“চিক্স পেক এবচ্ এনেই আহি গ’ল, কেতিয়াও ব্যায়াম কৰি পোৱা নাই। তাতকৈ শ্বাহবাজৰ বাইচেপচ চাওকচোন!” ডেকা আদিলে তেওঁৰ সহকৰ্মীলৈ আঙুলিয়াই ৰগৰ কৰি কয়।
মহম্মদ আদিল আৰু শ্বাহবাজ আনছাৰি মীৰাটৰ জিম আৰু ফিটনেচ সঁজুলিৰ উদ্যোগত কাম কৰে আৰু জিমলৈ যোৱা এজন লোকে সপ্তাহত যিমানখিনি ওজন দাঙে, তাতোকৈ বেছি ওজন তেওঁলোকে এদিনতে দাঙে। তেওঁলোকে সুস্বাস্থ্য গঢ়াৰ বাবে ওজন দঙা কাম নকৰে। কৰে দুবেলা দুমুঠি ভাত মোকলাবৰ বাবেহে। উত্তৰ প্ৰদেশৰ মীৰাট চহৰৰ মুছলমান পৰিয়ালৰ এই যুৱকহঁতে এনেকৈ হাড়ভঙা শ্ৰম কৰে। উল্লেখ্য যে উত্তৰ প্ৰদেশৰ পশ্চিমভাগৰ এই গোটেই জিলাখনেই ক্ৰীড়া সামগ্ৰী উৎপাদনৰ এক কেন্দ্ৰ।
“কেইদিনমান আগৰ কথা, ল’ৰাবোৰে সিঁহতৰ বাইচেপ আৰু এবচ (তলপেটৰ মাংসপেশী) তুলনা কৰিবলৈ ফটোশ্বুট কৰিছিল,” পৰিয়ালটোৱে ভাৰাত লোৱা জিমৰ সামগ্ৰীৰ শ্ব’ৰুমৰ কাউণ্টাৰত বহি থকা যুৱ উদ্যোগী ৩০ বৰ্ষীয় মহম্মদ ছাকিবে কয়। শ্ব’ৰুমটো আছে মীৰাটৰ সুৰজ কুণ্ড ৰোডত, এক কিলোমিটাৰজোৰা এই পথটোৰ দুয়োফালে ক্ৰীড়া সামগ্ৰীৰ দোকানেৰে ভৰি আছে।
“গৃহিণীয়ে ব্যৱহাৰ কৰা সৰু ডাম্বেল এটাৰ পৰা আৰম্ভ কৰি ক্ৰীড়া বিশাৰদে ব্যৱহাৰ কৰা জটিল ছেট-আপলৈকে আজিকালি সকলোৱে জিম আৰু ফিটনেচৰ সঁজুলি বিচাৰে,” তেওঁ কয়।
আমি কথা পাতি থকাৰ মাজতে তিনিচকীয়া ভালেকেইখন বাহন (মিনি মেট্ৰ’ বুলি স্থানীয়ভাৱে কোৱা হয়) ব্যস্ত ৰাস্তাটোত সোমাইছে আৰু ওলাইছে। বাহনবোৰত লোৰ ৰড আৰু পাইপ আছে। লগতে ঘৰুৱা জিমৰ সঁজুলি আৰু লোৰ বাৰো আছে। “জিমৰ মেচিনবোৰ অংশ অংশকৈ বনোৱা হয় আৰু পিছত এছেম্বল কৰি লোৱা হয়,” ৰাস্তাত লোৰ সামগ্ৰীবোৰ গাড়ীত বোজাই কৰি অনা-নিয়া কৰি থকা দৃশ্য শ্বোৰুমটোৰ কাঁচৰ বেৰেৰে চাই ৰোৱা ছাকিবে বুজাই কয়।
লোৰ কামৰ ক্ষেত্ৰত মীৰাট কেন্দ্ৰস্থল হোৱাৰ কথাটো নতুন নহয়। “কেঁচীৰ উদ্যোগটোৰ বাবেও চহৰখন বিখ্যাত,” ছাকিবে পাৰিক কয়। ২০১৩ত মীৰাটৰ প্ৰায় তিনিশ বছৰ পুৰণি কেঁচীৰ উদ্যোগটোৱে ভৌগোলিক সূচাংক (জি.আই.) টেগ লাভ কৰে।
মীৰাটত জিমৰ সামগ্ৰী নিৰ্মাণৰ কামটো বেছি পুৰণি নহয়। ১৯৯০ৰ দশকত এয়া আৰম্ভ হৈছিল। “পাঞ্জাৱী উদ্যমী কেইগৰাকীমান লোকে আৰু জিলাখনৰ ক্ৰীড়া উদ্যোগটোৰ কেইখনমান সু-প্ৰতিষ্ঠিত ফাৰ্মে নেতৃত্ব লৈছিল,” ছাকিবে কয়। “দক্ষ কৰ্মী আগৰেপৰা ইয়াত আছিল আৰু কেঁচামাল যেনে জিমৰ সঁজুলি নিৰ্মাণৰ বাবে লোৰ ৰিচাইকলড্ পাইপ, ৰড আৰু শ্বীট ইতিমধ্যে লোহা মাণ্ডি (কেঁচামালৰ পাইকাৰী বজাৰ)ত আছিল।”
প্ৰায়ভাগ কমাৰ আৰু লোৰ জ্বালাই কাম কৰা কৰ্মীয়ে মুছলমান আৰু নিম্ন আয় সম্পন্ন সম্প্ৰদায়ৰ। “পৰিয়ালৰ ভায়েককেইটাৰ জ্যেষ্ঠজনে কম বয়সতে প্ৰশিক্ষণ লাভ কৰে,” ছাকিবে কয়। “ছাইফি/লোহাৰ সম্প্ৰদায়ৰ লোকসকলক (অনান্য পিছপৰা শ্ৰেণী) এই জীৱিকাত দক্ষ বুলি ধৰা হয়,” তেওঁ কয়। ছাকিবৰ পৰিয়ালটো আনছাৰি সম্প্ৰদায়ৰ, ৰাজ্যখনত ও.বি.চি. হিচাপে সূচীবদ্ধ মুছলমান শিপিনী উপ-জাতিৰ।
“জিমৰ ভালেমান ইউনিট মুছলমান প্ৰধান ইছলামাবাদ, জাকিৰ হুছেইন কলনি, লিছাদি গেট আৰু জাইদি ফাৰ্ম আদিত আছে,” ছাকিবে কয়। মীৰাট জিলাত মুছলমান লোকৰ জনসংখ্যা প্ৰায় ৩৪ শতাংশ, ৰাজ্যখনত এইফালৰ পৰা স্থান সপ্তম (২০১১ৰ লোকপিয়ল অনুসাৰে)।
লোৰ কৰ্মীৰ সংখ্যা ঘাইকৈ মুছলমান হোৱাৰ পৰিঘটনা কেৱল মীৰাটতে নহয়। ভাৰতত মুছলমান সম্প্ৰদায়ৰ সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক ৰূপৰেখাৰ ২০০৬ৰ প্ৰতিবেদন ( ছচৰ কমিটি প্ৰতিবেদন ) অনুযায়ী ভাৰতৰ মুছলমান সম্প্ৰদায়ৰ লোক বেছি থকা তিনিটা নিৰ্মাণ খণ্ডৰ ভিতৰত লোৰ সামগ্ৰী নিৰ্মাণ খণ্ডটোও আছে।
ছাকিব আৰু তেওঁ ভাতৃদ্বয় মহম্মদ নাজিম আৰু মহম্মদ আছিম (দুয়োৰে বয়স ত্ৰিশৰ আশে-পাশে)য়ে চহৰখনৰ লোৰ উদ্যোগত শ্ৰমিক হিচাপে কাম কৰিছিল। ২০০০ চনৰ শেষৰফালে পিতৃৰ ৰঙৰ পাইকাৰী ব্যৱসায়ত গুৰুতৰ লোকচান হোৱাৰ পিছত তেওঁলোকে কম বয়সতে কাম কৰিবলৈ লৈছিল।
আছিমে আহমদ নগৰৰ নিজ ঘৰতে ডাম্বেলৰ প্লেট বনোৱা কাম আৰম্ভ কৰে। আনফালে নাজিমে অটোৰ পাৰ্টছ নিৰ্মাণৰ উদ্যোগত শ্ৰমিক হিচাপে কাম কৰিবলৈ লয়। ছাকিবে ধাতুৰ ৰঙৰ কাৰখানা এটাত মাষ্টাৰ কাৰিকৰ ফকৰুদ্দিন আলি ছৰিফৰ সহায়ক হিচাপে কাম কৰিবলৈ লৈছিল। “লো ভাঁজ কৰি, কাটি আৰু জ্বালাই কৰি কেনেকৈ জিমৰ বিভিন্ন সঁজুলি, ঝুলনা আৰু জালিৰ গেট আদি বনাব লাগে, সেয়া তেওঁ মোক শিকাইছিল,” ছাকিবে কয়।
এতিয়া এই ভাতৃত্ৰয়ে নিজৰ শ্বোৰুমৰ পৰা প্ৰায় ন কিলোমিটাৰ দূৰৰ তটিনা চানী নামে সৰু গাওঁ এখনত নিজাকৈ ফিটনেচ আৰু জিমৰ সামগ্ৰী বনোৱা কাৰখানা এটা চলায়। মীৰাটত এই সামগ্ৰীবোৰৰ উপৰিও সঁজুলি-পাতি, কেঁচী আৰু লোৰ আচবাব আদিও জিলাখনৰ ৰপ্তানি সামগ্ৰীৰ ভিতৰত অন্যতম (২০১১ৰ পিয়ল অনুসৰি)।
“মীৰাটত এনে বহুতো কুশলী লোৰ কৰ্মী আছে যিয়ে মোতকৈ ভাল কাম জানে। কিন্তু পাৰ্থক্য এয়ে যে মই শ্ৰমিকৰ পৰা মালিক হ’ব পাৰিছো আৰু বহুতেই পৰা নাই,” ছাকিবে কয়।
তেওঁৰ যাত্ৰা সফল হৈছিল কম্পিউটাৰ এপ্লিকেচনৰ স্নাতকোত্তৰ ডিগ্ৰী পঢ়াৰ সুযোগ লাভৰ পৰা। ভায়েকহঁতে সাচি ৰখা পইচাৰে তেওঁ পঢ়িবলৈ পাইছিল। “মোৰ ভাই দুটাই প্ৰথমে হেঁহো-নেহো কৰিছিল, কিন্তু এই বিশ্বাসো আছিল যে এম.চি.এ. ডিগ্ৰীটো পালে আমি জিম আৰু ফিটনেচ সঁজুলিৰ উদ্যোগটোত নিজাকৈ কিবা এটা কৰিব পাৰিম,” ছাকিবে কয়।
*****
“জিমৰ সামগ্ৰীৰ বাবে ধাতুৰ অংশবোৰ কাটিব লাগে, জ্বালাই কৰিব লাগে, মাজিব লাগে, ফিনিশ্চিং দিব লাগে। তাৰ পিছত আহে ৰহন চৰোৱা, পাউডাৰ কোটিং সনা আৰু পেক কৰা। সৰু সৰু পাৰ্টছবোৰ পিছলৈ লগ লগাই ফিটিং কৰা হয়,” আমি কাৰখানাত টহল দি থকাৰ মাজতে ছাকিবে কয়। “অনভিজ্ঞ এজনে ধৰিব নোৱাৰিব যে কোনটো পাৰ্টছ কিহৰ, কিয়নো তেওঁলোকে কেৱল বাতানুকূল পৰিৱেশত ফিটিং কৰি থোৱা সম্পূৰ্ণ মেচিনহে দেখা পায়।”
আমি যিটো কাৰখানাত আছো, তাৰে ৰূপ চাই ধৰিব নোৱাৰি যে এয়া জিমৰেই সামগ্ৰী। তিনিখন বেৰ আৰু টিনৰ চালি থকা তটিনা চানীৰ কাৰখানাটো তিনিটা কৰ্মক্ষেত্ৰত ভাগ কৰা হৈছে- ৰহন চৰোৱা, ৰং কৰা আৰু পেকিং কৰা এলেকা। মুকলি ফালটোৰে বতাহ ওলোৱা-সোমোৱা হৈ থাকে। বিশেষকৈ তাপমান ৪০ৰ ওপৰত থকা গ্ৰীষ্মৰ দিনকেইটাত ই শ্ৰমিকসকলক বৰ সকাহ দিয়ে, কেতিয়াবা তাপমাত্ৰা ৪৫ ডিগ্ৰী পৰ্য্যন্ত হৈ পৰে।
আমি কাৰখানাৰ মজিয়াত খোজ কাঢ়ি কথা পাতি থকাৰ মাজতে তলফালে চাই সাৱধানে আগবাঢ়িবলগীয়া হৈছে।
লোৰ ৰড আৰু পাইপবোৰ দীঘে ১৫ ফুট থাকে, গোটা চিলিণ্ডাৰ আকৃতিৰ এই লোৰ ওজন ৪০০ কিলোগ্ৰামৰো অধিক। ডাঙৰ ডাঙৰ মেচিনৰ সহায়ত ডাঠ চেপেটা ধাতুৰ পাটেৰে প্লেটবোৰ কটা হয়। এনে মেচিন আৰু জিমৰ সঁজুলিৰে গোটেইখন ভৰি আছে। তাৰ মাজেৰেই চিন দি নোথোৱা এটা সৰু বাট আছে ঠিকেই, কিন্তু অলপ ইফাল-সিফাল হ’লেই লোৱে আপোনাৰ ভৰি কাটিব পাৰে আৰু কিবা যদি গাত পৰিল, হাড়ো ভাগিব পাৰে।
মুগা, ধূসৰ বৰণীয়া আৰু ক’লা গধুৰ লোৰ টুকুৰা আৰু পাটৰ মাজত আপোনাৰ চকুত পৰিব কেৱল শ্ৰমিকে পিন্ধা ৰংচঙীয়া পোচাকবোৰ। ৰঙীন কাপোৰ পিন্ধা শ্ৰমিকবোৰে চলোৱা মেচিনবোৰ ধাতুৰ স্পৰ্শলৈ অহাৰ লগে লগে সৃষ্টি হৈছে স্ফুলিংগৰ।
মহম্মদ আছিফ তটিনা চানীৰে এগৰাকী শ্ৰমিক। আনসকল চুবুৰীয়া ঠাই নাইবা মীৰাট চহৰৰ আন ঠাইৰ পৰা আহিছে। “মই যোৱা আঢ়ৈ মাহ ধৰি ইয়াত কাম কৰি আছো, কিন্তু এইটো মোৰ প্ৰথম কাম নহয়। মই আন এটা জিমৰ মেচিন নিৰ্মাণ কৰা কাৰখানাত ইয়াৰ আগতে কাম কৰিছো,” লোৰ পাইপ কটাত পাকৈত ১৮ বৰ্ষীয় আছিফে কয়। ১৫ ফুট দীঘল পাইপডাল লোৰ দ’মৰ পৰা উলিয়াই আনি তেওঁ সেইডাল পাইপ কটা মেচিনৰ তলত এডালৰ পিছত এডাল ৰাখিছে। জিমৰ সঁজুলি নিৰ্মাণৰ বাবে কিমান জোখত কাটিব লাগিব, তাৰবাবে তেওঁ ইঞ্চিৰ ফিটা এডালেৰে জুখি চিন দি গৈছে।
“মোৰ দেউতাই অটো চলায়, অটোখন আমাৰ নিজৰ নহয়,” আছিফে কয়। “তেওঁৰ উপাৰ্জন ইমান ভাল নহয়, সেইটো কাৰণতে মই কম বয়সতে কামলৈ ওলাই আহিবলগীয়া হ’ল।” তেওঁৰ উপাৰ্জন মাহিলী ৬,৫০০ টকা।
কাৰখানাৰ আন এটা অংশত মহম্মদ নৌশাদে লোৰ গোটা চুঙাকৃতিৰ টুকুৰা এটা বেণ্ড ছ’-কাটিং মেচিনেৰে কাটিছে। ৩২ বৰ্ষীয় নৌশাদে কুন্দ কটা মেচিনৰ কামো কৰে, ২০০৬ৰ পৰা তেওঁ আছিমৰ সৈতে কাম কৰি আহিছে। “এই সকলোবোৰ ভাৰোত্তোলনৰ বিভিন্ন ধৰণৰ জিম সঁজুলিত ব্যৱহৃত হ’ব,” নৌশাদে বিভিন্ন আকাৰৰ ডিস্ক আকৃতিৰ লোৰ টুকুৰাবোৰলৈ দেখুৱাই কয়। সেইবোৰ ওজন অনুসাৰে ভাগ ভাগ কৰি থোৱা আছে। নৌশাদে মাহে ১৬,০০০ টকা উপাৰ্জন কৰে।
নৌশাদৰ কৰ্মস্থলীৰ বাওঁফালে বহিছে ৪২ বৰ্ষীয় মহম্মদ আছিফ ছাইফি আৰু ২৭ বৰ্ষীয় আমীৰ আনছাৰি। তেওঁলোকে এইট-ষ্টেছন মাল্টি-জিমৰ বাবে লোৰ সঁজুলি বনোৱা কামত লাগিছে। জম্মু-কাশ্মীৰৰ কুপৱাৰাৰ সেনা শিবিৰ এটালৈ পঠিওৱাৰ বাবে তেওঁলোকে কাম পাইছে।
কোম্পানীটোৰ গ্ৰাহকৰ ভিতৰত শ্ৰীনগৰ আৰু কাতৰাত (জম্মু-কাশ্মীৰৰ) থকা সেনা শিবিৰ, আম্বালা (হাৰিয়ানা), বিকানেৰ (ৰাজস্থান) আৰু শ্বিলং (মেঘালয়) আছে। “মণিপুৰ আৰু কেৰালা আদি বিভিন্ন ৰাজ্যৰ প্ৰাইভেট জিমৰ সঁজুলিও আমি পঠিয়াও। নেপাল আৰু ভুটানলৈকেও আমি ৰপ্তানি কৰোঁ,” ছাকিবে কয়।
দুয়োজন আৰ্ক ৱেল্ডিং কৰাত পাকৈত আৰু সৰু সৰু পাৰ্টছ বনোৱাৰ লগতে ডাঙৰ সঁজুলি এচেম্বলৰ কামো কৰে। তেওঁলোকে কি ধৰণৰ মেচিনৰ অৰ্ডাৰ পাইছে, তাৰে ওপৰত নিৰ্ভৰ কৰি মাহে মোটামুটি ৫০ৰ পৰা ৬০ হাজাৰ টকা উপাৰ্জন কৰে।
“আৰ্ক ৱেল্ডিং মেচিনটোৰ সন্মুখত এটা পাতল ইলেক্ট্ৰ’ড (বিদ্যুৎদ্বাৰ) থাকে, যিটো ডাঠ লোহাৰ মাজেৰে সোমাই গৈ লো গলোৱা কাম কৰে,” আমীৰে বুজাই কয়, লগতে যোগ দিয়ে, “ধাতুৰ দুটা টুকুৰা জোৰা লগোৱা কামটোত ইলেক্ট্ৰ’ডডাল স্থিৰ হাতেৰে হেঁচা মাৰি ধৰিব লাগে, সেই কাৰণে এই কৌশল আয়ত্ব কৰা আৰু পাকৈত হৈ উঠাটো টান কাম।”
“আমীৰ আৰু আছিফে ঠিকা ভিত্তিত কাম কৰে,” ছাকিবে তেওঁলোকৰ মজুৰি সম্পৰ্কে বুজাই আমাক কয়। “যিবোৰ কামত অত্যধিক দক্ষতাৰ প্ৰয়োজন হয়, সেইবোৰ কাম ঠিকাত লোৱা হয়। কম দক্ষতাৰ প্ৰয়োজন হোৱা কাম মজুৰি হিচাপত হয়। পাকৈত লোকৰ চাহিদা বহুত বেছি আৰু ভাল পাৰিশ্ৰমিকৰ বাবে তেওঁলোকে দৰদাম কৰিব পাৰে,” তেওঁ লগতে কয়।
হঠাতে কাৰখানাটোত চিকমিকনি তুলি থকা কামবোৰ বন্ধ হৈ পৰিল। বিদ্যুৎ কৰ্তন হৈছে। জেনেৰেটৰটো চলোৱাৰ আগতে কেইছেকেণ্ডমানৰ কাৰণে কাৰখানাটো নীৰৱ হৈ পৰিল, কামবোৰত ক্ষণিক যতি পৰিল। জেনেৰেটৰৰ শব্দৰ মাজতে শ্ৰমিকবোৰে চিঞৰি চিঞৰি কথা কোৱা আমাৰ কাণত পৰিছে।
আনটো ৱৰ্কষ্টেছনত আছে ২১ বৰ্ষীয় ইবাদ সলমানি। তেওঁ মেটেল ইনাৰ্ট গেছ (এম.আই.জি.) ৱেল্ডাৰেৰে জিমৰ সঁজুলিবোৰৰ জোৰাবোৰ মজবুত কৰিছে। “পাতল আৰু ডাঠ লোৰ টুকুৰাবোৰৰ কোনটো কিমান উষ্ণতাত জ্বালাই কৰিব লাগিব, সেয়া নাজানিলে লো গলি যাব,” ইবাদে কয়। তেওঁৰ উপাৰ্জন মাহে ১০,০০০ টকা।
ধাতুৰ টুকুৰাবোৰ কাম কৰিবলৈ হাউলি থকা ইবাদে ফিৰিঙতিৰ পৰা নিজৰ চকু আৰু বাহু বচাবলৈ হাতত এখন শ্বিল্ড লৈছে। “আমাৰ আটাইখিনি সুৰক্ষামূলক গিয়েৰ আছে। কোনটো কামত কি প্ৰয়োজন হয়, কোনবিধ সুবিধাজনক আৰু কোনবিধ অসুবিধাজনক, তাৰে ওপৰত নিৰ্ভৰ কৰি সেয়া শ্ৰমিকে ব্যৱহাৰ কৰে,” ছাকিবে কয়।
“আমাৰ আঙুলি পোৰে, লোৰ পাইপ ভৰিতে পৰে। কটা-চিঙা হোৱাটো ইয়াত তেনেই সাধাৰণ কথা,” আছিফে নিৰুদ্বিগচিত্তে কয়, “শৈশৱৰে পৰা অভ্যস্ত। এই কাম এৰি যাবলৈ আমাৰ হাতত বিকল্প নাই।”
কাৰখানাৰ বয়োজ্যেষ্ঠ কাৰিকৰ বাবু খান (৬০)য়ে হাতৰ অগ্ৰাংশ দুখন কপাহী কাপোৰৰ টুকুৰাৰে ঢাকি লৈছে। স্ফুলিংগৰ পৰা বাচিবলৈ কঁকালত তেওঁ ভৰিলৈকে আগুৰা ডাঙৰ কাপোৰ এখন বান্ধি লৈছে। তেওঁ কয়, “সৰুতে আন এটা জিমৰ সঁজুলিৰ কাৰখানাত লোৰ ৰড জ্বালাইৰ কাম কৰিছিলো, এতিয়া কেৱল ধাতু মিহি কৰা কাম কৰোঁ।”
“ধাতু মসৃণ কৰা মানে বাফিং হৈছে শেষ কাৰিকৰী প্ৰক্ৰিয়া, য’ত কাটিং আৰু ৱেল্ডিঙৰ সময়ত ধাতুৰ পৃষ্ঠভাগৰ খহটা অংশ মিহি কৰা হয়,” ছাকিবে ব্যাখ্যা কৰে। বাবুৱে মাহিলী উপাৰ্জন দহ হাজাৰ টকা।
পৃষ্ঠভাগ মসৃণ কৰাৰ পিছত ৪৫ বছৰীয়া ছাকিৰ আনছাৰীয়ে সঁজুলিৰ পাৰ্টছবোৰৰ সংযোগস্থল ঢাকিবলৈ বডি ফিলাৰ পুটি প্ৰয়োগ কৰে। ৰেগমাল (চিৰিচ-কাগজ)ৰে সেয়া মসৃণ কৰা হয়। ছাকিৰ হৈছে ছাকিবৰ ভায়েক আৰু ইয়াত ছবছৰ ধৰি কাম কৰি আছে। ঠিকাৰ কাম কৰি মাহে ৫০ হাজাৰ টকা পৰ্যন্ত তেওঁ উপাৰ্জন কৰে। “ডিজেলত চলা অটোৰ বাবে লোহাৰ নজেল নিৰ্মাণৰ নিজাকৈ মোৰ ব্যৱসায় আছিল। কিন্তু কম্প্ৰেছড নেচাৰেল গেছ (চিএনজি) অটো বজাৰলৈ অহাৰ পিছত মোৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল,” তেওঁ কয়।
ছাকিৰে সঁজুলিবোৰৰ ওপৰত প্ৰাইমাৰ আৰু ৰং দিয়াৰ পিছত তাৰ ওপৰত মেকানিকেল উপায়ে পাউডাৰ কোটিং কৰা হয়, “এই কামে সঁজুলিক অধিক স্থায়ী আৰু মামৰে নধৰা কৰি তোলে,” ছাকিবে বুজাই দি কয়।
নতুনকৈ নিৰ্মাণ কৰা সকলো সঁজুলিৰ পাৰ্টছবোৰ গেটৰ ওচৰৰ এটাইত পৃথকে পৃথকে পেক কৰা হয়। তাৰপৰা পৰিবহনৰ বাবে ট্ৰাকত লোড কৰা হয়। পেকিং আৰু ফিটিং কৰা কামত আছে ১৭ৰ পৰা ১৮ বছৰ বয়সীয়া মহম্মদ আদিল, সমীৰ আব্বাছি, মহছিন কুৰেছি আৰু শ্বাহবাজ আনছাৰি। তেওঁলোকৰ প্ৰত্যেকেই মাহে ৬,৫০০ টকা উপাৰ্জন কৰে।
কুপৱাৰাৰ সেনা শিবিৰলৈ জিমৰ সামগ্ৰী নিবলগীয়া ট্ৰাকখন আহি পাইছে, তেওঁলোকে লোডিঙৰ কাম আৰম্ভ কৰিছে।
“অৰ্ডাৰৰ সামগ্ৰী ট্ৰাকে য’লৈ লৈ যায়, আমি তালৈ ৰেলত গৈ এচেম্বলৰ কাম কৰোঁ,” সমীৰে কয়। “এই কামটোৰ বাবেই আমি পাহাৰ-পৰ্বত, সাগৰ আৰু মৰুভূমি দেখিবলৈ পাওঁ।”
অনুবাদ: পংকজ দাস