তেওঁলোকে গীতৰ তালে তালে প্ৰাণ ঢালি নাচে আৰু গায় - “ৰে ৰেলা ৰে ৰেলা ৰে ৰেলা ৰে”। আঠুলৈকে ঢকা বগা শাৰী আৰু ৰংচঙীয়া খোপা বান্ধি ডেকেৰীবোৰে নাচে। গণ্ড সম্প্ৰদায়ৰ মাজত জনপ্ৰিয় ৰেলা গীত গাই গাই ইটোৱে সিটোৰ গাত ধৰি এবাৰত সিহঁতে তিনিবাৰকৈ ঘুৰে।
লগে লগে ডেকাল’ৰাৰ দলটোৱে সিহঁতৰ লগত যোগ দিয়ে। সিহঁতেও বগা পোচাক পিন্ধে, তাৰ লগত পিন্ধে ৰংচঙীয়া পাখিৰে সুসজ্জিত পাগুৰি। সিহঁতৰ ভৰিৰ জটিল ছন্দৰ সৈতে নূপুৰৰ ৰুণজুন শব্দ মিলি যায়। ইফালে হাতত থকা সৰু সৰু মান্দ্ৰি (ঢোল)বোৰ বজাই সিহঁতে ৰেলা গীত গায়। ইটোৰ সৈতে সিটোৰ হাত মেৰিয়াই ডেকেৰীৰ দলটোৱে ডেকাল’ৰাৰ দলটোক আগুৰি লৈ আটায়ে গীত জুৰে আৰু নাচে।
৪৩ গৰাকী ডেকা-ডেকেৰীৰ দলটো গণ্ড আদিবাসী সম্প্ৰদায়ৰ। ১৬ৰ পৰা ৩০ বছৰ বয়সীয়া ল’ৰা-ছোৱালীৰ এই দলটো ছত্তীশগড়ৰ কোণ্ডাগাঁৱ জিলাৰ কেশকাল ব্লকৰ বেদমামাৰি গাঁৱৰ পৰা আহিছে।
তেওঁলোকে ৩০০ৰো অধিক কিলোমিটাৰ বাট ভেন এখনেৰে অতিক্ৰম কৰি ৰাজ্যখনৰ ৰাজধানী ৰায়পুৰৰ পৰা ১০০ কিলোমিটাৰ দূৰৰ (বাস্তাৰ এলেকাৰ) ৰায়পুৰ-জগদলপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এই ঠাইলৈ আহিছে। মধ্য ভাৰতৰ, বিশেষকৈ ছত্তীশগড়ৰ আদিবাসী সম্প্ৰদায়ৰ আন নৰ্তকসকল ১০ৰ পৰা ১২ ডিচেম্বৰলৈ ছত্তীশগড়ৰ বালোদাবাজাৰ-ভাটাপাৰা জিলাৰ সোণাখনৰ জনজাতীয় ৰজা বীৰ নাৰায়ন সিঙ ৰ বলিদানৰ স্মৃতিত উদযাপিত হোৱা তিনিদিনীয়া বীৰ মেলালৈ ২০১৫ চনৰ পৰাই আহি আছে। বৃটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা ৰজাজনক বৃটিছ প্ৰশাসনে ধৰি নি ১৮৫৭ৰ ডিচেম্বৰত ৰায়পুৰ জিলাৰ জয়স্তম্ভ চকত ফাঁচি দিছিল। বৃটিছে হেনো ফাঁচিৰ পিছত তেওঁৰ দেহটো ক্ষত-বিক্ষত কৰি পেলাইছিল, স্থানীয় লোকে কয়।
গণ্ড আদিবাসীসকলৰ পিতৃপুৰুষ দেৱতাৰ নামত উৎসৰ্গিত ৰাজাৰাও পথাৰ নামে পৱিত্ৰ স্থল - দেৱস্থানত এই উৎসৱ উদযাপিত হয়। সেই তিনিটা দিন উৎসৱস্থলীখন গীত-মাত আৰু নাচেৰে গিজগিজাই থাকে।
“ৰেলাই (ৰিলো বা ৰেল’ বুলিও কোৱা হয়) সম্প্ৰদায়টোক বান্ধি ৰাখে,” সৰ্ব আদিবাসী জিলা প্ৰকোষ্ঠ (সদৌ জনজাতীয় জিলা পৰ্যায়ৰ গোট)ৰ সভাপতি প্ৰেমলাল কুঞ্জমে কয়। “মালাত গঁথা ফুলৰ দৰেই মানুহে নাচে, হাতে হাত ধৰি। এক শক্তি আৰু সামৰ্থ্যই তাত বিৰাজ কৰে।” ৰেলা গীতৰ ছন্দ আৰু কথাই গণ্ডৱানাৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰে (গণ্ড সম্প্ৰদায়ৰ পৰম্পৰাসমূহ), তেওঁ কয়। “এই গীত-কথাৰেই আমি গণ্ড সম্প্ৰদায়ৰ নতুন প্ৰজন্মলৈ গণ্ড সংস্কৃতিৰ বাৰ্তা প্ৰেৰণ কৰো,” প্ৰেমলালে কয়।
“ৰেলা ইশ্বৰ প্ৰশস্তিৰ গীত,” বালোড় জিলাৰ বালোড়গহন গাঁৱৰ দৌলত মাণ্ডাৱিয়ে কয়। “আমাৰ জনজাতীয় পৰম্পৰা মতে এই গীতেৰে দেৱতাসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা হয়। আপোনাৰ যদি গাত বিষ আছে বা দেহত অইন কিবা সমস্যা আছে, তেন্তে ৰেলা গীতৰ তালে তালে নাচিলে সেয়া নাইকিয়া হৈ যাব। এই গীত জনজাতীয় সম্প্ৰদায়ৰ বিয়া-সৱাহৰ লগতে অইন উপলক্ষতো পৰিৱেশন কৰা হয়।”
ডিচেম্বৰত পতা বীৰ মেলাৰ একেবাৰে তৰুণ অংশগ্ৰহণকাৰী ৮ম মানত পঢ়া সুখিয়াৰিয়া কাৱড়েয়ে কয়, “মই ৰেলা ভাল পাওঁ। ই আমাৰ সংস্কৃতিৰ অংশ।” সেই দলটোত ভাগ ল’বলৈ পাই তাই আনন্দত অধীৰ হৈ পৰিছিল, কিয়নো তাৰ পৰাই তাই বিভিন্ন ঠাইত পৰিৱেশন কৰাৰ সুযোগ লাভ কৰিছিল।
বেদমামাৰি গাঁৱৰ দলটোৱে ৰেলা গীতেৰে আৰম্ভ কৰিলে আৰু হুলকি মান্দ্ৰী আৰু কলাং নৃত্য প্ৰদৰ্শন কৰিলে।
“মান্দ্ৰি পৰম্পৰাগতভাৱে হাৰেলি (খাৰিফ শস্যৰ বতৰত শস্য লহপহকৈ বাঢ়ি পথাৰবোৰ সেউজীয়া হৈ উঠাৰ সময়ত এই উৎসৱ আৰম্ভ হয় আৰু দিপাৱলীলৈকে চলে)ৰ সময়ত পালন কৰা হয়,” কলেজীয়া ছাত্ৰ দিলীপ কুৰেটিয়ে কয়। এই উৎসৱত পুৰুষে ডাঙৰ ডাঙৰ ঢোল (মাণ্ডৰ) আৰু মহিলাই তাল লৈ একেলগে নাচে।
পুস কলাং শীতকালত উদযাপন কৰা হয়। এই উৎসৱ ডিচেম্বৰ মাহৰ শেষভাগৰ পৰা আৰম্ভ হৈ জানুৱাৰীৰ মাজভাগলৈ চলে (চন্দ্ৰপঞ্জিকাত পুস বা পৌস মাহ বুলি উল্লেখ)। গণ্ড সম্প্ৰদায়ৰ ডেকাসকলে ৰেলা গীতৰ তালে তালে চুবুৰীয়া গাওঁবোৰত কলাং পৰিৱেশন কৰিবলৈ যায়। তেওঁলোকে বিশেষকৈ ধাই ফুল (Woodfordia fruticosa) গছৰ কাঠেৰে বনোৱা মাৰি লৈ উদ্যমেৰে নাচে।
“পুস কলাঙৰ সময়ত আমি ৰচদ-পাতি লৈ (অইন গাঁৱলৈ) যাওঁ, তাতে আমি দুপৰীয়াৰ আহাৰ ৰান্ধো আৰু আমাক থাকিবলৈ দিয়া গাওঁখনে আমাক নৈশ আহাৰেৰে অভ্যৰ্থনা যাঁচে,” বেদমামাৰি গাঁৱৰ দলটোৰ এগৰাকী জ্যেষ্ঠ দলপতি সোমাৰু কৰ্ৰামে কয়।
পৌস মাহৰ পূৰ্ণিমাৰ দিনা যেতিয়া আকাশ জোনাকেৰে উপচি পৰে, সিদিনা গাঁৱে গাঁৱে ভ্ৰমি ফুৰা দলবোৰ নিজ গাঁৱলৈ উভতে, তেতিয়াই উৎসৱ আৰু নাচ-গানৰ সামৰণি পৰে।
অনুবাদ: পংকজ দাস