যিকোনো এটা মুহূৰ্তত চিলাবোৰ উৰিব, আহমেদাবাদৰ চুকে-কোণে থকা ৰাণৱেৰ পৰা এতিয়া ৰং-বিৰঙী চিলাবোৰ উৰিব। আকাশত এই ৰঙীন চিলাৰ সমাহাৰ আপুনি হয়তো আন ক’তো নেদেখিব। সেই চিলাবোৰৰ বুকু ফিন্দাই থকা পাইলট আৰু গৰাকীবোৰ মাটিৰে মানুহ। তেওঁলোকে কোনেও নাজানে এই চিলাবোৰ যে চাৰিজন মানুহৰ হাতৰ পৰশত উৰিব পৰা হয়। এই চিলাৰ ব্যৱসায়টোক জীয়াই ৰখা এই ক্ৰিউ মেম্বাৰসকলে গোটেই বছৰটো কাম কৰে। তাৰে প্ৰায়ভাগেই গ্ৰামাঞ্চলৰ বা সৰু চহৰৰ পৰা অহা মহিলা। সামান্য মজুৰিৰ বিনিময়ত তেওঁলোকৰ নিপুণ হাতৰ পৰশত এই জটিল আৰু কষ্টসাধ্য কাম সম্ভৱ হৈ পৰে যদিও নিজৰ বাবে তেওঁলোকে কেতিয়াও চিলা উৰুওৱাৰ সপোন নেদেখে।

এয়া মকৰ সংক্ৰান্তিৰ সময়। এই হিন্দু উৎসৱৰ সময়ত চহৰখনৰ আকাশত উৰা ৰং-বিৰঙী চিলাবোৰ আহমেদাবাদ আৰু গুজৰাটৰ আনন্দ জিলাৰ খাম্বাত তালুকত সজা হয়। ঘাইকৈ মুছলমান মহিলাসকলে আৰু দৰিদ্ৰ হিন্দু চুনাৰা সম্প্ৰদায়ৰ মহিলাই এই চিলাবোৰ সাজে। কোৱা নিষ্প্ৰয়োজন যে চিলা উৰুওৱাসকলৰ গৰিষ্ঠসংখ্যক হিন্দু।

এই মহিলাসকলে চিলা সজা কামটো ১০ মাহৰো অধিক সময় কৰে। বিনিময়ত পায় তেনেই নগণ্য মজুৰি। বিশেষকৈ ১৪ জানুৱাৰীৰ দিনা আকাশখন ৰঙীন কৰি তোলা সেই ৰঙীন চিলাবোৰ। ১ লাখ ২৮ হাজাৰ লোকে কাম কৰা গুজৰাটৰ ৬২৫ কোটিটকীয়া এই উদ্যোগটোত প্ৰতি দহগৰাকীৰ মাজত ৭ গৰাকীয়েই মহিলা।

“সাজু হোৱাৰ আগেয়ে চিলা এখন সাতখন হাত পাৰ হৈ আহে,” দুকুৰি বয়সৰ ছাবিন আব্বাছ নিয়াজ হুছেইন মালিকে কয়। খাম্বাতৰ লাল মহল এলেকাৰ তেওঁৰ বাৰ বাই দহ ফুটৰ ঘৰ বনাম দোকানখনত আমি বহিছোহি। চিকচিকীয়া ৰূপালী ৰঙৰ বিক্ৰেতালৈ বুলি সাজু কৰি থোৱা চিলাৰ পেকেটবোৰৰ বিপৰীতে আমি বহি লৈ বাহিৰে ৰংচং এই ব্যৱসায়টোৰ কথা শুনিছো, মানুহে নজনা কথাবোৰ তেওঁ পোহৰলৈ আনিছে।

Sabin Abbas Niyaz Hussein Malik, at his home-cum-shop in Khambhat’s Lal Mahal area.
PHOTO • Umesh Solanki
A lone boy flying a lone kite in the town's Akbarpur locality
PHOTO • Pratishtha Pandya

বাওঁফালেঃ ছাবিন আব্বাছ নিয়াজ হুছেইন মালিক খাম্বাতৰ লাল মহল এলেকাৰ নিজৰ দোকান-ঘৰত বহিছে। সোঁফালেঃ আকবৰপুৰ অঞ্চলত অকলশৰে ল’ৰা এজনে চিলা উৰুৱাইছে

olourful kites decorate the sky on Uttarayan day in Gujarat. Illustration by Anushree Ramanathan and Rahul Ramanathan

উত্তৰায়ণৰ দিনটোত গুজৰাটৰ আকাশখন চিলাৰে ভৰি পৰে। অনুশ্ৰী ৰামনাথান আৰু ৰাহুল ৰামনাথানে এই সচিত্ৰকৰণ কৰিছে

তেওঁৰ এটা কোঠালীৰ ঘৰটোৰ মজিয়াখনত সকলোতে পেক নকৰা চিলাবোৰ অ’ত-ত’ত সিঁচৰতি হৈ আছে। তেওঁ তৃতীয় প্ৰজন্মৰ ঠিকাভিত্তিক নিৰ্মাণকৰ্মী। মকৰ সংক্ৰান্তিৰ বাবে তেওঁ ৭০ জনীয়া হস্তশিল্পীৰ সৈতে লগ লাগি গোটেই বছৰটো কাম কৰে। সেই চিলাবোৰত শেষ স্পৰ্শ দিয়া আঠ নম্বৰ হাতখন তেওঁৰেই।

মকৰ সংক্ৰান্তি মানে সূৰ্য্যই মকৰ ৰাশিত সোমোৱা দিন, হিন্দুধৰ্মীসকলে বিশ্বাস কৰে। অসমত মাঘ বিহু, বংগত পৌষ সংক্ৰান্তি, তামিলনাডুত পোংগল আদি বিভিন্ন নামেৰে উদযাপন কৰা এয়া এক শস্য চপোৱা উৎসৱ। গুজৰাটত ইয়াক উত্তৰায়ণ বুলি কোৱা হয়। শীতকালীন অয়নান্তৰ সময়ত সূৰ্য্য আপাততঃ দক্ষিণ দিশে যায়। চিলা উৰুৱা উৎসৱ আজিকালি উত্তৰায়ণৰ আন এটা নাম হৈ পৰিছে।

আমাৰ পূৰ্বপুৰুষৰ ঘৰৰ চাদত উঠি মই প্ৰথম ছবছৰ বয়সত চিলা উৰুৱাইছিলো , সেয়া আছিল পুৰণি আহমেদাবাদ চহৰৰ সেই অঞ্চলটোৰ আটাইতকৈ ওখ চাদ। বতাহ দি থাকিলেও মই মোৰ চিলাখন উৰুৱাবলৈ ছজন মানুহৰ সহায় লগা হৈছিল। প্ৰথম হাতদুখন আছিল মোৰ দেউতাৰ , তেঁৱেই কিন্নাহ (ব্ৰিডল্) গাঠি দিয়ে। দ্বিতীয়গৰাকী আছিল মোৰ মা। তেওঁ মাঞ্জা (ৰঙীন সূতা)ৰ সৈতে ফিৰকি (মহুৰা)টো ধৰে। শেষৰ দুখন হাতে আছিল মোৰবাবে অচিনাকী এজন দয়ালু লোকৰ। তেওঁ কাষৰ বিল্ডিঙত চাদত থিয় হৈ মোৰ চিলাখন ধৰি মাটিৰ সমান্তৰালকৈ ধৰি চাদখনৰ একেবাৰে সিটো চুকত থিয় দিয়ে আৰু আকাশৰ পিনে হাতদুখন দাঙি ধৰে। তেতিয়ালৈ ধৰে যেতিয়ালৈ পাতল বতাহে মোৰ চিলাখনত আহি ভৰ কৰে আৰু মই চিলাখন আকাশলৈ উৰুৱাই দিব পাৰো।

আহমেদাবাদৰ পুৰণি চহৰখনত ডাঙৰ হোৱাজনে চিলাখনক ডাঙৰ কিবা বুলি নাভাৱে। পুৰণি বাকচৰ পৰা উলিওৱা সেয়া বিভিন্ন আকাৰৰ সৰু সৰু কাগজৰ চৰাইৰ দৰে, নাইবা সিবোৰ আহে পুৰণি ভীৰ লাগি থকা বজাৰৰ পৰা, উত্তৰায়ণৰ এটা দিন আগত। চিলা বনোৱা ইতিহাস বা এই হস্তশিল্পৰ ওপৰতো কোনোকালে কোনেও এবাৰলৈও চকু দিয়া নাই, চিলা সজা শিল্পীসকলৰ কথা বাদেই। বছৰটোত এইকণ সময়ত চিলা উৰুওৱাৰ বাবে তেওঁলোকে গোটেই বছৰটো কাম কৰে, অথচ কাৰো চকুত নপৰে।

এই উৎসৱৰ সময়ত চিলা উৰুওৱাটো শিশুৰ বাবে এক অতিকৈ ৰোমাঞ্চকৰ খেল। এই চিলা সজাবোৰৰ জীৱনবোৰ জানো শিশুৰ খেল?

*****

Sketch of the parts of a kite.
PHOTO • Antara Raman
In Ahmedabad, Shahabia makes the borders by sticking a dori .
PHOTO • Pratishtha Pandya
Chipa and mor being fixed on a kite in Khambhat
PHOTO • Pratishtha Pandya

বাওঁফালেঃ চিলাৰ অংশবোৰৰ ছবি। সোঁমাজতঃ আহমেদাবাদত ছাহাবিয়াই চিলাৰ কাষে কাষে ড’ৰি বান্ধিছে। সোঁফালেঃ খাম্বাত চিলা এখনত চিপা আৰু ম’ৰ লগোৱা হৈছে

“প্ৰতিটো কামেই ভিন ভিন কাৰিকৰে কৰে,” ছাবিন মালিকে বুজাই কয়। “এজনে কাগজ কাটে, আনজনে পান (কলিজা আকৃতিৰ কাটি উলিওৱা কাগজৰ টুকুৰা), তৃতীয়জনে ড’ৰি মানে সূতাৰ কাম কৰে (চিলাখনৰ কাষবোৰত সূতা লগোৱা থাকে) আৰু চতুৰ্থজনে ধাদ্ধো (জঁকা)ৰ কাম কৰে। আনজন কাৰিকৰে কাম্মান তৈয়াৰ কৰে। আন এজনে ম’ৰ, চিপা, মাথা জৰী, নিচী জৰী (বিভিন্ন অংশত আঠা লগোৱা হয়) আদি লগায়, আন এজনে চিলাখনৰ তলত লগাবলৈ ফুৰাৰি (নেজ) এডাল সাজে।”

মালিকে হাতত চিলা এখন লৈ এটা এটা অংশ পাত পাতকৈ মোক বুজাইছে। মই মোৰ নোটবুকত কথাবোৰ বুজিব পৰাকৈ আঁকি লৈছো। চিলা বনোৱা এই কামটো খাম্বাতৰ বিভিন্ন স্থানত চলে।

“এক কিলোমিটাৰমান দূৰৰ ছকৰপুৰত আমাৰ এটা কাম হয়, ড’ৰি ব’ৰ্ডাৰ বনোৱাটো,” ছাবিন মালিকে তেওঁলোকৰ কামৰ নেটৱৰ্ক বুজাই কয়। “আকবৰপুৰত তেওঁলোকে কেৱল পান/সান্ধা (ডিজাইন জইন্ট)বোৰ বনায়। দাদিবাত তেওঁলোকে ধাদ্ধা (জঁকা) বনায়। তিনি কিলোমিটাৰ দূৰৰ নাগাৰা গাঁৱত তেওঁলোকে কাম্মান লগায়, মাটান মাৰ্কেটত তেওঁলোকে পাট্টি কাম (টেপ লগোৱা) কৰে। তাতেই ফুদাৰিৰ কামো হয়।”

এয়া খাম্বাত, আহমেদাবাদ, নাদিয়াড, ছুৰাট আৰু গুজৰাটৰ সকলো চিলা সজা মানুহৰ কাহিনী।

Munawar Khan at his workshop in Ahmedabad's Jamalpur area.
PHOTO • Umesh Solanki
Raj Patangwala in Khambhat cuts the papers into shapes, to affix them to the kites
PHOTO • Umesh Solanki

বাওঁফালেঃ মুনাৱৰ খান আহমেদাবাদৰ জামালপুৰ এলেকাৰ নিজৰ ৱৰ্কশ্বপত বহিছে। সোঁফালেঃ খাম্বাতৰ ৰাজ পটংৱালাই চিলাত লগাবলৈ কাগজবোৰ বিশেষ আকৃতিত কাটি উলিয়ায়

তিনিকুৰি বয়সৰ মুনাৱৰ আহমেদাবাদৰ এই ব্যৱসায়ত লগা চতুৰ্থ প্ৰজন্মৰ লোক। তেওঁ বেল্লাৰপুৰ বা ত্ৰিবেণীৰ পৰা চিলাৰ কাগজবোৰ আনে। ইয়াৰে এটা আহমেদাবাদৰ কোম্পানী, বেল্লাৰপুৰ ইণ্ডাষ্ট্ৰিজ আৰু আনটো হৈছে কলকাতাৰ ত্ৰিবেণী টিচুজ। বাঁহৰ কাঠিবোৰ অসমৰ পৰা আহে আৰু বিভিন্ন আকৃতিত কলিকতাত কাটি উলিওৱা হয়। কাগজৰ ৰিমবোৰ তেওঁৰ ৱৰ্কশ্বপত বিভিন্ন আকৃতিত কাটি উলিওৱা হয়।

একেবাৰত ২০ খনমান শ্বীট পাৰি লৈ তেওঁ এখন বহল ছুৰী লৈ সেইখিনি একেলগে চিলাৰ আকাৰ অনুসৰি কাটি যায়। সেইখিনি কৰা হ’লে তেওঁ দ্বিতীয় কাৰিকৰজনক গতাই দিয়ে।

খাম্বাতত ৪১ বছৰ বয়সীয়া ৰাজ পটংৱালাইও একে কামকে কৰে। “মই আটাইখিনি কাম জানো,” কথাৰ মাজতে তেওঁ কাগজ কাটি যায়। “কিন্তু মই অকলে আটাইবোৰ কাম চম্বালিব নোৱাৰো। খাম্বাতত কাম কৰা মানুহ বহুত আছে, কিছুমানে ডাঙৰ চিলাৰ কাম কৰে, কিছুমানে সৰু চিলাৰ। প্ৰতিটো আকাৰৰ বাবে আকৌ আপুনি ৫০ টা ভেৰাইটি পাব।”

মোৰ অনভিজ্ঞ হাতত ঘেনচিয়’খনে (তলফালে একোছা ৰছী আদি ওলমি থকা চিলা) আমাৰ চাদৰ পৰা তিনি মিটাৰমান উৰে মানে আকাশখন বিভিন্ন ৰঙী চিলাৰে ভৰি পৰিব। চীল (চৰাইৰ আকৃতিৰ যুঁজাৰু চিলা, পাখিবোৰ দীঘল থাকে), চন্দেদাৰ (যাৰ মাজভাগত এক বা একাধিক বৃত্ত আকৃতি থাকে), পাট্টেদাৰ (কেঁচীয়াকেঁচিকৈ বা সমান্তৰালকৈ একাধিক ৰঙৰ পটি থাকে), আৰু বিভইন্ন প্ৰকাৰৰ চিলাৰে আকাশখন খচিত হৈ পৰিব।

In Khambhat, Kausar Banu Saleembhai gets ready to paste the cut-outs
PHOTO • Pratishtha Pandya
Kausar, Farheen, Mehzabi and Manhinoor (from left to right), all do this work
PHOTO • Pratishtha Pandya

বাওঁফালেঃ খাম্বাটত কৌছুৰ বানু ছালীমভাইয়ে কাটি উলিওৱা টুকুৰাবোৰ আঠা লগাবলৈ সাজু হৈছে। সোঁফালেঃ কৌছুৰ, ফাৰহীন, মেহজবি আৰু মণিহুৰ (বাওঁফালৰ পৰা সোঁফাললৈ) আটায়ে এই কাম কৰে

চিলাখনৰ ডিজাইন, ৰং আৰু আকাৰ যিমানেই ভিন্ন হ’ব, সেইবোৰ জোৰা লগাই চিলাখন সাজিবলৈ সিমানেই বেছি কুশলী শ্ৰমৰ প্ৰয়োজন হ’ব। কৌছুৰ বানু ছালীমভাই (দুকুৰি বছৰ বয়সৰ) খাম্বাতৰ আকবৰপুৰ অঞ্চলত থাকে, তেঁৱো যোৱা ৩০ বছৰ ধৰি এই কামকে কৰি আহিছে।

তেওঁ আকৃতিবোৰ মিলাই চাই চিলাৰ ওপৰত আকৃতিবোৰ তেওঁ আঠা লগাই দিয়ে, তেনেকৈয়ে ডিজাইন এটা সম্পূৰ্ণ হৈ উঠে। “আমি আটাইবোৰ মহিলাই এই কাম কৰো.” কৌছুৰ বানুৱে মহিলাকেইগৰাকীলৈ আঙুলিয়াই দি কয়। “পুৰুষে আনবোৰ কাম কৰে, যেনে ফেক্টৰিত কাগজ কটা বা চিলা বিক্ৰী কৰা।”

কৌছুৰ বানুৱে পুৱা, গধুলি আৰু প্ৰায়ে ৰাতিও কাম কৰে। “বেছিভাগ সময়ত মই হাজাৰখন চিলা বনাই ডেৰশ টকা পাওঁ। অক্টোবৰ আৰু নৱেম্বৰ মাহত যেতিয়া চাহিদা তুংগত উঠে, তেতিয়া ২৫০ টকালৈ পাওঁ,” তেওঁ বুজাই কয়। “ঘৰত ৰন্ধা-বঢ়াৰ কামো আমি মহিলাবোৰেই কৰো।”

চেলফ্ এমপ্লইড ৱিমেন এছ’চিয়েচননে চলোৱা ২০১৩ৰ এক অধ্যয়ন মতে এই উদ্যোগটোত কাম কৰি থকা ২৩ শতাংশ মহিলাৰ মাহে ৪০০ টকাতকৈও কম উপাৰ্জন হয়। তেওঁলোকৰ গৰিষ্ঠসংখ্যকে ৪০০ৰ পৰা ৮০০ টকা পায়। মাত্ৰ ৪ শতাংশইহে মাহে ১,২০০ টকাতকৈ বেছি পায়।

তাৰমানে এখন ডাঙৰ ডিজাইন থকা চিলাৰ দাম, যিটো ১০০০ টকা পৰ্য্যন্ত হব পাৰে, সিমানখিনিয়েই তেওঁলোকৰ গৰিষ্ঠসংখ্যকৰ উপাৰ্জন। আপুনি যদি কম দামৰ এখন চিলা কিনে, তেন্তে আপুনি ১৫০ টকাৰ পাঁচখন থকা পেকেট এটা কিনিব লাগিব। দামীবোৰৰ দাম ১,০০০ টকা পৰ্য্যন্ত বা তাতোকৈ বেছি উঠিব পাৰে। চিলাৰ ভেৰাইটিয়ে দেখি আচৰিত হোৱাৰ দৰে দামৰো ভিন্নতাই আপোনাক বিষ্মিত কৰিব। সৰুখন ২১.৫x২৫ ইঞ্চিৰ। ডাঙৰখন তাতোকৈ দুই-তিনিগুণমান হ’ব পাৰে।

*****

Aashaben, in Khambhat's Chunarvad area, peels and shapes the bamboo sticks.
PHOTO • Umesh Solanki
Jayaben glues the dhaddho (spine) to a kite
PHOTO • Pratishtha Pandya

বাওঁফালেঃ খাম্বাতৰ চুনাৰ্ভাৰ এলেকাত কাম কৰা আশাবেনে বাঁহৰ কাঠিবোৰ চাঁচি মিহি কৰে আৰু কাটে। সোঁফালেঃ জয়াবেনে ধাদ্ধো (জকা)বোৰ চিলাত আঠা লগায়

অকণমান দূৰত্ব অতিক্ৰম কৰি মোৰ চিলাখন উভতি চাদত পৰিল। কোনোবাই সেইখিনি সময়তে চিঞৰি কোৱা মোৰ পৰে, “ধাদ্ধো মচাড়!” (চিলাখনৰ মাজৰ বাঁহৰ কাঠিডাল বেকা কৰি দিয়া)। সেয়ে মই মোৰ সৰু হাত দুখনেৰে চিলাখনৰ দুয়োটা মুৰত ধৰি কাঠিডাল বেকা কৰি দিলো। কাঠিডাল বেকা হ’ব লাগে, কিন্তু ইমানো নহয় যে ভাগি যাব।

বহুদশক পিছত মই জয়াবেন (২৫)ক খাম্বাতৰ চুনাৰ্ভাৰত চিলাখনত বাঁহৰ কাঠিডাল লগাই থকা দেখিছো। আঠাখিনি তেওঁলোকে ছাগুদানা উতলাই ঘৰতে প্ৰস্তুত কৰে। তেওঁৰ দৰে শ্ৰমিকে এহেজাৰডাল কাঠি লগোৱাৰ বিনিময়ত ৬৫ টকা পায়। দ্বিতীয়জন শ্ৰমিকে আকৌ তাত পথালিকৈ কাঠি লগোৱা (কাম্মান) কাম কৰে।

কিন্তু কাম্মানডাল আকৌ চাঁচি লৈ মিহি কৰিব লাগে। আশাবেনে (৩৬) বাঁহৰ কাঠিবোৰ চাঁচি মিহি কৰি চিলাৰ বাবে সাজু কৰি তোলা কামটোকে বহুবছৰ ধৰি কৰি আহিছে। বাঁহৰ কাঠিবোৰ লৈ ঘৰতে বহি তৰ্জনী আঙুলিত চাইকেলৰ টিউবৰ টুকুৰা এটা মেৰিয়াই লৈ চোকা ৰেজৰ ব্লেড এখনেৰে তেওঁ কাঠিবোৰ মিহি কৰে। “মই হাজাৰডাল কাঠি মিহি কৰি ৬০ৰ পৰা ৬৫ টকা পাওঁ,” আশাবেনে কয়। “হাতৰ আঙুলিৰ ছাল উখহি উঠে। ডাঙৰ কাঠিৰ কামত কেতিয়াবা আঙুলি কটা গৈ তেজো ওলায়।”

এতিয়া কাম্মানডাল মিহি হৈ পৰিল। ইয়াক বেকা কৰা কামটো আন এজনে কৰে। আহমেদাবাদৰ জামালপুৰ এলেকাৰ ৬০ বছৰীয়া জামীল আহমেদে এতিয়াও কাম্মান বেঁকা কৰা কাম কৰে। তেওঁ আঠডাল শিখা ওলোৱা কেৰাচিনৰ লেম্পবক্সটোত বাঁহৰ কাঠিবোৰ মুঠিকৈ ধৰি লৈ সেয়া বেঁকা কৰে। এই কামটোত বাঁহৰ কাঠিবোৰত ক’লা ৰঙৰ চিন বহে।

At his shop in Ahmedabad's Jamalpur area, Jameel Ahmed fixes the kamman (cross par) onto kites
PHOTO • Umesh Solanki
He runs the bamboo sticks over his kerosene lamp first
PHOTO • Umesh Solanki

বাওঁফালেঃ আহমেদাবাদৰ জামালপুৰ এলেকাৰ নিজৰ দোকানত জামীল আহমেদে কাম্মানবোৰ চিলাত লগাইছে। সোঁফালেঃ তেওঁ নিজৰ কেৰাচিনৰ লেম্পটোত বাঁহবোৰ সেকিছে

Shahabia seals the edge after attaching the string.
PHOTO • Umesh Solanki
Firdos Banu (in orange salwar kameez), her daughters Mahera (left) and Dilshad making the kite tails
PHOTO • Umesh Solanki

বাওঁফালেঃ ছাহাবিয়াই সূতা গঁথাৰ পিছত চিলাৰ কাষকেইটা চীল কৰিছে। সোঁফালেঃ ফিৰদৌছ বানু (কমলাৰঙী চুৰিডাৰ পৰিহিতা), তেওঁৰ জীয়ৰী মাহেৰা (বাওঁফালে) আৰু দিলশাদে চিলাৰ ফান সাজিছে

জামীলে বিশেষ ধৰণৰ আঠাৰে কাম্মানবোৰ লগায়। “চিলা এখন সাজোতে তিনিৰ পৰা চাৰিধৰণৰ আঠাৰ প্ৰয়োজন হয়, প্ৰতিবিধৰে উপাদান ভিন্ন।” কবাল্টৰ সৈতে ময়দা মিহলাই কৰা থু থু নামৰ নীলা আঠা এবিধ তেওঁ ব্যৱহাৰ কৰিছে। এহাজাৰডাল কাম্মান লগোৱাৰ বিপৰীতে তেওঁ ১০০ টকা পায়।

আহমেদাবাদৰ জুহাপুৰাৰ শাহাবিয়াই (৩৫) ড’ৰি বৰ্ডাৰৰ কামৰ বাবে ব্যৱহাৰ কৰা আঠাবিধ জামীলৰ সৈতে একে নহয়। তেওঁৰ ঘৰত ৰন্ধা চাউলৰ পৰা এই আঠা বনায়। তেওঁ এয়াই বহুবছৰ ধৰি ব্যৱহাৰ কৰি আহিছে। কথাৰ মাজতে ঘৰৰ চিলিঙৰ পৰা ওলমাই থৈ দিয়া সূতাৰ থূঁপটোৰ পৰা সৰু আঁহ এডাল তেওঁ উলিয়ালে। সেইডালেৰে চিলাখনৰ জোখ লৈ আঙুলিত লৈ থকা আঠাখিনি চিলাখনত লগালে। সৰু ডেস্কখনৰ তলতে এবাটি লাই (চাউলৰ আঠা) লুকুৱাই থৈ দিয়া আছে।

“মোৰ স্বামী অহাৰ পিছত মই এই কাম কৰিব নোৱাৰো, এই কাম কৰা দেখা পালে তেওঁৰ খং উঠে”, তেওঁ কয়। তেওঁ কৰা কামটোৱে চিলাখন মজবুত কৰে আৰু ফিচিকি নোযোৱা হয়। হাজাৰখন চিলাৰ ব’ৰ্ডাৰ বনোৱা কামটোত তেওঁ ২০০ৰ পৰা ৩০০ টকা পায়। তাৰপিছত চিলাখনৰ মাজৰ কাঠিডাল যাতে সুন্দৰকৈ চুককেইটাত লাগি ধৰি থাকে, তাৰবাবে আন মহিলাকেইগৰাকীয়ে সৰু সৰু কাগজৰ টুকুৰা লগায়। তেওঁলোকে এহাজাৰখনৰ কাম কৰি ৮৫ টকা পায়।

৪২ বছৰ বয়সীয়া ফিৰদৌছ বানুৱে আমাৰ সন্মুখতে ৰামধেনুৰ থোপাটো দাঙি ধৰিলে। সেয়া হৈছে ৰং-বিৰঙী চিলাৰ নেজবোৰ, একেলগে এশডাল। আকবৰপুৰৰ অটোচালকৰ পত্নি ফিৰদৌছে আগতে পাপড় বনোৱা কাম কৰিছিল। “কিন্তু পাপড় শুকুৱাবলৈ চাদ নাথাকিলে এই কাম টান হৈ পৰে। এই কামটোও ইমান সহজ কাম নহয় আৰু পইছাও কম পাওঁ। কিন্তু আন বেলেগ কামো নাজানো,” ফিৰদৌছে কয়।

চিলা এখনৰ ডিজাইন, ৰং আৰু আকৃতি যিমানেই জটিল হয়, সিমানেই বেছি কুশলী মানুহৰ প্ৰয়োজন হয়

ভিডিঅ’টো চাওঁকঃ চিলাখনৰ কাহিনী

দীঘল কেঁচি এখনেৰে তেওঁ কাগজবোৰ এফালৰ পৰা পটি আকাৰত কাটি উলিয়ায়। কি ধৰণৰ নেজ বনাব, তাৰে ওপৰত ভিত্তি কৰি কাটে। তাৰপাছত কটাখিনি জীয়াৰী দিলশ্বাদ বানু (১৭) আৰু মাহেৰা বানু (১৯)ক দিয়ে। তেওঁলোকে পটিবোৰৰ মাজভাগত অকণমান লাই আঠা লগায়। দুয়ো নিজৰ ভৰিৰ আঙুলিত লগাই থোৱা সূতাৰ বাণ্ডিলটোৰ পৰা এডাল সূতা উলিয়াই সেইডাল কাগজখনৰ চাৰিওফালে এপাক দি মাজতে আঠা লগাই দিয়ে আৰু দুয়োটা মুৰ এফালে ভাজ কৰি দিয়ে। এনেদৰেই ধুনীয়া ফুৰাৰি হৈ উঠে। পৰৱৰ্তী কাৰিকৰজনে সেই নেজডাল চিলাখনত লগাই দিয়াৰ পিছতহে সেইখন উৰিব পাৰিব। এনেদৰে তিনিজনে মিলি হাজাৰডাল নেজ সাজি ৭০ টকা পায়।

“লপেট… !” (সূতা কোচোৱা) - এইবাৰ চিঞৰটো ডাঙৰেই হ’ল। সূতাডাল আকাশৰ পৰা সৰি পৰিল। কথাখিনি মোৰ এতিয়াও মনত আছে, মই ভালপোৱা চিলাখন সেইদিনা হেৰুৱাইছিলো।

এতিয়া আৰু মই চিলা নুৰুৱাও। কিন্তু ল’ৰা-ছোৱালীৰ আনন্দৰ কাৰণে এই কাম প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি কৰি অহাসকলক এইটো সপ্তাহত লগ পালো। তেওঁলোকৰ শেষ হৈ নহা শ্ৰমে মকৰ সংক্ৰান্তিৰ দিনা আকাশত ৰং সানে।

এই প্ৰতিবেদন প্ৰস্তুত কৰি উলিওৱাত সহায় কৰা হোজেফা উজ্জয়িনী, সমীনা মালিক আৰু জানিছাৰ শ্বেইখক প্ৰতিবেদকে ধন্যবাদ যাঁচিছে।

প্ৰচ্ছদ ফটো: খামৰুম নিছা বানুৱে প্লাষ্টিকৰ চিলাৰ কাম কৰিছে, প্লাষ্টিকৰ চিলা আজিকালি জনপ্ৰিয় হ’ব ধৰিছে। ফটোখন প্ৰতিষ্ঠা পাণ্ড্যাই তুলিছে।

অনুবাদ: পংকজ দাস

Pratishtha Pandya

কবি এবং অনুবাদক প্রতিষ্ঠা পান্ডিয়া গুজরাতি ও ইংরেজি ভাষায় লেখালেখি করেন। বর্তমানে তিনি লেখক এবং অনুবাদক হিসেবে পারি-র সঙ্গে যুক্ত।

Other stories by Pratishtha Pandya
Photographs : Umesh Solanki

সাংবাদিকতায় স্নাতকোত্তর উমেশ সোলাঙ্কি আহমেদাবাদ-নিবাসী ফটোগ্রাফার, তথ্যচিত্র নির্মাতা এবং লেখক। পথেপ্রান্তরে ঘুরে বেড়ানোই তাঁর নেশা। এ অবধি তিনটি কাব্য-সংকলন, একটি ছান্দিক উপন্যাস, একখানা উপন্যাস ও একটি ক্রিয়েটিভ নন-ফিকশন সংকলন প্রকাশ করেছেন তিনি।

Other stories by Umesh Solanki
Illustration : Anushree Ramanathan and Rahul Ramanathan

অনুশ্রী রামানাথন ও রাহুল রামানাথন আহমেদাবাদের আনন্দ নিকেতন বিদ্যালয়ে (স্যাটেলাইট) বিদ্যালয়ে যথাক্রমে ৭ম ও ১০ম শ্রেণির পড়ুয়া। পারি'র গল্পের জন্য ছবি আঁকতে দুইজনে খুব ভালোবাসে।

Other stories by Anushree Ramanathan and Rahul Ramanathan
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das