অন্ধ্ৰপ্ৰদেশ আৰু তেলাংগনাৰ জলকীয়া খেতি চপোৱাৰ সময়ত চুবুৰীয়া ৰাজ্য চত্তীশগড় আৰু ওড়িশাৰ পৰা সীমা পাৰ হৈ কম বয়সীয়া ল’ৰা-ছোৱালীয়ে তাত কাম কৰিবলৈ আহে। সিহঁতে মজুৰিৰ বাবে নাহে, গোটেই বছৰটো জোৰাকৈ জলকীয়া নিবলৈ আহে। এই জাৰ থকা জলকীয়াবিধ গোটাই নিবলৈ সিহঁত ইমানেই আগ্ৰহী যে সিহঁতৰ বহুতেই জলকীয়া চপোৱা এই বৃহৎ উৎসৱত ভাগ ল’বলৈ বুলি স্কুল খতি কৰে, আন দহো কাম-বন কাতি কৰি আহে। পাকঘৰত সকলো সময়তে প্ৰয়োজন হোৱা এই জলকীয়া গোটোৱাৰ এইটোৱে সিহঁতৰ হাতত পোৱা একমাত্ৰ সুযোগ।

পৰিয়ালত ডাঙৰবোৰে সৰুবোৰতকৈ বেছি জলকীয়া খায়, তেওঁলোকৰ বাবে এয়া নিয়মীয়া খাদ্যবস্তুৰ ভিতৰত পৰে। কিন্তু সেই সৰুবোৰেই জলকীয়া গোটোৱা কামটোত আগত থাকে। গোটেই বছৰটো জোৰাকৈ জলকীয়া নিয়া কাম কৰা শ্ৰমিক বলৰ আধাখিনিয়েই সৰু ল’ৰা-ছোৱালী। পৰৱৰ্তীবাৰ খেতি চপোৱাৰ সময়লৈকে জোৰাকৈ তেওঁলোকে জলকীয়া ‘আৰ্জিবলৈ’ সক্ষম হয়। এদিনৰ ১২০ টকা মজুৰিৰ পৰিৱৰ্তে তেওঁলোকে সেইখিনি টকাৰ জলকীয়া ল’বলৈ বেছি ভাল পায়, কিছুমান পৰিয়ালে এনেকৈ আধা কুইণ্টল পৰ্য্যন্ত, কেতিয়াবা এক কুইণ্টল পৰ্য্যন্ত জলকীয়া পায়। এক কিলোগ্ৰামত ১০০ টকাকৈ ধৰিলে এক কুইণ্টলত ১০,০০০ টকাৰ কাম হয়গৈ।

এইখিনি উপাৰ্জন পৰিয়ালবোৰৰ বাবে পইচাৰ ফালৰ পৰাও সুবিধাজনক। এটা পৰিয়ালে এবছৰত ১২ৰ পৰা ২০ কিলোগ্ৰাম জলকীয়া খায়। ৰৈ যোৱাখিনি তেওঁলোকে অতিৰিক্ত উপাৰ্জনৰ বাবে বিক্ৰীও কৰিব পাৰে। পামৰ পৰা চিঙি অনা সতেজ আৰু উত্তম মানৰ জলকীয়া তেওঁলোকে বছৰটো খাব পৰাটোও ই সুনিশ্চিত কৰে।

“আমি গাঁৱৰ পৰা ২০ জন মানুহ আহিছো আৰু আমি ইয়াত তিনি সপ্তাহ থাকিম,” ওড়িশাৰ মলকানগিৰি জিলাৰ গুটুমুৰা গাঁৱৰ উমাশংকৰ পৰিয়ামিয়ে কয়। “আমাৰ সকলোৱে পইচাৰ পৰিৱৰ্তে জলকীয়া বিচাৰে।”

PHOTO • Purusottam Thakur

মলকানগিৰি জিলাৰ পৰা উমাশংকৰে ঘৰলৈ বুলি জলকীয়া উপাৰ্জন কৰিবলৈ আহিছে

তেলাংগনা আৰু অন্ধ্ৰপ্ৰদেশ সেউজীয়া জলকীয়া খেতিপথাৰৰ কাষৰ ৰাস্তাবোৰত ৰঙা ৰঙা পকা জলকীয়াবোৰ দ’ম কৰি থোৱা থাকে। ফেব্ৰুৱাৰীৰ পৰা এপ্ৰিললৈ জলকীয়াৰে পথাৰবোৰ ভৰি পৰে। প্ৰায়ভাগে জনজাতীয় শ্ৰমিক ওড়িশা আৰু চত্তীশগড়ৰ পৰা আহে আৰু খুচুৰা বিক্ৰী বা ৰপ্তানীৰ বাবে জলকীয়া চিঙি, ভাগ ভাগ কৰি দ’মাই থয়।

শ্ৰমিকসকলৰ আধাসংখ্যকেই শিশু, উৎসুকতাৰে ভৰা সিহঁতে দৌৰাদৌৰি কৰি জলকীয়াৰ দ’মবোৰ ভাগ ভাগ কৰি মৰাপাটৰ বস্তাত সেইবোৰ বান্ধে। কেৱল উৎসুকতা বুলি ক’লে ভুল হ’ব, দৰিদ্ৰতাইও সিহঁতক খেতিৰ এই কামলৈ সিহঁতক আনে। সিহঁথৰ প্ৰায়ভাগ পৰিয়ালেই দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰে। নিজৰ অঞ্চলত সংস্থাপনৰ সুবিধা নথকাই সিহঁতে ৰাজ্যৰ সীমা পাৰ হৈ দেশৰ সৰ্বাধিক জলকীয়া উৎপাদন কৰা এই ৰাজ্যকেইখনলৈ আহিবলৈ বাধ্য হয়।

PHOTO • Purusottam Thakur

চত্তীশগড় আৰু ওড়িশাৰ আদিবাসীসকলে জলকীয়া চপোৱা কাম কৰে

তাৰোপৰি জলকীয়া পুৱা, দুপৰীয়া, ৰাতি সকলো আহাৰতে খাব পাৰি। আন খাদ্যত থকা বহু পুষ্টিদ্ৰব্য এই জলকীয়াত থাকে। বহু ব্যঞ্জনৰ ই জুতি বঢ়ায়। আন পৰ্বতো জলকীয়া ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ চাহিদা খুবেই বেছি।

এনেকৈ সীমা পাৰ হৈ অন্ধ্ৰপ্ৰদেশত জলকীয়া চপোৱা কাম কৰিবলৈ অহা এগৰাকী হৈছে চত্তীশগড়ৰ ভেট্টি ময়ে (১৪)। সুকমা জিলাৰ বাৰেচিটি গাঁৱৰ ময়েৰ দেউতাক দুবছৰ আগতে মেলেৰিয়া হৈ ঢুকায়, তাৰপিছত পৰিয়াল চম্ভালিবলৈ তেওঁ স্কুল এৰে আৰু পৰিয়ালৰ সৰু মাটিড’ৰাত কাম কৰিবলৈ লয়। কেতিয়াবা তেওঁ নিৰ্মাণ ছাইটতো কাম কৰে। নিজৰ মাটিৰ খেতি চপোৱাৰ পিছত তেওঁ জলকীয়া চপোৱা কামৰ বাবে ইয়ালৈ আহিছে।

একেখন গাঁৱৰে আন ৩৫ জন লোকৰ সৈতে ময়ে আহিছে। তেওঁলোক আটায়ে পইচাৰ পৰিৱৰ্তে ঘৰলৈ জলকীয়া নিব খোজে। “জলকীয়া চিঙা কামটোত দিনে ১২০ টকা মজুৰি,” ময়ে কয়। “মই যদি জলকীয়া লওঁ, তেন্তে আমি চিঙা জলকীয়া ১২টা বস্তা পাম। মজুৰিৰ পৰিৱৰ্তে জলকীয়া লোৱাই আমি পচন্দ কৰোঁ।”

ঋতু শেষ হোৱাৰ পিছত যুৱ শ্ৰমিকহঁতে ঘৰলৈ বুলি জলকীয়া লৈ যায়। তেওঁলোকৰ জীৱনত অলপ জলকীয়াৰ জুতি যোগ হয়। জলকীয়াৰ কথা আহি পৰিলেই স্কুল আৰু আন কাম-বন পিছ পৰি ৰয়।

PHOTO • Purusottam Thakur

বস্তা ভৰ্তি গৰু গাড়ীৰে বছৰটোৰ বাবে ঘৰলৈ বুলি জলকীয়া

অনুবাদ: পংকজ দাস

Purusottam Thakur

পুরুষোত্তম ঠাকুর ২০১৫ সালের পারি ফেলো। তিনি একজন সাংবাদিক এবং তথ্যচিত্র নির্মাতা। বর্তমানে আজিম প্রেমজী ফাউন্ডেশনে কর্মরত পুরুষোত্তম সমাজ বদলের গল্প লেখায় নিযুক্ত আছেন।

Other stories by পুরুষোত্তম ঠাকুর
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das