‘আপুনি সঁচাকৈয়ে কলাৰ ওপৰত কাৰফিউ লগাব পাৰিব জানো?’ মণিমাৰনে এক বাস্তৱিক প্ৰশ্নৰ অৱতাৰণা কৰিলে। ‘আমি এই সপ্তাহত বাংলাদেশত থাকিব লাগিছিল,’ অলপ সময় থমকি তেওঁ ক’লে। ‘যাবলগীয়া আমাৰ ১২ জনীয়া দলটোৰ কাৰণে সেয়া আছিল এক ডাঙৰ সুযোগ। কিন্তু আমাৰ মাৰ্চ আৰু এপ্ৰিলৰ সকলো কাৰ্যসূচী বাতিল কৰিবলগীয়া হ’ল।’ অৱশ্যে তামিলনাডুৰ অতুলনীয় ৪৫ বৰ্ষীয় পাৰাই শিল্পী আৰু প্ৰশিক্ষকজন হাত সাবতি বহি থাকিব নোৱাৰিলে।

সেয়ে তলাবন্ধৰ মাজতো মণিমাৰন আৰু তেওঁৰ পত্নি মাগিঝিনিয়ে ফেচবুকতে পাৰাই বাদন অব্যাহত ৰাখিছে। প্ৰতিদিনে তেওঁলোক ফেচবুকত লাইভ কৰে নাইবা ইউটিউবত ভিডিঅ’ আপলোড কৰে।

ক’ভিড-19য়ে তেওঁৰ ৰংগদলৰ দুমাহৰ যাত্ৰাত যতি পেলাব পাৰে, কিন্তু মণিমাৰনে প্ৰতিবাৰৰ দৰে এইবাৰো সংকটৰ সময়ত ভাইৰাছবিধক লৈ সজাগতামূলক গীত এটি ৰচনা কৰিছে। শিল্পীয়ে নিজেই ৰচনা কৰা আৰু মাগিঝিনিয়ে গোৱা সুব্ৰমনিয়ন আৰু আনন্দৰ সমবতে কণ্ঠত গীতটিয়ে যথেষ্ট সহাঁৰি লাভ কৰিছে। ‘ডুবাইৰ অনাতাঁৰ কেন্দ্ৰ এটাই গীতটি বাচি লৈছে, আনকি তেওঁলোকৰ ইউটিউব চেনেলতো দেখুৱাইছে,’ তেওঁ কয়।

ভিডিঅ’ চাওকঃ কৰ’ণাৰ গীত

তামিলনাডুত লোককলাৰ সফল ৰংগদলসমূহৰ অন্যতম বুদ্ধাৰ কালাই কুঝু (বুদ্ধাৰ আৰ্ট গ্ৰুপ, ২০০৭ত স্থাপিত)ৰ যোগেদি মণিমাৰনে শ শ লোকক পাৰাই বাদনৰ প্ৰশিক্ষণ দি উৎসাহ যোগাই আহিছে। এসময়ত এই বাদ্য কেৱল দলিত লোকৰ মাজত আৰু মৃতকৰ অন্তেষ্ট্যিক্ৰিয়াতহে বজোৱাৰ মাজতে সীমাবদ্ধ হৈ ৰৈছিল। মণিমাৰনৰ দৰে শিল্পীৰ কষ্টৰ বলতে আজি পাৰাই বাদন পুনৰোজ্জীৱিত হৈ উঠিছে। পাৰাই কেৱল বাদ্যযন্ত্ৰই নহয়, ই মুক্তিৰ গান।

‘অৱশ্যে এতিয়াও কিছুমানে মৃতকৰ সৎকাৰৰ সময়ত পাৰাই বজায়, কিন্তু তেওঁলোকক শিল্পী আখ্যা দিয়া নহয়। আনকি লোককলাৰ নামতে উৎসৰ্গিত কলাইমামণি বঁটাৰ (ৰাজ্য চৰকাৰে প্ৰদান কৰা) ক্ষেত্ৰতো পাৰাই বাদনক শিল্পৰ দৃষ্টিৰে চোৱা নহয়,’ পৰিৱেশক গৰাকীয়ে কয়। কিন্ত তাৰ মাজতে মণিমাৰনে নিয়মীয়াকৈ সাপ্তাহিক পাঠগ্ৰহণ আৰু বাৰ্ষিক প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে শিল্পবিধক সমাজৰ অস্পৃশ্যতা আৰু উদাসীনতাৰ উৰ্ধলৈ নিয়াৰ কাম নিৰন্তৰ কৰি আহিছে। বিভিন্ন শ্ৰেণীৰ শিষ্য তেওঁ পাইছে। বহুতৰে ঘাত বাদ্যবিধৰ শক্তিশালী ৰূপ খৰবাদন শিকাত আগ্ৰহ। তাৰোপৰি শিল্পবিধৰ ৰাজনীতিৰ কথাও তেওঁলোকে শিকিবলৈ পায়। অৱশ্যে তলাবন্ধৰ কাৰণে প্ৰশিক্ষণ চলা নাই।

কিছুমান গানাই (চেন্নাইৰ এবিধ লোককলা) ভুল তথ্য প্ৰচাৰ কৰা কাণত পৰাৰ পিছত গীতটি লিখাৰ কথা মণিমাৰনৰ মনলৈ আহে। ‘কিছুমান পৰিৱেশকে শুনিবলৈ পোৱা ভূল তথ্যকেই শুদ্ধ বুলি মানি লোৱা যেন লাগে। উদাহৰণ স্বৰূপে আমিষ খাদ্যৰে কৰ’ণা (ভাইৰাছ) বিয়পা কথাটো। আমিষ আহাৰ খোৱাসকলৰ বিৰুদ্ধে ইতিমধ্যে এক শক্তিশালী লবি থকা কাৰণেই কৰ’ণাক সেই উদ্দেশ্যত ব্যৱহাৰ কৰাটো উচিত নহয়। সেয়ে আমি এই গীতটো ৰচনা কৰিবলগীয়া হ’ল।’

তাৰোপৰি সংকটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা শিল্পীৰ শাৰীত মণিমাৰন সদায় থাকে। ‘শিল্প ৰাজনৈতিক বুলি মই বিশ্বাস কৰো। সমাজত কি ঘটি আছে সেয়া শিল্পীয়ে তেওঁৰ কলাৰ জৰিয়তে প্ৰদৰ্শন কৰা উচিত। লোকশিল্পী আৰু গানা শিল্পীয়ে সেয়া কৰিছে। তেওঁলোকে সংকটকালত শিল্পৰ জৰিয়তে অৰিহণা যোগাইছে। ভূল তথ্যৰ মোকাবিলা কৰাৰ লগতে কৰ’ণাকেন্দ্ৰীক গীতটিয়ে সজাগতা সৃষ্টিৰো কাম কৰিছে।’

২০০৪ৰ চুনামিৰ পিছত আৰু ২০১৮ত গাজা ঘূৰ্ণীবতাহে তামিলনাডুৰ ভালেমান জিলা ধ্বংসলীলা চলোৱাৰ সময়ত মণিমাৰনে ঘূৰ্ণীবতাহত বাচি যোৱা শোকস্তব্ধ ভুক্তভোগীৰ মনত সাহস দিয়া গীত ৰচনা কৰিছিল। ‘লোককলা দৰাচলতে জনতাৰ শিল্পকলা। দুৰ্যোগৰ সময়ত জনতাৰ কাষত থিয় দিয়াটো আমাৰ কৰ্তব্য। আমি টকা-পইছাৰে সহায় কৰিব নোৱাৰো, সেয়ে আমি সজাগতা সৃষ্টিৰে সহায় কৰিব পাৰো,’ কৰ’ণা গীত নাম দিয়া নতুন গীতটোৰ বিষয়ে মাগিঝিনিয়ে কয়।

PHOTO • M. Palani Kumar

তামিলনাডুত ২০১৮ত গাজা ঘূৰ্ণীবতাহে ক্ষতিগ্ৰস্ত কৰা এলেকাত বুদ্ধাৰ কালাই কুঝুৱে কলা পৰিৱেশন কৰাৰ ফাইল ফটো। পৰিৱেশক আৰু গীত দুয়োটাই ক্ষতিগ্ৰস্তসকলক গীতৰ যোগেদি সাহস দিয়াই চেষ্টা কৰিছিল

গাজা ঘূৰ্ণীবতাহৰ পিছৰ কালচোৱাত কৰাৰ দৰেই তেওঁলোকে এইবাৰো কৰিছে। মণিমাৰন আৰু তেওঁৰ দলটোৱে গাজাৰ দ্বাৰা ক্ষতিগ্ৰস্ত এলেকাবোৰ সাক্ষাৎ কৰিছিল, বিশেষকৈ কাবেৰী বদ্বীপ অঞ্চল, আৰু পাৰাই গীত গাই জনতাক আকৰ্ষিত কৰিছিল। তাৰপিছত তেওঁলোকে পাৰাই বজাই গীত গাই জনতাৰ দুখ পাতলাবৰ চেষ্টা কৰিছিল। “মই সেই মুহূৰ্তটো কেতিয়াও পাহৰিব নোৱাৰো যেতিয়া এজন মানুহে মোৰ ওচৰলৈ আহি কৈছিলঃ আমি বিস্কুট আৰু আন সকলো সাহায্য সামগ্ৰী পাইছো। কিন্তু আপোনালোকে আমাৰ মনৰ গভীৰতাত শিপাই থকা শংকা আঁতৰালে।’ শিল্পী হিচাপে ইয়াতকৈ বেছি কি লাগিছে আমাক?” মণিমাৰনে কয়।

পেৰাম্বালুৰ জিলাৰ আলাথুৰ ব্লকৰ থেনুৰ গাঁৱত থকা দম্পত্তিহালে প্ৰতিদিনে ফেচবুক লাইভত ক’ভিড-১৯ আৰু তাৰ সৈতে সম্পৰ্কিত বিষয়ত পৰিৱেশন আৰু সংক্ষিপ্ত চৰ্চা কৰে। ‘আমি অনুষ্ঠানটোক কৰ’ণা কুম্বিৰু (কৰণা নমস্তে) নাম দিছো। তলাবন্ধৰ দুদিন আগত আমি অনুষ্ঠানটো আৰম্ভ কৰিছো আৰু তলাবন্ধ প্ৰত্যাহাৰ নকৰালৈকে চলাই থাকিম।’

এই ধাৰাবাহিকৰ প্ৰথম দিনা, নতুন গীতটোৰ উপৰিও মণিমাৰনে কৰ’ণাভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ সময়ত পদপথত থকা মানুহৰ বিলাইৰ কথা ক’লে। দ্বিতীয় দিনা তেওঁ ভাইৰাছবিধৰ পৰা আক্ৰান্ত হ’বপৰা আটাইতকৈ দুৰ্বলচাম লোক, অৰ্থাৎ বয়সস্থ লোকৰ বিষয়টোত গুৰুত্ব দিলে। তৃতীয়দিনা শিশুসকলক মণিমাৰনে আমাৰ পৰম্পৰাগত খেলত নিজকে ব্যস্ত ৰখাৰ পৰামৰ্শ দিলে। চতুৰ্থ দিনা তেওঁ ৰূপান্তৰিত লিংগ (ট্ৰান্সজেণ্ডাৰ)ৰ লোকসকলৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি তলাবন্ধৰ কালচোৱাত তেওঁলোকে সমুখীন হোৱা সমস্যাৰ বিষয়টো দাঙি ধৰিলে।

‘আমি এনে দিনত বুলিয়েই নহয়, স্বাভাৱিক দিনবোৰতো তেওঁলোকৰ কথা ভবা উচিত,’ তেওঁৰ মন্তব্য। ‘মই ফেচবুক লাইভতো সেই কথা কৈছো। কিন্তু কৰ’ণাৰ ফলত মানসিকভাৱে তেওঁলোকে যি সংকটৰ সমুখীন হৈছে, সেই লৈ এতিয়া আমি কথা ক’লে মোৰ মনে ধৰে যে তেওঁলোকলৈ ভালদৰে বাৰ্তা পঠিয়াব পৰা যাব।’

PHOTO • M. Palani Kumar

ওপৰত বাওঁফালেঃ ধ্ৰুপদি কবি থিৰুভাল্লুৱাৰৰ কাষত মণিমাৰন আৰু মাগিঝিনি। তেওঁলোকে কবিগৰাকীৰ থিৰুক্কুৰাল কবিতাক লৈ পাৰাই বাদ্যৰ সংগত কৰি এক ধাৰাবাহিক প্ৰস্তুত কৰি আছে। ওপৰত সোঁফালেঃ পাৰাই প্ৰশিক্ষাৰ্থীৰ সৈতে দম্পত্তিহাল। তলৰ শাৰীতঃ মণিমাৰন আৰু তেওঁৰ দলটোৱে নিশাৰ ভাগত পাৰাই শিল্প প্ৰদৰ্শন কৰিছে (ফাইল ফটো)

পেৰাম্বালুৰৰ কেইখনমান গাঁৱত গ্ৰামোন্নয়নৰ কামত নিয়োজিত পায়িৰ নামৰ সংস্থাটোৰ সৈতে লগ লাগি মণিমাৰনে শিশুৰ বাবে শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখি গুৰুত্বপূৰ্ণ সামাজিক মূল্যবোধৰ শিক্ষা দিব পৰা খেল উলিওৱাক লৈ আশাবাদী। ‘আমি ইতিমধ্যে এইটো বিষয়ত কাম কৰিবলৈ লৈছো, কিন্তু বৰ্তমান আমি ক’ভিড-১৯ক লৈ গ্ৰামাঞ্চলত সজাগতা সৃষ্টিৰ কামত অধিক মনযোগ দিছো, কিয়নো এয়া একেবাৰে নতুন আৰু মানুহে একো উৱাদিহ পোৱা নাই। সোনকালেই আমি মণিমাৰন আৰু মাগিঝিনিৰ সৈতে লগ লাগি শিশুৰ বাবে এনে খেলৰ কামত হাত দিম,’ পায়িৰৰ উপদেষ্টা প্ৰীথি জেভিয়াৰে কয়।

মণিমাৰনৰ দৰে শিল্পীৰ বাবে এয়া সংগ্ৰামৰ সময়, মণিমাৰনে কয়। ‘লোকশিল্পীসকলে সংকটৰ সময়ত জনতাৰ কাষত থিয় দিয়াটো নিৰন্তৰ চলি আহিছে। সেয়ে শাৰীৰিক দূৰত্ব বজাই ৰাখি, উদাসীন হৈ থকাটো কষ্টকৰ।’ এনেদৰে নিজকে বিলাই দি কাম কৰা লোকশিল্পীৰ বাবে চৰকাৰে কিছু হ’লেও সাহায্য দিয়া উচিত, তেওঁ কয়। ‘সেইৰে আমি সামাজিক গণমাধ্যমত কলা প্ৰদৰ্শন কৰিব পাৰো। লোকশিল্পীসকল আৰ্থিকভাবে কোঙা হৈ পৰিছে, সেয়ে চৰকাৰে তেনে কিবা এটা বিবেচনা কৰা উচিত,’ তেওঁ বিনয়েৰে কয়।

কিন্তু সাহায্য পাওক কি নাপাওক, মণিমাৰন আৰু মাগিঝিনিয়ে আপোনাৰ মনৰ পৰা কৰ’ণাভাইৰাছক লৈ সৃষ্টি হোৱা শংকা আঁতৰোৱাৰ কাৰণে এনেদৰেই গীত গাব আৰু বাদ্যযন্ত্ৰ পৰিৱেশন কৰি থাকিব। ‘আমি চেষ্টা কৰিম যাতে মানুহক সজাগ কৰিব পাৰো আৰু আমি এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ নিৰন্তৰ চেষ্টা কৰি যাম। যেতিয়া আমি এই ভাইৰাছবিধৰ পৰা মুক্তি পাম, তেতিয়া পাৰাই বাদনেৰে উৎসৱ পাতি আনন্দ কৰিম।’

কৰ’ণা গীতৰ অনুবাদ

ধেই ধিন্ ধিন্না

চলিছে কৰ’ণাৰ উদ্দাম নৃত্য

বহুত মানুহ আছে

ভিত্তিহীন উৰাবাতৰি বিয়পাইছে

এনে উৰাবাতৰিত বিশ্বাস নকৰিব

কাকো নিন্দা নকৰিব!

উদাসীনতাই নানে সমাধান

ভয় খোৱাৰ নাই কোনো কাৰণ

উপায় বিচাৰক

কৰ’ণাক ৰোধ কৰাৰ চিন্তা কৰক

কৰ’ণাক ৰুধিবলৈ, ৰাখিবলৈ নিলগত

নিজৰ নাক ঢাকি ৰাখক

সজাগতাৰেহে পাৰিম

কৰ’ণাক বাধা দিম

বজাই ৰাখো যদি শাৰীৰিক দূৰত্ব

কৰ’ণাই পলাই পত্ৰং দিব

ধেই ধিন্ ধিন্না

চলিছে কৰ’ণাৰ উদ্দাম নৃত্য

উৰাবাতৰি বিলাই নুফুৰিব, বন্ধ কৰক!

আমিষ খালে

কৰ’ণা নিবিয়পে

নিৰামিষ খোৱাজনকো

কৰ’ণাই ৰেহাই নিদিয়ে

কি দেশ

কি ৰাজ্য

সকলো হতচকিত

ইয়াৰ ওৰনো ক’ত

জানিবলৈ গৱেষণা চলি আছে

আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা খাদ্য খাওক

নিজকে নিৰাপদ ৰাখক

মিছা কথাবোৰ দলিয়াই পেলাওক

কাঁহি থকাজনৰ পৰা দূৰত্ব বজাই ৰাখক

হাঁচি মৰাজনৰ পৰা দূৰতে থাকক

কমিবই নোখোজা জ্বৰ হ’লে সাৱধান হওক

উশাহ-নিশাহ লওতে কষ্ট হৈছে নেকি মন কৰক

তেনে কিবা যদি আঠ দিনলৈ আছে

তেন্তে সেয়া কৰ’ণা হ’ব পাৰে

কৰ’ণাক দমাবলৈ

আপুনি ডাক্তৰৰ ওচৰলৈ যোৱা উচিত

অনুবাদঃ পংকজ দাস

Kavitha Muralidharan

কবিতা মুরলীধরন চেন্নাই নিবাসী স্বতন্ত্র সাংবাদিক এবং অনুবাদক। তিনি ‘ইন্ডিয়া টুডে’ (তামিল) পত্রিকার পূর্বতন সম্পাদক, এবং তার আগে তিনি ‘দ্য হিন্দু’ (তামিল) সংবাদপত্রের রিপোর্টিং বিভাগের প্রধান ছিলেন। তিনি পারি’র স্বেচ্ছাকর্মী।

Other stories by কবিতা মুরলিধরন
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das