ফাগুন যাবৰ হ’ল। সুৰেন্দ্ৰনগৰ জিলাৰ খাৰাঘোড়া ষ্টেছনৰ কাষৰ জানটোত পুৱাৰ কোমল ৰ’দ পৰিছে। এটা অস্থায়ী বান্ধে জানটোৰ পানীখিনি বান্ধি ৰখাত সৰু পুখুৰী এটাৰ সমান পানী জমা হৈছে। বান্ধৰ ওপৰেৰে বাগৰি যোৱা পানীৰ শব্দ শুনা গৈছে, ইফালে ধ্যানত বহাদি ল’ৰাকেইটাৰ তাৰ পাৰতে বহি ৰৈছে। সাতটা ল’ৰা – এনেকৈ বহি আছে যেন একো একোডাল জোপোহা সৰু গছ। লক্ষ্য হৈছে এটা বা দুটা মাছ। মাছে খুটিবলৈ ধৰিলে সামান্য পিছফাললৈ টানি চিপটো মাৰিলেই এটা মাছ উঠি আহিব। উঠি আহিলেই। ধৰফৰাব ধৰিলে।

পাৰৰ পৰা অকণমান দুৰত বহিছে অক্ষয় দৰোদৰা আৰু মহেশ চিপাৰা। হাঁহি-খিকিন্দালিৰে সিহঁত দুটাই হেক্সো ব্লেডেৰে মাছটো বাচিছে। মহেশৰ বয়স ১৫ বছৰ হ’বৰ হৈছে। বাকীকেইজন তেনেই সৰু। মাছমৰা খেলটো শেষ। এতিয়া হাঁহি-ধেমালিৰ সময়। মাছটো বচাৰ পিছৰ কামটো হৈছে সামূহিক ৰন্ধনকাৰ্য্য। তাৰ মাজত হাঁহি-খিকিন্দালি বন্ধ হোৱা হোৱা নাই। ৰন্ধা হৈ গ’ল। এতিয়া ৰং-ৰহইছেৰে পৰিৱেশন কৰা ব্যঞ্জন উদৰস্থ কৰাৰ সময়।

অলপ পাছত ল’ৰাবোৰে সেই সৰু পুখুৰীটোত নামি সাঁতুৰিলে। ঘাঁহনিত বহি শুকুৱালে। যাযাবৰ জনজাতি চুমৱালিয়া কোলি সম্প্ৰদায়ৰ তিনিটা ল’ৰা, দুটা মুছলমান সম্প্ৰদায়ৰ আৰু আন দুজন মিলি সিহঁতৰ পল্টনটোৱে এই গোটেই আবেলিটো হাঁহি-ফূৰ্তি, ৰগৰ কৰি কটালে। মই সিহঁতৰ কাষ চাপি হাঁহি এটা মাৰি প্ৰশ্ন কৰিলোঁ, “তোমালোক কোন শ্ৰেণীত পঢ়ি আছা?”

এতিয়াও উদং গাৰে থকা পৱনে খিক-খিকাই হাঁহি ক’লে, “ আ মেচিয়’ নৱমু ভানা, আন আ বিলাচিঅ’ চত্থু ভানা, বিজু কই নথ ৱন্তু, মুই নথ ৱন্তু [এইজন মহেচিঅ’ (মহেশ) নৱমমানত পঢ়ে আৰু বিলাচিঅ’ (বিলাস) ষষ্ঠমানত। বাকীবোৰে স্কুললৈ নাযায়। মইয়ো।]” কথাৰ মাজতে তেওঁ গুড়ি চুপাৰী (তামোল)ৰ পেকেট এটা খুলিলে আৰু আন এটা পেকেটৰ পৰা তাত চাধা মিহলালে। তাৰপিছত অকণমান ওঠৰ চেপত গুজি ল’লে। ৰঙা ৰঙা পিক পানীত পেলাই তেওঁ ক’লে, “ ন মাজা আৱে বেন মাৰ্তাতা [পঢ়া-শুনা কৰি ভাল নালাগে। স্কুলৰ বাইদেউগৰাকীয়ে আমাক বেতাইছিল।]” কথাখিনি শুনি মোৰ মনটো সেমেকি গ’ল।

PHOTO • Umesh Solanki

শ্বাহৰুখ (বাওঁফালে) আৰু চহিলে বৰশী বোৱাত মন দিছে

PHOTO • Umesh Solanki

মহেশ আৰু অক্ষয়ে মাছটো বাচিছে

PHOTO • Umesh Solanki

তিনিটা শিলত পতা অস্থায়ী চৌকাটো কৃষ্ণই বাবুল গছৰ পাত আৰু ঠানি আনি জুইকুৰা জ্বলাবলৈ তাৰ তলত পলিথিন এটা ভৰাইছে

PHOTO • Umesh Solanki

কৃষ্ণাই পাত্ৰটোত তেল ঢালিছে আৰু অক্ষয় , বিশাল, পৱনে আগ্ৰহেৰে চাই ৰৈছে

PHOTO • Umesh Solanki

সিহঁতৰ মাজৰ এজনে অনা মাছটো এতিয়া তেলত ভজা হৈছে তেল আনিছে চহিলে , জলকীয়াৰ গুড়ি, নিমখ-হালধি আনিছে বিশালে

PHOTO • Umesh Solanki

কৃষ্ণাই দুপৰীয়াৰ আহাৰৰ অপেক্ষা কৰিছে

PHOTO • Umesh Solanki

ৰন্ধাৰ খেলখন চলিছে ’ৰাহঁত আনন্দত মতলীয়া

PHOTO • Umesh Solanki

’ৰাহঁতে নিজে পতা টাৰ্পলিনৰ জুপুৰিটোত বহি ঘৰৰ পৰা অনা ৰুটিৰে দুপৰীয়াৰ নিজে ৰন্ধা আহাৰ উপভোগ কৰিছে

PHOTO • Umesh Solanki

এফালে মাছৰ জোল আৰু আনফালে আবেলিৰ ৰ ’দ

PHOTO • Umesh Solanki

গা ঘামি যোৱাত সিহঁতে সাঁতুৰিবলৈ পানীত নামিছে

PHOTO • Umesh Solanki

‘ব’লা সাঁতুৰিবলৈ যাও’ বুলি কৈ মহেশে পানীত জপিয়াইছে

PHOTO • Umesh Solanki

স্কুলত শিক্ষকে কোবায় কাৰণে সিহঁত সাতজনৰ পাঁচজনে স্কুললৈ নাযায়

PHOTO • Umesh Solanki

সিহঁতে সাঁতোৰাৰ সময়ত সাতোৰে আৰু খেলা-ধূলাৰ মাজেৰে জীৱনটো জীয়াবলৈ শিকে

অনুবাদ: পংকজ দাস

Umesh Solanki

সাংবাদিকতায় স্নাতকোত্তর উমেশ সোলাঙ্কি আহমেদাবাদ-নিবাসী ফটোগ্রাফার, তথ্যচিত্র নির্মাতা এবং লেখক। পথেপ্রান্তরে ঘুরে বেড়ানোই তাঁর নেশা। এ অবধি তিনটি কাব্য-সংকলন, একটি ছান্দিক উপন্যাস, একখানা উপন্যাস ও একটি ক্রিয়েটিভ নন-ফিকশন সংকলন প্রকাশ করেছেন তিনি।

Other stories by Umesh Solanki
Editor : Pratishtha Pandya

কবি এবং অনুবাদক প্রতিষ্ঠা পান্ডিয়া গুজরাতি ও ইংরেজি ভাষায় লেখালেখি করেন। বর্তমানে তিনি লেখক এবং অনুবাদক হিসেবে পারি-র সঙ্গে যুক্ত।

Other stories by Pratishtha Pandya
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das