কেইমাহমান আগৰ কথা। ভাৰ্ছোৱা জেটিত এদিনাখন পুৱা ডোঁৱাৰৰ পাৰৰ শিল এচটাত বহি থকা ৰামজীভাইয়ে কি কৰি আছে সুধিছিলো। ‘টাইমপাছ,’ তেওঁ উত্তৰ দিছিল। ‘মই এইটো ঘৰলৈ লৈ গৈ খাম।’ অলপ আগতে ধৰা এটা সৰু টিঙৰাজাতীয় মাছলৈ আঙুলিয়াই তেওঁ কৈছিল। আগদিনা ৰাতি মৰা জালবোৰ মাছমৰীয়াবোৰে চাফা কৰি থকা দেখিছিলো। তেওঁলোকৰ জালবোৰত মাছ নাছিল, বোজাই বোজাই প্লাষ্টিকহে আছিল।

‘জান-জুৰিবোৰত মাছ ধৰিব পৰাটো কাচিৎহে সম্ভৱ,’ উত্তৰ মুম্বাইৰ কে-ৱেষ্ট ৱাৰ্ডৰ মাছমৰীয়াৰ গাওঁ ভাৰ্ছোৱা কলিৱাড়াত জীৱনৰ সত্তুৰৰো অধিক বয়স পাৰ কৰা ভগৱান নামদেৱ ভাঞ্জিয়ে কয়। ‘আমি ডেকা থাকোতে উপকূলটো মৰিছাচৰ উপকূলবোৰৰ দৰে আছিল। আপুনি মুদ্ৰা এটা পানীলৈ দলিয়াই দিলে সেইটো দেখা পোৱা গৈছিল...পানী ইমান চাফা আছিল।’

এতিয়া ভগৱানৰ চুবুৰীয়াৰ জালত মাছ নুঠে, সেয়ে সৰু সৰু জাল হ’লেও সেইবোৰ সাগৰৰ গভীৰতাত মাৰিব লগীয়া হয়। ‘আগতে আমি ডাঙৰ ডাঙৰ ৰূপচন্দা ধৰিব পাৰিছিলোঁ, কিন্তু এতিয়া সৰু সৰু ৰূপচন্দা পোৱাও দুৰূহ হৈ পৰিছে। আমাৰ ব্যৱসায়ত সাংঘাতিক লোকচান হৈছে,’ ভগৱানৰ বোৱাৰী ৪৮ বৰ্ষীয় প্ৰিয়া ভাঞ্জিয়ে কয়। তাই যোৱা ২৫ বছৰ ধৰি মাছ বিক্ৰী কৰি আহিছে।

কলিৱাড়াৰ ১০৭২ টা মাছমৰীয়া পৰিয়ালৰ (২০১০ৰ সামূদ্ৰিক মাছমৰীয়া লোকপিয়ল মতে) ৪,৯৪৩ জন লোকৰ প্ৰায় প্ৰতিজনেই মাছ কমি অহাৰ কথাকেই কয়। স্থানীয় পৰ্যায়ত হোৱা প্ৰদুষণৰ পৰা আৰম্ভ কৰি গোলকীয় উত্তাপলৈকে বিভিন্ন কাৰণত তেওঁলোকে এনে হোৱা বুলি কয়। এনেদৰেই নগৰখনৰ উপকূলীয় অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে।

Bhagwan Bhanji in a yard where trawlers are repaired, at the southern end of Versova Koliwada
PHOTO • Subuhi Jiwani

ভাৰ্ছোৱা কলিৱাড়াৰ দক্ষিণ দিশত শেষৰ ফালে থকা মাছমৰীয়াৰ নাওঁ মেৰামতি কৰা ঠাইত ভগৱান ভাঞ্জি

উপকূলৰ দাঁতিকাষৰীয়া পানীত, মাল্লাড় ডোঁৱাৰত (সেয়া ভাৰ্ছোৱাত গৈ মিলিছে) হেৰিং, ইলিশ, আদি মাছ দুটা দশক পূৰ্বে কলিৱাড়া এলেকাৰ মাছমৰীয়াই সহজেই ধৰিব পাৰিছিল, এতিয়া মানৱ হস্তক্ষেপৰ ফলত সেইবোৰ মাছ নাইকিয়া হৈ আহিব ধৰিছে।

স্থানীয় অঞ্চলৰ পৰা বৈ অহা ১২ টা অশোধিত পুতিজলৰ মুক্ত নলা, ঔদ্যোগিক আৱৰ্জনা আৰু ভাৰ্ছোৱা আৰু পশ্চিম মাল্লাড়ৰ পৌৰনিগমৰ দুটাকৈ বৰ্জ্য শোধন কেন্দ্ৰৰ পৰা বৈ অহা নিষ্কাশিত বৰ্জ্য এসময়ৰ ভগৱানৰ স্মৃতিত ভাঁহি উঠা সেই ডোঁৱাৰৰ ফটফটীয়া পানীত মিহলি হয়। ‘এতিয়া সাগৰত জীৱন নাই বুলিয়েই ক’ব পাৰি। এই প্ৰদূষণ সাগৰৰ ২০ সামুদ্ৰিক মাইললৈ বিয়পিছে। এসময়ৰ চাফা সমুদ্ৰৰ পানী এতিয়া সকলোৰে মল-মুত্ৰ, আৱৰ্জনা আদিৰ ফলত নৰ্দমাত পৰিণত হৈছে,’ কলি অঞ্চলৰ ইতিহাস, সংস্কৃতি আৰু স্থানীয় ৰাজনীতিৰ জ্ঞানৰ বাবে ঠাইখনত সকলোৰে চিনাকি ভগৱানে কয়। কেইবছৰমান আগলৈকে তেওঁ স্বৰ্গীয় ভাতৃৰ দুখন নাৱৰ কাম চাইছিল। মাছ শুকোৱা, জাল বনোৱা, মেৰামতিৰ কাম আদি কৰিছিল।

উপকূলৰ নিকটৱৰ্তী ডোঁৱাৰৰ ক’লা ৰঙৰ পানীয়ে কম পৰিমাণে দ্ৰৱীভূত হোৱা অক্সিজেন আৰু মলাশ্ৰয়ী বেক্টেৰিয়াৰ কথাই বুজায়। তাতে মাছ জীয়াই থাকিব নোৱাৰে। ৰাষ্ট্ৰীয় পাৰিৱেশিক অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠান চমুকৈ নীৰি(NEERI)ৰ ২০১০ৰ এখন গৱেষণা পত্ৰত কোৱা হৈছে, ‘মালাড় ডোঁৱাৰৰ অৱস্থা তেনেই সংকটজনক, জোৱাৰৰ প্ৰাৱল্য কম থকা সময়ত তাত দ্ৰৱীভূত অক্সিজেন নাছিল...জোৱাৰৰ প্ৰাৱল্য বেছি থকা সময়ত পৰিস্থিতি সামান্য ভাললৈ আহিছিল...’

সামূদ্ৰিক প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ যৌথ প্ৰভাৱে দীৰ্ঘদিনীয়া ক্ষতিসাধনৰ বাট মুকলি কৰে। বৰ্ধিত বিকাশমূলক কাৰ্যকলাপ, উপকূলীয় আৰু সাগৰীয় প্ৰদূষণ (ইয়াৰে ৮০ শতাংশৰো অধিক প্ৰদূষণৰ উৎস ভূভাগ) আৰু সামূদ্ৰিক প্ৰৱাহৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱে সামূদ্ৰিক মৃত মণ্ডল (অক্সিজেন ৰিক্ত অঞ্চল)ৰ প্ৰসাৰ খৰতকীয়া কৰিব। এয়া ‘মৃত জলৰাশিঃ প্ৰদূষণৰ সৈতে জলবায়ু পৰিৱৰ্তনৰ একীভৱন, বিশ্বৰ মাছমৰা অঞ্চলত মাত্ৰাধিক মৎস্যচিকাৰ আৰু প্ৰাদুৰ্ভাৱ’ শীৰ্ষক ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীত কোৱা হৈছে যে উপকূলীয় অঞ্চলত দ্ৰুত গতিত চলা নিৰ্মাণকাৰ্যৰ কাৰণে উচন কৰা জলাহ বন আৰু অইন বসতিস্থল নাইকিয়া হ’বলৈ ধৰাৰ ফলত প্ৰদূষণৰ প্ৰভাৱ তীব্ৰতৰ হ’বলৈ ধৰিছে।

Left: Struggling against a changing tide – fishermen at work at the koliwada. Right: With the fish all but gone from Malad creek and the nearby shorelines, the fishermen of Versova Koliwada have been forced to go deeper into the sea
PHOTO • Subuhi Jiwani
Left: Struggling against a changing tide – fishermen at work at the koliwada. Right: With the fish all but gone from Malad creek and the nearby shorelines, the fishermen of Versova Koliwada have been forced to go deeper into the sea
PHOTO • Subuhi Jiwani

বাওঁফালেঃ পৰিৱৰ্তনৰ সোঁতৰ বিপৰীতে সংগ্ৰাম। কলিৱাড়াত কৰ্মৰত মাছমৰীয়া। সোঁফালেঃ ভাৰ্ছোৱা ডোঁৱাৰ আৰু সাগৰৰ পাৰৰ অঞ্চলবোৰত মাছ নাইকিয়া হৈ পৰাত ভাৰ্ছোৱা কলিৱাড়াৰ মাছমৰীয়াসকলে সাগৰৰ গভীৰতালৈ যাবলগীয়া হৈছে

মুম্বাইতো যোৱা কেইবছৰমানত ৰাস্তা-ঘাট, অট্টালিকা আৰু অনান্য প্ৰকল্পৰ বাবে জলাহ বন বৃহৎ হাৰত চাফাই কৰা হৈছে। মাছে কণী পৰাৰ বাবে জলাহ বন খুবেই গুৰুত্বপূৰ্ণ। ইণ্ডিয়ান জাৰ্নেল অৱ মেৰিন চায়েন্স-ত ২০০৫ত প্ৰকাশিত এক গৱেষণা পত্ৰ মতে ‘জলাহ বনে কেৱল উপকূলীয় সামূদ্ৰিক জীৱনৰ সহায়ক হোৱাই নহয়, উপকূলৰ খহনীয়া প্ৰতিৰোধ কৰি মোহনা তথা সামূদ্ৰিক জীৱৰ প্ৰজনন, খাদ্য আৰু পুষ্টিৰ থল হিচাপে কাম কৰে।’ ১৯৯০ৰ পৰা ২০০১লৈ ১১ বছৰত প্ৰায় ৩৬.৫৪ বৰ্গকিলোমিটাৰ জলাহ বন মুম্বাই উপনগৰ অঞ্চলৰ পৰা নাইকিয়া হৈছিল, গৱেষণা পত্ৰখনত এই কথা উল্লেখ আছে।

‘মাছবোৰে উপকূলীয় অঞ্চললৈ (জলাহ বনলৈ) কণী পাৰিবলৈ আহিছিল, কিন্তু এতিয়া নাহে,’ ভগৱানে কয়। ‘আমি পাৰ্যমানে জলাহ বন ধ্বংস কৰিলোঁ। অলপহে ৰৈছে। ল’খানৱালা আৰু আদৰ্শ নগৰ আদি উপকণ্ঠ অঞ্চলবোৰ পূৰ্বে জলাহ বনেৰে ভৰি আছিল।’

বছৰ বাগৰিছে, মালাড় ডোঁৱাৰ আৰু দাঁতিকাষৰীয়া অঞ্চলবোৰৰ পৰা মাছ নাইকিয়া হৈছে। ভাৰ্ছোৱা কলিৱাড়াৰ মাছমৰীয়াসকলে এতিয়া গভীৰ সমুদ্ৰলৈ ঢাপলি মেলিবলগীয়া হৈছে। কিন্তু সাগৰীয় উষ্ণতা বাঢ়িছে, ঘূৰ্ণীবতাহৰ প্ৰাৱল্য বাঢ়িছে, আৰু ট্ৰলাৰে মাত্ৰাধিক হাৰত মাছ মৰাৰ ফলত গভীৰ সমূদ্ৰতো মাছ কমিছে।

‘আগতে সিহঁতে গভীৰ সমূদ্ৰলৈ (উপকূলৰ পৰা ২০ কিলোমিটাৰ দুৰলৈ) মাছ মাৰিবলৈ যাবলগীয়া হোৱা নাছিল, উপকূলীয় পৰিস্থিতিতন্ত্ৰ প্ৰাচূৰ্যৰে ভৰা আছিল,’ ভাৰ্ছোৱা কলিৱাড়াৰ উপকূলীয় প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ অধ্যয়ন কৰি থকা বম্বেৰ ৬১ নামৰ স্থপত্যবিদৰ গোটটোৰ কেতেকী ভাড়গাঁওকাৰে কয়। ‘গভীৰ সামূদ্ৰিক মৎস্যচিকাৰৰ সাধাৰণ মাছমৰীয়াৰ জীৱিকাটোৰ ক্ষেত্ৰত সম্ভৱপৰ নহয়, কিয়নো তেনে চিকাৰৰ বাবে ডাঙৰ নাও, নৌৰ্কমী আদিৰ প্ৰয়োজন হয়। ডাঙৰ মাছ পাব নে নাই, তাৰো নিশ্চয়তা নাই।’

Photos taken by Dinesh Dhanga, a Versova Koliwada fisherman, on August 3, 2019, when boats were thrashed by big waves. The yellow-ish sand is the silt from the creek that fishermen dredge out during the monsoon months, so that boats can move more easily towards the sea. The silt settles on the creek floor because of the waste flowing into it from nallahs and sewage treatment facilities
PHOTO • Dinesh Dhanga
Photos taken by Dinesh Dhanga, a Versova Koliwada fisherman, on August 3, 2019, when boats were thrashed by big waves. The yellow-ish sand is the silt from the creek that fishermen dredge out during the monsoon months, so that boats can move more easily towards the sea. The silt settles on the creek floor because of the waste flowing into it from nallahs and sewage treatment facilities
PHOTO • Dinesh Dhanga

২০১৯ৰ ৩ আগস্তৰ দিনা ভাৰ্ছোৱা কলিৱাড়াৰ এজন মাছমৰীয়াৰ নাওখনত ডাঙৰ ঢৌৱে কোবাইছে, দিনেশ ধাংগাই তোলা আলোকচিত্ৰ। বাৰিষা কালত নাওবোৰ যাতে সাগৰৰ ফালে সহজেই ঠেলি নিব পাৰি, তাৰ বাবে ডোঁৱাৰৰ পৰা হালধীয়া বৰণৰ বোকা মাছমৰীয়াই জমা কৰি ৰাখিছে। নলা আৰু বৰ্জ্য শোধন নলাৰ পৰা ওলোৱা বৰ্জ্য পদাৰ্থৰে ভৰি পৰাৰ ফলত সেই পলসুৱা মাটিখিনি ডোঁৱাৰৰ পাৰতে জমা হৈছে

আৰৱ মহাসাগৰৰ উষ্ণতা বৃদ্ধিৰ ফলত গভীৰ সামূদ্ৰিক মৎস্যচিকাৰ কৰাটোও অনিশ্চয়তাৰ গৰাহত পৰিছে। ১৯৯২ৰ পৰা ২০১৩ৰ সময়চোৱাত প্ৰতি দশকত সমুদ্ৰপৃষ্ঠৰ উষ্ণতা ০.১৩ ডিগ্ৰীকৈ বৃদ্ধি পাইছে, জিঅ’ফিজিকেল ৰিচাৰ্ছ লেটাৰ্ছ গৱেষণা পত্ৰিকাখনত এই কথা প্ৰকাশ পাইছে। ইয়ে সামূদ্ৰিক জীৱন বিপদাপন্ন কৰিছে, চেণ্ট্ৰেল মেৰিন ফিছাৰিজ ৰিচাৰ্ছ ইনষ্টিটিউট (চি.এম.এফ.আৰ.আই.)ৰ মুম্বাই কেন্দ্ৰত চাৰিটাৰো অধিক দশক কাম কৰা ড. বিনয় দেশমুখে কয়। ‘বৰিয়লা মাছ এসময়ত দক্ষিণাঞ্চলত (ভাৰতৰ) প্ৰচুৰ পৰিমাণে আছিল, এতিয়া সেই মাছবোৰ উপকূলৰ উত্তৰ দিশে গতি কৰিছে। দক্ষিণাঞ্চলৰ আন এবিধ মাছ মেকৰেলো গভীৰ পানীলৈ (২০ মিটাৰ গভীৰতালৈ) প্ৰব্ৰজিত হৈছে। আৰৱ মহাসাগৰৰ উত্তৰ ফালৰ পানী আৰু গভীৰ সমূদ্ৰৰ পানী আপেক্ষিকভাবে শীতল।’

মুম্বাই আৰু মহাৰাষ্ট্ৰৰ সমূদ্ৰৰ জলৰাশিৰ উত্তাপ বৃদ্ধি হোৱাটো এক গোলকীয় ঘটনাক্ৰমৰ অংশ, এয়া জলবায়ু পৰিৱৰ্তনৰ আন্তঃচৰকাৰী পেনেল (আই.পি.চি.চি.)ৰ ২০১৪ৰ বক্তব্য। আই.পি.চি.চি.য়ে ধাৰ্য কৰা মতে ১৯৭১ৰ পৰা ২০১০ৰ ভিতৰত মহাসাগৰৰ উপৰিভাগৰ ৭৫ মিটাৰ গভীৰতালৈকে জলৰাশিৰ উষ্ণতা প্ৰতি দশকত ০.০৯ৰ পৰা ০.১৩ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছে।

সাগৰপৃষ্ঠৰ বৰ্দ্ধিত উষ্ণতাই কিছুমান মাছৰ জীৱতাত্বিক দিশত পৰিৱৰ্তন ঘটাইছে। এই পৰিৱৰ্তন ড. দেশমুখে লক্ষণীয় আৰু ‘অপ্ৰত্যাৱৰ্তনীয় পৰিৱৰ্তন’ বুলি কৈছে। ‘পানী আপেক্ষিকভাবে শীতল আৰু উষ্ণতা ২ ডিগ্ৰীৰ আশে-পাশে থকাৰ সময়ত মাছবোৰৰ পৈণতাপ্ৰাপ্তিত পলম ঘটিছিল। পানী অধিক গৰম হৈ আহিবলৈ ধৰাৰ ফলত মাছৰো পৈণতাপ্ৰাপ্তি সোনকালে হ’বলৈ ধৰিলে। তাৰমানে জীৱনচক্ৰৰ প্ৰাৰম্ভিক ভাগতে মাছে কণি পাৰিবলৈ ধৰিলে। সেয়া হোৱাৰ ফলত মাছৰ দেহৰ বিকাশ লেহেমীয়া হ’ল। এয়া আমি স্পষ্ট ৰূপত বম্বে ডাক আৰু ৰূপচন্দাৰ ক্ষেত্ৰত দেখিবলৈ পাইছো।’

তিনি দশক পূৰ্বে এটা পূৰ্ণবয়স্ক ৰূপচন্দাৰ ওজন প্ৰায় ৩৫০ৰ পৰা ৫০০ গ্ৰাম আছিল। এতিয়া গোলকীয়া উত্তাপ আৰু অইন কাৰকৰ প্ৰভাৱত আকাৰ সৰু হৈ ২০০ৰ পৰা ২৮০ গ্ৰাম হৈছে

ভিডিঅ’ চাওকঃ ডোঁৱাৰত মাছ ধৰিবলৈ যোৱাটো সময়ৰ অপচয়

কিন্তু ড. দেশমুখৰ মতে অত্যাধিক মৎস্যচিকাৰ ইয়াৰ অন্যতম বৃহৎ কাৰক। নাৱৰ সংখ্যা বাঢ়িছে আৰু ট্ৰলাৰে (তাৰে কিছুমান কলিৱাড়াৰ স্থানীয় লোকৰো) আৰু আন ডাঙৰ মাছমৰীয়া জাহাজৰ সাগৰত বিচৰণৰ সময় বৃদ্ধি পাইছে। ২০০০ চনত এনে নাৱৰ সমুদ্ৰত বিচৰণৰ সময় আছিল ৬ৰ পৰা ৮ দিন। সেই সংখ্যা বাঢ়ি ১০ৰ পৰা ১৫ দিন হয় আৰু এতিয়া ১৬ৰ পৰা ২০ দিন হৈছে। ফলত সাগৰৰ পূৰ্বস্থিত মাছৰ আধাৰৰ ওপৰত প্ৰভাৱ পৰিছে। ড. দেশমুখৰ মতে ট্ৰলিঙৰ ফলত সাগৰতলিৰ পৰিস্থিতিতন্ত্ৰৰ অৱক্ষয় ঘটিছে। এনে ট্ৰলিঙৰ ফলত ‘ভূপৃষ্ঠ (সাগৰতলি) আৱৰ্জনাৰে ভৰি পৰে, উদ্ভিদ নাইকিয়া হৈ পৰে আৰু জীৱৰ প্ৰাকৃতিক বিকাশত বাধাৰ সৃষ্টি হয়।’

মহাৰাষ্ট্ৰত ২০০৩ চনত ধৰা মাছৰ পৰিমাণ ৪.৫ লাখ টন। এয়া আছিল ১৯৫০ৰ পিছৰ কালচোৱাৰ নথিভুক্ত অভিলেখৰ ইতিহাসত সৰ্বাধিক। অত্যাধিক মৎস্যচিকাৰৰ ফলত প্ৰতিবছৰে তোলা মাছৰ পৰিমাণ কমি আহি ২০১৭ত ৩.৮১ লাখ টন হৈছে।

‘অত্যাধিক মাছ মৰা আৰু সাগৰতলিৰ ট্ৰলিঙৰ ফলত মাছৰ আবাসস্থলৰ অৱক্ষয় ঘটিছে আৰু মহাসাগৰৰ জৈৱবৈচিত্ৰ হটস্পটৰ সামগ্ৰিক উৎপাদন ব্যৱস্থাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে, পৰিণামস্বৰূপে জলবায়ু পৰিৱৰ্তনৰ বিপদমুখিতাৰ প্ৰতি ই উন্মুক্ত হৈ পৰিছে’ ইন ডেড ৱাটাৰ শীৰ্ষক গ্ৰন্থখনত এই কথা কোৱা হৈছে। তাত এই কথাও কোৱা হৈছে যে মানৱীয় কাৰ্যকলাপৰ (প্ৰদূষণ আৰু জলাহ বন ধ্বংস কৰাকে ধৰি) প্ৰভাৱ সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি আৰু ধুমুহাৰ প্ৰাৱল্য আৰু পৌনঃপুনিকতাই অধিক জটিল কৰি পেলাব।

আৰৱ মহাসাগৰত এই দুয়োটা সম্ভাৱনাই ফুটি উঠিছে। ভাৰ্ছোৱা কলিৱাড়া তাৰে গত্যন্তৰ নহয়। ‘...মানৱসৃষ্ট বলে আৰৱ মহাসাগৰত বিলম্বিত ঋতুৰ ই.চি.এছ.চি.ৰ (চৰম তীব্ৰ চক্ৰবাত ধুমুহা) সম্ভাৱনা বঢ়াই তুলিছে...’ নেচাৰ ক্লাইমেট চেইঞ্জত ২০১৭ত প্ৰকাশিত গৱেষণা পত্ৰ এখনত এইদৰে কোৱা হৈছে।

Extensive land reclamation and construction along the shore have decimated mangroves, altered water patterns and severely impacted Mumbai's fishing communities
PHOTO • Subuhi Jiwani

উপকূলীয় অঞ্চলত ব্যাপক হাৰত ভূমি আবাদকৰণ আৰু নিৰ্মাণকাৰ্যৰ ফলত জলাহ বনৰ বিস্তৃতি কমি আহিছে, পানীৰ প্ৰকৃতি সলনি হৈছে আৰু মুম্বাইৰ মাছমৰীয়া সম্প্ৰদায়বোৰৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিছে

এই ধুমুহাই মাছমৰীয়া সম্প্ৰদায়বোৰৰ ওপৰত মোক্ষম আঘাত হানিছে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, বম্বেৰ জলবায়ু অধ্যয়ন বিভাগৰ আহ্বায়ক অধ্যাপক ডি. পাৰ্থসাৰথিয়ে কয়। ‘মাছমৰীয়াই ধৰা মাছৰ পৰিমাণ কমি অহাৰ ফলত মাছমৰীয়াসকলে গভীৰ সমুদ্ৰলৈ যাবলৈ বাধ্য হৈছে। কিন্তু তেওঁলোকৰ বহুতৰে নাওবোৰ একেবাৰেই সৰু আৰু গভীৰ সমুদ্ৰৰ বাবে সুসজ্জিত নহয়। সেয়ে ধুমুহা আৰু চক্ৰবাত আহিলে তেওঁলোক বেছিকৈ ক্ষতিগ্ৰস্ত হয়। মাছমৰা জীৱিকা অধিক অনিশ্চয়তা আৰু বিপদাশংকাৰে ভৰি পৰিছে।’

সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিও আন এটা সম্পৰ্কিত সমস্যা। ভাৰতীয় উপকূল অঞ্চলত সাগৰপৃষ্ঠৰ উচ্চতা বিগত ৫০ বছৰত ৮.৫ ছে.মি.লৈ বৃদ্ধি পাইছে, তাৰমানে বছৰি ১.৭ মি.মি.কৈ বৃদ্ধি পাইছে। এয়া সংসদত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাত ২০১৯ৰ নৱেম্বৰত চৰকাৰে দিয়া উত্তৰৰ পৰা লোৱা তথ্য। গোলকীয় পৰ্যায়ত সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ হাৰ আৰু অধিক। এয়া যোৱা ২৫ টা বছৰত প্ৰতি বছৰত ৩ৰ পৰা ৩.৬ মি.মি.কৈ বৃদ্ধি পাইছে, নেচনেল একাডেমি অৱ চায়েন্সৰ প্ৰচিডিং (আমেৰিকা যুক্তৰাষ্ট্ৰ)খনৰ ২০১৮ৰ সংখ্যাত প্ৰকাশিত গৱেষণা পত্ৰ এখনত আৰু আই.পি.চি.চি.ৰ তথ্যত এনেদৰে উল্লেখ কৰা হৈছে। এই হাৰত বৃদ্ধি পালে ২১০০ চনলৈ সাগৰপৃষ্ঠৰ উচ্চতা প্ৰায় ৬৫ ছে.মি.লৈ বৃদ্ধি পাব। অৱশ্যে এয়া অঞ্চলভেদে জোৱাৰ ভাটা, মাধ্যাকৰ্ষণ, পৃথিৱীৰ ঘূৰ্ণনকে ধৰি বিভিন্ন কাৰকৰ পৰস্পৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব।

সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি, ‘বিশেষকৈ ভাৰ্ছোৱাৰ বাবে বিপজ্জনক, কিয়নো ই ডোঁৱাৰৰ একেবাৰে মুখতে অৱস্থিত আৰু মাছমৰীয়াই য’তেই নাওবোৰ নাৰাখক কিয়, সেয়া ধুমুহা বতাহৰ কবলত পৰিব পাৰে।’

ভাৰ্ছোৱা কলিৱাড়াৰ বহুতেই সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি প্ৰত্যক্ষ কৰিছে। ৩০ বছৰ ধৰি মাছ বিক্ৰী কৰি অহা হৰ্ষ ৰাজন টাপকে কয়, ‘মাছ ধৰাৰ পৰিমাণ কমি অহা হেতুকে মানুহে (বিল্ডাৰ আৰু স্থানীয় লোকে) আমি মাছ শুকাবলৈ ব্যৱহাৰ কৰা ঠাইবোৰ দখল কৰি তাতে (বালিচৰত) গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে...এনে কৰাৰ ফলত ডোঁৱাৰত পানীৰ স্তৰ বাঢ়িছে, আৰু সেয়া উপকূলত আমি দেখিবলৈ পাইছো।’

Harsha Tapke (left), who has been selling fish for 30 years, speaks of the changes she has seen. With her is helper Yashoda Dhangar, from Kurnool district of Andhra Pradesh
PHOTO • Subuhi Jiwani

৩০ বছৰ ধৰি মাছ বিক্ৰী কৰি অহা হৰ্ষ টাপকে (বাওঁফালে)য়ে স্বচক্ষে দেখা পৰিৱৰ্তনৰ কথা কৈছে। তেওঁৰ লগত অন্ধ্ৰপ্ৰদেশৰ কাৰ্ণ’ল জিলাৰ পৰা অহা সহায়ক যশোদা ধনগাৰ

আকৌ যেতিয়া প্ৰচুৰ বৰষুণে চহৰখন বুৰাই পেলায়, তেতিয়া জলাহ বন ধ্বংস কৰা, ভূমি দখল কৰা, সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি- এই সকলোবোৰ মানৱসৃষ্ট কাৰ্যকলাপৰ প্ৰভাৱ মাছমৰীয়া সম্প্ৰদায়ৰ ওপৰত বাৰুকৈয়ে পৰে। উদাহৰণ স্বৰূপে ২০১৯ৰ ৩ আগস্তৰ দিনা মুম্বাইত বৃষ্টিপাতৰ পৰিমাণ আছিল ২০৪ মিলিমিটাৰ। সেয়া আছিল দশকটোৰ ভিতৰতে আগস্ত মাহৰ ২৪ ঘণ্টীয়া তৃতীয় সৰ্বাধিক বৰষুণ। সিদিনাৰ জোৱাৰ ভাটাও আছিল দশকটোৰ ভিতৰত সৰ্বাধিক- ৪.৯ মিটাৰ (প্ৰায় ১৬ ফুট)। সিদিনা ভাৰ্ছোৱা কলিৱাড়াৰ ভালেমান সৰু নাও প্ৰচণ্ড ঢৌৱে উটুৱাই নিছিল, বহু মাছমৰীয়া গভীৰভাবে ক্ষতিগ্ৰস্ত হৈছিল।

‘কলিৱাড়াৰ সেই ঠাইবোৰ(য’ত নাওবোৰ ৰখা হয়) দখল কৰি লোৱা হৈছে, কিন্তু যোৱা সাতটা বছৰত জলস্তৰ সিদিনাৰ দৰে বঢ়া নাই,’ ১৪৮ খন নাৱত কাম কৰা ২৫০ গৰাকীমান মাছমৰীয়াৰ সংস্থা ভাৰ্ছোৱা মাছেমাৰি লঘু নৌকা সংঘটনাৰ অধ্যক্ষ দীনেশ ধাংগাই কয়। ‘ডাঙৰ জোৱাৰ ভাটাৰ সময়ত ধুমুহা আহিছিল, সেয়ে জলস্তৰ দুগুণ বাঢ়িছিল। কিছুমান নাও ডুবিছিল, কিছুমান ভাগি গৈছিল। নাৱৰীয়াৰ জালবোৰ হেৰাইছিল আৰু পানী সোমাই কিছুমান নাৱৰ ইঞ্জিন বিকল হৈ পৰিছিল।’ এখন নাও সাজোতে ৪৫ হাজাৰ পৰ্যন্ত খৰছ হয়। জালবোৰৰ দাম প্ৰতিখনত ২৫০০ টকামান হয়।

ইয়ে ভাৰ্ছোৱাৰ মাছমৰীয়া সম্প্ৰদায়ৰ ওপৰত অতিশয় প্ৰভাৱ পেলাইছে। ‘আমি ধৰা মাছৰ পৰিমাণত ৬৫ৰ পৰা ৭০ শতাংশ হ্ৰাস পোৱা দেখিছো,’ প্ৰিয়া ভাঞ্জিয়ে কয়। ‘এতিয়া আমি বজাৰলৈ যদি ১০টা পাচি নিও, আগতে (দুটা দশক পূৰ্বে) আমি ২০ টা পাচি নিছিলোঁ। বৃহৎ তফাৎ আহি পৰিছে।’

মাছমৰীয়াই ধৰা মাছৰ আকৃতি সৰু হৈ গৈ আছে। আনফালে পোতাশ্ৰয়ত মহিলাই পাইকাৰী বজাৰৰ পৰা কিনা মাছৰ দাম বাঢ়িছে। সেয়ে মুনাফাও একেধাৰে কমি আহিছে। ‘আগতে আমি এফুটমান দীঘল মাছ এটা(ৰূপচন্দা) ৫০০ টকাত বিক্ৰী কৰিছিলোঁ। এতিয়া সেই দামত আমি ছয় ইঞ্চিৰ ৰূপচন্দা বিক্ৰী কৰিবলগীয়া হয়। এতিয়া ৰূপচন্দাৰ আকাৰ কমি আহিছে আৰু দাম বাঢ়িছে,’

Left: Dinesh Dhanga (on the right right) heads an organisation of around 250 fishermen operating small boats; its members include Sunil Kapatil (left) and Rakesh Sukacha (centre). Dinesh and Sunil now have a Ganapati idol-making workshop to supplement their dwindling income from fishing
PHOTO • Subuhi Jiwani
Left: Dinesh Dhanga (on the right right) heads an organisation of around 250 fishermen operating small boats; its members include Sunil Kapatil (left) and Rakesh Sukacha (centre). Dinesh and Sunil now have a Ganapati idol-making workshop to supplement their dwindling income from fishing
PHOTO • Subuhi Jiwani

বাওঁফালেঃ দীনেশ ধাংগা (সোঁফালে) সৰু নাৱত কাম কৰা ২৫০ গৰাকীমান মাছমৰীয়াৰ সংস্থাৰ মুৰব্বী। সুনীল কাপাটিল (বাওঁফালে) আৰু ৰাকেশ সুকাশা (মাজত) সংস্থাটোৰ সদস্য। মাছ মাৰি পেট পুহিবলৈ টান হৈ পৰা হেতুকে দীনেশ আৰু সুনীলে এতিয়া গণেশৰ মূৰ্ত্তি নিৰ্মাণ কাৰখানা এটা চলায়

আয় কমি অহা হেতুকে বহুকেইটা মাছমৰীয়া পৰিয়ালে আন আন কাম কৰিবলৈ লৈছে। প্ৰিয়াৰ গিৰীয়েক বিদ্যুতে কেন্দ্ৰীয় চৰকাৰৰ গাণনিক বিভাগত কাম কৰিছিল (আগতীয়া অৱসৰ লোৱাৰ আগলৈকে)। তেওঁৰ ভায়েকটোৱে এয়াৰ ইণ্ডিয়াত ষ্ট’ৰ মেনেজাৰ হিচাপে কাম কৰে আৰু তেওঁৰ পত্নিয়ে আন্ধেৰী বজাৰত মাছ বিক্ৰী কৰে। ‘এতিয়া সিহঁতে অফিছত কাম কৰে (কিয়নো মাছৰ বেপাৰ নচলে),’ প্ৰিয়াই কয়। ‘কিন্তু মই এই কামত অভ্যস্ত হৈ পৰিছো, আন একো কৰিব নোৱাৰোঁ।’

সৰু নাও থকা ৪৩ বৰ্ষীয় সুনীল কাপাটিলে আয়ৰ এক সুকীয়া বিকল্প বাছি লৈছে। কেইমাহমান আগতে তেওঁ বন্ধু দীনেশ ধাংগাৰ লগ লাগি গণেশৰ মূৰ্ত্তি নিৰ্মাণৰ কাম হাতত লৈছে। ‘আগতে আমি এঘণ্টামানৰ কাৰণে ওচৰে-পাজৰে মাছ ধৰিবলৈ গৈছিলো। এতিয়া আমি ২-৩ ঘণ্টা ঘুৰিব লাগে। এদিনত আমি ২-৩ পাচি মাছ পাইছিলো। এতিয়া এক পাচি মাছ ধৰিবলৈও টান পৰিছে...’ সুনীলে কয়। ‘কেতিয়াবা আমি ১০০০ টকা পৰ্যন্ত (এদিনত) উপাৰ্জন কৰো। কেতিয়াবা ৫০ টকাও নাপাও।’

তথাপিও, ভাৰ্ছোৱা কলিৱাড়াৰ বহুতেই এতিয়াও পূৰ্ণকালীন মাছমৰীয়া আৰু মাছ বিক্ৰেতা হিচাপে জীৱিকা নিৰ্বাহ কৰি আহিছে। সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি, বৰ্দ্ধিত উষ্ণতা, অত্যাধিক মাছ মৰা, প্ৰদূষণ, হেৰাই যাবলৈ ধৰা জলাহ বনৰ লগতে মাছ কমি অহা আৰু সৰু হৈ অহা আদি নানান সমস্যাৰ সমুখীন হৈও তেওঁলোক এই জীৱিকাৰে পেট পুহিছে। পৰিয়ালৰ জীৱিকা উপাৰ্জনত সহায় কৰিবলৈ অষ্টম শ্ৰেণীতে বিদ্যালয় এৰা ২৮ বৰ্ষীয় ৰাকেশ সুকাশাৰ দৰে বহুতৰেই জীৱন মাছ মৰাৰ ওপৰতে নিৰ্ভৰশীল। তেওঁ কয়, আমাক ককাই সাধু এটা কৈছিলঃ তুমি যদি হাবিত সিংহ এটা দেখা পোৱা, তেন্তে তুমি তাৰ সমুখীন হ’বই লাগিব। যদি তুমি পলাই যাবলৈ চেষ্টা কৰা, তেন্তে তোমাক সি খাই পেলাব। তুমি যদি জিকি যোৱা (সিংহটোৰ বিৰুদ্ধে) তেন্তে তুমি সাহসী বুলি প্ৰমাণিত হ’বা। একেদৰেই ককাহঁতে আমাক সাগৰৰ সমুখীন হ’বলৈ শিকাইছিল।

লিখকে নাৰায়ন কোলি, জয় ভাডগাওকাৰ, নিখিল আনন্দ, ষ্টেলিন দয়ানন্দ আৰু গিৰীশ জথৰক লিখনীটো লিখাত সহায় কৰাৰ বাবে ধন্যবাদ জনাইছে।

দেশব্যাপী জলবায়ু পৰিৱৰ্তনৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনাক লিপিবদ্ধ কৰাৰ বাবে ইউএনডিপি সমৰ্থিত পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

Reporter : Subuhi Jiwani

সুবুহী জিওয়ানী পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার কপি সম্পাদক।

Other stories by সুবুহি জিওয়ানি
Editor : Sharmila Joshi

শর্মিলা জোশী পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার (পারি) পূর্বতন প্রধান সম্পাদক। তিনি লেখালিখি, গবেষণা এবং শিক্ষকতার সঙ্গে যুক্ত।

Other stories by শর্মিলা জোশী
Series Editors : P. Sainath

পি. সাইনাথ পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার প্রতিষ্ঠাতা সম্পাদক। বিগত কয়েক দশক ধরে তিনি গ্রামীণ ভারতবর্ষের অবস্থা নিয়ে সাংবাদিকতা করেছেন। তাঁর লেখা বিখ্যাত দুটি বই ‘এভরিবডি লাভস্ আ গুড ড্রাউট’ এবং 'দ্য লাস্ট হিরোজ: ফুট সোলজার্স অফ ইন্ডিয়ান ফ্রিডম'।

Other stories by পি. সাইনাথ
Series Editors : Sharmila Joshi

শর্মিলা জোশী পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার (পারি) পূর্বতন প্রধান সম্পাদক। তিনি লেখালিখি, গবেষণা এবং শিক্ষকতার সঙ্গে যুক্ত।

Other stories by শর্মিলা জোশী
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das