২০২৩ৰ ১৫ নৱেম্বৰত এন. শংকৰীয়াই দুই পুত্ৰ চন্দ্ৰশেখৰ আৰু নৰসিংহন আৰু কন্যা চিত্ৰাক এই সংসাৰত এৰি শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০২ বছৰ।

পি. সাইনাথ আৰু পাৰিৰ সৈতে ২০১৯ৰ ডিচেম্বৰত এক দীঘলীয়া সাক্ষাৎকাৰত তেওঁ নিজৰ জীৱনটোৰ বিষয়ে, যাৰ প্ৰায়ভাগ সময়ে প্ৰতিবাদত পাৰ হৈছিল, সেইবিষয়ে বিতংকৈ কৈছিল। পঢ়ক: শংকৰীয়াঃ ন দশকজুৰি এজন বিপ্লৱী

সাক্ষাৎকাৰৰ সময়ত তেওঁৰ বয়স আছিল ৯৯ আৰু বয়সে তেওঁক টলাব পৰা নাছিল। তেওঁৰ কণ্ঠ তেতিয়াও আছিল উদ্দাত্ত আৰু স্মৃতিশক্তি প্ৰখৰ। প্ৰাণৱন্ত আছিল শংকৰীয়া। কেতিয়াও হতাশ নোহোৱা এটা মন আছিল তেওঁৰ।

স্বাধীনতা আন্দোলনৰ সময়ত শংকৰীয়াই আঠ বছৰ কাৰাগাৰত কটাইছিল। প্ৰথমবাৰ ১৯৪১ত, তেওঁ তেতিয়া মাদুৰাইৰ আমেৰিকান কলেজৰ ছাত্ৰ আছিল। পিছত মাদুৰাই ষড়যন্ত্ৰৰ গোচৰত অভিযুক্ত হিচাপে ১৯৪৬ত পুনৰ কাৰাগাৰত সোমাইছিল। উল্লেখ্য যে ভাৰত চৰকাৰে মাদুৰাই ষড়যন্ত্ৰ গোচৰটোক স্বাধীনতা আন্দোলৰ অংশ হিচাপে স্বীকৃতি দিছে।

শংকৰীয়া পঢ়াত চোকা আছিল যদিও বি.এ. চুড়ান্ত পৰীক্ষাৰ মাত্ৰ ১৫ দিন আগত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত তেওঁক আটক কৰা হয়, সেয়ে কলেজীয়া শিক্ষা তেওঁৰ আধৰুৱা হৈ ৰয়।

ভাৰতে স্বাধীনতা লাভ কৰাৰ এটা দিন আগত, ১৯৪৭ৰ ১৪ আগষ্টত তেওঁক মুকলি কৰি দিয়া হয়। ১৯৪৮ চনত কমিউনিষ্ট পাৰ্টিক নিষিদ্ধ ঘোষণা কৰিলত, শংকৰীয়াই তিনি বছৰ আত্মগোপন কৰি থাকিবলগীয়া হয়। ৰাজনৈতিকভাৱে অতি সক্ৰিয় পৰিয়াল এটাত জন্মগ্ৰহণ কৰা শংকৰীয়াৰ ককা আছিল এগৰাকী পেৰিয়াৰপন্থী। কলেজীয়া দিনৰ পৰাই শংকৰীয়া বামপন্থী আন্দোলনৰ সৈতে পৰিচিত আছিল। কাৰাগাৰৰ পৰা মুক্তি লাভ আৰু তাৰ পিছদিনা দেশে স্বাধীনতা লাভৰ পিছত শংকৰীয়া বামপন্থী আন্দোলনত সক্ৰিয় হৈ পৰে। তামিলনাডুত বামপন্থী আন্দোলনক এক গঢ় দিয়াত তেওঁ অন্যতম ভূমিকা পালন কৰিছিল, আন বিভিন্ন সংগ্ৰামৰো তেওঁ পুৰোধা ব্যক্তি আছিল।

স্বাধীনতা আন্দোলনত ভাগ লোৱাৰ উপৰিও আন বামপন্থী নেতৃত্বধাৰীসকলৰ দৰে শংকৰীয়াইও সমাজৰ আন বিভিন্ন সমস্যাৰ বিৰুদ্ধে মাত মাতিছিল। “আমি সমান মজুৰি হকে আন্দোলন কৰিছিলো, অস্পৃশ্যতা আৰু মন্দিৰত প্ৰৱেশ নিষিদ্ধ কৰা আদি প্ৰথা বৰ্খাস্ত কৰিবলৈ প্ৰতিবাদ কৰিছিলো,” পাৰিৰ সৈতে সাক্ষাৎকাৰত তেওঁ কৈছিল। “জমিদাৰী প্ৰথা বিলুপ্ত কৰাৰ আন্দোলন তাৰ ভিতৰত অন্যতম আছিল। কমিউনিষ্টসকলে ইয়াৰ বিৰুদ্ধে যুঁজ দিছিল।”

পি. সাইনাথৰ সৈতে তেওঁৰ সাক্ষাৎকাৰ শংকৰীয়া: ন দশকজুৰি এজন বিপ্লৱী শীৰ্ষক ষ্ট’ৰিটোত পঢ়িব পাৰিব, লগতে ভিডিঅ’টো চাব পাৰে।

অনুবাদ: পংকজ দাস

PARI Team
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das