তিনিটা আঙুলি, এখন ভিজা বৰ্গাকাৰ কাপোৰ আৰু এক মৃদু স্পৰ্শ৷ ‘‘মই অতিশয় সাৱধানেৰে বনাবলগীয়া হয়৷’’
অন্ধ্ৰপ্ৰদেশৰ সমুদ্ৰতীৰৰ জনপ্ৰিয় মিঠাই – পুথাৰেকুৰ বিষয়ে বিজয়াই কৈ যায়৷ চাউলৰ মাৰৰ স্বচ্ছ আৰু একেবাৰে পাতল পাট আৰু গুড়, শুকান ফলৰ সৈতে প্ৰস্তুত কৰা এই মিঠাইবিধ উৎসৱৰ বতৰত খুব বিক্ৰী হয়৷ মিঠাই নিৰ্মাণত সিদ্ধহস্ত বিজয়াই প্ৰতিদিনে প্ৰায় ২০০ ৰেকু প্ৰস্তুত কৰে আৰু স্থানীয় মিঠাইৰ দোকানবোৰে সেয়া তেওঁৰ পৰা সংগ্ৰহ কৰে৷ ‘‘পুথাৰেকু প্ৰস্তুতিৰ সময়ত মই বিশেষভাৱে মনোযোগ দিবলগীয়া হয়৷ সেই সময়ত মোৰ আনৰ সৈতে কথা পতাৰো সময় নাথাকে,’’ বিজয়াই পাৰিক এইদৰে কয়৷
‘‘মোৰ ঘৰৰ যিকোনো উৎসৱ-পাৰ্বন বা বিশেষ কোনো উপলক্ষত এই পুথাৰেকুলু থকাটো অপৰিহাৰ্য্য,’’ জি ৰামকৃষ্ণই এইদৰে কয়৷ আত্ৰেয়াপুৰমৰ নিবাসী জি ৰামকৃষ্ণই মিঠাইৰ কেইখনমান দোকানত মিঠাইৰ বাকচ পেকিঙত সহায় কৰে৷ প্ৰথমে দেখাত এয়া কাগজ এখিলা যেনেই লাগিব, আপুনি হয়তো কাগজ খোৱা বুলিও ভাবিব পাৰে ৷
কিন্তু যেতিয়া একামোৰ মৰাৰ লগে ই মুখত যেনেদৰে পমি যায়, মই নাভাবো যে এই সংসাৰত ইয়াতকৈও আন কিবা সুস্বাদু মিঠাই থাকিব পাৰে,’’ গৌৰৱেৰে তেওঁ কৈ যায়৷
এয়া অন্ধ্ৰ প্ৰদেশৰ ড. বি আৰ আম্বেদকাৰ কোনাচীমা জিলাৰ চাউল, য’ৰ পৰা এই সুস্বাদু মিঠাইবিধ প্ৰস্তুত কৰা হয় ৷ ‘‘এই চাউলবিধ খুব আঠালেটীয়া হয়, সেয়ে ৰেকু [পৃষ্ঠ] প্ৰস্তুতিৰ বাহিৰে অন্য কোনো কামত ব্যৱহাৰ কৰা নহয়,’’ ৰামচন্দ্ৰপুৰম ব্লকৰ আত্ৰেয়াপুৰম জিলাৰ বাসিন্দা কায়েলা বিজয়া কোটাই এইদৰে কয়৷ ২০২৩ বৰ্ষত আত্ৰেয়াপুৰমৰ পুথাৰেকু ই ভৌগোলিক সূচক (জিআই) টেগ লাভ কৰিছে৷ ১৪ জুন ২০২৩ তাৰিখে বিশাখাপট্টনমৰ ছাৰ আৰ্থাৰ কটন আত্ৰেয়াপুৰম পুথাৰেকুলা মেনুফেকচাৰ্ছ ৱেলফেয়াৰ এছ’ছিয়েচনক এই জিআই টেগৰ স্বীকৃতি প্ৰদান কৰা হয়৷
ৰাজ্যখনৰ তৃতীয়বিধ খাদ্যসামগ্ৰী হিচাপে পুথাৰেকুক এই জিআই টেগ প্ৰদান কৰা হৈছে (আন দুবিধ খাদ্য-সামগ্ৰী হৈছে তিৰুপতি লাডু আৰু বান্দৰ লাডু)৷ অন্ধ্ৰ প্ৰদেশৰ ২১ বিধ সামগ্ৰীয়ে বিভিন্ন শাখা যেনে হস্তশিল্প, খাদ্য সামগ্ৰী, কৃষিজাত আৰু অন্যান্য ক্ষেত্ৰত জিআই টেগ লাভ কৰিছে৷ যোৱা বছৰ পুথাৰেকুৰ সৈতে গোৱাৰ বেবিনকা মিঠায়েও জিআই টেগ লাভ কৰিছে৷ ইয়াৰ পূৰ্বে মোৰেনাৰ গজক আৰু মুজাফৰনগৰৰ গুড়েও জিআই টেগৰ স্বীকৃতি লাভ কৰিছে৷
অভিজ্ঞ মিঠাই নিৰ্মাতা বিজয়াই এই ৰেকু ২০১৯ চনৰ পৰাই নিৰ্মাণ কৰি আহিছে আৰু এই কামত অতিশয় মনোযোগৰ প্ৰয়োজন হয় বুলি তেওঁ কয়৷ ‘‘কিন্তু মই অন্য মিঠাই প্ৰস্তুতিৰ সময়ত মুকলিভাৱে মানুহৰ সৈতে কথা পাতিব পাৰো কিয়নো সেইবোৰৰ প্ৰস্তুতি প্ৰক্ৰিয়া সহজ।’’ তেওঁ পৰিয়ালৰ লোকসকলৰ বাবে সুনুডালু , কোভা আৰু অন্যান্য মিঠাই প্ৰস্তুত কৰে৷ সুনুডালু হ’ল ভজা মাটিমাহৰ দাইলৰ মিহি গুড়ি আৰু ঘিউৰ সৈতে চেনী বা গুড়েৰে প্ৰস্তুত কৰা এবিধ লাডু৷
‘‘মই মোৰ পৰিয়ালৰ বাবে কিছু পইচা উপাৰ্জন কৰিবলৈ বিচাৰিছিলো৷ অন্য কোনো কাম নথকাত মই এই মিঠাই বনোৱা কামত নিয়োজিত হ’লো,’’ বিজয়াই মিঠাইৰ দোকানবোৰত কিদৰে ৰেকু বিক্ৰীৰ কামত জড়িত হ’ল সেই বিষয়ে কৈ যায়৷ তেওঁ বিক্ৰীৰ বাবে অন্য মিঠাই প্ৰস্তুত নকৰে৷
মাহৰ আৰম্ভণিতে তেওঁ স্থানীয় দোকানৰ পৰা ৫০ কিলোগ্ৰাম খোলা চাউল ক্ৰয় কৰে৷ পুথাৰেকুলু প্ৰস্তুতিৰ বাবে কেৱল জয়া বিয়ম চাউলৰ প্ৰয়োজন হয় আৰু এই চাউলৰ দাম প্ৰতি কিলোগ্ৰামত ৩৫ টকা৷ ‘‘এই চাউল এবাৰ ৰন্ধাৰ পিছত খুব আঠালেটীয়া হৈ পৰে আৰু ৰেকু প্ৰস্তুতিৰ বাদে ইয়াক অন্য কামত ব্যৱহাৰ কৰিব নোৱাৰি,’’ বিজয়াই এইদৰে কৈ যায়৷
পুৱা ৭ বজাৰ পৰা তেওঁ মিঠাই প্ৰস্তুতিৰ কামত ব্যস্ত হৈ পৰে৷ প্ৰথমে তেওঁ আধা কিলোগ্ৰাম জয়া বিয়ম ভালদৰে ধুই কমেও আধা ঘণ্টা তিয়াই থৈ ৰেকু প্ৰস্তুতিৰ কাম আৰম্ভ কৰে৷
বিজয়াৰ সন্তানকেইটাই বিদ্যালয়লৈ যোৱাৰ পিছত তেওঁ তিওৱা চাউলখিনি মিহিকৈ গুড়ি কৰি ডাঠ মণ্ড প্ৰস্তুত কৰে৷ ইয়াক বাটি এটাত ঢালি এখন কাঠৰ সৰু টুলত থৈ তেওঁৰ ঘৰৰ বাহিৰৰ কৰ্মক্ষেত্ৰত থৈ আহে৷
অৱশেষত পুৱা প্ৰায় ৯ মান বজাত বিজয়াই তেওঁৰ সেই কৰ্মক্ষেত্ৰৰ পৰা এবিধ বিশেষ ছিদ্ৰযুক্ত ওলোটা পাত্ৰৰ সহায়ত ৰেকুলু প্ৰস্তুতিৰ কাম আৰম্ভ কৰে৷ ‘‘এই পাত্ৰবিধ কেৱল এইটো অঞ্চলত পোৱা মাটিৰেহে নিৰ্মাণ কৰা হয়৷ অন্য পাত্ৰ বা বাচন ব্যৱহাৰ কৰা নহয়৷ ৰেকুৰ এই ওলোটা আকাৰটো এই পাত্ৰবিধৰ সহায়তহে প্ৰস্তুত কৰা হয়,’’ তেওঁ এইদৰে বৰ্ণনা কৰে৷
পাত্ৰটোৰ তলৰফালে নাৰিকলৰ শুকান পাত জ্বলাই দি তপতোৱা হয়৷ ‘‘নাৰিকল পাতে [অন্য পাতৰ তুলনাত] সোনকালে জ্বলি অহৰহ তাপ দিয়ে৷ উপযুক্ত পাত্ৰ আৰু তাপ অবিহনে ৰেকু প্ৰস্তুত কৰিব নোৱাৰি,’’ তেওঁ এইদৰে কয়৷
‘‘এই পাত্ৰটোৰ মূল্য ৩০০ টকাৰ পৰা ৪০০ টকাৰ ভিতৰত৷ মই প্ৰতি দুই-তিনিমাহৰ মূৰে মূৰে ইয়াক সলনি কৰো৷ অৱশ্যে ইয়াতকৈ অধিক দিন এই পাত্ৰটোৱে কাম নিদিয়েও,’’ তেওঁ লগতে কয়৷ বিজয়াই প্ৰতি দুসপ্তাহৰ মূৰে মূৰে স্থানীয় বজাৰৰ পৰা নাৰিকলৰ পাতৰ ডাল ক্ৰয় কৰে৷ প্ৰতিটো ডালত ২০-৩০ টকাকৈ তেওঁ ৫-৬ টা ডাল ক্ৰয় কৰে৷
বিজয়াৰ ওলোটা পাত্ৰটো গৰম হোৱাৰ লগে লগে তেওঁ এখন চাৰিকোণীয়া পৰিষ্কাৰ কাপোৰ ভিজাই পাত্ৰটো তিয়াই লয়৷ এই কামৰ বাবে তেওঁ এখন কপাহী কাপোৰ (তেওঁৰ শাড়ীৰ পৰা অথবা অন্য কাপোৰৰ পৰা) ধুই ব্যৱহাৰ কৰে৷ তেওঁ জুলীয়া পিঠা গুড়িখিনি এখন ডাঙৰ প্লেটত ঢালি দিয়ে আৰু তাত কাপোৰৰ টুকুৰাটো ডুবাই দিয়ে৷
ইয়াৰ পিছত বিজয়াই অতিশয় সাৱধানতাৰে কাপোৰ টুকুৰা উলিয়াই আনি তাত লাগি থকা জুলীয়া পিঠা গুড়িখিনি সেই ওলোটা পাত্ৰটোৰ ওপৰত দিয়ে৷ যথেষ্ট পৰিমাণৰ ধোঁৱাৰ সৈতে নিমিষতে এটা পাতল ধূসৰ বগা বৰণৰ স্বচ্ছ প্ৰলেপ এটাৰ সৃষ্টি হয়৷
ইয়াৰ পিছৰ পৰ্যায়টোত যথেষ্ট আলসুৱা স্পৰ্শৰ আৱশ্যক হয় ৷ তিনিটা আঙুলি ব্যৱহাৰ কৰি বিজয়াই পাত্ৰটোৰ পৰা সেই ৰেকু উঠাই আনে৷ ‘‘পাত্ৰটোৰ পৰা বিচ্ছিন্ন কৰাটোৱেই অতিশয় কঠিন পৰ্যায়৷ যদি ই ভাঙি যায় তেন্তে সেইটোৰ আৰু কাম নাই৷ সেয়ে মই অতিশয় সাৱধান হ’বলগীয়া হয়,’’ এনেদৰে তেওঁ সেইখিনি অতি নিপুণতাৰে কাষতে দ’ম কৰি থয়৷ এঘণ্টাৰ ভিতৰতে তেওঁ ৯০ৰ পৰা ১০০ খন ৰেকু প্ৰস্তুত কৰিব পাৰে আৰু প্ৰায় দুই-তিনিঘণ্টাৰ ভিতৰতে তেওঁ ১৫০-২০০ খন ৰেকু প্ৰস্তুত কৰি তোলে৷ উৎসৱৰ সময়ছোৱাত এই সংখ্যা ৫০০ লৈ বৃদ্ধি পায় আৰু তেওঁ সেই অনুসাৰে জুলীয়া পিঠা গুড়িও প্ৰস্তুত কৰে ৷
আত্ৰেয়াপুৰমত বহু মহিলাই ৰেকুলু প্ৰস্তুত কৰে, অধিকাংশই ঘৰতে প্ৰস্তুত কৰে যদিও কিছুমানে দোকানতো ইয়াক প্ৰস্তুত কৰে৷
৫৪ বৰ্ষীয়া ভি. শ্যামলাই আত্ৰেয়াপুৰমৰ বাছ ষ্টেণ্ডৰ কাষতে থকা কে কে নেথি পুথাৰেকুলু নামৰ দোকান এখনত কাম কৰে৷ তেওঁ দোকানখনৰ পৰা চাৰি কিলোমিটাৰ দূৰৈত কাম কৰে আৰু যোৱা ২৫-৩০ বছৰ ধৰি এই মিঠাই নিৰ্মাণৰ কামত জড়িত হৈ আছে৷ শ্যামলাই এই ৰেকু প্ৰস্তুতিৰ কাম বিজয়াৰ দৰে ঘৰতেই আৰম্ভ কৰিছিল ৷ ‘‘মই এদিনত ১০০ খন ৰেকু প্ৰস্তুত কৰি ২৫-৩০ টকাকৈ পাইছিলো,’’ তেওঁ পুৰণি কথা সোঁৱৰণ কৰি এইদৰে কয়৷ তেওঁ এতিয়া চেনী, গুড়, শুকান ফল, কিছু পৰিমাণৰ ঘিউ আৰু অন্যান্য সামগ্ৰীৰে ৰেকু মেৰিয়াই পুথাৰেকু প্ৰস্তুতিৰ অন্তিম পৰ্যায়ত উপনীত হৈছে৷ শ্যামলাই তেওঁৰ কৰ্মক্ষেত্ৰলৈ ‘‘আঁঠুৰ বিষ’’ৰ বাবে খোজ কাঢ়ি আহিবলৈ সমস্যা পোৱা বুলি জনায়৷ সেয়ে তেওঁৰ ল’ৰাটোৱে তেওঁক প্ৰতিদিনে দোকানত থৈ যায়৷
তেওঁ কে কে নেথি পুথাৰেকুলু দোকানৰ পিছফালে থকা সৰু ঠাইটুকুৰালৈ আহি পোৱাৰ পিছত এখন লোহাৰ টুল নিজৰ কাষলৈ টানি লয়, তাৰ পিছত তেওঁ নিজৰ শাড়ীখন ঠিক কৰি সূৰ্যৰ পোহৰে আমনি নকৰাকৈ এডোখৰ ঠাইত বহি লয়৷ তেওঁৰ পথৰ ফালে মুখ কৰি বহে য’ৰ পৰা মানুহবোৰে তেওঁ পুথাৰেকু প্ৰস্তুত কৰি থকা দেখা পায়৷
শ্যামলাই স্তূপৰ পৰা সাৱধানে এখন ৰেকু তুলি লয় আৰু তাত পৰ্যাপ্ত পৰিমাণে ঘিউ সানে৷ তাৰ ওপৰত তেওঁ গুড়ৰ পাউদাৰ ছটিয়াই দিয়ে৷ ‘‘এখন প্লেইন পুথাৰেকুৰ বাবে এইখিনি উপাদানেই যথেষ্ট,’’ তাৰ ওপৰত ৰেকুখনৰ আধা অংশ জাপি দি তেওঁ কৈ উঠে৷ তাৰ পিছত তেওঁ অতি সাৱধানে ইয়াক ভাঁজ কৰে যাতে ভিতৰৰ উপাদানবোৰ ওলাই নপৰে, এখন পুথাৰেকু ভাঁজ কৰিবলৈ তেওঁক এক মিনিটতকৈ সামান্য অধিক সময়ৰ প্ৰয়োজন হয়৷ সেইবোৰ পৰম্পৰাগতভাৱে দীঘলীয়া আয়তাকাৰ আকৃতিত ভাঁজ কৰা হয় যদিও ছিংৰাৰ দৰে তিনিকোণীয়া আকৃতিতো ভাঁজ কৰিব পাৰি৷
ছিংৰাৰ আকৃতিত ভাঁজ কৰা প্ৰতিটো পুথাৰেকুৰ বাবে শ্যামলাই অতিৰিক্ত তিনি টকাকৈ পায়৷ ‘‘ছিংৰাৰ আকৃতিত ভাঁজ কৰিবলৈ মই খুব টান পাওঁ৷ ৰেকু যাতে ভাঙি নাযায়, তাৰবাবে মই খুব সাৱধান হ’ব লাগে,’’ তেওঁ এইদৰে কয়৷
‘‘মোৰ মতে কেৱল চেনী অথবা গুড়েই হ’ল পুথাৰেকুৰ প্ৰকৃত উপাদান৷ আমাৰ গাঁৱত এই ৰেচিপি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছে,’’ মিঠাইত শুকান ফল দিয়াটো কিছুক্ষেত্রত নতুন পৰম্পৰা বুলি শ্যামলাই কয়৷
দেওবাৰৰ বাহিৰে সপ্তাহটোৰ আটাইকেইটা দিনেই শ্যামলাই দোকানখনৰ গৰাকী – কাশনী নাগাছাথ্যৱতী (৩৬)ৰ সৈতে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কাম কৰে৷ কামৰ বাবে প্ৰতিদিনে তেওঁ ৪০০ টকাকৈ লাভ কৰে৷ পুথাৰেকু ই জিআই টেগ লাভ কৰাৰ পিছতো কামৰ এই মাননি বিগত তিনিটা বছৰ ধৰি পৰিৱৰ্তন হোৱা নাই৷
আত্ৰেয়াপুৰমৰ পুথাৰেকুই জিআই টেগ লাভ কৰাৰ পিছতো বিজয়া, শ্যামলাৰ দৰে কৰ্মীসকলৰ জীৱনত একো প্ৰভাৱ পৰা নাই৷ জিআই টেগ লাভ কৰাৰ পিছতো তেওঁলোকৰ দৈনিক মজুৰি বৃদ্ধি পোৱা নাই৷ ইয়াৰ বিপৰীতে কিন্তু দোকানৰ গৰাকী আৰু অন্যান্য ডাঙৰ ব্যৱসায়ীসকলে ভালেই উপাৰ্জন কৰি আছে বুলি তেওঁলোকে জানিবলৈ দিয়ে৷
অন্ধ্ৰ প্ৰদেশ আৰু তেলাংগনাত পুথাৰেকু সদায়েই জনপ্ৰিয় হৈ আহিছে বুলি সত্যাই কয়৷ ‘‘কিন্তু এতিয়া অধিকাংশ লোকে ইয়াৰ বিষয়ে জনা হৈছে৷ পূৰ্বে অন্যান্য ৰাজ্যৰ লোকক আমি পুথাৰেকু কি হয় সেয়া বুজাব লাগিছিল৷ এতিয়া ইয়াক পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই,’’ তেওঁ কয়৷
সত্যা ছাৰ আৰ্থাৰ কটন আত্ৰেয়াপুৰম মেনুফেকচাৰ্ছ ৱেলফেয়াৰ এছ’ছিয়েচনৰ আন এগৰাকী কৰ্মী৷ বিগত ১০ বছৰ ধৰি এই সংস্থাটোৱে পুথাৰেকুৰ বাবে জিআই টেগ দাবী কৰি আহিছিল আৰু অৱশেষত ২০২৩ বৰ্ষৰ জুন মাহত তেওঁলোকে এই স্বীকৃতি লাভ কৰে৷ ‘‘এয়া আমাৰ সমগ্ৰ গাঁওবাসীৰ বাবে গৌৰৱৰ ক্ষণ আছিল ৷’’
আটাইবোৰ দোকানতে মিঠাইবিধৰ চাহিদা বৃদ্ধি পাইছে বুলি সত্যাই জানিবলৈ দিয়ে৷ ‘‘আমাৰ অধিকাংশ অৰ্ডাৰেই ১০ৰ পৰা ১০০টা বাকচৰ বাবে আহে,’’ তেওঁ কয়৷ প্ৰতিটো বাকচত ১০টাকৈ পুথাৰেকুলু থাকে৷
‘‘দিল্লী, মুম্বাইকে ধৰি বহু ঠাইৰ লোকে ইয়াৰ অৰ্ডাৰ দিয়ে,’’ তেওঁ কয়৷ ‘‘আমাৰ গাঁৱত প্ৰতিটো পুথাৰেকুৰ মূল্য ১০-১২ টকা হোৱাৰ বিপৰীতে তেওঁলোকে [বাহিৰৰ ডাঙৰ দোকানবোৰে] একোটা মিঠাইৰ বাবে ৩০ টকাতকৈও অধিক মূল্য ধাৰ্য কৰে,’’ তেওঁ এইদৰে কয়৷
‘‘জিআই টেগৰ স্বীকৃতি লাভ কৰাৰ পিছতো ইয়াৰ মূল্য পৰিৱৰ্তন হোৱা নাই,’’ সত্যাই কয়৷ ‘‘দহ বছৰ পূৰ্বে একোটা পুথাৰেকুৰ মূল্য ৭ টকামানেই আছিল,’’ তেওঁ কয়৷
‘‘যোৱা সপ্তাহত ডুবাইৰ পৰা এগৰাকী মহিলা মোৰ দোকানলৈ আহিছিল৷
মই তেওঁক পুথাৰেকুলু
প্ৰস্তুতিৰ প্ৰক্ৰিয়া দেখুৱাইছিলো আৰু
তেওঁ বিস্মিত হৈ পৰিছিল৷ মিঠাইখিনি তেওঁৰ মুখৰ ভিতৰতে কিদৰে পমি গৈছিল সেয়া তেওঁ বিশ্বাসেই
কৰিব পৰা নাছিল৷ তেওঁ ইয়াক এটা কলা বুলি কৈছিল৷ সঁচা কথা ক’বলৈ গ’লে, মই তেনেকৈ কেতিয়াও
ভবা নাই৷ কিন্তু এয়া সঁচা কথা যে ৰেকু প্ৰস্তুত কৰা আৰু বছৰজুৰি সেইবোৰ ইমান নিখুঁতভাৱে
ভাঁজ কৰা কামটোত আন কোনো সিমান পাকৈত নহয় বুলি আমাৰ মনে ধৰে,’’ তেওঁ কয়৷
ৰং দেৰ অনুদানৰ সহযোগত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছ ৷
অনুবাদক: মনোৰঞ্জন মজুমদাৰ