শৈলা নৃত্য চত্তীশগড়ৰ সৰগুজা আৰু জছপুৰ জিলাৰ অতি জনপ্ৰিয় লোকনৃত্য। ৰাজৱাড়ে, যাদৱ, নাইক, মানিকপুৰি সম্প্ৰদায়ৰ লোকে এই নৃত্য প্ৰদৰ্শন কৰে। “ছেত উচৱৰ দিনটোৰ পৰা আমাৰ নচা পৰ্ব আৰম্ভ হয়। চত্তীশগড় আৰু ওড়িশাৰ আন অঞ্চলত এই উচৱক চ্চেৰচ্চেৰা বুলিও কোৱা হয়,” সৰগুজা জিলাৰ লাহপাত্ৰাৰ কৃষ্ণ কুমাৰ ৰাজৱাড়েয়ে কয়।
চত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত ৰাজ্য চৰকাৰৰ দ্বাৰ আয়োজিত হস্তশিল্পৰ এক মেলাত শৈলা নৃত্যশিল্পীৰ ১৫ জনীয়া দলটোৱে লোকনৃত্যবিধ প্ৰদৰ্শন কৰিবলৈ আহিছে। কৃষ্ণ কুমাৰ তেওঁলোকৰ মাজৰে এজন।
মূৰত সুসজ্জিত পাগুৰি, তাতে গুজি লোৱা ৰঙীন ফুল, হাতত মাৰি, গাত চিকমিকাই থকা ৰঙীন পোচাকেৰে এই নৃত্যত ৰং আৰু আনন্দৰ সমাহাৰ ঘটে। লোকনৃত্যবিধত ব্যৱহৃত বাদ্যযন্ত্ৰসমূহ হৈছে মুৰুলী, মন্দৰ, মাহুৰি আৰু ঝাল।
কেৱল পুৰুষে এই নৃত্য প্ৰদৰ্শন কৰে আৰু পোচাকত ময়ুৰৰ পাখি গুজি লয়, যেন ময়ুৰ পংখীয়েও এই নাচত ভাগ লৈছে।
চত্তীশগড়খন জনজাতীয় মানুহেৰে ভৰি আছে। প্ৰায়ভাগ লোকেই খেতি-বাতি কৰে আৰু তেওঁলোকৰ নৃত্য-গীত আৰু সংগীতত সেয়া প্ৰতিফলিত হয়। শস্য চপোৱাৰ পিছত গাঁৱৰ মানুহে গাওঁখনৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ নাচি-বাগি ঘূৰি ফুৰে।
অনুবাদ: পংকজ দাস