পাৰিৰ এই প্ৰতিবেদন ২০১৯ৰ পৰিৱেশ বিষয়ক সাংবাদিকতা শিতানত ৰামনাথ গোৱেংকা পুৰস্কাৰপ্ৰাপ্ত পাৰিৰ জলবায়ু পৰিৱৰ্তন বিষয়ক শৃংখলৰ এটা অংশ।

‘এই কথা ক’লে মোক মানুহে পাগল বুলিয়েই ক’ব,’ ইটাৰে বন্ধোৱা ঘৰটোৰ কেঁচা মজিয়াত বহি ৫৩ বৰ্ষীয় দানু খৰাটে কয়। ‘কিন্তু ৩০-৪০ বছৰ আগৰ বাৰিষাৰ দিনবোৰত আমাৰ পথাৰ মাছেৰে (আশে-পাশে থকা জান-জুৰিৰ পৰা অহা) উভৈনদী হৈ পৰিছিল। মই নিজ হাতে সেই মাছ ধৰিছিলোঁ।

জুনৰ মাহৰ মধ্যভাগৰ কথা, আমি তেওঁৰ ঘৰ পোৱাৰ অলপ আগতে ৫ হাজাৰ লিটাৰ পানীৰ গাড়ী এখন খৰাট ৱাষ্টি চুবুৰিত কোৰ্হাল কৰি সোমাইছে। খৰাট, তেওঁৰ পত্নি ফুলবাঈকে ধৰি তেওঁলোকৰ ১২ জনীয়া পৰিয়ালটোৱে মাটিৰ বাচন, ড্ৰাম আদি যিহকে পায় তাতে পানী মজুত কৰিছে। পানীৰ এই গাড়ীখন সপ্তাহত এবাৰ আহে, ইফালে তাত পানীৰ তীব্ৰ নাটনি ঘটিছে।

‘আপুনি বিশ্বাস নকৰিব যে ৫০-৬০ বছৰ পূৰ্বে ইয়াতে ইমান বৰষুণ হৈছিল যে চকু মেলি চাব নোৱাৰা অৱস্থা হৈছিল,’ নিজ ঘৰৰ কাষৰে নিম গছৰ তলত বহি গৌৰবাৰী গাঁৱৰ ৭৫ বৰ্ষীয় গংগুবাঈ গুলীগে কয়। প্ৰায় ৩২০০ মানুহ থকা তেওঁৰ গাওঁখন সাংগোলে তালুকৰ খৰাট ৱাস্তিৰ পৰা পাঁচ কিলোমিটাৰমান দূৰত আছে। ‘আপুনি ইয়ালৈ আহোঁতে ৰাস্তাত বাবুল গছবোৰ দেখিছিলনে? সেইখিনি মাটিত আগতে মথ বিনৰ খেতি হৈছিল। গেদীয় শিলে বৰষুণৰ পানী ধৰি ৰাখিছিল আৰু আমাৰ খেতিৰ পানীৰ ধাৰ বৈছিল। এক একৰ মাটিত মাত্ৰ চাৰিটা শাৰীতে ৪ৰ পৰা ৫ বস্তা (২ৰ পৰা ৩ কুইণ্টল) পৰ্যন্ত বাজৰা উৎপাদিত হৈছিল। মাটি ইমানেই উৰ্বৰ আছিল।’

হৌছাবাঈ আলদাৰৰ ৮০ৰ দশকত গৌৰবাৰীৰ সমীপৰে আলদৰ বস্তিত থকা তেওঁৰ পৰিয়ালৰ খেতি পথাৰৰ কুঁৱা দুটা মনত পৰে। ‘বাৰিষাৰ দিনত দুয়োটা কুঁৱা (প্ৰায় ৬০ বছৰ আগেয়ে) পানীৰে উপচি পৰিছিল। প্ৰত্যেকটো কুঁৱাতে দুটাকৈ মোটে (বলদ গৰুৱে টনা চকা থকা আহিলা) লগোৱা আছিল আৰু চাৰিওটা একেলগে চলিছিল। দিনে-ৰাতি মোৰ শহুৰে পানী উলিয়াইছিল আৰু যিয়ে বিচাৰিছিল তাকে দিছিল। এতিয়া এবাল্টি পানীৰ বাবেও সুধিব নোৱাৰি। সকলো উলট-পালট হৈ গ’ল।’

PHOTO • Sanket Jain

যৌথ খৰাট পৰিয়ালৰ দ্যানু (দুৰৈত বহি থকা) আৰু ফুলবাঈ (দুৱাৰখনৰ বাওঁফালে): এসময়ত মাছ-পুঠিৰে ভৰি থকা পথাৰখন তেওঁৰ মনত পৰিছে

মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ সাংগোলে তালুকখন এনে ঢেৰ কাহিনীৰে ভৰি আছে, যদিওবা ঠাইখন মানদেশ অৰ্থাৎ ‘বৃষ্টি ছায়া’ অঞ্চলত পৰে (য’ত পৰ্বতমালাৰ পৰা বতাহে বৰষুণ কঢ়িয়াই লৈ আহে)। এই ক্ষেত্ৰখনত সোলাপুৰ জিলাৰ সাংগোলে (যিখন ঠাইক সাংগোলা বুলিও জনা যায়) আৰু মালসিৰাচ তালুক, সাংগলি জিলাৰ জত, আটপৰি আৰু কবঠেমহাংকাল তালুক, আৰু চাতাৰা জিলাৰ মান আৰু খটাব তালুক অন্তৰ্ভুক্ত।

ভাল বৰষুণ আৰু খৰাঙৰ এই ঋতুচক্ৰ ইয়াত দীৰ্ঘদিন ধৰি চলি আছে, আৰু মানুহৰ মনত পানীৰ উভৈনদী দিনবোৰৰ কথা তেনেদৰেই মনত সাঁচ বহি আছে যেনেদৰে পানীৰ নাটনিৰ দিনবোৰৰ কথা। কিন্তু এতিয়া এই গাওঁবোৰত এনেদৰে অসংখ্য কাহিনী উৰি ফুৰিছে কেনেদৰে ‘সকলো উলট-পালট হৈ গ’ল,’ কেনেদৰে উভৈনদীৰ দিনবোৰ অতীত হৈ গ’ল, কেনেদৰে পুৰণি ঋতুচক্ৰ ভাঙি গ’ল। এয়েই নহয়, গৌৰবাৰীৰ নিৰ্বৃত্তি চেৰগেয়ে কথাত ‘আনকি আমাৰ সপোনতো বৰষুণ নহা হ’ল।’

‘এই মাটিত, য’ত শিবিৰ নিৰ্মাণ কৰা হৈছে, তাতে এসময়ত প্ৰচুৰ বাজৰাৰ খেতিৰ বাবে জনাজাত আছিল। ময়ো অতীতত ইয়াতে খেতি কৰিছিলোঁ...’ পশু শিবিৰত বহি কথাৰ মাজতে নিজৰ কাৰণে পান এখন বনাই থকা ৮৩ বৰ্ষীয় ভিথোবা সোমা গুলীগে কয়, মৰমতে তেওঁক মানুহে তাত্যা বুলিও মাতে। ‘এতিয়া সকলো সলনি হৈ গ’ল,’ তেওঁৰ মুখত চিন্তাৰ লেশ। ‘আমাৰ গাঁৱৰ পৰা বৰষুণ হেৰাই গ’ল।’

দলিত হোলাৰ সম্প্ৰদায়ৰ তাত্যাই ৫-৬ প্ৰজন্মৰ দৰে নিজৰ জীৱনটো গৌৰবাৰীতে কটাইছে। তেওঁৰ জীৱনটো কঠিন। তেওঁ আৰু তেওঁৰ পত্নী গংগুবাঈয়ে ৬০ বছৰ আগতে কুঁহিয়াৰ কটা কামৰ বাবে কোলহাপুৰলৈ আহিছিল। তাতে তেওঁ মানুহৰ খেতি পথাৰত হাজিৰা কৰিছিল আৰু নিজৰ গাঁৱৰ আশে-পাশে ৰাজ্য পৰিচালিত ছাইটত কাম কৰিছিল। ‘আমি আমাৰ চাৰি একৰ মাটি ১০ কি ১২ বছৰ আগতে ক্ৰয় কৰিছিলোঁ। তেতিয়া আমি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল,’ তেওঁ কয়।

PHOTO • Sanket Jain

মে’ মাহত গৌৰবাৰী গাঁৱৰ কাষৰ পশু-শিবিৰত ভিথোবা গুলীগ ওৰফে তাত্যাই কয়, ‘আমাৰ গাঁৱৰ পৰা বৰষুণ হেৰাই গ’ল’

এতিয়া তাত্যাই মানদেশৰ নিৰন্তৰ খৰাং বতৰক লৈ চিন্তাত পৰিছে। ১৯৭২ত পৰা খৰাঙৰ পিছৰে পৰা এতিয়ালৈ প্ৰাকৃতিক বৰ্ষাচক্ৰ নিয়মিত নহ’ল, তেওঁ কয়। ‘বছৰে বছৰে বৰষুণ কমিব ধৰিছে। আমি ৱালিব (বাৰিষাৰ আগৰ বৰষুণ)ও (পৰ্যাপ্ত হাৰত) নাপাওঁ, ঘূৰি অহা মৌচুমী বতাহৰ বৰষুণো নাপাওঁ। তাতে আকৌ দিনে দিনে উষ্ণতা বাঢ়িব ধৰিছে। যোৱা বছৰ (২০১৮) আমি প্ৰাক-বৰ্ষাকালৰ বৰষুণ ভালদৰে পাইছিলোঁ, কিন্তু এই বছৰ... আকৌ খৰাং পৰিছে। মাটি কেনেকৈ শাঁত পৰিব?’

গৌৰবাৰীৰ আন বহু জ্যেষ্ঠ লোকে ১৯৭২ৰ দুৰ্ভিক্ষক গাওঁখনৰ বৰ্ষা আৰু খৰাঙৰ চক্ৰৰ এক গতি সলনি কৰা প্ৰাকৃতিক ঘটনা শাৰীত ধৰে। সেই বছৰটোত সোলাপুৰ জিলাত মাত্ৰ ৩২১ মি.মি. বৰষুণ হৈছিল (ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য ব্যৱহাৰ কৰা ইণ্ডিয়াৱাটাৰপৰ্টেল-ত দেখুওৱা মতে)-যিটো আছিল ১৯০১ৰ পিছৰ সময়চোৱাৰ সৰ্বনিম্ন পৰিমাণ।

গংগুবাঈৰ কাৰণে ১৯৭২ৰ আকালে তেওঁৰ স্বাভাৱিক শ্ৰমতকৈও কঠোৰ পৰিশ্ৰম আৰু ভোকৰ দিনবোৰৰ মনত পেলাই দিয়ে। ‘আমি (খৰাং পৰা দিনবোৰত পেটৰ ভাতমুঠিৰ কাৰণে) ৰাস্তা নিৰ্মাণৰ কাম কৰিছিলোঁ, কুঁৱা খান্দিছিলোঁ, পাথৰ ভাঙিছিলোঁ। দেহত বল আছিল আৰু পেটত ভোক। মই ১২ অনাৰ কাৰণে (৭৫ পইছা) ১০০ কুইণ্টল গম ধান খুন্দাৰ কাম কৰিছিলোঁ। তাৰে(সেই বছৰটোৰ) পিছত পৰিস্থিতি বেয়াৰ ফালেহে ঢাল খালে,’ তেওঁ কয়।

PHOTO • Sanket Jain
PHOTO • Medha Kale

২০১৮ত সাংগোলেত ২০ বছৰত আটাইতকৈ কম বৰষুণ হৈছিল আৰু তালুকটোৰ গাওঁবোৰত ভূজল এক মিটাৰ নামি গৈছিল

‘দুৰ্ভিক্ষৰ প্ৰকোপ ইমানেই তীব্ৰতৰ আছিল যে মই মোৰ ১২ টা পশু লৈ ১০ দিনলৈ খোজ কাঢ়িছিলোঁ আৰু অকলেই আহি কোলহাপুৰ পাইছিলোঁ,’ পশু শিবিৰত চাহৰ দোকানত বহি ৮৫ বৰ্ষীয় দাদা গড়াদেয়ে তেওঁৰ অভিজ্ঞতা বৰ্ণনা কৰি কয়। ‘মিৰাজ পথত সকলো নিম গছবোৰ লঠঙা হৈ পৰিছিল। পাতবোৰ আৰু কোমল ঠাৰিবোৰ গৰু-ছাগলীক খুওৱা হৈছিল। সেই দিনবোৰ মোৰ জীৱনৰ আটাইতকৈ বেয়া দিন আছিল। তাৰ পিছত একোৱেই ভাললৈ অহা নাই।’

দীৰ্ঘদিন ধৰি খৰাং বতৰৰ কাৰণে ২০০৫ত একাংশ লোকে তিনিখন জিলা সোলাপুৰ, সাংলি আৰু চাতাৰাৰ সকলো খৰাং-প্ৰৱণ আৰু খৰাঙৰ কৱলত পৰা ঠাইবোৰ সামৰি এখন মানদেশৰ এখন পৃথক জিলাৰ দাবী উত্থাপন কৰিছিল(কিন্তু কিছুমান নেতাই জলসিঞ্চন যোজনাৰ দৰে বিষয়ত গুৰুত্ব দিয়াত এই অভিযান সিমানতে স্থবিৰ হৈ পৰে।)

যদিওবা সেয়া ১৯৭২ৰ তীব্ৰ খৰাঙক গৌৰবাৰীৰ বহুতেই জলবায়ুৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত মাইলৰ খুঁটি বুলি গণ্য কৰি আহিছে, সোলাপুৰৰ চৰকাৰী ৱেবচাইটৰ তথ্য চালে দেখিব যে জিলাখনত ২০০৩ত (২৭৮.৭ মি.মি.) আৰু ২০১৫ত (২০১.১৮ মি.মি.) তাতোকৈও কম বৰষুণ হৈছিল।

উল্লেখ্য যে ২০১৮ত সাংগোলেত কেৱল ২৪১.৬ মি.মি. বৰষুণ হৈছিল যিটো যোৱা ২০ বছৰৰ ভিতৰত সৰ্বনিম্ন। সেই বছৰটোত মাত্ৰ ২৪ দিন বৰষুণ দিছিল। এয়া মহাৰাষ্ট্ৰৰ কৃষি বিজ্ঞান বিভাগৰ ‘বৃষ্টিপাত লিপিবদ্ধকৰণ আৰু বিশ্লেষণ’ পৰ্টেলৰ তথ্য। বিভাগে ইযাকো কৈছে যে এই খণ্ডটোত ‘স্বাভাৱিক’ বৃষ্টিপাত প্ৰায় ৫৩৭ মি.মি. হ’ব।

সেয়ে জল-প্ৰাচুৰ্যতাৰ দিন কমি আহিছে বা নাইকিয়া হৈ গৈছে। তাৰ বিপৰীতে খৰাং বতৰ, গৰমৰ দিন আৰু পানীৰ নাটনি ঘটা দিনৰ সংখ্যা বাঢ়িছে।


PHOTO • Medha Kale

শস্যৰ ক্ষতি আৰু বৰ্দ্ধিত উষ্ণতাৰ ফলত মাটিৰ জীপ দ্ৰুতগতিত নাইকিয়া হ’বলৈ ধৰিছে

এই বছৰ মে’ মাহত গৌৰবাৰীৰ পশু শিবিৰত তাপমান ৪৬ ডিগ্ৰী হ’লগৈ। অত্যাধিক উষ্ণতাৰ ফলত বতাহ আৰু মাটি ৰুক্ষ হৈ পৰিল। নিউয়ৰ্ক টাইমচ্ কাকতৰ অনলাইন মাধ্যমত প্ৰকাশিত জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ প্ৰতিক্ৰিয়াশীল গণনাত কোৱা হৈছে যে ১৯৬০ত যেতিয়া তাত্যাৰ বয়স ২৪ বছৰ আছিল, তেতিয়া সাংগোলত ১৪৪ টা এনে দিন আছিল য’ত তাপমান ৩২ ডিগ্ৰী ছেলচিয়াছ হৈছিল। এতিয়া এনে দিনৰ সংখ্যা ১৭৭ হৈছে। তেওঁ যদি ১০০ বছৰ জীয়াই থাকে, তেন্তে ২০৩৬লৈ উষ্ণ দিনৰ সংখ্যা ১৯৩ দিনলৈ বৃদ্ধি পাব।

পশু শিবিৰত বহি তাত্যাই মনত পেলালে, ‘আগতে সকলো উচিত সময়ত হৈছিল।’ মৃগবৰ্ষা (মৃগ নক্ষত্ৰৰ আগমনৰ সৈতে অহা) সদায় ৭ জুনত আহিছিল আৰু ইমান ভাল বৰষুণ হৈছিল যে জান-জুৰিবোৰ জানুৱাৰীলৈ ভৰ্ত্তি হৈ গৈছিল। ‘আপুনি যে্তিয়া ৰোহিণী (নক্ষত্ৰ, মে’ৰ শেষভাগত) আৰু মৃগবৰ্ষাৰ দিনত শস্য ৰোপন কৰে, তেতিয়া শস্যৰ সুৰক্ষা আকাশখনেই নিজেই কৰে। খাদ্যশস্য পুষ্টিকৰ হয় আৰু এনে খাদ্যশস্য খোৱাজনৰ স্বাস্থ্য ধৰে। কিন্তু বতৰ এতিয়া আগৰ দৰে হৈ থকা নাই।’

পশু শিবিৰত তেওঁৰ সৈতে বহি থকা অইন খেতিয়কেও তেওঁৰ সৈতে একমত। বৰষুণৰ অনিশ্চয়তাই সকলোকে চিন্তাত পেলাইছে। ‘যোৱা বছৰ পাংচাং (চন্দ্ৰৰ ভিত্তিত গণনা কৰা হিন্দু কেলেণ্ডাৰ)ত লিখা আছিল, ‘ঘাৱিল তো পাৱিল’- অৰ্থাত যিয়ে সময়ত বীজ সিঁচিব, সিয়েই ভাল ফচল পাব।’ কিন্তু বৰষুণৰ বিস্তাৰত তাৰতম্য ঘটিছে, গোটেই পথাৰ সামৰি ল’ব নোৱাৰিব,’ তাত্যাই বুজাই ক’লে।

ৰাস্তাৰ সিপাৰে শিবিৰত তম্বুৰ তলত বহি থকা খৰাট ৱাস্তিৰ ধনগৰ সম্প্ৰদায়ৰ (যাযাবৰ জনজাতি হিচাপে তালিকাভূক্ত) ৫০ বৰ্ষীয় ফুলবাঈ খৰাটেও অতীত ৰোমন্থন কৰি কয়- ‘সকলো নক্ষত্ৰই বৰষুণৰে ইংগিত দিয়ে। মাত্ৰ দণ্ডাচা মাহ (হিন্দু চন্দ্ৰ কেলেণ্ডাৰ মতে প্ৰতি তিনি বছৰৰ মুৰত এবাৰ অহা অতিৰিক্ত মাহ) পৰিলেই বৰষুণ নীৰৱে গুছি যায়,’ ফুলবাঈয়ে কয়। ‘তাৰে পিছৰ বছৰ বৰষুণ ভাল হয়। কিন্তু বছৰৰ পিছত বছৰ বাগৰিছে, বৰষুণ নীৰৱে আঁতৰি গৈছে।’

এই পৰিৱৰ্তনৰ সৈতে খাপ খাই পৰাকৈ বহুতে তেওঁলোকৰ খেতিৰ সময় সলনি কৰিছে। সাংগোলেৰ কৃষকে সাধাৰণতে খাৰিফ শস্যৰ দিনত মথ দাইল, ক’লা চানা, বাজৰা আৰু ৰহৰ দাইলৰ খেতি কৰিছিল। আৰু ৰবি শস্যৰ দিনত গমধান, মটৰ আৰু জোৱাৰৰ খেতি কৰিছিল। মাকৈ আৰু জোৱাৰৰ গ্ৰীষ্মকালীন প্ৰজাতিৰ খেতি পশু খাদ্যৰ কাৰণে কৰা হৈছিল।

‘যোৱা ২০ টা বছৰত মই গাঁওখনত এনে এজনো খেতিয়ক নাপালোঁ যিয়ে মথৰ দাইল (থলুৱা)ৰ খেতি কৰিছে। বাজৰা আৰু ৰহৰ থলুৱা প্ৰজাতিৰ খেতিৰো একেই অৱস্থা। গমধানৰ খপলি প্ৰজাতিৰ খেতি এতিয়া বাদ পৰিছে। একেদৰে হুলুগে বা তিলৰ খেতিও কৰা নহয়,’ অলদৰ বস্তিৰ হোছাবাঈয়ে কয়।

PHOTO • Sanket Jain
PHOTO • Sanket Jain

বাওঁফালেঃ ফুলবাঈ খৰাটে কয়, ‘যোৱা কেবাবছৰ ধৰি বৰষুণ নীৰৱ হৈ পৰিছে...’ সোঁফালেঃ গংগুবাঈ গুলীগৰ অনুভৱ, ‘১৯৭২ৰ পিছৰে পৰা পৰিস্থিতিৰ অৱনতি ঘটিবলৈ ধৰে’

বাৰিষা পলমকৈ আহে, জুন মাহৰ শেষৰ ফালে, আনকি জুলাই মাহতো আহে। আকৌ যায় ছেপ্তেম্বৰ মাহতে। এতিয়া বৰষুণ পাবলৈ নাই। সেয়ে খেতিয়কে হ্ৰস্বম্যাদী শস্যৰ প্ৰজাতিৰ খেতি কৰিবলৈ লৈছে। বীজ সিঁচাৰ পৰা শস্য চপোৱা লৈকে আঢ়ৈ মাহমান লাগে। ‘পাঁচ মাহ সময় লোৱা বাজৰা, মথ, জোৱাৰ আৰু ৰহৰ খেতি বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে, কিয়নো মাটিত পৰ্যাপ্ত পৰিমাণে জীপ নাথাকে,’ নৱনাথ মালীয়ে কয়। তেওঁ তথা গৌৰবাৰীৰ অইন ২০ গৰাকী কৃষক কোলহাপুৰ এমিকাচ এগ্ৰ’ গোটৰ সদস্য। সংস্থাটোৱে এছএমএছ যোগে কৃষকক বতৰৰ আগতীয়া খবৰ দিয়ে।

অইন শস্যৰ খেতিৰে ভাগ্য পৰীক্ষা কৰিবলৈ কিছুমান খেতিয়কে ইয়াতে প্ৰায় ২০ বছৰ পূৰ্বে ডালিমৰ খেতি আৰম্ভ কৰিছিল। ৰাজ্য চৰকাৰে দিয়া সাহায্যই তেওঁলোকক উৎসাহ যোগালে। সময় বাগৰাৰ লগে লগে তেওঁলোকে থলুৱা প্ৰজাতিৰ বীজ এৰি সংকৰ, বাহিৰা প্ৰজাতিৰ শস্যৰ খেতি কৰিবলৈ ল’লে। ‘আৰম্ভণিতে (১২ বছৰ আগতে) আমাৰ প্ৰতি একৰ মাটিত প্ৰায় ২-৩ লাখ টকা আয় হৈছিল। কিন্তু যোৱা ৮-১০ বছৰত বাগিচাবোৰত তেল্যা (বেক্টেৰিয়া)ই ধৰিলে। এয়া পৰিৱৰ্তিত জলবায়ুৰ কাৰণে হোৱা বুলি মনে ধৰে। যোৱা বছৰ আমি আমাৰ ফলবোৰ ২৫-৩০ টকা প্ৰতি কি.গ্ৰা. দামত বিক্ৰী কৰিবলগীয়া হৈছিল। প্ৰকৃতিৰ ইচ্ছাৰ বিৰুদ্ধে আমি কিনো কৰিব পাৰোঁ?’ মালীয়ে সোধে।

বাৰিষাৰ আগতে আৰু বাৰিষাৰ পিছত হোৱা বৰষুণে শস্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। সাংগোলত বাৰিষাৰ পিছত অক্টোবৰৰ পৰা নবেম্বৰ মাহলৈ বৰষুণ খুব কম হৈছে। কৃষি বিভাগৰ তথ্য মতে ২০১৮ত এই খণ্ডত বৰ্ষাকালৰ পিছত ৩৭.৫ মি.মি. বৰষুণ হৈছিল, য’ত নেকি যোৱা দুটা দশকত ১৯৯৮ৰ পৰা ২০১৮ৰ ভিতৰত ইয়াত গঢ় বৃষ্টিপাত ৯৩.১১ মি.মি. আছিল।

‘সমগ্ৰ মানদেশৰ কাৰণে আটাইতকৈ ডাঙৰ চিন্তাৰ কাৰণ হৈছে বৰ্ষাকালৰ আগে-পিছে স্বাভাৱিকতে হোৱা বৰষুণৰ অন্তৰ্ধান হোৱাটো,’ মান দেশী ফাউণ্ডেছনৰ প্ৰতিস্থাপক চেতনা সিনহাই কয়। সংস্থাটোৱে গ্ৰামীণ মহিলাৰ খেতি, ঋণ আৰু উদ্যম আদি বিষয়ৰ ওপৰত কাম কৰে। (সংস্থাটোৱে এই বছৰ ১ জানুৱাৰীৰ দিনা চাতাৰা জিলাৰ মান ব্লকৰ মহস্বৰত ৰাজ্যখনত প্ৰথমটো পশু শিবিৰ আয়োজন কৰে য’ত ৮ হাজাৰৰো অধিক পশুক আশ্ৰয় দিয়া হৈছিল)। ‘ঘুৰি অহা মৌচুমী জলবায়ু আমাৰ জীৱনৰেখা স্বৰূপ, কিয়নো আমি খাদ্য আৰু পশুখাদ্যৰ কাৰণে ৰবি শস্যৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয়। ১০ বছৰৰো অধিক কাল ভাল বৰষুণৰ অভাৱে মানদেশৰ থলুৱা জীৱনযাত্ৰা অতিকৈ কঠিন কৰি তুলিছে।’

PHOTO • Sanket Jain
PHOTO • Sanket Jain

সাংগোলেত পশুখাদ্য হ্ৰাস পোৱা কাৰণে খৰাং দিনবোৰত পশু শিবিৰৰ সংখ্যা বাঢ়িছে

কিন্তু অঞ্চলটোৰ খেতিৰ ক্ষেত্ৰত হয়তো আটাইতকৈ ডাঙৰ পৰিৱৰ্তন কুঁহিয়াৰৰ খেতিৰ বিস্তাৰেই আনিছে। মহাৰাষ্ট্ৰ চৰকাৰৰ বিত্ত আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ তথ্য মতে ২০১৬-১৭ত সোলাপুৰ জিলাত ১,০০,৫০৫ হেক্টৰ ভূমিত ৬,৩৩,০০০ টন কুঁহিয়াৰৰ খেতি হৈছিল। কিছুমান সংবাদ প্ৰতিবেদনৰ মতে এই বছৰটোত জানুৱাৰী মাহলৈ (চেনী সঞ্চালকালয়ৰ তথ্য) সোলাপুৰ জিলা কুঁহিয়াৰ পেৰাৰ ক্ষেত্ৰত অক্টোবৰত আৰম্ভ হোৱা ঋতুত প্ৰথম স্থানত আছিল। জিলাখনত ৩৩ টা পঞ্জীকৃত চেনীকলৰ দ্বাৰা (চেনী আয়ুক্তালয়ৰ তথ্য মতে) ১০ মিলিয়নতকৈও অধিক কুঁহিয়াৰ পেৰা হৈছিল।

সোলাপুৰৰ এগৰাকী সাংবাদিক আৰু জল-সংৰক্ষণ কৰ্মী ৰজনীশ জোশীয়ে কয় যে কেৱল এক টন কুঁহিয়াৰ পেৰিবলৈ প্ৰায় ১৫০০ লিটাৰ পানীৰ প্ৰয়োজন হয়। তাৰ মানে কুঁহিয়াৰ পেৰাৰ কাৰণে যোৱাটো ঋতুত ২০১৮ৰ অক্টোবৰৰ পৰা ২০১৯ৰ জানুৱাৰীলৈকে কেৱল সোলাপুৰ জিলাতে ১৫ মিলিয়ন বৰ্গমিটাৰৰো অধিক পানী ব্যয় কৰা হৈছিল।

কেৱল নগদী শস্যতে পানীৰ এনেদৰে অতিমাত্ৰা ব্যৱহাৰৰ ফলত অইন শস্যৰ কাৰণে পানীৰ স্তৰ আগৰে পৰাই কম বৃষ্টিপাত আৰু জলসিঞ্চনৰ কাৰণে সংকটাপন্ন পৰিস্থিতিৰ সৈতে যুঁজ দি থকা অঞ্চলটোত আৰু তললৈ নামি গৈছে। নৱনাথ মালীৰ অনুমান মতে ১,৩৬১ হেক্টৰ মাটিত থকা গৌৰবাৰী গাওঁখনত (২০১১ৰ লোকপিয়ল মতে) য’ত বেছিভাগ মাটিতে খেতি হৈ আছে, তাতে কেৱল ৩০০ হেক্টৰ মাটিতে জলসিঞ্চনৰ সুবিধা আছে, বাকী খেতি পথাৰ পানীৰ কাৰণে বৰষুণৰ ওপৰত নিৰ্ভৰশীল। চৰকাৰী তথ্য অনুসৰি সোলাপুৰ জিলাত ৭,৭৪,৩১৫ হেক্টৰৰ জলসিঞ্চনৰ সাম্ভাব্য মাটিৰ মাত্ৰ ৩৯.৪৯ শতাংশ মাটিতহে ২০১৫ত জলসিঞ্চনৰ সুবিধা আছিল।

কৃষকে কয় যে শস্যৰ আচ্ছাদন কমাৰ লগতে (কম বৰষুণৰ সৈতে মোকাবিলা কৰিবলৈ কম সময়ত উৎপাদিত শস্যৰ খেতি কৰাৰ ফলত) বৰ্দ্ধিত উষ্ণতাই মাটি সজীৱতা নাইকিয়া কৰি পেলাইছে। এতিয়া মাটিৰ জীপ ‘ছয় ইঞ্চি গভীৰতাতো নাই,’ হৌছাবাঈয়ে কয়।

PHOTO • Medha Kale

নৱনাথ মালীৰ অনুমান যে কেৱল গৌৰবাৰীতেই ১৫০ টা ব্যক্তিগত ব’ৰৱেল আছে, তাৰে ১৩০ টা ইতিমধ্যে শুকাই গৈছে

ভূজলৰ স্তৰো তললৈ নামিবলৈ ধৰিছে। ভূজল সমীক্ষা আৰু বিকাশ সংস্থাৰ সাম্ভাব্য পানীৰ নাটনি সন্দৰ্ভত কৰা প্ৰতিবেদনত কোৱা হৈছে যে ২০১৮ত সাংগোলেৰ ১০২খন গাঁৱত ভূজল এক মিটাৰতকৈ তললৈ নামিছে। ‘মই ব’ৰৱেল খন্দাৰ চেষ্টা কৰিছিলোঁ, কিন্তু ৭৫০ ফুট তলতো পানী নাই। মাটি সম্পূৰ্ণৰূপে শুকাই গৈছে,’ গৌৰবাৰীত নাপিতৰ দোকান এখন চলোৱা চাৰি একৰ মাটিৰ গৰাকী জ্যোতিৰাম খণ্ডাৱলেয়ে কয়। ‘যোৱা কিছু বছৰত খাৰিফ আৰু ৰবি, দুয়োটা ঋতুতে ভাল উৎপাদনৰ কোনো নিশ্চয়তা নাইকিয়া হৈছে,’ তেওঁ কয়। মালীৰ অনুমান মতে কেৱল গৌৰবাৰীতেই ১৫০ টা ব্যক্তিগত ব’ৰৱেল আছে, তাৰে প্ৰায় ১৩০ টা শুকাই গৈছে আৰু মানুহে পানী পাবলৈ ১০০০ ফুট তললৈকে মাটি খান্দিবলৈ ধৰিছে।

বৃহৎ হাৰত কৰা কুঁহিয়াৰৰ খেতিয়ে খাদ্য শস্যৰ পৰা খেতিয়কক আঁতৰাই আনিছে। কৃষি বিভাগৰ তথ্য অনুসাৰে ২০১৮-১৯ত ৰবি শস্যৰ ঋতুত সোলাপুৰত কেৱল ৪১ শতাংশ জোৱাৰ আৰু ৪৬ শতাংশ মাকৈৰ খেতি কৰা হৈছিল। ৰাজ্যখনৰ ২০১৮-১৯ৰ সমীক্ষা মতে সম্পূৰ্ণ মহাৰাষ্ট্ৰখনত যিমান মাটিত জোৱাৰ খেতি কৰা হৈছিল, তাৰ পৰিমাণ ৫৭ শতাংশ হ্ৰাস পাইছে আৰু মাকৈৰ খেতি ৬৫ শতাংশ হ্ৰাস পাইছে। দুয়োবিধ শস্যৰ উৎপাদন গঢ়ে প্ৰায় ৭০ শতাংশ কমিছে।

দুয়োবিধ শস্যই মানুহৰ লগতে পশুখাদ্য হিচাপে গুৰুত্বপূৰ্ণ। পশুখাদ্যৰ নাটনিৰ ফলত চৰকাৰে (আৰু অইনে) সাংগোলত খৰাং দিনবোৰত পশু শিবিৰ লগাবলৈ বাধ্য হৈছিল। ২০১৯ত এতিয়ালৈকে ৫০ হাজাৰ পশুৰ কাৰণে ১০৫ টা শিবিৰ আয়োজন কৰা হৈছে, পোপট গাড়াদেৰ এই হিচাপ। পোপট দুগ্ধ সমবায় এটাৰ সঞ্চালক যিয়ে গোৰবাৰীত পশু শিবিৰ আৰম্ভ কৰিছিল। এই শিবিৰবোৰত পশুবোৰে খায় কি? সেই কুঁহিয়াৰেই খায় যিয়ে প্ৰতি হেক্টৰ মাটিত (আনুমানিক) ২৯.৭ মিলিয়ন লিটাৰ পানী শুহি পেলায়।

এনেদৰে সাংগোলেত পৰস্পৰ সংলগ্নিত ভিন ভিন পৰিৱৰ্তনে দেখা দিছে যিবোৰ প্ৰকৃতিৰে অংশ। কিন্তু মন কৰিবলগীয়া কথা এয়ে যে এয়া মানৱ কাৰ্যকলাপে ত্বৰান্বিত কৰিছে। কমিবলৈ ধৰা বৰষুণ, বাৰিষাৰ দিনৰ সংখ্যা হ্ৰাস পোৱা, বৰ্দ্ধিত তাপমাত্ৰা, অত্যাধিক গ্ৰীষ্মৰ দিন বঢ়া, বাৰিষাৰ আগৰ আৰু পিছৰ বৰষুণ একেবাৰে অন্তৰ্ধান হোৱা আৰু মাটিৰ জীপ নাইকিয়া হোৱা আদি এনে পৰিৱৰ্তনৰ ভিতৰতে পৰে। তাৰ লগতে খেতি পথাৰত শস্যৰ পৰিৱৰ্তনৰো কথাও উল্লেখ কৰিব লাগিব। হ্ৰস্বম্যাদী প্ৰজাতিৰ আগমনৰ ফলত শস্যৰ পৰা হোৱা ভূ-আচ্ছাদন হ্ৰাস, থলুৱা প্ৰজাতি কমি অহা, খাদ্য শস্য যেনে জোৱাৰ আদিৰ খেতি নকৰি প্ৰচুৰ হাৰত নগদী শস্য যেনে কুঁহিয়াৰ আদিৰ খেতিকে ধৰি দুৰ্বল জলসিঞ্চন, ভূজলৰ অৱনমিত স্তৰ আদি বিভিন্ন পৰিৱৰ্তনে দেখা দিছে।

গৌৰবাৰীৰ পশু শিবিৰত বহি থকা তাত্যাক এই সকলো পৰিৱৰ্তনৰ কাৰণ কি এই বুলি সোধাত তেওঁ হাঁহি মুখে উত্তৰ দিলে, ‘আমি যদি বৰুণ দেৱতাৰ মনটো বুজি পালোঁহেঁতেন! মানুহ লুভীয়া হৈ পৰিলে বৰষুণ হ’ব কেনেকৈ? মানুহে জীৱন ধাৰণৰ কায়দা সলনি কৰিছে, প্ৰকৃতিয়ে কেনেদৰে নিয়ম বৰ্তাই ৰাখিব পাৰিব?’

PHOTO • Sanket Jain

সাংগোলে চহৰৰ শুকাই যোৱা মান নদীৰ পাৰত থকা পুৰণি বান্ধ

নিজৰ অমূল্য সময় আৰু তথ্যৰে সহায় কৰাৰ বাবে লিখক শ্বাহাজী গডাহীৰে আৰু দত্তা গুলীগলৈ  প্ৰতিবেদকে ধন্যবাদ জনাইছে

বেটুপাতৰ ফটোঃ সংকেত জৈন/পাৰি

দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

Reporter : Medha Kale

পুণে নিবাসী মেধা কালে নারী এবং স্বাস্থ্য - এই বিষয়গুলির উপর কাজ করেন। তিনি পারির মারাঠি অনুবাদ সম্পাদক।

Other stories by মেধা কালে
Editor : Sharmila Joshi

শর্মিলা জোশী পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার (পারি) পূর্বতন প্রধান সম্পাদক। তিনি লেখালিখি, গবেষণা এবং শিক্ষকতার সঙ্গে যুক্ত।

Other stories by শর্মিলা জোশী
Series Editors : P. Sainath

পি. সাইনাথ পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার প্রতিষ্ঠাতা সম্পাদক। বিগত কয়েক দশক ধরে তিনি গ্রামীণ ভারতবর্ষের অবস্থা নিয়ে সাংবাদিকতা করেছেন। তাঁর লেখা বিখ্যাত দুটি বই ‘এভরিবডি লাভস্ আ গুড ড্রাউট’ এবং 'দ্য লাস্ট হিরোজ: ফুট সোলজার্স অফ ইন্ডিয়ান ফ্রিডম'।

Other stories by পি. সাইনাথ
Series Editors : Sharmila Joshi

শর্মিলা জোশী পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার (পারি) পূর্বতন প্রধান সম্পাদক। তিনি লেখালিখি, গবেষণা এবং শিক্ষকতার সঙ্গে যুক্ত।

Other stories by শর্মিলা জোশী
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das