জম্মু-কাশ্মীৰৰ ওখ পৰ্বতত আপুনি অকলশৰীয়া বকৰৱাল লোকক কাচিৎহে দেখিব।
পশুধনৰ কাৰণে ঘাঁহনি বিচাৰি গৰখীয়া সম্প্ৰদায়ৰ লোকে ডাঙৰ ডাঙৰ গোট বান্ধি হিমালয় পৰ্বতমালাৰ চৰণীয়া পথাৰ বিচাৰি চলাথ কৰে। “তিনি-চাৰি ভায়েকে পৰিয়ালসহ ভ্ৰমণ কৰে,” ওখ তৃণভূমিলৈ প্ৰতিবছৰে গমন কৰা মহম্মদ লতিফে কয়। “ছাগলী আৰু ভেড়াবোৰ একেলগে নিয়া কাৰণে সুবিধা হয়.” বকৰৱালি কুকুৰ কেইটামানৰ সৈতে ৫,০০০ ছাগলী, ভেড়া, ঘোৰাৰে গঢ়ি উঠা সমূহটোৰ কথা উল্লেখ কৰি তেওঁ কয়।
জম্মুৰ সমভূমিৰ পৰা পীৰ পাঞ্জাল আৰু হিমালয়ৰ আন পৰ্বতশ্ৰেণীলৈ বকৰৱালসকলে কৰা যাত্ৰাত প্ৰায় ৩,০০০ মিটাৰ উচ্চতালৈ ক্ৰমে বগোৱা যায়। তেওঁলোকে গ্ৰীষ্মকাল পৰাৰ আগেয়ে মাৰ্চৰ শেষৰফালে সমভূমি এৰে আৰু শীতকাল পৰাৰ আগেয়ে ছেপ্টেম্বৰ মানত তেওঁলোকৰ ওভতনি যাত্ৰা আৰম্ভ হয়।
প্ৰতিটো যাত্ৰাত ৬ৰ পৰা ৮ সপ্তাহ লাগে। মহিলা, শিশু আৰু কেইগৰাকীমান মতা আগত থাকে। “তেওঁলোকে ঘাঁহনিৰ সন্ধানত আগত যায় আৰু পোৱাৰ পিছত গোটেই জাকটো গৈ পোৱাৰ আগতেই শিবিৰ সাজু কৰে,” মহম্মদ লতিফে কয়। তেওঁৰ গোটটোৱে ৰাজৌৰিৰ সমভূমি অঞ্চলৰ পৰা লাডাখৰ জজিলা পাছৰ নিকটৱৰ্তী মীনামাৰ্গলৈ উঠে।
ত্ৰিশোৰ্দ্ধ বয়সৰ চৌকত আলী কান্দাল জম্মুৰ কথুৱা জিলাৰ আন এটা ২০ জনীয়া বকৰৱাল পৰিয়ালৰ এটা অংশ। ২০২২ৰ এয়া ছেপ্টেম্বৰ আৰু তেওঁৰ গোটটোৱে কিস্তৱাৰ জিলাৰ দোধাই বহক (ওখ চৰণীয়া পথাৰ)ৰ পৰা উভতিছে। সেয়া তেওঁলোকৰ বহু প্ৰজন্মৰ বাবে গ্ৰীষ্মকালৰ ঠিকনা। তেওঁলোকে ৱাৰৱান উপত্যকাৰ তুষাৰাবৃত পাছবোৰ পাৰ হৈ আহিছে। “আমি আৰু এটা মাহ পাৰ হ’লে কথুৱা পামগৈ। ৰাস্তাত চাৰি-পাঁচ ঠাইত জিৰণি ৰ’ব লাগিব,” চৌকাতে কয়।
বছৰটোৰ বেছিভাগ সময় বকৰৱালসকলে চলন্ত অৱস্থাতে থাকে কিয়নো তেওঁলোকৰ ভেড়াবোৰ আধাপেটি কৰিব নোৱাৰি, মুকলিত সিহঁত চৰিবলৈ পাবই লাগিব। পশুধনেই তেওঁলোকৰ উপাৰ্জনৰ একমাত্ৰ উৎস, সেয়ে সিহঁতৰ আৰাম আৰু খাদ্য-পাতিৰ গুৰুত্ব আটাইতকৈ বেছি। কাশ্মীৰৰ উৎসৱবোৰত ভেড়া আৰু ছাগলীৰ মাংসৰ দাম আটাইতকৈ বেছি। “আমাৰ ছাগলী আৰু ভেড়াবোৰ আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কাশ্মীৰীসকলৰ আখৰোট আৰু আপেলৰ গছ আছে (উপাৰ্জনৰ বাবে),” চৌকতৰ পৰিয়ালৰ জ্যেষ্ঠ এজনে কয়। ঘোঁৰা আৰু খচ্চৰবোৰো তেওঁলোকৰ যাত্ৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। কেৱল সাময়িক পৰ্যটকেই নহয়, পৰিয়ালৰ সদস্য, ভেড়া, ঊণ, পানী আৰু দৈনিক আৱশ্যকীয় সামগ্ৰী সিহঁতেই কঢ়িয়াই নিয়ে।
দিনটোৰ আৰম্ভণিৰ ভাগত আমি ওখ পৰ্বতৰ থিয় গৰাৰে চৌকতৰ পত্নি, শামা বানোৰ সৈতে তেওঁলোকৰ শিবিৰটোলৈ গৈছিলো। তেওঁৰ মূৰত আছিল নদীৰ পৰা তোলা পানীৰ এটা ডাঙৰ পাত্ৰ। পানী অনাৰ দায়িত্ব মহিলা পশুপালকৰ ওপৰতে পৰে, তেওঁলোকে চলন্ত অৱস্থাতো প্ৰতিদিনে পানী আনিবই লাগিব।
ৰাজ্যখনত গৰখীয়া সম্প্ৰদায়ৰ বকৰৱালসকলক অনুসূচিত জনজাতি হিচাপে তালিকাভূক্ত কৰা আছে। ২০১৩ৰ এক প্ৰতিবেদন অনুযায়ী তেওঁলোকৰ জনসংখ্যা ১,১৩,১৯৮। তেওঁলোকে জম্মু আৰু কাশ্মীৰত প্ৰব্ৰজন কৰাৰ সময়ত বাটত পৰা বাগিচাবোৰত অস্থায়ী শ্ৰমিকৰ কামো কৰে। তেওঁলোকে একেটা বাটেৰে বছৰ বছৰ প্ৰব্ৰজন কৰাৰ কাৰণে স্থানীয় কাশ্মীৰী বাসিন্দাৰ সৈতে এটা সুদৃঢ় সম্পৰ্ক গঢ়ি উঠিছে। কাষৰীয়া গাঁৱৰ মহিলাসকলে তেওঁলোকৰ গৰু-ম’হ চৰাবলৈ আহি শিবিৰ পাতি থকা আলহীৰ সৈতে প্ৰায়ে কথাৰ মহলা মাৰে।
“আমাৰ জাকটো সৰু, কিন্তু আমাৰ মতাবোৰে কিছু অতিৰিক্ত কাম পায় বাবে (যাত্ৰাকালত) আমি প্ৰব্ৰজন কৰিবই লগা হয়। স্থানীয় কাশ্মীৰীৰ আপেল আৰু আখৰোট চপোৱা আৰু গছ কটা কামৰ বাবে ডেকাবোৰ যায়,” জোহৰাই কয়। ৭০ বছৰ বয়সীয়া জোহৰাই বকৰৱাল সম্প্ৰদায়ৰ লোকে পিন্ধা হাতেৰে ফুল গুথা টুপি পিন্ধিছে। তেওঁলোকে জম্মুৰ নিজ ঘৰলৈ যোৱা বাটত পৰা পাহাৰীয়া জিলা গান্দেৰবালৰ কাংগান গাঁৱৰ জলাশয় এঠাৰ পাৰত শিবিৰ পাতিছে। “একো কাম নাথাকিলেও আমি প্ৰব্ৰজন কৰিবই লাগিব, কিয় জানে? গ্ৰীষ্মকালত সমতল ভূমিত বৰ গৰম পৰে!” তেওঁ মিচিকিয়াই হাঁহি কয়।
*****
“সেই ফেন্সিংবোৰ চাওঁকচোন।”
সৰ পৰা ছাগলীৰ গাখীৰৰ চাহ একাপত চুমুক দি গুলাম নবী কান্দালে কয়, “পুৰণি দিন আৰু নাই,” তেওঁ ফেঞ্চ নথকা মুকলি পথাৰৰ দিনবোৰ মনত পেলাইছে। তেওঁলোকে এতিয়া আগৰ দৰে ঘাঁহনি আৰু অস্থায়ী শিবিৰৰ ঠাইবোৰলৈ যাব পাৰিব নে নাই, তাকে লৈ সন্দিহান হৈ থাকে।
“শুনিছো যে অহাবাৰ সেনাবাহিনীয়ে এই ঠাইটুকুৰা দখল কৰি ল’ব,” পৰ্বতৰ দাঁতিত নতুনকৈ বহুওৱা ফেঞ্চিঙলৈ দেখুৱাই তেওঁ কয়। আমাৰ লগত বহি থকা আন বকৰৱালসকলে সম্প্ৰদায়টোৰ জ্যেষ্ঠজনলৈ চাই ৰৈছে, তেওঁলোকৰ কপালতো চিন্তাৰ ৰেখা জিলিকিছে।
কেৱল সেয়াই নহয়। বহুতো তৃণভূমি অঞ্চল পৰ্যটনৰ বাবে মুকলি কৰা হৈছে। জনপ্ৰিয় পৰ্য্যটন ক্ষেত্ৰ যেনে সোণামাৰ্গ আৰু পহলগাম আদি এইবছৰ পৰ্য্যটকেৰে ভৰি পৰিছে। এই অঞ্চলবোৰ গৰখীয়া সম্প্ৰদায়ৰ পশুধনৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ ঠাই আছিল, তেওঁলোকে কয়।
“তেওঁলোকে (ৰাজ্য চৰকাৰে) সুৰংগ আৰু ৰাস্তাৰ নামত কিমান খৰচ কৰিছে চাওকচোন। এতিয়া সকলোতে ৰাস্তা-ঘাট ভাল, পৰ্য্যটক আৰু ভ্ৰমণকাৰীৰ বাবে সুবিধা হ’ব, কিন্তু আমাৰ বাবে নহয়,” নাম প্ৰকাশত অনিচ্ছুক সম্প্ৰদায়টোৰ জ্যেষ্ঠজনে আমাক কয়।
বাহন নোযোৱা ৰাস্তাত ঘোঁৰা ভাৰালৈ দি বকৰৱালসকলে সামান্য উপাৰ্জন কৰিছিল, তাৰেই কথা তেওঁ কৈছে। “পৰ্যটনৰ ঋতুত ইয়েই আমাৰ উপাৰ্জনৰ অন্যতম উৎস,” তেওঁ কয়। কিন্তু তেওঁলোকে কেৱল ঘোঁৰা ভাৰালৈ দিয়াই বুলি নহয়, পৰ্য্যটকৰ আৰু ট্ৰেকিং গাইড হিচাপে কাম পাবলৈও মধ্যভোগী আৰু স্থানীয় লোকৰ সৈতে আৰু ৰেষ্টোঁৰাতো প্ৰতিযোগিতা কৰিবলগীয়া হয়। বকৰৱালসকলৰ মাজত সাক্ষৰতাৰ হাৰ ২০১৩ৰ এই প্ৰতিবেদন মতে ৩২ শতাংশ, সম্প্ৰদায়টোৰ বাবে আন কাম পোৱাৰ সুবিধা প্ৰায় নায়েই।
সম্প্ৰদায়টোৱে ঊণসূতাৰো ব্যৱসায় কৰে, তাৰ পৰাই কাশ্মীৰী আলোৱান আৰু দলিচা তৈয়াৰ কৰা হয়। ঊণৰ গুণগত মান বৃদ্ধিৰ বাবে বিগত বৰ্ষবোৰত স্থানীয় ভেড়াৰ জাত যেনে কাশ্মীৰ উপত্যকা আৰু গুৰেজি আদিৰ সৈতে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মেৰিন’ আদি জাতৰ বৰ্ণসংকৰ প্ৰজাতি উদ্ভাৱন কৰা হৈছে।
ৰাজ্য চৰকাৰে ভেড়াৰ নোম কটা ইউনিট সহজে ঢুকি পাব পৰাকৈ ব্যৱস্থা কৰা নাই বাবে মূল্যৰ সাংঘাতিক পতন ঘটিছে। এক্ৰিলিক সূতাৰ দৰে সস্তীয়া সংশ্লেষিত সূতাৰ বিকল্প ওলোৱা কাৰণে প্ৰাকৃতিক ঊণসূতাৰ ব্যৱসায় বিপদাপন্ন হৈছে। বহু চৰণীয়া পথাৰৰ পৰা বেপাৰী বা দোকানলৈ কোনো যোগাযোগৰ সুবিধ নাই কাৰণে বকৰৱালসকলে ঊণসূতাবোৰ ঘোৰা বা খচ্চৰৰ দ্বাৰা বোজাই কৰি তললৈ আন আৰু তাৰ পৰা বাহনেৰে বজাৰলৈ লৈ য়ায়। এইবছৰ বহু বকৰৱালে ভেড়াৰ নোম কাটি সেইবোৰ ঘাঁহনিতে এৰি থৈ আহিল, কিয়নো কটা ঊণখিনি নিয়াৰ বাবে যিমান খৰছ হ’ব, সিমানখিনি তেওঁলোকে বজাৰত সেয়া বিক্ৰী কৰি নাপাব।
ছাগলীৰ চুলি তেওঁলোকে শিবিৰ পতা কামত ব্যৱহাৰ কৰে আৰু ৰছী বনায়। ভায়েক চৌকতৰ লগত ৰছী এডাল মেৰিয়াই থকা সময়ত তেওঁ কয়, “কাংগানি ছাগলীৰ চুলি এইবোৰৰ বাবে বৰ ভাল, সিহঁতৰ চুলিবোৰ দীঘল।” কাংগানিৰ পৰা পোৱা কাশ্মীৰী ঊণসূতা বৰ উচ্চমানৰ।
বকৰৱালসকলে তেওঁলোকৰ গন্তব্যস্থল সোনকালে পোৱাৰ কাৰণে ২০২২ত চৰকাৰে গ্ৰীষ্মকালীন চৰণীয়া পথাৰলৈ তেওঁলোকক আৰু তেওঁলোকৰ পশুধনক নিবৰ বাবে যাতায়তৰ সুবিধা আগবঢ়াইছিল। যিটো যাত্ৰাত তেওঁলোকক কেবাসপ্তাহো লাগে, সেয়া এটা দিনতে সম্ভৱ হ’লহেঁতেন। কিন্তু ট্ৰাকৰ যোৱাৰ বাবে স্বাক্ষৰ কৰা বহুতেই যাবলৈ নাপালে, কিয়নো ট্ৰাকৰ সংখ্যা আছিল তেনেই সীমিত। বহুতে আকৌ যাত্ৰা কৰাৰ পিছতহে খবৰ পাইছিল। ভেড়া পালন বিষয়া এগৰাকীয়ে স্বীকাৰ কৰে যে, “হাজাৰ হাজাৰ বকৰৱাল পৰিয়াল আছে, কিন্তু ট্ৰাক আছিল কেইখনমানহে। বহু লোকে এই সুবিধা ল’ব নোৱাৰিলে।”
*****
“২০ দিন আগতে সন্তানটো পাইছো।”
মীনা আখতাৰে শিবিৰৰ কাপোৰৰ টোপোলা এটালৈ আঙুলিয়াই কয়। সেই টোপোলাটোত যে সদ্যজাত শিশু এটা সোমাই আছে, নাকান্দিলে গম নাপাব। পৰ্বতৰ নামনিত মীনাই হস্পিতাল এখনত শিশুটি জন্ম দিছিল। শিশুটি জন্মৰ নিৰ্ধাৰিত দিনটো পাৰ হৈ যোৱাৰ পিছতো প্ৰসৱবেদনা নোহোৱা কাৰণে তেওঁক হস্পিতাললৈ নিয়া হৈছিল।
“গা দূৰ্বল লাগিছিল। হালৱা (চুজি) খাই বল ঘুৰাই পোৱাৰ চেষ্টা কৰিছিলো, মই যোৱা দুটা দিনৰ পৰা ৰুটি খাবলৈ আৰম্ভ কৰিছো,” তেওঁ কয়। মীনাৰ গিৰীয়েকে খৰিকটীয়া হিচাপে কাষৰীয়া গাওঁবোৰত কাম কৰে আৰু যিখিনি পইচা পায় সেইখিনিৰে দিনটোৰ জোৰা-টাপলি মাৰে।
প্লাষ্টিকৰ পেকেট এটাৰ পৰা গাখীৰ ঢালি চাহ বনাবলৈ লোৱা মীনাই কয়, “এতিয়া আৰু গাখীৰ পোৱা নাই। ছাগলীবোৰে পোৱালী দিবৰ হৈছে। এবাৰ পোৱালী দিলে আমি আকৌ গাখীৰ পাম।” ঘিউ, গাখীৰ, আৰু পনীৰ আদি বকৰৱালসকলৰ, বিশেষকৈ মহিলা আৰু শিশুৰ বাবে পুষ্টিৰ অত্যাৱশ্যকীয় উৎস।
ওখ পৰ্বতত কেৱল শিবিৰৰ দ্বাৰা ঢকা অৱস্থাত শিশুবোৰক ভিতৰত ৰন্ধা-বঢ়াৰ জুইৰ তাপ আৰু ব্লেংকেটেৰে উম দি ৰখা হয়। বাহিৰলৈ ওলাব পৰাবোৰে মুকলিকৈ ফুৰে আৰু খেলা-ধূলা কৰে। সিহঁতক সৰু-সুৰা কাম যেনে কুকুৰৰ যত্ন লোৱা, বা খৰি আৰু পানী আদি যোগাৰ কৰা কাম দিয়া হয়। “শিশুবোৰে গোটেই দিনটো জুৰিৰ পানীত খেলি থাকে,” মীনাই কয়। লাডাখৰ শীতকালৰ মীনামাৰ্গৰ চৰণীয়া পথাৰ এৰি যাবলৈ তেওঁ মনত দুখ পায়: “তাত জীৱনটো ভালকৈ পাৰ হয়।”
চৌকতৰ ডেৰাত থকা খালদা বেগমেও তেওঁৰ কণ কণ সন্তানকেইটা লৈ আহিছে, কিন্তু তেওঁৰ কিশোৰী জীয়েকজনী জম্মুতে সম্পৰ্কীয়ৰ ঘৰত আছে, যাতে তাই পঢ়া-শুনা কৰি থাকিব পাৰে। “মোৰ ছোৱালীজনীয়ে তাত ভালকৈ পঢ়িব পাৰিব,” তেওঁ মিচিকিয়াই হাঁহি কয়। বহু শিশুৰ সেই বিকল্প নাই আৰু পৰিয়ালৰ লগতে প্ৰব্ৰজিত হ’বলগীয় হয়। চৰকাৰে ভ্ৰাম্যমান স্কুলৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰিছে যদিও মুষ্টিমেয় এচামেহে সেই সুবিধা লাভ কৰিব পাৰিছে।
ভ্ৰাম্যমান স্কুলত নিয়োজিত শিক্ষক সদায় উপস্থিত নাথাকে। “সিহঁত ইয়ালৈ নাহে, কিন্তু দৰমহা ঠিকেই পায়,” ৩০ বছৰ বয়সীয়া খাদিম হুছেইনে হতাশাৰে কয়। তেওঁ জজি লা পাছ যিটোৱে কাশ্মীৰক লাডাখলৈ সংযোগ কৰে, তাৰে নিকটৱৰ্তী বকৰৱাল শিবিৰ এটাৰ সদস্য।
“যুৱ প্ৰজন্মই অধিক শিক্ষালাভৰ সুবিধা পাইছে। তেওঁলোকে যাযাবৰ জীৱনৰ পৰিৱৰ্তে আন সুযোগ-সুবিধাৰ সন্ধান কৰিছে। সিহঁতে এই জীৱনটো (যাযাবৰ) টান পায়,” ফেইজল ৰাজা বোকড়ায়ে কয়। তেওঁ তেওঁ গুজ্জৰ বকৰৱাল য়ুথ ৱেলফেয়াৰ কনফাৰেন্সৰ আঞ্চলিক সচিব আৰু উচ্ছেদ তথা অন্যায়ৰ বিৰুদ্ধে জনমত গঠনৰ বাবে পীৰ পাঞ্জাল ৰেঞ্জলৈ খোজ কাঢ়ি যোৱাৰ পৰিকল্পনা কৰি আছে। “যুৱচামৰ বাবে এয়া সহজ নহয়। আমি আন মাুহৰ সৈতে কথা পাতিলে বৰ আচহুৱা ধৰণৰ আচৰণ দেখো। চহৰত এনেকুৱা বৈষম্য বেছি, আঘাত পাওঁ,” তেওঁ কয়। বোকড়াই অনুসূচিত জনজাতি হিচাপে গুজ্জৰ আৰু বকৰৱাল সম্প্ৰদায়ৰ মাজত অধিকাৰ সম্পৰ্কীয় সজাগতা সৃষ্টিৰ বাবে কাম কৰি আহিছে।
শ্ৰীনগৰ চহৰৰ বাহিৰত থকা এটা এলেকা জাকুৰাত ১২ টা বকৰৱাল পৰিয়াল থাকে। তেওঁলোকে শীতকালৰ চৰণীয়া পথাৰখনৰ পৰা আঁতৰিব লগা হৈছিলএটা জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ কাৰণে। উচ্ছেদিত হৈ তেওঁলোক ইয়াতে থিতাপি ল’লে। আলটাফৰ জন্ম ইয়াতে, তেওঁ শ্ৰীনগৰত এখন স্কুলবাছ চলায়। “মই ইয়াত মোৰ বয়োজ্যেষ্ঠসকল, অসুখীয়া মা-দেউতা আৰু সন্তানকেইটিৰ কাৰণে আছো,” সম্প্ৰদায়টোৰ আনবোৰৰ দৰে তেওঁ কিয় প্ৰব্ৰজন নকৰিলে, তাকে বুজাই তেওঁ কয়।
সম্প্ৰদায়টোৰ অনিশ্চিত ভৱিষ্যত আৰু ফেঞ্চিং, পৰ্যটনৰ পৰা পোৱা একাধিক ভাবুকি আৰু পৰিৱৰ্তিত জীৱনৰ প্ৰসংগত জীৱনটো পৰ্বতত মুক্তমনে ঘুৰি ফুৰাৰ অভিজ্ঞতাৰে পুষ্ট গুলাম নবিয়ে কয়, “আপুনি কি বুজিব মোৰ দুখ?”
প্ৰতিবেদকে ফেইজল বোকড়া, চৌকত কান্দাল আৰু ইছফাক কান্দালক তেওঁলোকৰ সহায় আৰু আতিথ্যৰ কাৰণে কৃতজ্ঞতা যাঁচিছে।
ঋতায়ন মুখাৰ্জিয়ে দ্যা চেণ্টাৰ ফৰ পেষ্টোৰিলিজিমৰ পৰা প্ৰাপ্ত এক স্বতন্ত্ৰ ভ্ৰমণ অনুদানৰ সহায়ত গৰখীয়া আৰু যাযাবৰ জনগোষ্ঠীবোৰক লৈ লিখা-মেলা কৰে। এই প্ৰতিবেদনৰ বিষয়বস্তুৰ ওপৰত দ্যা চেণ্টাৰ ফৰ পেষ্টোৰিলিজিমে কোনো সম্পাদকীয় হস্তক্ষেপ কৰা নাই।
অনুবাদ: পংকজ দাস