, নীলা আৰু সামান্য ক’লাৰে যেন কোনোবাই এখন পানীৰঙৰ ছবি আকি আঁৰি থৈছে। “নদীখনত উদ আছে,” বাড়িভেলানে কয়। আমাৰ পৰা বেছি দূৰত নহয়, কেইটামান সৰু ল’ৰাই পানীত উদৰ দৰেই সাতুৰি-নাদুৰি ফুৰিছে। “আমিও তাকেই কৰিছিলো, শৈশৱত সেয়াই আছিল আমাৰ মনোৰঞ্জনৰ সাধন!”

Vadivelan and Priya (left) on the banks of Kollidam river at sunset, 10 minutes from their sesame fields (right) in Tiruchirappalli district of Tamil Nadu
PHOTO • M. Palani Kumar
Vadivelan and Priya (left) on the banks of Kollidam river at sunset, 10 minutes from their sesame fields (right) in Tiruchirappalli district of Tamil Nadu
PHOTO • M. Palani Kumar

সূৰ্য্যাস্তৰ সময়ত কল্লিড়াম নদীৰ পাৰত অগভীৰ পানী গছকা বাড়িভেলান আৰু প্ৰিয়া (সোঁফালে), তামিলনাডুৰ তিৰুচিৰপ্পালি জিলাৰ তেওঁলোকৰ তিলৰ খেতিপথাৰৰ পৰা তালৈ ১০ মিনিটৰ বাট

বাড়িভেলানেও নদীখনক উপাসনা কৰে। “প্ৰতিবছৰে তামিলসকলৰ আড়ি মাহৰ ১৮তম দিনটো আড়ি পেৰুক্কু হিচাপে উদযাপন কৰা হয়। আমি আটায়ে কাবেৰী নদীখনৰ পাৰলৈ আহো। নাৰিকল আৰু ফুল যাঁচি নদীখনলৈ সেৱা জনাওঁ।” বিনিময়ত কাবেৰী আৰু কল্লিড়াম (কলেৰুন)য়ে তিৰুচিৰাপ্পাল্লি (ত্ৰিচি বুলিও কোৱা হয়) তেওঁলোকৰ খেতিপথাৰখন পলসেৰে সাৰুৱা কৰি থৈ যায়। যোৱা ২,০০০ বৰ্ষ ধৰি নদীকেইখনে এনেকৈ খেতিৰ মাটিবোৰ উৰ্বৰা কৰি আহিছে।

*****

“সিজোৱা দাইল, তিলৰ লাডু, মাংস মিহলি কৰা ভাত,
ফুল, ধূপ-ধুনা আৰু ধোঁৱাই থকা ভাতেৰে নৈবেদ্য হাতত লৈ
মহিলাসকলে ইজনে সিজনৰ হাতত ধৰি ভক্তিভাৱত নাচে
বয়সস্থ মহিলাসকলে তেওঁলোকক আশীৰ্বাদ দি কয়,
আমাৰ ৰজাৰ দ্বাৰা শাসিত এই মহান ৰাজ্যত ভোক, জৰা আৰু শত্ৰুতাৰ বিনাশ হওঁক,
আৰু বৰ্ষা আৰু ধন-সম্পদেৰে সকলো সুজলা-সুফলা হওঁক”

২য় শতিকাত লিখা শিলাপ্পাতিকৰম কাব্যত এই কাব্যাংশ লোৱা হৈছে, “আজিও তামিলনাডুত একেদৰেই এই প্ৰাৰ্থনা গোৱা হয়,” অ’ল্ড তামিল পয়েট্ৰি বোলা ব্লগত চেন্টিল নাথানে এই কথা লিখিছে (কবিতা: ইন্দিৰা ভিঝাভু, শাৰী ৬৮-৭৫)।

তিলৰ কাহিনীত নতুনত্ব বুলিবলৈ একো নাই, প্ৰাচীন কালৰে পৰা ই প্ৰচলিত। ইয়াৰ ব্যৱহাৰো ভিন্ন আৰু মন কৰিবলগীয়া। নাল্লেনাই, মানে তিলৰ তেল দক্ষিণ ভাৰতত খোৱা-বোৱাত ব্যৱহৃত হয়। আকৌ দেশী-বিদেশী মিঠাইতো তিলৰ বীজ ব্যৱহাৰ কৰা হয়। সৰু সৰু ক’লা বা বগা তিলৰ গুটিয়ে সুগন্ধী আৰু জুটি লগা খাদ্যৰ সোৱাদত সুৱগা চৰায়, আৰু ই তামিল সমাজৰ ৰীতি-নীতিৰো অপৰিহাৰ্য্য অংশ। পূৰ্বপুৰুষক স্মৰণ কৰা পৰ্বত ই উপকৰণ হিচাপে ব্য়ৱহৃত হয়।

তিলৰ বীজত ৫০ শতাংশ তেল থাকে, ২৫ শতাংশ প্ৰটিন আৰু ১৫ শতাংশ শৰ্কৰা। কৃষি গৱেষণাৰ ভাৰতীয় পৰিষদে (আই.চি.এ.আৰ.)য়ে তিল সন্দৰ্ভত কৰা এক প্ৰকল্পত লিখিছে যে ই ‘শক্তিৰ ভঁৰাল আৰু বিভিন্ন ভিটামিন যেনে ই, এ, বি কমপ্লেক্স আৰু খনিজ পদাৰ্থ যেনে কেলচিয়াম, ফছফৰাছ, আইৰন, কপাৰ, মেগনেছিয়াম, জিংক আৰু পটাচিয়ামো প্ৰচুৰ পৰিমাণে থাকে।’ সেয়ে হয়তো তেলখিনি চেপি উলিওৱাৰ পিছত এই বীজৰ ৰৈ যোৱা (এল্লু পুনাকু) খলিহৈখিনি পশুখাদ্য হিচাপে ব্যৱহৃত হয়।

Ellu (sesame) is both ancient and commonplace with various uses – as nallenai (sesame oil), as seeds used in desserts and savoury dishes, and as an important part of rituals. Sesame seeds drying behind the oil press in Srirangam.
PHOTO • M. Palani Kumar

তিলৰ কাহিনীত নতুনত্ব বুলিবলৈ একো নাই , প্ৰাচীন কালৰে পৰা ই প্ৰচলিত ইয়াক দেশী -বিদেশী মিঠাইতো ব্যৱহাৰ কৰা হয় আৰু ই তামিল সমাজৰ ৰীতি-নীতিৰো অপৰিহাৰ্য্য অংশ শ্ৰীৰংগমৰ তেলৰ মিলৰ পিছফালে ৰ ’দত শুকাবলৈ দিয়া তিলৰ বীজবোৰ

Freshly pressed sesame oil (left) sits in the sun until it clears. The de-oiled cake, ellu punaaku (right) is sold as feed for livestock
PHOTO • M. Palani Kumar
Freshly pressed sesame oil (left) sits in the sun until it clears. The de-oiled cake, ellu punaaku (right) is sold as feed for livestock.
PHOTO • M. Palani Kumar

অলপ আগতে চেপি উলিওৱা তিলৰ তেলখিনি ৰ ’দত থোৱা হৈছে খলিহৈখিনি পশুখাদ্য হিচাপে ব্য়ৱহাৰ কৰা হয়

‘তিল (Sesamum indicum L.) হৈছে ভাৰতৰ আটাইতকৈ প্ৰাচীন খিলঞ্জীয়া তৈলবীজ, ইয়াৰ খেতিৰ ইতিহাস বৰ দীঘলীয়া।’ আই.চি.এ.আৰ.য়ে প্ৰকাশ কৰা কৃষিৰ হস্তপুথিখনত কোৱা হৈছে যে ভাৰতে বিশ্বৰ সৰ্বাধিক তিল উৎপাদন কৰে। বিশ্বৰ ভিতৰত তিলৰ ২৪ শতাংশ খেতি ভাৰতে কৰে। ভাৰতে বিশ্বৰ তৈলবীজৰ খেতিৰ ১২ৰ পৰা ১৫ শতাংশ অধিকাৰ কৰি আছে, বিশ্বৰ মুঠ উৎপাদনৰ ৭ৰ পৰা ৮ শতাংশ ভাৰতে কৰে আৰু ব্যৱহাৰৰ ফালৰ পৰা বিশ্বৰ ৯ৰ পৰা ১০ শতাংশ ভাৰতত হয়।

এয়া কোনো আধুনিক পৰিঘটনা নহয়, যদিওবা কে.টি. আচায়াই তেওঁৰ অন্যতম গ্ৰন্থ ইণ্ডিয়ান ফুড, এ হিষ্টৰিকেল কম্পেনিয়ন-ত কৈছে যে তিলৰ ৰপ্তানিৰ একাধিক প্ৰমাণ আছে।

দক্ষিণ ভাৰতত তিলৰ ৰপ্তানিৰ ঐতিহাসিক সুংসূত্ৰ প্ৰথম শতিকাৰ পৰা থকাৰ বুৰঞ্জীত প্ৰমাণ আছে। গ্ৰীকভাষী ইজিপ্তৰ নাবিক এজনে নিজে গৈ আহৰণ কৰা অভিজ্ঞতাৰ ভিত্তিত ৰচিত পেৰিপ্লাচ মেৰিচ ইৰিথ্ৰায়েত সেই সময়ত বেপাৰ-বাণিজ্যৰ কথা লিখি থৈ গৈছে। মূল্যবান সম্পদসমূহ, যেনে হাতীদাঁত আৰু মচলিন কাপোৰ বাহিৰলৈ ৰপ্তানিৰ কথা তেওঁ কৈ গৈছে। তাৰ লগতে উল্লেখ আছে তিলৰ তেল আৰু সোণ - দুয়োবিধেই কংগুনাডু, মানে বৰ্তমানৰ তামিলনাডুৰ পশ্চিম অংশৰ পৰা ৰপ্তানি হৈছিল। সোণ আৰু তিলৰ তেলৰ কথা একেলগে উল্লেখ থকাই তিলৰ গুৰুত্ব কিমান, তাৰেই ইংগিত দিয়ে।

স্থানীয় বেপাৰো বহুত ভাল আছিল। মানকুৰি মাৰুদানাৰে লিখা মাদুৰাইকাঞ্চিত বজাৰৰ ব্যস্ততাপূৰ্ণ দৃশ্যৰ বৰ্ণনা আছে। ‘বস্তাই বস্তাই জালুক আৰু ষোল্লবিধ দানা যেনে ধান, মিলেট, মাহ, বুট, তিল আদি দমে দমে বজাৰত সজাই থোৱা আছে।’

ৰজাৰ ঘৰৰ পৃষ্ঠপোষকতা পাইছিল তিলৰ তেলে। অচায়াৰ ইণ্ডিয়ান বুক নামে কিতাপখনত পৰ্টুগীজ বণিক ডমিংগ পেচৰ উল্লেখ আছে, যিজনে ১৫২০ খ্ৰীষ্টাব্দত ভালেকেইবছৰ বিজয়নগৰ এলেকাত বাস কৰিছিল। পেচে ৰা কৃষ্ণনদেৱৰায়ৰ বিষয়ে এনেদৰে লিখিছে:

“পুৱা নৌহওতেই ৰজাই এটা পিণ্ট (প্ৰায় আধা লিটাৰ)ৰ তিনি ভাগৰ এভাগ জিনজেলি (তিলৰ তেল) খায় আৰু একে তেল গাত সানে। তেওঁ কঁকালবস্ত্ৰ এখন পিন্ধি লয় আৰু হাত দুখনেৰে তেওঁৰ তৰোৱালখন দাঙে, যেতিয়ালৈ আটাইখিনি তেল দেহৰ পৰা ওলাই নাযায়।”

Sesame flowers and pods in Priya's field (left). She pops open a pod to reveal the tiny sesame seeds inside (right)
PHOTO • Aparna Karthikeyan
Sesame flowers and pods in Priya's field (left). She pops open a pod to reveal the tiny sesame seeds inside (right)
PHOTO • M. Palani Kumar

প্ৰিয়াৰ পথাৰৰ তিলৰ ফুল আৰু কলি (বাওঁফালে)। তেওঁ কলি এটা চিঙি আনি ভিতৰৰ সৰু সৰু বীজবোৰ দেখুৱাইছে

Priya holding up a handful of sesame seeds that have just been harvested
PHOTO • M. Palani Kumar

প্ৰিয়াৰ তিলৰ বীজ অলপ হাতৰ মুঠিত লৈ দেখুৱাইছে

বাড়িভেলানৰ পিতৃ পালানিভেলে এই বৰ্ণনাৰ লগত সৈমান। তেওঁৰ প্ৰতিটো বৰ্ণনাই খেলৰ বৰ্ণনাৰ দৰে। “তেওঁ নিজৰ শৰীৰটো চৰ্চাত ৰাখিছিল। তেওঁ শিল দাঙিছিল (ভাৰোত্তোলন), নাৰিকলৰ বস্তিত মল্লযুঁজ শিকাইছিল। তেওঁ শিলামবম (সংগম সাহিত্যত উল্লেখ থকা তামিলনাডুৰ প্ৰাচীন সমৰকলা)তো দক্ষ আছিল।”

পৰিয়ালটোৱে নিজৰ খেতিপথাৰৰ তিলৰ তেলেই ব্যৱহাৰ কৰিছিল। মাজ-সময়ে নাৰিকলৰ তেলো ব্যৱহাৰ কৰিছিল। সেয়া ডাঙৰ পাত্ৰত মজুত কৰি থোৱা আছিল। “মোৰ দেউতাই ৰালেই চাইকেল চলাইছিল আৰু ক’লামাহ বোজাই কৰি ত্ৰিচিৰ বজাৰলৈ লৈ গৈছিল। তেওঁ সেই মাহৰ বিনিময়ত জলকীয়া, সৰিয়হ, জালুক আৰু হালধি আনিছিল। সেয়া বিনিময় প্ৰথাৰ দৰে আছিল। বছৰটোৰ বাবে সেয়া মজুত কৰি লোৱা হৈছিল!”

*****

বাড়িভেলান আৰু প্ৰিয়াৰ ২০০৫ত বিয়া হয়। ত্ৰিচিৰ কাষৰ বায়ালুৰ মুৰগান মন্দিৰত তেওঁলোকৰ বিয়াখন হৈছিল। “দেউতাই বিয়াখনত সন্মতি দিয়া নাছিল, সেয়ে তেওঁ বিয়াত উপস্থিত নাছিল,” বাড়িভেলানে কয়। “তাতে আকৌ মোৰ বন্ধুকেইজনে গাঁৱৰ মোৰ সম্পৰ্কীয়সকলক আনিবলৈ যাওতে দেউতাকো সুধিলে তেখেত আহিব নেকি বুলি। সেই কথা শুনি তেওঁ আৰু বেছি টিঙিৰিতুলা হৈ পৰিল!” বাড়িভেলানে কৌতুকৰ সুৰত কথাখিনি কৈ হাঁহিত ফাটি পৰিল।

আমি দম্পতিহালৰ বহাঘৰত বহিলো, আলমাৰীৰ চেলফবোৰ ভগবানৰ ফটোৰে ভৰ্তি। বেৰত পৰিয়ালৰ ফটো কিছুমান আছে - চেলপি আছে, ফুৰিবলৈ যোৱা ফটো আৰু এটা টিভি আছে। সেইটো প্ৰিয়াৰ আজৰি সময়ৰ লগৰী। আমি উপস্থিত হোৱা সময়ত ল’ৰা-ছোৱালীকেইটা স্কুলতে আছিল। তেওঁলোকৰ কুকুৰটোৱে আমাক সম্ভাষণ জনাবলৈ আগবাঢ়ি আহিল। “সেইজনী জুলী,” বাড়িভেলানে কয়। “তাই বৰ ধুনীয়া দেই,” মই প্ৰশংসাৰে ক’লো। “কিন্ত সি ল’ৰাহে,” বাড়িভেলানে মিচিক কৰি হাঁহি ক’লে। জুলীয়ে ভেম ধৰিলে কিজানি, তাই আঁতৰি গ’ল।

প্ৰিয়াই আমাক খাবলৈ মাতিলে। তেওঁ বড়াই আৰু পায়সেৰে আমাক অপ্যায়ন কৰিছে। তেওঁ আমাক কলগছৰ পাতত খাদ্য পৰিৱেশন কৰিছে। খাদ্যসম্ভাৰ খুবেই সুস্বাদু হৈছে। আমাৰ পেট গধুৰ হৈ গৈছে।

Left: Priya inspecting her sesame plants.
PHOTO • M. Palani Kumar
Right: The couple, Vadivelan and Priya in their sugarcane field.
PHOTO • M. Palani Kumar

বাওঁফালে: প্ৰিয়াই তিলৰ গছবোৰ চাইছে। সোঁফালে: নিজৰ কুঁহিয়াৰ খেতিৰ পথাৰত বাড়িভেলান আৰু প্ৰিয়া

সাৰে থাকিবলৈ আমি ব্যৱসায়ৰ কথা পাতো। তিলৰ ব্যৱসায় কেনে বাৰু? “বৰ হতাশজনক,” বাড়িভেলানে উত্তৰ দিয়ে। খেতি কৰাটোৱে আচলতে বৰ কষ্টৰ কাম, তেওঁ কয়। “লাভ বুলিবলৈ বিশেষ একো নাথাকে। কিন্তু খেতিখন কৰোঁতে বহুত খৰছ হয়। ইউৰিয়া সাৰ ইমান মহঙা হৈ পৰিছে, সাৰবোৰে বহুত মহঙা হৈছে। খেতিপথাৰখন আমি নিজে চহাও, বীজ সিঁচো। পানী বোৱাই অনাৰ বাবে সীৰলু বনাও। বেলিৰ তাপ কমিলেহে আমি জলসিঞ্চনৰ কাম কৰোঁ।”

প্ৰথমবাৰ ভালকৈ পানী ছটিওৱা কামটো হয় তৃতীয় সপ্তাহত, প্ৰিয়াই কয়। তেতিয়ালৈ পুলিবোৰ ইমান ডাঙৰ হয় যে হাতখন মাটিৰ পৰা ন-দহ ইঞ্চি ওপৰত ৰাখিবলগীয়া হয়। “তাৰপিছত পুলিবোৰ লহপহকৈ বাঢ়ে। পঞ্চম সপ্তাহত বনবোৰ নিৰোৱা কাম কৰা হয় আৰু ইউৰিয়া প্ৰয়োগ কৰা হয়। আৰু প্ৰত্যেক দহ দিনৰ মূৰে মূৰে পানী ছটিওৱা হয়। ৰ’দ ভাল হ’লে উৎপাদন ভাল হয়।”

বাড়িবেলান কামলৈ গ’লে পথাৰৰ চোৱাচিতাৰ ভাৰ প্ৰিয়াৰ কান্ধত পৰে। বছৰটোৰ যিকোনো সময়ত তেওঁলোকৰ ডেৰ একৰ মাটিত দুবিধকৈ শস্য থাকেই। তেওঁ ঘৰৰ কাম সামৰি, ল’ৰা-ছোৱালীকেইটাক স্কুললৈ পঠিয়াই নিজৰ বাবে টিফিন পেক কৰি চাইকেলখন চলাই পথাৰত কাম কৰা হাজিৰা মানুহকেইটা তেওঁ চায়। “পুৱা দহ বজাত আমি সকলোৰে বাবে চাহ কিনো। দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত চাহ আৰু পালাকাৰাম (বিস্কুট) আদিৰ সময় হয়। সাধাৰণতে আমি চুইয়াম (মিষ্টান্ন) আৰু উৰুলাই বোন্দা খাও,” আমি তেওঁলোকৰ খেতিপথাৰ চাবলৈ যোৱা আগতে তেওঁ কয়।

*****

তিলৰ খেতি চালে চকু জুৰোৱা। ফুলবোৰ তেনেই লাহি, আলংকৰিক সামগ্ৰীৰ দৰে আৰু ৰংবোৰ গুলপীয়া আৰু বগা। ঠিক যেন চিফনৰ শাড়ী আৰু ফ্ৰেন্স মেনিকিউৰ। দক্ষিণ ভাৰতৰ পাকঘৰৰ এচুকত থাকি যোৱা তিলৰ তেলৰ ঠিক বিপৰীত এক ছবি এই পথাৰৰ।

তিলৰ গছবোৰ ওখ আৰু ক্ষীণ, পাতবোৰ ঘন সেউজীয়া। ঠানিবোৰত ধেৰ সেউজীয়া মুকুল ভৰি আছে। প্ৰতিটোৱে এটা কাঠবাদামৰ সমান, আকৃতি ইলাচিৰ দৰে। প্ৰিয়াই এটা আমাৰ বাবে চিঙি আনিলে। ভিতৰত সৰু সৰু ঢেলা ৰঙৰ বগা তিল আছে। এচামুচ তেলৰ বাবে কিমানখিনি এনে তিল চেপিব লাগে, ভাবিলে আচৰিত লাগে। কিয় এটা ইডলিত অন্ততঃ দুবিধকৈ চাটনি থাকে।

এনেকৈ ৰ’দত থিয় হৈ কথা পাতি থাকিব নোৱাৰি। এপ্ৰিলৰ ৰ’দ বৰ নিষ্ঠুৰ। সেয়ে আমি কাষৰে জোপোহা গছ এডালৰ কাষত আশ্ৰয় ল’লোগৈ। ইয়াতেই মজদুৰ মহিলাকেইগৰাকীয়েও জিৰণি লয়হি, বাড়িভেলানে কয়। তেওঁলোকৰ ভালেমানে চুবুৰীয়া গোপালৰ ক’লামাহৰ খেতিপথাৰত কাম কৰে। তেওঁলোকে মূৰত পৰা ৰ’দৰ পৰা বাচিবলৈ কপাহৰ কাপোৰ বান্ধি লয়। ক্ষন্তেকো জিৰণি নোলোৱাকৈ তেওঁলোকে কাম কৰে। চাহ আৰু দুপৰীয়াৰ আহাৰৰ বাবেহে তেওঁলোকে সামান্য বিৰতি লয়।

Left: Mariyaayi works as a labourer, and also sells tulasi garlands near the Srirangam temple.
PHOTO • M. Palani Kumar
Right: Vadivelan’s neighbour, S. Gopal participates in the sesame harvest
PHOTO • M. Palani Kumar

বাওঁফালে: মাৰিয়াইয়িয়ে শ্ৰমিক হিচাপে কাম কৰে আৰু শ্ৰীৰংগম মন্দিৰত তুলসীৰ মালা বিক্ৰী কৰে। সোঁফালে: বাড়িভেলানৰ চুবুৰীয়া এছ. গোপালে তিল চপোৱা কামত লাগিছে

Women agricultural labourers weeding (left) in Gopal's field. They take a short break (right) for tea and snacks
PHOTO • M. Palani Kumar
Women agricultural labourers weeding (left) in Gopal's field. They take a short break (right) for tea and snacks.
PHOTO • M. Palani Kumar

গোপালৰ খেতিপথাৰত মহিলা শ্ৰমিকে বন নিৰোৱা কাম কৰিছে। তেওঁলোকে চাহ-পিঠাৰ বাবে সৰুকৈ এটা বিৰতি লৈছে

তেওঁলোকৰ আটায়ে জ্যেষ্ঠ। তাৰে মাজৰ আটাইতকৈ বয়সীয়া মহিলাগৰাকী বোধহয় ভি. মৰিয়াইয়ি, তেওঁ সত্তুৰৰ দেওনা গৰকিছে। তেওঁ খেতিপথাৰত কাম নকৰা সময়ত শ্ৰীৰংগম মন্দিৰত তুলসীৰ মালা বিক্ৰী কৰে। তেওঁৰ কথা বৰ মৰমসনা। ইফালে ৰ’দ প্ৰখৰ হৈ আহিছে…

তিলগছক বেছি সূৰ্য্যৰ পোহৰ নালাগে। বাড়িভেলানৰ চুবুৰীয়া, ৬৫ বৰ্ষীয় গোপালে কয় যে ইয়াৰ ওপৰত আন বহুতৰে প্ৰভাৱ নপৰে। বাড়িভেলান আৰু প্ৰিয়াই এই কথাত সহমত প্ৰকাশ কৰে। তিনি কৃষকে কীটনাশক আৰু স্প্ৰেৰ কথা প্ৰায় নাপাতেই। এই খেতিত জলসিঞ্চনৰো কথা নাই। তিলৰ খেতি কৰা বাজৰাৰ সৈতে একেই। খেতি কৰা তেনেই সহজ। বেছি মেহনত নাই। সমস্যা তেতিয়াহে হয়, যেতিয়া আবতৰীয়া বৰষুণ নামে।

২০২২ত এনেকুৱাই পৰিস্থিতি হৈছিল। “বৰষুণ নহ’বলগীয়া দিনত বহুত বেছি বৰষুণ হ’ল। জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ কথা, পুলিবোৰ সৰু হৈ আছিল। ডাঙৰ হোৱাৰ পৰ্য্যায়ত আছিল,” বাড়িভেলানে কয়। কিছুদিন পিছতে তেওঁৰ খেতিপথাৰত শস্য চপোৱাৰ সময় আছিল, কিন্তু ফচল তেনেই কম হৈছিল। “আমি এক একৰৰ তিনিভাগৰ এভাগৰ পৰা মুঠে ১৫০ কিলোগ্ৰাম তিল পালো, যোৱাবছৰ। এইবাৰ ৪০ কিলোও নাপাম চাগে।”

দম্পতিহালে হিচাপ কৰা মতে এইখিনিৰে বছৰটোও নুজুৰিব। “আমি ১৫ৰ পৰা ১৮ কিলোগ্ৰাম মানকৈ তিল পেৰো। এনেকৈ এবাৰত আমি সাত-আঠ লিটাৰমান তেল পাওঁ। আমাক দুবাৰ পেৰিব পৰাকৈ তিল লাগে। তেতিয়া উৎপাদন ভাল হোৱা বুলি ক’ব পাৰি,” প্ৰিয়াই কয়। পিছদিনাখন বাড়িভেলানে আমাক তেল পেৰা মিললৈ লৈ যোৱাৰ কথা দিলে। কিন্তু বীজবোৰৰ কথা ৰৈ গ’ল। সেইবোৰ কেনেকৈ মৰণা মৰা হয়?

গোপালে এইখিনিতে আদৰ দেখুৱাই আমাক এই প্ৰক্ৰিয়াটো দেখুৱাম বুলি আমন্ত্ৰণ জনালে। তেওঁ তিলৰ খেতিখন অলপ দূৰতে আছিল, ইটাৰ ভাতী এটাৰ কাষত। তাত শ্ৰমিকে এটা ইটাত এটকাকৈ পায়। সেই ভাতীৰে কাষত তেওঁলোকে নিজৰ ল’ৰা-ছোৱালীক প্ৰতিপালন কৰে। ছাগলী, মুৰ্গী আদি পোহে। সন্ধিয়াৰ সময়ত ভাতীত ব্যস্ততা নাথাকে। ভাতীত কাম কৰা এজন শ্ৰমিকে আমাক সংগ দিয়ে।

Priya and Gopal shake the harvested sesame stalks (left) until the seeds fall out and collect on the tarpaulin sheet (right)
PHOTO • M. Palani Kumar
Priya and Gopal shake the harvested sesame stalks (left) until the seeds fall out and collect on the tarpaulin sheet (right)
PHOTO • M. Palani Kumar

প্ৰিয়া আৰু গোপালে তিলৰ চপোৱা শস্যখিনি (বাওঁফালে) তিৰ্পাল এখনত জোকাৰিছে, তাৰ পৰা তিৰ্পালত সৰি পৰা তিলবোৰ সংগ্ৰহ কৰিছে

Sesame seeds collected in the winnow (left). Seeniammal (right)  a brick kiln worker, helps out with cleaning the sesame seeds to remove stalks and other impurities
PHOTO • M. Palani Kumar
Sesame seeds collected in the winnow (left). Seeniammal (right)  a brick kiln worker, helps out with cleaning the sesame seeds to remove stalks and other impurities
PHOTO • M. Palani Kumar

কুলাৰে তিলবোৰ সংগ্ৰহ কৰিছে (সোঁফালে)। চিনিআম্মাল (সোঁফালে) ইটাৰ ভাতীৰ এগৰাকী শ্ৰমিক, তেওঁ কুলাত লৈ তিলবোৰ জাৰি তাৰ পৰা অৱশিষ্ট খেৰ-কুটা আদি আঁতৰাইছে

প্ৰথমে গোপালে তিলবোৰ তিৰ্পালখনৰ পৰা কুলাৰে তোলে। সেইখিনি কিছুদিনৰ বাবে ৰ’দত শুকাবলৈ দিয়া হয়, যাতে বীজবোৰৰ উপৰিভাগ সেমেকা হৈ নাথাকে। চিনিআম্মালে কুলা এখনেৰে জাৰি অৱশিষ্ট খেৰ-কুটাবোৰ আঁতৰাইছে। তিলৰ কোঁহবোৰ পকিছে আৰু ফাটি ভিতৰৰ তিলবোৰ ওলাই আহিছে। তেওঁ সেয়া হাতেৰে এঠাইত দম কৰিছে। বাৰে বাৰে জোকাৰি জোকাৰি কোঁহবোৰৰ পৰা তিলবোৰ এৰাই আহিছে।

প্ৰিয়া, গোপাল আৰু তেওঁৰ বোৱাৰীয়ে খেৰবোৰ গোটাই মুঠা কৰি থৈছে। সেয়া আৰু এতিয়া খাদ্য ৰান্ধিবলৈ ব্যৱহাৰ কৰা নহয়। “আগতে ধান সিজাবলৈ এই খেৰ ব্যৱহাৰ কৰিছিলো। কিন্তু এতিয়া ধান বনা কল ওলাল। তিলৰ খেৰবোৰ সহজেই জ্বলি যায়,” বাড়িভেলানে কয়।

পুৰণি বহুত পৰম্পৰা এতিয়া নাই, গোপালে কৈ যায়। বিশেষকৈ তেওঁ উয়িৰ ভেলী (গছেৰে বেৰ দিয়া) পদ্ধতিটো হেৰাই যোৱাক লৈ দুখ প্ৰকাশ কৰে। “আগতে গছেৰে দিয়া বেৰৰ জোপোহাত শিয়াল থাকিছিল। আমাৰ শস্য খোৱা চৰাই-চিৰিকতি আৰু জীৱ-জন্তুবোৰ সিহঁতে ধৰি খাইছিল। এতিয়া আৰু শিয়াল দেখা পাবলৈ নাই!” তেওঁ দুখ কৰি কয়।

“ঠিকেই কৈছে,” বাড়িভেলানে কয়। “সকলোতে শিয়াল আছিল। মোৰ বিয়াৰ আগতে নদীৰ পাৰত শিয়ালৰ পোৱালী এটা পাইছিলো। নোমাল কুকুৰ যেন লাগিছিল। মোৰ দেউতাই ক’লে যে কিবা এটা বেলেগ যেনহে লাগিছে। সেই ৰাতি শিয়ালবোৰে আমাৰ ঘৰৰ পিছফালে আহি হোৱা দিছিল। মই শিয়ালৰ পোৱালীটো য’ৰ পৰা আনিছিলো, তাতেই পিছদিনা এৰি দি আহিছিলো!”

আমি কথা পাতি থকাৰ মাজতে খেৰ-কূটাৰে ভৰা তিলখিনি চিনিআম্মালে কুলা এখনত ল’লে। তেওঁ মূৰৰ ওপৰত সেইখন দাঙি ধৰি বৰ কৌশলেৰে তিলখিনি জাৰিবলৈ ধৰিলে। এই কাম দেখাত সুন্দৰ যদিও কষ্টও আছে। কামটো ভালদৰে জানিবও লাগিব। তিলবোৰ বাৰিষাৰ বৰষুণৰ দৰে সৰি পৰে। সংগীতময় এক ধ্বনিৰ সৃষ্টি হয়।

Gopal's daughter-in-law cleans the seeds using a sieve (left) and later they both gather them into sacks (right).
PHOTO • M. Palani Kumar
Gopal's daughter-in-law cleans the seeds using a sieve (left) and later they both gather them into sacks (right).
PHOTO • M. Palani Kumar

গোপালৰ বোৱাৰীজনীয়ে চালনি এখনেৰে তিলবোৰ চালিছে আৰু বস্তাত ভৰাইছে (সোঁফালে)

Priya helps gather the stalks (left). Gopal then carries it (right) to one side of the field. It will later be burnt
PHOTO • M. Palani Kumar
Priya helps gather the stalks (left). Gopal then carries it (right) to one side of the field. It will later be burnt.
PHOTO • M. Palani Kumar

প্ৰিয়াই খেৰখিনি থুপাইছে (বাওঁফালে)। গোপালে সেয়া বোজাই কৰি পথাৰৰ একাষে ৰাখিছে। সেয়া পিছত জ্বলাই দিয়া হ’ব

*****

শ্ৰীৰংগমৰ শ্ৰী ৰংগা মাৰাচেক্কু (মিল)ত ৰেডিঅ’ত পুৰণি তামিল গীত এটি বাজিছে। মালিক আৰ ৰাজুৱে কেশ্ব ৰেজিষ্টাৰৰ পিছফালে বহিছে। তিল পেৰাৰ কলৰ শব্দৰে কলঘৰটো ভৰি পৰিছে। ষ্টীলৰ ডাঙৰ ডাঙৰ পাত্ৰত সোণালী ৰঙৰ তিলৰ তেলবোৰ জিলিকিছে। কলঘৰৰ পিছফালে আৰু শুকোৱা তিল আছে।

“১৮ কিলোগ্ৰাম তিল পেৰিবলৈ প্ৰায় ডেৰ ঘণ্টা সময় লাগে। আমি তাত ডেৰ কিলো তালৰ গুড় যোগ দিও। আঠ লিটাৰ তেল ওলায়। ষ্টীলৰ কলৰ তুলনাত অকণমান কম তেল,” ৰাজুৱে কয়। তেওঁ প্ৰতি কিলো তিল পেৰাৰ বাবদ ৩০ টকাকৈ লয়।  আৰু ক’ল্ড প্ৰেছ কৰা তিলৰ তেলখিনি প্ৰতি লিটাৰত ৪২০ টকাকৈ বিক্ৰী কৰে। “আমি সদায় ভাল কোৱালিটিৰ গুড় আনো। পোনপটীয়াকৈ কৃষকৰ পৰা, নাইবা গান্ধী মাৰ্কেটৰ পৰা ১৩০ টকা দৰত কিনি আনো - ভাল গুণৰ তালৰ গুড়ৰ দাম প্ৰতিকিলোত ৩০০ টকা যদিও সেই গুড়ে তিলৰ তেলৰ সোৱাদো বঢ়ায়।”

মেচিন দিনটোত চাৰিবাৰ চলে। দিনৰ ১০ বজাৰ পৰা সন্ধিয়া ৫ বজাৰ ভিতৰত। পেৰি উলিওৱা তেলখিনিৰ গেদ তল নপৰালৈকে সেয়া ৰ’দত থৈ দিয়া হয়। তিলৰ সিঠাখিনি খেতিয়কে পশুধনক খুৱাবলৈ প্ৰতিকিলোত ৩৫ টকা দৰত কিনি নিয়ে।

ৰাজই এক একৰ খেতিমাটিত তিলৰ খেতি কৰাৰ পৰা আৰম্ভ কৰি শস্য চপোৱা আৰু চাফা কৰাৰ বাবদ খৰছ হোৱা টকাৰ হিচাপ উলিয়ায়, ২০,০০০ টকা। উৎপাদন হয় প্ৰতি একৰত ৩০০ কিলো। তিনিমহীয়া এই শস্যৰ এক একৰত কৰা খেতিৰ পৰা হোৱা লাভ ১৫ৰ পৰা ১৭ হাজাৰ টকা হয়, তেওঁ আনুমানিক হিচাপ এটা কয়।

সমস্যাটো ইয়াতেই আহে, বাড়িভেলানে কয়। “আমাৰ কষ্টৰ ফল কোনে ভোগ কৰে, জানে? বেপাৰীয়ে। আমাৰ হাতৰ পৰা বেপাৰীৰ হাতলৈ যোৱাৰ লগে লগে আমি পোৱা দামৰ দুগুণ তেওঁলোকে পায়,” তেওঁ অভিযোগৰ সুৰত কয়। “তেওঁলোকে কৰেনো কি?” তেওঁ নঞৰ্থক ভাৱত প্ৰশ্ন কৰে। “সেই কাৰণে আমি তিল বিক্ৰী নকৰো। ঘৰত খাবৰ বাবে খেতি কৰোঁ। সিমানেই…”

The wooden press at Srirangam squeezes the golden yellow oil out of the sesame seeds
PHOTO • M. Palani Kumar
The wooden press at Srirangam squeezes the golden yellow oil out of the sesame seeds
PHOTO • M. Palani Kumar

শ্ৰীৰংগমৰ কলত তিল পেৰি সোণালী ৰঙৰ তেল উলিওৱা হৈছে

Gandhi market in Trichy, Tamil Nadu where sesame and dals are bought from farmers and sold to dealers
PHOTO • M. Palani Kumar
Gandhi market in Trichy, Tamil Nadu where sesame and dals are bought from farmers and sold to dealers
PHOTO • M. Palani Kumar

তামিলনাডুৰ ত্ৰিচিৰ গান্ধী মাৰ্কেট, তাত কৃষকে তিল আৰু দাইল আদি বেপাৰীলৈ বিক্ৰী কৰে

ত্ৰিচিৰ ব্যস্ত গান্ধী মাৰ্কেটত তিলৰ দোকানবোৰত ভীৰ লাগিছে। খেতিয়কবোৰ ক’লা মাহ, মগুমাহ আৰু তিলৰ বস্তা লৈ বাহিৰত ৰৈছে। বেপাৰীয়ে ভিতৰত বহিছে, সেই দোকানবোৰ তেওঁলোকৰ ইটোৰ পিছত সিটো প্ৰজন্ম ধৰি চলি আহিছে। পি. সৰবানন (৪৫)য়ে কয় যে আমি বজাৰলৈ যোৱাৰ দিনা ক’লামাহ বেছি আছিল। মহিলা আৰু পুৰুষ শ্ৰমিকে দাইলবোৰ বস্তাত ভৰাই ওজন কৰি পেক কৰিছে। “স্থানীয় তিল চপোৱা কামটো আৰম্ভ হৈছে,” তেওঁ কয়। “তিল বজাৰলৈ আহিবলৈ বেছিদিন নাই।”

কিন্তু বজাৰ ইমান ভাল হোৱা স্বত্ত্বেও ৫৫ বছৰীয়া এছ চন্দ্ৰশেখৰনে অনুমান কৰে যে এই উৎপাদন তেওঁৰ পিতৃ থকা সময়ত তেওঁলোকে দেখা শস্যৰ এক চতুৰ্থাংশহে। “জুন মাহত প্ৰতিদিনে প্ৰায় ২০০০ বস্তা তিল গান্ধী বজাৰলৈ আহিছিল। যোৱা কেইবছৰমানৰ পৰা ৫০০ লৈ হ্ৰাস পাইছে। কৃষকে তিলৰ খেতি কৰিবলৈ এৰিছে। এই খেতি বোলা কামটো বৰ শ্ৰমসাধ্য। দাম বঢ়া নাই, এক কিলোত ১০০ৰ পৰা ১৩০ টকাৰ ভিতৰত উঠা-নমা কৰি থাকে। সেয়ে তেওঁলোকে ক’লামাহৰ খেতিত মন কৰিছে, যিবোৰ মেচিনেৰে চপাই একেদিনাই বস্তাত মজুত কৰি ৰাখিব পাৰি।”

কিন্তু তেলৰ দাম দেখোন বেছি আৰু বাঢ়িয়েই আছে, মই আঙুলিয়াই দিলো। কৃষকে কিয় ভাল দাম নাপায়? চন্দ্ৰশেখৰণে উত্তৰ দিয়ে, “এয়া বজাৰৰ ওপৰত নিৰ্ভৰ কৰে। যোগান আৰু চাহিদাৰ ওপৰত, আন ৰাজ্যৰ উৎপাদনৰ ওপৰত, ডাঙৰ ডাঙৰ কলঘৰৰ মালিকসকলৰ ওচৰত মজুত থকা ষ্টকৰ ওপৰত।”

কাহিনী সকলোতে একেই। সেয়া যি শস্য বা সামগ্ৰীয়েই নহওঁক কিয়। ‘বজাৰ’ কিছুমানৰ বাবে উপকাৰী, আৰু আন কিছুমানৰ বাবে কু-অভিপ্ৰায়ী। কাৰ পক্ষত বজাৰ থাকে, সেয়া তেনেই স্পষ্ট…

*****

খোৱা তেল উদ্যোগটোৰ আমদানি আৰু স্থানচ্যুতিৰ, শস্য আৰু সাংস্কৃতিক পদ্ধতিৰ এক দীঘলীয়া আৰু জটিল ইতিহাস আছে। দিল্লীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সমাজবিজ্ঞান আৰু নীতি অধ্যয়নৰ সহযোগী অধ্যাপক ড০ ৰিচা কুমাৰে এখন গৱেষণা পত্ৰত ব্যাখ্যা কৰা মতে “১৯৭৬ চনলৈকে ভাৰতে ইয়াৰ প্ৰয়োজনীয় খোৱা তেলৰ প্ৰায় ৩০ শতাংশ আমদানি কৰিছিল।” ফ্ৰম চেলফ-ৰিলায়েন্স টু ডিপেনিং ডিষ্ট্ৰেছ শীৰ্ষক গৱেষণা পত্ৰখনত তেওঁ লিখিছে, ‘গাখীৰ উৎপাদন বৃদ্ধি কৰা দুগ্ধ সমবায়ৰ সফলতাক চৰকাৰে অনুকৰণ কৰিব বিচাৰিছিল।"

Freshly pressed sesame oil (left). Various cold pressed oils (right) at the store in Srirangam
PHOTO • M. Palani Kumar
Freshly pressed sesame oil (left). Various cold pressed oils (right) at the store in Srirangam.
PHOTO • M. Palani Kumar

পেৰা তেল (বাওঁফালে)। শ্ৰীৰংগমৰ দোকানত বিভিন্ন ধৰণৰ ক’ল্ড প্ৰেছ কৰা তেল (সোঁফালে)

কুমাৰে আঙুলিয়াই দি কয়, “হালধীয়া বিপ্লৱৰ পিছতো ভাৰতত ১৯৯০ চনৰ মাজভাগৰ পৰা খোৱা তেলৰ নাটনি হোৱা দেখা গৈছিল, কাৰণ তৈলবীজ-শস্য-দাইলৰ মিশ্ৰিত শস্যৰ পৰা আঁতৰি ঘেঁহু, ধান আৰু কুঁহিয়াৰ আদিৰ খেতি মানুহে কৰিবলৈ লৈছিল। এই শস্যবোৰৰ খেতিত চৰকাৰে উৎসাহ যোগাইছিল আৰু ক্ৰয়ৰ নিশ্চয়তাও প্ৰদান কৰিছিল। ইয়াৰ উপৰিও ১৯৯৪ চনত খোৱা তেল আমদানিৰ উদাৰীকৰণে ইণ্ডোনেছিয়াৰ পৰা সস্তা তালৰ তেল আৰু আৰ্জেণ্টিনাৰ পৰা সৰিয়হৰ তেলে ঘৰুৱা বজাৰ উভৈনদী কৰি পেলাইছিল।”

“পাম অইল আৰু সৰিয়হৰ তেল অন্যান্য খাব পৰা তেলৰ সস্তা বিকল্প হৈ পৰিল, বিশেষকৈ অধিক দামী ঘিউ (ক্লেৰিফাইড বাটাৰ)ৰ অতি জনপ্ৰিয় বিকল্প বনস্পতি (ৰিফাইনড, হাইড্ৰজেনেটেড ভেজিটেবল শ্বৰ্টনিং) প্ৰস্তুত কৰাৰ ফলত এই তেলবোৰ সস্তা হৈ পৰিল। এনেকৈ এই তেলবোৰে বহু পৰম্পৰাগত আৰু আঞ্চলিক তৈলবীজ আৰু সৰিয়হ, তিল, তিচি, নাৰিকল আৰু মাটিমাহকে ধৰি সমগ্ৰ ভাৰতৰ খেতিপথাৰ আৰু খাওতাৰ কাঁহীৰ পৰা আঁতৰাই পেলালে। কিয়নো কৃষকসকলে এই শস্যসমূহৰ খেতি কৰি লাভৰ মুখ নেদেখা হ’ল,” কুমাৰে লিখিছে।

তেল ইমানেই আমদানি হ’বলৈ ধৰিলে যে ভাৰতত পেট্ৰলিয়াম আৰু সোণৰ পিছত এতিয়া খোৱা তেল আটাইতকৈ বেছি আমদানি কৰা সামগ্ৰী। কৃষি আমদানি বিলৰ ৪০ শতাংশ আৰু মুঠ আমদানি বিলৰ ৩ শতাংশ তেওঁলোকে লাভ কৰে বুলি ২০২৩ চনৰ জুন মাহত প্ৰকাশিত পুছিং ফৰ চেল্ফ ছাফিচিয়েন্সি ইন এডিবল অইলছ ইন ইণ্ডিয়া নামৰ এখন গৱেষণা পত্ৰত কোৱা হৈছে। ইয়াৰ উপৰিও মন কৰিবলগীয়া যে ঘৰুৱা ব্যৱহাৰৰ চাহিদাৰ প্ৰায় ৬০ শতাংশ আমদানিৰ দ্বাৰা পূৰণ কৰা হয়।

*****

বাড়িভেলানৰ পৰিয়ালৰ খৰচৰ ষাঠি শতাংশ তেওঁ চলোৱা কেবৰ উপাৰ্জনেৰে আহে। তেওঁৰ গাঁৱৰ ঠিক আগতে দুটা ভাগত বিভক্ত হোৱা কাবেৰীৰ দৰেই বাড়িভেলানৰ সময় আৰু জীৱনটো নিজেই খেতি আৰু গাড়ী চলোৱাৰ মাজত বিভক্ত৷ প্ৰথমটো কঠিন, তেওঁ বুজাই দিয়ে। “খেতি অনিশ্চিত কাৰবাৰ আৰু খাটনিও বহুত।”

কাৰণ তেওঁৰ দিনৰ চাকৰি আছে (আৰু দীঘলীয়া সময় গাড়ী চলায়), পত্নীয়ে পথাৰত কামৰ লগত পিটচ ইন কৰে। ঘৰুৱা কামৰ ওপৰত যিবোৰ বেছিভাগেই তাইৰ৷ ভাদিভেলানে প্ৰায়ে হাত আগবঢ়ায়। কেতিয়াবা ৰাতি পথাৰত পানী দিয়া, আৰু সকলোৰে পথাৰ কাটিব পৰাকৈ পকা হৈ থকাৰ সময়ত চপোৱা মেচিন এটা আনিবলৈ দিনে দিনে দৌৰি ফুৰা৷ আগতে খেলপথাৰত গধুৰ শ্ৰমৰ বহুত কাম কৰিছিল। “কিন্তু আজিকালি বেলচাৰে কাম কৰিলে পিঠিত ধৰা পৰে আৰু তাৰ পিছত গাড়ী চলাব নোৱাৰো!”

Women workers winnow (left) the freshly harvested black gram after which they clean and sort (right)
PHOTO • M. Palani Kumar
Women workers winnow (left) the freshly harvested black gram after which they clean and sort (right)
PHOTO • M. Palani Kumar

মহিলাই কুলাৰে (বাওঁফালে) নতুনকৈ চপোৱা ক’লামাহ চাফা কৰাৰ পিছত সেয়া জাৰিছে

সেয়ে দম্পতিহালে শ্ৰমিকৰ হতুৱাই কাম কৰায়। বন নিৰোৱা আৰু কঠিয়া তুলি নিয়া, তিল জৰা আদি প্ৰায়ভাগ কাম বয়সীয়া মহিলাই কৰে।

ক’লামাহৰ খেতিতো কষ্ট সমানেই। “শস্য চপোৱাৰ আগ-পিছে বৰষুণ হৈছিল। মাহবোৰ শুকান কৰি ৰখাটো বৰ কষ্টৰ কাম হৈ পৰিছিল।” তেওঁ নিজৰ কষ্টখিনিৰ বৰ্ণনা এনেকৈ দিছে যে মই খোৱা ইডলি-ডোচাৰ ক’লামাহখিনিৰ প্ৰতি শ্ৰদ্ধা জাগি উঠিল।

“মই বিশ বছৰমান বয়সত ট্ৰাক চলাইছিলো। গাড়ীখনৰ চৈধ্যটা চকা আছিল। আমি দুজন ড্ৰাইভাৰ আছিলো আৰু আমি পাল পাতি গাড়ী চলাইছিলো। গোটেই দেশখন ঘুৰিছিলো। উত্তৰ প্ৰদেশ, দিল্লী, কাশ্মীৰ, ৰাজস্থান, গুজৰাট...” তেওঁলোকে কি খাইছিল (উটৰ গাখীৰৰ চাহ, ৰুটি আৰু দাইল, কণীৰ ভাজি), ক’ত গা ধুইছিল (নদীৰ কাষত, বা কেতিয়াবা ধোৱাই নাছিল, যেনে কেতিয়া শ্ৰীনগৰত ইমান ঠাণ্ডা আছিল), গাড়ী চলাই থাকোঁতে তেওঁলোকে কি শুনিছিল (“ইলয়াৰাজা গীত, অৱশ্যেই আৰু কুটু পাট্টু, টোপনি গুছি নাযাবলৈ!”) সকলো কৈছিল। ভাতৃত্ব, গুজৱ আৰু ভূতৰ কথা তেওঁ বৰ আগ্ৰহেৰে কয়। “এদিন ৰাতি নিজকে সকাহ দিবলৈ ট্ৰাকৰ পৰা নামিলোঁ। মোৰ মূৰৰ ওপৰত কম্বল এখন আছিল। পিছদিনা ৰাতিপুৱা আনবোৰে হুড পিন্ধা ভূত এটা দেখা বুলি ক’লে!” এই বুলি কৈ তেওঁ আকৌ হাঁহে।

দেশে দেশে ঘুৰি গাড়ী চলোৱা কাম এৰাৰ কাৰণ হ’ল তেওঁ এই কামটোত ঘৰৰ পৰা কেইবা সপ্তাহ ধৰি বাহিৰত থাকিবলগীয়া হয়। বিয়াৰ পিছত তেওঁ গাঁৱৰ আশে-পাশে গাড়ী চলাইছিল আৰু খেতি কৰিছিল। বাড়িভেলান আৰু প্ৰিয়াৰ দুটা সন্তান আছে – এগৰাকী কন্যা দশম শ্ৰেণীত আৰু এজন পুত্ৰ সপ্তম শ্ৰেণীত পঢ়ি আছে। “আমি তেওঁলোকক সকলো দিবলৈ চেষ্টা কৰোঁ, কিন্তু হয়তো সৰু ল’ৰা হিচাপে মই অধিক সুখী আছিলো,” তেওঁ কিবা এটা চিন্তা কৰাৰ ভাবত কয়।

Vadivelan’s time is divided between farming and driving. Seen here (left)with his wife Priya in the shade of a nearby grove and with their children (right)
PHOTO • M. Palani Kumar
Vadivelan’s time is divided between farming and driving. Seen here (left)with his wife Priya in the shade of a nearby grove and with their children (right)
PHOTO • Aparna Karthikeyan

বাড়িভেলানৰ সময়খিনি গাঁৱৰ সেই ৰাস্তাটোৰ দৰেই দুটা ভাগত বিভক্ত - এফালে গাড়ী চলোৱা, আনফালে খেতিৰ কাম কৰা। বাওঁফালে তেওঁৰ পত্নী প্ৰিয়াৰ সৈতে, সোঁপালে সপৰিয়ালে

তেওঁৰ শৈশৱ আছিল কঠিন। “তেতিয়া আমাক কোনোৱে লালন-পালন কৰা নাছিল, জানেনে” তেওঁ ঘূৰি মোক চাই হাঁহিছে। “আমি নিজে নিজে মাত্ৰ ডাঙৰ হৈছো।” নৱম শ্ৰেণীত পঢ়ি থাকোঁতে প্ৰথম চেন্দেল এযোৰ পাইছিল। তেতিয়ালৈকে তেওঁ খালী ভৰিৰে ঘূৰি ফুৰিছিল, প্ৰায়ে আইতাই খাদ্য বিচাৰি বা খেতি কৰা শাক-পাচলিৰ মুঠাবোৰ ৫০ পইচাকৈ বিক্ৰী কৰিছিল। “তাৰ বাবেও কিছুমান মানুহে দৰদাম কৰিছিল!” তেওঁ হুমুনিয়াহ কাঢ়ে। চাইকেলেৰে ঘূৰি ফুৰিছিল, স্কুলে দিয়া গেঞ্জি আৰু হাফপেণ্ট পিন্ধিছিল। “সেইৰে আমাৰ তিনিমাহ চলিছিলো। ঘৰৰ মানুহে বছৰত এবাৰহে আমাক নতুন কাপোৰ দিছিল।”

তেওঁৰ সময়বোৰ বৰ কঠোৰ আছিল। তেওঁ দৌৰাত ভাল আছিল, পুৰস্কাৰ লাভ কৰিছিল। তেওঁ কাবাদী খেলিছিল, নদীত সাঁতুৰিছিল, বন্ধু-বান্ধৱীৰ লগত আড্ডা মাৰিছিল, আৰু ঘৰত প্ৰতি নিশা তেওঁৰ আপ্যায়ী (দেউতাকৰ ফালৰ আইতাক)য়ে তেওঁক কোৱা সাধুকথা শুনিছিল। “সাধুকথা শেষ নহওঁতেই মোৰ টোপনিয়ে হেঁচা মাৰি ধৰিছিল আৰু পিছদিনা ৰাতি আইতাই তাৰ পৰাই আৰম্ভ কৰিছিল। ৰজা-ৰাণী আৰু দেৱতাৰ সাধু - আইতাই কিমানযে সাধুকথা জানিছিল...”

কিন্তু যুৱক ভাড়িভেলানে জিলা পৰ্যায়ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিলে, পৰিয়ালে তাৰবাবে প্ৰয়োজনীয় খাদ্য-পাতি আৰু সামগ্ৰী আদি যোগাৰ ধৰাৰ সামৰ্থ্য নাছিল। ঘৰত চলিছিল দাইল-ভাত আৰু জোল। কেতিয়াবা মাংস। স্কুলত দুপৰীয়াৰ আহাৰ আছিল উপমা। আৰু সন্ধিয়া ভাতৰ মাৰ আৰু স্নেকচ্ বুলিবলৈ আছিল নিমখ, কথাবোৰ তেওঁ মনত পেলায়। তেওঁ ইচ্ছাকৃতভাৱে স্নেকচ্ শব্দটো ব্যৱহাৰ কৰে। আৰু তেওঁ নিজৰ ল’ৰা-ছোৱালীবোৰক এতিয়া পেকেজ কৰা খাদ্য কিনি দিয়ে।

শৈশৱত তেওঁ পোৱা কষ্টখিনি সিহঁতে নাপাওক, সেয়া তেওঁ সততে মনত ৰাখে। দ্বিতীয়বাৰৰ বাবে তেওঁৰ চহৰখন, কল্লিড়ামৰ পাৰত, তেওঁৰ পত্নী আৰু জীয়েকে বালি খান্দিছে। ছয় ইঞ্চিমান খন্দাৰ পিছত পানী ওলাইছে। প্ৰিয়াই কয়, “এই নদীখনত পানী পৰিস্কাৰ। তেওঁ তিলা এটা বনাইছে। চুলিৰ পিন এটা লুকুৱাই ৰাখিছে, ছোৱালীজনীয়ে তাত পিনটো বিচাৰিছে। বাাড়িভেলান আৰু তেওঁৰ ল’ৰাই অগভীৰ পানীত গা ধুইছে। সেই ঠাইখিনি চাগে আমিয়েই আছো। বালিত ঘৰলৈ যোৱা গৰুৰ খোজ। নদীৰ পাৰৰ বনবোৰ হালি-জালি আছে। ইমান মুকলি আৰু ইমান প্ৰশান্তিময় ঠাই এইখিনি। “আপুনি আপোনাৰ চহৰত এয়া নাপাব,” ঘৰলৈ উভতি যোৱাৰ পথত আগবাঢ়ি গৈ বাড়িভেলানে কয়। “পাব জানো?”

*****

পিছত যেতিয়াই নদীলৈ গৈছো, মোৰ চহৰত থকা যেন লাগে। ২০২৩ চনৰ আগষ্ট মাহৰ কথা, মোৰ প্ৰথমবাৰৰ বাবে বাড়িভেলানৰ চহৰলৈ যোৱাৰ এবছৰতকৈও অধিক সময়ৰ পাছৰ কথা, মই ইয়াত কাবেৰীৰ পাৰত উদযাপন কৰা আড়ি পেৰুক্কুৰ বাবে আহিছো, যিটো উৎসৱ  নদীৰ পাৰৰ ইতিহাস, সংস্কৃতি আৰু আচাৰ-অনুষ্ঠানৰ মিলনস্থলী।

Vadivelan at a nearby dam on the Cauvery (left) and Priya at the Kollidam river bank (right)
PHOTO • Aparna Karthikeyan
Vadivelan at a nearby dam on the Cauvery (left) and Priya at the Kollidam river bank (right)
PHOTO • Aparna Karthikeyan

কাবেৰী নদীৰ বান্ধৰ কাষত (সোঁফালে) বাড়িভেলান আৰু কল্লিড়াম নদীৰ পাৰত প্ৰিয়া (সোঁফালে)

The crowd at Amma Mandapam (left), a ghat on the Cauvery on the occasion of Aadi Perukku where the river (right) is worshipped with flowers, fruits, coconut, incense and camphor.
PHOTO • Aparna Karthikeyan
The crowd at Amma Mandapam (left), a ghat on the Cauvery on the occasion of Aadi Perukku where the river (right) is worshipped with flowers, fruits, coconut, incense and camphor.
PHOTO • Aparna Karthikeyan

আম্মা মণ্ডপমত ভীৰ লাগিছে (বাওঁফালে), আড়ি পেৰুক্কু উপলক্ষে কাবেৰী নদীৰ ঘাটত উদযাপিত এই উৎসৱত নদীখনক ফুল, ফল-মূল, নাৰিকল, ধূপ-কাঠি জ্বলাই পূজা আগবঢ়োৱা হয়

শ্ৰীৰংগমৰ নিৰল-নিস্তব্ধ ৰাস্তাটোত গাড়ীখন ৰখাই বাড়িভেলানে আমাক কয়,, “ভিৰ হ’ব কিন্তু। আমি খোজকাঢ়ি গৈ কাবেৰীৰ ঘাট আম্মা মণ্ডপমলৈ যাওঁ, তাত তীৰ্থযাত্ৰীসকলে গোট খায়। ৰাতিপুৱা ৮:৩০ বাজিছেহে মাত্ৰ, কিন্তু মানুহেৰে ঠাইখন ভৰি পৰিছে। খোজ দিবলৈকো ঠাই নাই। মানুহ আৰু কলপাতেৰে ঠাইখন ভৰি আছে। নদীৰ বাবে প্ৰসাদ – তামোল, ধূপৰ কাঠি বিন্ধাই থোৱা কল, সৰু সৰু হালধীৰ গণেশ, ফুল, ফল-মূল আৰু কৰ্পূৰ৷ পৰিৱেশটো উৎসৱমুখৰ, বিয়াৰ দৰে, মাত্ৰ বিয়া এখনতকৈ বহুগুণে বিশাল আয়োজন।

পুৰোহিতৰ চাৰিওফালে গোট খাইছে নৱ-বিবাহিত দম্পতি আৰু তেওঁলোকৰ পৰিয়ালবোৰ। তেওঁলোকক থালিখনত থকা সূতাৰে মংগলসূত্ৰডাল নতুনকৈ গুঁঠিছে। তাৰ পাছত স্বামী-স্ত্ৰীয়ে প্ৰাৰ্থনা কৰিছে আৰু সযতনে সংৰক্ষিত বিয়াৰ মালা দুডাল পানীত পেলাই দিছে। মহিলাসকলে ইজনে সিজনৰ ডিঙিত হালধিৰ সূতা বান্ধিছে। পৰিয়াল আৰু বন্ধু-বান্ধৱীক কুমকুম আৰু মিঠাই আগবঢ়াইছে। ত্ৰিচিৰ বিখ্যাত ভগৱান গণেশ মন্দিৰ উচি পিল্লাইয়াৰ কইল, কাবেৰী নদীৰ সিপাৰে ৰাতিপুৱাৰ ৰ’দত জিলিকি উঠিছে।

নদীখন খৰ গতিত বৈ গৈছে, লগত নিছে প্ৰাৰ্থনা আৰু ইচ্ছা-আকাংক্ষাবোৰ। পথাৰলৈ সিঁচিছে সপোন, শত-সহস্ৰ বছৰ ধৰি…

লিখকে ড ৰিচা কুমাৰক তেওঁৰ চেলফ -ৰিলায়েন্স টু ডিপেনিং ডিচষ্ট্ৰেচঃ দা এম্বিভেলেন্স অৱ দা য়েল্ল’ ৰিভলিউচন ইন ইণ্ডিয়া শীৰ্ষক গৱেষণাপত্ৰখন পঢ়াৰ সুবিধা কৰি দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে

এই গৱেষণামূলক অধ্যয়ন আজিম প্ৰেমজী ইউনিভাৰ্ছিটিৰ গৱেষণা অনুদান কাৰ্য্যসূচী , ২০২০ৰ অধীনত কৰা হৈছে

অনুবাদ: পংকজ দাস

Aparna Karthikeyan

অপর্ণা কার্তিকেয়ন একজন স্বতন্ত্র সাংবাদিক, লেখক এবং পারি’র সিনিয়র ফেলো। তাঁর 'নাইন রুপিজ অ্যান আওয়ার' বইটি গ্রামীণ তামিলনাডুর হারিয়ে যেতে থাকা জীবিকাগুলিরর জলজ্যান্ত দস্তাবেজ। এছাড়াও শিশুদের জন্য পাঁচটি বই লিখেছেন তিনি। অপর্ণা তাঁর পরিবার ও সারমেয়কূলের সঙ্গে বসবাস করেন চেন্নাইয়ে।

Other stories by অপর্ণা কার্তিকেয়ন
Photographs : M. Palani Kumar

এম. পালানি কুমার পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার স্টাফ ফটোগ্রাফার। তিনি শ্রমজীবী নারী ও প্রান্তবাসী মানুষের জীবন নথিবদ্ধ করতে বিশেষ ভাবে আগ্রহী। পালানি কুমার ২০২১ সালে অ্যামপ্লিফাই অনুদান ও ২০২০ সালে সম্যক দৃষ্টি এবং ফটো সাউথ এশিয়া গ্রান্ট পেয়েছেন। ২০২২ সালে তিনিই ছিলেন সর্বপ্রথম দয়ানিতা সিং-পারি ডকুমেন্টারি ফটোগ্রাফি পুরস্কার বিজেতা। এছাড়াও তামিলনাড়ুর স্বহস্তে বর্জ্য সাফাইকারীদের নিয়ে দিব্যা ভারতী পরিচালিত তথ্যচিত্র 'কাকুস'-এর (শৌচাগার) চিত্রগ্রহণ করেছেন পালানি।

Other stories by M. Palani Kumar
Editor : P. Sainath

পি. সাইনাথ পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার প্রতিষ্ঠাতা সম্পাদক। বিগত কয়েক দশক ধরে তিনি গ্রামীণ ভারতবর্ষের অবস্থা নিয়ে সাংবাদিকতা করেছেন। তাঁর লেখা বিখ্যাত দুটি বই ‘এভরিবডি লাভস্ আ গুড ড্রাউট’ এবং 'দ্য লাস্ট হিরোজ: ফুট সোলজার্স অফ ইন্ডিয়ান ফ্রিডম'।

Other stories by পি. সাইনাথ
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das