লাডাখৰ পাৰ্বত্য হ্ৰদ ‘মৰিৰি’লৈ যোৱা পথটোৰ চাৰণভূমিবোৰত যিবোৰ ঊলেৰে সজা তম্বু সিঁচৰতি হৈ আছে, সেইবোৰ চাংপাসকলৰ ঘৰ। এওঁলোকে চাংথাংগি (পছমিনা) ছাগলী প্ৰতিপালন কৰে। উৎকৃষ্ট গুণসম্পন্ন খাটি কাশ্মীৰী ঊণসূতা সৰবৰাহ কৰা তেনেই তাকৰীয়া লোকসকলৰ মাজৰ কিছুসংখ্যক এই চাংপাসকল।
চাংপাসকল যাযাবৰী পশুপালক সম্প্ৰদায়। বিদ্যাতনিক তথ্য-পাতিৰ পৰা জানিবলৈ পোৱা মতে তেওঁলোক খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাত তেওঁ তিব্বতৰ পৰা হিমালয় পাৰ হৈ তিব্বতী মালভূমিৰ পশ্চিমাঞ্চলৰ অংশ ভাৰতৰ চাংথাং অঞ্চললৈ আহিছিল। ভাৰত-চীন সীমান্তৰ দাঁতিকাষৰীয়া এই অঞ্চলটোত বিদেশী নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ, আনকি ভাৰতীয়সকলেও তালৈ যাবলৈ লেহৰ পৰা বিশেষ অনুমতি ল’বলগীয়া হয়।
এই আলোকচিত্ৰ-প্ৰতিবেদনখনত পূৱ লাডাখৰ হানলে উপত্যকাৰ চাংপাসকলৰ জীৱন তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে। তেওঁলোকৰ নিজা হিচাপ অনুসৰি অঞ্চলটোত ৪০ৰ পৰা ৫০টা চাংপা পৰিয়াল বসবাস কৰে।
হানলে উপত্যকা এক বিশাল অসমতল অঞ্চল। ইয়াৰ শীতকালটো অতি দীঘলীয়া আৰু জহকালিটো তেনেই চুটি। অঞ্চলটোত মাটিৰ প্ৰকাৰ ইমানেই কঠিন যে গছ-বন দুষ্প্ৰাপ্যপ্ৰায়। সেয়ে জহকালি তেওঁলোকৰ সম্প্ৰদায়ৰ মূৰব্বীয়ে দিয়া অনুমতি লৈ চাংপাসকলে উপত্যকাৰ নিৰ্দিষ্ট চাৰণভূমি পাৰ হৈ সেউজ তৃণভূমিৰ সন্ধানত অন্য ঠাইত ভ্ৰমি ফুৰে।
হানলে উপত্যকালৈ মই ২০১৫ চনৰ জাৰকালি গৈছিলো। দীৰ্ঘ অনুসন্ধানৰ অন্তত গাওঁবাসীৰ সহায়ত মোৰ চাংপা কৰ্মা ৰিনচেনৰ সৈতে পৰিচয় হৈছিল। জাৰকালি চাংপাসকলৰ হাতত কাম-কাজ সিমান নাথাকে বাবে ২০১৬ চনৰ জহকালি মই আকৌ এবাৰ হানলেলৈ গ’লো। সেই বছৰ আগষ্টত, দুটা দিনৰ অপেক্ষাৰ অন্তত অৱশেষত কৰ্মা ৰিনচেনক লগ পালো। পিছদিনা তেওঁ মোক তেওঁলোকৰ গ্ৰীষ্মকালীন চাৰণভূমিলৈ লৈ গ’ল। হানলেৰ পৰা গাড়ীৰে গ’লে তালৈ তিনিঘণ্টা লাগে।
কৰ্মাৰ গ্ৰীষ্মকালীন বাসস্থান সঁচাকৈয়ে বহুত বেছি ওখ ঠাইত অৱস্থিত - ৪,৯৪১ মিটাৰ উচ্চতাত। ইয়াত বহুসময়ত জহকালিও তুষাৰপাত হয়। সাতটা দিন মই কৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সৈতে কটাইছিলো। প্ৰায় ৫০ বছৰ বয়সীয়া কৰ্মা ‘গোবা’ অৰ্থাৎ তেওঁলোকৰ সম্প্ৰদায়ৰ বয়োজ্যেষ্ঠ সদস্য। চাংপাসকলৰ পৰিয়ালৰ তেওঁ অভিভাৱক স্বৰূপ। গোবা পদাধিকাৰী অৱশ্যেই জ্ঞানী, আধ্যাত্মিক তথা অভিজ্ঞ হ’বই লাগিব। কোৱা বাহুল্য, কৰ্মাৰ এই সকলো গুণেই আছে। “যাযাবৰী জীৱন আমাৰ পছন্দ, এই জীৱনে আমাক স্বাধীনতা দিয়ে,” লাডাখী আৰু তিব্বতী ভাষাৰ সংমিশ্ৰণেৰে তেওঁ কৈছিল।
চাংপাসকল বৌদ্ধ ধৰ্মাৱলম্বী তথা দালাই লামাৰ অনুগামী। ছাগলীৰ উপৰি তেওঁলোকে ভেড়া আৰু ছুঁৱৰী পহু প্ৰতিপালন কৰে। স্থানীয় জনসংযোগৰ ওপৰত ভিত্তি কৰি তেওঁলোকে প্ৰাচীন বিনিময় প্ৰথাৰ দস্তুৰ মানি নিজ নিজ উৎপাদিত পণ্যৰ আদান-প্ৰদান কৰে।
কিন্তু সম্প্ৰতি সময় সলনি হৈছে। অঞ্চলটোৰে পাৰ হৈ যাওতে দেখিলো ভাৰতীয় সেনা তথা ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ সহজ যাতায়াত সুনিশ্চিত কৰিবলৈ এটা পথ নিৰ্মাণ কৰা হৈছে - পথটোৱে এই অঞ্চলৰ চেহেৰাই সলনি কৰি দিছে। কৰ্মাই কয়, “২০১৬ বছৰটো তেওঁলোকৰ বাবে একেবাৰেই আশাব্যঞ্জক নহয়। কাৰণ লেহৰ সমবায় সমিতিয়ে তেতিয়াও ঊণসূতা সংগ্ৰহ কৰিবলৈ অহা নাছিল। তাৰ সম্ভাব্য কাৰণ — চীনৰ পৰা আমদানিকৃত সস্তীয়া কাশ্মীৰী ঊণে বজাৰ আগতেই ছানি ধৰিছে।
অনুবাদ: নিভা ৰাণী ৰায়