খৰাঙক কেনেদৰে সংজ্ঞাবদ্ধ, মূল্যায়ন আৰু ঘোষণা কৰা হয় সেয়া ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ ২০১৬ৰ খৰাং ব্যৱস্থাপনা মেনুৱেল -ত নাটকীয় ধৰণে সালসলনি ঘটিছে। এই নতুন পৰিভাষাত শস্যৰ (ক্ষতিৰ) অনুমান আৰু খৰাঙৰ মূল্যায়নক পৃথক কৰি পেলোৱা হৈছে। আৰু এতিয়া কেন্দ্ৰই জাপি দিয়া নিয়মক বাদ দি খৰাং অৱস্থাৰ ঘোষণা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ অধিকাৰ বাস্তৱতঃ কাঢ়ি লোৱা হৈছে।
উদাহৰণ স্বৰূপে এই বছৰ ৩১ অক্টোবৰত মহাৰাষ্ট্ৰই নিজা ৩৫৮ তালুকৰ ১৫১ খন তালুকত খৰাঙৰ কবলত পৰা বুলি ঘোষণা কৰিছিল, কিন্তু প্ৰকৃততে ২০০ৰো অধিক তালুক খৰাঙৰ পৰা ক্ষতিগ্ৰস্ত হৈছিল। পাৰম্পৰিক ভাবে ক্ষতিপুৰণৰ ভালেমান কাৰকৰ কথা (যেনে কৃষকক শস্য বিফল হোৱাৰ পিছত দ্বিতীয় বা তৃতীয়বাৰ বীজ সিচাৰ বাবে বাধ্য কৰোৱা হৈছিল নেকি) আদি এতিয়া অপ্ৰাসংগিক হৈ পৰিছে। ছেটেলাইট ডেটাই দ্বিতীয়বাৰ বীজ সিচাৰ কথা ধৰিব নোৱাৰে আৰু সেয়াই সুনিশ্চিত কৰা হৈছে।
ভালেমান সালসলনি ঘটিছে আৰু সেয়া অত্যন্ত গুৰুতৰ। তাৰে প্ৰায় ভাগেই কৃষকক আঘাত হানিব।