আন বড়ো ছোৱালীৰ দৰে ময়ো মোৰ মাক কাপোৰ বয় থকা দেখি দেখি ডাঙৰ হৈছো, চামা ব্ৰহ্মই শৈশৱৰ কথা মনত পেলালে। নামনি অসমৰ বড়োলেণ্ডৰ অন্তৰ্গত চিৰাং জিলাৰ আই নৈৰ পাৰৰ সেউজ ধাননীপথাৰৰ মাজত অৱস্থিত ২ নং খুজ্ৰাবগুৰি নামৰ সৰু গাঁওখনৰ নিজ ঘৰৰ বাৰান্দাত বাহৰ গৰকাবাৰী থকা তাঁতশালখনত তাই বহিছে।

নিকটৱৰ্ত্তী চহৰ বঙাইগাঁও তাৰ পৰা ২০ কিলোমিটাৰ দুৰৈত পৰে। ৮৭ ঘৰ পৰিয়াল থকা তাইৰ গাঁওখনৰ বাট বুলিবলৈ নাই। নৈখনৰ বালিচৰেই মাজে মাজে বাটৰ কাম কৰে, এফালে আকৌ বাঁহৰ দলংখনৰ ওপৰেৰে খোজকাঢ়ি যাওতে সাৱধান নহ’লে নোৱাৰি।

অসমৰ গাঁওবোৰৰ বড়ো সম্প্ৰদায়ৰ ঘৰে ঘৰে তাঁতশাল আছে। সম্প্ৰদায়টোক অনুসূচীত জাতি হিচাপে তালিকাভূক্ত কৰা আছে। মহিলাৰ ক্ষেত্ৰত কাপোৰ বোৱা-কটা জনাটো বৰ সমাদৃত কৌশল, বিশেষকৈ বিয়া-বাৰুৰ ক্ষেত্ৰত। অৱশ্যে চামাৰ দৰে খুব কমেইহে এই পৰম্পৰাগত বিদ্যাক উপাৰ্জনমুখী কৰি তুলিছে।

'মোৰ বয়স ১৫ বছৰ নৌহওতেই তাঁতশালত বহিছিলো আৰু উজু ধৰণৰ কাপোৰ বোৱাত পাকৈত হৈ উঠিছিলো’, এতিয়াৰ ৪২ বছৰ বয়সীয়া চামাই ক’লে। 'নিজৰ ওপৰত যেতিয়া বিশ্বাস বাঢ়িল, মই পৰম্পৰাগত সাজ-পাৰ যেনে গামোচা, ঘৰুৱা সামগ্ৰী যেনে বিচনা চাদৰ আদি বোৱা আৰম্ভ কৰিলো। কিন্তু মই তাঁতশালত আটাইতকৈ ভাল পোৱা কাপোৰ হৈছে দখনা, বিশেষকৈ জটিল ফুল তোলা দখনা।’

Sama seated at her bamboo pedal loom
PHOTO • Anne Pinto-Rodrigues
Sama seated at her bamboo pedal loom
PHOTO • Anne Pinto-Rodrigues

বড়োলেণ্ডৰ ২ নং খুজ্ৰাবগুৰি গাঁৱৰ চামা ব্ৰহ্মই গৰকাবাৰীৰ তাঁতশালখনত প্ৰতিদিনে ৬ ৰপৰা ৮ ঘণ্টা বহে, কাচিৎহে দিনটোৰ বিৰতি লয়।

চামাৰ ঘৰলৈ যাওতে তাই মোৰ সৈতে কথা পাতিবলৈ আজৰি উলিয়ালে। তাইৰ ঘৰটো বাঁহৰ খুঁটা দিয়া, বেৰবোৰ মাটি লেপি দিয়া। চালিখন টিনৰ। সিদিনা তাইৰ ছুটি আছিল। কাষৰে প্ৰাথমিক বিদ্যালয়লৈ তাই মধ্যাহ্ন ভোজন ৰান্ধিবলৈ সিদিনা যাবলগীয়াও নাই। মাহে ১০০০ টকাৰ বাবদ তাই সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ১০ বজাৰ পৰা আবেলি ১ বজালৈ এই কাম কৰে। আগতে চেগা-চোৰাকাকৈ তাই চাউলৰ সুৰাও প্ৰস্তুত কৰি বিক্ৰী কৰিছিল। তাই যি বোৱা-কটা কৰিছিল, সেয়া তাই নিজৰ আৰু পৰিয়ালৰ বাবে খৰছ কৰে।

২০০০ চনৰ আৰম্ভণিৰ ভাগত চামাই আগৰ দাগ্ৰা আফাড (বড়ো ভাষাত শব্দকেইটাৰ অৰ্থ ক্ৰমে ডিজাইন, শিপিনী আৰু সংস্থা) নামৰ স্থানীয় গোট এটাত যোগদান কৰে। শিপিনীয়ে চলোৱা এই সংস্থাটো পাৰম্পৰিক বয়ন জ্ঞানৰ যোগেদি মহিলাক উপাৰ্জনৰ সক্ষম কৰি তুলিবলৈ গঢ়ি তোলা হৈছিল। আগৰৰ পৰা চামাই ৰং দিয়া কটনৰ সুতা পায়। তাৰপৰা তাই কাপোৰ বয়। হাতে-বোৱা কাপোৰবোৰ তাৰপিছত সংস্থাটোৱে সংগ্ৰহ কৰি তাৰেপৰা সাজ-পোচাক তৈয়াৰ কৰি সেয়া প্ৰদৰ্শনী আৰু ভাৰতৰ নিৰ্দিষ্ট কেইখনমান বিপণীত বিক্ৰী কৰে।

এই কামৰ পৰা চামাৰ এক নিৰ্দিষ্ট আয় আহে- প্ৰতিমিটাৰ কাপোৰত ৭৫ টকা। কোনো মাহত সময় দিব পাৰিলে তাই ৪৫ ৰপৰা ৫০ মিটাৰ পৰ্যন্ত কাপোৰ বয় আৰু প্ৰায় ৪ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰে। 'আগৰ সংস্থাত ফুল নথকা কাপোৰ বিচাৰে হেতুকে মই খৰকৈ তাঁতশাল চলাই কাপোৰ বব পাৰো’, তাই কয়।

৮০ গৰাকী শিপিনীৰ গোটটোৰ ভিতৰত চামা প্ৰথম স্থানত আছে। ২০১৪  বৰ্ষৰ পৰা বিগত তিনি বছৰত তাই আটাইতকৈ বেছি বয়ছে। তাইৰ অনুপ্ৰেৰণা স্পষ্ট- তাই তাইৰ সন্তানক শিক্ষিত কৰিব বিচাৰে। 'মই মোৰ ২১ বৰ্ষীয় ডাঙৰ জীয়ৰী মেনুকাৰ কথা ভাবি দুখ পাও, তাই ষষ্ঠমানতে পঢ়াশালি এৰিছে', কথাখিনি কওতে তাইৰ চকুত চকুপানী। 'তেতিয়া তাইৰ শিক্ষাৰ বাবে আমাৰ হাতত টকা নাছিল। কিন্তু মই মোৰ আনকেইটা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত তেনে হ’ব নিদিও।'

Sama tinkering with the warping drum that has recently been installed at her home. The warping drum is used to prepare the vertical yarn known as ‘warp’, which is later loaded on the loom
PHOTO • Anne Pinto-Rodrigues
Sama shares a joke with her daughter Sulekha
PHOTO • Anne Pinto-Rodrigues

বাওফালে নতুনকৈ লগোৱা তাইৰ যঁতৰটোৰ সৈতে চামা৷ যঁতৰটো বাণীৰ বাবে সুঁতা মেৰিওৱাৰ কামত ব্যৱহাৰ কৰা হয়, সেই সুঁতা পিছত মহুৰাত লৈ তাঁতশালৰ বাণী বোৱা হয়।  সোঁফালে জীয়ৰী সুলেখাৰ সৈতে চামা

তাইৰ ১৫ বছৰীয়া পুত্ৰ স্বৰং আৰু ১২ বছৰীয়া জীয়ৰী লক্ষ্মী এতিয়াও স্কুলতে আছে। ১৮ বছৰীয়া সুলেখা এখন কলা শাখাৰ মহাবিদ্যালয়ত দ্বাদশ শ্ৰেণীত পঢ়ে। 'সুলেখাই তাইৰ স্নাতক শিক্ষা শেষ কৰিব বুলি মন বান্ধি লৈছে,' চামাই কয়। 'তাই যাতে তাইৰ মনোকামনা পুৰণ কৰিব পাৰে তাৰ বাবে মই মোৰ সামৰ্থ অনুসাৰে আটাইখিনি চেষ্টা কৰিম। তাইৰ কাৰণেই মই ইমান বোৱা-কটা কাম কৰো। মই মোৰ দুখ-কষ্টক তাইৰ উদ্দেশ্যত হেঙাৰ হ’বলৈ নিদিও।'

চামাই নিজে মাত্ৰ ২য় মানলৈকেহে পঢ়িছে (বড়ো মাধ্যমৰ বিদ্যালয় এখনত) আৰু তাইৰ পৰিয়ালৰ কোনোৱেই কলেজৰ দুৱাৰ গৰকা নাই। সেয়ে তাইৰ জীয়ৰীয়ে স্নাতক ডিগ্ৰী পোৱাৰ দিনটোলৈকে তাই আগ্ৰহেৰে বাট চাই আছে। 'মোৰ জীয়ৰী আমাৰ গাঁওখনৰ প্ৰথমগৰাকী স্নাতক হওক বুলিয়েই মই তাঁতশালত বহো।'

পুৱা ৫ বজাতে উঠি চামাই ঘৰৰ আটাইবোৰ কাম শেষ কৰি দিনটোৰ বাবে ৬-৮ ঘণ্টা তাঁতশালত বহে। তাই প্ৰায় প্ৰতিদিনে কাপোৰ বয়, কাচিৎহে এটা দিনৰ বিৰতি লয়। তাইৰ বাঁহৰ তাঁতশালখন গিৰীয়েক ধনেশ্বৰ ব্ৰহ্মই সাজি দিছে। ধনেশ্বৰে ওচৰে-পাজৰে থকা গাঁওবোৰত কাম কৰি দৈনিক ৩০০ টকা উপাৰ্জন কৰে। তেঁওৰ উপাৰ্জনেৰে ঘৰৰ খৰছ-পাতি ওলায়। চামাৰ উপাৰ্জনৰ সৰহভাগ সিহতৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ নামত খৰছ হয়। 'সুলেখাই যাতে কলেজলৈ যাব পাৰে তাৰ কাৰণে তাইক চাইকেল এখন কিনি দিবলগীয়া আছিল,' তাই কয়। আটাইতকৈ নিকটৱৰ্ত্তী কলেজখন বিজনীত আছে, সেয়া তাৰপৰা ২৫ কিলোমিটাৰ দুৰৈত। সুলেখাই কলেজলৈ যাওতে প্ৰথম পাঁচ কিলোমিটাৰ চাইকেল চলাই মংগোলিয়ান বজাৰলৈ যায়। তাৰপৰা তাই বিজনিলৈ ৰিক্সাত যায়।

Doing the household chores forms a big part of Sama’s day
PHOTO • Anne Pinto-Rodrigues
Sama heads to the market on her bicycle
PHOTO • Anne Pinto-Rodrigues

ঘৰৰ কাম-বনৰ সময়খিনি চামাৰ তাঁতশালত বহোতে যায়, বজাৰ-সমাৰ কৰা ইটো-সিটোৰ বাবে তাই তাইৰ চাইকেলখন লৈ যায়

কিন্তু যিমানেই নতুন প্ৰজন্মই শিক্ষা লাভ কৰি কামৰ বাবে ওলাই গৈছে, বড়োসকলৰ হস্ততাঁত কলা লাহে লাহে লোপ পাই আহিছে। 'পৰম্পৰাটোক জীয়াই ৰাখিবলৈ মই মোৰ ভাগৰখিনি কৰি গৈছো,' চামাই কয়। 'মই মোৰ দুয়োজনী ডাঙৰ জীক কাপোৰ বোৱা-কটা শিকাইছো। মেনুকাই কাপোৰত জটিল ফুল তুলিব পাৰে, ইফালে সুলেখাই সৰল কাপোৰ বোৱা-কটা কৰি পাকৈত হোৱাৰ দিশত আগবাঢ়িছে। '

হাতে-বোৱা কাপোৰৰ চাহিদা বাঢ়ি আহিছে। 'কিছু বছৰ আগতে পশ্চিমবংগৰ পৰা মেচিনত বোৱা দখনাৰে বজাৰ উপচি পৰিছিল। ২৫০-৩০০ টকা বজাৰ দৰৰ দখনাবোৰৰ দাম কম হ’লেও গুণাগুণ আছিল তেনেই নিম্ন', চামাই কয়। 'এতিয়া হাতেবোৱা দখনাই বজাৰলৈ পুনৰাৱৰ্তন কৰিছে আৰু ভাল দখনা এখন বোৱাৰ কষ্টৰ প্ৰতি মানুহে সমাদৰ যাঁচিছে। মানুহে তেনে এখন দখনাৰ কাৰণে ৬০০ টকা, আনকি কেতিয়াবা তাতোকৈও বেছি টকা দিবলৈ প্ৰস্তুত আছে।'

আমি চামাৰ চাইকেলখনৰ দিশে আগবাঢ়িলো- তাই বজাৰলৈ যোৱা আৰু ইটো-সিটো কামৰ বাবে সেই চাইকেলখন ব্যৱহাৰ কৰে। তাতেই মই বিদায় সম্ভাষণ জনালো। পৰিয়ালৰ আৰ্থিক অৱস্থাৰ প্ৰত্যাহ্বানাৰ মাজতে উপাৰ্জনৰ আৰু তাইৰ সন্তানকেইটাৰ পঢ়া-শুনাৰ খৰছ বহন কৰাৰ সুযোগে চামাৰ মনটোক আনন্দ দিয়ে। তাই দৃঢ় বিশ্বাস যে সুলেখাৰ প্ৰজন্মৰ দিনবোৰ ফৰকাল হ’ব।

এই সাক্ষাতকাৰ সম্ভৱ কৰি তোলাৰ বাবে আৰু বড়ো ভাষাৰ অনুবাদৰ বাবে আগৰ দাগ্ৰা আফাডৰ প্ৰৱন্ধক ৰহিমল নাৰ্জাৰীলৈ বিশেষ ধন্যবাদ।

অনবাদঃ পংকজ দাস

Anne Pinto-Rodrigues

অ্যানি পিন্টো-রডরিগেজ নেদারল্যান্ড নিবাসী লেখক এবং আলোকচিত্রী। তাঁর কাজ বিষয়ে জানা যেতে পারে এখানে: www.annepintorodrigues.com

Other stories by Anne Pinto-Rodrigues
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das