১০ বছৰীয়া জীয়ৰী শতিকা স্কুললৈ গৈ থকাৰ বাবে যশোৱন্ত গোবিন্দ আনন্দিত। ‘তাই পঢ়িবও পাৰে আৰু দুপৰীয়া খাবলৈও পায়,’ এজন গ্ৰাহকৰ অৰ্ডাৰৰ বাবে কাঠৰ আচবাব তৈয়াৰ কৰিবলৈ এটুকুৰা কাঠ কাটি থকা অৱস্থাতে তেওঁ ক’লে। শতিকাই পুৱা মাত্ৰ একাপ চাহ খায়। স্কুলত দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰাৰ পিছত তাই স্কুলতে খায় আৰু ৰাতি ঘৰলৈ আহি ৰেচনৰ দোকানৰ পৰা পৰিয়ালৰ বাবদ পোৱা খাদ্য-সামগ্ৰীৰে তৈয়াৰী আহাৰ খায়। ঘৰত তাই কেৱল ৰাতিৰ সাজেই খায়। ইয়াৰ মাজত তাই আন একো নাখায়।

‘আমি মাত্ৰ ২৫ কিলোগ্ৰাম চাউল পাওঁ, ইয়াৰ লগতে ১০ কিলোগ্ৰাম আটা আৰু দুই কিলোগ্ৰাম চেনী ৰেচনৰ দোকানৰ পৰা আনো।’ ৪৭ বছৰ বয়সীয়া গোবিন্দই ক’লে। কামৰ পৰা মূৰ নোতোলাকৈ ঘোচালি গাঁৱৰ বাসিন্দাজনে কৈ গ’ল। তেওঁ মাজে-সময়ে কাঠৰ কাম কৰে, কেতিয়াবা নিৰ্মাণ সংস্থাৰ লগত কাম কৰে। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মোখোড়া তালুকৰ গোবিন্দকে ধৰি বহুসংখ্যক লোক ঠাকাৰ আধিবাসী সম্প্ৰদায়ৰ। ‘আমাৰ পৰিয়ালৰ সদস্য সংখ্যা ৭ জন। ৰেচনৰ বস্তুৰে ১৫ দিন খাব পাৰো,’ তেওঁ ক’লে। বন্ধৰ দিনত বা গৰমৰ দীঘলীয়া বন্ধৰ সময়ত স্কুললৈ যোৱা ল’ৰা-ছোৱালীয়েও ঘৰত খাবলগা হয়, তেতিয়া ৰেচনৰ চাউল-আটা সোনকালে শেষ হৈ যায়।

গোবিন্দৰ দৰে পালঘৰ জিলাৰ এইখন গাঁৱৰ বহুতো অভিভাৱকৰ বাবে মধ্যাহ্ন ভোজন ল’ৰা-ছোৱালীক বিদ্যালয়লৈ পঠোৱাৰ এক প্ৰেৰণা। জিলাখনৰ মুঠ ৩০ লাখ লোকৰ ভিতৰত ১ লাখ ১০ হাজাৰ আদিবাসী সম্প্ৰদায়ৰ (২০১১ ৰ লোকপিয়ল)। দৰিদ্ৰ সীমাৰ তলত বাস কৰা পৰিয়ালৰ বাবে ৰাজহুৱা বিতৰণ আঁচনিৰ অধীনত আগবঢ়োৱা সুলভ মূল্যৰ ৰেচনৰ ওপৰত নিৰ্ভৰ কৰি বহুতো পৰিয়াল জীয়াই আছে। ‘অন্ততঃ মোৰ ছোৱালীয়ে দিনে এবাৰ পেট ভৰাই খাবলৈ পায়,’ গোবিন্দই ক’লে।

Yashwant Govind doing carpentry work
PHOTO • Parth M.N.
Meal being served to students at the school
PHOTO • Parth M.N.

পুৱাতে একাপ চাহ খোৱাৰ পিছত স্কুলত দুপৰীয়া দিনটোলৈ বুলি প্ৰথমবাৰৰ বাবে এসাজ পেট ভৰাই জীয়ৰী শতিকাই খাবলৈ পোৱাত গোবিন্দই স্বস্তিৰ নিশ্বাস পেলাইছে


গাঁৱৰ জিলা পৰিষদৰ স্কুলত শতিকাই পঞ্চম শ্ৰেণীত পঢ়ে। ২০১৭-১৮ চনত মহাৰাষ্ট্ৰৰ ৬১,৬৫৯ খন জিলা পৰিষদৰ বিদ্যালয়ত প্ৰায় ৪০ লাখ ৬০ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে (২০০৭-০৮ত অধ্যয়নৰত ৬০ লাখ ছাত্ৰ-ছাত্ৰীতকৈ সংখ্যা হ্ৰাস পায়, তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ২০১৮ত তথ্য বিচাৰি জনোৱা আবেদনৰ দ্বাৰা এই পৰিসংখ্যা লাভ কৰিছিলো)। জিলা পৰিষদৰ স্কুলত অধ্যয়ন কৰা বেছি সংখ্যক ল’ৰা-ছোৱালী খেতিয়ক, কৃষিশ্ৰমিক আৰু ব্যক্তিগত শিক্ষানুষ্ঠানলৈ ল’ৰা-ছোৱালী পঠাবলৈ সক্ষম নোহোৱা পৰিয়ালৰ (এইটো লিংকত ক্লিক কৰি পঢ়ি চাব পাৰেঃ কেতিয়াবা স্কুল বুলিবলৈ একো নাথাকে )।

প্ৰাথমিক শিক্ষা লৈ পৰিপুষ্টি যোগানৰ ৰাষ্ট্ৰীয় আঁচনিৰ অধীনত বিদ্যালয়সমূহে মধ্যাহ্ন ভোজন ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়াইছে। ‘পঞ্চম মানলৈকে একোজন ছাত্ৰৰ বাবে ১০০ গ্ৰাম চাউল আৰু ২০ গ্ৰাম দাইল ধাৰ্য কৰা হৈছে। ৬ষ্ঠ আৰু ৮ম মানৰ ছাত্ৰ-ছাত্ৰীক ১৫০ গ্ৰাম চাউল আৰু ৩০ গ্ৰাম দাইল ধৰা হৈছে।’ মধ্যাহ্ন ভোজনৰ বেল বজাৰ সময়ত ৰামদাস চাকুৰে ক’লে। চাকুৰ ঘোচালিৰ পৰা ১৪ কিলোমিটাৰ দূৰৰ কোলি মহাদেৱ আদিবাসী বসতিপ্ৰধান গাওঁ ধোন্দমাৰ্যাচিমেটত থকা জিলা পৰিষদ বিদ্যালয়ৰ শিক্ষক।

বিদ্যালয়ৰ ঘণ্টা বজাৰ শব্দ শুনি ৬ৰ পৰা ১৩ বছৰৰ মাজৰ ছাত্ৰ-ছাত্ৰীসকলে ষ্টীলৰ থাল লৈ বাহিৰত থৈ দিয়া পানীৰ ড্ৰামত ধুই মধ্যাহ্ন ভোজনৰ বাবে বিদ্যালয়ৰ ঠিক সন্মুখতে থকা হনুমান মন্দিৰত গোট খালে। দাইল-ভাত খাবলৈ ছাত্ৰ-ছাত্ৰীসকলে মন্দিৰৰ মুকলি ঠাইত সৰলৰৈখিকভাবে শাৰি পাতি মাটিত বহি পৰিল। ‘৫ম মান শ্ৰেণীলৈ একোজন ছাত্ৰ-ছাত্ৰীৰ বাবে ইন্ধন আৰু শাক-পাচলিৰ বাবে ৰাজ্য চৰকাৰে দিনে ১.৫১ টকাৰ অনুমোদন জনাইছে। ৬ষ্ঠৰ পৰা ৮ম শ্ৰেণীৰ মাজৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ২.১৭ টকা। ৰাজ্য চৰকাৰে চাউল, দাইল, তেল, নিমখ আৰু মচলা দিয়াৰ ব্যৱস্থা কৰিছে,’ চাকুৰে কয়।

The students at the Dhondmaryachimet ZP school wash their plates before eating their mid-day meal of rice and dal
PHOTO • Parth M.N.
The students at the Dhondmaryachimet ZP school wash their plates before eating their mid-day meal of rice and dal
PHOTO • Parth M.N.

ভাত আৰু দাইলেৰে দুপৰীয়াৰ আহাৰ খোৱাৰ আগতে ধোন্দমাৰ্যাচিমেট জিলা পৰিষদৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ থাল ধুই লৈছে

বহুতো অভিভাৱকৰ বাবে বিদ্যালয়ত দুপৰীয়া নিজৰ সন্তানে এসাজ খাবলৈ পোৱা বেছি দৰকাৰী, আহাৰ তালিকাত কি আছে সেয়া ডাঙৰ কথা নহয়। পুষ্টি সাধনৰ অধিকাৰ কাৰ্যসূচীৰ লগত জড়িত পুণেৰ এটা সংগঠন ‘সাথী’ৰ হৈ কাম কৰা জনস্বাস্থ্য চিকিৎসক ডা. অভয় শুক্লাই ক’লে যে আহাৰ দিয়া হৈছে যদিও সেয়া পুষ্টিকৰ নহয়। ‘এটা শিশুৰ শাৰীৰিক বিকাশৰ বাবে সাধাৰণতে ৫০০ কেলৰীৰ প্ৰয়োজন,’ তেওঁ কয়। ‘কিন্তু ১০০ গ্ৰাম চাউল ৰান্ধি খোৱাৰ পিছত তাৰ পৰা মাত্ৰ ৩৫০ কেলৰী পোৱা যায়। এক পূৰ্ণ আহাৰত কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, খনিজ ভিটামিনসহ পাঁচবিধ মৌলিক উপাদন থাকিব লাগে, কিন্তু জিলা পৰিষদৰ বিদ্যালয়ৰ আহাৰত এই উপাদনসমূহ পোৱা নাযায়। ১.৫১ টকাত আপুনি কি পাব? প্ৰায় একো পোৱা নাযায়। এই পইচাৰ লগত ইন্ধনৰ দাম ধৰা হৈছে। সেয়াও সস্তা হৈ থকা নাই। কেতিয়াবা শিক্ষকেই শাক-পাচলি দিয়ে। (এনেয়ে আহাৰৰ লগত প্ৰায়ে আলু থাকে। সেয়াও সপ্তাহত তিনি-চাৰি সাজৰ বাবে দিয়ে, কিয়নো অপৰ্যাপ্ত বাজেটেৰে সকলো মিলাব লগা হয়। সেয়ে শিশুবোৰ পৰিপুষ্টিহীন হৈ থাকি যায়।’

আহমেদনগৰ জিলাৰ আকোলা তালুকৰ ভিৰগাওঁ গাঁৱত থকা জিলা পৰিষদৰ স্কুলৰ শিক্ষক তথা সমাজকৰ্মী ভাউ চাস্কাৰে ক’লে, ‘ইয়াৰ উপৰি প্ৰশাসনে যোগান ধৰা চাউল আৰু মছলাবিলাক বহু সময়ত ভেজাল হয়। মছলাবিলাক অতি নিম্নমানৰ। বহুত স্কুলত বস্তুবিলাক মজুত কৰাৰ ব্যৱস্থা নথকাৰ উপৰি ৰন্ধা-বঢ়াৰ ঠাই নাই। তেওঁ আৰু কয়, ‘ৰন্ধা-বঢ়াৰ ঠাই নথকাৰ ফলত খাদ্য কেতিয়াবা দূষিত হ’ব পাৰে। এই কৰ্মসূচী অতি আৱশ্যকীয়, কিন্তু ইয়াৰ সঠিক প্ৰয়োগৰ প্ৰয়োজন আছে।

হিন্দুস্তান টাইমছৰ ২০১৭ৰ ডিচেম্বৰৰ প্ৰতিবেদন অনুসৰি, যি প্ৰতিবেদনত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত সংগ্ৰহ কৰা তথ্যৰ উদ্ধৃতি দি কোৱা হৈছে যে পাঁচ বছৰত মহাৰাষ্ট্ৰত মধ্যাহ্ন ভোজনৰ ফলত ৫০৪ জন ছাত্ৰ-ছাত্ৰী খাদ্যৰ বিষক্ৰিয়াত ভুগিছিল।

ভিৰগাওঁ জিলা পৰিষদৰ বিদ্যালয়ৰ ৪৪ বছৰীয়া শিক্ষক ৰাম ৱাকচৌৰে ক’লে যে কেতিয়াবা তেওঁলোকে কিছুমান অৱস্থাপন্ন খেতিয়কৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শাক-পাচলি দিবলৈ অনুৰোধ জনায়। ‘পাৰিলে তেওঁলোকে দিয়ে, কিন্তু যিটো অঞ্চললৈ শিক্ষকজন বদলি কৰি অনা হ’ল, সেই অঞ্চলত খেতি পথাৰ চন পৰি আছে, গতিকে খেতিয়কৰ পৰা শাক-পাচলি পোৱাৰ সুবিধা নাই।’ (এই লিংকটোত ক্লিক কৰি চাব পাৰেঃ ‘মোৰ নিজকে শিক্ষক যেন নালাগে ’)
Lakshmi Digha cooking outside her house
PHOTO • Parth M.N.
Mangala Burange with her son Sagar seated outside their house
PHOTO • Parth M.N.

বাওঁফালেঃ ঘোচালি জিলা পৰিষদ স্কুলত লক্ষ্মী দিঘাই ৰন্ধা-বঢ়াৰ লগতে চাফ-চিকুণতাৰ কাম কৰিছে। তেওঁ ক’লে, কেতিয়াবা স্কুলৰ বাবে যোগান ধৰা চাউল-দাইলৰ নাটনি হ’লে তেওঁ ৰেচন কাৰ্ডত পোৱা পৰিয়ালৰ খাদ্য-সামগ্ৰীও স্কুলৰ বাবে দিয়ে। সোঁফালেঃ এইবাৰ শস্য উৎপাদন একেবাৰে বেয়া হোৱা বাবে মাংলা বুৰাঙে ভাবে যে তেওঁৰ পুত্ৰ সাগৰৰ বাবে মধ্যাহ্ন আহাৰৰ আঁচনি ‘উপৰিঞ্চি লাভ’

ঘোচালি জিলা পৰিষদৰ স্কুলত ১০৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে খাদ্য প্ৰস্তুত কৰোতে লক্ষ্মী দিঘাই সূলভ মূল্যত ৰাজহুৱা বিতৰণ ব্য়ৱস্থাৰ পৰা নিজৰ পৰিয়ালৰ বাবে খাদ্য-সামগ্ৰীও ব্যৱহাৰ কৰিলগীয়া হয়। ‘আমি যেনে-তেনে চলি যাওঁ। সময়মতে চাউল-দাইল নাপালে চলাই নিয়াৰ সেইটো একমাত্ৰ উপায়।’ স্কুলৰ লগতে থকা চালিঘৰত ডাঙৰ কেৰাহী এখনত সিজাই থকা খিচিৰি লৰাই তেওঁ ক’লে। ‘আমি ল’ৰা-ছোৱালীবোৰক ভোকত ৰাখিব নোৱাৰো। সিহঁত আমাৰ সন্তানৰ দৰে।’ প্ৰতি মাহৰ প্ৰথম সপ্তাহত জিলা পৰিষদে খাদ্য-সামগ্ৰী যোগান ধৰে। কিন্তু কেতিয়াবা দেৰি হয়।

দিঘাই পুৱা ৬ বজাৰ পৰা কাম আৰম্ভ কৰে আৰু আবেলি ৪.৩০ বজাত বিদ্যালয় ছুটীৰ লগে লগে কাম শেষ হয়। ‘ছাত্ৰ-ছাত্ৰী অহাৰ আগতে বিদ্যালয় চৌহদটো চাফ কৰো। তাৰ পিছত ওচৰতে থকা টিউবেলৰ পৰা পানী আনি জমা কৰো। (তেওঁ গাঁৱৰ পৰা ৪ কিলোমিটাৰ দূৰত থকা) বজাৰৰ পৰা শাক-পাচলি কিনি আনি ধুই চাফা কৰি লওঁ, তাৰ পিছত ৰান্ধিবলৈ আৰম্ভ কৰো। দুপৰীয়া ল’ৰা-ছোৱালীক খুৱাই উঠি বাচন-বৰ্তন ধুই থও। এই কামবোৰ কৰোতে গোটেই দিনটো পাৰ হয়।’ তেওঁ কয়।

দিঘাই কোনো যোগালী বা সহায়কাৰী নোলোৱাকৈ সকলো কাম নিজে কৰে। দিনহাজিৰা কৰা তেওঁৰ স্বামীয়ে মাহে ১৫০০ টকা উপাৰ্জন কৰে। প্ৰতিমাহৰ ২০ কৰ্মদিনৰ দৈনিক ১০ ঘণ্টাকৈ কাম কৰাৰ বাবদ জিলা পৰিষদৰ স্কুলৰ ৰান্ধনিক মহাৰাষ্ট্ৰত ১০০০ টকাকৈ দৰমহা দিয়া হয়। অৰ্থাৎ ২০ দিনৰ কামৰ বাবদ দৈনিক ৫০ টকা পায়। শিক্ষক আৰু মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে দাবী জনাই অহাৰ পিছত ২০১৯ৰ ফেব্ৰুৱাৰীৰ পৰা ৰান্ধনিৰ দৰমহা ১৫০০ টকালৈ বৃদ্ধি কৰাৰ ঘোষণা কৰিছিল। ‘জানুৱাৰী মাহত মই ১২,০০০ টকা পালো, মোৰ আঠ মাহৰ দৰমহা পাবলৈ বাকী আছে,’ দিঘাই এটা কৃত্ৰিম হাঁহি মাৰি ক’লে।

পালঘৰৰ দৰে জিলাত খেতি মাটি একেবাৰে শুকান আৰু উৎপাদন অতি কম হয়। তাৰে বাসিন্দাই খেতি বাদ দি আন কাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। জিলা পৰিষদৰ স্কুলত ৰান্ধনিৰ কাম কৰিবলৈ একো অসুবিধা হোৱা নাই। কৃষিৰ কাম চলি থকা অঞ্চলত ৰান্ধনিক লৈ শিক্ষকসকলৰ সমস্যাৰ সৃষ্টি হয়।

Alka Gore cooking at the ZP school
PHOTO • Parth M.N.
The children at the Ghosali school, as in all ZP schools, await the mid-day meal
PHOTO • Parth M.N.

বাওঁফালেঃ কৃষি শ্ৰমিক হিচাপে অলকা গোৰেই যথেষ্ট উপাৰ্জন কৰিব পাৰিলেহেঁতেন। কিন্তু খৰাং বতৰৰ বাবে পথাৰ শুকাই যোৱাত জিলা পৰিষদৰ স্কুলত ৰান্ধনিৰ কাম কৰিবলগীয়া হৈছে। সোঁফালেঃ জিলা পৰিষদৰ আন স্কুলৰ দৰে ঘোচালি স্কুলতো ল’ৰা-ছোৱালীয়ে দুপৰীয়াৰ আহাৰ খাবলৈ অপেক্ষা কৰিছে


২০১৮ৰ জুলাইত কেইবা সপ্তাহৰ কাৰণে আহমেদনগৰ জিলাৰ শেলাভিহিৰে গাঁৱৰ জিলা পৰিষদৰ স্কুলৰ অধ্যক্ষ অনিল মোহিতে ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজনৰ খাদ্য প্ৰস্তুত কৰিছিল। ‘কোনো জাননী নিদিয়াকৈ ৰান্ধনিয়ে কাম এৰি দিছিল। আন ৰান্ধনি বিচাৰি নোপোৱালৈকে ৰন্ধা-বঢ়াৰ দায়িত্ব মোৰ ওপৰত পৰিছে। সেই পিৰিয়ডটোত মই ল’ৰা-ছোৱালীক বিৰতি লৈ শিকাবলগীয়া হয়। সিহঁতক খাবলৈ নিদিয়াকৈ মই পঢ়াই থাকিব নোৱাৰো।’ (এই লিংকটোত ক্লিক কৰি পঢ়িব চাব পাৰেঃ জিলা পৰিষদৰ বিদ্যালয়সমূহ বিদ্যুৎ, পানী, শৌচাগাৰ অবিহনেই চলিছে )

শেলভিহিৰেৰ পৰা ৩৫ কিলোমিটাৰ দূৰৰ ভিৰগাঁৱৰ জিলা পৰিষদৰ স্কুলৰ দুগৰাকী ৰান্ধনিক দৰমহা দিবলৈ শিক্ষকসকলে নিজৰ পৰা ১০০০ টকা তুলি প্ৰতিগৰাকীৰ দৰমহাৰ সৈতে ৫০০ টকাকৈ যোগ দিয়ে। দুইগৰাকী ৰান্ধনিৰ এগৰাকী অলকা গোৰেই কয়, তেওঁ যদি কৃষি শ্ৰমিকৰূপে কাম কৰিলেহেঁতেন, তেন্তে দৈনিক ১৫০-২০০ টকা উপাৰ্জন কৰিব পাৰিলেহেঁতেন। ‘আনকি যদি সপ্তাহত তিনিদিন কাম কৰিব পাৰিলেহেঁতেন, তেন্তে স্কুলৰ দৰমহাতকৈ বেছি পালেহেঁতেন। কিন্তু খৰাং বতৰৰ বাবে কৃষিৰ কাম নোহোৱা হৈ পৰাত স্কুলত কাম কৰিবলৈ বাধ্য হৈছো। শিক্ষকসকলে অস্থায়ীভাবে মোৰ দৰমহা বঢ়াই দিছে, সেয়ে কৰি আছো। যদি বৰষুণ আৰম্ভ হয় আৰু খেতিৰ কাম আৰম্ভ হয়, তেতিয়া মই ভাবিব লাগিব। মই গোটেই দিন স্কুলত কটাও। ইয়াৰ পিছত খেতিপথাৰত একো কাম কৰিবলৈ সময় নাথাকে। তিনিজনী ছোৱালীক মই পোহপাল দিব লাগে।’

ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল মধ্যাহ্ন ভোজনৰ ওপৰত যদিও নিৰ্ভৰশীল, তথাপি তেওঁলোকৰ আপত্তি নথকা নহয়। ‘আমাৰ ১ একৰ খেতিৰ মাটি আছে,’ মাংলা বুৰাঙে কয়। তেওঁৰ ১৩ বছৰীয়া জীয়ৰীয়ে ধোন্দমাৰ্যাচিমেটত থকা জিলা পৰিষদৰ স্কুলত অধ্যয়ন কৰে। ‘আমি নিজে খাবলৈ ধানৰ খেতি কৰো। কিন্তু খেতিৰ পৰা পোৱা শস্যৰ ওপৰত একেবাৰে নিৰ্ভৰ কৰিব নোৱাৰি। এই বছৰৰ (২০১৮)ৰ প্ৰচণ্ড খৰাঙৰ বাবে আমি মাত্ৰ দুই কুইণ্টল শস্য পালো। এনে পৰিস্থিতিত যি পাও (মধ্যাহ্ন ভোজনত), সেয়াই লাভ বুলি ধৰি লওঁ।’

শতিকাৰ দৰে সুৰযেও পুৱা একাপ চাহ খাই স্কুললৈ যায়। সি ক’লে, দুপৰীয়া স্কুলত খোৱাৰ বাদে ৰাতি ঘৰত নিশাৰ আহাৰ খাওঁ। আমি সদায় মন কৰো যে খেতি চপোৱাৰ সময়লৈকে যাতে ঘৰত থকা খাদ্য শস্য থাকেগৈ। কাৰণ উৎপাদন একেবাৰে নগণ্য হৈ পৰিছে। সেই কাৰণে মই সদায় দুপৰীয়া স্কুলৰ আহাৰৰ ওপৰতে নিৰ্ভৰ কৰো।

অনুবাদঃ পংকজ দাস

Parth M.N.

২০১৭ সালের পারি ফেলো পার্থ এম. এন. বর্তমানে স্বতন্ত্র সাংবাদিক হিসেবে ভারতের বিভিন্ন অনলাইন সংবাদ পোর্টালের জন্য প্রতিবেদন লেখেন। ক্রিকেট এবং ভ্রমণ - এই দুটো তাঁর খুব পছন্দের বিষয়।

Other stories by Parth M.N.
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das