"আমি জীয়াই থাকিবলৈ বহুৰূপীৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে। খেতি-বাতি কৰি খাবলৈ আমাৰ হাতত মাটি নাই," ৰাজু চৌধুৰীয়ে কয়। বহুৰূপী শিল্পীসকল হৈছে কলা প্ৰদৰ্শনকাৰী। বিভিন্ন ধৰ্মীয় আৰু কিংবদন্তি চৰিত্ৰ তেওঁলোকে মঞ্চত ৰূপায়ন কৰে।

এই চলচ্চিত্ৰখনত চৌধুৰীৰ পৰিয়ালক চিত্ৰায়িত কৰা হৈছে। চৌধুৰীৰ পিতৃ-মাতৃ আৰু সকলো বহুৰূপীৰ সন্তানসকল যিয়ে বিৰভূম জিলাৰ বিষয়পুৰ গাঁৱৰ পৰা গাঁৱে গাঁৱে, চহৰে-নগৰে ঘুৰি ফুৰে আৰু কেবাদিনজোৰা কাৰ্যসূচীৰে বিভিন্ন কলা প্ৰদৰ্শন কৰে।

এসময়ৰ জনপ্ৰিয় লোকশিল্পৰূপে সমাদৃত এই শিল্প এতিয়া পশ্চিমবংগৰ গ্ৰামাঞ্চলৰপৰা নোহোৱা হ'বলৈ ধৰিছে। ইটোৰ পিছত সিটো পুৰুষে কৰি অহা এই শিল্পৰে শিল্পীসকলে ভালেই উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। কিন্তু সম্প্ৰতি দৰ্শকে অইন ধৰণৰ মনোৰঞ্জনহে ভাল পোৱা হ'ল, সেয়ে বহুৰূপী পৰিয়ালৰ বৰ্তমানৰ প্ৰজন্মই অইন পেছা বাছি ল'বলৈ বাধ্য হ'ল। চৌধুৰীৰ দৰে বহুতো পৰিয়ালৰ জীৱিকাৰ বাবে আন উপায় নাই।

PHOTO • Ankan Roy & Sagarika Basu

দেউতাক ৰাজুৰ সহায় লৈ চিদাম চৌধুৰীয়ে এগৰাকী বহুৰূপী শিল্পীৰ মেক-আপ কৰাইছে

PHOTO • Ankan Roy & Sagarika Basu

মালা চৌধুৰী হৈছে পৰিয়ালটোৰ তাৰকা শিল্পী, যিয়ে এই শিল্পৰ জৰিয়তে পেট পুহিছে

ইয়াতে দৰ্শোৱা চলচ্চিত্ৰখনৰ আন এটা সংস্কৰণ অংকন ৰয় (কেমেৰা) আৰু সাগৰিকা বসু (সম্পাদনা) য়ে ২০১৫ চনৰ বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়, শান্তিনিকেতনৰ তথ্যচিত্ৰৰ ২০১৫ চনৰ প্ৰকল্পৰ অংশ হিচাপে কৰিছিল।

Ankan Roy & Sagarika Basu

অঙ্কণ রায় শান্তিনিকেতনের বিশ্বভারতী বিশ্ববিদ্যালয় থেকে সাংবাদিকতা এবং জন সংযোগ বিষয়ে স্নাতকোত্তর ডিগ্রি লাভ করেছেন। সাগরিকা বসুও শান্তিনিকেতনের বিশ্বভারতী বিশ্ববিদ্যালয়ের প্রাক্তন ছাত্রী এবং ২০১৬ সালের পারি ইন্টার্ণ। কলকাতাভিত্তিক সংবাদ চ্যানেল ২৪ ঘন্টায় তিনি সম্পাদনা বিভাগে ইন্টার্ণ হিসেবে কর্মরত।

Other stories by Ankan Roy & Sagarika Basu
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das