ভাৰতী কাস্তে (২৩)ৰ বাবে তেওঁৰ পৰিয়ালটোৱেই আছিল সৰ্বস্ব। তেওঁ মেট্ৰিক পৰীক্ষা দিয়েই স্কুল এৰি কামত ধৰিছিল যাতে তেওঁৰ সৰু ভনীয়েককেইজনীয়ে পঢ়া-শুনা আগবঢ়াই যাব পাৰে। কোম্পানী এটাত তেওঁ সহায়ক হিচাপে কাম কৰিছিল। দিনে-ৰাতিয়ে কষ্ট কৰিছিল যাতে শ্ৰমিক ভাতৃ আৰু পিতৃক সামান্য জীৰাবলৈ সময় দিব পাৰে। পৰিয়ালটোক লৈয়ে তেওঁৰ সকলো চিন্তা-ভাৱনা কেন্দ্ৰীত হৈ ৰৈছিল। কিন্তু ২০২১ৰ মে’ মাহৰ এটা দিনত সকলো সলনি হৈ গৈছিল।
তাৰপিছত পৰিয়ালৰ কথা ভাবিবলৈ পৰিয়ালটোৱেই নাথাকিল।
২০২১ৰ ১৩ মে’ৰ নিশা। মধ্যপ্ৰদেশৰ দেৱাস জিলাৰ নেমাৱাৰ গাওঁ নিবাসী ভাৰতীৰ পৰিয়ালটোৰ পাঁচজন সদস্য নিৰুদ্দেশ হৈ গ’ল। তেওঁৰ ভনী দুজনী, ৰূপালী (১৭) আৰু দিব্যা (১২), তেওঁৰ মাতৃ মমতা (৪৫) আৰু তেওঁৰ সম্পৰ্কীয় ভাই-ভনী পূজা (১৬), পৱন (১৪)য়ে হঠাতে নাইকিয়া হৈ গ’ল। “সিহঁত কাকো মই নোপোৱা হ’লো,” তেওঁ কয়। “এটা দিন পাৰ হোৱাৰ পিছতো কোনো ঘৰলৈ উভতি নহাত আমি অতিশয় সংকিত হৈ পৰিলো।”
ভাৰতীয়ে থানাত গৈ নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰিলে। তেতিয়া আৰক্ষীয়ে বিষয়টোৰ তদন্ত কৰিবলৈ ল’লে।
এটা দিন বাগৰি দুটা দিনত পৰিল, তৃতীয় দিন আহিল। পৰিয়ালটোৰ সদস্যকেইজন কিন্তু উভতি নাহিল। এটা এটা দিন বাগৰাৰ লগে লগে তেওঁলোকৰ নিৰুদ্দেশ হোৱাৰ কথাত তেওঁৰ টোপনি নহা হ’ল। ভাৰতীৰ পেটৰ গামোচাৰ গাঠিটো আৰু টান হ’ল। ঘৰখনৰ নীৰৱতাৰ কোলাহল বাঢ়িল।
মনৰ মাজত ভয়বোৰ আৰু বেছি গহন হৈ পৰিল।
ঘটনাটোৰ সম্পূৰ্ণ ৪৯ দিন পাছত, ২০২১ৰ ২৯ জুনত আৰক্ষীয়ে তেওঁলোকক দুঃসংবাদটো দিয়েহি। গাওঁখনৰ ৰাজপুত সম্প্ৰদায়ৰ এজন প্ৰভাৱশালী লোক সুৰেন্দ্ৰ চৌহানৰ খেতিপথাৰৰ পৰা পাঁচটা মৃতদেহ খান্দি উলিওৱা হয়। চৌহান সোপন্থী হিন্দু গোটৰ সৈতে জড়িত আৰু তেওঁলোকৰ সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক আশীষ শৰ্মাৰ সৈতে ঘনিষ্ঠ বুলি জনা যায়।
“ভিতৰে ভিতৰে এনেকুৱাই কিবা এটাৰ আশংকা আমাৰ মনত আছিল, কিন্তু সেই খবৰটো পাই যেন মূৰৰ ওপৰত সৰগখন ভাগি পৰিল,” গোণ্ড আদিবাসী সম্প্ৰদায়ৰ ভাৰতীয়ে কয়। “পৰিয়ালৰ পাঁচজন সদস্য এটা ৰাতিৰ ভিতৰতে হেৰুওৱাটো কেনে এক কঠোৰ আঘাত, সেয়া মই বৰ্ণনা দিব নোৱাৰো। কিবা এটা যেন যাদুকৰী শক্তিয়ে আহি তেওঁলোকক সোশৰীৰে ঘৰ পোৱাবহি, তেনেই কিবা এটা আশাত বন্দী আছিলো।”
নেৱামাৰত এটা ৰাতিৰ ভিতৰতে এটা জনজাতীয় পৰিয়ালে পাঁচজন সদস্য হেৰুৱালে।
পুলিচে সুৰেন্দ্ৰকে ধৰি আন ছজনক এই গণহত্যাৰ বাবে গ্ৰেপ্তাৰ কৰে।
*****
মধ্যপ্ৰদেশৰ জনজাতীয় জনসংখ্যা প্ৰায় ২১ শতাংশ। ইয়াৰ ভিতৰত গোণ্ড, ভিল আৰু চহৰীয়া আদি সম্প্ৰদায় অন্তৰ্ভুক্ত। সাংখ্যিক দিশৰ পৰা তেওঁলোক সৰহ হ’লেও সুৰক্ষাৰ দিশত তেওঁলোকৰ অৱস্থা শোচনীয়। ৰাষ্ট্ৰীয় অপৰাধ লেখ সংস্থা (এন.চি.আৰ.বি.)ৰ দ্বাৰা প্ৰকাশিত ভাৰতত ২০২১ত অপৰাধৰ লেখ অনুযায়ী ২০১৯-২০২১ৰ ভিতৰত অনুসূচিত জনজাতিৰ ওপৰত হোৱা অত্যাচাৰৰ পৰিসংখ্যাই উপৰোক্ত কথাকে প্ৰতিপন্ন কৰে।
২০১৯ত ৰাজ্যখনত অনুসূচিত জনজাতিৰ ওপৰত হোৱা উৎপীড়নৰ গোচৰৰ সংখ্য আছিল ১,৯২২ টা। পৰৱৰ্তী বৰ্ষত সেই সংখ্যা আছিল ২,৬২৭ ।
২০২১ত ভাৰতত অনুসূচিত জনজাতিৰ বিৰুদ্ধে হোৱা অপৰাধৰ সংখ্যা আছিল ৮,৮০২ টা। মধ্য প্ৰদেশত ইয়াৰে ৩০ শতাংশ অপৰাধ সংঘটিত হৈছিল, সংখ্যা আছিল ২,৬২৭ টা। অৰ্থাৎ এদিনত সাতটা। অতিকৈ জঘন্য অপৰাধৰ ঘটনাই ৰাষ্ট্ৰীয় বাতৰি কাকতৰ শিৰোনাম দখল কৰিছিল যদিও প্ৰাত্যাহিক জীৱনত সন্মুখীন হোৱা দাবি-হুমকি, পদানত কৰি ৰখাৰ ঘটনাবোৰ খবৰ হৈ উঠা নাছিল।
জাগৃতি আদিবাসী দলিত সংগঠন (জে.এ.ডি.এছ.)ৰ নেতৃ মাধুৰী কৃষ্ণস্বামীয়ে কয় যে মধ্যপ্ৰদেশত জনজাতীয় লোকৰ বিৰুদ্ধে ইমানেই বেছি অপৰাধৰ ঘটনা ঘটে যে ঘটনাবোৰৰ হিচাপ ৰখাটো টান হৈ পৰে। “কিছুমান শিহৰণকাৰী অপৰাধৰ ঘটনা শাসকীয় পক্ষ”
এইবছৰ জুলাইত ৰাজ্যখনৰ চিধি জিলাৰ এটা হৃদয় জোকাৰি যোৱা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল: পৰ্বেশ শুক্লা নামে এজন মানুহে জনজাতীয় মানুহ এজনৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল। এগৰাকী বিজেপি কৰ্মী শুক্লাক সেই ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল।
কিন্তু ৰাইজৰ ৰোষত পৰিবলগীয়াকৈ ভিডিঅ’ ভাইৰেল নহ’লে আইনে অপৰাধীক ঢুকি পাবলৈ ইমান খৰতকীয়াকৈ কাম নকৰা হয়। “আদিবাসী সম্প্ৰদায়ৰ লোকসকল প্ৰায়ে ইখনৰ পৰা সিখন জিলালৈ যায় বা স্থানচ্যুত হৈ থাকে,” তেওঁ কয়। “সেইটো কাৰণত তেওঁলোক অধিক বিপদাপন্ন হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। তাৰোপৰি আইনে শক্তিশালী আৰু আধিপত্যশীল সম্প্ৰদায়ক তেওঁলোকক দমন কৰাৰ বাবে সুৰুঙা ৰাখি থৈছে।”
নেমাৱাৰত ভাৰতীৰ পৰিয়ালটোৰ গণহত্যাৰ সৈতে তেওঁৰ ভগ্নী ৰূপালীৰ সুৰেন্দ্ৰৰ প্ৰেমজনিত সম্পৰ্কৰ যোগসূত্ৰ থকা বুলি অভিযোগ উত্থাপিত হৈছিল।
তেওঁলোক দুজনৰ সম্পৰ্ক ভালেমান দিন ধৰি চলিছিল, কিন্তু সুৰেন্দ্ৰই আন এগৰাকী মহিলাৰ সৈতে আঙঠি পিন্ধোৱা পৰ্ব ঘোষণা কৰাৰ পিছত তেওঁলোকৰ সম্পৰ্কত যতি পৰে। ৰূপালীৰ বাবে আছিল এয়া এক অভাৱনীয় বাতৰি। “তাইৰ ১৮ বছৰ বয়স হ’লেই সি তাইক বিয়া পাতিব বুলি প্ৰতিশ্ৰুতি দিছিল,” ভাৰতীয়ে কয়। “কিন্তু দৰাচলতে সি সেই সম্পৰ্কত বিচাৰিছিল কেৱল শাৰীৰিক সুখ। তাইক ব্যৱহাৰ কৰি সি আন কাৰোবাক বিয়া পতাৰ সিদ্ধান্ত ল’লে।”
ৰূপালীয়ে সুৰেন্দ্ৰৰ এই প্ৰৱঞ্চনাৰ কথা ছ’চিয়েল মিডিয়াত ফাদিল কৰি দিয়াৰ ভাবুকি দিলে। তেওঁ তাইক খেতিপথাৰলৈ মাতি বিষয়টো মীমাংসা কৰাৰ প্ৰস্তাৱ দিলে। পৱন ৰূপালীৰ সৈতে গৈছিল যদিও তেওঁক সুৰেন্দ্ৰৰ বন্ধু এজনে দূৰতে বাধা দিলে। ৰূপালীৰ বাবে সুৰেন্দ্ৰই এখন জনশূন্য পথাৰত এডাল ৰড হাতত লৈ ৰৈ আছিল, তাই গৈ পোৱা মাত্ৰকে তেওঁ ৰূপালীৰ মূৰত মৰিয়াই তাইক থিতাতে মাৰি পেলায়।
সুৰেন্দ্ৰই তাৰপিছত পৱনক ক’লে যে ৰূপালীয়ে তেওঁক মাৰিবলৈ চেষ্টা কৰিছে আৰু তাইক হস্পিতাললৈ নিব লাগে। ৰূপালীৰ মাক আৰু ভনীয়েক সেই সময়ত ঘৰত আছিল। তেওঁলোকক মাতি আনিবলৈ পৱনক তেওঁ ক’লে। আচলতে ৰূপালীয়ে তেওঁক ভাবুকি দিয়া বুলি জনা পৰিয়ালৰ সকলো সদস্যক তেওঁ হত্যাৰ ষড়যন্ত্ৰ কৰিছিল। এজন এজনকৈ সুৰেন্দ্ৰই আটাইকেইজনকে হত্যা কৰি তেওঁৰ খেতিপথাৰতে পুতি থ’লে। “এটা পৰিয়াল এনেদৰে শেষ কৰি দিয়াৰ এয়া কিবা কাৰণ হ’ল নেকি?” ভাৰতীয়ে হতবাক হৈ প্ৰশ্ন কৰে।
মৃতদেহকেইটা খান্দি উলিওৱাৰ সময়ত ৰূপালী আৰু পূজাৰ গাত কাপোৰ নাছিল। “মোৰ বোধেৰে সিহঁতে দুয়োজনীকে ধৰ্ষণ কৰি উঠি হত্যা কৰিছিল,” ভাৰতীয়ে কয়। “এনেকৈয়ে আমাৰ জীৱন দুৰ্বিসহ হৈ পৰিল।”
এন.চি.আৰ.বি.ৰ শেহতীয়া তথ্য অনুসৰি মধ্যপ্ৰদেশত ২০২১ত ৩৭৬ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে, এদিনত এটাতকৈও অধিক। ইয়াৰে ১৫৪ গৰাকী ভুক্তভোগী আছিল নাবালিক।
“আমাৰ জীৱনবোৰ স্বাচ্ছ্যন্দভৰা নাছিল যদিও আমাৰ পৰিয়াল এটা আছিল, একেলগে আছিলো,” ভাৰতীয়ে কয়। “ইজনে আনজনৰ ভালৰ বাবে কষ্ট কৰি গৈছিলো।”
*****
প্ৰভুত্বশালী সম্প্ৰদায়ৰ লোকে বিভিন্ন কাৰণত জনজাতীয় লোকৰ ওপৰত অত্যাচাৰ-উৎপীড়ন চলায়। ঘাইকৈ মাটিৰ কাৰণে জনজাতীয় লোকৰ ওপৰত অত্যধিক অত্যাচাৰৰ ঘটনা ঘটে। চৰকাৰে জনজাতীয় মানুহক মাটিৰ অধিকাৰ দিলে জমীদাৰ মানুহৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতা কমে, তেনেকৈ গাওঁখনত জমীদাৰ-মহাজনৰ প্ৰভুত্ব দুৰ্বল হৈ পৰাৰ সম্ভাৱনাই দেখা দিয়ে।
২০০২ত দ্বিগবিজয় সিং মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থকা সময়ত প্ৰায় ৩.৫ লাখ ভূমিহীন দলিত আৰু আদিবাসী লোকৰ সবলীকৰণৰ বাবে ভূমিপট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। তাৰে পিছৰ কেইটামান বছৰৰ ভিতৰত কিছুমানে মাটিৰ কাগজো পাইছিল। কিন্তু বেছিভাগ মাটি প্ৰভাৱশালী সম্প্ৰদায়ৰ লোকৰ দখলত থাকিল।
উপান্ত শ্ৰেণীৰ লোকে তেওঁলোকৰ ভূমিৰ অধিকাৰ দাবী কৰি শেহত প্ৰাণ হেৰুৱাবলগীয়া হ’ল।
২০২২ৰ জুনৰ শেষৰ ভাগত প্ৰশাসনে গুনা জিলাৰ ধানোৰিয়া গাঁৱৰ ৰামপ্যাৰি চেহৰীয়াৰ ভাগৰ মাটিখিনি দাগ দিবলৈ গৈছিল। প্ৰশাসনে সীমা নিৰ্ধাৰণ কৰাৰ পিছত তেওঁৰ যেন বহু যুগ ধৰি দেখি থকা সপোন এটা পুৰণ হৈছিল, দুটা দশক ধৰি চেহৰীয়া পৰিয়ালটোৱে মাটিৰ মালিকীস্বত্বৰ বাবে দিয়া যুঁজখনৰ অৱসান ঘটিছিল।
কিন্তু ধাকড় আৰু ব্ৰাহ্মণ সম্প্ৰদায়ৰ দুটা পৰিয়ালে সেই মাটি দখল কৰি আছিল।
২০২২ৰ ২ জুলাই দিনা ৰামপ্যাৰীয়ে তেওঁৰ ৩ একৰ মাটি চাবলৈ গৈছিল, মাটিখিনিৰ গৰাকী হোৱাৰ সুখ তেওঁ অনুভৱ কৰিছিল। কিন্তু খেতিপথাৰ পাই দেখে যে প্ৰভাৱশালী পৰিয়ালদুটাৰ লোকে তাত ট্ৰেক্টৰ চলাই আছে। ৰামপ্যাৰীয়ে হস্তক্ষেপ কৰি তেওঁলোকক সেই ঠাই এৰি যাবলৈ ক’লে। কথাই কথাই তৰ্কাতৰ্কি লাগিল। তাত তেওঁক প্ৰথমে মৰিওৱা হ’ল আৰু শেষত জুই লগাই দিয়া হ’ল।
“ঘটনাটো জানিবলৈ পাই তেওঁৰ গিৰীয়েক অৰ্জুনে ঘটনাস্থলী উধাতু খাই উপস্থিত হয় আৰু দেখে যে তেওঁৰ পত্নী ইতিমধ্যে অগ্নিদগ্ধ হৈছে,” অৰ্জুনৰ খুৰাক ৭০ বৰ্ষীয় যমনলালে কয়। “আমি তেওঁক ততালিকে গুনাৰ জিলা চিকিৎসালয়লৈ লৈ গ’লো। তেওঁৰ অৱস্থা খুবেই জটিল আছিল, সেয়ে তেওঁক ভূপাললৈ ৰেফাৰ কৰি দিয়া হ’ল।”
ছদিন পিছত তেওঁ ঢুকাই থাকিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৬ বছৰ। থাকিল তেওঁৰ গিৰীয়েক আৰু চাৰিটি সন্তান, আটাইকেইটাৰে বিয়া হৈছে।
চেহৰীয়া জনজাতিৰ পৰিয়ালটোৱে দিনহাজিৰ কৰি পেট প্ৰৱৰ্তাইছিল। “আমাৰ আন কোনো উপাৰ্জনৰ উৎস নাছিল,” ধানোৰিয়াত ছয়াবিনৰ খেতি চপোৱা কাম কৰি থকাৰ মাজতে যমনলালে কয়। “শেষত যেতিয়া মাটিখিনি পালো, তেতিয়া ভাবিলো যে নিজে খাবলৈ বুলি অকণমান খেতি কৰিব পাৰিম।”
সেই ঘটনাৰ পিছত ৰামপ্যাৰীৰ পৰিয়ালে ধানোৰিয়া গাওঁ ভয়তে এৰিছে। যমনলাল সেইখন গাঁৱতে থাকে, কিন্তু তেওঁলোক ক’ত আছে, সেই ঠিকনা নকয়। “আমাৰ এই গাঁৱতে জন্ম, ইয়াতেই ডাঙৰ-দীঘল হৈছো,” তেওঁ কয়। “কিন্তু মইহে ইয়াত জাহ যাম। অৰ্জুন আৰু তেওঁৰ দেউতাকৰ কথা নাজানো, কেতিয়া তেওঁলোক উভতিব।”
ৰামপ্যাৰীৰ হত্যাৰ গোচৰত পাঁচজন লোকক অভিযুক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে বিষযটোত হস্তক্ষেপ কৰি অপৰাধীকেইজনক গ্ৰেপ্তাৰ কৰিছে।
*****
অত্যাচাৰৰ সন্মুখীন হ’লে ভুক্তভোগীয়ে ৰাজ্যৰ ন্যায়ব্যৱস্থাৰ ওচৰত হাত পাতে। কিন্তু চৈন সিঙৰ ঘটনাটোত ৰাজ্য ব্যৱস্থাইহে তেওঁক মাৰিলে।
২০২২ৰ আগষ্টত চৈন সিং আৰু তেওঁৰ ভাতৃ মহেন্দ্ৰ সিঙে মধ্যপ্ৰদেশৰ বিদিশা জিলাৰ নিজ গাওঁ ৰায়পুৰাৰ হাবি এখনৰ পৰা বাইকেৰে উভতিছিল। “ঘৰৰ কামৰ বাবে আমাক কাঠ লগা আছিল,” মহেন্দ্ৰই (২০) কয়। “মোৰ ভাইটোৱে বাইকখন চলাইছিল, মই পিছফালে বহি আমি সংগ্ৰহ কৰা কাঠখিনি ভাৰসাম্য ৰাখই আহি আছিলো।”
ৰায়পুৰাখন বিদিশা জিলাৰ ঘন অৰণ্যৰ গাতে লাগি আছে। সূৰ্যাস্তৰ পিছত অঞ্চলটো ঘোৰ অন্ধকাৰ হৈ পৰে। ষ্ট্ৰীট লাইটো নাছিল। দুয়োজনে কেৱল বাইকৰ হেডলাইটৰ পোহৰেৰে গৈ আছিল।
হাবিৰ ওখোৰা-মোখোৰা ৰাস্তা পাৰ হোৱাৰ পিছত ভিল আদিবাসী সম্প্ৰদায়ৰ চৈন সিং আৰু মহেন্দ্ৰ আহি মূল ৰাস্তাত উঠিল। উঠিয়েই দেখিলে যে বনৰক্ষীেৰে ভৰ্তি দুখন জীপ তেওঁলোকৰ সন্মুখত। হেডলাইটৰ পোহৰ পোনে পোনে সেই জীপখনত পৰিছিল।
“মোৰ ভাইটোৱে ততালিকে বাইকখন ৰখালে,” মহেন্দ্ৰই কয়। “কিন্তু তেতিয়াই এজন বনৰক্ষীে আমালৈ গুলিচালনা কৰিলে। আমাৰ ফালৰ পৰা একো আগ্ৰাসন নাছিল। আমি কেৱল কাঠ কঢ়িয়াই আনিছিলো।”
চৈন সিঙৰ (৩০) থিতাতে মৃত্যু হয়। তেওঁ বাইকখনৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই তাতেই পৰি যায়। পিছফালে বহি থকা মহেন্দ্ৰও আঘাতপ্ৰাপ্ত হৈছিল। তেওঁলোকে সংগ্ৰহ কৰা কাঠখিনি বাইকখনৰ লগতে তাত পৰি যায় আৰু মহেন্দ্ৰ মূৰ্চ্ছা যায়। “ময়ো মৰিম যেন লাগিছিল। এনে লাগিছিল যেন আকাশত ভাঁহি আছো,” মহেন্দ্ৰই কয়। দ্বিতীয় দিনা হস্পিতালতহে তেওঁৰ সংজ্ঞা ঘুৰি আহিছিল।
বিদিশাৰ জিলা বন বিষয়া ওমকাৰ মাচকোলেয়ে কয় যে ঘটনাটো সন্দৰ্ভত ন্যায়িক অনুসন্ধান চলি আছে। “অভিযুক্তজনক নিলম্বন কৰা হৈছিল যদিও এতিয়া পুনৰ সেৱাত উভতি আহিছে,” তেওঁ কয়। “এবাৰ ন্যায়িক অনুসন্ধানৰ প্ৰতিবেদন দাখইল কৰাৰ পিছত আমি যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিম।”
ভায়েকক মৰাৰ কাৰণে বনাঞ্চলিক বিষয়াজনক যে কিবা শাস্তি দিয়া হ’ব, সেই লৈ মহেন্দ্ৰৰ সন্দেহ আছে। “তেওঁ যি কৰিলে, তাৰ বাবে তেওঁ শাস্তি পাওক। নহলে সমাজে কি বুজিব? যে জনজাতীয় মানুহ এটাক এনেয়ে মাৰি পেলাব পাৰি। আমাৰ জীৱনবোৰৰ একো মূল্য নাই?”
ঘটনাটোৱে চৈন সিঙৰ পৰিয়ালটোক মৰ্মাহত কৰি তোলে। সেই দুই ভাতৃয়ে আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী। মহেন্দ্ৰই এতিয়া এবছৰ পিছতো লেঙেৰাই খোজ কাঢ়ে। “মোৰ ভাইটো নাই, ময়ো ইফালে ভৰিখনৰ আঘাতৰ বাবে বেছি কাম কৰিব নোৱাৰো,” তেওঁ কয়। “তেওঁ চাৰিটা কণ কণ সন্তানক কোনে চাব? আমাৰ এক একৰ খেতিমাটি আছে, তাত আমি ঘৰৰ বাবে চানাৰ খেতি কৰো। কিন্তু বছৰটোত ক’বলৈ গ’লে এটা টকাও নাহে।”
*****
ভাৰতীয়ে সেই ঘটনাৰ পিছৰ পৰা একো উপাৰ্জনৰ বাট উলিয়াব পৰা নাই।
পৰিয়ালটো এনেকৈ নিৰ্মমভাৱে হত্যাৰ ঘটনাৰ পিছত ভাৰতীয়ে পিতৃ মোহনলাল আৰু ডাঙৰ ভাতৃ সন্তোষৰ সৈতে গাওঁ এৰি গুছি আহিছে। “তাত আমাৰ খেতিমাটি নাই, কেৱল আমাৰ পৰিয়ালটো আছিল,” তেওঁ কয়। “এতিয়া যিহেতু পৰিয়ালটোৱেই নাই, তাত থকাৰ প্ৰশ্নও নাহে। তাত থাকিলে সিহঁতলৈ বৰকৈ মনত পৰে, তাত সুৰক্ষিত যেনো নালাগে।”
মোহনলাল আৰু সন্তোষৰ সৈতে মনোমালিন্য ঘটাৰ পিছৰে পৰা ভাৰতী তেওঁলোকৰ লগত নাথাকে। “মই ইন্দোৰত সম্পৰ্কীয়ৰ ঘৰত থাকো, তেওঁলোক থাকে পিথামপুৰত,” তেওঁ কয়। “মোৰ পিতৃ আৰু ভাতৃয়ে গোচৰ উঠাই লৈ সকলো নতুনকৈ আৰম্ভ কৰিব বিচাৰে। সিহঁতে কিজানি ভয় খাইছে। কিন্তু মোৰ পৰিয়ালক এনেকৈ হত্যা কৰা মানুহখিনিয়ে শাস্তি পোৱাটো মই নিশ্চিত কৰিব বিচাৰো। বিচাৰ নোহোৱাকৈ মই কেনেকৈ নতুনকৈ সকলো আৰম্ভ কৰিব পাৰো?” তেওঁ প্ৰশ্ন কৰে।
ৰূপালীয়ে ডাক্তৰ হোৱাৰ সপোন দেখিছিল। পৱনে সেনাত ভৰ্তি হ’ব খুজিছিল। নিজৰ ভাই-ভনীহঁতে দিনৰ দুসাজ খাব পোৱাটো নিশ্চিত কৰিবলৈ আনকি ৰাস্তাত ভিক্ষাও খুজিছিল, এতিয়া তেওঁ ন্যায়ৰ বাদে আন একো নিবিচাৰে।
২০২২ৰ জানুৱাৰীত তেওঁ নেমাৱাৰৰ পৰা ভূপাললৈ অকলে এক ‘ন্যায় যাত্ৰা’ কৰে। ডেৰশ কিলোমিটাৰ জোৰা এই যাত্ৰা এসপ্তাহ চলিছিল। বিৰোধী দল কংগ্ৰেছে এই যাত্ৰালৈ সমৰ্থন আগবঢ়াইছিল। কিন্তু এই যাত্ৰাত মোহনলাল আৰু সন্তোষ উপস্থিত নাছিল। “সিহঁত দুজনে মোৰ সৈতে বেছি কথা নাপাতে,” তেওঁ দুখ কৰি কয়। “মই কেনে আছো সেয়াও সিহঁতে নোসোধে।”
মধ্যপ্ৰদেশ চৰকাৰে ভুক্তভোগী পৰিয়ালটোলৈ ৪১ লাখ টকাৰ সাহায্য আগবঢ়াইছিল। সেই ধনৰাশি ভাৰতী, মোহনলাল আৰু সন্তোষ আৰু তাইৰ খুৰাকৰ পৰিয়ালটোৰ মাজত তিনিভাগ হৈছিল। এতিয়া সেই পইচাৰে তেওঁ চলি আছে। কামত মন বহুৱাব নোৱাৰাৰ বাবে তেওঁ কাম হেৰুৱালে। ঘটনাটোৰ বাবে আধৰুৱা হৈ ৰোৱা শিক্ষা তেওঁ সম্পূৰ্ণ কৰিবলৈ খোজে যদিও গোচৰটোৰ মীমাংসা হোৱালৈকে তেওঁ বাট চাই ৰৈছে।
ভাৰতীয়ে ভয় কৰে যে সুৰেন্দ্ৰৰ বিৰুদ্ধে থকা গোচৰটো সুৰেন্দ্ৰৰ ৰাজনৈতিক চা-চিনাকি থকা সূত্ৰে প্ৰভাৱান্বিত হ’ব পাৰে। তেওঁ সেয়ে বিশ্বাসযোগ্য আৰু পইচাৰে মিলা উকীল ধৰিছে। যোৱা দুটা বছৰত ভাৰতীৰ জীৱনত সকলো সলনি হৈ গৈছে, এটাই কথা সলনি হোৱা নাই - সেয়া হৈছে পৰিয়ালটোৰ বাবে তেওঁৰ চিন্তা।
অনুবাদ: পংকজ দাস