প্ৰথমবাৰ তেখেতৰ লগত পৰিচয় কৰাই দিওঁতে তেওঁৰ নামতো শুনি ভাবিছিলো যে এইটো কি ধৰণৰ নাম। ই কোনোমতে শুদ্ধ হ’ব নোৱাৰে। হিন্দীত লড়াইতি শব্দটোৰ অৰ্থ হ’ল কাজিয়া কৰি ফুৰা মহিলা। মই কিন্তু তেওঁক প্ৰথমবাৰ দেখিয়েই গম পাইছিলো যে তেওঁ এগৰাকী প্ৰবল আত্মবিশ্বাসী আৰু সংগ্ৰামী নাৰী। তাতোকৈ ডাঙৰ কথা, নিজৰ দুৰ্বলতাসমূহো তেওঁ ভালদৰেই জানে আৰু সেয়া মানি লবলৈও প্ৰস্তুত।

দুটা ৰূমৰ ঘৰটোৰ বাৰান্দাখনতে বহিবলৈ তেওঁ মোক এখন চকী আগবঢ়াই দিলে। পিছে তেওঁ নিজে নবহা দেখি মই তেওঁক বুজালো যে দুজন ব্যক্তিয়ে ভালদৰে কথা-বতৰা পাতিবলৈ সমভাবে বহাতো দৰকাৰী। মোৰ কথাখিনি বুজি পাই তেওঁ নিজৰ কাৰণেও এখন চকী উলিয়াই ল’লে তেতিয়া।

মই বৰ্তমান আছো উত্তৰাখণ্ডৰ সলমাতা গাঁওত। প্ৰায় ১১২ ঘৰ মানুহে বাস কৰা এই গাঁওখন উত্তৰাখণ্ডৰ উধম সিং নগৰৰ চিতাৰগঞ্জ খণ্ডৰ অৰ্ন্তগত। উত্তৰাখণ্ডৰ সৰ্ববৃহৎ জনগোষ্ঠী ঠাৰুছসকলৰ প্ৰতিপত্তিৰ পৰা সলমাতা গাঁওখনো সাৰি যাব পৰা নাই। কিংবদন্তি অনুসৰি আকৌ ঠাৰুছসকলৰ পূৰ্বপুৰুষ ৰাজপুতসকলৰ বংশোদ্ভৱ আছিল। লড়াইতি দেৱীয়ো এগৰাকী ঠাৰু সম্প্ৰদায়ৰে মহিলা আৰু মই ইতিমধ্যেই তেওঁৰ বিষয়ে স্থানীয় মহিলাসকলৰ মুখৰ পৰা বহুত প্ৰশংসা শুনিবলৈ পাইছো। সেইকাৰণে তেওঁৰ বিষয়ে ভালদৰে জানিবলৈ মোৰ বহুত মন গৈ আছে।

নিজৰ জীৱনৰ বিষয়ে ক’বলৈ তেওঁ মোক ২০০২ চনলৈকে লৈ গ’ল - “সেই সময়ত মই একোৱে নাছিলো। সমাজৰ আন বৈশিষ্ট্যতাহীন মহিলাসকলৰ মাজৰে এগৰাকী আছিলো। কিন্তু এটা সময়ত জীৱনলৈ এনে কিছুমান ব্যক্তিৰ আগমন ঘটিল, যিসকলে মোক জীৱনটো বেলেগ ধৰণে গঢ়িবলৈ সঠিক দিশ দেখুৱালে। তেওঁলোকে সমাজত আমাৰ দৰে মহিলাসকলৰ স্থিতি সবল কৰিবলৈ এটা গোট খোলাৰ প্ৰস্তাৱ দিলে। য’ত হয়তো আমি ইচ্ছা কৰিলে কিছু ধনো সঞ্চয় কৰিব পাৰিম।”

PHOTO • Puja Awasthi

কেইবা বছৰৰ অভিজ্ঞতাৰ পৰা মই বুজি পাওঁ যে গ্ৰাম্যাঞ্চলসমূহত এই আত্ম-সহায়ক গোটবোৰ মহিলা সবলীকৰণৰ এক প্ৰমাণসাধ্য মাধ্যম। পিছে সদায় এই উদ্দেশ্য সাধন নহ’বও পাৰে। লড়াইতি দেৱীয়ে তেওঁৰ গোটতোক ’একতা’ নাম দিছিল আৰু ইয়াৰ আৰম্ভণি খুব ভালকৈয়ে হৈছিল। কিন্তু পিছলৈ গোটৰ সদস্যবোৰৰ মাজত ঈৰ্ষা আৰু ভুল বুজাবুজিৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত তেওঁলোকৰ গোটতো ভাঙি যায়।

তেওঁ মোক চেপা কণ্ঠেৰে ক’লে “মই অৱশ্যে খুব ভালদৰেই জানো আমাৰ গোটটো কি কাৰণে ভাঙি গৈছিল। এই মতা মানুহখিনিৰ কাৰণেই সকলো শেষ হৈ গৈছিল। কাৰণ আমি একেলগে কাম কৰাতো তেওঁলোকে মুঠেই ভাল পোৱা নাছিল। আৰু এয়াতো আজিৰ কথাতো নহয়, যুগ যুগ ধৰি আমাৰ সমাজখনত এয়াই চলি আছে। তেওঁলোকে মদ খাব আৰু তাচ খেলিব। আৰু সেই বোজা আমি গোটেই জীৱনতো বহন কৰি থাকিব লাগে।”

লড়াইতি দেৱীৰ গিৰিয়েক ৰাম নৰেশেই তেওঁৰ কামক লৈ ক্ষোভিত হৈ পৰিছিল। তেওঁ মাজে মাজে সুধিছিল হেনো, “তুমি নিজকে নেতা বুলি ভাবা নেকি?” মোৰ শহুৰৰ মতে মইতো তেওঁলোকৰ পৰিয়ালৰ মান-সন্মান শেষ কৰি দিলো। কাৰণ পৰিয়ালটোৰ বাকীবোৰ মহিলাৰ দৰে নহ’লো যে মই।”

তেতিয়ালৈকে লড়াইতি দেৱী দুজনী ছোৱালী আৰু এটা ল’ৰাৰ মাতৃ হৈ পৰিছিল। এটা কথা তেওঁ খুব ভালদৰেই বুজি উঠিছিল যে যদি তেওঁ নিজৰ হৈ মাত নমতাকৈ থাকে, তেন্তে তেওঁৰ ল’ৰা-ছোৱালী কেইটাৰ ভৱিষ্যত অন্ধকাৰ। কাৰণ তেওঁলোকৰ ভাগৰ অকণমানি মাটি টুকুৰাত খেতি কৰি যি নামমাত্ৰ উপাৰ্জন হয়, সেয়া আচলতে সমস্ত ঘৰখন ভালদৰে চলিবলৈ যথেষ্ট নহয়। সেইকাৰণে তেওঁ অতিৰিক্ত ধন ঘটিবলৈ বেলেগ বেলেগ কামত হাত দিয়ে। এবাৰ তেওঁ মনে মনে দিনজোৰা ছাগলী-পালন কৰাৰ এটা প্ৰশিক্ষণ ল’বলৈও গৈছিল, কিন্তু এইবোৰ কোনো কামত নাহিল। তেওঁ সেই কথাবোৰ মনত কৰি কৰি মোক ক’লে, “এইবোৰ ভাবি ভাবি চিন্তাতে মোৰ ৰাতি টোপনি নহা হৈ গৈছিল। মোৰ মনত মাত্ৰ এটাই চিন্তা ঘূৰি থাকে যে মোৰ ল’ৰা-ছোৱালী কেইটাই যেন মোৰ দৰে এটা জীৱন কটাব নালাগে।”

পিছে এদিন গাঁৱৰ এগৰাকী মহিলাৰ আগত লড়াইতি দেৱীয়ে নিজৰ দুঃশ্চিন্তাৰ বিষয়ে কৈ থাকোতে তেওঁ এটা সুন্দৰ উপায় দিলে। ঠাৰুছসকলে অতি মূল্যবান সম্পদ হিচাপে গণ্য কৰা এবিধ বিশেষ বস্তু আছে আৰু সেয়া হ’ল ড’ৰি (দলিচা)। এই দলিচাবোৰ তেওঁলোকৰ বাবে ইমান আদৰৰ যে কাৰোবাৰ বিবাহ অনুষ্ঠানতো সেয়া উপহাৰ স্বৰূপে দিয়াৰ দেখা যায়। সেইকাৰণে সেই মহিলাগৰাকীয়ে লড়াইতিক দলিচা ববলৈ উৎসাহিত কৰিলে। তাৰ বাবে তেওঁক কেৱল কিছুমান ফটা শাৰীৰ টুকুৰা, পিন্ধিবলৈ এৰা চ্যুটৰ কাপোৰ, অসংখ্য অব্যৱহাৰযোগ্য কাপোৰৰ টুকুৰাৰ প্ৰয়োজন হ’ব।

কিন্তু সেই কাম কৰিবলৈ শহুৰেকৰ ঘৰৰ মানুহখিনিক মান্তি কৰোৱাতোহে টান কাম আছিল। পিছে তেওঁলোক মান্তি হৈছিল এই ভাবি যে যিহেতু দলিচা বোৱা কামতো তেওঁ ঘৰতেই কৰিব, গতিকে এতিয়াৰ পৰা ঘৰৰ বাহিৰলৈ যোৱাটো বন্ধ হ’ব। কাম কৰাৰ অনুমতি লাভ কৰাৰ পাছত তেওঁৰ দ্বিতীয়তো চিন্তা হ’ল এখন বয়নশালৰ যোগাৰ কৰা। তেতিয়ালৈ অৰ্থাৎ ২০০৮ চনলৈকে লড়াইতি দেৱীয়ে ইতিমধ্যে বিভিন্ন চৰকাৰী-বেচৰকাৰী আঁচনিসমূহৰ জৰিয়তে কেনেদৰে ঋণ লৈ কাম কৰিব পাৰি জনা হৈ পৰিছিল। ইয়াৰ উপৰিও তেওঁ দলিচা-বয়ন কাৰ্য্যৰ লগত জড়িত হৈ থকা এটা প্ৰতিষ্ঠানৰ পৰা এটা প্ৰশিক্ষণো লৈছিল।

PHOTO • Puja Awasthi

তেওঁ প্ৰথমতে কাম বিচাৰি গোটেই গাঁওখনতে ঘূৰি ফুৰিছিল। ইমানবোৰ ঘৰুৱা কাম-কাজৰ মাজতো সময় উলিয়াই লড়াইতিয়ে দলিচাৰ পটি বনাবলৈ যথাযথ যোগাৰ কৰা কাপোৰবোৰ জোখ মতে ফালি, ভাগ ভাগ কৰি মিলাই লৈহে একেবাৰে বয়নশালত বহে। তেওঁ মনৰ আনন্দতে মোক ক’লে, “শালখনৰ শব্দবোৰে যেন এক সংগীতৰ মূৰ্ছনাৰহে সৃষ্টি কৰে। আৰু সেই শব্দৰ তালে তালে মই গীতৰ কলি গুণ-গুণাই থাকো জানা।” দলিচা বয়নত লড়াইতিৰ হাতৰ আঙুলিত যে একধৰণৰ যাদু আছে, সেই বিষয়ে আন মানুহেও গম পাব ধৰিলে লাহে লাহে। পিছলৈ সকলো মানুহেই একেমুখে স্বীকাৰ কৰে যে তেওঁ বোৱা দলিচাসমূহ অনন্য আৰু ইয়াৰে আটাইতকৈ আকৰ্ষণীয় উপাদান হ’ল এইবোৰ বনাওতে ব্যৱহাৰ কৰা ৰঙসমূহ। তেওঁৰ দলিচাৰ ৰঙবোৰৰ যেন কথা কব পৰা ক্ষমতা আছিল। ইয়াৰ উপৰিও তেওঁ বেলেগ ধৰণে ডিজাইন কৰা সুন্দৰ সুন্দৰ দলিচাবোৰ দেখিলে মানুহৰ মুখত প্ৰশান্তিৰ হাঁহি বিৰিঙি উঠে। মানুহে তেওঁৰ কাম ভাল পোৱা কাৰণে তেওঁৰ ব্যৱসায় বহু দূৰলৈ প্ৰসাৰিত হ’ল। চুবুৰীয়া খাতিমা চহৰৰ পৰাও দলিচা বনোৱাৰ অৰ্ডাৰ আহিব ধৰিলে। ঘৈণীয়েকৰ কামৰ ইমান সমাদৰ দেখি ৰাম নৰেশৰ অশান্তিও কিছু দূৰ হ’ল।

বৰ্তমান তেওঁক এখন দলিচাৰ কাম সম্পূৰ্ণ কৰিবলৈ দুদিন সময় লাগে। অতি অনাড়ম্বৰ বা জাক-জমকতাহীনকৈ বনোৱা এখন দলিচাৰ বিক্ৰীমূল্য ৪০০ টকা। আনহাতে অলপ জটিলতাভৰা কাৰুকাৰ্য্য থকা এখন দলিচাৰ মূল্য ৮০০ টকা পৰ্যন্ত হয়। এই দলিচাবোৰ বিক্ৰী কৰি তেওঁ মাহেকত প্ৰায় ৮০০০ মান টকা উপাৰ্জন কৰে। আনহাতে ঘৰৰ মাটিখিনিত খেতি কৰিও বছৰি প্ৰায় ৩ ৰ পৰা ৫ লাখ টকা পৰ্যন্ত উপাৰ্জন হয়। আৰু ইয়াতে আটাইতকৈ ডাঙৰ কথা হ’ল তেওঁলোকে একমাত্ৰ জৈৱিক পদ্ধতিৰ সহায়তেই খেতি কৰে। এই ক্ষেত্ৰতো লড়াইতিয়ে আগভাগ লৈ খুব সুন্দৰকৈ কিদৰে জৈৱিক পদ্ধতিৰে খেতি কৰিব লাগে শিকি-বুজি লৈছে আৰু সেয়া কাৰ্য্যকাৰীও কৰিছে। দিনে ইমানবোৰ কামত ব্যস্ত থাকিব লগা হোৱাৰ ফলত তেওঁৰ বহুত কষ্টও হয়। তেওঁ ৰাতিপুৱা ৫ টা বজাতে উঠে আৰু দিনতোৰ কাম শেষ কৰি আজৰি হওঁতে কেতিয়াবা ৰাতি ১০ টা মানো বাজি যায়।

PHOTO • Puja Awasthi

যোৱা ইমান বছৰ ধৰি তেওঁ যুদ্ধই কৰি আছে। তাৰে কিছুমান যুদ্ধত তেওঁ বিজয়ী হৈছে আৰু কিছুমানত পৰাজিতও হৈছে। লড়াইতিৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰাপ্তি হ’ল আগতে বন্ধ হৈ যোৱা আত্ম-সহায়ক গোটতো পুনঃ সক্ৰিয়কৰণ কৰাত সাফল্য লাভ কৰাতো। এতিয়া সেই গোটতোৰ জৰিয়তে তেওঁলোকে ৩ লাখতকৈও অধিক টকা সন্মিলিতভাবে সঞ্চয় কৰাৰ সুবিধা পাইছে। লড়াইতিয়ে তাৰ পৰা ঋণ লৈ ল’ৰা-ছোৱালী কেইটাক পঢ়ুৱাই থকাৰ লগতে ঘৰৰ কৃষি পামখনৰো কাম কৰি আছে। ওচৰ-চুবুৰীয়া গাঁওবোৰৰ পৰা বহুতো মহিলাই তেওঁৰ পৰামৰ্শও বিচাৰি আহে কেতিয়াবা। দুবছৰ আগতে এই মহিলাখিনিয়ে একেলগে মদৰ ব্যৱসায় বন্ধ কৰাৰ দাবি জনাই প্ৰতিবাদো কৰিছিল। কাৰণ মদে একো একোখন ঘৰ ধ্বংস কৰাৰ দৃষ্টান্ত আছে। পিছে পৰিতাপৰ কথাতো হ’ল লড়াইতিৰ গিৰিয়েকেই সেই দাবীৰ বিৰোধিতা কৰিছিল। এটা হুমুনিয়াহ কাঢ়ি তেওঁ মোক ক’লে, “সেই সময়ত মই বহুত লাজ পাইছিলো। ইমান বছৰৰ পাছতো মোৰ নিজৰ স্বামীয়েই মোক কোনো মূল্য নিদিয়ে।”

জীৱনৰ চল্লিছটা বছৰ এনেদৰে পাৰ কৰা লড়াইতিয়ে এতিয়া সেইবোৰ চিন্তা কৰিবলৈ এৰি দিলে বুলিয়ে মোক ক’লে - ”জীৱনত সকলো কাম কৰাতো সম্ভৱ নহয় দিয়া। আৰু সকলো কাম কৰিবলৈ চেষ্টাও কৰিব নালাগে আচলতে।”

PHOTO • Puja Awasthi

কিন্তু তেওঁৰ ডাঙৰজনী ছোৱালীক বিজ্ঞান শাখাত পঢ়ুৱাব নোৱাৰা কথাটোৱে তেওঁক বহুত দুখ দিয়ে। তেওঁ মোক সুধিলে “আজিকালি বি.এ. কোনে পঢ়ে কোৱা ?” পিছে এবাৰ হেনো তাই মাকক তেওঁৰ আধৰুৱা শিক্ষাৰ বিষয়ে মনত পেলাই ঠাট্টা কৰিছিল (তেওঁ অষ্টম শ্ৰেণীলৈহে পঢ়া)। জীয়েকৰ এনেকুৱা মস্কৰাৰ পাছত মাকে এই বিষয়ে তাইক একো নোকোৱাটোৱে ঠিক কৰিলে।

মই লড়াইতিক ক’লো যে তেওঁ কৰা কামবোৰ সহজ বিধৰ নহয়। তেওঁ যি কৰি আছে তাৰ কাৰণে বহুত সাহসৰ প্ৰয়োজন আৰু তেওঁৰ সাহসে আনকো অনুপ্ৰাণিত কৰে। মই তেওঁক ক’লো যেতিয়া মই পিছত আকৌ এইখন গাঁৱলৈ আহিম, তেতিয়া মোৰ জীৱনৰ সংগ্ৰামৰ বিষয়ে কথা পাতিম।

তাৰ পৰা ওলাই অহাৰ আগতে মই কিন্তু তেওঁৰ নামতো কেনেদৰে লড়াইতি হ’ল সেয়া নোসোধাকৈ থাকিব নোৱাৰিলো। তেওঁ ডাঙৰকৈ হাঁহি এটা মাৰি ক’লে, “তুমি হয়তো নাজানা আজিৰ পৰা কেবাবছৰো পূৰ্বে যেতিয়া মই নিজৰ মূল্য বুজি পোৱা হৈছিলো, তেতিয়া কোনোবাই মোক সুনয়না (ধূনীয়া চকুৰ গৰাকী) বুলি এটা সুন্দৰ নাম দি মাতিছিল। তেতিয়াৰ পৰাই মই বিশ্বাস কৰো যে সেই নামটো কেৱল মোৰ কাৰণেই ৰখা হৈছে আৰু মই নিজকে সদায় সুনয়না হিচাপেই মনত ৰাখিম।”

তেওঁৰ কথা শুনি আনন্দতে মই তেওঁক আঁকোৱালি লৈ তাৰ পৰা ওলাই আহিলো।

অনুবাদ: ডেইটী

Puja Awasthi

লখনউ নিবাসী পূজা অবস্থী ছাপা এবং বৈদ্যুতিন মাধ্যমে স্বাধীনভাবে কর্মরত সাংবাদিক এবং একজন উঠতি ফটোগ্রাফার। তিনি যোগাভ্যাস, ভ্রমণ এবং হাতে তৈরি জিনিসপত্র ভালোবাসেন।

Other stories by Puja Awasthi
Translator : Deity

Deity is a translator and writer from Guwahati. She wants to live like a free bird.

Other stories by Deity