আৰৱসাগৰৰ উপকূলত অৱস্থিত তুলুনাৰু অঞ্চলটো আন্তঃমহাসাগৰীয় বাণিজ্যৰ ইতিহাসেৰে পুষ্ট। অঞ্চলটোৰ ভূত পূজাৰ প্ৰথা অতি প্ৰাচীন কালৰ পৰাই চলি আহিছে।

“ভূত পূজাৰ এই প্ৰথা মই ল’ৰালিকালৰ পৰাই দেখি আহিছো,” ছৈয়দ নাছীৰে কয়। তেওঁ তুলুনাৰুৰ মুছলমান সম্প্ৰদায়ৰ লোকেৰে গঠিত ৰংগদল এটাৰ সদস্য। “এই পৰম্পৰাগত পূজাত সংগীত পৰিৱেশন কৰাত আমি একো অসুবিধা নাপাও।”

বিভিন্ন ধৰ্ম, সম্প্ৰদায় আৰু সমাজৰ লোকে এই ভূত পূজা পালন কৰে, মণিপাল একেডেমি অফ হায়াৰ এডুকেছনৰ গৱেষণা সহায়ক নীতেশ আঞ্চনে কয়। তেওঁৰ কথাত “বিভিন্ন ঠাইৰ পৰা উঠি অহা লোকৰ (তুলুনাৰুলৈ) সমাহাৰত এই অনন্য তুলু পৰম্পৰাৰ নজীৰ গঢ় লৈ উঠিছে,” আঞ্চনে কয়।

চাৰিটা প্ৰজন্ম ধৰি নাছীৰৰ পৰিয়ালে ভূত পূজাত নাদস্বৰম আৰু অনান্য বাদ্যযন্ত্ৰ বজাই আহিছে। এই সাংগীতিক ঐতিহ্য নাছীৰে পাইছিল নিজৰ পিতৃৰ পৰা, কিন্তু তেওঁৰ পিছত এই পৰম্পৰা আগবঢ়াই নিবলৈ কোনো নাই। “নতুন প্ৰজন্মই সংগীতৰ এই ধাৰাৰ প্ৰতি আগ্ৰহ দেখুওৱা নাই,” তেওঁ কয়। “অৱশ্যে আগৰ পৰিৱেশো নাই, এতিয়া দিনে দিনে পৰিস্থিতি বেয়াৰ ফালে ঢাল খাইছে।”

“ভুতাসকল হৈছে তুলুনাৰুবাসীৰ দেৱ-দেৱী,” আঞ্চনে কয়। এই ভুত দেৱতাক কেৱল উপাসনাই কৰা নহয়, সেই দেৱ-দেৱীসৱ তেওঁলোকৰ জনজীৱনৰ এক অবিচ্ছেদ্য অংশও। ভূত পূজাত মহিলাই গীত পৰিৱেশন নকৰে, কিন্তু ভূত পূজাত উদযাপিত কোলা নামৰ এক বিশেষ পৰ্বত নাৰী চৰিত্ৰও দেখা পোৱা যায়, তাতেও অৱশ্যে মহিলাৰ চৰিত্ৰত পুৰুষেই অভিনয় কৰে।

এই ছবিখনত তুলুনাৰুৰ বিভিন্ন স্থানত উদযাপিত ভূত পূজাত নাছীৰ আৰু তেওঁৰ সংগীসকলে পৰিৱেশন কৰা গীত-মাত চিত্ৰায়িত কৰা হৈছে।

ছবিখন চাওক: তুলুনুৰুৰ ভূতে ধৰি ৰাখিছে পাৰম্পৰিক সমন্বয়ৰ সাক্ষ্য

প্ৰচ্ছদ আলোকচিত্ৰ: গোবিন্দ ৰাদেশ নায়াৰ

এই ষ্ট’ৰিটো মৃণালিনী মুখাৰ্জী ফাউণ্ডেছন (এম.এম.এফ.)ৰ ফেল’শ্বিপৰ অধীনত কৰা হৈছে।

অনুবাদ: পংকজ দাস

Faisal Ahmed

উপকূলবর্তী কর্ণাটকের মালপে-নিবাসী তথ্যচিত্রনির্মাতা ফৈজল আহমেদ অতীতে তুলুনাড়ুর জীবন্ত ঐতিহ্য ঘিরে তথ্যচিত্র পরিচালনার কাজে যুক্ত ছিলেন মণিপাল অ্যাকাডেমি অফ হায়ার এডুকেশনের সঙ্গে। তিনি ২০২২-২৩ সালের এমএমএফ-পারি ফেলো।

Other stories by Faisal Ahmed
Text Editor : Siddhita Sonavane

সিদ্ধিতা সোনাভানে একজন সাংবাদিক ও পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার কন্টেন্ট সম্পাদক। তিনি ২০২২ সালে মুম্বইয়ের এসএনডিটি উইমেনস্ ইউনিভার্সিটি থেকে স্নাতকোত্তর হওয়ার পর সেখানেই ইংরেজি বিভাগে ভিজিটিং ফ্যাকাল্টি হিসেবে যুক্ত আছেন।

Other stories by Siddhita Sonavane
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das