টিং টিং টিংকৈ বাজি উঠা গৰুৰ টিলিঙাৰ শব্দ এতিয়া দক্ষিণা কান্নাড়া জিলাৰ বেলটাংগাৰি তালুকত পাহাৰীয়া অঞ্চলত এতিয়া শুনিবলৈ পোৱা টান। “এনেকুৱা বেল আজিকালি কোনোৱে নবনায়,” হুক্ৰাপ্পাই কয়। কিন্তু এই যে টিলিঙাৰ কথা কোৱা হৈছে, এয়া আন টিলিঙাবোৰৰ দৰে নহয়। তেওঁৰ গাওঁ শিৱাজেত গৰুৰ ডিঙিত আঁৰি দিয়া টিলিঙাবোৰ ধাতুৰ নহয়, বাঁহেৰে তৈয়াৰী। তামোল গছৰ খেতিয়ক ষাঠি বছৰ বয়সীয়া হুক্ৰাপ্পাই এই টিলিঙা বনোৱা কাম বহুবছৰ ধৰি কৰি আহিছে।

“মই আগতে গৰু চৰাইছিলো”, হুক্ৰাপ্পাই কয়। “কেতিয়াবা আমাৰ গৰুবোৰ হেৰাইছিল, সেয়ে বাঁহেৰে গৰুৰ টিলিঙা সজাৰ কথা মনলৈ আহিল।” পাহাৰত হেৰাই যোৱা বা আনৰ খেতিপথাৰত সোমাই থকা গৰুক তাৰ ডিঙিত আঁৰি থোৱা টিলিঙাৰ শব্দৰে বিচাৰি উলিয়াব পাৰি। যেতিয়া গাঁৱৰে এজন বয়োজ্যেষ্ঠ মানুহে তেওঁক এই কলা শিকোৱাৰ দায়িত্ব ল’লে, তেওঁ কেইটামান টিলিঙা নিজে সাজি উলিয়ালে। এটা সময়ত তেওঁ বিভিন্ন আকাৰৰ টিলিঙা বনোৱাত পাকৈত হৈ পৰিল। বাঁহ কাষতে আছিল - কিয়নো তেওঁৰ গাওঁ বেল্টাংগাড়ি কৰ্ণাটকৰ পশ্চিমঘাট অঞ্চলৰ কুন্দ্ৰেমুখ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিতে লাগি আছে, তাত তিনি ধৰণৰ ঘাঁহ পোৱা যায়।

হুক্ৰাপ্পাই কোৱা টুলু ভাষাত এই টিলিঙাক ‘বমকা’ বুলি কোৱা হয়। আকৌ কান্নাড়া ভাষাত ইয়াত ‘মণ্টে’ বুলিহে কোৱা হয়। শিৱাজেৰ সাংস্কৃতিক জীৱনত ই গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে। তাত থকা দুৰ্গা পৰমেশ্বৰী মন্দিৰটোৰ অধিষ্ঠিত দেৱীক মণ্টে আগবঢ়োৱাৰ পৰম্পৰাৰ বাবে জনা যায়। মন্দিৰটোৰ প্ৰাংগণটোক ‘মণ্টেথাড়কা’ বুলি কোৱা হয়। ভক্তসকলে তেওঁলোকৰ গৰু-ম’হৰ সুৰক্ষাৰ কাৰণে আৰু নিজৰ মনোকামনা পুৰণৰ বাবে প্ৰাৰ্থনা কৰে। কিছুমানে হুক্ৰাপ্পাৰ পৰা গৰুৰ টিলিঙা লয়। “মানুহে হাৰ্কে (কিবা এটা পোৱাৰ ইচ্ছাৰে ইশ্বৰলৈ আগ কৰি থোৱা)ৰ বাবে এয়া কিনে। (যেনে ধৰক) গাইগৰুৱে পোৱালী জন্ম নিদিলে এই টিলিঙা তেওঁলোকে ইশ্বৰলৈ আগবঢ়ায়,” তেওঁ কয়। “তেওঁলোকে এটা টিলিঙাত ৫০ টকা দিয়ে। ডাঙৰ টিলিঙাত ৭০ টকা পৰ্য্যন্ত পোৱা যায়।”

ভিডিঅ ’টো চাওঁক: শিৱাজেৰ গৰুৰ টিলিঙা বনোৱা হুক্ৰাপ্পা

খেতি আৰু টিলিঙা বনোৱা কামত লগাৰ আগতে হুক্ৰাপ্পাই গৰু চৰাইছিল। তেওঁ আৰু তেওঁৰ ডাঙৰ ভায়েকে গাঁৱৰে আনৰ ঘৰৰ গৰু-ম’হ চৰাইছিল। “আমাৰ নিজা মাটি নাছিল। আমাৰ ঘৰত ১০ জন মানুহ আছিল। খাবলৈ খাদ্যৰ নাটনি আছিল। মোৰ দেউতাই শ্ৰমিক হিচাপে কাম কৰিছিল আৰু ডাঙৰ ভনীকেইজনীও কাম কৰিছিল,” তেওঁ কয়। পিছলৈ গাঁৱৰে মহাজন এজনে তেওঁলোকৰ পৰিয়ালটোক আধি খেতি কৰিবলৈ মাটি এটুকুৰা দিয়ে। তাতে তেওঁলোকে তামোলৰ খেতি কৰিবলৈ লয়। “ভাৰা হিচাপে তেওঁলোকক ভাগ দিওঁ। আমি এনেকৈ ১০ বছৰ চলিলো। যেতিয়া ইন্দিৰা গান্ধীয়ে ভূমি সংস্কাৰ আইন বলবৎ কৰিলে (১৯৭০ত), আমি সেই মাটিৰ স্বত্ত্বাধিকাৰ পালো,” তেওঁ কয়।

অৱশ্যে গৰুৰ টিলিঙা বিক্ৰী কৰি সিমান এটা লাভ নাই। “তেওঁলোকৰ এই অঞ্চলত আন কোনোৱে টিলিঙা নবনায়। মোৰ কোনো এটা সন্তানেই এই কাম শিকা নাই,” হুক্ৰাপ্পাই কয়। এসময়ত বনাঞ্চলত সহজেই পোৱা বাঁহ এতিয়া পাবলৈ নাই। “আমি ৭-৮ মাইল (১১-১৩ কিলোমিটাৰ) খোজকাঢ়ি গৈ বিচাৰি আনিব লাগে। তাতেও আৰু বেছিবছৰ সেইবোৰ নিটিকিব,” তেওঁ কয়।

কিন্তু হুক্ৰাপ্পাৰ দক্ষ হাতে এই বাঁহ কাটে, প্ৰয়োজনীয় আকাৰ দিয়ে, এনেকৈ বাঁহৰ টিলিঙা বনোৱা কলা শিৱাজেত চলি আছে, বেল্টাংগাড়িৰ হাবিত এতিয়াও শুনিবলৈ পোৱা যায় টিলিঙাৰ শব্দ।

অনুবাদ: পংকজ দাস

Reporter : Vittala Malekudiya

ভিট্ঠল মালেকুড়িয়া একজন সাংবাদিক ও ২০১৭ সালের পারি ফেলো। তিনি দক্ষিণ কন্নড় জেলার বেলতঙ্গড়ি তালুকের কুদ্রেমুখ জাতীয় উদ্যানের মাঝে স্থিত কুথলুর গ্রামের বাসিন্দা এবং মালুকুড়িয়া নামক বনজীবী জনজাতির মানুষ। মাঙ্গলুরু বিশ্ববিদ্যালয়ের সাংবাদিকতা ও জনসংযোগ বিভাগ থেকে স্নাতকোত্তর পাশ করেছেন ভিট্ঠল, আপাতত তিনি 'প্রজাবাণী' নামে একটি কন্নড় সংবাদপত্রের বেঙ্গালুরুর দফতরে কর্মরত।

Other stories by Vittala Malekudiya
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das