প্ৰবীণ কুমাৰে এহাতে ৰং তুলিকা লৈ চাৰিওপিনৰ মানুহৰ সৈতে কথা পাতিছে, পেংডাল আউজাই তেওঁ বহি থকা স্কুটাৰখনৰ কাষতে ১৮ ফুট দীঘল এখন বিশাল কেনভাছ, তাতে তেওঁ সিংঘূত কৃষকসকলে সাব্যস্ত কৰা প্ৰতিবাদৰ ছবিবোৰ আঁকিছে।
প্ৰবীণ কুমাৰে ৩০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি লুধিয়ানাৰ পৰা সিংঘূলৈ আহিছে, য’ত তেওঁ চিত্ৰকলাৰ শিকোৱাৰ লগতে চিত্ৰশিল্পৰ সাধনাও কৰে। তেওঁৰ ভাষাত, নিজা সমৰ্থন আগবঢ়োৱাৰ বাধকতা অনুভৱ কৰি জানুৱাৰী মাহৰ ১০ তাৰিখেই হাৰিয়ানা-দিল্লী সীমান্তৰ প্ৰতিবাদস্থলীত তেওঁ উপস্থিত হৈছিলহি।
“এইটো নহয় যে মই প্ৰচাৰ বিচাৰিছোঁ, ভগৱানে মোক যথেষ্টখিনি দিছে, সেইফালৰ পৰা মোৰ কোনো চিন্তা নাই। মোক এই মুহূৰ্তত সুখী কৰি ৰখা কথাটো হ’ল যে মই এতিয়া এই আন্দোলনৰ এক অংশ।”
নিজৰ ভৰি দুখনৰ পিনে দেখুৱাই তেওঁ লগতে যোগ দিলে, “মই ৭০% বিকলাংগ।” তেওঁৰ তিনি বছৰ বয়সতে পলিঅ’ ৰোগ হৈ ভৰি দুখনৰ পক্ষাঘাত হৈছিল। তেওঁৰ পক্ষাঘাত হোৱা ভৰি দুখনে কিম্বা প্ৰথমাৱস্থাত তেওঁৰ পৰিয়ালৰ অসন্তুষ্টি কোনোটোৱেই তেওঁৰ সিংঘূ যাত্ৰাত বাধা দিব নোৱাৰিলে।
৪৩ বছৰ বয়সীয়া প্ৰবীণে সেই বৃহৎ কেনভাছখনত পেইণ্টিং কৰিবলৈ লুধিয়ানাতে আৰম্ভ কৰিছিল আৰু সিংঘূ সীমান্তৰ প্ৰতিবাদস্থলীলৈ লগত কঢ়িয়াই আনিছিল। তাতে তেওঁ পথৰ ওপৰত প্ৰতিবাদকাৰীসকলৰ মাজত বহি সম্পূৰ্ণ হৈ নুঠালৈকে সেইখন অংকন কৰি গৈছিল।
সিংঘূ আৰু ৰাজধানী মহানগৰৰ সীমান্তত থকা আন প্ৰতিবাদস্থলীসমূহত লাখ লাখ কৃষকে তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আহিছে। সেই কেইখন ২০২০ চনৰ ৫ জুনৰ দিনা পোনতে অধ্যাদেশ হিচাপে জাৰি কৰা হৈছিল। তাৰ পিচত কৃষি বিধেয়ক হিচাপে সংসদত উত্থাপন কৰা হয় ছেপ্টেম্বৰৰ ১৪ তাৰিখে আৰু সেই মাহৰে ২০ তাৰিখে সেই কেইখন ততাতৈয়াকৈ আইনত পৰিণত কৰা হয়।
কৃষকসকলে কয় যে এই আইনকেইখনে সকলো শেষ কৰি পেলাবঃ কৃষকৰ উৎপাদনৰ ব্যৱসায় আৰু বাণিজ্য (উত্তৰণ আৰু সুচলকৰণ) আইন, ২০২০ ; কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষিতকৰণ) মূল্য নিশ্চিতকৰণ আৰু কৃষিপাম সেৱাৰ চুক্তি আইন, ২০২০ ; আৰু অত্যাৱশ্যকীয় পণ্য (সংশোধন) আইন, ২০২০। ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদ ভিত্তিহীন কৰি তুলি এই আইনকেইখনে প্ৰতিজন ভাৰতীয় নাগৰিকৰ আইনী সাহায্যৰ বাট বন্ধ কৰিব বুলিও আইনকেইখন সমালোচিত হৈছে।
এই কেইখনক আইনৰ ৰূপ দি্যাৰ পিছত আৰম্ভ হোৱা প্ৰতিবাদৰ প্ৰতিটো পৰ্য্যায় প্ৰবীণৰ পেইণ্টিংখনত সন্নিবিষ্ট কৰা হৈছে। কৃষকসকলে ৰেলপথ বন্ধ কৰাৰ দিনাৰ পৰা তেওঁলোকে পানী হিলৈ আৰু কন্দুৱা গেছ সহিব লগা সময়খিনিৰ মাজেদি বৰ্তমান দিল্লী সীমান্তত দৃঢ়প্ৰতিজ্ঞ হৈ অৱস্থান লৈ থকালৈকে কেনভাছখন হ’ল এই আন্দোলনৰ খণ্ড চিত্ৰ।
তেওঁ কেনভাছখনত অতিশয় কষ্টেৰে চিত্ৰ আঁকিছে, তথাপি সেইখন পিছলৈ তেওঁ আৰু বহলাব কৰিব বিচাৰে। তেওঁ কয়, “মই এইখন শেষ দিনটোলৈ আঁকি যাব খোজো”- যেতিয়া প্ৰতিবাদে সফলতা লাভ কৰিব আৰু কৃষি আইনকেইখন বাতিল হ’ব।
অনুবাদ: ৰুবী বৰুৱা দাস