চালপীৰাখনত বহি থকা অৱস্থাৰেই সুধীৰ কোছাৰিয়ে নিজৰ যন্ত্ৰণাৰ কথাবোৰ আমাক কৈ গৈছে। সোঁভৰিৰ তলুৱাৰ কটা অংশটো আমাক দেখুৱাইছে, তেওঁৰ সোঁভৰিৰ ঊৰুতো অতিকমেও ৫ চেণ্টিমিটাৰ দীঘল আঘাতৰ চিন। সোহাতখনটো দীঘলীয়াকৈ কাটিছে আৰু কটা ঠাইখিনিত চিলাই কৰিবলগীয়া হৈছে। তেওঁৰ গোটেই শৰীৰটোতে আঘাতৰ চিন স্পষ্ট।
আধা প্লাষ্টাৰ কৰা কম পোহৰৰ দুকোঠলীয়া ঘৰটোত তেওঁ ভাৱলেশহীনভাৱে যন্ত্ৰণাবোৰ সহ্য কৰি গৈছে। তেওঁৰ কাষত আছে পত্নী, মাতৃ আৰু ভাতৃ। কেবাদিনো ধৰি একেৰাহে ৰ’দ দি থকাৰ পিছত সেই অঞ্চলটোত অৱশেষত বৰষুণ পৰিছে।
২০২৩ চনৰ ২ জুলাইৰ সন্ধিয়া লোহাৰ-গাদী (এওঁলোকক গাড়ি লোহাৰ বুলিও জনা যায়, ৰাজ্যখনত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাভুক্ত) সম্প্ৰদায়ৰ ভূমিহীন শ্ৰমিক সুধীৰে ফাৰ্মত কাম কৰি থকা অৱস্থাত বনগাহৰিৰ আক্ৰমণৰ সন্মুখীন হয়। সেই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ৩০ বছৰীয়া শ্ৰমিকজনে কোনোমতে বুকু আৰু মুখত আঘাত পোৱাৰ পৰা ৰক্ষা পৰে।
'পাৰি’ৰ তৰফৰ পৰা চন্দ্ৰপুৰ জিলাৰ ছাওলি মৌজাৰ বনাঞ্চলৰ কাৱাথি নামৰ দুৰ্গম গাঁওখনত থকা তেওঁৰ নিজৰ গৃহত যোৱা ৮ জুলাইৰ সন্ধিয়া সুধীৰক লগ কৰা হৈছিল। তেতিয়া তেওঁ হাস্পতালৰ পৰা কিছু সুস্থ হৈ ঘৰ আহি পাইছিল।
কেনেকৈ ট্ৰেক্টৰেৰে মাটি চহাই থকা এজন শ্ৰমিকে চিঞৰ-বাখৰ শুনি দৌৰি আহি নিজৰ সুৰক্ষাৰ কথা নাভাবি সাহসেৰে শিল দলিয়াই বন গাহৰিটোক খেদি তেওঁক বচাইছিল সেই কথা তেওঁ কৈ গৈছিল।
বন-গাহৰিটো সম্ভৱতঃ মাইকী আছিল আৰু জোঙা দাঁতেৰে সুধীৰক আক্ৰমণ কৰিছিল, ভয়াৰ্ত সুধীৰে ওপৰমুৱাকৈ পৰি গৈছিল। ''জন্তুটোৱে এবাৰ পিছুৱাই গৈ আকৌ আগুৱাই আহি তীক্ষ্ণ দাঁতবোৰ মোৰ গাত বহুৱাই দিছিল,’’ সুধীৰে কৈ গৈছে আৰু কাষতে থকা মত্যুৰ মুখৰ পৰা কোনোমতে বাচি অহা স্বামীলৈ বিস্ময়নেত্ৰে চাই ৰৈছে পত্নী দৰ্শনাই।
বন-গাহৰিটো পিছত ওচৰতে থকা জংঘলত লুকাই পৰে যদিও তেতিয়ালৈ সুধীৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল।
সুধীৰে কাম কৰি থকা পথাৰখন সেইদিনা বৰষুণৰ বাবে পানীৰে চপচপীয়া হৈ পৰিছিল। এপষেক ধৰি ৰৈ থকা বীজ সিঁচাৰ কাম আৰম্ভ হৈছিল। বনাঞ্চলৰ সৈতে থকা পথাৰৰ সীমাৰ আলিবোৰ দিয়া কাম কৰিছিল সুধীৰে। তাৰ বিনিময়ত তেওঁ সেইদিনা ৪০০ টকা মজুৰি পালেহেতেন। এয়া আছিল তেওঁ জীৱন নিৰ্বাহৰ কৰি অহা কামবোৰৰ ভিতৰৰ এটা। অঞ্চলটোৰ আন ভূমিহীন লোকসকলৰ দৰে কামৰ সন্ধানত দূৰলৈ যোৱাৰ পৰিৱৰ্তে সুধীৰে এনে কামবোৰেই কৰি গৈছিল।
ছাওলিৰ চৰকাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত প্ৰাথমিক চিকিৎসাৰ অন্তত সেইদিনা নিশা সুধীৰক উক্ত স্থানৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৈৰ গাদচিৰোলি নগৰস্থিত জিলা হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল। জিলা হাস্পতালত কটা অংশত চিলাই আদি কৰাৰ পিছত ৬ দিনৰ বাবে ভৰ্তি হ’বলগীয়া হৈছিল।
কাৱাথি চন্দ্ৰপুৰ জিলাত হ’লেও গাদচিৰোলি নগৰখন তেওঁলোকৰ বাবে ৭০ কিলোমিটাৰ দূৰৈত থকা চন্দ্ৰপুৰ নগৰতকৈ ওচৰত পৰে। জিলা হাস্পতালৰ পৰা অহাৰ পিছত জলাতংকৰ প্ৰতিষেধক বেজীৰ বাকী থকা বেজী ল’বলৈ আৰু ঘাঁৰ ড্ৰেছিং আদি কৰাবৰ বাবে ছাওলিৰ চৰকাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰই তেওঁৰ বাবে একমাত্ৰ ভৰসা।
বন-গাহৰিৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ পিছত সুধীৰৰ বাবে পথাৰত কাম কৰাটোও এতিয়া বিপদজনক যেন লগা হৈছে। দামবৃদ্ধি, জলবায়ু পৰিৱৰ্তন আৰু আন একাধিক কাৰণত খেতি-বাতিৰ কাম কৰাতো আটাইতকৈ বিপদজনক কামত পৰিণত হৈ পৰিছে। কিন্তু চন্দ্ৰপুৰৰ লগতে ভাৰতৰ সংৰক্ষিত আৰু অসংৰক্ষিত বনাঞ্চলবোৰৰ আশে-পাশে থকা অঞ্চলবোৰৰ অধিকাংশতে এতিয়া এনেধৰণৰ খেতি-বাতিৰ কামতো আক্ৰমণ তথা মৃত্যু ভয়ো আহি পৰিছে।
বনৰীয়া জন্তুৱে খেতি পথাৰ তহিলং কৰি অহাৰ ফলত এনে অঞ্চলবোৰত খেতিয়কসকলে নিশা উজাগৰে থাকি পহৰা দিবলগীয়া হৈছে কিয়নো তাৰ বাদে তেওঁলোকৰ সমুখত উপাৰ্জনৰ আন কোনো বিকল্প পথ নাই। পঢ়কঃ ‘ এয়া এক ভিন্ন প্ৰকৃতিৰ খৰাং ’
২০২২ চনৰ আগষ্ট আৰু তাৰো পূৰ্বে এই প্ৰতিবেদকে সুধীৰৰ দৰে বাঘ, লতামেকুৰী আৰু আন বনৰীয়া জন্তুৰ আক্ৰমণৰ সন্মুখীন হোৱা পুৰুষ-মহিলা তথা খেতি কৰ্মৰে জড়িত কেবাগৰাকী লোকক সাক্ষাৎ কৰিছিল। সেইসকলৰ অধিকাংশই চন্দ্ৰপুৰ জিলাৰ তাড়োবা আন্ধাৰি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল (TATR)ৰ আশে-পাশে থকা মুল, ছাওলি, সিন্দেবাহি, ব্ৰহ্মাপুৰী, ভদ্ৰাৱতী, ৱাৰোৰা, চিমুৰ গাঁৱৰ বাসিন্দা আছিল। বন্যপ্ৰাণী আৰু মানল সংঘাত বিশেষকৈ এই অঞ্চলটোৰ ব্যাঘ্ৰ-মানৱ সংঘাতৰ বাতৰিয়ে যোৱা দুটা দশক ধৰি সংবাদ শিৰোনাম দখল কৰি আহিছে।
এই প্ৰতিবেদকে বন বিভাগৰ পৰা লাভ কৰা পৰিসংখ্যা অনুযায়ী কেৱল চন্দ্ৰপুৰ জিলাতেই যোৱা বছৰ ৫৩ জন লোকৰ বাঘৰ আক্ৰমণত মত্যু ঘটিছে। ইয়াৰে ৩০ জনেই হৈছে ছাওলি আৰু সিন্দেৱাহি অঞ্চলৰ। এই অঞ্চলটো যে বাঘ আৰু মানুহৰ সংঘাতৰ হটস্পট হৈ পৰিছে সেয়া পৰিসংখ্যই স্পষ্ট কৰি তুলিছে।
আক্ৰমণ আৰু মৃত্যুৰ উপৰিও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলখনৰ বাফাৰ জ’ন আৰু তাৰ বাহিৰৰ অঞ্চলৰ গাঁওবোৰতো অহৰহ একপ্ৰকাৰ ভয় আৰু আতংকৰ পৰিৱেশ বিৰাজমান। খেতিপথাৰবোৰলৈ চালেই এয়া জলজল-পটপট হৈ পৰে। অঞ্চলটোৰ খেতিয়কসকলৰ বহুতেই এতিয়া ৰবিশস্য কৰিবলৈ এৰি পেলাইছে। বনৰীয়া জন্তুৰ প্ৰতি থকা ভয়ৰ লগতে বন-গাহৰি, হৰিণ, নীলগাই আদিয়ে খেতি নষ্ট কৰি অহাৰ পৰিপ্ৰেক্ষিততো খেতিয়কসকলে খেতি কৰাতো সমস্যা হৈ পৰিছে।
সৌভাগ্যৰ কথা এয়ে যে সুধীৰক বাঘে নাপালে, বন-গাহৰিয়ে পালে আৰু মৃত্যুমুখৰ পৰা বাচি আহিবলৈ সমৰ্থ হ’ল। পঢ়কঃ টঙিঘৰত এৰাতি: দিনত শ্ৰম, ৰাতি পহৰা দি চপোৱা সোণগুটি
*****
২০২২ চনৰ আগষ্ট মাহৰ বৰষুণ দি থকা আবেলি এটাত আন শ্ৰমিকসকলৰ সৈতে ধাননি পথাৰত কাম কৰি থকা সময়ত ২০ বছৰীয়া ভাৱিৰ জাৰ্কাৰে দেউতাকৰ বন্ধু বসন্ত পিপাৰখেড়েই ফোন কৰিছিল।
পিপাৰখেড়েই ভাৱিকক ফোনত কৈছিল যে তেওঁৰ পিতৃ ভক্তদাক অলপ আগতে বাঘে আক্ৰমণ কৰিছে। সেই আক্ৰমণত ভক্তদাৰ মৃত্যু হৈছিল আৰু শৰীৰটো আক্ৰমণকাৰী বাঘটোৱে হাবিলৈ চোচৰাই লৈ গৈছিল।
৪৫ বছৰীয়া ভক্তদাই তেওঁৰ আন তিনিজন বন্ধুৰ সৈতে বনাঞ্চলৰ গাতে লাগি থকা পথাৰখনৰ এটা মূৰত কাম কৰি থকা অৱস্থাতে অকস্মাৎ কৰবাৰ পৰা বাঘটো আহি ওলাইছিল আৰু তেওঁৰ ওপৰত জঁপিয়াই পৰিছিল। বাঘটোৱে পিছফালৰ পৰা আহি ভক্তদাক ডিঙিতে আক্ৰমণ কৰিছিল, হয়তো বাঘটোৱে ভুলতে মানুহক আক্ৰমণ কৰি পাইছিল।
''বাঘে আক্ৰমণ কৰি আমাৰ বন্ধুজনক চোচৰাই লৈ যোৱা দেখিও চাই থকাৰ বাদে আমি একো কৰিব পৰা নাছিলো,’’ সেইদিনা একো কৰিব নোৱৰা কথাটোক লৈ আজিও আক্ষেপ কৰি থকা পিপাৰখেড়েই কয়।
''আমি বহুত চিঞৰ-বাখৰ কৰিছিলো,’’ সেইদিনা ঘটনাস্থলীত থকা আন এজন শ্ৰমিক সঞ্জয় ৰাউতে কয়। ''কিন্তু তেতিয়ালৈ প্ৰকাণ্ড বাঘটোৱে ভক্তদাক ডিঙিটোত ধৰিছিলেই।’’
সেইদিনা বাঘটোৱে তাত কাম কৰি থকা লোককেইজন কোনোবা নহয় কোনোবা এজনক ধৰিলেই হয় বুলিও কয় দুৰ্ভগীয়া ভক্তদাৰ বন্ধু দুজনে।
বাঘটোৱে সেই অঞ্চলটোত ঘূৰি ফুৰিছিল যদিও তেওঁলোকে পথাৰত কাম কৰি থকা অৱস্থাত যে এনেকৈ আক্ৰমণ কৰিব সেয়া মুঠেই ভবা নাছিল। ভক্তদাৰ মৃত্যু আছিল গাঁওখনত বাঘৰ আক্ৰমণত হোৱা মৃত্যুৰ প্ৰথমটো ঘটনা। ইয়াৰ পূৰ্বে গাঁওখনৰ গৰু আৰু ভেড়া আদি বাঘে লৈ গৈছিল। যোৱ দুটা দশকত বাঘৰ আক্ৰমণত ছাওলি আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত এনেকৈয়ে মানুহে প্ৰাণ হেৰুৱাই আহিছে।
'মই থৰ হৈ পৰিছিলো,’ ভনীয়েক ১৮ বছৰীয়া ৰাগিনীৰ কাষত থিয় হৈ ভাৱিকে কয়। ভাৱিকৰ গাঁও হীৰাপুৰ সুধীৰৰ গাঁওখনৰ পৰা বেছি দূৰৈত নহয়। দেউতাকৰ মৃত্যুৰ খবৰটো সেইদিনা ভাৱিক আৰু তেওঁৰ পৰিয়ালটোৰ মূৰত বজ্ৰ খহি পৰাৰ দৰে যেন হৈ পৰিছিল। দেউতাকৰ সেই দুঃসহ মৃত্যুৰ স্মৃতি আজিও পাহৰিব পৰা নাই ভাৱিকে।
এতিয়া ভায়েক-ভনীয়েক দুয়ো ঘৰখন চলাই গৈছে। 'পাৰি’ৰ প্ৰতিনিধি উপস্থিত হোৱাৰ সময়ত তেওঁলোকৰ মাক লতাবাই ঘৰত নাছিল। ''মায়ে আজিও সেই কথা মনত পৰিলে কঁপি উঠে,’’ ৰাগিনীয়ে কয়। ''আমাৰ দেউতাক বাঘে আক্ৰমণ কৰিছে আৰু বাঘে চোচৰাই লৈ যোৱাৰ কথাটো মানি ল’বলৈ আজিও বৰ কষ্ট হয়,’’ ছোৱালীজনীয়ে কয়।
ভয় আৰু আতংকময় পৰিৱেশে বিৰাজ কৰা গাঁওখনৰ কৃষকসকলে কয়, '’আজিও, কোনেও অকলে বাহিৰলৈ নাযায়।’’
*****
পানী ধৰি ৰাখিবৰ বাবে বান্ধি দিয়া আলিবোৰে ওখ ওখ চেগুণ আৰু বাঁহৰ জোপোহাৰ আৱৰি থকা ধাননি পথাৰবোৰক একো একোটা বৰ্গক্ষেত্ৰ আৰু আয়তক্ষেত্ৰৰ দৰে দেখা যায়। এয়া হৈছে চন্দ্ৰপুৰ জিলাৰ আটাইতকৈ বেছি জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ এটি অঞ্চল।
ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পই সফলতা লাব কৰা তাড়োবা বনাঞ্চলৰ দক্ষিণ দিশত আছে ছাওলি আৰু সিন্দেৱাহি। তাড়োবা-আন্ধেৰি ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ২০২৩ চনত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে ((NTCA) প্ৰকাশ কৰা ২০২২চনৰ টাইগাৰ কো-প্ৰিডেটৰছ ৰিপ’ৰ্ট অনুযায়ী ২০১৮ চনৰ ৯৭ টা বাঘৰ পৰা এই বৰ্ষত বাঘৰ সংখ্যা ১১২ টালৈ বৃদ্ধি পাইছে।
অৰণ্যৰে ভৰা এই অঞ্চলত মানুহৰো বসতি আছে যদিও অধিকাংশ বাসিন্দাই সংৰক্ষিত অঞ্চলৰ বাহিৰত বসবাস কৰে। সংৰক্ষিত এলেকাৰ বাহিৰৰ জনবসতিপূৰ্ণ ঠাইতো এতিয়া বাঘৰ বিচৰণ বৃদ্ধি পাইছে। বাফাৰ জ’ন আৰু ইয়াৰ আশে-পাশে থকা হাবি-বননিৰে ভৰপূৰ অঞ্চল তথা খেতি পথাৰত বাঘৰ আক্ৰমণৰ সংখ্যা অধিক হৈ পৰিছে। ইয়াৰ পৰা অনুমান কৰা হৈছে যে কিছু বাঘ অভায়ৰণ্যখনৰ পৰা বাহিৰলৈ ওলাই আহিছে।
অধিকাংশ আক্ৰমণেই সংৰক্ষিত এলেকাৰ বাহিৰত আৰু বাফাৰ জ’ন বা তাৰ আশে-পাশে থকা অঞ্চলত দেখা গৈছে। আটাইতকৈ বেছি আক্ৰমণ হৈছে বনাঞ্চলৰ ভিতৰত, ইয়াৰ পিছতে খেতি পথাৰ আৰু হাবিতলীয়া অঞ্চলতো আক্ৰমণ হোৱা পৰিলক্ষিত হৈছে। তাড়োবা-আন্ধেৰি বনাঞ্চলত ২০১৩ চনত চলোৱা এক সমীক্ষাত জানিব পৰা গৈছে যে এই সকলোবোৰ আক্ৰমণেই ঘটিছে মূলতঃ বাফাৰ জ’ন আৰু বনাঞ্চলৰ মাজত সংযোগ স্থাপন কৰা অভায়ৰণ্যখনক চুই থকা উত্তৰ-পূব দিশত।
এই সমস্যা ইমানেই গুৰুতৰ হৈ পৰিছে যে ২০২৩ চনৰ জুলাই মাহত মহাৰাষ্ট্ৰৰ বিধানসভাৰ সদ্যসমাপ্ত বৰ্ষাকালীন অধিৱেশনত এক প্ৰশ্নৰল উত্তৰত ৰাজ্যখনৰ বনমন্ত্ৰী সুধীৰ মুংগাণ্টিৱাৰে বন্যপ্ৰাণী সংৰক্ষণৰ শেহতীয়া যি জোৱাৰ উঠিছে তাৰ অন্যতম কুফল বাঘ-মানুহৰ সংঘাত বুলি ক’বলগীয়া হৈছে। তেওঁ জনোৱা মতে 'বাঘ স্থানান্তৰ’ৰ এক পদক্ষেপ হিচাপে দুটা প্ৰাপ্তবয়স্ক বাঘক গোণ্ডিয়াৰ নাগজিৰা ব্যাঘ্ৰ প্ৰকল্পত মুকলি কৰি দিয়া হৈছে, লগতে আৰু বেছিসংখ্যক বাঘক বিচৰণৰ পৰ্যাপ্ত স্থান থকা ঠাইলৈ স্থানান্তৰকৰণৰ পৰিকল্পনা কৰি থকা হৈছে।
একেটা উত্তৰতে বনমন্ত্ৰীগৰাকীয়ে আৰু কৈছে যে চৰকাৰে বাঘৰ আক্ৰমণৰ বলি হোৱা লোকসকলৰ লগতে শস্য নষ্ট হোৱা আৰু বাঘৰ আক্ৰমণত পশুধনৰ মৃত্যু হোৱা লোকসকলক প্ৰদান কৰা সাহায্য বৃদ্ধি কৰিব। বাঘৰ আক্ৰমণত কোনো লোকৰ মৃত্যু হ’লে ভুক্তভোগী পৰিয়ালক প্ৰদান কৰা ধনৰাশি চৰকাৰে ২০ লাখৰ পৰা ২৫ লাখলৈ বৃদ্ধি কৰিছে। অৱশ্যে শস্য নষ্ট হোৱা আৰু পশুধনৰ মৃত্যুৰ ক্ষেত্ৰত প্ৰদান কৰা সাহায্যৰ পৰিমাণ ক্ৰমে পূৰ্বে নিৰ্ধাৰিত ২৫ হাজাৰ আৰু ৫০ হাজাৰেই ৰখা হৈছে।
থোৰতে ক’বলৈ হ’লে হ্ৰস্বম্যাদীভাৱে এই সমস্যাৰ কোনো সমাধান এই পৰ্যন্ত দেখা পোৱা হোৱা নাই।
তাড়োবা-আন্ধেৰি অঞ্চলত (বনাঞ্চলৰ বাহিৰত আৰু বাফাৰ জ’ন তথা সংলগ্ন অঞ্চল) চলোৱা এক পূৰ্ণাংগ সমীক্ষাত কোৱা হৈছে, ''ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজ্য মহাৰাষ্ট্ৰস্থিত তাড়োবা-আন্ধেৰি ব্যাঘ্ৰ প্ৰকল্পৰ আশে-পাশে যোৱা দুই দশকত মানুহৰ ওপৰত চলা মাংসহাৰী প্ৰাণীৰ আক্ৰমণ অতি দ্ৰুতগতিত বৃদ্ধি পাইছে।’’
২০০২ৰ পৰা ২০১১ চনলৈকে চলোৱা সমীক্ষাত ''তাড়োবা-আন্ধেৰি ব্যাঘ্ৰ প্ৰকল্পৰ ভিতৰত অথবা আশে-পাশে মানুহৰ ওপৰত বাঘ আৰু আন সমগোত্ৰীয় মাংসভোজী জন্তুৱে চলোৱা আক্ৰমমৰ মানৱিক আৰু পৰিৱেশ বিষয়ক দিশবোৰ তন্ন-তন্নকৈ চোৱা হৈছে আৰু বাঘ-মানুহৰ সংঘাত হ্ৰাস তথা প্ৰতিৰোধ’’ কৰাৰ প্ৰয়াস চলোৱা হৈছে। এই সময়ছোৱাত হোৱা ১৩২ টা আক্ৰমণৰ ঘটনাৰ বাঘে ৭৮ শতাংশ আৰু নাহৰফুটুকীয়ে ২২ শতাংশ আক্ৰমণ চলাইছে।
''আন কাম-কাজৰ তুলনাত সৰু-সুৰা বনজ সামগ্ৰী সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে বাঘৰ কবলত পৰিছে অধিকাংশ লোক,’’ সমীক্ষাত কোৱা হৈছে। সমীক্ষাত আৰু দেখা গৈছে যে অৰণ্য আৰু ইয়াৰ সৈতে লাগি থকা গাঁওবোৰৰ পৰা কিছু দূৰৈৰ ঠাইবোৰত বাঘৰ আক্ৰমণৰ সম্ভাৱনা কম হৈ পৰে। সমীক্ষাৰ উপসংহাৰত কোৱা হৈছে যে তাড়োবা-আন্ধেৰিৰ আশে-পাশে মানুহৰ কাম-কাজৰ পৰিমাণ হ্ৰাস কৰা বা নিয়ন্ত্ৰিত কৰা দৰকাৰ। সমীক্ষাৰ শেষত আৰু কোৱা হৈছে যে উক্ত অঞ্চলৰ লোকসকলৰ মাজত বিকল্প ইন্ধনৰ (যেনে ৰন্ধন গেছ, সৌৰশক্তি) যোগান বৃদ্ধি কৰিলে খৰি-কাঠ আদি সংগ্ৰহ কৰিবলৈ অৰণ্যৰ ভিতৰলৈ যোৱাতো কমি যাব।
মাংসহাৰী জন্তুবোৰৰ আধিপত্য থকা অঞ্চলবোৰত চিকাৰৰ অভাৱৰ বাবে জনবসতিপূৰ্ণ অঞ্চললৈ বাঘৰ আগমন ঘটে আৰু ইয়াৰ ফলত বাঘ-মানুহৰ সংঘাত বৃদ্ধি পায়।
শেহতীয়াকৈ দেখা গৈছে যে খৰি-কাঠ সংগ্ৰহ বা পশু চৰাবলৈ যোৱা মানুহৰ ওপৰত বাঘে আক্ৰমণ চলোৱাৰ উপৰিও খেতি পথাৰত কাম কৰি থকা লোকৰ ওপৰতো বাঘে আক্ৰমণ কৰিবলৈ লৈছে। চন্দ্ৰপুৰ জিলাৰ অধিকাংশ অঞ্চলতে বন্য জন্তু বিশেষকৈ তৃণভোজী জন্তু আহি খেতিপথাৰৰ শস্য তহিলং কৰাত কৃষকসকলে মূৰ-কপালে হাত দিবলগীয়া হৈছে। তাতেই আকৌ ভূতৰ ওপৰত দানহৰ দৰে এতিয়া তাড়োবা-আন্ধেৰি সংলগ্ন হাবিতলীয়া অঞ্চল আৰু তাৰ ওচৰত থকা খেতি পথাৰত বাঘ আৰু নাহৰফুটুকীৰ আক্ৰমণ বাঢ়িবলৈ লৈছে। এই সমস্যাৰ পৰা মুক্তিৰ কোনো উপায়ো এতিয়ালৈকে পোৱা হোৱা নাই।
এই অঞ্চলত ভ্ৰমণ কৰিলে বুজিব পাৰি যে বনৰীয়া জীৱ-জন্তু আৰু বাঘৰ আক্ৰমণ স্থানীয় লোকসকলৰ বাবে এক বৃহৎ সমস্যা হৈ দেখা দিছে। পুণে নিবাসী বন্যপ্ৰাণী জীৱবিজ্ঞানী ড০ মিলিন্দ ভাবেৰ মতে দীৰ্ঘম্যাদী ভিত্তিত এই সমস্যাই ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণৰ লক্ষ্য আৰু পৰিকল্পনাকো বাৰুকৈয়ে প্ৰভাৱিত কৰিব। স্থানীয় লোকসকল যদি বন্যপ্ৰাণীৰ প্ৰতি নিৰ্দয়ী হৈ পৰে, যিটো নেকি এনেক্ষেত্ৰত স্বাভাৱিক হৈ পৰে, তেনে হ’বলৈ হ’লে বনাঞ্চলৰ বাহিৰত থকা আৰু বাহিৰলৈ ওলাই অহা বন্যপ্ৰাণীবোৰ নিৰাপদ হৈ নাথাকিব।
শেহতীয়া এই বিপৰ্যয় কেৱল মাত্ৰ এটা বাঘৰ বাবে হোৱা নাই, বহু বাঘে ভুল কৰি মানুহক আন বন্য জন্তু বুলি ভাবি খাবলৈ চিকাৰ কৰিছে। এনে আক্ৰমণত যিসকলে পৰিয়ালৰ আপোনজনক হেৰুৱাইছে বা এনে ঘটনা দেখিছে সেইসকলে জীৱনৰ বাকী কালছোৱা অতি আতংকত আৰু শোকত দিন কটাবলৈ বাধ্য হৈ পৰে।
হীৰাপুৰৰ পৰা ৪০ কিলোমিটাৰ দূৰৈৰ ছাওলি মৌজাৰ চান্দলি বিকে গাঁৱৰ বাসিদ্না প্ৰশান্ত ইয়েলাত্তিয়াৰ এজন তেনে লোক। ২০২২ চনৰ ১৫ ডিচেম্বৰত বাঘৰ কবলত পৰিছিল তেওঁৰ পত্নী স্বৰূপা। গাঁৱৰ আন ৫গৰাকী মহিলাই দেখিছিল কিদৰে তেওঁৰ ওপৰত প্ৰকাণ্ড বাঘটো জপিয়াই পৰি তেওঁক চোঁচৰাই টানি লৈ গৈছিল। পুৱা প্ৰায় ১১ বজাত ঘটিছিল এই অঘটন।
''মানুহজনী নোহোৱা হোৱাৰ এতিয়া ৬ মাহেই হ’ল,’’ ইয়েলাত্তিয়াৰে কয়। ''কেনেকৈ যে কি হৈ গ’ল মই একো ধৰিবই নোৱাৰিলো।’’
ইয়েলাত্তিয়াৰৰ নিজাকৈ এক একৰ মাটি আছে, তাৰ লগতে তেওঁ পথাৰত হাজিৰাও কৰে। সেইদিনা স্বৰূপা আৰু আন মহিলাসকলে গাঁৱৰেই এজনৰ পথাৰত ধান কাটিবলৈ গৈছিল। গাঁৱৰ ভিতৰলৈ থকা খেতিপথাৰতেই স্বৰূপাৰ ওপৰত জপিয়াই পৰিছিল বাঘটো। বাঘটোৱে স্বৰূপাক প্ৰায় আধা কিলোমিটাৰ দূৰৈত থকা হাবিখনলৈ টানি লৈ গৈছিল। বনকৰ্মী আৰু গাৰ্ডসকলৰ সহায়ত কেবাঘণ্টা পিছত গাঁওবাসীয়ে স্বৰূপাৰ ছিন্ন-ভিন্ন শৰীৰটো উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছিল। এনেকৈয়ে অঞ্চলটোত বাঘৰ আক্ৰমণত মৃত্যু হোৱা লোকৰ তালিকাত সোমাই পৰিছিল স্বৰূপা।
''বাঘটোক খেদিবলৈ আমি বহুত হৈ-হাল্লা কৰিছিলো, আমি কাহী-বাতি বজাইছিলো, ঢোল বজাইছিলো,’’ এইদৰে কয় সেইদিনা স্বৰূপাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ হাবিলৈ যোৱা বিস্তাৰি আল্লুৰওয়াৰে।
''ভয়ত আমাৰ পেটতে হাত-ভৰি লুকাইছিল,’’ ইয়েলাত্তিয়াৰৰ চুবুৰীয়া ৬ একৰ মাটিৰ গৰাকী সূৰ্যকান্ত মাৰুতি পাড়েৱাৰে কয়। তেওঁ আৰু কয়, 'এতিয়াও গোটেই গাঁওখনতে আতংকময় পৰিৱেশ আছেই।’’
সমগ্ৰ গাঁওখনেই ক্ষোভত ফাটি পৰিছিল, গাঁওবাসীয়ে বন বিভাগক বাঘবোৰক বন্দী কৰি বা মাৰি শান্তিত থাকিবলৈ দিয়াৰ ব্যৱস্থা কৰি দিবলৈ দাবী জনাইছিল। কিন্তু সেই প্ৰতিবাদ বেছি দিনলৈ নচলিল।
স্বৰূপাৰ মৃত্যুৰ পিছৰে পৰা আজিও কামলৈ যাবলৈ সাহক কৰিব পৰা নাই তেওঁৰ স্বামীয়ে। তেওঁ জনোৱা মতে গাঁৱৰ ওচৰে-পাজৰে আজিও বাঘ এটা ঘূৰি থাকে।
''এসপ্তাহ আগতে আমাৰ খেতি পথাৰত এটা বাঘ ঘূৰি আছিল,’’ এইদৰে কয় ৭ একৰ মাটিৰ গৰাকী ৪৯ বছৰ বসয়ীসায় দিদ্দি জগলু বাদ্দামৱাৰে। ''তেতিয়াৰে পৰা আৰু কোনেও খেতিৰ কামলৈ যাবলৈ সাহস কৰিব পৰা নাই,’’ জুলাইৰ আৰম্ভণিতে জনাইছিল তেওঁ। দীৰ্ঘদিন পিছত ভাল বৰষুণ হোৱাত খেতিৰ কাম আৰম্ভ কৰিছিলহে মাত্ৰ। ''সেই ঘটনাৰ পিছৰে পৰা এতিয়া আৰু কোনেও ৰবি শস্য কৰাৰ কথা ভাবিবই পৰা নাই।’’
পত্নীৰ মৃত্যুৰ পিছতেই প্ৰশান্তই ২০ লাখ টকাৰ সাহায্য লাভ কৰিছে। কিন্ত সেই টকাৰে মানুহজনীকতো আৰু ঘূৰাই আনিব নোৱাৰো, তেওঁ কয়। স্বৰূপাই এই সংসাৰত স্বামীৰ ওচৰত এহাল ল’ৰা-ছোৱালী এৰি গৈছে।
*****
বাঘৰ আক্ৰমণ, বন্যজন্তুৰ খেতি পথাৰ তহিলং আদিৰ দৰে ঘটনাৰে ভৰি থকা চন্দ্ৰপুৰ জিলাৰ তাড়োবা-আন্ধেৰি সংলগ্ন অঞ্চলৰ বিস্তীৰ্ণ খেতি পথাৰবোৰত ২০২২ চনত যি দশা দেখা গৈছিল সেই একেই দশা ২০২৩ চনতো অব্যাহত আছে।
এমাহ পূৰ্বে (২৫ আগষ্ট, ২০২৩) বাঘৰ আক্ৰমণৰ বলি হৈছে খেতি কৰি ভালপোৱা ষাঠিবছৰীয়া আদিবাসী মহিলা লক্ষ্মীবাই কান্নক। তাড়োবা-আন্ধেৰিৰ সীমান্তৱৰ্তী অঞ্চলৰ ভদ্ৰাৱতী মৌজাত অৱস্থিত তেওঁৰ গাঁও তেকাডিৰ নিচেই কাষতে আছে বনাঞ্চলৰ প্ৰধান প্ৰৱেশ দ্বাৰ মোহৰালি ৰেঞ্জ।
সেইদিনা সন্ধিয়া ইৰাই বান্ধৰ জলাধাৰৰ সমীপত থকা নিজৰ মাটিত বোৱাৰীয়েক সুলোচনাৰ সৈতে কাম কৰি আছিল তেওঁ। প্ৰায় ৫ বজাত সুলোচনাই হঠাৎ দেখিবলৈ পাই যে জংঘলৰ ভিতৰৰ পৰা এটা বাঘ আগুৱাই আহি আছে। চিঞৰ এটা মাৰি শাহুৱেকক সতৰ্ক কৰিবলৈ লোৱাৰ পূৰ্বেই বাঘটো জপিয়াই পৰিছিল লক্ষ্মীবাইৰ ওপৰত আৰু ডিঙিত ধৰি টানি নি বান্ধটোৰ তললৈ নামি গৈছিল বাঘটো। ভয়ত বিতত হৈ নিজৰ প্ৰাণটো মুঠিতে লৈ দৌৰি দৌৰি আহি খবৰটো গাঁওবাসীক দিছিল সুলোচনাই। ইয়াৰ কেইঘণ্টামান পিছত পানীৰ পৰা উদ্ধাৰ হৈছিল লক্ষ্মীবাইৰ নিথৰ দেহ।
গাঁওবাসীৰ ক্ষোভৰ পৰা হাত সাৰিবলৈ বন বিভাগে তৎকালীনভাৱে শেষকৃত্য সম্পন্ন কৰিবলৈ ৫০,০০০ টকা মোকলাই দিছিল আৰু কেইদিনমান পিছত চৰকাৰৰ তৰফৰ পৰা তেওঁৰ স্বামী ৭৪ বছৰীয়া ৰামৰাম কান্নকৰ হাতত প্ৰদান কৰিছিল ২৫ লাখ টকাৰ ক্ষতিপূৰণৰ চেক।
এতিয়া তেকাড়িত নিশা পহৰাৰ ব্যৱস্থা কৰা হৈছে। বাঘৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিবলৈ কেমেৰা লগোৱা হৈছে। সেয়া হ’লেও আতংকিত গাঁওবাসীয়ে এতিয়া কামলৈ যাওতে দলবান্ধি যাবলৈ লৈছে।
একেটা মৌজাৰ (ভদ্ৰাৱতী) ২০ বছৰীয়া কলেজীয়া ছাত্ৰ মনোজ নীলকান্ত খেৰেকো এই প্ৰতিনিধিয়ে লগ পাইছিল। ২০২৩ চনৰ ১ ছেপ্টেম্বৰৰ পুৱা বন-গাহৰিৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰগৰাকী।
''আমাৰ ঘৰৰ খেতি পথাৰত বন উভলাৰ কাম চাবলৈ গৈছিলো,’’ মনোজে কয়। ''তেনেতে গাহৰিটো কৰবাৰ পৰা দৌৰি আহি দাঁতেৰে খুন্দা মাৰি দিছিল।’’
ভদ্ৰাৱতী মৌজাৰেই আন এখন গাঁও পিৰলিত মোমায়েক মংগেৰ আসুতকৰেৰ ঘৰত এখন চালপীৰাত শুই থকা মনোজে সেইদিনাৰ ঘটনাটোলৈ মনত পেলাই কৈছে, 'গোটেই ঘটনাটো ৩০ ছেকেণ্ড মানতে ঘটিছিল।’’
বন-গাহৰিটোৱে বাওঁ উৰুত খুন্দা মাৰিছিল, সেই ঠাইত এতিয়া বেণ্ডেজ লাগি আছে। তাৰ পিছতে গাহৰিটোৱে উৰুৰ তলৰ পেশীত বহুত জোৰকৈ কামুৰিছিল। ফলত গোটেই পেশীটো এৰ খাই গৈছিল। ডাক্তৰে জনোৱা মতে পেশীটো ভাল হ’বলৈ হ’লে প্লাষ্টিক চাৰ্জাৰীৰ প্ৰয়োজন হ’ব। এতিয়া সেই চিকিৎসাৰ বাবে প্ৰয়োজন হ’ব বহু পৰিমাণৰ ধনৰ। ''মোৰ ভাগ্য ভাল যে মই সেইদিনা বাচি গ’লো,’’ মনোজে কয়। অৱশ্যে সেইদিনা গাহৰিটোৱে মনোজৰ বাদে আন কাকো আক্ৰমণ নকৰিলে।
হৃষ্ট-পুষ্ট চেহেৰাৰ অধিকাৰী চফল ডেকা মনোজ খেতিয়ক মাক-দেউতাকৰ একমাত্ৰ সন্তান। তেওঁৰ দুৰ্গম প্ৰান্তৰ গাঁওখনলৈ চৰকাৰী পৰিবহণৰ কোনো ব্যৱস্থা নাই। সেয়ে পিৰলিত থকা মোমায়েকৰ ঘৰত থাকি ২৭ কিলোমিটাৰ দূৰৰ ভদ্ৰাৱতীৰ চিকিৎসালয়লৈ অহা-যোৱা কৰি আছে।
মোবাইল ফোনত তুলি ৰখা সেইদিনাৰ ফটোবোৰ তেওঁ দেখুৱাইছে। সেই ফটোবোৰ চালেই বুজিব পাৰি যে কিমান ভয়াৱহ আছিল গাহৰিটোৰ সেই আক্ৰমণ।
এনেধৰণৰ আক্ৰমণৰ ঘটনাত বহু মানুহ মৰিছে, বহুজন ঘূণীয়া হৈছে। তাৰ লগতে ওচৰৰ খেতি পথাৰবোৰতো এই ঘটনাৰ প্ৰভাৱ পৰিছে বুলি জনাই চান্দলি গাঁৱৰ বাসিন্দা সমাজকৰ্মী চিন্তামন বালামৱাৰে। মাজে মাজে খেতিকৰ্মতো জড়িত হৈ অহা বালামৱাৰ কুৰ্মৰ জনজাতিৰ লোক। এই জনজাতিটোক ৰাজ্যখনত অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্যাদা দিয়া হৈছে। তেওঁ কয়, “খেতিয়কসকলে আজিকালি ৰবি শস্য কৰিবলৈ বাদেই দিছে। সকলোৱে পথাৰলৈ যাবলৈ ভয় কৰে।’’
বন্যপ্ৰাণীৰ আক্ৰমণ অথবা বাঘৰ বিচৰণে বিশেষকৈ প্ৰভাৱ পেলাইছে ৰবি শস্যৰ ওপৰত। ৰাতি ৰাতি পহৰা দিয়াতো প্ৰায় বন্ধই হৈ পৰিছে বুলিব পাৰি। এতিয়া সন্ধিয়া সময়ত দৰকাৰী কাম ওলালেও ঘৰৰ বাহিৰলৈ যাবলৈ ভয় কৰা হৈছে গাঁওবাসীয়ে। কিন্তু কিছুদিন আগলৈকে এনে সমস্যা নাছিলেই।
কাৱাথি গাঁৱৰ খেতি পথাৰত হাজিৰা কৰা আদবয়সীয়া মহিলা তথা সুধীৰৰ মাতৃ শশীকলাই ভালকৈয়ে বুজি উঠিছে যে সেই ভয়ানক দিনটোত যমৰ ঘৰৰ পৰা একপ্ৰকাৰ ঘূৰি আহিছে তেওঁৰ পুত্ৰ।
'' আজি মাঝা পোৰগা ভাচলা জি , ’’ ঈশ্বৰক ধন্যবাদ জনাই মাৰাঠি ভাষাত বাৰম্বাৰ এনেকৈ কৈ গৈছে তেওঁ। এই কথাষাৰৰ অৰ্থা হৈছে, সাক্ষাৎ যমৰ ঘৰৰ পৰা ঘূৰি আহিছে মোৰ বাছাধন। ''ইয়েই আমাৰ সকলো।’’ সুধীৰৰ দেউতাক নাই। দেউতাকৰ মৃত্যুৰ বহু বছৰ পাৰ হ’ল। ''গাহৰি নহৈ যদি সেইটো বাঘ হ’ল হয়, তেতিয়া কি হ’লহেঁতেন?’’ ভয় মিহলি চাৱনিৰে সুধীৰৰ মাতৃয়ে এতিয়া কেৱল ইয়াকেই ভাবি ৰৈছে।
অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি