“ইয়াত ৰুটীৰ বাবে মানুহে হাহাকাৰ কৰিবলগীয়া হয়, কিন্তু হেৰ’ইন আঙুলিৰ টিপতে আহি যায়।”

হৰবংশ কৌৰৰ একমাত্ৰ পুত্ৰ ড্ৰাগছ আসক্ত। “আমি এইবোৰ এৰুৱাবলৈ কিমান যে কি কৰা নাছিলো, কিন্তু এতিয়াও সি তাকেই বিচাৰে, সকলো টকা-পইছা লৈ লয় আৰু ড্ৰাগছৰ নামত উৰুৱাই দিয়ে,” এইদৰে কয় ২৫ বছৰীয়া যুৱকজনৰ মাতৃয়ে। কৌৰে জনোৱামতে, তেওঁলোকৰ গাঁৱত বেজী আৰু কেপচুলৰ ৰূপত ড্ৰাগছ তেনেই উভৈনদী হৈ আহিছে।

“চৰকাৰে ইচ্ছা কৰিলে, এইবোৰ বন্ধ কৰিব পাৰে। যদিহে নকৰে তেন্তে আমাৰ ল’ৰা-ছোৱালীবোৰ এনেকৈ শেষ হৈ যাব।” হৰবংশ কৌৰ এগৰাকী দিন হাজিৰা কৰা শ্ৰমিক, তেওঁ ৰাওকি কালান গাঁৱৰ এটা আলুৰ শীতাগাৰত কাম কৰে। এটা বস্তাত আলু ভৰোৱাৰ বাবদ তেওঁ ১৫ টকাকৈ লাভ কৰে আৰু এদিনত ১২ টা বস্তা ভৰাবলৈ সক্ষম হোৱা কৌৰে প্ৰতিদিনে প্ৰায় ১৮০ টকা উপাৰ্জন কৰে। তেওঁৰ স্বামী ৪৫ বছৰীয়া সুখদেৱ সিঙো তেওঁলোকৰ গাঁও নাংগলৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দূৰৈৰ নিহাল সিং ৱালাৰ এটা ৱেৰহাউছত দিন হাজিৰা ভিত্তিত শ্ৰমিক হিচাপে কৰ্মৰত। বস্তাত ঘেঁহু বা চাউল ভৰোৱা আদিৰ দৰে কামেই তাত কৰিবলগীয়া হয় আৰু কামৰ বিপৰীতে ৩০০ টকাকৈ দিন হাজিৰা লাভ কৰে। এই উপাৰ্জনৰ ওপৰতেই চলি থাকে তেওঁলোকৰ পৰিয়ালটো।

পাঞ্জাৱৰ মোগা জিলাৰ উক্ত গাঁওখনৰ তেওঁলোকৰ চুবুৰীয়া কিৰণ কৌৰে বাকী কথা নকৈ পোনে পোনে কয়, “যি দলেই আমাৰ গাঁওখনক ড্ৰাগছমুক্ত কৰিব বুলি নিশ্চিতকৈ প্ৰতিশ্ৰুতি দিব সেই দলটোৱেই আমাৰ ভোট লাভ কৰিব।”

কিৰণৰ স্বামীও এগৰাকী ড্ৰাগছ আসক্ত আৰু সেয়ে তেওঁ ইয়াৰ ভুক্তভোগী হৈ আহিছে। তিনি বছৰীয়া কন্যা আৰু ছমহীয়া পুত্ৰ সন্তানৰ মাতৃ কিৰণে কয়, “মোৰ স্বামী এজন অস্থায়ী শ্ৰমিক আৰু তেওঁ ড্ৰাগছ আসক্ত। যোৱা ৩ বছৰ ধৰি তেওঁ ড্ৰাগছ সেৱন কৰি আহিছে। তেওঁ যিখিনি উপাৰ্জন কৰে সেই সকলোখিনি ড্ৰাগছৰ নামতেই উৰুৱাই দিয়ে।”

আঠজনীয়া পৰিয়ালটো বাস কৰা তেওঁলোকৰ ঘৰটোৰ ফাট মেলা দেৱাললৈ আঙুলিয়াই কিৰণে আক্ষেপেৰ কয়, “এই ঘৰটো ভাল কৰিবলৈ আমি ক’ৰ পৰা পইছা পাম?”

PHOTO • Sanskriti Talwar

পাঞ্জাৱৰ মোগা জিলাৰ নাংগল গাঁৱৰ হৰবংশ কৌৰ আৰু সুখদেৱ সিঙে একমাত্ৰ পুত্ৰক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰাবলৈ সকলো প্ৰয়াস কৰি ভাগৰি পৰিছে

মোগা জিলাৰ নাংগল নামৰ এই গাঁওখন অহা ১ জুনত ভোটগ্ৰহণ সম্পন্ন হ’বলগীয়া ফৰিদকোট সমষ্টিৰ অন্তৰ্গত।

ছমাহ পূৰ্বে এজন ২৪ বছৰীয়া যুৱকে এই নাংগল গাঁৱতে অতিমাত্ৰা ড্ৰাগছ সেৱন কৰাৰ ফলত মৃত্যুমুখত পৰিছিল। ড্ৰাগছ সেৱন কৰি প্ৰাণ হেৰুওৱা ডেকা যুৱকজনৰ সেই ঘটনাটো গাঁওবাসীৰ মনত এতিয়াও সজীৱ হৈ আছে। “ইয়াত কৰ্মসংস্থাপন বুলিবলৈ একো নাই, ডেকাসকলে এনেয়ে বহি বহি দিন কটাই বেয়া সংগৰ কবলত পৰে,” এইদৰে কয় নাংগল গাঁওখনত ২০০৮ চনৰে পৰা আশাকৰ্মী হিচাপে কৰ্মৰত পৰমজিৎ কৌৰে।

তেওঁ আৰু কয়, “এই সমস্যা একমাত্ৰ চৰকাৰেহে সমাধান কৰিব পাৰিব।” নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ তথ্য অনুযায়ী ২০২২ চনত পাঞ্জাৱত ১৪৪ জন লোকে (সকলো পুৰুষ) অতিমাত্ৰা ড্ৰাগছ সেৱন কৰি প্ৰাণ হেৰুৱাইছে।

বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানকালত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দলটো শাসনলৈ আহিলেই তিনি মাহৰ ভিতৰত পাঞ্জাৱক ড্ৰাগছমুক্ত ৰাজ্যত পৰিণত কৰিবলৈ কাম কৰিব বুলি ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ভগৱন্ত মানে ২০২৩ চনৰ ১৫ আগষ্টত পাটিয়ালাত স্বাধীনতা দিৱস উপলক্ষে প্ৰদান কৰা ভাষণত এবছৰৰ ভিতৰত ৰাজ্যখনৰ পৰা ড্ৰাগছ নাইকিয়া হৈ পৰিব বুলি দাবী কৰিছিল।

ৰাজ্য চৰকাৰে আবকাৰী বিভাগৰ জৰিয়তে ড্ৰাগছকে আদি কৰি নিচাযুক্ত সামগ্ৰীৰ বিক্ৰী, ব্যৱহাৰ, সেৱন আৰু প্ৰচলন নিয়ন্ত্ৰণ কৰি আহিছে। কিন্তু স্থানীয় লোকসকলে জনোৱামতে সু-সংগঠিত মাফিয়াচক্ৰই ড্ৰাগছৰ বিক্ৰী তথা সমগ্ৰ ব্যৱসায় নিৰ্বিঘ্নে চলাই গৈছে। “মোগা, লুধিয়ানা, বৰ্ণালা আৰু আন ঠাইৰ সৈতে সংযোগ থকা ওচৰৰ গাঁৱৰ কিছুমান লোকে আমাৰ গাঁৱলৈ ড্ৰাগছ আনে,” এইদৰে কয় নাংগলৰ কিষাণ মজদুৰ সংঘৰ্ষ কমিটিৰ এগৰাকী সদস্য বুট্টা নাংগালে।

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

ৰাজ্য চৰকাৰে আবকাৰী বিভাগৰ জৰিয়তে ড্ৰাগছকে আদি কৰি নিচাযুক্ত সামগ্ৰীৰ বিক্ৰী, ব্যৱহাৰ, সেৱন আৰু প্ৰচলন নিয়ন্ত্ৰণ কৰি আহিছে। স্থানীয় লোকসকলে জনোৱামতে সু-সংগঠিত মাফিয়াচক্ৰই ড্ৰাগছৰ বিক্ৰী তথা সমগ্ৰ ব্যৱসায় নিৰ্বিঘ্নে চলাই গৈছে। পৰিয়ালৰ সৈতে (বাওঁফালে) মজদূৰ সংঘৰ্ষ কমিটিৰ সদস্য বুট্টা নাংগল (নীলা কুৰ্টা পৰিহিত)। অমনদ্বীপ কৌৰ আৰু কিৰণ কৌৰ বাস কৰা নাংগল গাওঁখন (সোঁফালে)

১৯৮৫ চনৰ নাৰ্ক’টিক ড্ৰাগছ এণ্ড চাইক’ট্ৰপিক ছাবষ্টেনছেছ (এনডিপিএছ) এক্ট অনুযায়ী ড্ৰাগছ সেৱন কৰা আৰু ড্ৰাগছ মজুত ৰখা কাৰ্যক ভাৰতত অপৰাধ হিচাপে গণ্য কৰি অহা হৈছে। এই সন্দৰ্ভত কিষাণ মজদুৰ সংঘৰ্ষ কমিটিৰ আন এগৰাকী সদস্য সুখচেইন সিঙে কয়, “কিন্তু কথাটো হ’ল আৰক্ষীৰ লোকেও একো কৰিব নোৱাৰে, কাৰণ ওপৰমহলৰ অৰ্ডাৰ থাকে। যদিহে বিধায়কে বিচাৰে তেন্তে আমাৰ গাঁৱলৈ ড্ৰাগছ অহাতো বন্ধ হৈ পৰিব।” প্ৰাক্তন গাঁওবুঢ়া তথা সম্প্ৰতি কংগ্ৰেছ দলৰ সৈতে যুক্ত লখবীৰ সিঙেও তেওঁৰ কথাত সন্মতি জনাই কয়, “চৰকাৰে হস্তক্ষেপ কৰিলেহে এয়া বন্ধ হ’ব।”

কিন্তু ৰাজনৈতিক নেতাসকলে এই বিষয়টোক মুঠেই গুৰুত্ব দিব নোখোজে বুলি অভিযোগ কৰে নাংগলৰ বাসিন্দা কমলজিৎ কৌৰে। তেওঁ কয় যে ফৰিদকোটৰ আপ প্ৰাৰ্থী কৰমজিৎ অনমোলে এই ড্ৰাগছৰ পৰা উদ্ভৱ হোৱা সমস্যাক লৈ নিৰ্বাচনী ৰেলীত এষাৰো কোৱা দেখা নগ’ল। দলিত মজহবি শিখ সম্প্ৰদায়ৰ ৪০ বৰ্ষীয় মহিলা কৌৰে কয়, “তেওঁ কেৱল আমাক ভোট দিবলৈহে ক’লে আৰু মহিলা ভোটাৰসকলক কেৱল লাভ পাব বুলি প্ৰতিশ্ৰুতি দিলে। এয়া দুৰ্ভাগ্যৰ কথা যে এটা দলেও ড্ৰাগছৰ সমস্যাক লৈ ভালকৈ একোৱেই নক’লে।” তেওঁ আৰু কয় যে ড্ৰাগছক লৈ কিবা কোৱাৰ আশাতেই মে’ মাহত কংগ্ৰেছ দলে আয়োজন কৰা ৰাজহুৱা সভালৈকো গৈছিল যদিও সেই আশা পূৰণ নহ’ল।

*****

ড্ৰাগছ এৰাৰ কোনো লক্ষণ নেদেখা স্বামীক লৈ সমস্যাত পৰা কিৰণে গোটেই পৰিয়ালৰ ভৰণ-পোষণৰ বোজা মূৰত লৈ ধনী খেতিয়কৰ খেতি পথাৰত দিন হাজিৰা কৰি গৈছে। ২৩ বছৰীয়া মহিলাগৰাকীয়ে যোৱা ফেব্ৰুৱাৰী মাহতে আলু তুলি কেইটকামান পাইছিল। তেতিয়াৰে পৰা এতিয়ালৈ নতুনকৈ কাম পোৱা নাই। সেইবাৰ কাম কৰোতে পথাৰৰ এটা মূৰত গছৰ ছাঁত কণমানি কেঁচুৱাটোত প্লাষ্টিকেৰে তৈয়াৰী বিছনা এখনত শুৱাই থৈছিল। সেই কাম ২০ দিন ধৰি চলিছিল। প্ৰথমে এদিনত ৪০০ টকাকৈ হাজিৰা দিয়াৰ কথা আছিল যদিও শেষত ৩০০ টকাকৈহে দিছিল।

তেওঁৰ বান্ধৱী তথা চুবুৰীয়া অমনদ্বীপ কৌৰেও একেলগে কাম কৰিছিল। অমনদ্বীপে জনোৱামতে ধনী কৃষকসকলে (উচ্চ বৰ্ণৰ) যেতিয়া তেওঁলোকক প্ৰতিবাদ কৰিবলৈ লৈ গৈছিল তেতিয়াৰে পৰা তেওঁলোকৰ দৰে খেতিপথাৰত কাম কৰা শ্ৰমিকে প্ৰাপ্য পাৰিশ্ৰমিকো পোৱা নাই। তেওঁ কয়, “আমাৰ হৈ কোনে মাত মাতিব? কোনো নাই আমাৰ হৈ মাতিবলৈ। সকলোৱে আমাক পিছত থাকিবলৈ কয়। কাৰণ আমি অনুসূচিত জাতিৰ লোক। গতিকে আমি আনতকৈ বেছিকৈ পৰিশ্ৰম কৰিলেও আমাৰ হৈ কোনেও নামাতে।”

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

কামৰ সন্ধানত ইংলেণ্ডলৈ যাবলৈ ওলোৱা সৰৱজিৎ কৌৰৰ খবৰ ল’বলৈ অহা আত্মীয়ৰ বাবে চাহ-জলপান প্ৰস্তুত কৰাত ব্যস্ত অমনদ্বীপ কৌৰ আৰু কিৰণ কৌৰ (গুলপীয়া পৰিহিত)। কিৰণৰ শাহুৱেক বলজিৎ কৌৰ (হালধীয়া পৰিহিত), পাঞ্জাৱৰ নাংগল গাঁৱত

পাঞ্জাৱৰ মুঠ জনসংখ্যাৰ ৩১,৯৪ শতাংশ হৈছে কিৰণ আৰু অমনদ্বীপৰ দৰে দলিত। দলিতৰ জনসংখ্যাৰ অনুপাতৰ দিশেৰে এয়া হৈছে ২০১১ৰ লোকপিয়ল অনুযায়ী ভাৰতৰ যিকোনো ৰাজ্যৰ ভিতৰতে সৰ্বাধিক। উল্লেখ্য যে প্ৰতিবাদস্থীলত পাঞ্জাৱৰ খেতিপথাৰত কৰ্মৰত দলিত শ্ৰমিকসকলে তেওঁলোকৰ ন্যুনতম দিন হাজিৰা ৭০০-১০০০ টকা কৰিবলৈ দাবী জনাই আহিছিল।

অমনদ্বীপে আৰু কয় যে মহিলা কৃষি শ্ৰমিকসকলৰ বাবে পৰৱৰ্তী উপাৰ্জনৰ সুযোগ আহিব জুন মাহৰ খাৰিফ শস্যৰ বতৰত। তেতিয়া তেওঁলোক দল বান্ধি ভূঁই ৰোৱাৰ বাবে এক একৰ মাটিত ৪০০০ টকাকৈ লাভ কৰিব। সেই হিচাপত এদিনত এগৰাকী শ্ৰমিকে ৪০০ টকাকৈ পাব। “তাৰ পিছত আমি আকৌ কামৰ বাবে একেবাৰে শীতকাললৈ ৰ’ব লাগিব,” তেওঁ কয়।

তেওঁলোকৰ বাবে আন এক সুযোগ হৈছে বছৰত ১০০ দিনৰ কামৰ নিশ্চয়তা প্ৰদান কৰা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আঁচনি চমুকৈ এমজিএনৰেগা। অৱশ্যে কিৰণৰ শাহুৱেক ৫০ বছৰীয়া বলজিৎ কৌৰে কয় যে তেওঁলোকৰ গাঁৱত এমজিএনৰেগাৰ অধীনত কোনেও ১০ দিনতকৈ বেছি দিন কাম পোৱা নাই।

পৰিয়ালৰ সহায় হোৱাকৈ বলজিতে উচ্চবৰ্ণৰ ধনী মানুহৰ ঘৰত এদিনত ২০০ টকাকৈ ঘৰুৱা কাম-বন কৰে। অমনদ্বীপে কিতাপত প্লাষ্টিকৰ কভাৰ লগাই খনে প্ৰতি ২০টকাকৈ লাভ কৰে। মহিলাসকলে জনোৱা মতে ২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত আম আদমী পাৰ্টীৰ চৰকাৰে অতিৰিক্ত ১০০০ টকাকৈ মহিলাসকলক প্ৰদান কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া পালে তেওঁলোকে কিছু হ’লেও সকাহ লাভ কৰিব। “আমি ইমান কষ্ট কৰো। তাৰপাছত আকৌ ২০০ টকা ভৰি ফৰ্ম জমা কৰিব লাগে, কিন্তু কাম হ’লে একো নহয়,” বলজিৎ কৌৰে কয়।

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

মোগা জিলাৰ নাংগল গাঁওস্থিত বলজিৎ আৰু কিৰণৰ ঘৰখন। ইংলেণ্ডলৈ যাবলৈ বয়-বস্তু পেকিং কৰি ৰাখিছে সৰৱজিৎ কৌৰে। ‘পাঞ্জাৱত কামৰ আশাত ৰৈ ৰৈ সময় খৰছ কৰি একো লাভ নাই। কাৰণ ইয়াত পাবলৈ একো কামেই নাই। ইয়াত কেৱল ড্ৰাগছহে আছে,’ সৰৱজিতে কয়

চিন্তাক্লিষ্ট হৈ পৰা বলজিতে এতিয়া ২৪ বছৰীয়া কনিষ্ঠা কন্যা সৰৱজিৎ কৌৰক কামৰ বাবে ইংলেণ্ডলৈ পঠিয়াবলৈ যো-জা চলাইছে। সেই সপোন পূৰণ কৰিবলৈ তেওঁলোকে খৰছ কৰিবলগীয়া হৈছে ১৩ লাখ টকা। ইয়াৰ বাবে গাড়ী আৰু মটৰ চাইকেল বিক্ৰী কৰাৰ পিছতো সুদখোৰৰ পৰা টকা ধাৰলৈ ল’বলগীয়া হৈছে।

দুবছৰ পূৰ্বে সৰবজিতে শিক্ষা বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল যদিও তেতিয়াৰে পৰা নিবনুৱা হৈ বহি থাকিবলগীয়া হৈছে। তেওঁ কয়, “পাঞ্জাৱত কামৰ আশাত ৰৈ ৰৈ সময় খৰছ কৰি একো লাভ নাই। কাৰণ ইয়াত পাবলৈ একো কামেই নাই। ইয়াত কেৱল ড্ৰাগছহে আছে।”

কাম নোপোৱালৈকে ২৪ বছৰীয়া সৰৱজিতে বন্ধুবৰ্গৰ লগত থাকিব। তেওঁ কয়, “বিদেশলৈ যোৱাৰ সপোন মই সৰুতেই দেখিছিলো। এতিয়া সেই সপোন কেৱল সপোন হৈ থকা নাই, সেয়া হৈ পৰিছে প্ৰয়োজন।” পৰিয়ালটোৱে ওচৰৰ গাঁৱত ঘৰতে উৎপাদিত গাখীৰো বিক্ৰী কৰে আৰু তাৰপৰা প্ৰতিদিনে অতিকমেও ১০০০ টকাকৈ লাভ কৰে। সেই ধনৰ কিছু অংশ ঘৰুৱা বয়-বস্তু কিনাত খৰছ কৰাৰ লগতে বেছিখিনিয়ে ঋণ পৰিশোধ কৰোতেই নাইকিয়া হয়।

“পিতৃ-মাতৃ হিচাপে আমি তাইক বিয়া দি এঘৰলৈ উলিয়াই দিব লাগিলেই হয়। গতিকে আমি এতিয়া তাইক বিদেশলৈ পঠিয়াম। অন্ততঃ তাতেই তাই কিবা এটা নিজাকৈ কৰিব পাৰিব আৰু তাৰপাছত পছন্দমতে নিজে ল’ৰা এজন ঠিক কৰি লৈ বিয়া হ’ব,” মাতৃ বলজিৎ কৌৰে আশাৰে কয়।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Sanskriti Talwar

সংস্কৃতি তলওয়ার নয়া দিল্লি-ভিত্তিক স্বতন্ত্র সাংবাদিক এবং ২০২৩ সালের পারি-এমএমএফ ফেলোশিপ প্রাপক রিপোর্টার।

Other stories by Sanskriti Talwar
Editor : Priti David

প্রীতি ডেভিড পারি-র কার্যনির্বাহী সম্পাদক। তিনি জঙ্গল, আদিবাসী জীবন, এবং জীবিকাসন্ধান বিষয়ে লেখেন। প্রীতি পারি-র শিক্ষা বিভাগের পুরোভাগে আছেন, এবং নানা স্কুল-কলেজের সঙ্গে যৌথ উদ্যোগে শ্রেণিকক্ষ ও পাঠক্রমে গ্রামীণ জীবন ও সমস্যা তুলে আনার কাজ করেন।

Other stories by Priti David
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari