সেই নিশা গোটেই পাহাৰখন খহি পৰিছিল।
নিশা প্ৰায় ১১ বাজিছিল। চাৰি-পাঁচটা লগা-লগি ঘৰখনৰ অনীতা বাকাড়েৰ লগতে ১৭ জনীয়া যৌথ পৰিয়ালটো নিহপালি দিছিল। "কিবা এটা খহি পৰাৰ ডাঙৰ শব্দত সাৰ পাই উঠিলো, বুজিবলৈ বাকী নাথাকিল, কি হৈছে," তেওঁ কয়। "হুৱা-দুৱা লাগিল, আমি আন্ধাৰে-মুন্ধাৰে দৌৰিবলৈ ধৰিলো। তেতিয়ালৈকে আমাৰ কাষৰ ঘৰবোৰ খহি পৰিছিল।"
মহাৰাষ্ট্ৰৰ চাতাৰা জিলাৰ পাটান তালুকৰ সহয়াদ্ৰী গিৰিমালাৰ আশে-পাশে অৱস্থিত মিৰগাঁৱত এই বছৰ ২২ জুলাইৰ নিশাৰ সেই দুৰ্যোগত অনিতাৰ ঘৰটো ৰক্ষা পৰিল ঠিকেই, কিন্তু তেওঁলোকৰ যৌথ কৃষক পৰিয়ালটোৰ ১১ জন সদস্যই প্ৰাণ হেৰুৱালে। সেইসকলৰ মাজত আটাইতকৈ সৰু আছিল সাত বছৰীয়া ভতিজাক যুৱৰাজ। আটাইতকৈ ডাঙৰ আছিল দূৰ সম্পৰ্কীয় আত্মীয় চাৰি কুৰি বছৰ বয়সীয়া যশোদা বাকাড়ে।
পিছদিনা পুৱাভাগলৈ উদ্ধাৰকাৰী দল উপস্থিত হয়। দুপৰীয়াৰ ভিতৰত ৪৩ বছৰীয়া অনিতাকে ধৰি গাঁওখনৰ আন সদস্যসকলক প্ৰায় ছয় কিলোমিটাৰ দূৰত থকা কয়নানগৰ গাঁৱৰ জিলা পৰিষদ বিদ্যালয়লৈ স্থানান্তৰ কৰা হয় – মিৰগাঁও বিশাল কয়না বান্ধ আৰু জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰত অৱস্থিত।
আবেলি ৪ বজাত হোৱা সামান্য ভূমিস্খলনৰ পিছত আমি সন্ধিয়া ৭ বজাৰ পৰা লোকসকলক স্থানান্তৰ কৰা আৰম্ভ কৰিছিলো (২২ জুলাইত)। আমি ভাবিছিলো ইমানতে শেষ। কিন্তু নিশা ১১ বজাত সাংঘাতিক অথন্তৰ ঘটিল আৰু আৰু চকুৰ পলকতে গোটেই গাওঁখন চিন-চাব নোহোৱা হৈ পৰিল," গাওঁখনৰ আৰক্ষী পাটিল (কনিষ্টবল) সুনীল চেলাৰে কয়।
মিৰগাঁৱৰ ২৮৫ জন বাসিন্দাৰ (লোকপিয়ল ২০১১) ভিতৰত ১১ জন লোক ভূমিস্খলনত নিহত হয়। অথচ তেওঁলোক তীব্ৰ বৰষুণ আৰু সৰু-সুৰা ভূমিস্খলনৰ সৈতে অভ্যস্ত আছিল। কিন্তু ২২ জুলাইত দৰে বিশাল ভূমিস্খলত তেওঁলোকে আগতে দেখা নাই বুলি কয়। কেইবাখনো বাতৰি কাকতৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে কয়না অৱবাহিকাত সেইদিনাৰ বৃষ্টিপাতে ৭৪৬ মি.মি.ৰে অভিলেখ গঢ়িছিল। উল্লেখ্য যে সেই সপ্তাহটোত, মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত ডাঙৰ বানপানী হোৱাও পৰিলক্ষিত হৈছিল।
জিলা পৰিষদৰ স্কুলখনত মোৰ সৈতে হোৱা কথা-বতৰাত ৪৫ বছৰীয়া জয়শ্ৰী সপকালে কয়, "২১ জুলাইৰ আবেলিৰ পৰা বৰষুণ দিয়ে আছিল। বছৰ টোৰ এইখিনি সময়ত বেছি বৰষুণ হয় বুলি ভাবি আমি বেছি চিন্তা কৰা নাছিলো। কিন্তু পিছদিনা ৰাতি ১১ বজাত আমি এটা ডাঙৰ শব্দত সাৰ পাই উঠিছিলো। কেইমিনিটমানৰ ভিতৰতে, গোটেই পাহাৰখন আমাৰ গাওঁখনৰ ওপৰতে খহি পৰিল। আমাৰ ভাগ্য ভাল বুলিয়েই ক’ব লাগিব যে আমি ওচৰতে থকা মন্দিৰটোলৈ কোনোমতে পলাই সাৰিছিলো।"
"গাঁৱৰ কিছুমান মানুহ আমাৰ ঘৰলৈ দৌৰি আহি কৈছিল যে পাহাৰটো খহি পৰিছে। আমি এক ছেকেণ্ডৰ বাবেও নাভাবি ঘৰ এৰি পলাইছিলো। ক’তো অকণো পোহৰ নাছিল। ঘিট-মিট আন্ধাৰত কঁকাললৈকে উঠা পানীয়ে-বোকাই নেওচি আমি কেনেবাকৈ মন্দিৰটো পাইছিলো আৰু তাতে ৰাতিটো কটাইছিলো," ২১ বছৰীয়া কোমল চেলাৰে কয়।
”ঘৰবোৰ ধন-জন হানি হোৱাৰ লগতে এই দুৰ্যোগত খেতি আৰু পামবোৰো নষ্ট হৈ যায়। বৰষুণ আৰু ভূমিস্খলনে খেতি পথাৰ আৰু শস্যবোৰো নষ্ট কৰি পেলাইছিল। ৪৬ বছৰীয়া ৰবীন্দ্ৰ সপকালে কয়, "দুৰ্যোগটোৰ মাত্ৰ কেইদিনমান আগতে মই ধানৰ কঠীয়া সিঁচিছিলো। এইটো বছৰত ধান অলপ বেছি পাম বুলি আশা কৰিছিলো," ৪৬ বছৰীয়া ৰবীন্দ্ৰ সপকালে কয়। তেওঁৰ যৌথ পৰিয়ালটোৱে ১২ টা ঘৰ হেৰুৱাইছিল। "কিন্তু মোৰ খেতিপথাৰখনৰ চিন-চাবেই নাই। বোকাই আগুৰি পেলাইছে। বিবুদ্ধিত পৰিছো, মোৰ গোটেই পৰিয়ালটো ধানখেতিৰ ভৰসাতে চলে।"
মিৰগাঁৱৰ পুৰণি বাসিন্দাসকলৰ বাবে এয়া তৃতীয়বাৰৰ বাবে স্থানান্তৰণ। প্ৰথমবাৰৰ বাবে ১৯৬০ৰ দশকৰ আৰম্ভণিতে কয়না বান্ধ নিৰ্মাণৰ সময়ত হৈছিল। পৰিয়ালবোৰে ওখ ঠাই বিচাৰি গুচি গৈছিল আৰু মূল মিৰগাঁওখন অৱশেষত ডুব গৈছিল। তাৰ পিছত, ১৯৬৭ চনৰ ১১ ডিচেম্বৰত কইনা অঞ্চলত এক তীব্ৰ ভূমিকম্প হয়। সেইবাৰো নতুন মীৰগাঁৱৰ বাসিন্দাসকলক শিবিৰলৈ স্থানান্তৰিত কৰা হৈছিল। পুনৰাই তেওঁলোক নতুন গাওঁখনলৈ ঘূৰি যায় যদিও এই বছৰটোৰ ২২ জুলাইত পুনৰাই দূৰ্ভাগ্যই লগ দিয়ে।
৪২ বছৰীয়া উত্তম চেলাৰে কয়, "বান্ধটো নিৰ্মাণ কৰাৰ সময়ত চৰকাৰে আমাক খেতিপথাৰ আৰু চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল। "৪০ বছৰতকৈও বেছি হ’ল, কিন্তু আমি এতিয়ালৈকে একো নাপালো। যদি আপুনি কেতিয়াবা কয়না অঞ্চলৰ মাজেৰে যায়, পৰ্বতবোৰত প্ৰকাণ্ড ফাঁট দেখিব। পিছত আকৌ বৰষুণ আহিলে এই পৰ্বতবোৰ খহি পৰিব। আমি প্ৰতিদিন শংকাত কটাবলগীয়া হৈছে।"
২৩ জুলাইৰ বাতৰি কাকতৰ প্ৰতিবেদন মতে ৰাজ্য চৰকাৰে মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত ভূমিস্খলনত নিহত পৰিয়াললৈ ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰে। অনিতা বাকাড়েৰ পৰিয়ালে এই পৰিমাণ লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰেও ২ লাখ টকাৰ ঘোষণা কৰিছিল যদিও বাকাড়েৰ পৰিয়ালে এই ক্ষতিপূৰণ পাবলৈ এতিয়াও বাকী আছে।
কিন্তু এতিয়ালৈকে ভূমিস্খলনত খেতিপথাৰ বা ঘৰ হেৰুওৱা লোকসকলৰ বাবে কোনো সাহায্য পেকেজ ঘোষণা কৰা হোৱা নাই।
২৫ বছৰীয়া গণেশ চেলাৰে মোক তেওঁৰ বোকাৰে পোত খাই থকা খেতি পথাৰখন দেখুৱাই কয়, "ৰাজহ বিভাগে আমাক [ক্ষতিপূৰণৰ বাবে, ২ আগষ্টত] এখন প্ৰপত্ৰ পূৰণ কৰিবলৈ জোৰ দিছিল। কিন্তু এতিয়ালৈকে একো ঘোষণাহে কৰা নাই।" ক’ভিড-১৯ মহামাৰীৰ ফলত নাভি মুম্বাইত মেকানিকেল ইঞ্জিনিয়াৰ হিচাপে কৰি চাকৰি বাদ দি গণেশ গাঁৱলৈ ঘূৰি আহিছিল। গাঁৱলৈ আহি তেওঁ তেওঁৰ পৰিয়ালক ধান খেতিত সহায় কৰিবলৈ আৰম্ভ কৰে। কথাখিনি কৈ থকাৰ মাজতে তেওঁ ৰৈ যায়। যিমান পাৰে চকুপানী ধৰি ৰাখিবলৈ চেষ্টা কৰে। "আমি আমাৰ ১০ একৰ মাটি হেৰুৱালো। গোটেই শস্য নষ্ট হৈ গ’ল। চৰকাৰে যে কিবা দিব সন্দেহ আছে।"
ইফালে চৰকাৰ আৰু বিভিন্ন বেচৰকাৰী সংগঠনে দিয়া চাউল-পাতি আৰু অন্যান্য সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি ভূমিস্খলনৰ বহু সপ্তাহৰ পিছতো মিৰগাঁৱৰ বাচি থকা লোকসকলে জিলা পৰিষদৰ বিদ্যালয়ত দিন কটাইছে। তেওঁলোক সকলোৱে এতিয়া উপযুক্ত আৰু স্থায়ী পুনৰ্সংস্থাপনৰ বাবে ব্যগ্ৰ হৈ পৰিছে। "আমাৰ গাঁওখন শেষ হৈ গ’ল। আমাক কোনোবা সুৰক্ষিত স্থানলৈ পুনৰ্সংস্থাপন কৰাওঁক, এয়াই আমাৰ দাবী," আৰক্ষী কনিষ্টবল সুনীল চেলাৰে কয়।
“কোনেও তেওঁলোকৰ নিজৰ ঘৰলৈ ঘূৰি যাব বিচৰা নাই [মিৰগাঁৱলৈ]। আমি ইয়াত আৰু থাকিব নিবিচাৰো। আমাক সম্পূৰ্ণলৈ পুনৰ্সংস্থাপন কৰাটো বিচাৰো," উত্তম চেলাৰে কয়।
ভূমিস্খলনৰ পৰা বাচি যোৱা অনিতাৰ সম্পৰ্কীয় ভাই (তেওঁৰ পেহীয়েকৰ ল’ৰা) সঞ্জয় বাকাড়ে কয়, "চৰকাৰে স্বাধীনতা দিৱসৰ [১৫ আগষ্ট] ভিতৰত আমাক অস্থায়ী ঘৰৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু তেওঁলোকে তেওঁলোকৰ প্ৰতিশ্ৰুতি পালন কৰা নাই। আমি এই বিদ্যালয়ত কিমান দিন থাকিব লাগিব?" বিদ্যালয়ৰ মহিলাসকলৰ বাবে শৌচালয়বোৰ ভাল নহয়, খোৱাপানীৰো সমস্যা। তেওঁ লগতে কয়, "আমি আনকি এখন বেলেগ জিলালৈ যাবলৈও সাজু আছো, কিন্তু আমি সম্পূৰ্ণ পুনৰ্সংস্থাপন বিচাৰো।"
১৪ আগষ্টত, আবেলি প্ৰায় ৪ বজাত বিদ্যালয়ত থকা লোকসকলে ভূমিস্খলনত মৃত্যু হোৱা মিৰগাঁৱৰ ১১ জনক সুঁৱৰি এক মিনিটৰ বাবে মৌনপ্ৰাৰ্থনা কৰিবলৈ একত্ৰিত হৈছিল। সকলোৱে চকু বন্ধ কৰি মৌন প্ৰাৰ্থনা কৰিছিল। কেৱল অনিতাই চকু খুলি ৰাখিছিল, বোধহয় পৰিয়ালৰ ১১ জন সদস্যক হেৰুওৱাৰ শোকে তেওঁৰ বুকুখন সোপা মাৰি ধৰিছিল।
তেৱো আনসকলৰ দৰে এতিয়াও তেওঁৰ স্বামী আৰু পুত্ৰ সৈতে বিদ্যালয়ত আছে। দুয়োজনেই কৃষক। ঘৰটোৰ এটা চুকত তেওঁৰ কেইজনমান আত্মীয়ৰ সৈতে মাটিত বহি তেওঁ কয়, "আমি আমাৰ পৰিয়াল, আমাৰ ঘৰ, আমাৰ সকলো হেৰুৱালো। এতিয়া আমি আৰু আমাৰ গাঁৱলৈ উভতি নাযাও," ইয়াতকৈ বেছি তেওঁ ক’ব নোৱাৰিলে, তেওঁ মাতটো থোকাথুকি হৈ পৰিল।
প্ৰচ্ছদ ফটো: গণেশ চেলাৰ
অনুবাদ: ৰিমঝিম বৰঠাকুৰ