সত্যজিত মৰাঙে তেওঁৰ ম’হৰ জাকটো লৈ ব্ৰহ্মপুত্ৰৰ নৈপৰীয়া দ্বীপবোৰত চৰণীয়া পথাৰৰ সন্ধানত ইঠাইৰ পৰা সিঠাইলৈ ভ্ৰমি ফুৰে। “ম’হ এটাই হাতীৰ সমান খাব পাৰে,” তেওঁ কয়। সেয়ে একে ঠাইতে তেওঁৰ দৰে ম’হৰখীয়াই ৰৈ থাকিব নোৱাৰে।
কিন্তু এই নিৰন্তৰ যাত্ৰাত তেওঁক সংগ দিয়ে তেওঁৰ নিজৰ গীত আৰু মৰমৰ ম’হজাকে।
“কিয়নো ম’হ চৰাবলৈ যাও অ’ চেনেহী
তোমাৰ মুখনি যদি এবাৰো চাবলৈ নাপাও?”
তেওঁ কাৰেং চাপৰি গাঁৱত থকা নিজৰ ঘৰ আৰু পৰিয়াল পৰা দূৰত থকাৰ বেদনাক প্ৰেম আৰু হেঁপাহৰ ৰং সনা নিজে লিখা গীতৰ কথাৰে প্ৰকাশ কৰি সেয়া পাৰম্পৰিক ঐনিতম শৈলীৰে গাই আহিছে। “ক’ত ঘাঁহ আছে, ক’ত নাই, সেয়া আমি নাজানো, সেয়ে আমি সদায় ইঠাইৰ পৰা সিঠাইলৈ ভ্ৰমি ফুৰিব লাগে,” এই ভিডিঅ’টোত তেওঁ কৈছে। “ আমি ধৰক এশটা ম’হ যদি দহ দিনৰ বাবে ইয়াতে ৰাখো, তেতিয়া দহদিনত সিহঁতৰ বাবে ঘাঁহ নাবাচিব। নতুন এখন চৰণীয়া পথাৰৰ সন্ধানত আমি ওলাই যাবলগীয়া হয়।”
লোকসংগীতৰ ঐনিতম ধাৰা অসমৰ মিচিং জনগোষ্ঠীৰ। মিচিংসকলক চৰকাৰী নথিত মিৰি বুলি উল্লেখ কৰা আছে, অনুসূচীত জনজাতি। মিৰি নামটো জনগোষ্ঠীটোৰ বহুতে অৱমাননাসূচক বুলি কয়।
সত্যজিতৰ গাওঁখন অসমৰ যোৰহাট জিলাৰ উত্তৰ-পশ্চিম যোৰহাট খণ্ডত অৱস্থিত। তেওঁ শৈশৱৰ পৰাই ম’হ চৰাই আহিছে। ১,৯৪,৪১৩ বৰ্গকিলোমিটাৰ জুৰি বিয়পি থকা ব্ৰহ্মপুত্ৰ আৰু তাৰ উপনৈবোৰে ভঙা-গঢ়া দ্বীপ আৰু বালিচৰবোৰত তেওঁ ম’হ চৰাই ফুৰে।
নিজৰ জীৱন কথা কোৱা আৰু গোৱা তেওঁৰ এই ভিডিঅ’টো চাও আহক।
অনুবাদ: পংকজ দাস