২০১৭ চনৰ জুলাইৰ পৰা নৱেম্বৰ পৰ্যন্ত বিদৰ্ভৰ কপাহ উৎপাদনকাৰী জিলা, বিশেষকৈ যাভতমালৰ পৰা হঠাৎ মানসিক দুৰ্বলতাজনিত শংকা, মূৰ ঘূৰণি, দৃষ্টিশক্তিৰ সমস্যা আৰু পেটৰ বিষৰ বাবে হাস্পতাললৈ অহা ৰোগীৰ সংখ্যা বৃদ্ধি পালে। এইসকলৰ সকলো কপাহ খেতিয়ক বা কপাহ খেতিত কাম কৰা শ্ৰমিক। শস্য পথাৰত কীটনাশক প্ৰয়োগৰ সময়ত তেওঁলোকৰ শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰে ৫০ জনৰ মৃত্যু হৈছে, ১,০০০ৰ অধিকে ঘৰলৈ ঘূৰি গৈছে। সুস্থ হোৱাসকলৰ বহুতে কেইবামাহো চিকিৎসালয়ত থাকিবলগীয়া হ'ল।
তিনিটা খণ্ডৰ ধাৰাবাহিক লানিৰ এই দ্বিতীয় প্ৰতিবেদনত অঞ্চলটোত কি হৈছে আৰু মহাৰাষ্ট্ৰ চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে কি পালে সেই বিষয়ে পাৰিয়ে আলোকপাত কৰাৰ প্ৰয়াস কৰিছে।
ইয়াৰ পাছত বিদৰ্ভাত কিয় ইমান বেছি কীটনাশকৰ ব্যৱহাৰ কৰা হয়, সেই বিষয়ে গুৰুত্বপূৰ্ণ প্ৰতিবেদন আগবঢ়াবলৈ চেষ্টা কৰিম। গোলপীয়া ৰঙৰ ব'লৱৰ্ম নামৰ কীটবিধক প্ৰতিহত কৰিবৰ বাবে অনুমোদিত জেনেটিকেলি মডিফাইড বিটি কটন পুনৰ এই পুৰণি পোকটোৰ আক্ৰমণৰ কবলত পৰিছে। যেন প্ৰতিশোধৰ লক্ষ্যণেৰে এই গোলপীয়া ব'লৱৰ্মে এই খেতি এফালৰ পৰা ধ্বংস কৰি আহিছে।
*****
বিষক্ৰিয়াত আক্ৰান্ত হোৱা সঞ্জয় বোৰখাড়ে মানসিক অভিঘাত এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হ'বলৈ বাকী আছে। তেওঁ নিজৰ সম্পৰ্কে বৰ্ণনা কৰিলে, "মই মোৰ দৃষ্টিশক্তি প্ৰায় হেৰুৱাই পেলাইছিলো। কিন্তু সুস্থ হৈছে। অৱশ্যে মই এতিয়াও চকুত খজুৱতি অনুভৱ কৰি থাকো আৰু মোৰ মূৰ ঘূৰাই থাকে।"
আদিবাসী সম্প্ৰদায়ৰ ১৫ বছৰ ধৰি কৃষি শ্ৰমিক হিচাপে কাম কৰা ৩৫ বছৰীয়া সঞ্জয়ৰ কোনো কৃষি ভূমি নাই। খেতি পথাৰত ছটিওৱা ৰাসায়নিকৰ এনে কু-প্ৰভাৱ তেওঁ আগতে কেতিয়াও পোৱা নাই বুলি তেওঁ জানিবলৈ দিয়ে।
অসুস্থ হোৱাৰ আগদিনা তেওঁ ৫-৬ ঘন্টা স্প্ৰে কৰিছিল। ঘটনাটো ২০১৭ চনৰ অক্টোবৰৰ। বছৰেকীয়া ঠিকা ভিত্তিক শ্ৰমিক হিচাপে কাম কৰা সঞ্জয়ে কেইবাটাও কীটনাশক মিহলি কৰি তেওঁৰ গাঁৱতে থকা ১০ একৰ খেতিত সপ্তাহত এবাৰকৈ স্প্ৰে কৰিছিল। এনে ব্যৱস্থাত দেশৰ এই অঞ্চলত 'ছালদাৰী' বুলি কয়। ইয়াৰ দ্বাৰা সঞ্জয়ে বছৰেকত ৭০,০০০ টকা আয় কৰে। সঞ্জয় যাভাতমালৰ নেৰ তেহছিলৰ চিখালি (কানহোবা) গাঁৱৰ বাসিন্দা। গাওঁখনৰ প্ৰায় ১,৬০০ জনসংখ্যাৰ প্ৰায় ১১ শৰাংশ আন্ধ সম্প্ৰদায়ৰ আৰু বাকীখিনি অনুসূচীত জনজাতিৰ লোক।
তেওঁৰ পত্নী তুলছাই ক'লে, "গাঁৱৰ একাংশ মহিলাও কীটনাশকৰ বিষক্ৰিয়াত পৰা আৰু মৃত্যু হোৱা বুলি শুনিছিলো।" সঞ্জয়ো যেতিয়া অসুস্থ হ'ল তেতিয়া তেওঁ দৃষ্ট শক্তি হেৰুৱাব বুলি তুলছাই বৰ ভয় খাইছিল। তেওঁ হাস্পতালত থকা সময়খিনি পৰিয়ালটোৰ বাবে বৰ জটিল সময় আছিল। "ভাগ্য ভাল আছিল যে তেওঁ সুস্থ হ'ল। নহলে মই কেনেকৈ সন্তানকেইটা ডাঙৰ কৰিলোহেঁতেন?" তুলছাই ক'লে।
পত্নী তুলছা, তিনি কন্যা, এজন পুত্ৰ আৰু বৃদ্ধা মাতৃৰ সঞ্জয় (কাহিনীটোৰ কাভাৰ ইমেজত বৰ্ণিত)ৰ পৰিয়ালটোত তেৱেঁই একনাত্ৰ উপাৰ্জন কৰোঁতা। কাঠৰ খুঁটা, বোকাৰ বেৰ, খেৰৰ চালেৰে নিৰ্মিত এটা সৰু পঁজাত তেওঁলোক বাস কৰে। ঘৰৰ ভিতৰত কোৰ, কেইটামান বাচন-বৰ্তন, এখন খাট আছে। কিন্তু সবাতোকৈ ডাঙৰ কথাটো হ'ল ঘৰটোৰ ভিতৰখন ল'ৰা-ছোৱালীহঁতৰ হাঁহিৰে পৰিপূৰ্ণ হৈ আছে।
পশ্চিম বিদৰ্ভা কটন বেল্টত, বিশেষকৈ যাভাতমাল জিলাত ৫০ জনমান কৃষক আৰু কৃষি শ্ৰমিকে প্ৰাণ হেৰুওৱা ভয়াবহ স্মৃতি সোঁৱৰি সঞ্জয় শিঞৰি উঠে। ( মাৰাত্মক কীটনাশক আৰু ভয়াৱহ স্প্ৰে চাওক) ২০১৭ চনৰ ছেপ্টেম্বৰ আৰু নৱেম্বৰৰ মাজত তেওঁলোক দুৰ্ঘটনাবশতঃ বিষাক্ত দ্ৰব্যৰ সংস্পৰ্শলৈ আহিছিল বা উশাহত এনে বিষাক্ত দ্ৰব্য শৰীৰৰ ভিতৰলৈ গৈছিল। প্ৰায় ১,০০০ কৃষক আৰু কৃষি শ্ৰমিকে মাহ মাহ ধৰি অসুস্থ হৈ আছিল। (এই সংখ্যা চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ৰ পৰা চৰকাৰে সংগ্ৰহ কৰা তথ্য।)
কৃষকৰ আত্মহত্যাৰ বাবে কুখ্যাত এই অঞ্চলটোত কীটনাশকৰ দ্বাৰা আক্ৰান্ত হোৱা এয়া একপ্ৰকাৰ ভিন্ন ধৰণৰ ঘটনা।
সঞ্জয়ে কাম কৰা ফাৰ্মখনৰ মালিক তথা গাঁওবুঢ়া ঊৰ্ধৱৰাও ভালেৰাৱে কয়, "প্ৰতি বছৰৰ দৰে সেইবাৰো আমি এটা আবেলিত স্প্ৰে কৰা কাম সমাপ্ত কৰিছিলো।" সেইদিনা সন্ধিয়া ৫ মান বজাত সঞ্জয়ে ফুলি উঠা চকু লৈ মালিকৰ ঘৰলৈ আহিল। ঊৰ্ধৱৰাৱে লগে লগে ১০ কিলোমিটাৰ দূৰত থকা আৰ্ণি চহৰলৈ মটৰচাইকেলেৰে লৈ গ'ল। আৰু তাৰ পৰা আকৌ ৪০ কিলোমিটাৰ আঁতৰত থকা যাভাতমালৰ চৰকাৰী জিলা হাস্পতাললৈ লৈ গ'ল। ঊৰ্ধৱৰাৱে ক'লে, "আমি কীটনাশকৰ বিষক্ৰিয়া হৈছে বুলি শুনিছিলো। কিন্তু ইয়াৰ চিকাৰ আমিয়ে হ'ম বুলি ভবা নাছিলো।" তেওঁৰ মনত আছে, গোটেই হাস্পতালখন বিষক্ৰিয়াত আক্ৰান্ত ৰোগীৰে ভৰি আছিল।
এইটা এটা আচৰিত তথা বিৰ্চুতি খাবলগীয়া ঘটনা। "বহু বছৰৰ পৰা প্ৰয়োগ কৰি অহা নন-লোকেলাইজড প্লেন্ট পইজন আৰু ডাইৰেক্ট একচন কেমিকেলেই আমি ব্যৱহাৰ কৰিছিলো। মাত্ৰ এটাই পাৰ্থক্য আছিল যে সেইবাৰ বায়ুমণ্ডলত অত্যধিক জলীয় বাষ্প আছিল আৰু কপাহ গছবোৰ বৰ লহপহকৈ বাঢ়িছিল।
জানুৱাৰীত মই চিখালি কানহোৱা ভ্ৰমণ কৰিছিলো, তেতিয়াও ২০১৭ চনৰ জুলাইৰ পৰা কৃষকে সন্মুখীন হৈ অহা গোলপীয়া বলৱৰ্মৰ আক্ৰমণকে ধৰি কেইবাবিধো পোকে কপাহ খেতি বিধ্বস্ত কৰিয়ে আছিল। আৰু ইফালে কৃষি শ্ৰমিকসকলে কীটনাশকৰ বিষক্ৰিয়াৰ ভয়াবহতাত ক্ৰস্তমান হৈ আছিল।
অস্বাভাৱিকভাৱে ওখ, শকত আৰু জোপোহা হোৱা কপাহ গছৰ খেতিত স্প্ৰে কৰি ছেপ্টেম্বৰ-অক্টোবৰত গাঁওখনৰ পাঁচজন শ্ৰমিক অসুস্থ হৈছিল। সঞ্জয়কে ধৰি চাৰিজনৰ ভাল হ'ল। কিন্তু আন্ধ সম্প্ৰদায়ৰ এজন উপান্ত খেতিয়ক ৪৫ বছৰীয়া দ্যানেশ্বৰ তালেই দুমাহতকৈ বেছি দিন হাস্পতালত থাকি শেষত পৰাজয় স্বীকাৰ কৰে। তেওঁকেই প্ৰথম ২০১৭ চনৰ ১ অক্টোবৰত আৰ্ণিৰ মহকুমা হাস্পতাললৈ অনা হৈছিল। পাছদিনা তেওঁক যাভাতমালৰ চৰকাৰী জিলা হাস্পতাললৈ নিয়া হৈছিল। এমাহ তাত থকাৰ পাছৰ তেওঁক নাগপুৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰৰণ কৰা হৈছিল আৰু তাতে তেওঁৰ মৃত্যু হয়।
দ্যানেশ্বৰৰ ভাতৃ গজাননো কৃষি শ্ৰমিক। জ্যেষ্ঠ ভাতৃৰ লগত হাস্পতালত কটোৱা গজাননে কয়,"তেওঁ এদিন ভাল পাইছিল যদিও পাছদিনাৰ পৰা তেওঁৰ অৱস্থাটো সংকটপূৰ্ণ হৈ পৰে। আমি ভাবিছিলো দাদাৰ ভাল হ'ব, কিন্তু সি গুচি গ'ল। আন এজন সহোদৰ বন্ধুও বিষাক্ত দ্ৰব্যৰ সংস্পৰ্শলৈ অহাত তেওঁকো চিকিসাধীন কৰিবলগীয়া হৈছিল আৰু তেওঁ অস্থায়ীভৱে দৃষ্টি শক্তি হেৰুৱাইছিল।
সঞ্জয়ৰ দৰে দ্যানেশ্বৰৰো চকুৰ খজুৱতি প্ৰথমে আৰম্ভ হৈছিল আৰু তাৰ পৰাই বিয়পিছিল। মেডিকেল ৰিপৰ্ট মতে, কীটনাশকে তেওঁৰ শৰীৰৰ ৰোগ প্ৰতিষেধক ব্যৱস্থা আৰু গুৰুত্বপূৰ্ণ অংগসমূহ ভাল কৰিব নোৱাৰাকৈ নষ্ট কৰি পেলাইছিল। চৰকাৰীভাৱে তেওঁৰ মৃত্যু 'ছেপ্টিচেমিয়া'ৰ বাবে হোৱা বুলি কোৱা হৈছে।
পিতাকৰ মৃত্যুৰ পাছত তেওঁৰ ল'ৰা-ছোৱালীকেইটাই তেওঁলোকৰ শিক্ষাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে। ১৯ বছৰীয়া কোমল দ্বাদশ শ্ৰেণী, ১৭ বছৰীয়া কৈলাস দশম শ্ৰেণী আৰু একেবাৰে সৰু ১২ বছৰীয়া শীতল নবম শ্ৰেণীত পঢ়ি আছে। তেওঁলোক তিনিও আৰ্ণি চহৰত পঢ়ে। দ্যানেশ্বৰে নিজে যিটো কৰিব নোৱাৰিলে, সেইটো তেওঁৰ সন্তানে কৰাটো বিচাৰিছিল- স্কুললৈ যোৱা আৰু উপযুক্ত শিক্ষা গ্ৰহণ কৰা।
তেওঁৰ বিধবা পত্নী অনিতায়ো কৃষি শ্ৰমিক হিচাপে কাম কৰে। তেওঁৰ বৃদ্ধা মাতৃও গোটেই জীৱন আনৰ কৃষি পথাৰতে কাম কৰি অতিবাহিত কৰি দিলে। "আমাক সহায় কৰিবৰ বাবে গোটেই গাঁওখনে টকা সংগ্ৰহ কৰিছিল।" অনিতাই ক'লে, "কিন্তু আমাৰ যি অলপ সোণ আছিল সেয়াও বেচিবলগীয়া হ'ল। তেওঁৰ চিকিৎসা আৰু আন খৰচৰ বাবে [চুবুৰীয়া আৰু আত্মীয়ৰ পৰা] ৬০-৬৫,০০০ টকা ধাৰ কৰিবলগীয়া হ'ল।"
চিখালি কানহোবাত যথেষ্ট সন্মানীয় ভাতেৰাৱে ক'লে, "আমাৰ গাঁৱৰ বাবে ছেপ্টেম্বৰ-নৱেম্বৰৰ সময়ছোৱা অতি প্ৰত্যাহ্বানমূলক আছিল। আমি চাৰিজনক ৰক্ষা কৰিবলৈ সক্ষম হ'লো, কিন্তু দ্যানেশ্বৰক বচাব নোৱাৰিলো।"
এই প্ৰত্যাহ্বানপূৰ্ণ সময়ছোৱা প্ৰথমে এক ভাল কপাহ উৎপাদন বৰ্ষ (জুলাই ২০১৭- মাৰ্চ ২০১৮) হিচাপেহে ভবা হৈছিল, কিন্তু ভয়াবহ কীটৰ আক্ৰমণে সময়ছোৱা ধ্বংসাত্মক ৰূপ দিলে। ভালেৰাৱৰ খেতি পথাৰলৈও কেইবা দশকৰ পাছৰ পুৰণি কীট গোলপীয়া বলৱৰ্ম পুনৰ ঘূৰি আহিলে। এই কীটবিধ ১৯৮০ চনত শেষবাৰৰ বাবে দেখা পোৱা গৈছিল। ১৯৯০ৰ দশকৰ ছিনথেটিক পাইৰেথ্ৰইডৰ ব্যৱহাৰ আৰু ২০০১ চনৰ পাছৰ পৰা বিটি কটনৰ আগমনে এই কীটবিধক প্ৰতিৰোধ কৰিছিল। কিন্তু কীটবিধ এতিয়া কীটনাশক আৰু বিটি দুয়োটাৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা আহৰণ কৰিছে। (ইয়াৰ বিষয়ে আন এক ধাৰাবাহিকত বহলাই লিখা হ'ব।)
বিষক্ৰিয়াৰ ঘটনা আৰু এনে দুৰ্যোগৰপৰা ভৱিষ্যতে হাত সাৰিবৰ বাবে আগতীয়া ব্যৱস্থাৰ পৰামৰ্শ দিবৰ বাবে ২০১৭ চনৰ অক্টোবৰত মহাৰাষ্ট্ৰ চৰকাৰে এখন বিশেষ তদন্ত সমিতি (ছিট) গঠন কৰি দিয়ে। সমিতিখনে ইয়াৰ প্ৰতিবেদন দাখিল কৰিছে। আন আন পৰামৰ্শৰ লগতে সমিতিখনে জনপ্ৰিয় কিন্তু মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক ম'ন'ক্ৰ'ট'ফছ নামৰ কীটনাশকবিধ নিষিদ্ধ কৰিবলৈ উপদেশ দিয়ে। ( 'ছিট'ৰ প্ৰতিবেদন চাওকঃ অভূতপূৰ্ব তথা ভয়ংকৰ কীঁটৰ আক্ৰমণ )
ভালেৰাৱে কয় যে স্থানীয় কৃষি অৰ্থনীতিৰ বাবে এই দুৰ্যোগৰ প্ৰভাৱ বৃহৎ। এই বছৰ তেওঁৰ কপাহ উৎপাদন অতি কমেও ৫০ শতাংশলৈ হ্ৰাস হৈছে। তেওঁৰ ৮ একৰৰ ফাৰ্মখত সাধাৰণ অৱস্থাত এবছৰত প্ৰতি একৰত ১২-১৫ কুইণ্টল কপাহ উৎপাদন হয়। কিন্তু ২০১৭-১৮ বৰ্ষত এই উৎপাদন ৫-৬ কুইণ্টললৈ হ্ৰাস পাইছে। ইয়াতকৈও ডাঙৰ কথাটো হ'ল কাটৰ আক্ৰমণৰ বাবে কপাহৰ মান নিম্ন পৰ্যায়ৰ হৈছে। কম উৎপাদনে স্থানীয় অৰ্থনীতিলৈ ধনৰ সোঁত কম কৰিব। কম পৰিমাণৰ ধনৰ সোঁতৰ অৰ্থ হৈছে কৃষি শ্ৰমিকৰ নিম্ন মজুৰি বা কম কামৰ সুবিধা। চৰকাৰে যদি এম জি এনৰেগাৰ দৰে আঁচনিৰ জৰিয়তে কৰ্মসংস্থান সৃষ্টি নকৰে তেন্তে ইতিমধ্যে পৰি অহা গাঁৱৰ অৰ্থনীতি আৰু বেয়া হ'ব। তেতিয়া ক্ৰয়, বিয়া-বাৰু, নিৰ্মাণ বা আন কোনো খৰচ গাঁওবাসীৰ বাবে সম্ভৱ নহ'ব।
ভালেৰাৱে লগতে কয় যে যুগ যুগ চলি ফাৰ্ম মালিক আৰু কৃষি শ্ৰমিকৰ মাজত থকা সম্পৰ্কক মৃত্যু আৰু হাস্পতালত ভৰ্তি কৰাবলগীয়া হোৱা ঘটনাই কুপ্ৰভাৱ পেলাব। উৎপাদন প্ৰক্ৰিয়াত কৰিবলগীয়া অতি গুৰুত্বপূৰ্ণ কাম কীটনাশক স্প্ৰে কৰে শ্ৰমিকসকলে। আৰু এতিয়া তেওঁলোকে স্প্ৰে কৰিবলৈ ভয় খাইছে। যাভাতমলত বিষক্ৰিয়াই ভয়াবহ ৰূপ ধাৰণ কৰাৰ পাছত এতিয়া অঞ্চলটোত এই কামটো কৰাবলৈ শ্ৰমিকক সন্মত কৰোৱা কঠিন হৈ পৰিছে। স্প্ৰেৰ কাম বন্ধ ৰাখিলে কীটবোৰৰ বংশ বৃদ্ধিয়ে উৎপাদনত কুপ্ৰভাৱ পেলায়।
ভালেৰাৱে কয়, "কৃষি কাৰ্যৰ সহায়কসকলৰ মন জয় কৰি তেওঁলোকৰ বিশ্বাস আমি ঘূৰাই আনিব লাগিব। আমি আৰ্থিক ক্ষতিৰ মুখামুখি হ'ম, কিন্তু জীৱন হানিৰ ক্ষেত্ৰত কি হ'ব? আমি ভাগ্যবান যে আমি চাৰিজনৰ জীৱন ৰক্ষা কৰিব পাৰিলো, কিন্তু দ্যানেশ্বৰক আমি বচাব নোৱাৰিলো...।"
দ্যানেশ্বৰৰ মৃত্যুত দুখী সঞ্জয়ে ক'লে, "এটা ভাল হ'ল যে এই দুৰ্যোগে আমাৰ সম্প্ৰদায়টোক বিপদৰ সময়ত একগোট কৰিছিল।" কঠিন সময়ছোৱাত গাঁওখনৰ প্ৰত্যেকেই ইজনে সিজনৰ ওচৰত থিয় দিছিল। ফাৰ্মৰ গৰাকীয়েও কৃষি শ্ৰমিকসকলক টকা-পইছা আৰু মানসিক সমৰ্থন দিছিল। এতিয়াও সঞ্জয়ে পুনৰ কামত যোগদান কৰা নাই, ভালেৰাৱেও জোৰ কৰা নাই। কিন্তু সঞ্জয়ৰ বিশ্বাস ভাগি গৈছে, আৰু তেওঁ নিজেও নিশ্চিত নহয় যে তেওঁ পুনৰ ফাৰ্মত কাম কৰিবনে, আকৌ অকলে কীটনাশক স্প্ৰে কৰিবনে? নতুবা, তেওঁ প্ৰতিজ্ঞা কৰিছে, "অহা বছৰ স্প্ৰে কৰাৰ আগতে মই সম্পূৰ্ণ সাবধানতা অবলম্বন কৰিম।"