১৬ জুনৰ নিশা অসমৰ দৰং জিলাৰ নগাঁও গাঁওখনৰ আন লোকসকলৰ দৰে লৱ দাসেও ননৈ নৈৰ পাৰত বালিৰ বস্তা জাপি দিয়াত ভীষণভাৱে ব্যস্ত হৈ পৰিছিল। গাঁওখনৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ এই উপনৈখনৰ মথাউৰি যিকোনো মুহূৰ্ততে ভাঙিব পাৰে বুলি ৪৮ ঘণ্টা পূৰ্বেই তেওঁলোকক সকীয়াই দিয়া হৈছিল। ভয়াৱহ অঘটনৰ সম্ভাৱনালৈ চাই ননৈৰ পাৰৰ গাঁওসমূহৰ ৰাইজক এনেদৰে বালিৰ বস্তা যোগান ধৰিছিল জিলা প্ৰশাসনে।
'নিশা প্ৰায় ১ বজাত মথাউৰি ভাঙিছিল। এঠাইতেই নহয়, কেবাঠাইতো মথাউৰি উটুৱাই নিয়াত আমি একপ্ৰকাৰ অসহায় হৈ পৰিছিলো।’-সেইদিনা নিশাৰ ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰি এইদৰে কয় ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত গাঁওখনৰ হীৰা চুবুৰীৰ বাসিন্দা লৱই। দক্ষিণ-পশ্চিম মৌচুমীৰ প্ৰভাৱত একেৰাহে প্ৰায় ৫ দিন ধৰি নেৰানেপেৰা বৰষুণ হৈ থকাত ৰাজ্যখনৰ নৈসমূহ ওফন্দি উঠিছিল। বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰাৰ লগতে অসম আৰু মেঘালয়ত ১৬-১৮ জুনৰ সময়ছোৱাত অতিবৃষ্টি (এদিনত ২৪৪.৫ মিলিমিটাৰ বা তাতকৈও অধিক)ৰ সম্ভাৱনা ব্যক্ত কৰিছিল।
ধাৰাসাৰ বৰষুণৰ ফলত ফেনে-ফোটোকাৰে উফন্দি উঠা ননৈয়ে ১৬ জুনৰ নিশা প্ৰায় ১০.৩০ বজাত নগাঁও গাঁওখনৰ পৰা ১ কিলোমিটাৰ দূৰৰ খাছদিপীলা গাঁৱৰ কলিতাপাৰা চুবুৰীতো মথাউৰি উটুৱাই নিছিল। ননৈৰ এই তাণ্ডৱত চুবুৰীটোৰ এগৰাকী বাসিন্দা জয়মতী কলিতাৰ একোৱেই বাকী নাথাকিল। 'এপাত চামুছো বিচাৰি নাপালো, সব উটি গ’ল’-এই মন্তব্য টিনৰ চালি আৰু তিৰ্পাল দিয়া অস্থায়ী আশ্ৰয়স্থলৰ বাহিৰত বেজাৰ মনেৰে বহি থকা দুৰ্ভগীয়া জয়মতীৰ। চকুলো মচি জয়মতীয়ে আৰু কয়, 'ননৈৰ ঢলে খেতি-বাতি, গোহালি সোপাকেই উটুৱাই দিলে, একোৱেই নৰ’ল।’
অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ বান সম্পৰ্কীয় দৈনিক প্ৰতিবেদন মতে বানৰ ফলত ১৬ জুনত ৰাজ্যখনৰ ২৮ খন জিলাৰ অতিকমেও ১৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত ৩ খনৰ জিলাৰ অন্যতম দৰং জিলাত সেইদিনা নিশা হোৱা বানত আক্ৰান্ত হয় প্ৰায় ৩ লাখ লোক। ননৈয়ে তাণ্ডৱ চলোৱা দিনটোতেই ৰাজ্যখনৰ আন ৬ খন নৈ বেকী, মানাহ, পাগলাদিয়া, পুঠিমাৰী, জীয়াভৰলী আৰু ব্ৰহ্মপুত্ৰ নদীয়ো বিপদসীমাৰ ওপৰেৰে বৈ আছিল।
'আমি ২০০২, ২০০৪ আৰু ২০১৪ চনতো বানপানী দেখিছো, কিন্তু এইবাৰৰ দৰে বানপানী জীৱনতেই দেখা নাছিলো।’-এইদৰে কয় আন এজন বানাক্ৰান্ত টংকেশ্বৰ ডেকাই। ঘৰৰে পোহনীয়া মেকুৰীয়ে কামুৰি দিয়াত ১৮ জুনত এআঁঠু পানী ফালি দুই কিলোমিটাৰ দূৰৈত থকা হাতীমাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ খোজকাঢ়ি আহি ৰেবিজ ভেকচিন ল’বলগীয়াত পৰে বানে সৰ্বস্বান্ত কৰা টংকেশ্বৰে।
'মেকুৰীজনী দুদিন ধৰি ভোকত আছিল।’- টংকেশ্বৰৰ মন্তব্য। 'হয়তো পানী দেখি মেকুৰীজনীয়ে ভয় খাইছিল। দুদিন ধৰি গৃহস্থই তাইক একো এটা খাবলৈ দিব পৰা নাছিল। নিজে বিচাৰি কিবা খাবলৈকো গাঁওখনৰ ঘৰ, পাকঘৰ সকলো পানীৰ তলত বুৰ গৈছিল। সেয়ে মই ওচৰ পোৱাত খঙতে মোকেই কামুৰি দিছিল কিজানি।’-টংকেশ্বৰে কয়। ২৩ জুনলৈকে ইতিমধ্যে টংকেই ৫ পালি ভেকচিনৰ দুপালি লৈছে।
এতিয়া পানী কমিছে যদিও পৰুৱা আৰু এন্দুৰে মথাউৰি একেবাৰে বিধ্বস্ত কৰি তুলিছে। 'দহ বছৰ ধৰি মথাউৰিসমূহ মেৰামতি কৰা নাই। ধাননি পথাৰবোৰত এতিয়া ২-৩ ফুট পৰ্যন্ত বোকা। ইয়াত বেছিভাগ লোকেই খেতি-বাতি আৰু দিনহাজিৰা কৰে। এনে অৱস্থাত এতিয়া এই মানুহবোৰৰ কি গতি হ’ব?’- চিন্তিত টংকেশ্বৰৰ প্ৰশ্ন।
আন এজন বানাক্ৰান্ত লক্ষ্যপতিৰ মনতো একেটাই প্ৰশ্ন। লক্ষ্যৰ ৩ বিঘা খেতিৰ মাটিত এতিয়া কেবল বোকা আৰু বোকা। 'মোৰ কঠিয়া সিঁচা গোটেই মাটিখিনত বোকা উঠিছে। এইবাৰ কঠিয়া সিঁচাটোৱেই মস্কিল হ’ব।’- চিন্তিত লক্ষ্যপতিৰ মন্তব্য।
লক্ষ্যপতিৰ কন্যা আৰু পুত্ৰ নগাঁও গাঁওখনৰ পৰা ১৫ কিলোমিটাৰ দূৰৈৰ ছিপাঝাৰ মহাবিদ্যালয়ত অধ্যায়নৰত। 'ল’ৰা-ছোৱালীহালক কলেজলৈ পঠিয়াবলৈ সদায় ২০০ টকাকৈ লাগে। এতিয়া সেয়া কেনেকৈ মিলাম ভাবিয়েই পোৱা নাই। এতিয়া বাৰু যেন-তেন পানী কমিল, কিন্তু আকৌ যদি পানী হয় তেতিয়া কি কৰিম? আমি একেবাৰেই শেষ হৈ গ’লো, একেবাৰেই শেষ হৈ পৰিলো।’- ভগ্ন মথাউৰি আকৌ চৰকাৰে মেৰামতি কৰিয়ো এইদৰে কয় লক্ষ্যপতিয়ে।
'গোটেই কোমোৰাৰ গছবোৰ মৰিল, অমিতাৰ গছবোৰ উঘালি পৰিল। আমি আগতে কোমোৰা আৰু অমিতা গাঁৱৰ মানুহক ভগাই দিও, এইবাৰ নাই যি নাই একোৱেই নাই।’-দুখমনেৰে এইদৰে কয় অঞ্চলটোৰ আন এগৰাকী বানাক্ৰান্ত সুমিত্ৰা দাসে। সুমিত্ৰাৰ ঘৰৰ মাছৰ পুখুৰীটোও বানত সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰে। 'পুখুৰীত আমি এইবাৰ ২৫০০ টকাৰ মাছৰ পোনা মেলিছিলো। সব বানপানীত ওলাই গ’ল।’- পানীত কেবাদিনো থাকি পঁচিবলৈ ধৰা পিয়াজ একাষৰীয়া কৰি থকাৰ মাজতেই এইদৰে আক্ষেপ কৰে সুমিত্ৰাৰ স্বামী ললিত চন্দ্ৰই।
নিজাকৈ খেতিৰ মাটি নথকা সুমিত্ৰা আৰু ললিত চন্দ্ৰই মাটি আধিলৈ লৈ খেতি কৰি আহিছে। নিজে খাবৰ বাবেই খেতি-বাতি কৰা ললিতে ওচৰৰ ফাৰ্মত মাজে-সময়ে দিন হাজিৰাও কৰে। 'এতিয়া এই মাটিত আকৌ খেতি কৰিব পৰা হ’বলৈ আৰু ১০ বছৰমান লাগিব। আমি বৰ সমস্যাত পৰিছো। আমাৰ ৮ টাকৈ ছাগলী আৰু ২৬ টা হাঁহ আছে। এতিয়া হাঁহ-ছাগলীক খাবলৈ দিবলৈকো একো নাইকিয়া হৈছে।’-সুমিত্ৰাই কয়।
আধি মাটিত কৰা সামান্য খেতিৰ লগতে এই পৰিয়ালটোৱে তেওঁলোকৰ পুত্ৰ লৱকুশ দাসে নগাঁৱৰ পৰা ৭-৮ কিলোমিটাৰ দূৰৈৰ নামখোলা আৰু লোথাপাৰাৰ বজাৰত আলু-পিয়াজ, পাচলি আদি বিক্ৰী কৰি পোৱা ধনৰ ওপৰতেই নিৰ্ভৰ কৰি কোনোমতে চলি আহিছে।
এই দুৰ্দশাৰ মাজতে ২৭ জুনত কন্যা অংকিতাই সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাত সুমিত্ৰা আৰু ললিতৰ পৰিয়ালটোত আনন্দ উপচি পৰে। উচ্চশিক্ষাৰ প্ৰতি আগ্ৰহী অংকিতাৰ আৰু পঢ়িবলৈ মন যদিও বৰ্তমান অৱস্থাত তাইক পঢ়ুৱাব পাৰিবনে নাই সেই লৈ এতিয়া চিন্তিত হৈ পৰিছে মাক সুমিত্ৰা।
অংকিতাৰ দৰে ১৮ বছৰীয়া জুবলী ডেকাৰো আৰু পঢ়িবলৈ মন। নগাঁও গাঁৱৰ ঘৰৰ পৰা ৩ কিলোমিটাৰ দূৰত্বৰ দিপীলা চ’কস্থিত এনআৰডিএছ জুনিয়ৰ কলেজৰ ছাত্ৰী জুবলীয়ে এইবাৰৰ হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাত লাভ কৰিছে ৭৫ শতাংশ নম্বৰ। কিন্তু ননৈৰ বানে পৰিয়ালটোৰ শেষ সম্বলখিনিও ধাহি-মুহি লৈ যোৱাত এতিয়া নিজৰ শৈক্ষিক ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ পৰিছে
'শিবিৰত থাকিবলৈ মোৰ একেবাৰেই মন নাই। সেয়ে আজি ইয়ালৈ গুচি আহিছো।’-বানে ধ্বংসলীলা চলোৱা গাঁৱৰ ঘৰৰ খিৰিকিমুখত থিয় হৈ এই প্ৰতিবেদকৰ আগত মন্তব্য কৰে জুবলীয়ে। জুবলীৰ ৪ জনীয়া পৰিয়ালৰ বাকী সদস্যসকল জিলা প্ৰশাসনে স্থাপন কৰা আশ্ৰয় শিবিৰতেই আছে। 'সেইদিনা নিশা আমি ক’লৈ যাম, কি কৰিম একো উৱাদিহ পোৱা নাছিলো।’-সকলো ডুব যোৱাৰ পূৰ্বেই কোনোমতে কলেজৰ বেগটোত প্ৰয়োজনীয় নথি-পত্ৰখিনি ভৰোৱা মুহূৰ্তটোৰ কথা সুঁৱৰি এইদৰে কয় জুবলীয়ে।
আন এজন বানাক্ৰান্ত ২৩ বছৰীয়া দীপাংকৰ দাসে ১০ দিন ধৰি একেৰাহে বৰষুণ দি থকাত চাহ দোকানখন বন্ধ ৰাখিবলৈ বাধ্য হৈ পৰিছিল। গাঁৱখনতে থকা চাহদোকানখনৰ পৰা প্ৰতিদিনে ৩০০ টকাকৈ উপাৰ্জন কৰিছিল যদিও বানৰ ধ্বংসলীলাৰ পিছত সেয়া সম্ভৱ হৈ উঠা নাই। ২৩ জুনত এই প্ৰতিবেদকে দোকানখনৰ সন্মুখ পাওতে কোনোমতে চিগাৰেট কিনিবলৈ অহা এজন গ্ৰাহকৰ মুখ দেখাৰ সৌভাগ্য হৈছিল দুৰ্ভগীয়া দীপাংকৰৰ।
দীপাংকৰ পৰিয়ালৰ খেতি কৰিবলৈ মাটি নাই। দোকানখনৰ পৰা হোৱা উপাৰ্জন আৰু ৪৯ বছৰীয়া দেউতাক সৎৰাম দাসে দিন হাজিৰা কৰি পোৱা কেইটামান টকাৰ ওপৰতেই পৰিয়ালটো নিৰ্ভৰশীল। 'ঘৰত এতিয়া থাকিব পৰাৰ কোনো পৰিৱেশেই নাই। ঘৰৰ মজিয়াত এআঁঠু বোকা।’-দীপাংকৰে কয়। দীপাংকৰে জনোৱামতে আধাপকী ঘৰটো মেৰামতি কৰিবলৈ পৰিয়ালটোক বৰ্তমান কমেও ১ লাখ টকাৰ প্ৰয়োজন হ’ব।
'চৰকাৰে ইচ্ছা কৰা হ’লে আগতীয়াকৈ ব্যৱস্থা লৈ বানপানী ৰোধ কৰিব পাৰিলেহেতেন। কিন্তু সময় থাকোতে একোৱেই নকৰিলে। একেবাৰে মূৰামূৰি সময়ত যেতিয়া মথাউৰি ভাঙো ভাঙো হ’ল তেতিয়াহে চৰকাৰে সাৰ পালে। এইবোৰ কাম খৰালিতেই কৰা হ’লে এনে প্ৰলয় নহলহেতেন।’- ক’ভিড লকডাউনৰ সময়ত গুৱাহাটীৰ এটি জনপ্ৰিয় বেকাৰীত কৰি থকা কাম এৰি ঘৰমুৱা হোৱা দীপাংকৰৰ ক্ষোভভৰা মন্তব্য।
অসম দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰষুণৰ বাবে ২৮ খন জিলাৰ ১৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে
বানৰ এই সংহাৰৰ মাজতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এজন কৰ্মচাৰী দিলীপ কুমাৰ ডেকাই ক্ষতিগ্ৰস্ত গাঁওখনৰ কোন কোন স্থানত বিভাগটোৱে দমকল বহুৱাব তাৰ তালিকা এখন প্ৰদৰ্শন কৰে। বানৰ সময়ত যাতে খোৱাপানীৰ অভাৱ নহয় তাৰ বাবে বানাক্ৰান্ত অঞ্চলসমূহত ওখ স্থানত দমকল বহুৱাৰো ব্যৱস্থা কৰাৰ কথা সদৰী কৰে কৰ্মচাৰীজনে।
দমকল বহুওৱাত কিয় বিভাগটোৱে ইমান পলম কৰিছে বুলি সোধা প্ৰশ্নৰ উত্তৰত কৰ্মচাৰীজনে কয় যে তেওঁলোকে কেৱল ওপৰমহলৰ নিৰ্দেশহে পালন কৰি গৈছে। জনস্বাস্থ্য বিভাগৰ কৰ্মচাৰী দিলীপৰ জিলাখনৰ ব্যাসপাৰা গাঁৱত থকা ঘৰটোও এইবাৰৰ বানত জলমগ্ন হৈছে। উল্লেখ্য যে, জিলাখনত এই মাহৰ আৰম্ভণিৰে পৰা ২২ জুনলৈকে পূৰ্বৰ তুলনাত ৭৯ শতাংশ অধিক বৃষ্টিপাত হোৱা পৰিলক্ষিত হৈছে।
'কালি (২২ জুন) প্ৰশাসনে পানীৰ বটল বিতৰণ কৰিছিল, কিন্তু আজি আমাৰ খাবলৈ এটুপি পানী নাই।’-এইদৰে কয় জয়মতী নামৰ স্থানীয় এগৰাকী বানাক্ৰান্ত মহিলাই। সেই সময়ত জয়মতীৰ স্বামী আৰু পুত্ৰ দুয়ো বানৰ সময়ত কুকুৰে কামোৰাত স্থানীয় চিকিৎসালয়লৈ প্ৰতিষেধক বেজী ল’বলৈ গৈছিল।
যেতিয়া আমি বান বিধ্বস্ত দৰঙৰ নগাঁও গাঁওখনৰ পৰা কৰ্তব্য সামৰি উভতিবলৈ লৈছিলো তেতিয়া ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিছিল বানত সৰ্বস্বান্ত ললিত চন্দ্ৰ আৰু সুমিত্ৰা। আমাৰ ওচৰলৈ আগবাঢ়ি আহি আক্ষেপৰ সুৰত ললিতে কৈছিল, 'এইকেইদিন মানুহবোৰ আহিয়েই আছে। আমাক ৰিলিফৰ টোপোলা দিছে আৰু গুচি গৈছে। কিন্তু আমাৰ অভাৱ-অভিযোগৰ কথা, আমাৰ দুখৰ কথা শুনিবলৈ, আমাৰ সৈতে এষাৰ কথা পাতিবলৈ কাৰোৱেই আহৰি নাই।’
অনুবাদ : ধ্ৰুৱজ্যোতি ধনন্তৰি