তাঁতশালখন বিক্ৰী নকৰো, মোৰ গোটেই জীৱনটো এইখনৰ সৈতে পাৰ হৈছে, ঘৰৰ সোঁমাজত থকা সাত ফুট ওখ তাঁতশালখনলৈ চাই বসন্ত তাম্বড়েয়ে কয়। “যিকোনো কাপোৰেই তাত আপুনি বয় উলিয়াব পাৰে,” তেওঁ গৌৰৱৰ ভাৱত কয়।

ছেগুন কাঠৰ এই তাঁতশালখনতেই তাম্বড়েয়ে দুসপ্তাহৰ মুৰে মুৰে ৬৬ মিটাৰ কাপোৰ বয় উলিয়ায় আৰু মাহে গঢ়ে ১৩০ মিটাৰ সূতা ব্যৱহাৰ কৰে যিবোৰৰ পৰা উন্নত মানৰ চোলা চিলোৱা হয়। তেওঁ ৬০ বছৰৰো অধিক কাল এই কাম কৰি আহিছে আৰু প্ৰায় ১ লাখৰো অধিক মিটাৰ কাপোৰ বয় উলিয়াইছে।

এই এক লাখ মিটাৰৰ কাম আৰম্ভ হৈছিল এখন নৌৱাৰি বা ন য়াৰ্ডৰ এখন শাড়ীৰে। তেতিয়া তেওঁৰ বয়স আছিল ১৮ বছৰ, এতিয়া ৮২, ৰেণ্ডাল গাঁৱৰে কাৰখানা এটাত তেওঁ নশিকাৰু হিচাপে তেওঁ তাঁতশালত প্ৰথমবাৰৰ বাবে বহিছিল। “এমাহ আমি কাৰখানাত বিনা পাৰিশ্ৰমিকত কাম কৰি দিব লাগিছিল,” তেওঁ মনত পেলায়।

সোনকালেই তাম্বড়েয়ে চাৰিঘণ্টাতে এখন নৌৱাৰি (আঠ মিটাৰতকৈ অকণমান বেছি) বয় উলিওৱা কৰিলে আৰু প্ৰতিখন শাড়ীৰ বাবদ ১.২৫ টকাকৈ পোৱা হ’ল। “আমি কিমানখন শাড়ী বয় উলিয়াব পাৰো, সেয়া ফেৰ মাৰিছিলো। একেবাৰে বেছি বুলিবলৈ ২১ খন শাড়ী এদিনত বয় উলিয়াইছিলো,” তেওঁ মনত পেলায়। ১৯৬০ আৰু ৭০ৰ দশকত, তেওঁ আৰু তেওঁ সহকৰ্মীসকলে এনে কামৰ বাবে ২ টকা বোনাচ পাইছিল।

কাৰখানাত নবিচ হিচাপে কাম কৰাটো তেওঁৰ বাবে জৰুৰী আছিল, কিয়নো বসন্তৰ পৰিয়ালত শিপিনী নাছিল। পৰিয়ালটো ধনগাৰ সম্প্ৰদায়ৰ, যাযাবৰ জনগোষ্ঠী হিচাপে লিপিবদ্ধ। বসন্তৰ পিতৃ শংকৰ তাম্বড়েয়ে ৰাজমিস্ত্ৰী হিচাপে কাম কৰিছিল আৰু তেওঁৰ মাক সোণবাই আছিল এগৰাকী কৃষিশ্ৰমিক আৰু গৃহিণী। “ঘৰৰ ওপৰৰ পৰা পৰি যাম বুলি মই ভয় খাইছিলো, সেয়ে দেউতাই মোক মিস্ত্ৰী কামত নলগালে। সেয়ে মই আন কিবা কৰাৰ সিদ্ধান্ত ল’লো।”

Vasant Tambe bought this loom from a weaver in Rendal for around Rs. 1,000
PHOTO • Sanket Jain
The warp passes through 3,500 wire heddles of the handloom. It helps in separating the warp threads and helps the steady passage of the weft thread
PHOTO • Sanket Jain

বসন্ত তাম্বড়েয়ে ১৯৭৫ত এইখন তাঁতশাল ১,০০০ টকাত আনিছিল। সোঁফালে: এই ৰাঁচখনৰ (ৰাহ বুলিও কয়) ৩,৫০০ তাঁৰৰ মাজেৰে সূতাবোৰ পাৰ হৈ যায়, এই ৰাঁচখনেই সূতাবোৰ পৃথক কৰি ৰাখে

তাম্বড়েয়ে ২য় মানলৈ পঢ়িছিল, তাতকৈ বেছি ঘৰৰ মানুহে পঢ়ুৱাব নোৱাৰিলে। তেনেকৈয়ে মনত অসন্তুষ্টিৰ ভাৱ লৈ দেউতাকৰ কামত সহায় কৰি দিছিলগৈ যদিও পিছলৈ তেওঁ সোণাৰী এজনৰ তাত সহায় হিচাপে কাম কৰিবলৈ ল’লে। তেনেকৈয়ে এদিন গাঁৱৰ শিপিনীৰ ঘৰৰ তাঁতশালৰ খট্ খট্ শব্দ শুনি ডেকা বসন্তৰ মনটো কাৰখানালৈ গ’ল।

১৯৬০লৈ শাড়ীৰ দাম প্ৰতিখনত ২.৫ টকালৈ বাঢ়িলত, বসন্তই কাম পোৱা দিনবোৰত মাহে ৭৫ টকাকৈ উপাৰ্জন কৰিবলৈ ধৰিলে। তাৰ লগত অলপ পইচা যোগ দিবলৈ বুলি তেওঁ ১৯৫০ৰ দশকত কৃষিশ্ৰমিক হিচাপেও কাম কৰিছিল, তেতিয়া এদিনত ১০ ঘণ্টাৰ কামৰ বিনিময়ত পাইছিল চাৰি অনা বা ২৫ পইচা। “আমি ২ টকাত এক কেজি চাউল কিনিছিলো, সেয়া ১৯৬০ৰ কথা,” তেওঁ মনত পেলায় আৰু কয় যে তেতিয়া ৰহৰ দাইলৰ দাম আছিল প্ৰতিকেজিত ৬২ পইচা।

কাৰখানাত কুৰি বছৰ কাম কৰাৰ পিছত, ১৯৭৫ত তেতিয়াৰ ৩৮ বছৰ বয়সীয়া বসন্তই ক’লহাপুৰ জিলাৰ হাটকানাংলে তালুকৰ নিজ গাওঁ ৰেণ্ডালত তেওঁ কাম কৰা কাৰখানাৰ মালিকৰ পৰা ১,০০০ টকা দৰত দুখন ব্যৱহৃত তাঁতশাল কিনি আনিলে। তেওঁ নিজা তাঁতশালত বয় উলিওৱা কাপোৰ এতিয়া তেওঁ স্থানীয় বস্ত্ৰ সমবায়লৈ ৩ টকাত দৰত বিক্ৰী কৰিব পৰা হ’ল।

মজুৰিৰ কথা কৈ তাম্বড়েয়ে মনত পেলায় যে ১৯৬৪ত তাঁতশালৰ গৰাকীৰ ওচৰত কাম কৰা শিপিনীসকলে এবাৰ প্ৰতিবাদ কৰিছিল। তেওঁ তেতিয়া হাথমাঘ কামগাৰ ইউনিয়নৰ ৰেণ্ডালৰ সভাপতি আছিল। “আমি প্ৰতিখন শাড়ীত আঢ়ৈ টকাতকৈ অলপ বেছি পইচা বিচাৰিছিলো,” তেওঁ কয়। তিনিমাহৰ প্ৰতিবাদৰ শেষত তাঁতশালৰ মালিকবোৰে মানি ল’লে। “আমাৰ পাৰিশ্ৰমিক প্ৰতিখন শাড়ীত ৫ পইচাকৈ বাঢ়িল,” তাম্বড়েয়ে কয়। বয় উলিওৱা শাড়ীবোৰ ভাঁজ কৰি জপাৰ দায়িত্বও আন এটা গোটক দিয়া হ’ল, যিটো আগতে শিপিনীয়ে নিজেই কৰিছিল। “শ্ৰমিকবোৰক যেতিয়া তিনিমাহ দৰমহা দিয়া হোৱা নাছিল, খেতিয়কসকলে নিজৰ খেতিৰ উৎপাদিত সামগ্ৰী বিনামূল্যে দি তেওঁলোকক চলি থকাত সহায় কৰিছিল।”

PHOTO • Sanket Jain

ওপৰত বাওঁফালে: বসন্ত তাম্বড়েয়ে মেগনিফায়িং গ্লাচ লৈ প্ৰতি ইঞ্চিত কিমান সূতা আছে সেয়া চাইছে। ওপৰত সোঁফালে: তাঁতশালৰ ৰাঁচৰ ৩,৫০০ তাঁৰৰ ক’ৰ্ড, তাৰে মাজেৰে সূতাবোৰ পৃথক হৈ পাৰ হৈ যায়। তলত বাওঁফালে: নিজৰ তাঁতশালখনত তাম্বড়ে। তলত সোঁফালে: শিপিনীয়ে এই গৰকাত হেঁচা দি ৰাঁচখনৰ মাজেৰে সূতাবোৰ ওপৰ-তল কৰে

১৯৭০ৰ দশকত সস্তীয়া যন্ত্ৰচালিত তাঁতশালৰ বিকল্প আহিল আৰু সমগ্ৰ মহাৰাষ্ট্ৰত ফুল নথকা কপাহী শাড়ীৰ চাহিদা কমি আহিল। ৰেণ্ডালৰ শিপিনীসকলে তেতিয়া শাড়ীৰ পৰিৱৰ্তে চোলাৰ কাপোৰ বোৱা আৰম্ভ কৰিলে।

“শাড়ীবোৰ (আমাৰ তাঁতশালত বোৱা) বৰ সৰল আছিল আৰু কেইবাৰমান ধোৱাৰ পিছত ৰং উৱলি গৈছিল। কোনে সেইবোৰ কিনি থাকিব?” তাম্বড়েয়ে কয়। ১৯৮০ৰ দশকত ৰেণ্ডালৰ ৰেণ্ডালৰ কাপোৰত ৰং দিয়া কাৰখানাবোৰ (তাৰে প্ৰায়ভাগেই তাঁতশালৰ কাৰখানাৰ মালিকৰে আছিল)য়েও ইচালকাৰাঞ্জি চহৰত (ৰেণ্ডালৰ পৰা ১৫ কিলোমিটাৰমান দূৰত) গঢ় লৈ উঠা ডায়িং উদ্যোগৰ লগত ফেৰ মাৰিব নোৱাৰা হ’ল, এই উদ্যোগত ৰাসায়নিক ৰঞ্জক পদাৰ্থ ব্যৱহাৰ কৰা হৈছিল আৰু মেচিনত কাম কৰা হৈছিল, যিটো কাৰণত কামবোৰ খৰতকীয়া হৈছিল।

তাম্বড়েৰ মনত আছে, প্ৰথমখন তাঁতশাল আহিছিল মুম্বাইৰ পৰা, ১৯৭০ত। আনিছিল এজন স্থানীয় ব্যৱসায়ীয়ে। সেইখনৰ দাম আছিল ৫,০০০ টকা। গাঁৱৰ আনবোৰেও সূতখোৰৰ পৰা ঋণ লৈ মুম্বাই, আহমেদাবাদ আৰু সুৰাটৰ পৰা যন্ত্ৰচালিত তাঁতশাল আনিবলৈ ধৰিলে। আজিৰ তাৰিখত এনে এখন তাঁতশালত অতিকমেও ১ লাখ টকা লাগে আৰু শিপিনীসকলে অনুমান কৰা মতে ১৯,৬৭৪ লোক বাস কৰা (২০০১ৰ লোকপিয়ল মতে) ৰেণ্ডালত ৭,০০০ মান এনে তাঁতশাল আছে।

Stones are attached to the handloom to help control the flow of thread towards the heddle from the mounted beam
PHOTO • Sanket Jain
This wooden equipment is called dabi in Marathi, and it was used to create designs on the sarees and cloth
PHOTO • Sanket Jain
The shuttle which carries the pirn moves back and forth and helps in interweaving the yarn to produce the cloth
PHOTO • Sanket Jain

বাওঁফালে: তাঁতশালত এনেকৈ ওলমাই থোৱা শিলে শালখনত গাড়িৰ পৰা সূতাবোৰ ৰাঁচৰ মাজেৰে পাৰ হৈ যোৱাত সুনিয়ন্ত্ৰণ ৰখাত সহায় কৰে। সোমাজত: এইবিধক মাৰাঠীত ডাবি বুলি কয়, শাড়ী আৰু চোলাৰ কাপোৰৰ বাবে এইখন এনেকৈ ডিজাইন কৰা হৈছে। সোঁফালে: বাণীৰ সূতা ববলৈ ব্যৱহাৰ কৰা মাকো

২০০৯-২০১০ৰ হস্ততাঁত সমীক্ষা অনুযায়ী মহাৰাষ্ট্ৰত ৪,৫১১ খন তাঁতশাল আছে আৰু সেইটো বছৰত শিপিনীৰ সংখ্যা আছিল ৩,৪১৮ গৰাকী। তাৰ বিপৰীতে সমগ্ৰ মহাৰাষ্ট্ৰত ১৩ লাখ যন্ত্ৰচালিত তাঁতশাল আছে, এয়া মহাৰাষ্ট্ৰ চৰকাৰৰ সমবায়, বিপণন আৰু বস্ত্ৰ বিভাগৰ ২০১৮ চনৰ ফেব্ৰুৱাৰীৰ তথ্য।

আৰু ৰেণ্ডালত এতিয়া তাম্বড়েকে ধৰি চাৰিজন শিপিনীয়ে এতিয়াও হস্তচালিত তাঁতশালত কাম কৰি আহিছে।

বহুদিনলৈ ৰেণ্ডালৰ শিপিনীসকলে তেওঁলোকে বয় উলিওৱা কাপোৰ স্থানীয় গাঁৱৰ কাৰখানাৰ মালিকে চলোৱা দুটা কোপাৰেটিভ ছ’চাইটি - অটোমেটিক হেণ্ডলুম কোপাৰেটিভ বিনকাৰ ছ’চাইটি আৰু হাথমাঘ বিনকাৰ কোপাৰেটিভ ছ’চাইটিলৈ বিক্ৰী কৰিছিল। সেই কাপোৰ তাৰ পৰা ২২০ কিলোমিটাৰ দূৰৰ সোলাপুৰৰ এখন ডাঙৰ ছ’চাইটিলৈ বিক্ৰী কৰা হৈছিল।

কিন্তু হস্তনিৰ্মিত কাপোৰৰ চাহিদা কমি অহাত ১৯৯০ৰ শেষৰফালে ৰেণ্ডালৰ ছ’চাইটিবোৰ বন্ধ হৈ গ’ল। এটা বিল্ডিঙৰ দুটা মহলাত বিয়পি থকা তেওঁলোকৰ কাৰ্য্যালয়টোৰ বিষয়াসকল এতিয়া নাই, অফিছটো বন্ধ। এটা মহলাত এতিয়া এখন প্ৰাইভেট স্কুল চলে। কাষৰ গাওঁ-চহৰৰ ছ’চাইটিবোৰো বন্ধ হ’বলৈ ধৰে, সেয়ে শিপিনীসকলে তেতিয়াৰে পৰা ৰেণ্ডালৰ পৰা প্ৰায় ২২ কিলোমিটাৰ দূৰৰ বেলগাম জিলাৰ চিকোৰি তালুকৰ কগানোলি গাঁৱৰ কৰ্ণাটক হস্ততাঁত উন্নয়ন কোপাৰেটিভ লিমিটেডলৈ তেওঁলোকৰ উৎপাদিত বস্ত্ৰ বিক্ৰী কৰিবলৈ ল’লে।

সমবায়ৰ পৰা তাম্বড়ে আৰু আন তিনিজন শিপিনীয়ে ২৪০ মিটাৰ কপাহী বা পলিষ্টাৰৰ সূতা মেৰিওৱা ৩১ কিলোগ্ৰাম মহুৰা পায় আৰু পাঁচ কিলোগ্ৰামৰ এটা সূতাৰ বল পায়। “এই সূতাৰে বোৱা কাপোৰবোৰ বৰ ভাল আৰু এক মিটাৰত ২৮ টকা পাওঁ,” তাম্বড়েয়ে কয়। “আন শিপিনীয়ে তাতোকৈ কম পায়।” তেওঁৰ মাহিলী আয় ৩ৰ পৰা ৪ হাজাৰ টকা আৰু এক একৰ মাটিত কুঁহিয়াৰৰ খেতি কৰি অকণমান অতিৰিক্ত উপাৰ্জন কৰে।

Vimal Tambe hand spinning the polyester thread which is wound on a pirn
PHOTO • Sanket Jain
The pirn winding process is usually done sitting on the ground. After an accident, Vimal Tambe sits on a chair to work
PHOTO • Sanket Jain

বিমল তাম্বড়েয়ে যতৰৰ পৰা পলিষ্টাৰৰ সূতা মহুৰা ফুৰাই আছে

“যন্ত্ৰচালিত তাঁতশালত আপুনি মাত্ৰ এটা মেচিন চলাব লাগে, কিন্তু হস্তচালিত তাঁতশালত বহুত শাৰীৰিক কষ্ট হয়, সেয়ে এতিয়া বহুতেই এই কাম কৰিব নিবিচাৰে।,” তাম্বড়েয়ে কয়। “অতিৰিক্ত উপাৰ্জনৰ বাট এটা লাগেই। ইমান কম পইচাত আমি চলিমনো কেনেকৈ?”

বসন্তৰ পত্নী ৭৫ বছৰ বয়সীয়া বিমলাই তাঁতশাল চলাব নিশিকিলে। ৰেণ্ডালত কেৱল পুৰুষেই তাঁতশালত বহে আৰু মহিলাই যতৰত মহুৰা ফুৰোৱা আদি কাম কৰে। (ভাৰতীয় হস্ততাঁত সমীক্ষা ২০০৯-১০ত কোৱা হৈছে যে দেশৰ ৩৮.৪৭ লাখ বয়স্ক শিপিনী আৰু আনুষংগিক কাম কৰা লোক আছে আৰু তাৰে ৭৭ শতাংশ মহিলা আৰু ২৩ শতাংশ পুৰুষ)। “মোৰ বহুত ঘৰুৱা কাম আছিল আৰু তাৰে মাজতে যতৰত মহুৰা ফুৰোৱা আদি কৰিছিলো,” তেওঁ কিয় তাঁতশালখন নচলায় বুলি প্ৰশ্ন কৰাত তেওঁ কয়। তেওঁ কৃষিশ্ৰমিক হিচাপেও কাম কৰিছিল, কিন্তু বয়স বাঢ়ি অহা কাৰণে এক দশকমান আগতে সেই কাম এৰে।

২৫ টা মহুৰা ফুৰাওতে বিমলক তিনি ঘণ্টা সময় লাগে আৰু এক মিটাৰ কপাৰ ববলৈ তেওঁৰ গিৰীকেয়কক তিনিটা মহুৰা লাগে। আগতে তেওঁ মজিয়াতে বহি কাম কৰিছিল, কিন্তু এটা দূৰ্ঘটনাত পৰি তেওঁৰ ভৰি এখন ভাঙিল, এতিয়া তেওঁ চকী এখনতে বহ।

তেওঁৰ দুটি ল’ৰা শৈশৱতে ঢুকাইছে, একমাত্ৰ ছোৱালীজনী বিয়া দিছে, তাই চিলাই-কটাইৰ কাম কৰে। তেওঁ আনখন হস্ততঁতো বিক্ৰী কৰি দৰ্জাৰ চৌকাঠ লগালে। সেইখন তাঁতশালখনে এখন হেৰাই যোৱা পৃথিৱীলৈ লৈ যাব খোজে।

অনুবাদ: পংকজ দাস

Sanket Jain

মহারাষ্ট্রের কোলাপুর নিবাসী সংকেত জৈন পেশায় সাংবাদিক; ২০১৯ সালে তিনি পারি ফেলোশিপ পান। ২০২২ সালে তিনি পারি’র সিনিয়র ফেলো নির্বাচিত হয়েছেন।

Other stories by Sanket Jain
Editor : Sharmila Joshi

শর্মিলা জোশী পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার (পারি) পূর্বতন প্রধান সম্পাদক। তিনি লেখালিখি, গবেষণা এবং শিক্ষকতার সঙ্গে যুক্ত।

Other stories by শর্মিলা জোশী
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das