সোহন সিংহ টিটাৰ মৰোঁ-জীওঁ-সোঁ-আধিকৈ কৰা চেষ্টাই মাটি-পানী উভয়তে বহুতৰে জীৱন ৰক্ষা কৰিছে। ভুলে চক গাঁও আৰু তাৰে আশে-পাশে থকা গাঁৱৰ কোনো বাটেৰে তেওঁ যেতিয়া নিজৰ মটৰচাইকেলখন চলাই অহা দেখিব, এনে লাগে যেন কোনো দেৱদূতৰ আবিৰ্ভাৱ ঘটিছে। তেওঁ গাঁৱে গাঁৱে পাচলি বিক্ৰী কৰি ফুৰে। কিন্তু মটৰচাইকেল চলোৱা মানুহজনক সকলোৱে আন এটা বিশেষ কাৰণতহে ভালকৈ চিনে। পাঞ্জাৱৰ গুৰদাসপুৰ জিলাস্থিত নিজ গাওঁ আৰু তাৰ আশে-পাশে থকা এলেকাৰ মানুহ কিবা কাৰণত জলসিঞ্চনৰ বাবে খন্দা খালত পৰিলে বচোৱাৰ বাবে তেওঁ প্ৰায়েই পানীত নিঃসংকোচে জপিয়াই পৰে।
যোৱা কুৰিটা বছৰে এই কামত লাগি থকা ৪২ বৰ্ষীয় সোহনে কয়, “পানীত বুৰি মৰিবলৈ ধৰা মানুহক বচোৱাটো মোৰ কাম নহয়। কিন্তু কৰোঁ আৰু। আপুনি ভাবিব পাৰে, পানীয়ে জীৱৰ প্ৰাণ। কিন্তু জীৱনত হাজাৰবাৰ দেখিছো, এই পানী দৰাচলতে কাল।” পানীৰ পৰা উদ্ধাৰ কৰা মৃতদেহৰ হিচাপ দি সোহনে কয়।
গুৰদাসপুৰ আৰু তাৰে দাঁতিকাষৰীয়া জিলা পাঠানকোট, দুয়োখনতে সোহনেই সেই মুষ্টিমেয় মানুহৰ মাজৰ এজন, যিয়ে খালত পৰা কোনো লোকক বচোৱা বা শৱ উদ্ধাৰৰ বাবে প্ৰথম খবৰ পায়। পানীত পৰা লোকজনে আত্মহত্যা কৰিছে নে সঁচাই সেয়া দূৰ্ঘটনাবশতঃ ঘটিছে, সেই কথা জনাৰ তেওঁৰ অৱকাশ নাই, খবৰ পোৱামাত্ৰকে তেওঁ লৱৰি আহে। সোহনে কয়, “কোনোবা পানীত পৰা বুলি খবৰ পালেই মই ততালিকে উপস্থিত হওঁ, পানীত জপিয়াই পৰো। জীয়াই জীয়াই মানুহক উদ্ধাৰৰ চেষ্টা কৰোঁ।” কাৰোবাক মৃত অৱস্থাত উদ্ধাৰ কৰিলেও “মই বিচাৰো যে আত্মীয়জনে অন্ততঃ মৃতকৰ মুখখন শেষবাৰলৈ চাবলৈ পাওক,” তেওঁ শান্ত-সমাহিত সুৰত কথাখিনি কয়, কিন্তু তাত যে হাজাৰজন মানুহৰ শোকগাথা লুকাই আছে।
সোহনে প্ৰতিমাহে অতিকমেও ২-৩ টা শৱ উদ্ধাৰ কৰে। জীৱনে দিয়া এই বাস্তৱ অভিজ্ঞতাৰ প্ৰসংগত তেওঁ দাৰ্শনিকৰ দৰে কৈ উঠে, “জীৱনটো এক পকনীয়াৰ দৰেই, মিনিটত এটা পাক শেষ হয় মানে আনটো আৰম্ভ হয়।”
ভুলে চক গাঁৱৰ কাষৰ আপাৰ বাৰী দোৱাব কেনেলটো সেই ২৪৭ টা জল-শাখাৰ নেটৱৰ্কৰ এটা, যিটোৰে ৰবি নদীৰ পানী গুৰদাসপুৰ আৰু পাঠানকোটকে ধৰি পাঞ্জাৱৰ কেবাখনো জিলালৈ যায়। ঐতিহাসিক দিশৰ পৰা গুৰুত্বপূৰ্ণ এই জল-প্ৰণালীয়ে বাৰী দোৱাব ক্ষেত্ৰৰ পানীৰ অভাৱ পূৰণ কৰে, এই অঞ্চলটো ৰবি আৰু ব্যাস নদীৰ মাজত অৱস্থিত (দোৱাবৰ অৰ্থ হৈছে দুখন নদীৰ মাজৰ ভূমি)।
বৰ্তমানৰ এই জল-প্ৰণালীটো ১৭ শতিকাৰ মোগল সম্ৰাট শ্বাহজাহানে নিৰ্মাণ কৰিছিল। মহাৰাজ ৰঞ্জিত সিংহৰ শাসনকালত এই প্ৰণালীটো অধিক প্ৰসাৰিত কৰা হয় আৰু ১৯ শতিকাত ইংৰাজৰ শাসনৰ সময়ত ইয়াক জলসিঞ্চনৰ নলা হিচাপে বিকাশিত কৰা হয়। বৰ্তমান আপাৰ বাড়ি দোৱাব প্ৰণালীটোৱে দোৱাবৰ জিলাবোৰ পাৰ হৈ গৈছে আৰু ৫.৭৩ লাখ হেক্টৰ মাটিত জলসিঞ্চন কৰিব পৰা ক্ষমতা এই প্ৰণালীটোৰ আছে।
ভূলে চকৰ মানুহে ইয়াক বড়ী নহৰ (ডাঙৰ নলা) বুলি কয়। সেই পানীৰ কাষতে ডাঙৰ-দীঘল হোৱা কাৰণে সোহনৰ সৈতে তাৰ সম্পৰ্ক দীৰ্ঘদিনীয়া। তেওঁ কয়, “মই লগৰবোৰৰ লগত পানীত সাতুৰি-নাদুৰি ফুৰিছিলো। আমি সৰু আছিলো, এই নলা আৰু পানীৰ সোঁত কিমান ভয়ানক হ’ব পাৰে, মৰি থাকিবও পাৰো, সেই কথা কেতিয়াও মনলৈ অহা নাছিল।”
২০০২ চনৰ কথা, প্ৰথমবাৰৰ বাবে তেওঁ মৃতদেহৰ সন্ধানত কেনেলৰ পানীত নামিছিল। নিৰ্দেশ আছিল গাওঁবুঢ়াৰ। তেওঁ কয়, “মই শৱটো বিচাৰি পালো আৰু পানী-যুঁৱলিলৈ লৈ আনিলো। সৰু ল’ৰা আছিল। শৱটো হাতত লৈ মই অনুভৱ কৰিলো, এতিয়া আৰু পানীৰ সৈতে মোৰ সম্পৰ্ক একে হৈ থকা নাই, হঠাৎ সলনি হৈ গ’ল। পানী যেন বহুত গধুৰ হৈ পৰিল। মোৰ মনটোও গধুৰ হৈ পৰিল। মই অনুভৱ কৰিব পাৰিলো যে পানীকো আহুতি লাগে। সেয়া লাগিলে নদীয়ে হওঁক, খালে হওঁক বা সাগৰ। পানীয়ে প্ৰাণাহুতি বিচাৰে। আপুনি কি ভাবে?”
তেওঁৰ গাঁৱৰ প্ৰায় ৫০ কিলোমিটাৰ পৰিধিৰ ভিতৰত পৰা বাটালা, মুকেৰিয়া, পাঠানকোট আৰু তিৱড়ীৰ মানুহে সহায় বিচাৰি তেওঁৰ ওচৰলৈ আহে। দূৰ ঠাইৰ পৰা কোনোবাই মাতিলে তেওঁ দুচকীয়া বাহনত যায়। নাইবা নিজৰ দুচকীয়া বাহনখন জোৰা দি লোৱা পাচলিৰ গাড়ীখনেই লৈ ঘটনাস্থলীত উপস্থিত হয়।
সোহনে কয় যে কেতিয়াবা উদ্ধাৰ কৰাজনৰ বা মৃতকৰ আত্মীয়ই তেওঁক ৫-৭ হাজাৰ টকা দিয়ে। কিন্তু তেওঁ এনেকৈ পইচা ল’বলৈ ভাল নাপায়। দিনটো পাচলি বিক্ৰী কৰি সোহনে ২০০-৪০০ টকা উপাৰ্জন কৰে, সেয়াই তেওঁৰ উপাৰ্জনৰ একমাত্ৰ উৎস। তেওঁৰ নিজা মাটি নাই। আঠ বছৰ আগতে হোৱা বিবাহ বিচ্ছেদৰ পিছত তেওঁ নিজৰ ১৩ বছৰীয়া কন্যাক অকলে পালন-পোষণ কৰিছে। তাৰোপৰি তেওঁ নিজৰ ৬২ বছৰীয়া বৃদ্ধ মাকজনীকো চোৱাচিতা কৰে।
এই কামটোত কেতিয়াবা হঠাতে বিপদৰ সন্মুখীন হ’বলগীয়া হয়, সোহনে উনুকিয়ায়। সোহনে তিনি বছৰ আগৰ এটা ঘটনা মনত পেলায়। তিৱড়ী (ভুলে চকৰ পৰা দুই কিলোমিটাৰ দূৰৰ)ত এগৰাকী মহিলাক কেনেলত জপিওৱা দেখি তেওঁ ততালিকে পানীত নামি পৰিল। সোহনে কয়, “তেওঁৰ বয়স ৪০ৰ আশে-পাশে আছিল। তেওঁ মোক তেওঁক বচোৱাত বাধা দিছিল। তেওঁ মোক টানকৈ ধৰি পানীৰ তললৈ নিব খুজিছিল।” তেওঁৰ জীৱনটো উদ্ধাৰৰ বাবে সোহনে ১৫-২০ মিনিট যুঁজিবলগীয়া হৈছিল। তাৰপিছত কোনোমতে চুলিত ধৰি তেওঁক পানীৰ পৰা বাহিৰ কৰিছিল। “মহিলাগৰাকী বেহুঁচ হৈ পৰিছিল।”
গভীৰ পানীত দীঘলীয়া সময়লৈ উশাহ ধৰি ৰখাৰ ক্ষমতাৰ কাৰণে সোহন এজন পাকৈত ডুবাৰু। “২০ বছৰমান বয়সত মই পানীৰ তলত চাৰি মিনিটলৈ উশাহ ধৰি ৰাখিব পাৰিছিলো। কিন্তু এতিয়া সেই শক্তি নাই, এতিয়া তিনি মিনিটলৈ পাৰো।” তেওঁ কোনো অক্সিজেন চিলিণ্ডাৰ ব্যৱহাৰ নকৰে। এই বিষয়ত প্ৰশ্ন কৰাত তেওঁ উলোটাই সোধে, “এইটো (চিলিণ্ডাৰ) পাম ক’ত? তাকো ইমান হুৱা-দুৱা লগা সময়ত?”
জিলা অপৰাধ অভিলেখ ব্যুৰোৰ সহকাৰী আৰক্ষী উপ-পৰিদৰ্শক ৰজীন্দৰ কুমাৰে কয় যে ২০২০ত পুলিচে আপাৰ বাৰী দোৱাব কেনেলৰ পৰা চাৰিটা শৱ উদ্ধাৰৰ বাবে ডুবাৰুৰ সহায় লৈছিল। ২০২১ত তেওঁ পাঁচটা শৱ উদ্ধাৰ কৰিছিল। এনে পৰিস্থিতিত দণ্ডবিধি আইনৰ ১৭৪ নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয়। মৃত্যুৰ কাৰণ আত্মহত্যা নে আন কোনো দুৰ্ঘটনাৰ পতিত হৈ হৈছে বা কোনো সন্দেহজনক পৰিস্থিতিত পৰি মৃত্যু হৈছে নেকি, সেয়া এই আইনৰ আধাৰত পুলিচে অনুসন্ধান কৰিব পাৰে।
আৰক্ষী উপ-পৰিদৰ্শকজনে কয়, “মানুহে আত্মহত্যা কৰিবলৈ নদী আৰু কেনেলত জাঁপ মাৰে। কেতিয়াবা আকৌ তাত গা ধুবলৈ যোৱা মানুহে সাতুৰিব নাজানে। তেনেকৈও প্ৰাণ হেৰুৱায়। কেতিয়াবা পিচলি পৰে আৰু পানীত ডুবি মৰে। এতিয়ালৈ পানীত ডুবাই হত্যা কৰাৰ কোনো ঘটনা আমি পোৱা নাই।”
২০২০ চনত গুৰদাসপুৰৰ আপাৰ বাৰী দোৱাব কেনেলৰ পৰা চাৰিটাকৈ শৱ উদ্ধাৰ কৰাত পুলিচে ডুবাৰুৰ সহায় লৈছিল
সোহনে কয় যে কেনেলত মানুহ মৰাৰ ঘটনা ঘাইকৈ গৰমৰ দিনত ঘটে। “উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ গাঁৱৰ মানুহে পানীত নামে আৰু ডুবি মৃত্যু ঘটে। শৱ পানীৰ সোঁতত বৈ যায়, সেয়ে বিচাৰি পোৱাটো বৰ কঠিন কাম হৈ পৰে। পানীৰ সোঁতৰ দিশত সেয়ে বিভিন্ন ঠাইত মই শৱৰ সন্ধান কৰিবলগীয়া হয়। এই কামত বিপদ বহুত। কেতিয়াবা নিজৰ জীৱনটোও বিপন্ন হৈ পৰে।”
অত বিপদশংকাৰ পিছতো সোহনে এই কাম কৰি আহিছে। তেওঁ কয়, “যিমানবাৰ মই কাৰোবাক (শৱ) উদ্ধাৰৰ বাবে পানীত নামিছো, কেতিয়াও অসফল হৈ উভতা নাই। আশা কৰো যে চৰকাৰে পানীত জপিয়াই মৰিব খোজা মানুহৰ জীৱন উদ্ধাৰ কৰাজনক সংস্থাপন দিব। এনেকৈ আমাৰ দৰে মানুহৰ বহুত সহায় হ’ব।”
সোহন লবানা শিখ সম্প্ৰদায়ৰ লোক। এই সম্প্ৰদায়ৰ লোকক পাঞ্জাৱত পিছপৰা সম্প্ৰদায়ত তালিকাবদ্ধ কৰা হৈছে। তেওঁ ক্ষোভেৰে কয়, “আমাৰ গাঁৱত কমেও এক ডৰ্জনমান ডুবাৰু আছে। চৰকাৰে এই কামক কাম বুলিয়ে নাভাবে, দৰমহা দিয়াৰ কথা দূৰৰ কথা।”
অকলে কাৰোবাৰ শৱ বিচাৰি পোৱাত টান হৈ পৰিলে সোহনক সহায় কৰিবলৈ অতিকমেও চাৰি-পাঁচজন ডুবাৰু আছে। গগনদীপ সিংহ (২৩) তাৰে মাজৰ এজন। তেঁৱো লবানা শিখ সম্প্ৰদায়ৰ। ২০১৯ত তেওঁ শৱ এটা উদ্ধাৰৰ বাবে সোহনৰ লগত গৈছিল। তেওঁ মনত পেলাই কয়, “প্ৰথমবাৰ যেতিয়া শৱ সন্ধানৰ বাবে পানীত নামিছিলো, তেতিয়া মই বৰ ভয় খাইছিলো। নিজৰ ভয়ৰ ওপৰত নিয়ন্ত্ৰণ পাবলৈ মই ৱাহেগুৰু (প্ৰাৰ্থনা) পাঠ কৰিছিলো।”
এটা ঘটনাৰ কথা তেওঁ কয়, যেতিয়া তেওঁ এজন ১০ বছৰীয়া ল’ৰাৰ শৱ উদ্ধাৰ কৰিছিল। সেইটো ঘটনাই তেওঁৰ মনত গভীৰ আঘাত দিছিল। গগনদীপে কয়, “কাষৰে গাওঁ ঘোট পোখৰৰ আছিল ল’ৰাটো। পাব-জি খেলা আৰু পঢ়া-শুনা নকৰাৰ বাবে মাকৰ গালি খাই সি গাজীকোটত পানীত জাপ দিছিল। কেনেলৰ পাৰত থিয় হৈ সি জাঁপ মাৰি দিলে।”
তেওঁৰ লগত দুজন ডুবাৰু আছিল। তাৰে এজন ভুলে চকৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰৰ ধাৰীৱাল গাঁৱৰ পৰা আহিছিল। তেওঁ লগত অক্সিজেন চিলিণ্ডাৰ আনিছিল। “তেওঁ মোক চিলিণ্ডাৰটো দিলে আৰু মই সেয়া লৈ পানীত নামিলো। প্ৰায় দুঘণ্টা সময় মই পানীৰ তলত আছিলো। দিনটো বিচাৰি-খুঁচৰি শেষত তাৰ শৱটো দলঙৰ তলত পালো, গোটেইটো ফুলি আছিল…সুদৰ্শন ল’ৰা আছিল। ঘৰত মাক-দেউতাক আৰু দুই ভনী আছিল।” গগনদীপেও আগতে অনলাইন গেম খেলিছিল। কিন্তু এই ঘটনাৰ পিছত তেওঁ সেয়া খেলিবলৈ এৰিলে। “ফোনত পাবজি আছে, কিন্তু এতিয়া নেখেলো।”
গগনদীপে এতিয়ালৈ কেনেলৰ পৰা তিনিটা শৱ উদ্ধাৰ কৰিছে। তেওঁ কয়, “এই কামৰ বাবে মই পইচা নলও। কোনোবাই দিলেও মই মানা কৰোঁ।” সেনাবাহিনীত যোগ দিয়াৰ সপোন দেখা গগনদীপে নিজৰ মাক-দেউতাকৰ সৈতে থাকে। স্থানীয় গেছ এজেন্সী এটাত মাহে ৬,০০০ টকা বেতনৰ কাম কৰে। ঘৰে ঘৰে চিলিণ্ডাৰ দিয়ে। পৰিয়ালটোৰ এক একৰ মাটিৰ আছে, তাতে তেওঁলোকে ঘেঁহু আৰু ঘাঁহৰ খেতি কৰে। কেইটামান ছাগলীও পুহিছে। তেওঁৰ পিতৃৰ বয়স ৬০ৰ ওচৰা-উচৰি। তেওঁৰ নিজা এখন অটোৰিক্সা আছে, সেইখন গগনদীপেও মাজে-সময়ে চলায়।
কেনেলৰ পানীৰ তলত থকা জাবৰ-জোঁথৰৰ মাজেৰে শৱ বিচাৰি ফুৰাটো বৰ কষ্টকৰ কাম, তেনেকৈ তেওঁৰ দৰে ডুবাৰুৱে কেবাঘণ্টা পানীৰ তলত কটাবলগীয়া হয়।
২০২০ চনত পুলিচে ১৯ বছৰীয়া ল’ৰা এটাৰ শৱ সন্ধানৰ বাবে গগনদীপক মাতিছিল. ধাৰীৱালত কেনেল পাৰ হ’ব লওতে তেওঁ পানীত ডুবিছিল। তেওঁ কয়, “ল’ৰাটো ডুবাৰ কেইঘণ্টামান পিছত মই তাত উপস্থিত হৈছিলো। পুৱা ১০ বজাৰ পৰা বিচৰা আৰম্ভ কৰিলো। কিন্তু শৱটো পাওগৈ মানে সন্ধিয়া ৪ বাজিছিল।” গগনদীপে কেনেলৰ দেৱালত এটা ফালে ৰছী বান্ধি তাৰ আনটো মুৰত তিনিজন মানুহৰ এটা মানৱ-শৃংখল বনাবলগীয়া হৈছিল। তিনিও একেলগে কেনেলৰ পানীত নামিছিল। তেওঁ কয়, “এটা ডাঙৰ শিলত ল’ৰাটোৰ শৱটো লাগি ধৰিছিল।”
এই কামৰ মাজেৰে তেওঁ প্ৰকৃতিৰ নিয়মবোৰ শিকিলে। “শৱ এটা ভাঁহি উঠিবলৈ কমেও ৭২ ঘণ্টা লাগে। পানীত ভাঁহি শৱটো বহুদূৰলৈ গুছি যায়। যিটো স্থানত মানুহজনে জপিয়াব, তাত মানুহজনৰ শৱটো পোৱা নাযাব।” গগনদীপে ২০২১ত তিৱড়ী কেনেলত ডুব মাৰি ১৬ বছৰীয়া ল’ৰা এটাৰ শৱ বিচৰাৰ দিনটোৰ কথা মনত পেলালে, “যিটো ঠাইত ল’ৰাটোৱে জাঁপ মাৰিছিল, তাত মই তেওঁক বিচৰাৰ চেষ্টা কৰিছিলো। কিন্তু তাত তেওঁক নাপালো।” তাৰপিছত মই নাকত টিউব লগালো আৰু সেয়া এডাল পাইপেৰে জোৰা দি পানীৰ বাহিৰত ৰাখিলো, যাতে মই পানীৰ তলত মোৰ উশাহ-নিশাহ বন্ধ হৈ নাযায়।”
আবেলিহে তেওঁ শৱটো বিচাৰি পালে। তেওঁ কয়, “শৱটো কেনেলৰ সিটো পাৰ পাইছিল। ২৫ ফুট গভীৰতা আছিল। মই আৰু সোহনে মিলি বিচাৰি ফুৰিছিলো। সোহনে মোক ক’লে যে পিছদিনা শৱটোৰ টানি আনিব। পিছদিনা আহি দেখিলো যে শৱটো তাত নাই। শৱটো আনটো পাৰে গুছি গ’ল আৰু পানীৰ তলিত আছিল।” শৱটো ওপৰলৈ আনোতে ডুবাৰুক তিনিঘণ্টা সময় লাগিল। গগনদীপে কয়, “আমি প্ৰায় ২০০ বাৰ কেনেলৰ তললৈ যাবলগীয়া হৈছিল। কেতিয়াবা নিজকে সোধো মই এয়া কি কৰি আছো… কিন্তু এই কাম এৰাৰ ভাব কেতিয়াও মনলৈ অহা নাই। মানুহৰ সেৱা কৰাটো যদি মোৰ ভাগ্যত লিখা আছে, তেন্তে সেয়া মই সলনি কৰিব নোৱাৰোঁ।”
সোহনে পানীত জীৱনৰ জটিলতাৰ কথা বুজি পায়। এনেবোৰ কাৰণতে তেওঁ সন্ধিয়া যেতিয়াই সময় পায়, তেতিয়া তিৱড়ীৰ দলঙলৈ তেওঁ যায়। তেওঁ কয়, “সাতুৰিব আজিকালি ভাল নালাগে। প্ৰতিটো বেয়া ঘটনাৰ স্মৃতি মই মনতে জহিব দিও। যিমানবাৰ আমি কাৰোবাৰ শৱ পানীৰ পৰা পাৰলৈ আনিছো, পৰিয়ালৰ মানুহৰ হৃদয়বোৰ ক’লা পৰি যোৱা দেখিছো। তেওঁলোকে কান্দে আৰু এই লৈ আপচোচ কৰে যে মৃতকজন এনেকৈ গুছি যাব নালাগিছিল।”
কেনেল আৰু তাৰ পানীয়ে সোহনৰ মনত গভীৰ সাঁচ পেলাই থৈছে। ২০০৪ত যেতিয়া তেওঁ মৰক্কো (উত্তৰ আফ্ৰিকাৰ এখন দেশ, আটলাণ্টিক মহাসাগৰ আৰু ভূমধ্যসাগৰৰ উপকূলৱৰ্তী)ত গৈ তাতে থকা আৰু কাম কৰাৰ সুবিধা পাইছিল। তাতে গৈও তেওঁ মনৰ পৰা কেনেলৰ কথা পাহৰিব পৰা নাছিল। তাতে চাৰি বছৰ কটায়েই তেওঁ উভতি আহিল। তাত সৰু-সুৰা কামত তেওঁৰ মন নবহিল। কথাৰ পৰা নিজৰ কামলৈ ঘুৰি অহাৰ প্ৰস্তুতি চলাই তেওঁ কয়, “তাত থাকোতে মোৰ তিৱড়ীৰ কথা বহুত মনত পৰিছিল। এতিয়া মই আজৰি সময়বোৰ কেনেলটোৰ আশে-পাশে থাকি পানী চাই কটাও।” এনেকৈ কৈ তেওঁ নিজৰ মটৰচাইকেলখনত আলু-পিয়াজ, বিলাহী আৰু আন পাচলিবোৰ বোজাই কৰি গ্ৰাহকৰ সন্ধানত ওলাই যায়।
প্ৰতিবেদকে এই প্ৰতিবেদন সংগ্ৰহৰ সময়ত সহায় আগবঢ়োৱাৰ বাবে সুমেধা মিট্টালক ধন্যবাদ জ্ঞাপন কৰিছে ।
আপোনাৰ মনলৈ যদি আত্মহত্যাৰ ভাব আহিছে বা আপুনি এনে কোনো ব্যক্তিক জানে যি কোনো গভীৰ সংকটত পৰিছে . তেন্তে অনুগ্ৰহ কৰি ৰাষ্ট্ৰীয় হেল্পলাইন কিৰণৰ এইটো নম্বৰ 1800-599-0019 (২৪ ঘণ্টাই মুকলি, শুল্কবিহীন)ত ফোন কৰক নাইবা ইয়াৰে যিকোনো এটা নিকটৱৰ্তী হেল্পলাইন নম্বৰত ফোন কৰক । মানসিক স্বাস্থ্যখণ্ডত কাম কৰি অহা ব্যক্তি আৰু সেৱা সম্পৰ্কত জানিবলৈ অনুগ্ৰহ কৰি এছ.পি.আই.এফ.ৰ মানসিক স্বাস্থ্যৰ নিৰ্দেশিকাখন পঢ়ক ।
অনুবাদ: পংকজ দাস