“নিৰ্বাচন আহিলে এনে লাগে যেন ইয়াত কিবা মেলাহে বহিছে,” তুলি চিলাবলৈ কাপোৰবোৰ ঠিক-ঠাক কৰি থকাৰ মাজতে এইদৰে কয় মৰ্জিনা খাতুনে। “আন ৰাজ্যলৈ কাম কৰিবলৈ যোৱা মানুহো ভোট দিবলৈ বুলিয়েই ঘৰলৈ আহে।’’

ৰূপাকুছি নামৰ যিখন গাঁৱত মৰ্জিনাই বাস কৰে সেই গাঁওখন যোৱা ৭ মে’ত ভোটগ্ৰহণ সম্পন্ন হৈ যোৱা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।

মৰ্জিনাৰ পিছে এইবাৰো ভোট দিয়া নহ’ল। ৪৮ বছৰীয়া মহিলাগৰাকীয়ে কয়, “মই দিনটো কোনোমতে পাৰ কৰিলো। মানুহে নেদেখাকৈ ঘৰতে সোমাই থাকিলো।’’

সন্দেহযুক্ত ভোটাৰ (ডি-ভোটাৰ) তালিকাত নাম থকা বাবেই ভোট দিয়াৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে মৰ্জিনা। চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনত ৯৯,৯৪২ গৰাকী লোকক ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ সক্ষম নোহোৱাৰ পৰিপ্ৰেক্ষিতত সন্দেহযুক্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এইসকলৰ অধিকাংশই হৈছে বাংলাভাষী হিন্দু আৰু মুছলমান।

ডি-ভোটাৰ থকা ভাৰতৰ একমাত্ৰ ৰাজ্যখনেই হৈছে অসম। চুবুৰীয়া বাংলাদেশৰ পৰা অবৈধভাৱে প্ৰব্ৰজন কৰা বুলি অভিযোগ উত্থাপিত হৈ অহা এইসকল লোকৰ প্ৰসংগ প্ৰতিবাৰেই নিৰ্বাচনী ৰাজনীতিত মূল ইছ্যু হিচাপে পৰিগণিত হোৱা দেখা হৈছে। ভাৰতীয় নিৰ্বাচন আয়োগে ৰাজ্যখনত ডি-ভোটাৰ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল ১৯৯৭ চনত। সেই একেটা বৰ্ষতে নিৰ্বাচনী তালিকাত নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে পিয়ল চলাবলৈ অহা চৰকাৰৰ মানুহে মৰ্জিনাৰ নামটো প্ৰথমবাৰৰ বাবে লিখি লৈ গৈছিল। মৰ্জিনাই কয়, “তেতিয়াৰ দিনত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰী স্কুলৰ শিক্ষকসকলে মানুহৰ ঘৰে ঘৰে গৈছিল। ময়ো মোৰ নামটো দিছিলো। কিন্তু নিৰ্বাচনৰ সময়ত ভোট দিবলৈ গৈছিলো যদিও মোক ভোট দিবলৈ নিদিলে। অফিচাৰসকলে কৈছিল যে মই হেনো ডি-ভোটাৰ।’’

PHOTO • Mahibul Hoque

মৰ্জিনা খাতুন অসমৰ ৰূপাকুছি গাঁৱৰ এটা শিপিনী গোটৰ এগৰাকী সদস্য, তেওঁলোকে সাধাৰণতে খেতা বোৱে। তেওঁ চিলাই কৰা এটা গাৰুৰ গিলিপ দেখুৱাইছে

বিদেশী ন্যয়াধীকৰণে অবৈধ প্ৰব্ৰজনকাৰী হিচাপে ঘোষণা কৰাৰ পিছত ২০১৮-১৯ চনত ৰাজ্যখনৰ বহু ডি-ভোটাৰক গ্ৰেপ্তাৰ কৰাৰ কথাও জনায় মৰ্জিনাই।

ডি-ভোটাৰৰ তালিকাত নামটো কিয় আৰু কেনেকৈ আহিল সেই প্ৰশ্নৰ উত্তৰ আজিও বিচাৰি ফুৰিছে মৰ্জিনাই। ঘৰৰ চোতালত বহি লৈ নথি-পত্ৰ দেখুৱাই মৰ্জিনাই কয়, “ক’ভিডৰ লকডাউনৰ আগতে মই তিনিজন উকীলক প্ৰায় ১০ হাজাৰ টকা দিছিলো। তেওঁলোকে চক্ৰ বিষয়াৰ কাৰ্যালয়ত (মন্দিয়া) আৰু ন্যায়াধীকৰণৰ (বৰপেটা) কাৰ্যালয়ত নথি-পত্ৰ বিচাৰি চাইছিল যদিও মোৰ নামৰ বিপৰীতে একো পোৱা নাছিল।”

মৰ্জিনা আৰু তেওঁৰ স্বামী হাছেম আলীয়ে মাটি আধিত লৈ খেতি কৰি আহিছে। বছৰি ৮,০০০ টকাত জলসিঞ্চনৰ সুবিধা নথকা দুবিঘা মাটি আধিত লৈ তেওঁলোকে তাত ধানৰ লগতে নিজে খাবলৈ বুলি বেঙেনা, জলকীয়া, তিঁয়হ আদি পাচলিৰ খেতি কৰে।

১৯৬৫ চনৰ ভোটাৰ তালিকাৰ প্ৰমাণিত কপিতো বৰপেটা জিলাৰ মৰিচা গাঁৱৰ বাসিন্দা মৰ্জিনাৰ পিতৃ নাচিম উদ্দিনৰ নাম স্পষ্টকৈ থকা দেখা গৈছে। নথি-পত্ৰৰ টোপোলাৰ পৰা পান কাৰ্ড আৰু আধাৰ কাৰ্ড উলিয়াই দেখুৱাই মৰ্জিনাই কয়, “আমাৰ পৰিয়ালৰ কাৰোৱেই বাংলাদেশৰ সৈতে কোনো সম্পৰ্ক নাই। মোক ইচ্ছাকৃতভাৱে ভোটাধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে নেকি বাৰু?” তেওঁৰ পৰিয়ালৰ সকলো লোকৰেই ভোটাৰ কাৰ্ড আছে।

ভোটদানৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত হৈ অহাটোৱেই তেওঁৰ বাবে একমাত্ৰ সমস্যা নহয়। আন একাধিক চিন্তায়ো মৰ্জিনাক খুলি খুলি খাইছে।

শংকিত কণ্ঠে মৰ্জিনাই কয়, “অফিচৰ মানুহবোৰে মোকো কেতিয়াবা হঠাৎ ডিটেনশ্যন কেম্পলৈ পঠিয়াই দিব বুলি ভয় হয়। তেনে কৰিলে সৰু সৰু ল’ৰা-ছোৱালীকেইটাৰ কি হ’ব সেইবোৰ চিন্তা কৰি মোৰ টোপনিয়েই নহয়। এইবোৰ কথা ভাবিলেই মোৰ মৰি যাবলৈ মন যায়।’’

PHOTO • Mahibul Hoque
PHOTO • Kazi Sharowar Hussain

মৰ্জিনা আৰু তেওঁৰ স্বামী হাছেম আলীয়ে বন্ধকিত খেতি কৰে। মাকৰ ফালৰ পৰিয়ালৰ আন সদস্যসকলৰ বৈধ ভোটাৰ পৰিচয় পত্ৰ থাকিলেও মৰ্জিনাৰ নাম ডি-ভোটাৰ তালিকাত থাকি গৈছে। কিন্তু নিজা ভোটাৰ কাৰ্ড নথকা মৰ্জিনাক পিছে তেওঁৰ সন্তানকেইটাৰহে চিন্তাই খুলি খুলি খায়। সোঁফালে: চাউলখোৱা নদীৰ পাৰৰ গাওঁখনৰ ইনুৱাৰা খাতুন (সোঁফালৰ পৰা প্ৰথমজন)ৰ ঘৰত গোট খোৱা শিপিনী গোটৰ মহিলাসকলৰ লগত থাকি মৰ্জিনাই শান্তি পায়

মহিলা শিপিনীৰ গোট এটাতো সদস্য হিচাপে আছে মৰ্জিনা। গোটটোৰ সদস্যসকলৰ লগতে আন মহিলাসকলৰ সংগয়ো মৰ্জিনাক সকাহ দি আহিছে। ক’ভিড লকডাউনৰ সময়ত তেওঁ প্ৰথমবাৰৰ বাবে এই গোটটোৰ বিষয়ে জানিব পাৰিছিল। এই গোটটো বৰপেটাৰ আমৰা পাৰি নামৰ এটা সংগঠনে গাঁওখনলৈ সাহায্য বিতৰণ কৰিবলৈ অহাৰ সময়ত গঠন কৰিছিল। এই গোটটোৰ জৰিয়তে মহিলাসকলে বাহিৰলৈ ওলাই নোযোৱাকৈ ঘৰতে থাকিয়েই উপাৰ্জনৰ সুযোগ বিচাৰি পাইছিল। মৰ্জিনাই কয়, “বাইদেৱে আমাৰ কেইগৰাকীমান মহিলাক লেপ-তুলি চিলোৱাৰ কাম কৰিবলৈ কৈছিল। মই কামটো আগৰে পৰা জানিছিলো। সেয়ে হ’ব বুলি কৈ কামটো কৰিবলৈ লৈছিলো।’’

এখন তুলি চিলাবলৈ মৰ্জিনাক তিনিৰ পৰা পাঁচদিন সময় লাগে আৰু এখনকৈ তুলিৰ বাবদ ৪০০-৫০০ টকাকৈ লাভ কৰে।

পাৰিৰ টীমে ৰূপকুছি গাঁৱৰ যি স্থানত মৰ্জিনা আৰু আন প্ৰায় ১০ গৰাকী মহিলাই একেলগ হৈ স্থানীয় ভাষাত খেতা বুলি কোৱা পৰম্পৰাগত তুলি চিলাই কৰে সেই স্থানো পৰিদৰ্শন কৰে।

গোটটোত থকা আন মহিলাসকল আৰু উক্ত স্থান পৰিদৰ্শন কৰা মানৱ অধিকাৰ কৰ্মীসকলৰ সৈতে কথা-বতৰা পতাৰ পিছত মাৰ্জিনই যথেষ্ট সাহস আৰু আত্মবিশ্বাস ঘূৰাই পাবলৈ সমৰ্থ হৈছিল। মৰ্জিনাই কয়, “মই পথাৰত কাম কৰো আৰু তুলি চিলোৱাৰ লগতে আন এম্ব্ৰইডাৰীৰ কাম কৰো। দিনৰ দিনটো এইবোৰ কৰিয়েই সকলো পাহৰি থাকো। কিন্তু ৰাতি হ’লে আকৌ চিন্তাবোৰে জুমুৰি দি ধৰে।’’

সন্তানৰ ভৱিষ্যতৰ কথা ভাবি মৰ্জিনা উদ্বিগ্ন হৈ পৰে। তিনি কন্যা আৰু একমাত্ৰ পুত্ৰক লৈয়ে চলি আছে মৰ্জিনা আৰু হাছেম আলীৰ সংসাৰ। ডাঙৰ ছোৱালী দুজনীক বিয়া দিছে। সৰু ছোৱালী আৰু ল’ৰাটোৱে বিদ্যালয়লৈ যায়। দুয়ো পিছলৈ কাম নাপাব বুলি ভাবি এতিয়াৰে পৰা চিন্তিত হৈ থকা দেখা গৈছে। চিন্তিত মনেৰে মৰ্জিনাই কয়, “মাজে মাজে ল’ৰা-ছোৱালীহালে কয় যে সিঁহতে পঢ়া-শুনা কৰিলেও মোৰ নাগৰিকত্বৰ নথি-পত্ৰৰ সমস্যাৰ বাবেই চাকৰি-বাকৰি একোকেই নাপাব।’’

ইমানৰ পিছতো জীৱনত এবাৰৰ বাবে হ’লেও ভোট দিয়াৰ আশা পুহি ৰাখিছে মৰ্জিনাই। নথি-পত্ৰবোৰ হাতত লৈ মৰ্জিনাই আশাৰে কয়, “এদিন নহয় এদিন এই কাগজ-পত্ৰবোৰে মোৰ নাগৰিকত্ব প্ৰমাণ কৰিব আৰু মোৰ ল’ৰা-ছোৱালীহালে যি ইচ্ছা কৰে সেই কামেই কৰিবলৈ পাব।’’

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Mahibul Hoque

মাহিবুল হক একজন আসাম-নিবাসী মাল্টিমিডিয়া সাংবাদিক তথা গবেষক। তিনি ২০২৩ সালের পারি-এমএমএফ ফেলো।

Other stories by Mahibul Hoque
Editor : Sarbajaya Bhattacharya

সর্বজয়া ভট্টাচার্য বরিষ্ঠ সহকারী সম্পাদক হিসেবে পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ায় কর্মরত আছেন। দীর্ঘদিন যাবত বাংলা অনুবাদক হিসেবে কাজের অভিজ্ঞতাও আছে তাঁর। কলকাতা নিবাসী সর্ববজয়া শহরের ইতিহাস এবং ভ্রমণ সাহিত্যে সবিশেষ আগ্রহী।

Other stories by Sarbajaya Bhattacharya
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari