চাবোনৰ ফেন উঠি থকা পানীখিনি এক ছন্দত ফেনেকিছে তালাব হুছেইনে। মুখত উজ্জ্বল হাঁহি এটাৰে তেওঁ যেন নাচিহে আছে। “পানী শুহি লোৱা কম্বলৰ ওপৰত ভাৰসাম্য ৰক্ষা কৰি আপুনি থিয় হ’ব পাৰিব লাগিব,” গছ এডালত ধৰি গামলাটোৰ কম্বলখন গছকি থকা তালাবে কয়। তেনেতে আন এজনে গামলাটোত আৰু অলপ গৰম চাবোন-পানী ঢালি দিছে।

জম্বুৰ সাম্বা জিলাৰ এই বকৰৱাল বসতিস্থলত তেতিয়া শীতৰ নিশা। চাৰিওফালে ঘিটমিটিয়া আন্ধাৰ। পোহৰৰ একমাত্ৰ উৎস হৈ পৰিছে এখন লৈ ফুৰিব পৰা কাঠৰ ষ্ট’ভ এটা। পাত্ৰ ওপৰত পানী উতলিছে। সেই পানীখিনিৰে কম্বলবোৰ ধোৱা হ’ব। এই বৈ উলিওৱা পছমী কম্বলৰ পৰা মল, বিয়পি পৰা ৰং আৰু ওলাই অহা সূতাবোৰ আঁতৰাই পেলোৱা হ’ব।

এই ধৰণৰ কম্বলবোৰ মেঘ আৰু মিহনঘ নামে দুই জনজাতীয় সম্প্ৰদায়ৰ লোকে বোৱে। পছম শিল্পৰ বাবে তেওঁলোকৰ সুখ্যাতি আছে। কম্বলখন বোৱা হ’লে সেয়া ধোৱা আৰু শুকোৱা কাম কৰে বকৰৱাল পুৰুষে। কম্বলৰ তন্তু আৰু সূতা বনোৱা কাম সাধাৰণতে বকৰৱাল মহিলাই কৰে আৰু তন্তুবোৰ বকৰৱাল পৰিয়ালে ঘৰতে শুকুৱায়।

Talab Hussain (left) stomping on a traditional woollen blanket in Samba district of Jammu
PHOTO • Ritayan Mukherjee
Bakarwal men (right) washing and drying the blankets.
PHOTO • Ritayan Mukherjee

বকৰৱাল পুৰুষ ( সোঁফালে ) য়ে কম্বলবোৰ ধুই শুকুৱাইছে তালাব হুছেইন ( বাওঁফালে ) য়ে জম্মুৰ চাম্বা জিলাত পৰম্পৰাগত পছমী কম্বল এখন গছকিছে

খলিল খানৰ ঘৰ জম্মু জিলাৰ পাৰগালটা গাঁৱৰ এটা চুবুৰীত। বকৰৱাল ডেকা খানৰ বয়স কম। এনেকৈ কম্বল সাজু কৰোতেও বহুত সময় লাগে, খাটনিও বহুত। কিন্তু বহুতদিন চলে কাৰণে এই কম্বলৰ দাম বেচ সস্তাই বুলিব পাৰি। পাৰগালটাৰ পিছফালেৰে বৈ গৈছে এখন নদী। তাৰে উজনীৰ ফালে খান্না চাৰগল নামে এটা বসতিস্থল আছে। তাৰেই বাসিন্দা মহম্মদ কালু। বহু পুৰণি কম্বল এখন মেৰিয়াই শুই থকা তেওঁৰ কণমানি পুত্ৰলৈ আঙুলিয়াই তেওঁ কয়, “সেইখন দেখিছে? (কম্বলখন) মানুহ এজন যিমানদিন জীয়াই থাকে, তাতোকৈও বেছিদিন এই কম্বলবোৰ টিকি থাকে। কিন্তু বজাৰৰ পৰা অনা এক্ৰিলিক (কৃত্ৰিম) ঊণৰ কম্বলবোৰ কেইবছৰমানহে টিকে।” পাচিম (স্থানীয় ভাষাত আক্ৰিলিক ঊণ)ৰ কম্বলবোৰ এবাৰ তিয়ালে শুকাবলৈ বহুদিন লাগে, প্ৰাকৃতিক পছমৰ ক্ষেত্ৰত সেয়া বিপৰীত। “শীতকালত আক্ৰিলিক কম্বল ব্যৱহাৰ কৰিলে ভৰিৰ পতা জ্বলে আৰু গা বিষায়,” গৰখীয়া খলিল আৰু কালুৱে কয়।

*****

কেৱল কম্বলেই নহয়, তেঁওলোক পশুৰ ঊণৰ পৰা নামদা নামে এবিধ খহটা ৰাগো বনায়। ফেল্টিং পদ্ধতিৰে তৈয়াৰী এই খহটা ৰাগবোৰত ৰং-বিৰঙৰ ফুলৰ সূচীকৰ্ম কৰা হয়। তাৰু নামেৰেও তেওঁলোকে এবিধ সৰু কম্বল বনায়, সেয়া নিহালি হিচাপে ব্যৱহাৰ কৰা হয়, উপহাৰ হিচাপে দিয়া হয়। এই কম্বলৰ সূচীকৰ্ম মহিলাই কৰে আৰু প্ৰতিটো পৰিয়ালৰে ফুলৰ নিজা নিজা ডিজাইন থাকে।

“আপুনি নিহালিখন চায়েই কৈ দিব পাৰে সেয়া কোনটো পৰিয়ালৰ,” জাৰীনা বেগমে কয়। তেওঁ তালাব হুছেইনৰ একেটা বসতিস্থলৰে বাসিন্দা। তেওঁৰ মতে এখন কম্বল বনাওতে ১৫ দিনমান লাগেই।

“চুকত ৰখা সেই কম্বলবোৰ চাওক, সেয়া এখন বিয়াৰ বাবে ৰখা হৈছে। সেইবোৰ বিশেষ কম্বল। দৰাপক্ষই সাধ্য অনুসৰি ১২ৰ পৰা ৩০ খন, আনকি কেতিয়াবা ৫০ খনলৈ কম্বল বিতৰণ কৰে,” জাৰীনাই কয়। সম্প্ৰদায়টোত জাৰীনা সকলোৰে মৰমৰ আইতা। বিয়া-বাৰুৰ ক্ষেত্ৰত আজিকালি মানুহে ইমান বেছি কম্বল নিদিয়ে যদিও প্ৰতিটো অনুষ্ঠানতে এই কম্বলখন বিয়াৰ পাৰম্পৰিক উপহাৰ হিচাপে দি অহা নিয়ম চলি আছে।

বিয়াৰ সামগ্ৰী হিচাপে এইবিধ উপহাৰৰ মান বহুত ওপৰত যদিও আজিকালি বৈদ্যুতিন সামগ্ৰী আৰু আচবাবে উপহাৰবিধৰ ঠাই দখল কৰিছে।

Zareena Begum is a veteran weaver and lives in Bakarwal settlement Samba district
PHOTO • Ritayan Mukherjee
Zareena Begum is a veteran weaver and lives in Bakarwal settlement Samba district
PHOTO • Ritayan Mukherjee

চাম্বা জিলাৰ বকৰৱাল বসতিস্থলত ঘৰ বয়োজ্যেষ্ঠ শিপিনী জাৰীনা বেগম এগৰাকী

Munabbar Ali (left) and Maruf Ali (right) showing the handicrafts items they have made with Bakarwal wool
PHOTO • Ritayan Mukherjee
Munabbar Ali (left) and Maruf Ali (right) showing the handicrafts items they have made with Bakarwal wool
PHOTO • Ritayan Mukherjee

বকৰৱালসকলৰ পছমী সূতাৰে হস্তনিৰ্মিত কিছু সামগ্ৰী দেখুৱাইছে মুনাব্বৰ আলি ( সোঁফালে ) আৰু মাৰুফ আলিয়ে ( বাওঁফালে )

বাচোহলি টেহচিলৰ এটি চুবুৰীৰ একেবাৰে মূৰত, নামনিৰ ফালে মুনাব্বৰ আৰু তেওঁৰ পত্নী মাৰুফৰ ঘৰ। জৰাজীৰ্ণ তম্বুৰ তলত তেওঁলোকৰ কামৰ নমুনা দেখুৱাইছিল এই দম্পতিহালে। মুনাব্বৰে কয়, “এই ধুনীয়া ফুলখিনি চাওক, অথচ আয় বুলিবলৈ নাই।”

সেই তম্বুৰ তলতে আছে তেওঁলোকে হাতেৰে নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰী। ৪০-৫০ টা ছাগলী-ভেড়া লৈ তেওঁলোকে যেতিয়া কাশ্মীৰলৈ যাব, তেতিয়া সেইবোৰ লগত নিব। তাতে আছে এখন তাৰু (নিহালি), ঘোৰচৱাৰীৰ বিভিন্ন সা-সৰঞ্জাম যেনে তালিয়াৰো (ঘোঁৰাৰ গলত বন্ধ ঝুনুকা), লেকাম আদি। “এই সকলো কঠোৰ পৰিশ্ৰমৰ কাম, এই ফুল তোলা, পশুপালন আদি। আমাৰ পৰিচয় (কিন্তু) নাই, কোনেও আমাক (আমাৰ কাম) নাজানে,” দুখ কৰি মুনাব্বৰে কয়।

*****

“ঘৰত মিল (কলঘৰ) থকা মানুহ পোৱা টান হৈ পৰিছে,” মাজ খানে কয়। ষাঠিৰ ঘাইত ভৰি দিয়া খানৰ পৰিয়ালটোৰ এতিয়াও পছমী সূতা প্ৰচেছ কৰা মিল আছে। চৰ্খা (যতৰ) আৰু সূতা পকোৱা কামৰ অৱসান ঘটিছে, সম্প্ৰদায়টোৰ বহুতেই কয়।

সেয়ে ঊণসূতা বেচা কামটোও পশুপালকৰ বাবে টান হৈ পৰিছে। “আগতে এক কেজি ঊণসূতা বিক্ৰী কৰি ১২০ৰ পৰা ২২০ টকা পাইছিলো, এতিয়া এটকাও হাতলৈ নাহে। এটা দশক কি তাৰো আগত ছাগলীৰ নোমৰে বজাৰত দাম আছিল। কিন্তু এতিয়া ঊণসূতাও মানুহে নিবিচৰা হ’ল,” কাঠুৱা জিলাৰ বাচোলি টেহচিলৰ বকৰৱাল সম্প্ৰদায়ৰ মহম্মদ তালিবে কয়। অব্যৱহৃত ঊণসূতা তেওঁলোকৰ ষ্ট’ৰৰুমতে পৰি থাকে আৰু ঊণ কটা ঠাইতে পেলাই দিয়া হয়।

“বকৰৱালসকলে আজিকালি একো নবনোৱা হৈছে। এইবোৰ সৰু কাম হৈ পৰিছে। তাৰ পৰিৱৰ্তে আহিছে চিন্থেটিক (সংশ্লেষিত) ঊণ। তাৰ দামো কম,” ড. জাভাইদ ৰাহিয়ে জনায়। একেধাৰে সমাজকৰ্মী আৰু গৱেষক জাভাইদে বহু বছৰ ধৰি গুজ্জৰ-বকৰৱাল সম্প্ৰদায়ৰ সৈতে কাম কৰি আহিছে.

Left: Colours for the bankets are chosen by the Bakarwals but the weaving and stitching are done by a blanket maker.
PHOTO • Ovee Thorat
Right: Maaz Khan’s grandson Khalil shows the blanket that the family has made
PHOTO • Ovee Thorat

বাওঁফালে : কম্বলৰ ৰং বকৰৱালসকলে ঠিৰাং কৰিলেও বোৱা আৰু চিলাইৰ সকলো কাম কম্বল বনোৱা কাৰিকৰেই কৰে সোঁফালে : মাজ খানৰ নাতি খলিল তেওঁৰ পৰিয়ালে বনোৱা কম্বল এখন দেখুৱাইছে

Left: Goat hair rope is also made along with the woollen articles. It is useful for supporting tents and for tying horses and other livestock.
PHOTO • Ovee Thorat
Right: A taru that was made as a wedding gift some time ago
PHOTO • Ovee Thorat

বাওঁফালে: পছমী সূতাৰ সামগ্ৰীৰ উপৰিও ছাগলীৰ নোমৰ ৰছীও বনোৱা হয়। তম্বু টনাত আৰু ঘোঁৰা আৰু আন পশু বন্ধাত ই কামত দিয়ে। সোঁফালে: বিয়াৰ উপহাৰ হিচাপে কেইদিনমান আগেয়ে এই তাৰু (নিহালি)খন বনোৱা হৈছিল

জম্মু আৰু তাৰ আশে-পাশে থকা চৰণভূমিবোৰ সংকুচিত হোৱাত পছমৰ বাবে পশুপালন কৰাটো কঠিন হৈ পৰিছে। আনৰ মাটিত ছাগলী-ভেড়া আদি চৰাব গ’লে মাটিৰ গৰাকীক পইচা দিবলগীয়া হয়।

শেহতীয়াকৈ চাম্বা জিলাৰ গ্ৰামীণ এলেকাবোৰ এবিধ অজাতী উদ্ভিদ লাণ্টানা কামাৰাই দখল কৰি পেলাইছে। “ইয়াত আৰু ছাগলী-ভেড়া চৰাব নোৱাৰি। সকলোতে অপতৃণ,” বাচোলি টেহচিলৰ সৰু এখন গাঁৱৰ বাসিন্দা মুনাব্বৰ আলিয়ে কয়।

ৰাজ্যিক প্ৰশাসনৰ সাহায্যত দেশীয় প্ৰজাতিৰ পশুৰ স্থান দখল কৰিছে সংকৰ প্ৰজাতিয়ে। সিবোৰে সমতলৰ অধিক তাপমাত্ৰা সহ্য কৰাত অক্ষম, পাহাৰীয়া ৰাস্তাত সেইবোৰে খোজ কাঢ়িব নোৱাৰে, বকৰৱালসকলে জনায়। “আমি কাশ্মীৰলৈ গ’লে সিহঁতে ৰাস্তাত সৰু এটা শৈলশিৰা দেখিলেও বেচেৰাহঁতে সেয়া জপিয়াই পাৰ হ’ব নাজানে। আগৰ প্ৰজাতিবোৰে জানিছিল,” তাহিৰ ৰাজা নামে পশুপালকজনে কয়।

সেনাবাহিনীৰ ৰাজ্য চৰকাৰ অনুমোদিত ফেন্সিং নাইবা বন বিভাগৰ ক্ষতিপুৰণমূলক বনানীকৰণ প্ৰকল্প নাইবা সংৰক্ষণৰ প্ৰচেষ্টাত চাৰণভূমিবোৰ সীমিত কৰি পেলাইছে। পঢ়ক: ফেন্সিঙেৰে পৰিৱেষ্টিত চৰণীয়া পথাৰ আৰু বকৰৱালৰ জীৱন

“যিফালে চকু যায়, সিফালেই কেৱল ক্ল’জাৰ (আমাৰ আৰু আমাৰ পশুবোৰৰ বাবে) দেখো,” চৰকাৰী ভাষা ব্যৱহাৰ কৰি এনেকৈয়ে ক’ব পাৰি।

ঋতায়ন মুখাৰ্জিয়ে দ্যা চেণ্টাৰ ফৰ পেষ্টোৰিলিজিমৰ পৰা প্ৰাপ্ত এক স্বতন্ত্ৰ ভ্ৰমণ অনুদানৰ সহায়ত গৰখীয়া আৰু যাযাবৰ জনগোষ্ঠীবোৰক লৈ লিখা-মেলা কৰে। এই প্ৰতিবেদনৰ বিষয়বস্তুৰ ওপৰত দ্যা চেণ্টাৰ ফৰ পেষ্টোৰিলিজিমে কোনো সম্পাদকীয় হস্তক্ষেপ কৰা নাই।

অনুবাদ: পংকজ দাস

Ritayan Mukherjee

ঋতায়ন মুখার্জি কলকাতার বাসিন্দা, আলোকচিত্রে সবিশেষ উৎসাহী। তিনি ২০১৬ সালের পারি ফেলো। তিব্বত মালভূমির যাযাবর মেষপালক রাখালিয়া জনগোষ্ঠীগুলির জীবন বিষয়ে তিনি একটি দীর্ঘমেয়াদী দস্তাবেজি প্রকল্পের সঙ্গে যুক্ত।

Other stories by Ritayan Mukherjee
Ovee Thorat

ওভি থোরাত একজন স্বতন্ত্র গবেষক। পশুপালন তথা রাজনৈতিক বাস্তুতন্ত্রের চর্চায় তিনি আগ্রহী।

Other stories by Ovee Thorat
Editor : Punam Thakur

অভিজ্ঞ প্রতিবেদক ও সম্পাদক পুনম ঠাকুর দিল্লি-কেন্দ্রিক স্বতন্ত্র সাংবাদিক।

Other stories by Punam Thakur
Photo Editor : Binaifer Bharucha

মুম্বই নিবাসী বিনাইফার ভারুচা স্বাধীনভাবে কর্মরত আলোকচিত্রী এবং পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার চিত্র সম্পাদক।

Other stories by বিনাইফার ভারুচা
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das