“এয়া আপোনালৈ বুলি উপহাৰ,” গুমলা জিলাৰ তেঁতৰা গাওঁ পঞ্চায়তৰ সচিব টেৰেছা লাক্ৰালৈ স্থানীয় ‘হিতাধিকাৰী কমিটি’ৰ সদস্য বিহাৰী লাক্ৰাই উপহাৰ এটি আগবঢ়াই ক’লে। এনেকৈ কৈ তেওঁ ৫,০০০ টকা টেৰেছাৰ হাতত গুজি দিলে। টেৰেছাই জনাই নাছিল যে সেই উপহাৰৰ টোপোলাটো আছিল দৰাচলতে নগদ ৫,০০০ টকা। তেওঁ সেই পইচাখিনি নাপালেও – কিয়নো ঠিক সেই মুহূৰ্ততে ৰাঁচীৰ দুৰ্নীতি নিবাৰক ব্যুৰ’ (এ.চি.বি.)ৰ দল এটা খাপ পিতি ৰৈ আছিল। দুৰ্নীতি নিবাৰণ আইন, ১৯৮৮ৰ অধীনত “অবৈধ উৎকোচ” বিচৰাৰ অপৰাধত তেওঁক তাতেই গ্ৰেপ্তাৰ কৰা হয়।
এই ঘটনাই ৪৮ বৰ্ষীয় ওৰাওঁ জনজাতিৰ টেৰেছাক মানসিকভাৱে বিধ্বস্ত কৰি পেলালে। গাওঁ পঞ্চায়তখন যিটো এলেকাত অৱস্থিত, ঝাৰখণ্ডৰ বচিয়া খণ্ডৰ ৮০ হাজাৰ লোকো এই ঘটনাটোত আশ্চৰ্য্যশ্বকিত হৈ পৰিল ঠিকেই, কিন্তু ৫,০০০ টকাৰ উৎকোচ লোৱা ধৰিবলৈ ৰাঁচীৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বৰ এই ঠাইলৈ এ.চি.বি.ৰ দল এটা অহাটোক লৈ কোনোৱে আশ্চৰ্য্য প্ৰকাশ নকৰিলে। এছ.ইউ.ভি. এখনত মই সেই ঠাই পাবলৈ প্ৰায় দুঘণ্টাৰো অধিক সময় লাগিছিল। অৱশ্যে যিজন ন্যায়াধীশৰ আগত তেওঁক থিয় কৰোৱা হ’ল, তেওঁ সেই কথা মন নকৰাকৈ নাথাকিল। এ.চি.বি.ৰ দলটোক নিজে সেই ঠাইলৈ সৰু গাড়ীৰে অহা-যোৱা কৰোঁতে পাঁচ ঘণ্টামান লাগিছিল আৰু সেই যাত্ৰাতে সিমানখিনি টকা খৰচ হোৱাটো স্বাভাৱিক, অনান্য খৰচ আছেই।
এই কথাটোলৈকো কাৰো চকু নগ’ল যে টেৰেছাক সিদিনা ঘটনাস্থলী - বচিয়া খণ্ডৰ পঞ্চায়তৰ কাৰ্য্যালয়লৈ গাওঁ পঞ্চায়তৰ বিশেষ কেইগৰাকীমান সদস্যই লৈ গৈছিল। সেইকেইগৰাকী ব্যক্তিয়েই তেওঁৰ বিৰুদ্ধে সাক্ষী দিলে। এই কথাটোও মন কৰিবলগীয়া যিটো টেৰেছাই আঙুলিয়াই দিলে, “মোক তেওঁলোকে বচিয়া আৰক্ষী থানালৈ নিনিলে” – সেই থানাখন খণ্ডটোৰ পঞ্চায়তৰ কাৰ্য্যালয়ৰ ঠিক সন্মুখতে আছিল - নাটকখন হোৱা ঠাইৰ পৰা কেইটামান খোজৰ দূৰত। তালৈ নিয়াৰ পৰিৱৰ্তে “তেওঁলোকে মোক ১০-১৫ কিলোমিটাৰ দূৰৰ কামদাৰা খণ্ডৰ আৰক্ষী থানালৈ নিলে।”
সেয়া আছিল ২০১৭ চনৰ জুন মাহৰ কথা।
এতিয়া উভতি চাই দ্বাদশ শ্ৰেণী উত্তীৰ্ণ টেৰেছাই বুজি পাইছে যে “বচিয়া আৰক্ষী থানাত সকলোৱে মোক জানে। মই যে উৎকোচ নলওঁ, সেই কথাও তেওঁলোকে জানে,” সেই কাৰণতে তেওঁক তালৈ নিয়া নহ’ল। পাছত তেওঁক ৰাঁচীৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ল।
টেৰেছা লাক্ৰাই জামিন পোৱাৰ পূৰ্বে দুমাহ আৰু বাৰদিন জেলত কটাবলগীয়া হ’ল। তেওঁক গ্ৰেপ্তাৰ কৰা তিনিদিন পিছত সচিব পদ (ঝাৰখণ্ডত মুখীয়া বুলি কোৱা হয়)ৰ তেওঁক পৰা নিলম্বন কৰা হ’ল। সিদিনা তেওঁক জৰুৰী কাম থকা বুলি বাৰম্বাৰ ফোন কৰি বচিয়া গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়লৈ মাতি থকা উপ-সচিব গোবিন্দ বাৰাইক উপ-সচিব পদৰ পৰা সচিব পদত উঠিল।
তেওঁ জেলত থকা সময়চোৱাত কিছুসংখ্যক লীজ আৰু ঠিকা স্বাক্ষৰ কৰি গতোৱা হ’ল, অৱশ্যে সেয়া কিহৰ সৈতে জড়িত আছিল, সেয়া জনা নগ’ল।
*****
সেই নাটক আৰু তেওঁক গ্ৰেপ্তাৰ কৰা ঘটনাই টেৰেছা, তেওঁৰ স্বামী আৰু দুই জীয়ৰীক ক্ষোভিত কৰি তুলিলে। “ডাঙৰজনীৰ বয়স ২৫, বিয়া হৈছে,” তেওঁ আমাক কয়। সৰুজনী, ১৮ বছৰীয়া এঞ্জেলাই দ্বাদশ শ্ৰেণীত পঢ়ি আছে আৰু আগলৈ পঢ়িব বিচাৰে। টেৰেছাৰ স্বামী ৰাজেশ লাক্ৰাই ঘৰখনৰ একমাত্ৰ সদস্য যিয়ে কলেজৰ ডিগ্ৰী লাভ কৰিছে। কিন্তু বাণিজ্যৰ স্নাতক ডিগ্ৰী থকা স্বত্ত্বেও তেওঁ আৰু টেৰেছাই চহৰলৈ নগৈ তেঁতৰা গাঁৱতে খেতি কৰি থাকিবলৈ লয়।
পদৰ পৰা অপসাৰিত কৰা আৰু কাৰাবাস খাটিবলগীয়া হোৱাক লৈ মানসিকভাৱে ভাগি পৰা মুখীয়াগৰাকীয়ে অৱশ্যে হাত দাঙি দিয়া নাই। “মই ভাগি পৰিছিলো। মনত বহুত আঘাত পাইছিলো,” তেওঁ কয়। কিন্তু জেলৰ পৰা ওলাই আহি তেওঁক অভিসন্ধিত ফঁচোৱা মানুহখিনিৰ বিৰুদ্ধে তেওঁ থিয় দিলে।
“মোক সেই পদৰ পৰা আঁতৰোৱাটো অবৈধভাৱে কৰা হৈছিল,” তেঁতৰা গাওঁ পঞ্চায়তৰ একে নামৰে গাওঁখনত তেওঁ মোক কয়। আদালতৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ নৌহওঁতেই তেওঁক আঁতৰোৱা হ’ল, ৰায়দান দূৰৰে কথা। টেৰেছাই তেওঁৰ অভিযোগ ৰাজ্যিক নিৰ্বাচন আয়োগ (এছ.ই.চি.)ক অৱগত কৰিলে আৰু তেওঁক অবৈধভাৱে অপসাৰণৰ বাবে ৰাঁচীৰ আমোলা-বিষয়াক জবাবদিহি কৰালে।
“মই ৰাঁচীৰ এছ.ই.চি. আৰু আন অফিছলৈ ১২-১৪ বাৰ অহা-যোৱা কৰিছো। বহুত পইচা খৰচ হৈছে,” টেৰেছাই কয়। কিন্তু ন্যায়ৰ বাট দীঘলীয়া। অন্ততঃ তেওঁৰ ক্ষেত্ৰত। সেই কামটোত এটা বছৰ লাগিল, কিন্তু তেওঁক পুনৰাই মুখীয়াৰ সেই পদ ঘূৰাই দিয়া হ’ল। আৰু তেওঁ জেলত থকা সময়চোৱাৰ সুবিধা লোৱা গোবিন্দ বাৰাইকক তেওঁৰ স্থান দেখুৱাই দিয়া হ’ল।
এই আটাইবোৰ খৰচ বহন কৰিছিল পাঁচ একৰ বৰ্ষানিৰ্ভৰ খেতিমাটি থকা পৰিয়ালটোৱে, যিখিনি মাটিত খেতি কৰি বছৰি ২ লাখ টকাৰ বেছি উপাৰ্জন নহয়। তেওঁলোকে বজাৰত বিক্ৰীৰ বাবে ধান, ৰাগি আৰু মাটিমাহৰ খেতি কৰে। নিজে খাবলৈ চীনাবাদাম, মাকৈ, আলু আৰু পিঁয়াজৰ খেতি কৰে।
কিন্তু তেওঁক অবৈধভাৱে বৰ্খাস্তকৰণ সন্দৰ্ভত এছ.ই.চি.ৰ পৰা তেওঁ এবছৰৰো অধিক কাল যুঁজি পোৱা নিৰ্দেশপত্ৰখন তেওঁৰ বাবে একপ্ৰকাৰ সাফল্যৰ চিন আছিল।
“বচিয়াৰ খণ্ড উন্নয়ন বিষয়া (বি.ডি.অ’)য়ে ততালিকে ব্যৱস্থা হাতত ল’লে, মোক এছ.ই.চি.ৰ নিৰ্দেশনাৰ এসপ্তাহৰ ভিতৰতে মুখীয়া পদত বহুওৱা হ’ল,” টেৰেছাই ইষৎ হাঁহিৰে কয়। সেয়া আছিল ২০১৮ৰ ছেপ্টেম্বৰৰ কথা।
এনেকৈ আকস্মিকভাৱে সংকটৰ পৰা পৰিত্ৰাণ পোৱা টেৰেছাই সৰ্বমুঠ সাত বছৰৰ বাবে মুখীয়া হৈ থাকিল। ক’ভিড মহামাৰী অহাৰ সময়ত তেওঁৰ পাঁচ বছৰীয়া কাৰ্য্যকাল শেষ হ’বৰ হৈছিল। মহামাৰীৰ সময়ত পঞ্চায়ত নিৰ্বাচন স্থগিত ৰখাৰ বাবে তেওঁ আৰু দুটা বছৰ প্ৰায় ৫,০০০ জনবসতিৰ তেঁতৰা গাওঁ পঞ্চায়তৰ মুখীয়া হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থাকিল। ৰাজনৈতিক মেৰপেঁচত পৰা সেই বছৰটোকে ধৰি তেওঁৰ মুঠ কাৰ্য্যকাল মুখীয়া হিচাপে ৰাজহুৱা নথি-পত্ৰত সাত বছৰেই থাকিল।
টেৰেছাই তেওঁৰ পঞ্চায়তৰ অন্তৰ্গত সোলাংবিড়া গাঁৱত থকা পাহাৰ এখনৰ পৰা শিলৰ চিপচ্ ভাঙি পাহাৰখন ধ্বংস কৰাৰ বাবে ডাঙৰ ঠিকাদাৰ এজনে লীজ বিচাৰি তেওঁলৈ আগবঢ়োৱা ১০ লাখ টকাৰ উৎকোচ তেওঁ পোনচাটেই নাকচ কৰাৰ কথা গাঁৱৰ মানুহে জানে। কিন্তু ৫,০০০ টকাৰ উৎকোচৰ অভিযোগত তেওঁ জেল খাটিবলগীয়া হৈছে।
*****
টেৰেছাক গ্ৰেপ্তাৰ কৰাৰ যি ধৰণ, তাৰে ভালেখিনি কথা কৌতূহলজনক। ঘোচ দিয়া কোনো মানুহে কিয় ৰাজহুৱাকৈ তেওঁৰ হাতত পইচা তুলি দিব – যদিহে সেয়া পূৰ্ব-পৰিকল্পিত নহয়। আন ঠাইত কামত ব্যস্ত থকাৰ মাজতে তেওঁক কিয় উপ-সচিব গোবিন্দ বাৰাইকে বাৰে বাৰে ফোন কৰি জৰুৰী কাম থকা বুলি মাতি আছিল, তেওঁ প্ৰশ্ন কৰে।
এতিয়া সেই ‘উৎকোচ’ কি কাৰণত দিয়া হৈছিল?
“এই অংগনবাদীখন (গ্ৰামাঞ্চলৰ মাতৃ আৰু শিশুকল্যাণ কেন্দ্ৰ) বৰ শোচনীয় অৱস্থাত আছিল। পুঁজি থকা হেতুকে মই সেইখন মেৰামতি কৰালো,” টেৰেছাই কয়। এনে বিষয়ত অগংনবাদী মেৰামতি প্ৰকল্পটোৰ বাবে এখন ‘হিতাধিকাৰী কমিটি’ গঠন কৰা হয়। “এই কমিটিখনৰ এজন সদস্য আছিল বিহাৰী লাক্ৰা। কামটো সম্পূৰ্ণ হোৱাৰ পিছত পুঁজিত ৯০ হাজাৰ টকা ৰৈ গৈছিল। সেইখিনি ধন কাম সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ আমাক ঘূৰাই দিয়াৰ কথা আছিল। গোবিন্দ বাৰাইকে বচিয়া খণ্ডৰ পঞ্চায়ত কাৰ্য্যালয়লৈ জৰুৰীভাৱে আহিবলৈ মোক বাৰে বাৰে ফোন কৰি আছিল। সেয়ে মই তাত উপস্থিত হৈছিলো।”
পইচাখিনি বচিয়া বি.পি. অফিছত নাইবা তেঁতৰা গাওঁ পঞ্চায়তত ঘূৰাই দিয়াৰ কোনো কাৰণ নাছিল। তাৰোপৰি তেওঁ অফিছত সোমাবলৈ পোৱাই নাছিল, যেতিয়া বিহাৰী লাক্ৰা তেওঁৰ ওচৰলৈ আহে। তেতিয়াই তেওঁৰ হাতত ৫,০০০ টকা গুজি দিয়াৰ নাটকখন আৰম্ভ হয় – ফিংগাৰপ্ৰিণ্ট থাকি যাব পৰাকৈ নোটবোৰ ভাঁজ নকৰাকৈ দিয়া হৈছিল। সেয়াই যথেষ্ট আছিল, টেৰেছাৰ জীৱনলৈ ধুমুহা নামি আহে।
এইখিনিতে ‘উৎকোচ’ নোলোৱা ঘটনাটোৰ সৈতে আন এটা ঘটনাৰ যোগসূত্ৰ থকা যেন সহজে অনুমেয় - উৎকোচ নোলোৱাৰ।
ডাঙৰ ঠিকাদাৰজনে তেওঁক দিয়া বৃহৎ পৰিমাণৰ উৎকোচৰ সৈতে টেৰেছাই এই ঘটনাটোৰ যোগসূত্ৰ বিচাৰি উলিয়াইছে। অৱশ্যে তেওঁ পঞ্চায়তৰ সদস্যসকলৰ সমালোচনাৰ ক্ষেত্ৰত সৰৱ। বোধহয় ঠিকাদাৰজন ৰাষ্ট্ৰীয় পৰ্য্যায়ত দখল থকা এজন ৰাজনৈতিক নেতাৰ সৈতে সু-সম্পৰ্কত থকা বাবে তেওঁ কথা কোৱাৰ ক্ষেত্ৰত হিচাবী হ’বলগীয়া হৈছে।
“ৰাস্তা বনোৱা আৰু এনে কিছুমান ডাঙৰ ডাঙৰ প্ৰকল্প আছিল,” টেৰেছাই কয়। “তেওঁলোকে আমাৰ এলেকাৰ পাহাৰখনৰ পৰা শিল ভাঙি আনিছিল আৰু তাৰ বিৰুদ্ধে মই আমাৰ মানুহখিনিক সজাগ কৰিলো। নহ’লে তেওঁলোকে গোটেই পাহাৰখনেই শেষ কৰি পেলালেহেঁতেন। মোৰ চকুৰ আগত সেয়া মই হ’ব দিব পৰা নাছিলো।” তেওঁলোকে আনকি গাওঁসভাৰ পৰা অনুমতি লাভ কৰা বুলি এখন নথিও তেওঁক দেখুৱাইছিল।
“তাত বহু মানুহৰ চহী আছিল, আনকি নিৰক্ষৰ মানুহ, যিয়ে কলম ধৰিবও নাজানে, তেনে কিছুমানৰো চহী আছিল,” তেওঁ মিচিকিয়াই হাঁহি কয়। গোটেই কাৰবাৰটো জালিয়াতি আছিল। কিন্তু আমি বিবুদ্ধিত পৰিছিলো। তেওঁলোকে মুখীয়াজনক নমতাকৈ কেনেকৈ গাওঁসভাৰ বৈঠক আয়োজন কৰিব পাৰে? তেওঁক মাতিব নালাগিছিলনে?
তেতিয়াই চানি নামে সেই অঞ্চলৰ সমাজকৰ্মী এজনে মোক বুজালে যে আমি পি.ই.এছ.এ. এলেকাত আছো। তাৰমানে অনুসূচিত এলেকালৈ পঞ্চায়ত সম্প্ৰসাৰণ আইন, ১৯৯৬ৰ অধীনত এই অঞ্চল পৰে। “ইয়াত গাঁৱৰ পৰম্পৰাগত গাওঁবুঢ়াজনে গাওঁসভাৰ আয়োজন কৰিব পাৰে,” তেওঁ কয়। সি যি কি নহওক, টেৰেছাই সেই নথিখন ভুৱা বুলি নাকচ কৰে।
তাৰপিছত আহিল উৎকোচৰ পাল – ডাঙৰ ঠিকাদাৰজনৰ আঙুলিৰ ঠাৰত চলা লোকৰ পৰা, ১০ লাখ টকাৰ। টেৰেছাই সেয়া পোনচাটে নাকচ কৰিলে। তেওঁক পইচাৰে কোনোবাই কিনিব পাৰিব বুলি ভবা কথাটোত তেওঁৰ খঙো উঠিল।
আৰু তাৰে ৩-৪ মাহ পিছত ‘উৎকোচ’ৰ জাল এখন তেওঁৰ বাবে পতা হ’ল। ইয়াৰ পৰিণতিত ঠিকাদাৰজনে অঞ্চলটোৰ দুখন পাহাৰৰ এখন লীজত পালে।
মন কৰিবলগীয়া যে টেৰেছাই সচৰাচৰ মানুহে দিয়া কোনো উপহাৰ নাইবা কিবা ধন-বিত আদি কোনোদিনে গ্ৰহণ নকৰে বুলি কয়। “মই কেতিয়াও পইচা বিচৰা নাই,” তেওঁ কয়। “ইয়াত এনে প্ৰকল্পবোৰত উপহাৰ আদি দিয়া-লোৱা চলে। মইও,” তেওঁ সততাৰে কয়, “সেয়া মানি লওঁ।” কেৱল ঝাৰখণ্ডতেই নহয়, এনে লেন-দেনত উপহাৰ দিয়াৰ পৰম্পৰা আছে। উপহাৰ ভিন্ন প্ৰকাৰৰ হ’ব পাৰে – কিন্তু সকলো ৰাজ্যতেই এয়া চলে। এনেকুৱা মুখীয়া বা ব্যক্তি নথকা নহয়, যিয়ে এনে কোনোধৰণৰ উপহাৰ গ্ৰহণ নকৰে, কিন্তু সেয়া ব্যতিক্ৰম।
টেৰেছাই তেওঁক এনেদৰে ষড়যন্ত্ৰ কৰি ফচোৱা ব্যক্তিসকলৰ বিৰুদ্ধে যুঁজি আহিছে যদিও তেওঁৰ সমস্যাৰ অন্ত এতিয়াও পৰা নাই। তেওঁক এই ষড়যন্ত্ৰত ফচোৱা ছবছৰ হ’ল, আইনী গোচৰ চলি আছে। ইয়ে তেওঁৰ শাৰীৰিক আৰু মানসিক শক্তিক্ষয় কৰিছে। তেওঁক সহায়ৰ প্ৰয়োজন – কিন্তু সেই সহায় ক’ৰ পৰা আহে, তাকে লৈ সাৱধান থাকিব লাগিব।
হাতত উপহাৰৰ টোপোলা লৈ ফুৰা ঠিকাদাৰৰ পৰা সতৰ্ক হৈ থাকিবলৈ তেওঁ শিকিছে।
বেটুপাতৰ ফটো: পুৰুষোত্তম ঠাকুৰ
অনুবাদ; পংকজ দাস