“আমি দশৰা নাচত আমাৰ নৃত্য পৰিৱেশন কৰিবলৈ গৈ আছো,” নৃত্যশিল্পী ৰাম মচ্চিয়া বেইগাই কয়। “দশৰা (বিজয়াদশমী)ৰ দিনা এই নৃত্যোৎসৱ আৰম্ভ হয় আৰু ফেব্ৰুৱাৰী-মাৰ্চলৈ তিনিৰ পৰা চাৰিমাহ চলে। দশৰা উপভোগ কৰাৰ পিছত আমি বেইগাসকলৰ গাঁৱলৈ যাও আৰু গোটেই ৰাতি নাচো,” চত্তীশগড় বেইগা সমাজৰ সচিবগৰাকীয়ে উৎসৱৰ সবিশেষ এনেদৰে বৰ্ণনা কৰি কয়।

তিনিকুৰি বয়স গৰকা খেতিৰে জীৱন নিৰ্বাহ কৰা নৃত্যশিল্পীগৰাকীৰ ঘৰ কবীৰধাম জিলাৰ পাণ্ডাৰিয়া খণ্ডৰ আমানিয়া গাঁৱত। দলটোৰ আন সদস্যসকলৰ সৈতে ইতৱাৰজীয়ে ৰায়পুৰত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় জনজাতি নৃত্য উৎসৱত অংশগ্ৰহণৰ বাবে উপস্থিত হৈছে।

বেইগা সম্প্ৰদায়টো চত্তীশগড়ৰ বিশেষভাবে বিপন্ন জনজাতীয় গোট (পি.ভি.টি.জি.)ৰ মাজৰ এটা। তেওঁলোক মধ্যপ্ৰদেশতো বাস কৰে।

ভিডিঅ’টো চাওক: চত্তীশগড়ৰ বেইগাসকলৰ দশৰা নাচ

“সাধাৰণতে দশৰা নাচত ৩০ গৰাকী মানুহে নাচে, পুৰুষ-নাৰী উভয়ে নাচে। গাঁৱত নৃত্যশিল্পীৰ সংখ্যা এশ পৰ্য্যন্ত হয়,” ইতৱাৰজীয়ে কয়। এখন গাঁৱলৈ যদি পুৰুষৰ দল এটা যায়, সেইখন গাঁৱৰ মহিলা দলটোৰ লগত তেওঁলোকে নাচে, ইতৱাৰজীয়ে কয়। তাৰ বিনিময়ত অভ্যৰ্থক গাওঁখনৰ পুৰুষৰ দলটোৱে গৈ আলহী গাওঁখনৰ মহিলাসকলৰ লগত তেওঁলোকে নাচে।

“আমি গান গাই আৰু নাচি উপভোগ কৰোঁ,” একেখন জিলাৰে কাৱাৰ্ধা খণ্ডৰ অনিতা পান্দ্ৰিয়াই কয়। তেঁৱো সেই উৎসৱত ভাগ লৈছে আৰু ইতৱাৰজীৰ দলটোৰে সদস্য।

নাচি থকাৰ মাজতে ইটো পক্ষই সিটো পক্ষক প্ৰশ্ন সোধে আৰু সঁহাৰি দিয়ে।

বেইগাসকলৰ এই নৃত্য বেইগা অধ্যুষিত গাওঁবোৰত চলি অহা এক প্ৰাচীন পৰম্পৰা। পৰ্য্যটকক এই নৃত্যই আকৰ্ষিত কৰে। সেয়ে প্ৰায়ে জনপ্ৰিয় পৰ্য্যটনস্থলীবোৰত ভিআইপি মানুহৰ বাবে তেওঁলোকৰ নৃত্যৰ প্ৰদৰ্শনী পতা হয় যদিও সম্প্ৰদায়টোৰ লোকে কয় যে তেওঁলোকক প্ৰায়ে পৰ্য্যাপ্ত মাননি দিয়া নহয়।

প্ৰচ্ছদ আলোকচিত্ৰ: গোপিকৃষ্ণ সোণি

অনুবাদ: পংকজ দাস

Purusottam Thakur

পুরুষোত্তম ঠাকুর ২০১৫ সালের পারি ফেলো। তিনি একজন সাংবাদিক এবং তথ্যচিত্র নির্মাতা। বর্তমানে আজিম প্রেমজী ফাউন্ডেশনে কর্মরত পুরুষোত্তম সমাজ বদলের গল্প লেখায় নিযুক্ত আছেন।

Other stories by পুরুষোত্তম ঠাকুর
Video Editor : Urja

উর্জা পিপলস্‌ আর্কাইভ অফ রুরাল ইন্ডিয়ার সিনিয়র অ্যাসিস্ট্যান্ট ভিডিও এডিটর পদে আছেন। পেশায় তথ্যচিত্র নির্মাতা উর্জা শিল্পকলা, জীবনধারণ সমস্যা এবং পরিবেশ বিষয়ে আগ্রহী। পারি’র সোশ্যাল মিডিয়া বিভাগের সঙ্গেও কাজ করেন তিনি।

Other stories by Urja
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das