বেছিদিন আগৰ কথা নহয়। মই ওড়িশাৰ নুৱাপাৰা জিলাৰ পৰা চত্তীশগড়ৰ গৰিয়াবন্দ জিলালৈ গৈ আছিলো, তেতিয়াই মই গৰিয়াবন্দৰ উন্নয়ন খণ্ডৰ সদৰ ঠাই দেওভোগৰ মাজেৰে পাৰ হ’লো। তাতে মই ৰং-বিৰঙী পোচাক পিন্ধা সৰু-বৰ এদল চাইকেল আৰোহী দেখিবলৈ পালো।
একেবাৰে চিকমিকাই থকা ৰাজকীয় যেন লগা তেওঁলোকৰ পোচাক। গলত আছিল প্লাষ্টিকৰ ফুলৰ মালা, জিকমিকাই থকা ৱেষ্টকোট, ভৰিত পায়েল আৰু সচৰাচৰ নেদেখা পাগুৰি। এটাৰ মুৰত আনকি দৰাই পিন্ধা মুকুট। মই মনতে ভাবিলো, তেওঁলোক চাগে থিয়েটাৰৰ মানুহ।
মই ৰৈ দিলো। তেওঁলোকেও। পলম নকৰি মই তেওঁলোকৰ ফটো তোলাত লাগিলো। ক’লৈ যাব বুলি মই সোধাত প্ৰায় ২৫ বছৰ বয়সীয়া সম্বাৰু যাদৱে ক’লে, “আৰাধ্য দেৱতাৰ আগত নাচিবলৈ আমি দেওভোগলৈ গৈ আছো।”
এই গুলশন যাদৱ, কীৰ্তন যাদৱ, সম্বাৰু, দেবেন্দ্ৰ, ধনৰাজ আৰু গোবিন্দ্ৰৰ ঘৰ নুৱাপাৰা গাঁৱত। মই তেওঁলোকক লগ পাইছিলো তেওঁলোকৰ গাঁৱৰ পৰা ৭-৮ কিলোমিটাৰ দূৰৰ দেওভোগ উন্নয়ন খণ্ডৰ কোচামকানি গাওঁ পঞ্চায়তত। গাঁৱত তেওঁলোক খেতিয়ক, কৃষিশ্ৰমিক আৰু সৰুকেইটাই স্কুলত পঢ়ি আছে।
অনুবাদ: পংকজ দাস