“বংগৰ বহু কৃষকে এই আইন তিনিখনৰ বিষয়ে নাজানে। সেয়ে আমাৰ নেতাসকলৰ কথা শুনাবলৈ, তেওঁলোকে কোৱা কথাবোৰ বুজি ঘৰলৈ যোৱাৰ পিছত চুবুৰীয়াৰ লগতে লগ-বন্ধুক সেইবিষযে যাতে কয়, সেই উদ্দেশ্যেৰে আমাৰ গাঁৱৰ কিছুমানক ইয়ালৈ লৈ আহিছো,” সুব্ৰত আদাকে কয়।
৩১ বছৰীয়া খেতিয়কজন ১৪ মাৰ্চৰ দিনা প্ৰায় ১০ কিলোমিটাৰ দূৰৰ তেওঁৰ গাওঁ বাৰা কমলাপুৰৰ পৰা প্ৰতিবাদী সমাৱেশলৈ আহিছিল। দিল্লীৰ সীমান্তত তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰত কৃষক আৰু সংঘবোৰৰ ঐক্যবদ্ধ মঞ্চ সংযুক্ত কিষাণ মৰ্চাৰ নেতাসকলে সেই আইন তিনিখনৰ বিপজ্জনক প্ৰভাৱৰ বিষয়ে ব্যাপক হাৰত সজাগতা সৃষ্টিৰ বাবে মাৰ্চৰ মাজভাগত পশ্চিমবংগলৈ আহিছিল। সিংগুৰৰ উপৰিও তেওঁলোকে আচানল, কলকাতা আৰু নন্দিগ্ৰামত সভা পাতিছিল।
সিংগুৰৰ নৱপল্লী এলেকাত দিনৰ ১১ বজাৰ পৰা আবেলি ১ বজালৈ চলা সেই ক্ষুদ্ৰ সমাৱেশত ৫০০ৰ পৰা ২০০০ পৰ্যন্ত কৃষক আৰু সমৰ্থক উপস্থিত হৈছিল। কলকাতাৰ পৰা উত্তৰ-পশ্চিম দিশে থকা চহৰখনত টাটা মটৰ্চৰ নেন’ কাৰৰ কাৰখানাৰ বাবে ৯৯৭ একৰ কৃষিভূমিৰ অধিগ্ৰহণৰ বিৰুদ্ধে ২০০৬-০৭ত এক যুগান্তকাৰী প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈছিল। ২০১৬ত উচ্চতম ন্যায়ালয়ে সেই ভূমি কৃষকক উভতাই দিয়াৰ নিৰ্দেশ দিছিল যদিও প্ৰায়ভাগ মাটিয়েই এতিয়াও ছন পৰি আছে।
“এজন কৃষক হিচাপে মই ভাৰতৰ কৃষিৰ অৱস্থা বুজি পাওঁ,” আঠ বিঘা মাটিত (পশ্চিমবংগত ১ বিঘা মানে ০.৩৩ একৰ) আলু আৰু পিয়াজ খেতি কৰা সুব্ৰতই কয়। “স্বাধীনতাৰ আগতো বৃটিছে নীল খেতিয়কসকলক শোষণ কৰিছিল। বৰ্তমানৰ চৰকাৰখনে একেই পৰিস্থিতিৰ পুনৰাবৃত্তি কৰিব খুজিছে। আলু খেতিত ব্যয় বাঢ়িছে, বীজৰো দাম বাঢ়িছে। এই হাড়ভঙা শ্ৰমৰ আমি মূল্য নাপাও আৰু ক’ৰ্পৰেটে আচল মুনাফা লাভ কৰে, তেন্তে আমি চলিম কেনেকৈ?”
“আমি প্ৰতিবাদ বন্ধ নকৰো আৰু এই আইন তিনিখন বাতিল হোৱাটো বিচাৰো,” ৬৫ বৰ্ষীয় অমৰজীত কৌৰে কয়। তেওঁ উত্তৰ ২৪ পাৰাগনাচ জিলাৰ বাৰানগৰ পৌৰনিগমৰ পৰা ৩০ কিলোমিটাৰ দূৰৈৰ দানলপ এলেকাৰ পৰা সিংগুৰলৈ আহিছে। “চৰকাৰে আমাৰ বহুত লোকচান কৰিছে,” কৌৰে কয়, তেওঁ পিতৃসূত্ৰে লুধিয়ানাৰ, তাতে তেওঁৰ পৰিয়ালটোৱে ধান আৰু গমৰ খেতি কৰে। “তেওঁলোকে বিমূদ্ৰাকৰণ আনিলে, কাৰো হাতত সংস্থাপন নাই। আমি দিল্লীলৈ (কৃষকৰ প্ৰতিবাদত ভাগ ল’বলৈ) যাব নোৱাৰিলো, কিন্তু আমি ইয়ালৈ আহিছো, ক’লা আইনকেইখন প্ৰত্যাহাৰ নকৰালৈ আমি এই প্ৰতিবাদ সমৰ্থন কৰি যাম।”
কৃষকসকলে বিৰোধীতা কৰা আইনকেইখন হৈছেঃ কৃষকৰ উৎপাদনৰ ব্যৱসায় আৰু বাণিজ্য (উত্তৰণ আৰু সুচলকৰণ) আইন, ২০২০ ; কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষিতকৰণ) মূল্য নিশ্চিতকৰণ আৰু কৃষিপাম সেৱাৰ চুক্তি আইন, ২০২০ ; আৰু অত্যাৱশ্যকীয় পণ্য (সংশোধন) আইন, ২০২০। ২০২০ৰ ৫ জুনত এই আইনকেইখন অধ্যাদেশ হিচাপে বলৱৎ কৰা হৈছিল। পিছলৈ ২০২০ৰে ১৪ ছেপ্টেম্বৰত কৃষি বিধেয়ক হিচাপে সদনত সেই অধ্যাদেশকেইখন উত্থাপন কৰি বৰ্তমানৰ চৰকাৰখনে সেই মাহৰে ২০ তাৰিখে আইন হিচাপে ততাতয়াকৈ গৃহীত কৰে।
এই আইনকেইখনে কৃষকৰ মাজত আৰু কৃষিখণ্ডত বিয়াগোম কৰ্প’ৰেটৰ গোঁজ পোতাৰ বাবে সুবিধা কৰি দিব আৰু কৃষকৰ জীৱিকা নিঃশেষ কৰি পেলাব বুলি কৃষক সমাজে ভাবে। ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদ ভিত্তিহীন কৰি তুলি এই আইনকেইখনে প্ৰতিজন ভাৰতীয় নাগৰিকৰ আইনী সাহায্যৰ বাট বন্ধ কৰিব বুলিও আইনকেইখন সমালোচিত হৈছে।
সেই সমাৱেশতে ৫৫ বছৰ বয়সীয়া জীতেন্দ্ৰ সিঙো আছিল। সিংগুৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰৈৰ বালি চহৰখনৰ পৰা তেওঁ তালৈ আহিছিল। পৰিবহন ব্যৱসায়ৰ লগত জড়িত সিঙে কয়, “কৃষিয়েই আমাৰ (দেশৰ) মৌলিক সম্পদ আৰু এই কৃষি আইন তিনিখনে এই খণ্ডটোকে মাধমাৰ শোধাইছে। বিহাৰলৈ চাওক, তাতে ২০০৬তে মাণ্ডি বন্ধ কৰি দিয়া হৈছিল। তাত এতিয়া মাটি থকা স্বত্ত্বেও জীৱিকাৰ বাবে কৃষকে পাঞ্জাৱ আৰু হাৰিয়ানালৈ ঢাপলি মেলিবলগীয়া হয়।”
“সিহঁতে কিয় এমএচপি (ন্যূনতম সমৰ্থন মূল্য)ৰ বিষয়ে নকয়?” সিংগুৰৰ পৰা বালিলৈ অহা ৰেষ্টোৰাঁ ব্যৱসায়ী ৩০ বছৰীয়া নৱজোত সিঙে কয়। তেওঁৰ পৰিয়ালে পাঞ্জাৱৰ বাৰ্নালা জিলাৰ শেখা গাঁৱত ১০ একৰ মাটিত ধান আৰু গমৰ খেতি কৰে। “এমএচপিৰ বিষয়ে বংগৰ কৃষকসকলক সজাগ কৰিবলৈ এই সভাবোৰৰ আয়োজন কৰা হৈছে।”
হুগলি জিলাৰ চেৰামপুৰ চহৰৰ পৰা অহা ৫০ বছৰ বয়সীয়া পৰমিন্দৰ কৌৰে কয়, “কৃষি আইনকেইখন ৰূপায়ণ কৰিলে আমি আমাৰ শস্য বেচিব পৰা কোনো স্থিৰ মূল্য নাথাকিব।” তেওঁৰ ঘৰ লুধিয়ানাৰ পাঞ্জাৱত, তাতে তেওঁৰ পৰিয়ালটোৱে নিজৰ ১০ একৰ মাটিত ঘাইকৈ ধান আৰু গমৰ খেতি কৰে। তেওঁৰ পৰিয়ালটো পশ্চিমবংগৰ পৰিবহন ব্যৱসায়ৰ লগত জড়িত। “আমি কোনো ৰাজনৈতিক দলক সমৰ্থন কৰিবলৈ সিংগুৰলৈ অহা নাই,” তেওঁ কয়। “আমি আমাৰ কৃষকসকলৰ বাবে আহিছো।”
সিংগুৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰৈৰ বাৰা কমলাপুৰৰ পৰা অহা ৪২ বৰ্ষীয় কল্যাণী দাসে তেওঁৰ দুই বিঘা মাটিত আলু, ভেণ্ডি, ধান আৰু মৰাপাটৰ খেতি কৰে। “সকলো বস্তুৰে দাম বাঢ়িছে,” তেওঁ কয়। “তেল, গেছ আৰু দৈনন্দিন ব্যৱহৃত সামগ্ৰী আমি গেলামালৰ দোকানৰ পৰা ক্ৰয় কৰো। আমি নিয়মিত আমাৰ খেতিপথাৰত কাম কৰো আৰু স্থানীয় বজাৰত শস্য বিক্ৰী কৰো, কিন্তু আমি যদি আমাৰ শস্য বিক্ৰী কৰি উচিত টকা নাপাও, তেন্তে আমি নাখাই মৰিব লাগিব।”
কল্যাণীৰ চুবুৰীয়া ৪৩ বছৰীয়া স্বাতী আদাকে এইখিনিতে যোগ দিয়ে, “আমাৰ তিনি বিঘা মাটি আছে। আলুৰ খেতি কৰোতে খৰছ বাঢ়িছে, সেয়ে আমি আলুখেতি বেছিকৈ কৰা এৰিছো। হাড় ভঙা শ্ৰমৰ পিছতো উচিত মূল্য নাপাই বহু আলুৰ খেতিয়কে আত্মহত্যা কৰিছে।”
৫১ বৰ্ষীয় লিচু মাহাতোও সমাৱেশত উপস্থিত আছিল। তেওঁ সিংগুৰত কৃষি শ্ৰমিক হিচাপে কাম কৰে। তেওঁ হুগলি জিলাৰ বালাগড় ব্লকৰ মাহাতোপাৰা গাঁৱৰ বাসিন্দা। তাতে তেওঁ সৰু এটুকুৰা খেতিমাটিত ধানখেতি কৰে। “দিনহাজিৰা বুলিবলৈ মই দিনে ২০০ টকা পাওঁ,” তেওঁ কয়। “পৰিয়ালে দুপৰীয়াৰ আহাৰৰ কাৰণে মাছ আনিবলৈ ক’লে সেইখিনি পইছাৰে কেনেকৈ আনিব পাৰিম? মোৰ ল’ৰাটোৱে ৰেলত হকাৰৰ কাম কৰে, পানী বিক্ৰী কৰে। মই ইয়াত কৃষি আইনকেইখনৰ বিষয়ে জানিবলৈ আহিছো। মোৰ দিনবোৰ বেয়া চলিছে, আৰু বেয়া হোৱাটো নিবিচাৰো।”
অনুবাদ: পংকজ দাস