''এনেকুৱা জীৱন এটাই ধৰিছো, শ্ৰমিক হিচাপেই কাম কৰি আহিছো,’’ দিনহাজিৰা কৰা পামটোলৈ পুৱাৰ ভাগত কুঁৱলিৱে আগুৰি ধৰা বাট এটাত খৰখেদাকৈ খোজকাঢ়ি গৈ থাকোতে ৰত্নভাই কয়। ক্ষীণ চেহেৰাৰ আগলৈ সামান্য হাউলি ৰত্নভাই যিটো গতিত খোজ দিছে, কৈশোৰতে ভৰিত পোৱা আঘাতৰ কাৰণে যে তাই লেঙেৰিয়াই খোজকাঢ়ে, ধৰিবই নোৱাৰি।
পামখন পোৱাৰ পাছত তেওঁ কামৰ সময়ত পিন্ধিবলৈ লগত লৈ অহা কাপোৰখিনি উলিয়ালে। প্ৰথমতে শাড়ীৰ ওপৰতে নীলাৰঙৰ ছাৰ্টটো পিন্ধি ল’লে, তাৰপাছত পৰাগৰেণুবোৰ গাত নালাগক বুলি ককালত হালধীয়া ৰঙৰ নাইটি এটা পিন্ধিলে। আকৌ তাৰে ওপৰত কঁকালত এখন নীলাৰঙৰ চিফন কাপোৰ এনেকৈ মেৰিয়াই ল’লে যাতে সেয়া সৰু মোনাৰ দৰে কাম কৰে, তাতে তেওঁ অক্ৰা গছৰ কেইটামান গাণ্ডু হুভু (পুংকেশৰ) ল’লে। মূৰত উৱলি যোৱা বগা ৰঙৰ গামোচা এখন মেৰিয়াই ৪৫ বছৰ বয়সীয়া ৰত্নভাই বাওঁহাতত এমুঠি সূতা লৈ কাম আৰম্ভ কৰিলে।
তেওঁ ফুল এথোপা হাতত লৈ পাহিবোৰ লাহেকৈ মেলি ধৰি প্ৰতিটো গৰ্ভমুণ্ডত পুংকেশৰৰ পৰা ৰেণু ছটিয়াই দিলে। ৰেণু ছটিয়াই পৰাগযোগ ঘটোৱা গৰ্ভমূণ্ডবোৰ তেওঁ সূতা মেৰিয়াই দি চিন ৰাখি গ’ল। কূঁজা হৈ তেওঁ এক বিশেষ ছন্দত অক্ৰা গছৰ ইটোৰ পাছত সিটো ফুলত পৰাগযোগ ঘটাইছে। তাতেই তেওঁৰ হস্ত-পৰাগযোগৰ নিপুণতাৰ চিন। নহ’বনো কিয়, সেই কাম তেওঁ কৈশোৰৰে পৰা পৰা কৰি আহিছে।
ৰত্নভা কৰ্ণাটকৰ দলিত মাডিগা সম্প্ৰদায়ৰ মহিলা। কৰ্ণাটকৰ হাভেৰি জিলাৰ ৰাণীবেন্নুৰ তালুকৰ কনানাটালি গাঁৱৰ মাডিগাৰা কেৰি (চুবুৰী)ৰ তেওঁ বাসিন্দা।
তেওঁ পুৱা ৪ বজাতে উঠি দিনটো আৰম্ভ কৰে। ঘৰুৱা কাম-বন সামৰে, পৰিয়ালক চাহ-জলপান দিয়ে, দুপৰীয়াৰ আহাৰ ৰান্ধে আৰু ৯ বজাৰ আগেয়ে অকণমান ভাত মুখত গুজি কামলৈ ওলাই আহে।
দিনটোৰ প্ৰথমটো বেলা তেওঁ ২০০মান অক্ৰা গছত অপপৰাগন ঘটায়। তেনেকৈ তেওঁ তিনি একৰ খেতিমাটিৰ আধামান সামৰি লয়। দুপৰীয়া তেওঁ আধাঘণ্টামান জীৰাই, অকণমান কিবা খাই লৈ পুনৰ কামলৈ উভতে। তাৰপাছত তেওঁ ফুলবোৰৰ পাহবোৰ মেল খুৱাই পিছদিনা পৰাগৰেণু সানিবপৰাকৈ সাজু কৰি ৰাখে। এই কামত মালিকে ঠিক কৰি দিয়া অনুসৰি তেওঁ দিনে ২০০ টকা হাজিৰা পায়।
তেওঁ বৰ কম বয়সতে হস্ত-পৰাগযোগৰ কৌশল আয়ত্ত কৰিছিল। ''আমাৰ নিজা মাটি নাছিল কাৰণে আনৰ পথাৰতে আমি হাজিৰা কাম কৰিছিলো,’’ তেওঁ কয়। ''স্কুললৈ নগ’লো। বয়োঃসন্ধি পোৱাৰ আগতেই মই কাম কৰিবলৈ লৈছিলো। দুখীয়া মানুহ, দেখিছেই, কাম কৰিবই লাগিব। সেই সময়ত মই ঘাঁহ-বন নিৰাইছিলো আৰু বিলাহীৰ ক্ৰছ কৰিছিলো।’’ ইয়াত ক্ৰছ মানে এটা ফুলৰ পৰাগেৰে আন এটা ফুলত হাতেৰে কৰা নিষেচন মানে অপপৰাগনৰ কথা কৈছে।
ৰাণীবেন্নুৰ তালুকৰ তিৰুমালাদেবৰকোপ্পা গাঁৱৰ এটা ভূমিহীন কৃষিশ্ৰমিকৰ পৰিয়ালত ৰত্নভাৰ জন্ম। হাভেৰিৰ জনসংখ্যাৰ ৪২.৬ শতাংশই কৃষিশ্ৰমিক। জিলাখনৰ গ্ৰামাঞ্চলত প্ৰায় ৭০ শতাংশ শ্ৰমিকেই মহিলা (২০১১ৰ লোকপিয়লৰ তথ্য)। ইমান কম বয়সত ৰত্নভাই কাম কৰিবলৈ লোৱাটো সেয়ে একো আচৰিত কথা নহয়।
আঠোটা ভাই-ভনী, বেছিভাগেই ছোৱালী, তাৰে ডাঙৰজনী ছোৱালী ৰত্নভাক ক’নানাতালিৰ কৃষিশ্ৰমিক চান্নাচোৰাপ্পা এম হৰিজনলৈ বিয়া দিয়া হৈছিল। ''মোৰ দেউতা মদাহী আছিল, সেয়ে মোক পুষ্পিতা হোৱাৰ বছৰটোতে বিয়া দিলে। তেতিয়া কিমান বয়স আছিল মোৰ মনত নাই,’’ তেওঁ কয়।
তিৰুমালাদেবাৰাকোপ্পাত ৰত্নভাই হাতেৰে পৰাগযোগ ঘটাই দিনে ৭০ টকা পাইছিল। ১৫ বছৰ আগতে তেওঁ কনানাটালিত কাম কৰোঁতে হাজিৰা দিনে ১০০ টকা আছিল, তেওঁ কয়। ''তেওঁলোকে (মালিকে) সেয়া বছৰি দহ টকাকৈ বঢ়াই গৈ আছিল, এতিয়া মই দিনে ২০০ টকা পাও।’’
অক্ৰা, বিলাহী, জিকা আৰু তিঁয়হৰ বৰ্ণসংকৰ প্ৰজাতিৰ খেতি কৰা ক’নানাতালিত বীজ উৎপাদনৰ প্ৰক্ৰিয়াত হস্ত-অপপৰাগনৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। বাৰিষাৰ দিনত আৰু শীতকালত এই কাম সাধাৰণতে কৰা হয়। পাচলিৰ বীজৰ লগতে কপাহৰ খেতি ঘাইকৈ এই গাওঁবোৰত কৰা হয় য’ত ৫৬৮ হেক্টৰ মাটিত বীজ সিঁচা হয় (২০১১ৰ লোকপিয়ল)। কৰ্ণাটক আৰু মহাৰাষ্ট্ৰই দেশৰ ভিতৰতে সৰ্বোচ্চ পাচলিৰ বীজ উৎপাদন কৰে আৰু ব্যক্তিগত খণ্ডই ইয়াত ঘাই ভূমিকা লয় ।
অতিকৈ কষ্টসাধ্য আৰু নিপুণতাৰ প্ৰয়োজন হোৱা এই কামত তীক্ষ্ম দৃষ্টিশক্তি, নিপুণ হাত লাগে। আকৌ ফুলৰ সেই সুক্ষ্ম অংশ আলফুলকৈ ধৰি কাম কৰিবলৈ অশেষ ধৈৰ্য্য আৰু মনযোগৰো প্ৰয়োজন। এই কামত পুৰুষতকৈ মহিলাক বেছি অগ্ৰাধিকাৰ দিয়া হয়। মহিলাৰ কামৰ ইমানেই চাহিদা যে কামৰ চিজনত ক’নানাতালিৰ কাষৰ গাওঁবোৰৰ পৰা মহিলা শ্ৰমিক লৈ আহিবলৈ অটোৰিক্সা ভাড়া কৰি পঠিওৱা হয়।
সাধাৰণতে ৰত্নভাই পৰমেশ্বাপ্পা পাক্কিৰাপ্পা জাদাৰ নামে আম্বিগা সম্প্ৰদায়ৰ (অন্যান্য পিছপৰা শ্ৰেণী হিচাপে সূচীবদ্ধ) পামৰ মালিক এজনৰ তাত কাম কৰে। মালিকক ৰত্নভাই ডেৰ লাখ টকা দিবলৈ আছে। তেওঁ কয় যে সেই টকা তেওঁ সুতত লোৱা নাই বুলিও কয়। সুত নলগোৱাকৈ মালিকে তেওঁক ধাৰে দিয়া টকাখিনি কামৰ আগধন বুলি তেওঁ কয়।
'মই এতিয়া নগদ ধন নাপাও। মালিকে মোক ধাৰে দিয়া পইচাখিনি কাটি ৰাখে আৰু হিচাপ (কিমানদিন কাম কৰিলো তাৰে) লিখি থয়,’’ তেওঁ কয়। ''আমি পামত কাম কৰি ধাৰ শুজো আৰু প্ৰয়োজন হ’লে পুনৰাই ধাৰে লও। এনেকৈ আমাৰ ধাৰে লোৱা আৰু তাৰপাছত পৰিশোধ কৰা কাৰবাৰটো চলি থাকে।’’
বাৰিষাৰ দিনত কাম কৰাটো ৰত্নভাৰ বাবে অতিকৈ কষ্টকৰ হৈ পৰে। জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈ এইখিনি সময়ছোৱাত অক্ৰা আৰু তিঁয়হৰ অপপৰাগন কৰোৱা হয়। তিঁয়হৰ খেতিত একেৰাহে অতিকমেও ছঘণ্টা বিৰতি নোলোৱাকৈ কাম কৰিবলগীয়া হয়। তাতে আকৌ অক্ৰাৰ মুকুলবোৰ ধাৰাল, আঙুলি কাটে।
মই তেওঁক লগ পাইছিলো আগষ্ট মাহত। অক্ৰা ফুলৰ মুকুলবোৰ এৰুৱাবলৈ চোকা নখ লাগে কাৰণে ৰত্নভাই পুতেকৰ নখৰ টুকুৰা এটা বুঢ়া আঙুলিত আঠা লগাই লৈছিল। বেমাৰত পৰা পুতেক লোকেশৰ কাৰণে পইচা গোটাবলৈ তেওঁ পৰমেশ্বাপ্পাৰ পামৰ পৰা দুদিনৰ ছুটি লৈ আন এখন পামত কাম কৰিছে। লোকেশৰ কলেজৰ মাচুল দিবলৈ ধাৰে লোৱা ৩,০০০ টকা পৰিশোধ কৰিবলৈ লোকেশে নিজেও মাকক কামত সহায় কৰিছে।
কিন্তু ৰত্নভাই অকলেই ছজনীয়া পৰিয়ালটোৰ সমগ্ৰ খৰছৰ বোজা মূৰ পাতি লৈছে। গিৰীয়েকৰ দৈনিক খৰছৰ উপৰিও শাহুৱেক, তিনিটাকৈ কলেজীয়া সন্তান আৰু নিজৰ সকলো খৰছ বহন কৰাৰ উপৰিও গিৰীয়েকৰ চিকিৎসা-পাতিৰ অত্যধিক খৰছখিনিও ৰত্নভাই নিজৰ হাতৰ পৰাই কৰে।
কেৱল আগষ্ট মাহটোতে তেওঁ মাটিৰ মালিকৰ পৰা ২২,০০০ টকা গিৰীয়েকৰ চিকিৎসাৰ বাবে ধাৰে লৈছে। জণ্ডিচ হৈ তেওঁৰ তেজত প্লেটিলেটৰ পৰিমাণ কমি গৈছিল আৰু ৰক্ত সঞ্চৰণ (ট্ৰান্সফিউজন)ৰ প্ৰয়োজন আহি পৰিছিল। এই কাম কৰাৰ সুবিধা থকা হস্পিতালখন মাংগালুৰুত, তেওঁলোকৰ গাঁৱৰ পৰা ৩০০ কিলোমিটাৰ দূৰত।
মাটিৰ মালিকে তেওঁ পইচা বিচাৰিলেই দিয়ে। ''খাবলৈ, হস্পিতালৰ খৰছৰ কাৰণে আৰু দৈনিক যাৱতীয় খৰছৰ কাৰণে মই পইচা ধাৰে লও। তেওঁ আমাৰ সমস্যাবোৰ সামান্য বুজি পায় আৰু ইমানখিনি টকা দিছে। মই তাতেই যাও (কাম কৰিবলৈ, আৰু ক’লেকো নাযাও,’’ ৰত্নভাই কয়। ''মই এতিয়াও গোটেইখিনি পইচা পৰিশোধ কৰা নাই। গোটেইখিনি মই অকলে কেনেকৈ পৰিশোধ কৰিম?’’
এনেদৰে ধাৰ লোৱা আৰু পৰিশোধ কৰাৰ যি নিৰন্তৰ চক্ৰ, তাৰবাবেই তেওঁ মালিকে যেতিয়াই বিচাৰে তেতিয়াই কাম কৰিবলৈ বাধিত হৈ পৰে। একেটা কাৰণেত তেওঁ মজুৰি বঢ়োৱাৰ কথাও ক’ব নোৱাৰে। চুবুৰীয়া গাঁৱৰ মহিলাই কনানাটালিত কাম কৰি দিনে আঠ ঘণ্টা কাম কৰি ২৫০ টকা পোৱাৰ বিপৰীতে ৰত্নভাই একেখিনি সময় কাম কৰি ২০০ টকাহে পায়।
“সেয়ে তেওঁলোকে যেতিয়াই বিচাৰে মই কামলৈ যাবলগীয়া হয়। কেতিয়াবা পুৱা ছয় বজাত কাম আৰম্ভ হয় আৰু সন্ধিয়া সাত বাজি যায়। অপপৰাগনৰ কাম নাথাকিলে মই বন নিৰোৱা কাম কৰি ১৫০ টকা পাওঁ,” তেওঁ বুজাই কয়। “সেয়ে পইচা ধাৰে ল’লেও একো ক’ব নোৱাৰো। যেতিয়াই মাতে যাবই লাগিব। মজুৰি বঢ়োৱাৰ কথা মই ক’ব নোৱাৰো।”
কেৱল ইমানতে প্ৰাপ্যৰ পৰা তেওঁ বঞ্চিত কৰা হ’বলগীয়া হৈছে এনে নহয়, আন বিভিন্ন কামতো তেওঁ পাৰিশ্ৰামিকতো বাদেই, বিনা পইচাই কাম কৰিবলগীয়া হয়। বিভিন্ন পৰ্বত ৰত্মভাই লিংগায়ত পৰিয়াল এটাৰ কাৰণে কাম কৰিবলগীয়া হয়। অক্কালু পাঢ়াটি (তাক বিত্তি চাক্ৰি মানে বিনাবেতন শ্ৰমিক) নামৰ প্ৰাচীন প্ৰথা লুপ্ত হোৱা বুলি ভবা হয় যদিও কনানাটালিত এতিয়াও চলি আছে। এই প্ৰথাত এটা মাডিগা পৰিয়ালক সমাজৰ প্ৰভুত্বশীল লিংগায়ত সম্প্ৰদায়ৰ এটা পৰিয়ালৰ সৈতে সম্পৰ্কিত কৰা হয় আৰু লিংগায়ত পৰিয়ালটোৰ ঘৰত বিনা মজুৰিত কাম কৰিবলৈ বাধ্য কৰোৱা হয়।
“তেওঁলোকৰ ঘৰত বিয়া-সবাহ থাকিলে বা কোনোবা ঢুকালে আমি গৈ তেওঁলকৰ ঘৰত চাফা কৰিব লাগে। এই কামবোৰত গোটেই দিনটো লাগে। আমিয়েই গোটেই কামবোৰ কৰিব লাগে। বিয়া থাকিলে আমি আঠদিন খাটিব লাগে,” ৰত্নভাই কয়। “কিন্তু তেওঁলোকে আমাক ঘৰৰ ভিতৰলৈকে সোমাব নিদিয়ে। বাহিৰতে থাকিব দিয়ে আৰু খাবলৈ সিজোৱা চাউল আৰু চাহ দিয়ে। আমাক তেওঁলোকে কাঁহিও নিদিয়ে, আমি নিজে ঘৰৰ পৰা লৈ আহিব লাগে। কেতিয়াবা তেওঁলোকে আমাক দমৰা বা ভেড়াছাগলী এটা দিয়ে, কিন্তু পইচা নিদিয়ে। গৰু মৰিলেও আমাকেই চাফা কৰিবলৈ মাতে।”
চাৰিবছৰ আগতে লিংগায়ত পৰিয়ালৰ এজনৰ বিয়া হওতে সেই প্ৰথাৰ নিয়ম অনুসাৰে ৰত্নভাই এজোৰ চেন্দেল কিনি সেইজোৰৰ পুজা কৰি কইনাক দিবলগীয়া হৈছিল। নিজৰ প্ৰাপ্যখিনি বিচাৰি ভালেকেইবাৰ বিফল হোৱাৰ পাছত কেইবছৰমান আগতে তেওঁ সেই প্ৰথা উলংঘা কৰি তাত কাম কৰিবলৈ এৰিছে। তেওঁৰ সিদ্ধান্তত হেনো লিংগায়ত পৰিয়ালটোৰ খং উঠিছিল, তেওঁ কয়।
পৰমেশ্বাপ্পাৰ পৰা অকণমান পইচা ধাৰে লৈ এইবছৰ ৰত্নভাই তেওঁৰ গিৰীয়েকক চৰকাৰে আবণ্টন দিয়া আধা একৰ খেতিমাটিত অক্ৰা আৰু গোমধানৰ খেতি কৰিছিল ঠিকেই। কিন্তু জুলাই মাহৰ ধাৰাসাৰ বৰষুণত কনানাটালিৰ মাডাগা-মাচুৰ হ্ৰদৰ কাষে কাষে থকা মাডিগাসকলৰ খেতিমাটিবোৰ বুৰ যায়। “হৰিজন (মাডিগা)সকলৰ মাটিত অক্ৰা খেতি কৰা হৈছিল, কিন্তু সকলো পানীত বুৰ গ’ল,” তেওঁ কয়।
ৰত্নভাৰ বোজা পাতল কৰিবলৈ চৰকাৰো আগবাঢ়ি অহা নাই। ভূমিহীন শ্ৰমিক হোৱা কাৰণে খেতিয়কৰ কাৰণে থকা কোনো চৰকাৰী কল্যাণমূলক আঁচনিৰ অধীনত তেওঁক হিতাধিকাৰী হিচাপে বিবেচনা কৰা হোৱা নাই। তেওঁ শস্যৰ ক্ষতিৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা কোনো ক্ষতিপূৰণ পোৱা নাই। আকৌ বিশেষভাৱে সক্ষম হিচাপে ৰাজ্য চৰকাৰৰ মাহিলী ১,০০০ টকাৰ সাহায্যও পোৱা নাই, যদিওবা তেওঁৰ বিশেষভাৱে সক্ষমতাৰ প্ৰমাণপত্ৰও আছে।
প্ৰতিদিনে হাড়ভঙা শ্ৰম কৰা স্বত্ত্বেও সদায়েই পইচাৰ নাটনি ঘটা ৰত্নভাই ক্ষুদ্ৰ সঞ্চয় কোম্পানীবোৰৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হয়। তাৰেও মেৰপেচত তেওঁ সোমাই পৰিছে। পৰমেশ্বাপ্পাক দিবলৈ থকাখিনিৰ লগতে তেওঁৰ মুঠ ২ লাখ টকা ধাৰ আছে, তাৰে তেওঁ ২ৰ পৰা ৩ শতাংশ সুত দিবলগীয়া হয়।
যোৱা দুটা বছৰত তেওঁ ঘৰত এটা কোঠা নিৰ্মাণ কৰা, কলেজৰ মাচুল আৰু চিকিৎসাৰ নামত ১০ টা বিভিন্ন উৎসৰ পৰা ধাৰে লৈছে। দৈনন্দিন খৰছ উলিয়াবলৈ তেওঁ লিংগায়ত পৰিয়ালবোৰৰ তাত গৈ কাম কৰে। “যোৱাবছৰ মই ধাৰে অনা পইচাৰ বাবদ (আটাইবোৰ উৎস মিলি) মাহে ২,৬৫০ টকা সুত দিবলগীয়া হৈছিল,” তেওঁ কয়। “ক’ভিড-১৯ লকডাউন আৰম্ভ হোৱাৰ পৰা মই সুতখিনিও দিব পৰা নাই, কিন্তু প্ৰতিমাহে খৰছৰ বাবদ টকা ধাৰলৈ ল’বলৈ বাধ্য হৈছো।”
ধাৰৰ বোজা বাঢ়ি গ’লেও ৰত্নভাই তেওঁৰ ল’ৰা-ছোৱালীকেইটাক কলেজৰ পৰা উলিয়াই নানে। তেওঁৰ জীয়েক সুমাই যাতে কোনো কাৰণতে বিত্তি চাক্ৰিৰ দৰে প্ৰথা মানিবলগীয়া নহয়, সেয়াও তেওঁ নিশ্চিত কৰিছে। “মোৰ ভৰিদুখনত বল নাছিল, মই নিজেও দৃঢ়মনা নাছিলো। কিন্তু মই আঁতৰি যাবপৰা নাছিলো। মোৰ ল’ৰা-ছোৱালীকেইটাক এই বান্ধোনৰ মুক্তি পাব লাগিব, নাইবা সিহঁতে স্কুল এৰিব লগা হ’ব। সেয়ে মই কাম কৰি গ’লো,” তেওঁ বুজাই কয়। সকলো কষ্ট মূৰপাতি লৈও থিয় দি থকা ৰত্নভাই কয়, “সিহঁতে যিমানলৈ পঢ়িব খোজে, সিমানলৈ পঢ়ুৱাম।”
অনুবাদ: পংকজ দাস