চিমেণ্ট চে জংঘলত জলেলে আহি (কংক্ৰিটৰ হাবি যেন হৈ পৰিছে),” ক’লহাপুৰ জিলাৰ উচ্চগাওঁ গাঁৱৰ খেতিয়ক সঞ্জয় চৱনে কয়। যোৱাটো দশকত উচ্চগাঁৱত কাৰখানা আৰু উদ্যোগেৰে ভৰি পৰিছে, তাৰ বিপৰীতে ভূ-জলৰ স্তৰ লক্ষণীয় হাৰত হ্ৰাস পাইছে।

“আমাৰ কুঁৱাবোৰ শুকাই গ’ল,” ৪৮ বৰ্ষীয় খেতিয়কজনে কয়।

ক’লহাপুৰ, চাংলি, সাতাৰা আদিকে ধৰি মহাৰাষ্ট্ৰৰ বিভিন্ন অংশত প্ৰায় ১৪ শতাংশ কুঁৱাৰ জলস্তৰ শুকাই গৈছে, এয়া মহাৰাষ্ট্ৰৰ গ্ৰাউণ্ড ৱাটাৰ ইয়েৰবুক (২০১৯)ৰ তথ্য। যোৱা দুটা দশকত কুঁৱাৰ গঢ় গভীৰতা ৩০ ফুটৰ পৰা ৬০ ফুট হৈছে, নলীনাদ খন্দা ঠিকাদাৰ ৰতন ৰাথোড়ে কয়।

উচ্চগাঁৱৰ প্ৰতিঘৰতে ব’ৰৱেল আছে, সঞ্জয়ে কয়, সেই ব’ৰৱেলে ভূ-জলৰ সিংহভাগ পানী টানি লয়। “বিশ বছৰ আগতে উচ্চগাঁৱত ১৫-২০ টা মানহে ব’ৰেৱেল আছিল। এতিয়া ৭০০-৮০০ৰ কম নহ’ব,” উচ্চগাঁৱৰ প্ৰাক্তন উপ-সৰপঞ্চ মধুকৰ চৱনে কয়।

উচ্চগাঁৱত দৈনিক পানীৰ চাহিদা ২৫ৰ পৰা ৩০ লাখ লিটাৰ, কিন্তু “[…] গাওঁখনত প্ৰতিদিনে ১০ৰ পৰা ১২ লাখ লিটাৰ পানীহে পাইছে, তাকো এদিন এৰি এদিন,” মধুকৰে কয়। এনেকৈ চলিলে গাওঁখনত এদিন ভয়ংকৰ জলসংকটে দেখা দিব পাৰে বুলি তেওঁ কয়।

ভূ-জলৰ স্তৰ কমি অহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা খেতিয়কক কেন্দ্ৰ কৰি এইখন চুটিছবি নিৰ্মাণ কৰা হৈছে।

ছবিখন চাওক: পানীৰ সন্ধানত

অনুবাদ: পংকজ দাস

Jaysing Chavan

জয়সিং চভন কোলাপুর-কেন্দ্রিক ফ্রিলান্স ফটোগ্রাফার ও চিত্রনির্মাতা।

Other stories by Jaysing Chavan
Text Editor : Siddhita Sonavane

সিদ্ধিতা সোনাভানে একজন সাংবাদিক ও পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার কন্টেন্ট সম্পাদক। তিনি ২০২২ সালে মুম্বইয়ের এসএনডিটি উইমেনস্ ইউনিভার্সিটি থেকে স্নাতকোত্তর হওয়ার পর সেখানেই ইংরেজি বিভাগে ভিজিটিং ফ্যাকাল্টি হিসেবে যুক্ত আছেন।

Other stories by Siddhita Sonavane
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das