‘মোৰ স্বামীয়ে শনিবাৰে ইমান ডাঙৰ তিনি বটল মদ কিনি আনিছে,’ হাতখন সম্পূৰ্ণ মেলি দি কনকাই ক’লে। ‘তেওঁ এই মদ দুই-তিনিদিনত খাই শেষ কৰিব আৰু মদ নোহোৱা হ’লে কাম কৰিবলৈ যাব। খোৱাবস্তু কিনিবলৈ বেছি পইছা নাথাকে। মই আৰু মোৰ সন্তানে কোনোমতে খাব পাৰো আৰু মোৰ স্বামীয়ে আৰু এটা সন্তান বিচাৰে। মই এনেকুৱা জীৱন নিবিচাৰো,’ হতাশাৰে তেওঁ কয়।
গুডালুৰ আদিবাসী হাস্পতালত চিকিৎসকক দেখুৱাবলৈ ২৪ বছৰীয়া বেট্টা কুৰুম্বা আদিবাসী মাতৃ কনকা (নাম সলনি কৰা হৈছে) ৰৈ আছে। তামিলনাডুৰ সমগ্ৰ নীলগিৰি জিলাৰ গুডালুৰ আৰু পান্থালুৰ তালুকৰ ১২,০০০ ৰো অধিক আদিবাসী লোকক স্বাস্থ্য সেৱা আগবঢ়োৱা ৫০ খন বিচনাযুক্ত হাস্পতালখন উধাগামান্দালাম (উটি)ৰ পৰা ৫০ কিলোমিটাৰ দূৰত গুডালুৰ নগৰত আছে।
সাধাৰণ স্বাস্থ্য আৰু এখন ৰং যোৱা চিন্থেটিক শাৰী পিন্ধা কনকাই নিজৰ একমাত্ৰ কন্যা সন্তানৰ কাৰণে এই হাস্পতাললৈ আহিছে। হাস্পতালৰ সৈতে সংযুক্ত হৈ কাম কৰা নীলগিৰি অঞ্চলৰ স্বাস্থ্য কল্যাণ সন্থাৰ এগৰাকী স্বাস্থ্যকৰ্মীয়ে হাস্পতালৰ পৰা ১৩ কিলোমিটাৰ দূৰৰ তেওঁৰ গাঁৱত নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত যোৱা মাহত সতৰ্ক কৰিছিল যে দুবছৰীয়া কন্যা শিশুটোৰ ওজন ১০-১২ কিলোগ্ৰাম হ’ব লাগিছিল যদিও মাত্ৰ ৭.২ কিলোগ্ৰামহে হৈছে। সেয়ে শিশুটিক পুষ্টিহীন শিশুৰ বৰ্গত ধৰা হৈছে। স্বাস্থ্যকৰ্মীগৰাকীয়ে কনকা আৰু তেওঁৰ সন্তানক অতি সোনকালে হাস্পতাললৈ আহিবলৈ কৈছিল।
কন্যা শিশুটিৰ পুষ্টিহীনতাত আচৰিত হ’বলগীয়া একো নাই, কিয়নো কনকাই পাৰিবাৰিক উপাৰ্জনৰ যি হিচাপ দিলে, সেই অৱস্থাত এনে হোৱা স্বাভাৱিক। তেওঁৰ স্বামীৰ বয়সো ২০ বছৰমান হ’ব। ওচৰৰ চাহ, কফি, কল বা জালুকৰ বাগিচাত সপ্তাহটোৰ কেইদিনমান কাম কৰে আৰু দিনে ৩০০ টকা মজুৰী পায়। ‘তেওঁ মোক মাহে খোৱাৰ বাবদ ৫০০ টকা দিয়ে, সেই ৫০০ টকাৰে মই গোটেই মাহটো পৰিয়ালটোৰ খোৱাৰ যোগাৰ কৰিব লাগিব।’
প্ৰায় ৫০ বছৰীয়া দিনমজুৰ খুড়া-খুড়ীৰ লগত কনকা আৰু তেওঁৰ স্বামী থাকে। দুয়োটা পৰিয়ালৰ দুখন ৰেচন কাৰ্ড আছে, সেই কাৰ্ডৰ পৰা প্ৰতিমাহে ৭০ কিলোগ্ৰাম বিনামূলীয়া চাউল, দুই কিলোগ্ৰাম দাইল, দুই কিলোগ্ৰাম চেনী আৰু দুই লিটাৰ খোৱাতেল ৰেহাই মূল্যত পায়। ‘মাজে-সময়ে মোৰ স্বামীয়ে ৰেচনৰ চাউল বিক্ৰি কৰিও মদ আনে, কেতিয়াবা ঘৰত খাবলৈ একো নাথাকে,’ কনকাই কয়।
ৰাজ্যিক পৰিপুষ্টি আঁচনিয়েও কনকা আৰু তেওঁৰ সন্তানৰ নগন্য আহাৰৰ পৰিপূৰক হোৱাত ব্যৰ্থ হয়। গুডালুৰৰ তেওঁৰ গাঁৱৰ ওচৰতে থকা সংহত শিশু উন্নয়ন আঁচনি (আই.চি.ডি.এছ.) বা ‘বালৱাড়ী’ত কনকা বা আন গৰ্ভৱতী বা মাতৃদুগ্ধ পান কৰা শিশুৰ মাতৃক সপ্তাহত এটা কণী দিয়া হয় আৰু লগতে দুই কিলোগ্ৰাম ওজনৰ ঘেঁহু, সেউজীয়া বুট, বাদাম আৰু ছয়াৰ মিশ্ৰণৰ এটা পেকেট প্ৰতিমাহে দিয়া হয়। তিনি বছৰৰ তলৰ শিশুৰ বাবেও এনেকুৱা দুই কিলোৰ এটা পেকেট দিয়া হয়। তিনি বছৰৰ পিছত শিশুসকল আই.চি.ডি.এছ. কেন্দ্ৰ বা অংগনৱাড়ীলৈ যাব বুলি ধৰি লোৱা হয় আৰু সেই কেন্দ্ৰত পূৱাৰ জলপান, দুপৰীয়াৰ আহাৰ আৰু আবেলিৰ বাদাম আৰু গুড়ৰ পৰা তৈয়াৰী আহাৰ দিয়া হয়। তদুপৰি অতিমাত্ৰা পুষ্টিহীনতাত ভোগা শিশুক প্ৰতিদিনে বাদাম আৰু গুড় দিয়া হয়।
২০১৯ৰ জুলাইৰ পৰা ২৫০ গ্ৰাম ঘি আৰু ২০০ গ্ৰাম প্ৰটিন পাউদাৰ থকা আয়ুৰ্বেদিক পৰিপূৰক আম্মা উত্তাচাতু পেট্টাগাম পুষ্টি কিট একোটাকৈ চৰকাৰে নতুন মাতৃসকলক দিবলৈ আৰম্ভ কৰিছে। কিন্তু অশ্বীনিত সমূহীয়া স্বাস্থ্য আঁচনি সমন্বয়ক ৩২ বছৰীয়া জি.জি. ইলামানাই মোক ক’লে, ‘পেকেটবিলাক তেওঁলোকৰ ঘৰৰ চাঙত পৰি থাকে। কাৰণ জনজাতীয় লোকে আহাৰৰ লগত কেতিয়াও ঘি বা গাখীৰ নাখায়, সেয়ে ঘি হাতেৰই নুচুৱে। আনহাতে প্ৰটিন পাউদাৰ কেনেকৈ খাব লাগে তেওঁলোকে নাজানে। সেউজীয়া আয়ুৰ্বেদিক পাউদাৰৰ ব্যৱহাৰো তেওঁলোকে নাজানে, সেয়ে এই বস্তুবিলাক পেলাই থৈ দিয়ে।’
এসময়ত নীলগিৰিৰ আদিবাসীসকলে জংঘলৰ পৰাই সহজে তেওঁলোকৰ খাদ্য-সামগ্ৰী সংগ্ৰহ কৰিছিল। ‘তেওঁলোকে সংগ্ৰহ কৰা বিভিন্ন ধৰণৰ আলু, সৰু সৰু ৰসাল ফল, সেউজীয়া শাক-পাত আৰু কাঠফুলা সম্পৰ্কে আদিবাসীসকলৰ সাংঘাতিক জ্ঞান আছে,’ চাৰি দশক ধৰি গুডালুৰ জনজাতীয় সম্প্ৰদায়ৰ মাজত কাম কৰি অহা মেৰি মাৰ্চেল থেকিকাৰাই কয়। ‘বছৰৰ বিভিন্ন সময়ত তেওঁলোকে মাছ ধৰে আৰু সৰু সৰু চিকাৰ কৰে। বৰষুণৰ বতৰত খোৱাৰ বাবে বেছিভাগ ঘৰতে জুহালৰ ওপৰত থকা চাঙত মাংস শুকুৱাই ৰখা হয়। কিন্তু বন বিভাগে বনাঞ্চলত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিবলৈ ধৰিলে আৰু এটা সময়ত বনাঞ্চলত তেওঁলোকৰ প্ৰৱেশ একেবাৰে নিষিদ্ধ কৰা হ’ল।’
২০০৬ৰ বনাঞ্চল অধিকাৰ আইনৰ অধীনত সমূহীয়া সম্পদৰ উৎসৰ ওপৰত সমূহীয়া অধিকাৰ হৃতোদ্ধাৰ কৰাৰ প্ৰক্ৰিয়া চলি থকা স্বত্তেও আগতে তেওঁলোকে যেনেকৈ আহাৰৰ পৰিপূৰক বনাঞ্চলৰ পৰা সংগ্ৰহ কৰিছিল, এতিয়া কৰিব নোৱাৰা হ’ল।
গাওঁবোৰত উপাৰ্জন হ্ৰাস পোৱাটোও পুষ্টিহীনতাৰ এটা কাৰণ। আদিবাসী মুন্নেট্ৰা সংগমৰ সচিব কে. টি. সুব্ৰমণিয়নে কয় যে আধিবাসীসকলৰ বাবে ইয়াত দিনমজুৰী কাম যোৱা ১৫ বছৰত খুব কমি আহিছে, কিয়নো ইয়াৰ বনাঞ্চলক সংৰক্ষিত মুডুমালাই বন্যপ্ৰাণী অভয়াৰণ্যলৈ পৰিণত কৰা হ’ল। বনাঞ্চলৰ মাজত থকা ক্ষুদ্ৰ বাগিছা আৰু খেতি আদিত আগতে বহুতো লোকে কাম পাইছিল, সেইবিলাক এতিয়া বিক্ৰী কৰি দিয়া হ’ল অথবা বনাঞ্চলৰ লগত চামিল কৰি দিয়া হ’ল। ফলস্বৰূপে আদিবাসীসকল এতিয়া ডাঙৰ চাহ বাগিছা অথবা খেতি পথাৰত এৰা-ধৰাকৈ কাম কৰিবলৈ বাধ্য হৈ পৰিল।
একেখন গুডালুৰ আদিবাসী হাস্পতালত য’ত কনকা ৰৈ আছে, তাতে ২৬ বছৰীয়া সুমা (নাম বদলি কৰা হৈছে) এটা ৱাৰ্ডত জিৰণি লৈছে। তেওঁ নিকটৱৰ্তী পান্থালুৰ তালুকৰ এগৰাকী পানিয়াল আদিবাসী মহিলা। তেওঁ অলপতে তৃতীয় সন্তান প্ৰসৱ কৰিছে। লগত দুবছৰীয়া আৰু ১১ বছৰীয়া আন দুটা সন্তান তেওঁৰ আছে। সুমাই তৃতীয় সন্তানটো এই হাস্পতালত জন্ম দিয়া নাই, কিন্তু প্ৰসৱোত্তৰ স্বাস্থ্য সেৱা আৰু আন চিকিৎসাৰ বাবে ইয়ালৈ আহিছে।
‘মোৰ প্ৰসৱৰ সময় পাৰ হৈ গৈছিল, কিন্তু প্ৰসৱৰ বাবে হাস্পতাললৈ আহিবলৈ টকা নাছিল,’ তেওঁ কয়। জীপগাড়ীৰে ইয়ালৈ আহিবলৈ এঘণ্টা সময় লাগে। ‘অহা-যোৱাৰ খৰছ আৰু খোৱাৰ বাবে গীতা চেচিয়ে (অশ্বিনীৰ স্বাস্থ্যকৰ্মী) ৫০০ টকা দিছিল, কিন্তু মোৰ স্বামীয়ে সেই টকাৰে মদ খালে। সেয়ে মই ঘৰতে থাকিবলগীয়া হ’ল। তিনিদিনৰ পিচত বিষ বেছি হৈ পৰোতে হাস্পতাললৈ আহিবলৈ ওলালো যদিও যথেষ্ট পলম হ’ল। সেয়ে মই ঘৰৰ ওচৰত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ (পি.এইচ.চি.)ত প্ৰসৱ কৰিলে।’ পিচদিনা স্বাস্থ্যকেন্দ্ৰৰ নাৰ্ছে ১০৮ (এম্বুলেঞ্চ সেৱা) মাতি আনিলে আৰু সুমা তথা তাইৰ পৰিয়ালৰ গুডালুৰ হাস্পতাললৈ প্ৰেৰণ কৰে।
চাৰি বছৰৰ আগতে সুমাৰ গৰ্ভপাত হৈছিল। গৰ্ভস্থ ভ্ৰুণ সময়ৰ জোখাৰে বিকশিত নোহোৱাৰ ফলত সৃষ্টি হোৱা সমস্যাৰ বাবে গৰ্ভপাত হৈছিল। পুষ্টিহীনতাৰ বাবেই গৰ্ভস্থ ভ্ৰুণৰ বিকাশ হোৱা নাছিল। মাতৃৰ নিম্নগামী পৰিপুষ্টি, ৰক্তহীনতা, আইৰনৰ নাটনিৰ ফলত এই সমস্যাৰ সৃষ্টি হয়। ইয়াৰ পাছত গৰ্ভধাৰণৰ সময়তো সুমা একে সমস্যাত ভুগিছিল। তেওঁৰ দ্বিতীয় সন্তান, এটি কন্যা শিশুৰ জন্মৰ সময়ত ওজন অতি কম আছিল (জন্মৰ সময়ত এটি শিশুৰ ওজন ন্যুনতম ২ কিলোগ্ৰাম হ’ব লাগে যদিও সুমাৰ দ্বিতীয় সন্তানৰ ওজন আছিল ১.৩ কিলোগ্ৰাম)। বয়স আৰু ওজনৰ লেখত ওজন অতি কম আছিল। লেখত ‘গুৰুতৰভাৱে পুষ্টিহীন’ বুলি লিখি থোৱা আছিল।
‘পুষ্টিহীন মাতৃৰ সন্তান পুষ্টিহীন হ’ব’, গুডালুৰ আদিবাসী হাস্পতালৰ পাৰিবাৰিক ঔষধ বিশেষজ্ঞ ৪৩ বছৰীয়া ডা. মৃদুলা ৰাৱে কয়। ‘সুমাৰ শিশুটিয়ে মাতৃৰ পুষ্টিহীন খাদ্যৰ প্ৰভাৱত হোৱা সমস্যাৰ বোজা ল’বলগা হৈছে, বয়সৰ তুলনাত তাইৰ শাৰীৰিক, বুদ্ধিমত্তা আৰু স্নায়ৱিক বিকাশ মন্থৰ হ’ল।’
তৃতীয়বাৰ গৰ্ভধাৰণৰ সময়ত ৰোগীৰ প্ৰতিবেদনৰ ৰেকৰ্ড অনুসৰি সুমাৰ ওজন মাত্ৰ ৫ কিলোগ্ৰাম বৃদ্ধি হৈছিল। স্বাভাৱিক ওজনৰ এগৰাকী মহিলাই গৰ্ভধাৰণৰ সময়ত লাভ কৰিবলগা ওজনৰ তুলনাত এই ওজন মাত্ৰ আধা। গৰ্ভধাৰণৰ নৱম মাহত সুমাৰ মুঠ ওজন হৈছিল মাত্ৰ ৩৮ কিলোগ্ৰাম।
২০০৬ৰ বনাঞ্চল অধিকাৰ আইনৰ অধীনত আদিবাসীৰ অধিকাৰ হৃতোদ্ধাৰ স্বত্তেও আগৰ দৰে তেওঁলোকে বন সম্পদৰ পৰা নিজৰ আহাৰৰ পৰিপূৰক সংগ্ৰহ কৰিবলৈ সক্ষম নহ’ল
‘গৰ্ভৱতী মহিলা আৰু শিশুৰ স্বাস্থ্য পৰীক্ষাৰ বাবে মই সপ্তাহত কেইবাবাৰো গৈছিলো,’ গুডালুৰ আদিবাসী হাস্পতালৰ স্বাস্থ্যকৰ্মী (ক্ষেত্ৰকৰ্মী) ৪০ বছৰীয়া গীতা কান্নানে কয়। ‘আইতাকৰ কোলাত বহি থকা কেৱল এটা অন্তৰ্বাস পিন্ধা শিশুটিক মই দেখিছিলো! ঘৰত খোৱা খাদ্য প্ৰস্তুত কৰা নাছিল আৰু শিশুটিক ওচৰৰ এঘৰ মানুহে খুৱাই আছিল। সুমা শুই আছিল, খুব দুৰ্বল দেখা গৈছিল। নিজৰ স্বাস্থ্য এতিয়াও মাতৃদুগ্ধ পান কৰা শিশুটিৰ বাবে ভালকৈ খোৱাৰ বাবে মই সুমাক অশ্বিনী সাটুমাভু (ৰাগি আৰু দাইলৰ গুড়ি থকা এটা পেকেট) দি আহিছিলো। কিন্তু সুমাই ক’লে, তেওঁৰ স্বামীয়ে দিন মজুৰীৰ পৰা পোৱা ধনৰ বেছিভাগেই সুৰাপান কৰি ব্যয় কৰে।’ গীতাই এইদৰে কৈ ক্ষন্তেক স্তব্ধ হৈ পৰে আৰু কয়, ‘সুমায়ো সুৰাপান কৰিবলৈ আৰম্ভ কৰিছে।’
ক’বলৈ গ’লে গুডালুৰৰ বহুতো পৰিয়ালৰ এনেধৰণৰ বহুতো কাহিনী আছে, যাৰ ফলত এই ব্লকত মহিলা-শিশুৰ স্বাস্থ্যৰ অৱনতিয়ে অশুভ সংকট কঢ়িয়াই আনিছে। চিকিৎসালয়ৰ তথ্যৰ পৰা দেখা যায় ১৯৯৯ চনত মহিলাৰ মৃত্যুৰ হাৰ ১০.৭ (প্ৰতি ১,০০,০০০ জীৱিত শিশু জন্ম দিয়া)ৰ পৰা ২০১৮-১৯ত ৩,২ লৈ অৱনমিত হয়, আৰু নৱজাতকৰ মৃত্যুৰ হাৰ একে সময়চোৱাত ৪৮ (১০০০ জীৱিত অৱস্থাত জন্ম লাভ কৰা) ২০ লৈ অৱনমিত হয়। জিলা পৰিকল্পনা আয়োগৰ জিলা মানৱসম্পদ বিকাশৰ প্ৰতিবেদন, ২০১৭ ৰ তথ্য অনুসৰি নীলগিৰি জিলাৰ শিশুৰ মৃত্যুৰ হাৰ ৰাজ্যিক মৃত্যুৰ হাৰতকৈ কম অৰ্থাৎ ৰাজ্যিক পৰিসংখ্যা গড়ে ২১ৰ তুলনাত নীলগিৰিৰ ১০.৭। ইফালে গুডালুৰ তালুকৰ আৰু কম অৰ্থাৎ ৪,০।
যোৱা ৩০ বছৰ ধৰি গুডালুৰত আদিবাসী মহিলাৰ মাজত কাম কৰি থকা ডা. শৈলজা দেৱীয়ে কয়, এই তথ্যৰ পৰা সমগ্ৰ ছবিখন স্পষ্ট হৈ নপৰে। ‘মাতৃৰ মৃত্যুৰ হাৰ (এম.এম.আৰ.) আৰু শিশুৰ মৃত্যুৰ হাৰ (আই.এম.আৰ.) সূচক নিশ্চিতভাৱে উন্নত হৈছে, কিন্তু ৰুগ্নতাৰ হাৰ বৃদ্ধি পাইছে,’ তেওঁ কয়। ‘আমি মৃত্যুৰ হাৰ আৰু ৰুগ্নতাৰ হাৰৰ মাজত পাৰ্থক্য বিচাৰ কৰা উচিত। পুষ্টিহীন মাতৃয়ে পুষ্টিহীন সন্তান জন্ম দিব, যি সন্তান ৰোগাক্ৰান্ত হোৱা স্বাভাৱিক। সেয়ে ডায়েৰিয়াৰ নিচিনা ৰোগতে তিনি বছৰীয়া একোটা শিশুৰ মৃত্যু হয়, তদুপৰি পুষ্টিহীন শিশুৰ বোধশক্তিৰ বিকাশ মন্থৰ হয়। এইসকলেই হ’ব আদিবাসীসকলৰ পৰৱৰ্তী প্ৰজন্ম।’
ইয়াৰ উপৰি মৃ্ত্যুৰ সূচক ভাল হৈছে যদিও অঞ্চলটোৰ জনজাতীয় লোকৰ মাজত বৃদ্ধি পোৱা সুৰাসক্তিয়ে ইয়াক তল পেলাইছে আৰু ই আদিবাসী জনগণৰ মাজত পুষ্টিহীনতাৰ মান অধিক উৰ্দ্ধগামী কৰিব। (সুৰাসক্তি আৰু পুষ্টিহীনতাৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ ওপৰত এখন গৱেষণা পত্ৰ প্ৰকাশৰ প্ৰক্ৰিয়া গুডালুৰ আদিবাসী হাস্পতালে আৰম্ভ কৰিছেঃ এই পত্ৰ এতিয়াও ৰাজহুৱা কৰা হোৱা নাই)। ডি.এইচ.ডি.আৰ. ২০১৭ৰ প্ৰতিবেদনে স্পষ্টভাৱে দেখুৱাইছে, ‘মৃত্যুৰ হাৰ নিয়ন্ত্ৰিত হ’লেও পৰিপুষ্টিৰ অৱস্থা উন্নত নহ’ব পাৰে।’
‘ডায়েৰিয়া আৰু গ্ৰহণী ৰোগত মৃত্যুৰ হাৰ আমি নিয়ন্ত্ৰিত কৰাৰ লগতে সকলো প্ৰসৱ চিকিৎসালয়ত কৰা বাধ্যতামূলক কৰা হৈছে যদিও আদিবাসী সম্প্ৰদায়ৰ মাজত সুৰাসক্তিয়ে সকলো প্ৰচেষ্টাক পণ্ড কৰি পেলাইছে। আমি উপ-চাহাৰা মানৰ পুষ্টিহীনতা দেখিছো আৰু গাভৰু মাতৃ আৰু সন্তানৰ পুষ্টিজনিত অৱস্থাৰ লগত আপোচ কৰা হৈছে,’ ২০২০ৰ জানুৱাৰীত গুডালুৰ আদিবাসী হাস্পতালৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰা প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ৬০ বছৰীয়া ডা. শৈলজাই কয়। তাৎপৰ্যপূৰ্ণ যে এতিয়াও তেওঁ প্ৰতিটো পুৱা এই হাস্পতালত কটায়। ৰোগীসকলক দেখা কৰে আৰু তেওঁলোকৰ সমস্যা সম্পৰ্কে চিকিৎসকসকলৰ লগত আলোচনা কৰে। ‘আদিবাসীসকলৰ ৫০ শতাংশ শিশু এতিয়া মধ্যমীয়াভাৱে বা অতিমাত্ৰা পুষ্টিহীন। তেওঁৰ পৰ্যবেক্ষণ অনুসৰি, ‘দহ বছৰৰ আগতে মধ্যমীয়াকৈ (২০১১-১২) পুষ্টিহীন শিশুৰ হাৰ আছিল ২৯ শতাংশ আৰু অতি পুষ্টিহীনৰ হাৰ আছিল শতাংশ। সেয়ে ই অতি বেছি শংকাজনক ধাৰা।’
পুষ্টিহীনতাৰ জলজল পটপট হৈ থকা পৰিণতিৰ বাখ্যা কৰি ডা. ৰাৱে কয়, ‘আগতে যেতিয়া মাতৃসকল চিকিৎসালয়ৰ বৰ্হিবিভাগত স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহিছিল, তেওঁলোকে নিজৰ সন্তানৰ লগত খেলিছিল। এতিয়া তেওঁলোকে মুখত এক অনিহাৰ ভাৱ লৈ বহি থাকে আৰু ল’ৰা-ছোৱালীবিলাককো খুব মলিন হৈ থকা দেখা যায়। তেওঁলোকৰ এই উদাসীনতা বা অনিহা নিজৰ সন্তান তথা নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ ক্ষেত্ৰত উদাসীনতালৈ পৰিণত হৈছে।’
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৪ ( ৰা.প.স্বা.স.-৪, ২০১৫-১৬ )য়ে দেখুৱাইছে যে নীলগিৰিৰ ৬ৰ পৰা ২৩ মাহৰ মাজৰ ৬৩ শতাংশ শিশুৱে পৰ্যাপ্ত আহাৰ খাবলৈ নাপায়, ৬ মাহৰ পৰা ৫ বছৰৰ মাজৰ শিশুসকলৰ ৰক্তহীনতা আছে (প্ৰতি ডেচিলিটাৰত ১১ গ্ৰামৰ তলত হিমগ্লবিন থাকে, কিন্তু ন্যুনতম ১২ গ্ৰাম থাকিব লাগে। গাঁৱৰ মহিলাসকলৰ প্ৰায় ৫০ শতাংশৰ ৰক্তহীনতা আছে, ইয়াৰ বিৰূপ প্ৰভাৱ গৰ্ভধাৰণত পৰে।
‘আমি এনেকুৱা আদিবাসী মহিলা এতিয়াও লগ পাও, যাৰ তেজ নাই, প্ৰতি ডেচিলিটাৰত মাত্ৰ দুই গ্ৰাম হিম’গ্লবিন থাকে। ৰক্তহীনতা পৰীক্ষা কৰোতে তেজৰ নমুনা হাইড্ৰক্লৰিক এচিডত দিয়া হয়, যাতে ন্যূনতম প্ৰতি ডেচিলিটাৰত ২ গ্ৰাম ৰিডিং পাব পাৰি, হয়তো হিম’গ্লবিনৰ পৰিমাণ আৰু কম হ’ব পাৰে, যিটোৰ হিচাপ উলিয়াব নোৱাৰি,’ ডা. শৈলজাই কয়।
ৰক্তহীনতা আৰু মহিলাৰ মৃত্যুৰ মাজত ওতঃপ্ৰোতঃ সম্পৰ্ক আছে, ‘ৰক্তহীনতাৰ ফলত প্ৰসৱকালীন ৰক্তক্ষৰণ হ’ব পাৰে, হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হ’ব পাৰে আৰু মৃত্যু হ’ব পাৰে,’ গুডালুৰ আদিবাসী হাস্পতালৰ স্ত্ৰীৰোগ আৰু প্ৰসূতি বিশেষজ্ঞ ৩১ বছৰ বয়সীয়া ডা. নমৃতা মেৰী জৰ্জে কয়। ‘ইয়াৰ ফলত জৰায়ুত থকা শিশুৰ বিকাশ বাধাগ্ৰস্ত হয়, জন্মৰ সময়ত ওজন কম হোৱাৰ পিছতে নৱজাতকৰ মৃত্যু হয়। গৰ্ভস্থ শিশু লহপহকৈ বাঢ়িব নোৱাৰে আৰু গৰ্ভাৱস্থাতে পুষ্টিহীন হৈ জন্ম লয়।’
কম বয়সত বিবাহ পাশত আৱদ্ধ হোৱা আৰু কম বয়সতে গৰ্ভধাৰণ শিশুৰ স্বাস্থ্যৰ প্ৰতি বিপজ্জনক হৈ পৰে। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (ৰা.প.স্বা.স.-৪)য়ে প্ৰকাশ কৰা তথ্য মতে মাত্ৰ ২১ শতাংশ ছোৱালী নীলগিৰিৰ গ্ৰামাঞ্চলত ১৮ বছৰৰ আগতে বিয়া হয়। কিন্তু ইয়াৰ স্বাস্থ্যকৰ্মীসকলৰ মতে তেওঁলোকে যাৰ বাবে কাম কৰি আছে, সেই আদিবাসী ছোৱালীবোৰৰ ১৫ বছৰ বা তাৰ আগতে অৰ্থাৎ পুষ্পিতাৰ হোৱাৰ পিছতে বিবাশপাশত আৱদ্ধ হয়। ‘বিবাহ আৰু প্ৰথম সন্তানৰ মাতৃ হোৱা, দুয়োটাকে আমি বিলম্ব কৰাৰ ওপৰত গুৰুত্ব দিব লাগিব। কোনো এজনী ছোৱালী যেতিয়া ১৫ বা ১৬ বছৰ বয়সত গৰ্ভৱতী হয়, অথচ তেতিয়া সম্পূৰ্ণ প্ৰাপ্তবয়স্কৰূপে নিজৰ বিকাশ হৈ নুঠে, তেনে ক্ষেত্ৰত তেওঁলোকৰ শোচনীয় পৰিপুষ্টিয়ে নৱজাতকৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়,’ ডা. শৈলজাই কয়।
জনজাতীয় মহিলাসকলৰ বিভিন্ন সমস্যা সম্পৰ্কে অগাধ ধাৰণা থকা বুলি শৈল্যা চেচি (ডাঙৰ বাইদেউ)ৰ কথা ৰোগী আৰু সহকৰ্মী উভয়ে কয়। ‘পুষ্টিকৰ খাদ্যৰ অভাৱে পৰিপুষ্টি, গৰ্ভধাৰণ আৰু দুগ্ধপান কৰাৰ ওপৰত প্ৰভাৱ পেলায়। দিন মজুৰীৰ কাম নোহোৱা হ’ল, পৰিয়ালবোৰৰ হাতলৈ ধন নহা হ’ল। আমি এনে মানুহৰ কথা জানো য’ত মানুহে ৰেচনৰ ৩৫ কিলোগ্ৰাম চাউল লৈ পিচ মুহূৰ্ততে কাষৰ দোকানত বিক্ৰী কৰি সেই টকাৰে মদ খায়। তেনে পৰিয়ালৰ সন্তানৰ পুষ্টিহীনতা কিয় নহ’ব?’ তেওঁ কয়।
‘আমি যেতিয়া যিকোনো বিষয় সম্পৰ্কে ৰাজহুৱা আলোচনা কৰো, সকলো আলোচনাৰ অন্ত পৰে সুৰাপানৰ সমস্যাক লৈঃ পৰিয়ালবোৰৰ মাজত সুৰাসক্তি বৃদ্ধি,’ অশ্বিনীৰ মানসিক স্বাস্থ্য পৰামৰ্শদাত্ৰী ৫৩ বছৰীয়া বীণা সুনীলে কয়।
এইটো এলেকাৰ বিশেষকৈ কাট্টুনায়াকান আৰু পানিয়ান আদিবাসী সম্প্ৰদায়ক ‘নিৰ্দিষ্টভাৱে অসুৰক্ষিত জনজাতীয় গোট’ ৰূপে চিহ্নিত কৰা হৈছে। তেওঁলোকৰ ৯০ শতাংশৰো অধিক লোক খেতি পথাৰ বা বাগিছাত দিন মজুৰ হিচাপে কাম কৰে বুলি উধাগামণ্ডলম জনজাতি গৱেষণা কেন্দ্ৰৰ এক সমীক্ষাৰ টোকাত উল্লেখ কৰা হৈছে। ইৰুলাৰ, বেট্টা কুৰুম্বা আৰু মুল্লু আদি এই অঞ্চলৰ আন সম্প্ৰদায়ক অনুসূচিত জাতিৰ তালিকাভুক্ত কৰা হৈছে।
‘১৯৮০ত আমি যেতিয়া ইয়ালৈ প্ৰথমতে আহিছিলো, বন্ধা শ্ৰমিক ব্যৱস্থা (বিলোপসাধন) আইন, ১৯৭৬ স্বত্তেও পানিয়ালসকলে ধান খেতি, বাৰ্লি, পাচলি, কলৰ খেতি, জালুকৰ খেতি আৰু চাগু খেতিত বন্ধা শ্ৰমিক হিচাপে কাম কৰি আছিল,’ মাৰি থেকাইকাৰাই কয়। ‘গভীৰ অৰণ্যৰ মাজত থকা ক্ষুদ্ৰ বাগিছাবোৰত তেওঁলোকে কাম কৰিছিল, কিন্তু তেওঁলোকে কাম কৰি থকা মাটিত তেওঁলোকৰ অধিকাৰ সম্পৰ্কে আদিবাসীসকল সজাগ নাছিল,’ তেওঁ কয়।
আদিবাসীসকলে ভূগি থকা সমস্যাবোৰৰ সমাধান কৰাৰ উদ্দেশ্যে ১৯৮৫ত মাৰী আৰু তেওঁৰ স্বামী ষ্টেন ঠেকাইকাৰাই একৰ্ড (সমূহীয়া সংগঠন, পুনৰ্বাসন আৰু উন্নয়নৰ কাৰ্যব্যৱস্থা)ৰ প্ৰতিষ্ঠা কৰে। সময়ৰ লগে লগে দান-বৰঙনিৰ দ্বাৰা চলোৱা অনাচৰকাৰী সংস্থাটোৱে সাংগঠনিক বিস্তাৰ লাভ কৰিবলৈ ধৰে, সংগম (পৰিষদ)বোৰ গঠন কৰে, এই সংগমবোৰক আদিবাসীৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত সংযুক্ত সংগঠন ‘আদিবাসী মুন্নেট্ৰা সংগম’ৰ অধীনলৈ অনা হয়। সংগমে জনজাতীয় লোকৰ মাটিৰ অধিকাৰৰ দাবী তুলিলে, চাহখেতি আৰম্ভ কৰিলে আৰু আদিবাসী ল’ৰা-ছোৱালীৰ বাবে এখন বিদ্যালয় স্থাপন কৰিলে। একৰ্ডে নীলগিৰি (অশ্বিনী)ত স্বাস্থ্য কল্যাণৰ সহযোগিতা আৰম্ভ কৰিলে আৰু ১৯৯৮ত গুডালুৰ আদিবাসী হাস্পতাল প্ৰতিষ্ঠা কৰিলে। এই হাস্পতালৰখনত ৬ জন চিকিৎসক, এটা পৰীক্ষাগাৰ, এক্সৰে কোঠা, ফাৰ্মাচী আৰু ব্লাড বেংক আছে।
‘৮০ দশক পৰ্যন্ত চৰকাৰী চিকিৎসালয়ত আদিবাসীক দ্বিতীয় শ্ৰেণীৰ নাগৰিকসুলভ আচৰণ কৰা হৈছিল আৰু তেওঁলোক আঁতৰি আহিবলগা হৈছিল। ইয়াত জনস্বাস্থ্যৰ পৰিস্থিতি ভয়াৱহ, গৰ্ভধাৰণৰ সময়ত নিয়মীয়াকৈ মহিলাৰ মৃত্যু ঘটি আহিছে। তদুপৰি আদিবাসী অধ্যুষিত এই ঠাইবোৰত ডায়েৰিয়াৰ প্ৰকোপ যথেষ্ট বেছি আৰু শিশুৰ মৃত্যু নিত্য-নৈমিত্তিক ঘটনা,’ ডা. ৰূপা দেৱদাসনে কয়। তেওঁ আৰু তেওঁৰ স্বামী ডা. এন দেৱদাসনে আদিবাসী অধ্যুষিত অঞ্চলৰ প্ৰতিঘৰ মানুহলৈ চিকিৎসক যোৱাৰ প্ৰথা আৰম্ভ কৰে। ‘ৰুগীয়া বা গৰ্ভৱতী মহিলাৰ ঘৰত সোমাবলৈ আমাক অনুমতি দিয়া নাছিল। আমাক বিশ্বাসত লোৱাৰ বাবে আদিবাসীসকলৰ সৈতে বহুদিন কথা পাতিবলগীয়া হৈছিল আৰু প্ৰচুৰ আশ্বাস দিবলগীয়া হৈছিল।’
অশ্বিনীৰ প্ৰাণস্বৰূপ হ’ল সমূহীয়া ঔষধ, ইয়াৰ ১৭জন স্বাস্থ্যকৰ্মী আৰু ৩১২ জন স্বাস্থ্য স্বেচ্ছাসেৱী আছে, তেওঁলোক সকলো আদিবাসী, তেওঁলোকে গুডালুৰ আৰু পান্থালুৰ অঞ্চলত ঘুৰে, প্ৰতিঘৰ মানুহৰ তালৈ যায় আৰু স্বাস্থ্যৰক্ষা তথা পৰিপুষ্টি সম্পৰ্কে দিহা-পৰামৰ্শ দিয়ে।
অশ্বিনীত প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যকৰ্মীসকলৰ মুল্লু কুৰুম্বা সম্প্ৰদায়ৰ প্ৰথমজন স্বাস্থ্যকৰ্মী টি. আৰ. জানুৰ এতিয়া বয়স প্ৰায় ৫০ বছৰ। পান্থালুৰ তালুকৰ চেৰংগুড়ে পঞ্চায়তৰ সৰু গাওঁ, আয়ানকোলিত এইগৰাকী জ্যেষ্ঠ স্বাস্থ্যকৰ্মীৰ এটা কাৰ্যালয় আছে। এই কাৰ্যালয়তে তেওঁ আদিবাসী পৰিয়ালসকলৰ বহুমূত্ৰ ৰোগ, উচ্চ ৰক্তচাপ আৰু যক্ষ্মা ৰোগৰ পৰীক্ষা কৰে তথা লগত প্ৰাথমিক চিকিৎসা প্ৰদান তথা সাধাৰণ স্বাস্থ্যৰক্ষা আৰু পৰিপুষ্টি সম্পৰ্কে পৰামৰ্শ দিয়ে। তেওঁ লগতে গৰ্ভধাৰণ কৰা আৰু মাতৃদুগ্ধ পান কৰোৱা মহিলাসকলৰো খবৰ ৰাখে, ‘গৰ্ভধাৰণ কৰা কেইবামাহৰ পিছত মহিলাসকলে প্ৰজনন সম্পৰ্কীয় পৰামৰ্শ বিচাৰি আমাৰ ওচৰলৈ আহে। গৰ্ভধাৰণৰ প্ৰথম তিনি মাহতে জৰায়ুৰ বিকাশৰ বাধা ৰোধ কৰিবলৈ ফলেট পিল দিয়া হয়, নহ’লে সেই পিলে কাম নকৰে,’ তেওঁ কয়।
কম বয়সীয়া সুমাৰ দৰে মাতৃক প্ৰসৱোত্তৰ জটিলতাৰ পৰা ৰক্ষা কৰিব পৰা নগ’ল। চিকিৎসালয়ত আমি লগ পোৱাৰ কেইদিনমানৰ পিছতে তেওঁৰ প্ৰসৱোত্তৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল। সপৰিয়ালে তেওঁ ঘৰলৈ যাবলৈ ওলাল। নাৰ্ছ আৰু চিকিৎসকে তেওঁক পুষ্টিসাধন সম্পৰ্কে বুজালে। ঘৰলৈ যোৱাৰ ভাড়া আৰু এসপ্তাহৰ খোৱাৰ খৰছো তেওঁক দিয়া হ’ল। ‘এইবাৰ হয়তো টকাখিনি আমি কোৱা মতে কাম লগাব,’ তেওঁলোক যোৱাৰ সময়ত জি. জি. ইলামানাই ক’লে।
প্ৰচ্ছদ সচিত্ৰকৰণঃ প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।
সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰিয়ে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।
এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখি এই ইমেইল ঠিকনালৈ লিখক- [email protected]
অনুবাদঃ পংকজ দাস