মাছৰ ব্যৱসায়ত বৰফ বিক্ৰেতা গুৰুত্ব অপৰিসীম, বিশেষকৈ তামিলনাডুৰ পূব উপকূলৰ এই ব্য়স্ত বন্দৰত গৰমৰ দিনত আৰু বেছি জৰুৰী হৈ পৰে বৰফ বিক্ৰেতা। অ’ল্ড টাউন বন্দৰত বৰফৰ ডাঙৰ ডাঙৰ কোম্পানীয়ে পাইকাৰী হাৰত বৰফ ডাঙৰ বিক্ৰেতা আৰু যন্ত্ৰচালিত নৌকাবোৰলৈ বৰফ যোগান ধৰে।
ইয়াৰ মাজতে কবিতাই মাছমৰীয়া আৰু মহিলা মাছ বিক্ৰেতাক বৰফ বিক্ৰী কৰি নিজৰ পৰিচয় গঢ়ি তুলিছে। তেওঁ ৮০০ টকাৰে বৰফৰ ডাঙৰ টুকুৰা কিনি আনি সেয়া আঠটা ভাগ কৰি প্ৰতিভাগ ১০০ টকা দৰত কৰে। এই কামটোত যথেষ্ট শাৰীৰিক পৰিশ্ৰমৰ প্ৰয়োজন হয়। কবিতাই পুৰুষ শ্ৰমিক এজন ৰাখিছে, তেওঁক দুবেলা দুসাজ আৰু মজুৰি হিচাপে ৬০০ টকা দিয়ে।
“মই সৰু সৰু টুকুৰাবোৰ যিসকল মহিলাক বৰফৰ দৰকাৰ, তেওঁলোকৰ ওচৰলৈ লৈ যাও,” ৪১ বৰ্ষীয় বৰফ বিক্ৰেতাজনে কয়। “কষ্ট বহুত হয়, কিন্তু আমি জীয়াই থকাৰ জোখাৰেহে উপাৰ্জন কৰো। পইচা সাঁচিবলৈ মন যায়, কিন্তু ডাঙৰ কোম্পানীৰ সৈতে ফেৰ মাৰি ব্যৱসায় বঢ়োৱাৰ সামৰ্থ্য আমাৰ নাই।”
কবিতাই ২০১৭ৰ পৰা বৰফ বিক্ৰী কৰিবলৈ লৈছিল। “শহুৰদেউতা অমৃতলিংগমে বৰফৰ ব্যৱসায় কৰিছিল, তেওঁ নৰিয়াত পৰাত মই সেই ব্যৱসায় চম্ভালিলো। মোৰ স্বামী এই কামত আগ্ৰহী নাছিল আৰু মোৰ দেৱৰ বিদেশত থাকে,” কবিতাই কয়। তাৰোপৰি পঢ়া-শুনা কৰা কবিতাই ব্যৱসায়টো কেনেকৈ আগবঢ়াব লাগে, সেয়া জানিছিল।
পাঁচোটা ভাই-ভনীৰ ভিতৰত কবিতা আছিল আটাইতকৈ সৰু। তেওঁৰ দেউতাক এজন স্বশিক্ষিত মেকানিক, কবিতাৰ ১৪ বছৰমান বয়সতেই তেওঁ অসুখীয়া হৈ পৰে। কবিতাই তেতিয়া ৯ম মানত পঢ়ি আছিল। তাতেই পঢ়া এৰি তেওঁ মাকক কঠিয়া কঢ়িওৱা, ভূঁই ৰোৱা আদি খেতিৰ দিনহাজিৰাৰ কামত সহায় কৰিবলৈ লয়।
চিত্ৰশিল্পী আনবু ৰাজৰ সৈতে বিয়া হোৱাৰ সময়ত তেওঁৰ বয়স আছিল ২৩ বছৰ। কুড়ালুৰৰ অ’ল্ড টাউন বন্দৰৰ কাষতে চান্দ্ৰোপালায়ম নামে চুবুৰীটোত ক্ৰমে ১৭ আৰু ১৫ বছৰীয়া দুই সন্তান ভেংকটষণ আৰু থাংগা মিত্ৰৰ সৈতে দম্পতিহাল থাকে।
তেওঁৰ শহুৰেক অমৃতলিংগম (৭৫)য়ে ২০ বছৰ আগতে বন্দৰটোত বৰফ বিক্ৰী কৰিবলৈ লৈছিল। তেতিয়া আন কোনো এই বেপাৰত নাছিল। বৰফ কেৱল বিশাল পৰিমাণত ব্যৱসায়ীয়ে বিক্ৰী কৰিছিল। অমৃতলিংগমৰ হাতত একেলগে ইমান বৰফ কিনাৰ সামৰ্থ্য নাছিল, কিন্তু সৰু সৰু বেপাৰীক বৰফ বিক্ৰী কৰাৰ সুযোগ তেওঁ পাইছিল।
“ডাঙৰ কোম্পানীৰ নিজাকৈ বৰফ বনোৱা কাৰখানা আছে; লোড কৰা, পৰিবহন কৰা মানুহ আৰু আছে আৰু বিক্ৰেতা আছে,” কবিতাই কয়। তেওঁৰ নিজা ব্যৱসায়ীক প্ৰতিষ্ঠান বুলিবলৈ মাহে ১০০০ টকা ভাৰাৰ এটা কোঠা আছে, তাতেই বৰফ আনি বিক্ৰীৰ বাবে সৰু সৰু টুকুৰা কৰা হয়।
“বৰ বৰ কোম্পানীৰ সৈতে প্ৰতিযোগীতা বাঢ়িছে, কিন্তু মই চলি যাব লাগিব,” কবিতাই কয়।
মাছ আৰু মৎস্যজাত পণ্যৰ প্ৰক্ৰিয়াকৰণ, মজুত, বিতৰণ আৰু বিপণনৰ প্ৰায় প্ৰতিটো প্ৰক্ৰিয়াতে বৰফ অপৰিহাৰ্য্য। কেন্দ্ৰীয় সামূদ্ৰিক মৎস্য গৱেষণা প্ৰতিষ্ঠানৰ সামূদ্ৰিক মৎস্য পিয়ল, ২০১৬ অনুযায়ী মৎস্যখণ্ডটোত নথিভুক্ত জীৱিকাৰ ভিতৰত মাছৰ বিপণন, জাল তৈয়াৰ আৰু মেৰামতি কৰা, মাছ শুকোৱা, প্ৰক্ৰিয়াকৰণ কৰা আৰু বছা-কটা কৰা আদি ধৰা হয়। এই খণ্ডটোৰ সৈতে জৰিত শ্ৰমিকক দুই ভাগত ভগোৱা হৈছে, শ্ৰমিক আৰু অনান্য বুলি। অনান্য মানে নিলাম, বৰফ ভঙা, বিভালভচ্, খোলা, সমূদ্ৰ শেলাই, আলংকৰিক মাছ সংগ্ৰহ কৰা আদি লোকৰ কথা কোৱা হৈছে।
তামিলনাডুত এই অনান্য ভাগটোত ২৭০০ মহিলা আৰু ২২২১ গৰাকী পুৰুষ আছে, তাৰে কুড়ালুৰত আছে ৪০৪ মহিলা আৰু ৩৫ গৰাকী পুৰুষ। ইয়াৰে তিনি-চতুৰ্থাংশ থাকে কুড়ালুৰৰ অ’ল্ড টাউন বন্দৰৰ আশে-পাশে থকা গাঁৱত। বৰফ সম্পৰ্কীয় কামত জৰিতসকলে সাধাৰণতে বৰফ গাড়ীৰ পৰা নমোৱা আৰু ভঙা, বাকচৰ বৰফৰ সৈতে মাছ পেকিং কৰা আৰু সেয়া পৰিবহনৰ হেতু গাড়ীত লোড কৰা আদি কাম কৰে।
কবিতাই দুটা কোম্পানীৰ পৰা বৰফ কিনে। ষ্টেট ইণ্ডাষ্ট্ৰিজ প্ৰমোচন কৰ্প’ৰেচন অৱ তামিলনাডু লিমিটেড (চমুকৈ SIPCOT) ঔদ্যোগিক এলেকাত এই দুটা কোম্পানী আছে, তাৰ পৰা বৰফ আনি তেওঁ সৰু সৰু ব্যৱসায়ী আৰু মূৰত পাচি লৈ বিক্ৰী কৰা বেপাৰীক বৰফ বিক্ৰী কৰে।
কবিতাৰ ওখ-পাখ চেহেৰাৰ বাবে তেওঁৰ দেহত শাৰীৰিক পৰিশ্ৰমৰ চিন সহজে দেখা নাযায়। “ব্ৰীজৰ তলত মাছ বিক্ৰী কৰিবলৈ বহা মহিলাৰ ওচৰলৈ বন্দৰত থকা আমাৰ দোকানখনৰ পৰা বৰফৰ টুকুৰা মূৰত বোজাই কৰি নিয়াটো বৰ টান কাম,” তেওঁ কয়। দোকানখনৰ পৰা তালৈ বৰফ বোজাই কৰি নিয়াৰ বাবে মটৰ চাইকেলক এবাৰত ১০০ টকা দিব লাগে। তাৰোপৰি বৰফ কটা মেচিনটোত কবিতাই প্ৰতিদিনে ২০০ টকাৰ ডিজেল ভৰাবলগীয়া হয়।
ব্যৱসায় চলোৱাটো বৰ মহঙা হৈ পৰিছে। কবিতাই ২১ হাজাৰ টকা দি ২১০ টা বৰফৰ টুকুৰা কিনে। অতিৰিক্তভাবে আকৌ শ্ৰমিকক, ইন্ধনৰ নামত, দোকানৰ ভাৰা আৰু পৰিবহনৰ নামত হোৱা ব্যয় আছেই। তেনেকৈ তেওঁৰ ২৬ হাজাৰৰো অধিক টকা খৰছ হয়। তেওঁৰ আয় ২৯,০০০ৰ পৰা ৩১,৫০০ টকা হয়। এনেকৈ সপ্তাহত তেওঁ তিনিৰ পৰা চাৰে তিনিহাজাৰ টকা উপাৰ্জন কৰে। দেখাত পৰ্য্যাপ্ত যেন লাগিলেও এই উপাৰ্জন কবিতা আৰু তেওঁৰ স্বামী আনবু ৰাজে মিলি কৰা উপাৰ্জন।
কবিতা মাছমৰীয়া নহয় কাৰণে তেওঁক মাছমৰীয়া মহিলাৰ সমবায়ত অন্তৰ্ভূক্ত নহয়। সেয়ে তেওঁ মাছমৰীয়াসকলৰ বাবে থকা চৰকাৰী কল্যাণমূলক আঁচনিবোৰৰ সুবিধাও নাপায়। তেওঁ বনিয়াৰ সম্প্ৰদায়ৰ, আটাইতকৈ পিছপৰা শ্ৰেণী (এম.বি.চি.) হিচাপে তালিকাভূক্ত । মৎস্যকৰ্মৰ সৈতে জৰিত সম্প্ৰদায়ৰ ভিতৰত এই সম্প্ৰদায়ক ধৰা নহয় ।
মৎস্য খণ্ডটোত প্ৰান্তীয় পৰিসৰত থকা কবিতাৰ দৰে লোকক কথা নীতি নিৰ্ধাৰণত খুব কমেই প্ৰাধান্য পাইছে। উদাহৰণ স্বৰূপে তামিলনাডুৰ মাছমৰীয়া আৰু মৎস্যচিকাৰ তথা আনুষংগিক কামত নিয়োজিত শ্ৰমিক (সামাজিক সুৰক্ষা আৰু কল্যাণ) আইন, ২০০৭ অনুসৰি কবিতাৰ কামক উপকূলীয় শ্ৰমিকৰ কামত অন্তৰ্ভূক্ত কৰিব পাৰি। য’থ বৰফ গাড়ীৰ পৰা নমোৱা আৰু ভঙা, বাকচ মাছ পেকিং কৰা আৰু পৰিবহনৰ বাবে গাড়ীত লোড কৰা আদি কাম ধৰা হয়। কিন্তু এনে শ্ৰেণীভূক্তকৰণৰ পৰা তেওঁৰ একো লাভ হোৱা নাই।
*****
কবিতা আৰু আনবু ৰাজৰ (৪২) দিনটো বৰ সোনকালে আৰম্ভ হয়। তেওঁলোকে পুৱতি নিশা ৩ বজাতে বন্দৰলৈ যায় আৰু বৰফ বিক্ৰী কৰা আৰম্ভ কৰে। এইখিনি সময়তে আটাইতকৈ বেছি বিক্ৰী হয় - “পুৱা ৩ৰ পৰা ৬ বজাৰ ভিতৰত।” সেইখিনি সময়ত বিভিন্ন ৰাজ্যৰ পৰা ব্যৱসায়ী মাছ কিনিবলৈ উপস্থিত হয়। প্ৰায়ভাগ মাছমৰীয়াই তেওঁলোকে ধৰা মাছবোৰ এইখিনি সময়তে নমায় আৰু মাছবোৰ ভালে ৰাখিবলৈ বৰফৰ প্ৰয়োজন আহি পৰে।
পুৱা ছয় বজাত কবিতাক শাহুৱেক সীতাই (৬৫) যাবলৈ দিয়ে। তেওঁ ঘৰলৈ গৈ দুয়োটা ল’ৰা স্কুললৈ যোৱাৰ আগেয়ে ৰন্ধা-বঢ়া কৰে। ১০ বজাত কবিতাই বৰফ বিক্ৰী কৰিবলৈ আকৌ বন্দৰত উপস্থিত হয়। বন্দৰৰ দোকানখনৰ পৰা ঘৰলৈ খুব বেছি পাঁচ মিনিটৰ বাট, সেইখিনি বাট তেওঁ চাইকেল এখনেৰে অহা-যোৱা কৰি থাকে। তাৰোপৰি বন্দৰত টয়লেট আৰু হাত-মুখ ধোৱাৰ সুবিধা নথকাত প্ৰায়েই সমস্যা হয়।
পৰিয়ালটোৰ যিকোনো সিদ্ধান্তত সীতাক প্ৰাধান্য দিয়া হয়। “৫০ হাজাৰ টকা ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠান এটাৰ পৰা ধাৰ কৰি বৰফ ভঙা মেচিনটো কিনি অনাৰ সিদ্ধান্তটো তেওঁৰেই আছিল,” কবিতাই কয়।
তেওঁ কয়, “সেইখিনি টকাৰ বিনিময়ত কিমান সুত দিব লাগে মই নাজানো, শাহুৱে সেইখিনি চম্ভালে, ঘৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰো তেখেতেই লয়।”
কিন্তু কবিতাই ব্যৱসায়ীক বুদ্ধিও আছে। বৰফ ধাৰত বিক্ৰী কৰিলে তেওঁ ততালিকে লিখে থয়। তেওঁ বৰফৰ সকলো বিক্ৰী আৰু ক্ৰয়ৰ হিচাপ ৰাখে। কিন্তু তেওঁ আয়ৰ আটাইখিনি শাহুৱেকৰ হাতত জমা দিবলগীয়া হয়।
তেওঁৰ সমস্ত প্ৰয়োজনবোৰ পূৰণ হৈ থাকে কাৰণে কবিতাই অৱশ্যে আপত্তি নকৰে। “মোৰ উপাৰ্জন আছে আৰু পইচাৰ নিয়ন্ত্ৰণ মোৰ হাতত নাথাকিলেও এই কথাটোতে মই ঘৰখনত আদৰ পাওঁ,” তেওঁ কয়। পৰিয়ালটো বন্দৰৰ পৰা ২ কিলোমিটাৰ দূৰৰ তিনিটা কোঠাৰ ঘৰ এটাত থাকে।
“আমি মিলিজুলি থাকো, ইজনে-সিজনক সহায় কৰি চলো,” তেওঁ কয়। তেওঁৰ ল’ৰাদুটাৰ স্কুলৰ মাচুল দেৱৰে দিয়ে। দেৱৰ আৰুল ৰাজে মেকানিকেল ইঞ্জিনিয়াৰিং কৰি ছিংগাপুৰত চাকৰি কৰি আছে।
শাহু-শহুৰৰ বয়স হৈ অহাৰ লগে লগে বেমাৰে লগ দিছে, কবিতাই বুজি উঠিছে যে বৰফৰ বেপাৰ চলোৱাৰ লগতে তেওঁৰ পৰিয়ালৰ প্ৰতিও দায়িত্ব বাঢ়িছে।
অনুবাদ: পংকজ দাস