মাৰহাই মাতাৰ মন্দিৰটোৰ চাৰিফুট ওখ দুৱাৰখন খোল খালে সকলো উপাসকেই মুৰ দোৱাবলৈ বাধ্য। দেৱীৰ প্ৰতি এনে সকলো এনেকৈ ভক্তমন্ত হোৱাৰ কাৰণ আছে। দেৱীৰ চৰণত সেৱা জনালেই ভাল হৈ যায় ৰোগ। নিৰাময়ৰ এই অপাৰ শক্তিৰ বাবেই মাৰহা গাঁৱৰ লগতে আশে-পাশে থকা বহু গাঁৱৰ পৰা তালৈ লোকৰ আগমন ঘটে।

“আপোনাৰ পৰিয়ালৰ যদি কোনোবা অসুস্থ, তেন্তে আহক আৰু ভাগৱতীৰ ওচৰত প্ৰাৰ্থনা জনাওক,” বাবু সিঙে কয়। বটগছজোপাৰ তলত তেঁৱো আনসকলৰ দৰেই পূজা আৰম্ভ হোৱালৈ অপেক্ষা কৰিছে। ভাগৱতী এই মন্দিৰৰ দেৱী। “তেৰাই সকলো সমস্যাৰ সমিধান দিব – সেয়া লাগিলে বেমাৰ-আজাৰেই হওঁক বা ভুত-প্ৰেত বা ডাইনী,” তেওঁ বৰ আস্থাৰে কথাষাৰ কয়।

আজি বুধবাৰ আৰু এই দিনটো বিশেষ। আজি মন্দিৰৰ পাণ্ডাগৰাকীৰ গাত দেৱী লম্ভিব। তেওঁৰ যোগেদি দেৱীয়ে ভক্তসকলৰ সমস্যাৰ সমিধান দিব, ঘাইকৈ স্বাস্থ্যসম্পৰ্কীয়।

দেৱীৰ উপাসনাৰ বাবে অহাসকল ঘাইকৈ পুৰুষ - গাহদ্ৰা, কোনি, কুড়ন, খামৰি, মাঝলি, মাৰহা, ৰাকেশা আৰু কাঠেৰি বিলহাতাৰ। কিন্তু মুৰত ওৰণি লৈ কেইগৰাকীমান মহিলাও তাত আছে।

“আত গাওঁ কে লৌগ আতে হ্যে (আঠখন গাঁৱৰ মানুহ ইয়ালৈ আহে),” সন্ধিয়া বাঢ়ি অহা ব্যস্ততাৰ মাজতে মন্দিৰটোৰ পুৰোহিত ভাইয়া লাল আদিবাসীয়ে কয়। গোণ্ড আদিবাসী সম্প্ৰদায়ৰ লোকজনৰ পৰিয়ালটোৱে ভালেকেইটা প্ৰজন্ম ধৰি দেৱীৰ সেৱা কৰি আহিছে।

PHOTO • Sarbajaya Bhattacharya
PHOTO • Sarbajaya Bhattacharya

বাওঁফালে: মন্দিৰৰ দৃশ্য। সোঁফালে: প্ৰৱেশদ্বাৰ

PHOTO • Priti David
PHOTO • Sarbajaya Bhattacharya

বাওঁফালে: মন্দিৰৰ পুৰোহিত ৰঙা চোলা পৰিহীত ভাইয়া লাল আদিবাসী আৰু আন ভক্তসকল। সোঁফালে: মন্দিৰ প্ৰাংগণৰ পবিত্ৰ তৰুৰ তলত নীলেশ তিৱাৰী

মন্দিৰৰ ভিতৰত এদল মানুহে ঢোল, হাৰমনিয়ামকে ধৰি বিভিন্ন বাদ্যযন্ত্ৰ বজাই ৰীম-সীতাৰ নাম লৈছে।

এটা চুকত আছে এটা সহজে চকুত নপৰা এটা পাত্ৰ, তাৰ ওপৰত এখন প্লেট। “থালি বজেগী আজ (আজি সিহঁতে থালি বজাব),” পান্নাৰ বাসিন্দা নীলেশ তিৱাৰীয়ে থালিখনলৈ আঙুলিয়াই দি কয়, যিখন এতিয়া নীৰৱ।

ভাইয়া লালে মন্দিৰৰ ভিতৰত সোমাই দেৱীৰ সন্মুখত বহি লৈছে। তেওঁৰ লগত বহিছে প্ৰায় ২০ জন মান মানুহ। সেয়ে তেওঁ ঠাই মিলাবলৈ অলপ অগা-পিছা কৰি থাকিবলগীয়া হৈছে। হঠাতে থালিৰ শব্দৰে গোটেই ঠাইখন ৰজনজনাই গ’ল। সকলোৱে থালি বজাইছে, ধূপৰ ধোঁৱা উৰিছে। এনে এক পৰিৱেশতে পুৰোহিতৰ ৰূপত দেৱীৰ আৱিৰ্ভাব ঘটে।

সংগীত তুংগত উঠে মানে পাণ্ডাই দুই ভৰিত থিয় দিয়ে। এতিয়া আৰু বুজা গ’ল যে পাণ্ডাজনৰ গাত দেৱী লম্ভিছে। মানুহৰ মাজত হৈ চৈ লাগিল, কোনে আগতে তেওঁলোকৰ প্ৰশ্নৰ সমিধান পাব পাৰে। ভাইয়া লালৰ কাণত মানুহে ফুচফুচাই নিজৰ সমস্যাৰ কথা কৈছে আৰু তেওঁ এমুঠি চাউল হাতত লৈছে। সেয়া তেওঁ পুৰোহিতৰ সন্মুখত মজিয়াত পেলাই দিছে আৰু আৰু সেই সংখ্যাৰে সুখ বা হতাশাৰ সঁহাৰি এটা নিৰ্ণয় কৰা হৈছে।

ভক্তই ধূপকাঠিৰ ছাঁই সংগ্ৰহ কৰিছে। সেয়া তেওঁলোকৰ মতে পবিত্ৰ। ৰোগ নিৰাময়ৰ আশাত সেয়া তেওঁলোকে খাইছে। মধাই মাতাৰ প্ৰসাদত নিৰায়মৰ অপাৰ শক্তি আছে, তেওঁলোকে বিশ্বাস কৰে। “মই যিমানদূৰ জানো, এই প্ৰসাদ কেতিয়াও ব্যৰ্থ যোৱা নাই,” পাণ্ডাগৰাকীয়ে হাঁহি এটা মাৰি ক’লে।

ইয়াত উপাসনাৰ বাবে অহা লোকে কয় যে নিৰাময়ত আঠ দিন লাগে। তাৰ লগে লগে ভাইয়া লালে যোগ দিয়ে, “আপুনি দেৱীক যি পাৰে দিব পাৰে: নাৰিকল বা আঠৱায়ি (আটাৰে বনোৱা সৰু পুৰি) দিব পাৰে, কন্যা ভোজন বা ভাগৱত – সেয়া উপাসকৰ নিজৰ কথা।”

‘আমি আমাৰ মাটি হেৰুওৱাক লৈ সকলোৰে মনত দুখ আছে। কিন্তু এইখন ঠাই হেৰুওৱাৰ কথা ভাবিলে বুকুখন খামোচ মাৰি ধৰে। কাম বিচাৰি মানুহ যদি বাহিৰলৈ গুছি যায়, নাজানো আমাৰ মানুহখিনিৰ কি হ’ব’

চাওক: মাৰহাই মাতাৰ মন্দিৰত

গাঁৱৰ মানুহখিনিয়ে কয় যে অঞ্চলটোত টাইফয়ড (বাবাজু কি বিমাৰী বুলি স্থানীয়ভাৱে জনা যায়, বাবাজু এগৰাকী দেৱতা)ৰ প্ৰাদুৰ্ভাৱ আছে। মহিলাৰ স্বাস্থ্য আৰু সন্তান প্ৰসৱৰ সমস্যাৰ প্ৰতি সমগ্ৰ ৰাজ্যখনতে চৰকাৰৰ ভূমিকা দুৰ্বল। মধ্যপ্ৰদেশত প্ৰতি ১,০০০ নৱজাতকৰ ৪১ জনেই মৃত্যুমুখত পৰে। ৰাজ্যখনত দেশৰ ভিতৰতে নৱজাতকৰ মৃত্যুৰ হাৰ সৰ্বাধিক, এয়া পঞ্চম ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা, ২০১৯-২১ৰ তথ্য

পান্না ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ আশে-পাশে স্বাস্থ্যসেৱাৰ সুবিধা বিচাৰি মানুহৰ আলাই-আথানি হয়। নিকটৱৰ্তী চিকিৎসালয়খন আছে পান্না চহৰত, ৫৪ কিলোমিটাৰ দূৰত। প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ (পিআইচি) আছে ২২ কিলোমিটাৰ দূৰৰ অমানগঞ্জত।

“ইয়াৰ মানুহে ডাক্তৰৰ ওচৰলৈ যাবলৈ সংকোচবোধ কৰে, ডাক্তৰে লিখা দৰৱ কাবলৈ টান পায়,” পান্নাত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰখনত সাত বছৰ ধৰি কাম কৰি অহা কোষিকা নামে বেচৰকাৰী সংস্থাৰ দেৱাশ্ৰী সোমানিয়ে কয়। “তেওঁলোকৰ মাজত চলি অহা পৰম্পৰাগত নিৰাময় বিধানৰ প্ৰতি থকা আস্থাৰ প্ৰতি সন্মান জনাই তেওঁলোকক ডাক্তৰৰ ওচৰলৈ অনাটো আমাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল,” তেওঁ কয়। “গাঁৱৰ বাসিন্দাসকলে ইয়াত বিশ্বাস কৰে যে ৰোগ হৈছে কেৱল এক উপসৰ্গ, কোনো দেৱতা বা মৃত পূৰ্বপুৰুষ ৰুষ্ট হোৱাৰ চিন।”

আনকি এলোপেথিক চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোকে যি ‘চিকিৎসা’ লাভ কৰে, সেয়া তেওঁলোকৰ জাতিগত পৰিচয়ৰ দ্বাৰা প্ৰভাৱিত হয়, সিয়ে তেওঁলোকক আৰু অধিক সংকুচিত কৰি তোলে।

PHOTO • Priti David
PHOTO • Sarbajaya Bhattacharya

বাওঁফালে: ভাইয়া লালে পূজাৰ প্ৰস্তুতি চলাইছে। সোঁফালে: মন্দিৰৰ ভিতৰত ভক্তসকল আৰু তেওঁলোকৰ পিছফালে সংগীতজ্ঞসকল

*****

অঞ্চলটোৰ কেন-বেতৱা নদী সংযোগী প্ৰকল্পটোৱে পান্না আৰু চতৰপুৰ অঞ্চলৰ বহু গাওঁ জলমগ্ন কৰি পেলাব। বহুবছৰ ধৰি প্ৰকল্পটো চলিয়ে আছে আৰু বাসিন্দাসকলে নাজানে যে তেওঁলোকে ক’লৈ যাব লাগিব আৰু কেতিয়া যাব লাগিব. “খেতি বন্ধ হ্যে অব (খেতি বন্ধ এতিয়া),” বিস্থাপিত হ’বই লাগিব হেতুকে খেতি বন্ধ হৈ থকাৰ কথা তেওঁলোকে কয়। (পঢ়ক: পান্না ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত বিপদত আদিবাসী )।

তেওঁলোকে এটা কথাই জানে যে “ভাগৱতীক লগত লৈ যাব,” ভাইয়া লালে কয়। “প্ৰত্যেকেই এই কথা ভাবি মনত দুখ পায় যে তেওঁলোকে নিজৰ মাটি এৰি যাব লাগিব। কিন্তু তাতোকৈ বেছি বেয়া লাগে যেতিয়া এই পবিত্ৰ স্থানত আমি এৰিবলগীয়া হ’ব। গাঁৱৰ মানুহে যদি কাম বিচাৰি আঁতৰি যায়, কোনে জানে আমাৰ মানুহখিনিৰ কি হ’ব। গাওঁখন ছেদেলি-ভেদেলি হৈ যাব। আমাক যদি যাবৈ আন ঠাই ঠিক কৰি দিয়া হয়, য’ত ভাগৱতীৰ থাপিত কৰিব পাৰো, তেতিয়া আমি সুৰক্ষিত অনুভৱ কৰিম,” তেওঁ কয়।

সন্তোষ কুমাৰ আহিছে ১০ কিলোমিটাৰ দূৰৰ মাঝগাঁৱৰ পৰা। তেওঁ প্ৰায় ৪০ বছৰ ধৰি মন্দিৰটোলৈ আহি আছে। “তচল্লি মিলতি হ্যে (ইয়াত আহি মনটোত শান্তি পাওঁ),” ৫৮ বৰ্ষীয় মানুহজনে কয়।

“এতিয়া আমি যাবলগীয়া হ’ব, অহা কেইবছৰমানৰ পিছত হয়তো মই দেৱীক সাক্ষাৎ কৰিবলৈ নাপাম, সেয়ে আহিছো,” নিজৰ ছয় একৰ খেতিমাটিত মচুৰ দাইল, বুটমাহ আৰু ঘেঁহুৰ খেতি কৰা খেতিয়কজনে কয়।

PHOTO • Sarbajaya Bhattacharya
PHOTO • Priti David

বাওঁফালে: সন্তোষ কুমাৰে (সোঁফালে) কয় যে তেওঁ সেই মন্দিৰটোলৈ গৈ মনত শান্তি পায়। সোঁফালে: বেঙুনীয়া শাড়ী পৰিহীতা মধু বাইৰো মনৰ একেই কথা: ‘প্ৰশান্তি অনুভৱ কৰোঁ,’ তেওঁ কয়

ভাইয়াই নিজৰ ২০ বছৰীয়া পুত্ৰজনে দেৱীৰ পৰম্পৰা আগবঢ়াই নিব নে নাই, তাক লৈ অনিশ্চিত। “সেয়া তাৰ ওপৰতে নিৰ্ভৰ কৰিব,” তেওঁ হাঁহি মাৰি কয়। তেওঁৰ ল’ৰাটোৱে পাঁচ একৰ মাটিত খেতি কৰে – ঘেঁহু আৰু সৰিয়হৰ খেতি কৰে। তেওঁলোকে সেই শস্যৰ কিছু অংশ বিক্ৰী কৰে আৰু বাকীখিনি নিজে খাবলৈ ৰাখে।

“আৰাম মিলতি হ্যে,” অমানগঞ্জৰ পৰা অহা মধু বাইয়ে কয়। “দৰ্শন কে লিয়ে আয়ে হ্যে,” আন মহিলাৰ সৈতে মন্দিৰৰ মজিয়াত বহি থকা দুকুৰি বয়সৰ বাইয়ে কয়। নেপথ্যত ছন্দোময় প্ৰাৰ্থনাৰ ধ্বনি আৰু বাদ্যযন্ত্ৰৰ সন্মিলিত স্বৰ ভাঁহি আহিছে।

তেওঁ কথা কৈ থাকে মানে প্ৰাৰ্থনাৰ ধ্বনি শীৰ্ষবিন্দু পাইছেগৈ, কোনোৱে কাৰো মাত নুশুনা হৈ পৰিছে। “দৰ্শন কৰকে আতে হ্যে (মই গৈ দেৱীক দৰ্শন কৰি আহো)” তেওঁ উঠি শাড়ীখন ঠিক কৰি আগবাঢ়িল।

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Sarbajaya Bhattacharya

সর্বজয়া ভট্টাচার্য বরিষ্ঠ সহকারী সম্পাদক হিসেবে পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ায় কর্মরত আছেন। দীর্ঘদিন যাবত বাংলা অনুবাদক হিসেবে কাজের অভিজ্ঞতাও আছে তাঁর। কলকাতা নিবাসী সর্ববজয়া শহরের ইতিহাস এবং ভ্রমণ সাহিত্যে সবিশেষ আগ্রহী।

Other stories by Sarbajaya Bhattacharya
Editor : Priti David

প্রীতি ডেভিড পারি-র কার্যনির্বাহী সম্পাদক। তিনি জঙ্গল, আদিবাসী জীবন, এবং জীবিকাসন্ধান বিষয়ে লেখেন। প্রীতি পারি-র শিক্ষা বিভাগের পুরোভাগে আছেন, এবং নানা স্কুল-কলেজের সঙ্গে যৌথ উদ্যোগে শ্রেণিকক্ষ ও পাঠক্রমে গ্রামীণ জীবন ও সমস্যা তুলে আনার কাজ করেন।

Other stories by Priti David
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari