“জ্বলাই দিয়া সেইবোৰ!”

ৰাস্তাৰ পৰা ঠিক এনেকুৱাই কিছুমান শব্দ উফৰি আহিছিল ২০২৩ৰ ৩১ মাৰ্চৰ নিশা, মোহন বাহাদুৰ বুধাই আছিল সাক্ষী, যেতিয়া ১১৩ বছৰ পুৰণি আজিজিয়া মাদ্ৰাছাখনত অগ্নিসংযোগ কৰা হৈছিল।

“মানুহে চিঞৰ-বাখৰ কৰি মূল দুৱাৰখন ভাঙিবলৈ ধৰা মই শুনিবলৈ পাইছিলো। ওলাই আহি দেখিলো যে সিহঁতে ইতিমধ্যে লাইব্ৰেৰীত সোমাই সকলো কিতাপ-পত্ৰ, আচবাব সকলো লণ্ডভণ্ড কৰিবলৈ লৈছে,” ২৫ বছৰ বয়সীয়া চিকিউৰিটি গাৰ্ডজনে কয়।

সিহঁতৰ হাতে হাতে “ভাল্লা (শেল), তলোৱাৰ আৰু ইটা আছিল। সিহঁতে চিঞৰি আছিল, ‘জ্বলাই দে, মাৰি পেলা’।”

‘কাপব’ৰ্ডখনত ২৫০ খন কালমি (হাতেলিখা) কিতাপ আছিল, দৰ্শন, বাগ্মিতা আৰু ব্যাধি নিৰাময় আদি বিষয়ক কিতাপ আছিল’

বুধাৰ আচল ঘৰ নেপালত। তেওঁ যোৱা ডেৰ বছৰ ধৰি বিহাৰচৰিফ চহৰৰ মাদ্ৰাছা আজিজিয়াত কাম কৰি আছিল। “লণ্ডভণ্ড নকৰিবলৈ কাবৌ-কাকূতি কৰোঁতে তেওঁলোকে মোক মৰিয়াবলৈ ধৰে। মোক ঘোঁচা মাৰি কয়, ‘চালা নেপালী, পলা ইয়াৰ পৰা, মাৰ খাবি নহ’লে।’”

তেওঁ কৈ আছে ২০২৩ৰ ৩১ মাৰ্চৰ ঘটনাটোৰ কথা, যিদিনা চহৰখনত ওলোৱা ৰাম নৱমী শোভাযাত্ৰাৰ সময়ত সাম্প্ৰদায়িক কূটাঘাতকাৰীয়ে মাদ্ৰাছাখন (ইচলামিক অধ্যয়নৰ স্কুল আৰু লাইব্ৰেৰী) জ্বলাই দিছিল।

“লাইব্ৰেৰীটোত এতিয়া একো বাকী নাই,” বুধাই কয়। “এতিয়া সিহঁতক চিকিউৰিটি গাৰ্ডো নালাগে। মই কৰ্মহীন হৈ পৰিলো।”

২০২৩ৰ এপ্ৰিলত পাৰিয়ে মাদ্ৰাছা আজিজিয়ালৈ গৈছিল, তাৰে এসপ্তাহ আগেয়ে কেৱল এই মাদ্ৰাছাখনেই নহয়, বিহাৰৰ নালন্দা জিলাৰ বিহাৰচৰিফৰ বিভিন্ন স্থানত থকা উপাসনাস্থলত আক্ৰমণ চলোৱা হৈছিল। আৰম্ভণিতে কৰ্তৃপক্ষই চহৰখনত সান্ধ্য আইন জাৰী কৰিছিল আৰু ইণ্টাৰনেট বন্ধ কৰি দিছিল যদিও, এসপ্তাহ পিছত সেইবোৰ উঠাই লোৱা হৈছিল।

প্ৰাক্তন ছাত্ৰ ছৈয়দ জামাল হাচানে আমি যোৱা সময়ত অৱসন্নভাৱে খোজ কাঢ়ি থকা দেখা পোৱা গ’ল, তেওঁ কয়, “লাইব্ৰেৰীটোত ইমান কিতাপ আছিল, আটাইবোৰ পঢ়িব নোৱাৰিলো।” তেওঁ ১৯৭০ত তৃতীয় শ্ৰেণীত এই স্কুলত নাম লগাইছিল আৰু আলিম লৈছিল (স্নাতক)।

“কিবা ৰৈছে নেকি চাবলৈ মই আহিছিলো,” হাচানে কয়।

Mohan Bahadur Budha, the security guard of the library says that the crowd had bhala (javelin), talwaar (swords) and were armed with bricks as weapons
PHOTO • Umesh Kumar Ray
A picture of the library after the attack
PHOTO • Umesh Kumar Ray

বাওঁফালে: লাইব্ৰেৰীটোৰ চিকিউৰিটি গাৰ্ড মোহন বাহাদুৰ বুধাই কয় যে জাকটোৰ হাতত শেল, তলোৱাৰ আৰু ইটা আছিল। সোঁফালে: আক্ৰমণৰ পিছত লাইব্ৰেৰীটোৰ এই দৃশ্য

৭০ বছৰীয়া মানুহজনে যেনেকৈ ইফালে-সিফালে চাই হুমুনিয়াহ কাঢ়িছে, সহজেই ধৰিব পাৰি যে তেওঁৰ সময়ৰ সেই কিতাপেৰে ঠাহ খাই থকা মাদ্ৰাছাখন এতিয়া ছাৰখাৰ হৈছে। জ্বলি যোৱা কিতাপৰ ছাইবোৰ আৰু আধাপোৰা কিতাপৰ অৱশিষ্টবোৰ তাত পৰি আছে। পোৰা কিতাপৰ গন্ধই পৰিৱেশটোক বেলেগ এটা বিষণ্ণ ৰূপ দিছে। প্ৰাচীন কাঠৰ আলমাৰিবোৰ পুৰি ছাই হৈ গৈছে।

১১৩ বছৰ পুৰণি মাদ্ৰাছাটোত প্ৰায় ৪,৫০০ কিতাপ আছিল, তাৰে ৩০০ খন কিতাপ কোৰান আৰু হাদিথ, ইছলাম ধৰ্মৰ পৱিত্ৰ হাতেলিখা ধৰ্মগ্ৰন্থ আছিল। স্কুলৰ অধ্যক্ষ মহম্মদ ছাকিৰ কাচমিয়ে কয়, “এটা আলমাৰীত ২৫০ খন কালমি (হাতেলিখা) কিতাপ আছিল, তাত দৰ্শন, বাগ্মিতা আৰু ৰোগ নিৰাময় বিষয়ক কিতাপ আছে। ইয়াৰোপৰি ১৯১০ চনৰ পৰা ইয়াত পঢ়া শিক্ষাৰ্থীৰ ৰেজিষ্টাৰ, মাৰ্কশ্বিট, চাৰ্টিফিকেট আদি আছিল।”

সেই দুৰ্ভাগ্যজনক দিনটোৰ কথা মনত পেলাই কাচমিয়ে কয়, “মই চিটি পেলেচ হোটেল গৈ দেখো যে চহৰখনৰ অৱস্থা দুৰ্ভাগ্যজনক আছিল। সকলোতে আছিল কেৱল ধোঁৱা। পৰিস্থিতি (ৰাজনৈতিক) এনে নাছিল যে আমি চহৰখনত সোমাব পাৰো।”

দ্বিতীয়দিনা কাহিলীপুৱাৰ ভাগতহে অধ্যক্ষজনে মাদ্ৰাছখনত সোমাব পাৰিছিল। ৩ লাখ মানুহ থকা চহৰখনত বিদ্যুতৰ সংযোগ কাটি দিয়া হৈছিল। “মই পুৱা চাৰি বজাত অকলে আহিছিলো। মোৰ ম’বাইলটোৰ ফ্লাশ্ব জ্বলাই চাইছিলো, হতভম্ব হৈ পৰিছিলো। নিজকে চম্ভালিব পৰা নাছিলো।”

*****

Mohammad Shakir Qasmi, the Principal of Madrasa Azizia, is first generation teacher from his family. When he had visited the library on 1st April, he was shocked to see the situation
PHOTO • Umesh Kumar Ray
Remnants of the burnt books from the library
PHOTO • Umesh Kumar Ray

বাওঁফালে: মাদ্ৰাছা আজিজিয়াৰ অধ্যক্ষ মহম্মদ ছাকিৰ কাচমি তেওঁৰ পৰিয়ালৰ প্ৰথম প্ৰজন্মৰ শিক্ষক। ১ এপ্ৰিলৰ দিনা তেওঁ পৰিস্থিতি দেখি আচৰিত হৈ পৰিছিল। সোঁফালে: লাইব্ৰেৰীটোৰ পোৰা যোৱা কিতাপ

মাদ্ৰাছা আজিজিয়াৰ প্ৰৱেশদ্বাৰৰ কাষতে আধা ডজনমান মানুহে মাছ বিক্ৰী কৰি আছে। অঞ্চলটো মানুহেৰে ভৰি আছে আৰু দাম-দৰৰ চিঞৰ-বাখৰ শুনা গৈছে। ৰাস্তাৰে গাড়ীবোৰ পাৰ হৈ গৈ আছে, পৰিস্থিতি স্বাভাৱিক যেনেই লাগিছে।

“মাদ্ৰাছাখনৰ পশ্চিমফালে এটা মন্দিৰ আছে আৰু পূৱদিশত এটা মছজিদ। এয়া গংগা-যমুনা তহজীবৰ উৎকৃষ্ট নিদৰ্শন (সাংস্কৃতিক মিলনৰ),” অধ্যক্ষ কাচমিয়ে আঙুলিয়াই দিয়ে।

“আমাৰ আজানে তেওঁলোকক কেতিয়াও অশান্তি দিয়া নাই, আমাকো সিহঁতৰ ভজনে অসুবিধা দিয়া নাই। কেতিয়াও ভবা নাছিলো এনেকৈ কোনোবাই আমাৰ তহজিব (সংস্কৃতি) ছাৰখাৰ কৰি পেলাব। বৰ দুখ পাইছো।”

স্কুলখনৰ আনবোৰে কয় যে দ্বিতীয়দিনাও সংঘৰ্ষকাৰীয়ে পেট্ৰল বোমা পেলাই আন কোঠাবোৰৰো ক্ষতি কৰিব চেষ্টা চলাইছিল। আধাডজনমান দোকান আৰু গুদামঘৰ ধ্বংস হৈছিল আৰু লুট-পাত চলোৱা হৈছিল। ক্ষতিৰ পৰিমাণ বুজাবলৈ স্থানীয় লোকে থানাত দাখিল কৰা এজাহাৰবোৰৰ প্ৰতিলিপি এই প্ৰতিবেদকক দেখুৱাইছিল।

সাম্প্ৰদায়িক হিংসা বিহাৰচৰিফত নতুন ঘটনা নহয়। ১৯৮১ত এক গুৰুতৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল, স্থানীয় লোকে কয়, কিন্তু তেতিয়া মাদ্ৰাছা আৰু লাইব্ৰেৰীত আক্ৰমণ চলোৱা নাছিল।

*****

The Madrasa Azizia was founded by Bibi Soghra in 1896 in Patna and was shifted to Biharsharif in 1910
PHOTO • Shreya Katyayini
Principal Qasmi showing the PARI team an old photo of Madrasa Azizia students when a cultural program was organized
PHOTO • Shreya Katyayini

বাওঁফালে: মাদ্ৰাছা আজিজিয়া পাটনাত ১৮৯৬ত স্থাপন কৰা হৈছিল আৰু ১৯১০ত বিহাৰচৰিফত স্থানান্তৰিত কৰা হৈছিল। সোঁফালে: মাদ্ৰাছা আজিজিয়াত সাংস্কৃতিক অনুষ্ঠান এটাৰ সময়ত তোলা ফটো এখন অধ্যক্ষ কাচমিয়ে দেখুৱাইছে

১৮৯৬ত বিবি ছোগ্ৰাৰ দ্বাৰা স্থাপিত মাদ্ৰাছা আজিজিয়াত ৫০০ ল’ৰা-ছোৱালী নাম লগাইছে। ইয়াত নাম লগোৱা শিক্ষাৰ্থীয়ে বিহাৰৰ ৰাজ্যিক ব’ৰ্ডৰ সমতুল্য স্নাতকোত্তৰ ডিগ্ৰীৰ পঢ়া সম্পূৰ্ণ কৰিব পাৰে।

বিবি ছোগ্ৰাৰ অঞ্চলটোৰ এগৰাকী মহাজন আৰু তেওঁৰ স্বামী আব্দুল আজিজৰ মৃত্যুৰ পিছত এই মাদ্ৰাছাখন স্থাপন কৰিছিল। “তেওঁ বিবি ছোগ্ৰা ৱাকফ ইষ্টেটখনো প্ৰতিষ্ঠা কৰিছিল আৰু মাটিখিনি সামাজিক কাম-কাজ যেনে শিক্ষাৰ বাবে মাদ্ৰাছা চলোৱা, ক্লিনিক চলোৱা, মছজিদৰ চোৱাচিতা, পেঞ্চন, খাদ্য বিতৰণ আদি বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছিল,” হেৰিটেজ টাইমচৰ প্ৰতিস্থাপক উমৰ আশ্ৰফে কয়।

এই মাদ্ৰাছাখন ইউনাইটেড নেচনচ্ পপুলেচন ফাণ্ড (ইউ.এন.এফ.পি.এ.), বিহাৰ মাদ্ৰাছা ব’ৰ্ড আৰু বিহাৰ শিক্ষা বিভাগৰ দ্বাৰা ২০১৯ত মুকলি কৰা তালিম-ই-নৌবালিঘান শীৰ্ষক কিশোৰ-কিশোৰীৰ শিক্ষাৰ এক কাৰ্য্যসূচীৰ সৈতেও জৰিত আছিল।

“এই ঘাঁটুকুৰা (মাদ্ৰাছা আৰু লাইব্ৰেৰীটো জ্বলাই পেলোৱা) সামান্য শুকাব, কিন্তু আমাক দুখ দি থাকিব,” বিবি চোগ্ৰা ৱাকফ ইষ্টেটৰ প্ৰশাসক মোখতাৰুল হকে কয়।

এই ষ্ট ’ৰিটো বিহাৰৰ উপান্ত শ্ৰেণীৰ কাৰণে সংগ্ৰাম কৰা এগৰাকী ট্ৰেড ইউনিয়নিষ্টৰ স্মৃতিত প্ৰদান কৰা ফেল’শ্বিপৰ অধীনত কৰা হৈছে

অনুবাদ: পংকজ দাস

Video : Shreya Katyayini

শ্রেয়া কাত্যায়নী একজন চলচ্চিত্র নির্মাতা এবং পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার বরিষ্ঠ ভিডিও সম্পাদক। তিনি পারি’র জন্য ছবিও আঁকেন।

Other stories by শ্রেয়া কাত্যায়ণী
Text : Umesh Kumar Ray

উমেশ কুমার রায় ২০২২এর পারি ফেলো। বিহার-নিবাসী এই স্বতন্ত্র সাংবাদিকটি প্রান্তবাসী সম্প্রদায়দের নিয়ে লেখালেখি করেন।

Other stories by Umesh Kumar Ray
Editor : Priti David

প্রীতি ডেভিড পারি-র কার্যনির্বাহী সম্পাদক। তিনি জঙ্গল, আদিবাসী জীবন, এবং জীবিকাসন্ধান বিষয়ে লেখেন। প্রীতি পারি-র শিক্ষা বিভাগের পুরোভাগে আছেন, এবং নানা স্কুল-কলেজের সঙ্গে যৌথ উদ্যোগে শ্রেণিকক্ষ ও পাঠক্রমে গ্রামীণ জীবন ও সমস্যা তুলে আনার কাজ করেন।

Other stories by Priti David
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das