ফৰকাল আকাশ। চোকা ৰ’দ। ৩৯ বৰ্ষীয় সুনীতা ৰাণীয়ে প্ৰায় ৩০ গৰাকী মহিলাৰ এটা গোটৰ সৈতে কথা পাতি আছে আৰু তেওঁলোকক নিজৰ অধিকাৰৰ কাৰণে ঘৰৰ পৰা দলে-বলে ওলাই অনিশ্চিতকাললৈ অনশনত বহিবলৈ উৎসাহ যোগাইছে। ‘নিশ্চিত কাম, অনিশ্চিত মজুৰী’ এইবুলি সুনীতাই মাত মাতিছে। ‘নচলিব, নচলিব,’ বুলি আন মহিলাসকলে সাজোৰে চিঞৰিছে।

সোণিপত চহৰত, দিল্লী-হাৰিয়ানা ৰাষ্ট্ৰীয় ঘাইপথৰ অসামৰিক চিকিৎসালয়ৰ বাহিৰত ঘাঁহনিত ৰঙা পোচাকত-হাৰিয়ানাত সেয়াই তেওঁলোকৰ ইউনিফৰ্ম- এই মহিলাসকলে এখন তিৰ্পাল পাৰি বহি সুনীতাৰ কথা শুনিছে। তাতে তেওঁ আটায়ে জনা ওজৰ-আপত্তিৰ কথা আলোচনা কৰিছে।

এই সকলো মহিলা আশাকৰ্মী, অৰ্থাৎ স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্য়কৰ্মী। তেওঁলোক ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য অভিযান (এন.আৰ.এইচ.এম.)ৰ পদাতিক সেনা আৰু গ্ৰামীণ জনতাক দেশৰ সাৰ্বজনীন স্বাস্থ্য প্ৰণালীৰ সৈতে যোগসূত্ৰ স্থাপন কৰা গুৰুত্বপূৰ্ণ সত্তা। দেশত ১০ লাখৰো অধিক আশাকৰ্মী আছে আৰু তেওঁলোক প্ৰায়ে স্বাস্থ্য সম্বন্ধীয় আৱশ্যকতা আৰু জৰুৰীকালীন স্থিতিত হাজিৰ হোৱা প্ৰথম শাৰীৰ স্বাস্থ্যসেৱা কৰ্মী।

তেওঁলোকে ১২ টা প্ৰাথমিক আৰু ৬০ টাৰো অধিক উপ-কাৰ্যালয়ত মাকো মৰা কাম কৰিবলগীয়া হয়। তাতে পৰিপুষ্টি, স্বচ্ছতা আৰু সংক্ৰামক ৰোগৰ বিষয়ে তথ্য প্ৰচাৰৰ লগতে যক্ষ্মা ৰোগীৰ চিকিৎসাৰ ওপৰত নজৰ ৰখা আৰু স্বাস্থ্য সুচাংকৰ ৰেকৰ্ড ৰখাৰো কামো তেওঁলোকে কৰে।

ইয়াৰ লগতে আন ভালেমান কাম তেওঁলোকে কৰে। কিন্তু সুনীতাই কয়, ‘কিন্তু এইবোৰৰ মাজতে এটা কাম ৰৈ গৈছে যিটোৰ কাৰণে আমাক প্ৰশিক্ষণ দিয়া হৈছে। সেয়া হৈছে মাতৃ আৰু নৱজাতকৰ স্বাস্থ্য ভাললৈ অনা।’ সুনীতাই সোণিপত জিলাৰ নাথুপুৰ গাঁৱত কাম কৰে। তেওঁ গাওঁখনৰ তিনিগৰাকী আশাকৰ্মীসকলৰ মাজৰ এজন। তেওঁৰ ওপৰত ২৯৫৩ৰো অধিক লোকৰ স্বাস্থ্যৰ খতিয়ান ৰখাৰ দায়িত্ব।

ASHA workers from Sonipat district on an indefinite strike in March; they demanded job security, better pay and a lighter workload
PHOTO • Pallavi Prasad

সোণিপত জিলাৰ আশাকৰ্মীয়ে মাৰ্চৰ পৰা অনিশ্চিতকাললৈ অনশনত নামিছে, তেওঁলোকে চাকৰিৰ নিৰাপত্তা, ভাল বেতন আৰু কামৰ কম বোজাৰ দাবী জনাইছে

প্ৰসৱৰ পূৰ্বে আৰু প্ৰসবোত্তৰ কালচোৱাত চোৱাচিতাৰ উপৰিও আশাকৰ্মীয়ে চৰকাৰৰ পৰিয়াল নিয়ন্ত্ৰণ নীতি, গৰ্ভনিৰোধক আৰু গৰ্ভধাৰণৰ মাজত ব্যৱধান ৰখাৰ আৱশ্যকতা আদিৰ বিষয়ে জনসজাগতা সৃষ্টিৰো দায়িত্ব নিৰ্বাহ  কৰিব লাগে। ২০০৬ত যেতিয়া আশা কাৰ্যসূচী আৰম্ভ কৰা হয়, তেতিয়াৰে পৰা তেওঁলোকে নৱজাতকৰ মৃত্যুৰ হাৰ কম কৰাৰ মূল দায়িত্ব পালন কৰি আহিছে আৰু ২০০৬ৰ পৰা প্ৰতি ১০০০ শিশুৰ বিপৰীতে ৫৭ জনৰ মৃত্যুৰ পৰিৱৰ্তে ২০১৭ত এই সংখ্যা ৩৩ লৈ হ্ৰাস পায়। ২০০৫-০৬ৰ পৰা ২০১৫-১৬ৰ মাজভাগত প্ৰসৱপূৰ্ব যতনৰ কাৰণে ঘৰে ঘৰে চাৰিবাৰ বা তাতোকৈ অধিক যোৱাৰ হাৰ ৩৭ শতাংশৰ পৰা ৫১ শতাংশলৈ বৃদ্ধি পায় আৰু হাস্পতালত প্ৰসৱত হাৰ ৩৯ শতাংশৰ পৰা ৭৯ শতাংশ হয়গৈ।

‘আমি যি ভাল কাম কৰিছো আৰু যি কৰিব পাৰো, তাৰ উপৰিও আমি নিৰন্তৰ সমীক্ষাৰ প্ৰপত্ৰও পুৰণ কৰি থাকিব লাগে,’ সুনীতাই কয়।

‘আমি প্ৰতিদিনে এক নতুন প্ৰতিবেদন দাখিল কৰিব লাগে,’ জখৌলি গাঁৱৰ এগৰাকী আশা কৰ্মী ৪২ বৰ্ষীয় নীতু (নাম সলনি কৰা হৈছে)য়ে কয়। ‘এদিন এ.এন.এম. (সহায়ক নাৰ্ছ ধাত্ৰী যাৰ ওচৰত আশাকৰ্মীয়ে প্ৰতিবেদন দাখিল কৰিব লাগে)গৰাকীয়ে আমাক প্ৰসৱপূৰ্ব অৱস্থাৰ মহিলাসকলৰ সমীক্ষা কৰিবলৈ কয়, পিছদিনা আমি আনুষ্ঠানিক প্ৰসৱৰ সংখ্যাৰ বিষয়ে তথ্য যুগুত কৰো, তাৰ পিছদিনা আমি (কৰ্কট, মধুমেহ আৰু হৃদৰোগ নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অংশ হিচাপে) সকলোৰে ৰক্তচাপৰ লেখ ৰাখিব লাগে। তাৰপিছত আমাক নিৰ্বাচনী আয়োগৰ কাৰণে বুথ পৰ্যায়ৰ বিষয়াৰ সমীক্ষাৰ কাৰণে কোৱা হয়। কামৰ অন্ত নাই।’

নীতুৰ অনুমান মতে ২০০৬ত যেতিয়া তেওঁ নিযুক্তি পায়, তেতিয়াৰে পৰা এতিয়ালৈ তেওঁ এইখিনি কাম কৰিবলৈ কমেও ৭০০ সপ্তাহ সময় ব্য়য় হৈছে আৰু কেৱল বেমাৰ হ’লে নাইবা উচৱৰ সময়তহে ছুটী পাইছে। তেওঁৰ শৰীৰ অৱশ হৈ পৰা দেখা গৈছিল, যদিওবা ৮২৫৯ জনবসতিৰ তেওঁৰ গাওঁখনত ন গৰাকী আশাকৰ্মী আছে। দুৱাৰে দুৱাৰে গৈ কৰা কামৰ এখন দীঘলীয়া তালিকা আছে যিবোৰ কৰাৰ বাবে যিকোনো সময়তে নিৰ্দেশ আহিব পাৰে, যেনে ধৰক গাঁৱত কিমানটা পকী ঘৰ আছে সেয়া গণনা কৰা, কিমান ঘৰৰ তাত গৰু-ম’হ আছে আদি।

‘২০১৭ত মই আশাকৰ্মী হোৱাৰ কেৱল তিনি বছৰৰ ভিতৰত মোৰ কাম তিনিগুণ বাঢ়ি গ’ল, আৰু ইয়াৰে প্ৰায় সকলো কামেই লিখিত আকাৰত কৰিবলগা হয়,’ ৩৯ বৰ্ষীয় আশাকৰ্মী ছবি কাশ্যপে কয়। তেওঁ অসামৰিক চিকিৎসালয়ৰ পৰা ৮ কি.মি. দুৰত নিজ গাওঁ বহলগঢ়ৰ পৰা এই অনশনত ভাগ ল’বলৈ আহিছে। ‘চৰকাৰৰ দ্বাৰা আমাৰ ওপৰত জাপি দিয়া কাম যেতিয়া শেষ হয়, তেতিয়াহে আমি আমাৰ ঘাই কাম আৰম্ভ কৰো।’

'We don’t even have time to sit on a hartal,' says Sunita Rani; at meetings, she notes down (right) the problems faced by co-workers
PHOTO • Pallavi Prasad
'We don’t even have time to sit on a hartal,' says Sunita Rani; at meetings, she notes down (right) the problems faced by co-workers
PHOTO • Pallavi Prasad

‘আমাৰ হাতত অনশনত বহাৰো সময় নাই,’ সুনীতা ৰাণীয়ে কয়; বৈঠকত তেওঁ সহকৰ্মীৰ ওজৰ-আপত্তিবোৰ টুকি লৈছে (তলত সোঁফালে)

বিয়াৰ ১৫ বছৰ পিছতো ছবিয়ে নিজৰ ঘৰৰ পৰা অকলে কেতিয়াও ওলোৱা নাছিল, হস্পিতাললৈ বুলিও ওলোৱা নাছিল। ২০১৬ত যেতিয়া আশা সমন্বয়ক এগৰাকী মহিলা তেওঁৰ গাঁৱলৈ আহিল আৰু আশাকৰ্মীৰ দ্বাৰা কৰা কামৰ এখন কৰ্মশালা আয়োজন কৰিলে, তাতে ছবিয়ে নিজৰ নাম পঞ্জীয়ন কৰাৰ আগ্ৰহ প্ৰকাশ কৰিলে। অতিকমেও ৮ম মানলৈ পঢ়া-শুনা কৰা আৰু সামুহিক স্বাস্থ্য স্বেচ্ছাসেৱক হিচাপে কাম কৰাত আগ্ৰহ প্ৰকাশ কৰা ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ তিনিগৰাকী বিবাহিত মহিলাৰ নাম কৰ্মশালাৰ পিছত সমন্বয়কজনে সূচীবদ্ধ কৰিলে।

ছবিৰ এই কামত ৰুচি আছিল, কিন্তু তেওঁৰ গিৰীয়েকে সেই কাম নকৰিবলৈ ক’লে। তেওঁ বহলগঢ়ত ইন্দিৰা কলনীত ব্যক্তিগত খণ্ডৰ হস্পিতাল এখনৰ নাৰ্ছিং ষ্টাফত কাম কৰে আৰু সপ্তাহত দুদিন ৰাতিৰ চিফটত কাম কৰে। ‘আমাৰ এহাল সন্তান। মোৰ স্বামী এই লৈ চিন্তিত আছিল যে যদি আমি দুয়োজনেই কামৰ কাৰণে বাহিৰলৈ যাও, তেন্তে সিহঁতৰ চোৱাচিতা কোনে কৰিব,’ ছবিয়ে কয়। কেইমাহমান যোৱাৰ পিছত টকাৰ নাটনি ঘটাত তেওঁ পত্নীক চাকৰি কৰিবলৈ ক’লে। তেওঁ পৰৱৰ্তী নিযুক্তি অভিযানৰ অধীনত আবেদন কৰে আৰু গাওঁৰ গাওঁসভাৰ দ্বাৰা তেওঁক বহলগঢ়ৰ ৪,১৯৬ নিবাসীৰ বাবে পাঁচগৰাকী আশাকৰ্মীৰ মাজৰ এগৰাকী হিচাপে নিযুক্তি দিয়া হ’ল।

‘দম্পত্তি হিচাপে আমি এটা নিয়ম বান্ধি লৈছো। তেওঁৰ ৰাতিৰ ডিউটি থকাৰ দিনা ৰাতি কাৰোবাৰ প্ৰসৱযন্ত্ৰণা হ’লে হস্পিতাললৈ নিবলগীয়া পৰিস্থিতিত মই সন্তানহালক এৰি যাব নোৱাৰো। মই এম্বুলেঞ্চলৈ কল কৰো বা কোনো আন আশাকৰ্মীক এই কাম কৰাৰ কাৰণে কওঁ,’ ছবিয়ে কয়।

গৰ্ভৱতী মহিলাক প্ৰসৱৰ কাৰণে হস্পিতাললৈ নিয়াটো সেই বিভিন্ন কামৰ মাজৰ এটা, যিবোৰ আশাকৰ্মীয়ে প্ৰতি সপ্তাহত কৰিবলগীয়া হয়। ‘যোৱা সপ্তাহত ডাক্তৰে বান্ধি দিয়া সময় পাৰ হোৱা এগৰাকী মহিলাই ফোন কৰি ক’লে যে তেওঁৰ প্ৰসৱযন্ত্ৰণা আৰম্ভ হৈছে আৰু মই তেওঁক হস্পিতাললৈ লৈ যাব লাগে। কিন্তু মই যাব পৰা অৱস্থাত নাছিলো,’ সেই সপ্তাহতে তেওঁক সোণিপতৰ ৰায় তহচিলৰ বাঢ় খালচা গাঁৱৰ আয়ুষ্মান পৰিচালন কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছিল, ৩২ বৰ্ষীয় শীতল, আয়ুষ্মান বাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অন্তৰ্গত কামৰ কথা কৈ তেওঁ বিৱৰি কয়। শিবিৰত চৰকাৰী স্বাস্থ্য যোজনাৰ কাৰণে প্ৰাৰ্থীয়ে নিজৰ গাঁৱৰ সকলো মহিলাক প্ৰপত্ৰ আৰু ৰেকৰ্ডৰ মাজত তেওঁ সোমাই পৰিছিল। দৰাচলতে যিগৰাকী এ.এন.এম.ক তেওঁ প্ৰতিবেদন দাখিল কৰিব লাগে, তেওঁ শীতলক আন সকলো কাম এৰি আয়ুষ্মান ভাৰতৰ কামক প্ৰাধান্য দিবলৈ নিৰ্দেশ দিছিল।

‘মই সেই গৰ্ভৱতী মহিলাগৰাকী বিয়া হৈ এই গাওঁখনলৈ অহাৰ পিছৰ দুবছৰ ধৰি তেওঁৰ সৈতে বিশ্বাসৰ সম্পৰ্ক স্থাপনৰ চেষ্টা কৰি আহিছিলো। মই সকলো পৰিস্থিতিতে তেওঁৰ লগ এৰা নাছিলো। তেওঁৰ শাহুৱেকক সৈমান কৰা যাতে তেওঁ বোৱাৰীয়েকক পৰিয়াল পৰিকল্পনাৰ বিষয়ে কথা পাবলৈ অনুমতি দিয়ে, আৰু তেওঁৰ গিৰীয়েকক সন্তান জন্ম দিয়াৰ পিছত দুবছৰৰ ব্যৱধান ৰাখিবলৈ কোৱা আৰু তাৰ পিছত তেওঁৰ গৰ্ভাৱস্থাৰ সম্পূৰ্ণ সময়চোৱালৈকে। মই তেওঁৰ ওচৰত থাকিব লাগিছিল,’ শীতলে কয়।

ইয়াৰ পৰিৱৰ্তে তেওঁ ফোনত আধাঘণ্টালৈকে চিন্তিত পৰিয়ালটোক শান্ত কৰাৰ চেষ্টা কৰিলে, তেওঁলোকে শীতল নোহোৱাকৈ ডাক্তৰৰ ওচৰলৈ যাবলৈ প্ৰস্তুত নাছিল। শেষত যেনিবা শীতলে ব্যৱস্থা কৰি দিয়া এম্বুলেঞ্চত ডাক্তৰৰ ওচৰলৈ গ’ল। ‘আমি তৈয়াৰ কৰা ভৰসাৰ শৃংখলত এনেকৈ আউল লাগে,’ সুনীতা ৰাণীয়ে কয়।

'In just three years, since I became an ASHA in 2017, my work has increased three-fold', says Chhavi Kashyap
PHOTO • Pallavi Prasad

২০১৭ত মই আশাকৰ্মী হিচাপে নিযুক্তি পোৱাৰ তিনিটা বছৰতে মোৰ কাম তিনিগুণ বাঢ়িছে, ছবি কাশ্যপে কয়

আশাকৰ্মীয়ে যেতিয়া নিজৰ কামৰ কাৰণে ওলাই যায়, তেতিয়া প্ৰায়ে তেওঁলোকৰ এখন হাত বন্ধ হৈ থাকে। ড্ৰাগ কিট সাধাৰণতে উপলব্ধ নাথাকে, আনকি আন বাধ্যতামূলক বস্তু যেনে গৰ্ভৱতী মহিলাৰ কাৰণে পেৰাচিটেমল টেবলেট, আয়ৰন আৰু কেলচিয়ামৰ বড়ি, অ’ৰেল ৰিহাইড্ৰেছন চল্ট (ও.আৰ.এছ.), কণ্ডম, মৌখিক গৰ্ভনিৰোধক বড়ি আৰু গৰ্ভপৰীক্ষাৰ সঁজুলি আদিও নাথাকে। ‘আমাক একো দিয়া নহয়, আনকি মুৰৰ বিষৰ দৰৱো দিয়া নহয়। আমি প্ৰত্যেকৰ ঘৰে ঘৰে আৱশ্যকতাবোৰৰ টোকা লিখো, যেনে ধৰক গৰ্ভনিৰোধৰ কাৰণে কি উপায় অৱলম্বন কৰিছে আদি, আৰু তাৰপিত এ.এন.এম.লৈ অনুৰোধ জনাও যাতে তেওঁ আমাৰ বাবে সেইবোৰৰ ব্যৱস্থা কৰে,’ সুনীতাই কয়। অনলাইন উপলব্ধ চৰকাৰী লেখ মতে সোণিপত জিলাত ১,০৪৫ আশাকৰ্মীৰ কাৰণে মাত্ৰ ৪৮৫ টা ড্ৰাগকিট দিয়া হৈছিল।

আশাকৰ্মীসকলে নিজৰ সামুহিক কামলৈ শুদাহাতেই ওলাবলগীয়া হয়। ‘কেতিয়াবা আমি কেৱল আইৰনৰ বড়ি দিও, কেলচিয়ামৰ দিব নোৱাৰো, য’ত নেকি গৰ্ভৱতী মহিলাই দুয়োবিধ বড়িয়েই সেৱন কৰিব লাগে। কেতিয়াবা আমি প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ কাৰণে গাইপতি ১০ টাকৈ বড়ি দিও, যিবোৰ ১০ দিনতে শেষ হৈ যায়। মহিলাসকলে আমাৰ ওচৰলৈ আহে, কিন্তু দিবলৈ আমাৰ হাতত একোৱেই নাথাকে,’ ছবিয়ে কয়।

কেতিয়াবা তেওঁলোকক বেয়া গুণাগুণৰ বস্তুও দিয়া হয়। ‘বহুমাহলৈকে কোনো এবিধ বস্তু নোপোৱাৰ পাছত যেতিয়া শেষলৈ মালা-এন (হৰমনভিত্তিক মৌখিক গৰ্ভনিৰোধক বড়িৰ সংযুতি)ৰ ভৰ্তি বাকচ পাও, ম্যাদ উকলিবলৈ সেইবোৰৰ এমাহমান থাকে, তেতিয়াই সেইবোৰ যিমান সম্ভৱ সোনকালে বিলাই শেষ কৰাৰ নিৰ্দেশ আহে,’ সুনীতাই কয়। মালা-এনৰ ব্যৱহাৰ কৰা মহিলাৰ প্ৰতিক্ৰিয়া, যিবোৰ আশাকৰ্মীয়ে অতি কষ্ট স্বীকাৰ কৰি লিপিবদ্ধ কৰে, সেইবোৰ কাচিৎহে বিবেচনা কৰা হয়।

অনশনৰ দিনা দুপৰীয়ালৈকে বিৰোধ প্ৰদৰ্শনৰ কাৰণে ৫০ গৰাকী আশাকৰ্মী একগোট হৈছে। হাস্পতালৰ বহিৰ্বিভাগৰ কাষৰ এখন চাহৰ দোকানৰ পৰা চাহ মগোৱা হৈছে। যেতিয়া কোনোবাই সোধে যে ইয়াৰ পইচা কোনে দিব, তেতিয়া নীতুৱে ধেমালীৰ চলেৰে কয় যে তেওঁৰ দেখোন ছমাহ ধৰি দৰমহাই নাই, তাই দিব নোৱাৰে। এন.আৰ.এইচ.এম.ৰ ২০০৫ৰ নীতি অনুসৰি আশাকৰ্মী ‘স্বেচ্ছাসেৱক’, তেওঁলোকৰ বেতন তেওঁলোকে কৰা কামৰ সংখ্যা ভিত্তিত কৰা হয়। আশাকৰ্মীক দিয়া বিভিন্ন কামৰ মাজত কেৱল পাঁচটা ‘নিয়মিত আৰু বাৰম্বাৰ’ হোৱা কাম বুলি তালিকাভূক্ত কৰা হৈছে। এই কামৰ বাবে কেন্দ্ৰ চৰকাৰে ২০১৮ৰ অক্টোবৰত ২,০০০ টকা মাহিলী দিয়াৰ বাবে অনুমোদন জনাইছিল, কিন্তু সেইখিনিও সময়মতে আদায় দিয়া হোৱা নাই।

ইয়াৰ উপৰিও আশাকৰ্মীক প্ৰতিটো কাম সম্পন্ন হোৱাৰ পিছতহে ধন আদায় দিয়া হয়। তেওঁলোকে যক্ষ্মা প্ৰতিৰোধী দৰৱ ৰোগীক ছমাহলৈ দিয়াৰ বাবদ খুব বেছি ৫,০০০ টকা, ও.আৰ.এছ. এপেকেটৰ বাবদ ১ টকা পাব পাৰে। পৰিয়াল পৰিকল্পনা সংক্ৰান্ত বিষয়ত ধন তেতিয়াহে পায়, যেতিয়া মহিলাই বন্ধ্য়াকৰণ কৰায়, তেওঁলোকক দুটা সন্তানৰ মাজত ব্য়ৱধান ৰখাৰ উপায়ৰ বাবে উৎসাহ যোগাব লাগে। মহিলা বন্ধ্যাকৰণ নাইবা পুৰুষ বন্ধ্যাকৰণৰ সুবিধা প্ৰদান কৰাৰ বাবদ আশাকৰ্মীয়ে উদগনিমূলক ভাট্টা হিচাপে ২০০-৩০০ টকা পায়, য’তনেকি কণ্ডম, মৌখিক গৰ্ভনিৰোধক বড়ি আৰু জৰুৰীকালীন গৰ্ভনিৰোধক বড়িৰ প্ৰতিটো পেকেট বিতৰণৰ বাবদ তেওঁক মাত্ৰ ১ টকা দিয়া হয়। পৰিয়াল পৰিকল্পনাৰ সামান্য পৰামৰ্শৰ কাৰণে তেওঁলোকক একো আদায় দিয়া নহয়, যদিওবা এই কামটো তেনেই কষ্টকৰ আৰু সময় খৰছী কাম।

Sunita Rani (centre) with other ASHA facilitators.'The government should recognise us officially as employees', she says
PHOTO • Pallavi Prasad

অন্য আশাকৰ্মীসকলৰ সৈতে সুনীতা ৰাণী (সোঁমাজত)। ‘চৰকাৰে আমাক চৰকাৰীভাৱে কৰ্মচাৰী হিচাপে স্বীকৃতি দিব লাগে,’ তেওঁ কয়

ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ত বহু অনশনৰ পিছত বিভিন্ন ৰাজ্যই নিজৰ আশাকৰ্মীক এক নিৰ্দিষ্ট মাহিলী বেতন দিয়া আৰম্ভ কৰিছে। কিন্তু দেশৰ বিভিন্ন ঠাইত এই পৰিমাণ ভিন্ন, কৰ্ণাটকত তেওঁলোকে মাহে ৪০০০ টকা পায়, তাৰ পৰিৱৰ্তে অন্ধ্ৰপ্ৰদেশত ১০,০০০ টকা পায়, হাৰিয়ানাত ২০১৮ৰ জানুৱাৰীৰ পৰা প্ৰতিগৰাকী আশাকৰ্মীক ৰাজ্য চৰকাৰে মাহে ৪০০০ টকা দিয়ে।

‘এন.আৰ.এইচ.এম.ৰ নীতি অনুসৰি আশাকৰ্মীৰ দ্বাৰা প্ৰতিদিন তিনিৰ পৰা চাৰি ঘণ্টা, সপ্তাহত চাৰিৰ পৰা পাঁচ দিন কাম কৰাৰ আশা কৰা হৈছে। কিন্তু ইয়াতে কাৰো মনত নাই যে তেওঁলোকে শেষবাৰ কেতিয়া ছুটী লৈছিল। আৰু আমি আৰ্থিকভাৱে কেনেদৰে সহায় কৰা হৈছে?’ সুনীতাই ডাঙৰ ডাঙৰ মাতেৰে কথাখিনি কৈ আলোচনা আৰম্ভ কৰিলে। ভালেকেইগৰাকীয়ে ক’বলৈ আৰম্ভ কৰিলে। কিছুমানে ৰাজ্য চৰকাৰৰ দ্বাৰা ২০১৯ৰ ছেপ্টেম্বৰৰ পৰা মাহিলী বেতন পোৱা নাই, আন বহুতে তেওঁলোকৰ কাম হিচাপত পাৰিশ্ৰামিক যোৱা আঠ মাহ ধৰি পোৱা নাই।

বহুতেই আকৌ কিমানখিনি আদায় পাবলগীয়া আছে, সেয়াই পাহৰিছে। ‘টকা ভিন ভিন সময়ত, দুটা ভিন্ন উৎস- ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ পৰা কম কমকৈ আহে। সেয়ে মনত নাথাকে যে কোনখিনি পইচা ক’ৰপৰা আহিছে,’ নীতুৱে কয়। বকেয়া ৰাশিৰ এই বিলম্বিত, সামান্য আদায়ৰ পৰা ব্যক্তিগত লোকচান হয়। বহুতে ঘৰত তিতা-কেহা শুনিবলগীয়া হয় যে কামটো যেতিয়াই তেতিয়াই বহু সময়লৈ কৰিব লাগে, কিন্তু পইচা তদনুৰূপ নাপায়। সেয়ে কিছুমান পৰিয়ালৰ হেচাত পৰি এই কাৰ্যসূচী এৰিছে।

ইয়াৰ উপৰিও আশাকৰ্মীয়ে প্ৰায়ে বিভিন্ন উপ-কেন্দ্ৰলৈ অহা-যোৱাৰ বাবদ বা ৰোগীক হস্পিতাললৈ নিয়াৰ নামত ১০০-১৫০ টকা নিজৰ পকেটৰ পৰা খৰছ কৰিবলগীয়াও হয়। ‘আমি পৰিয়াল পৰিকল্পনা সংক্ৰান্ত মেলৰ বাবে গাঁৱলৈ গ’লে যেতিয়া প্ৰখৰ ৰ’দ ওলায়, প্ৰচণ্ড গৰম পৰে, মহিলাসকলে আশা কৰে যে আমি তেওঁলোকৰ কাৰণে শীতল পানীয় আৰু খাদ্যবস্তুৰ যোগাৰ কৰিম। সেয়ে আমি আমাৰ মাজৰে পৰাই ধন গোটাও আৰু লঘু আহাৰৰ বাবদ ৪০০-৫০০ টকা খৰছ কৰো। আমি এনে নকৰিলে মহিলাবোৰ নাহিব,’ শীতলে কয়।

অনশনত বহাৰ দুই-আঢ়ৈ ঘণ্টা হৈছে। তেওঁলোকৰ দাবীবোৰ স্পষ্টঃ আশাকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ কাৰণে স্বাস্থ্য কাৰ্ডৰ ব্যৱস্থা কৰিব লাগে যিখনেৰে তেওঁলোকে চৰকাৰী তালিকাভূক্ত হাস্পতালত সকলো সুবিধা লাভ কৰিব পাৰে, তেওঁলোকৰ পেঞ্চন নিশ্চিত কৰা হওঁক, তেওঁলোকক সৰু সৰু ঘাইৰ দুই পৃষ্ঠাৰ কাগজৰ পৰিৱৰ্তে নিজৰ কামৰ কাৰণে পৃথক পৃথক ধৰণৰ প্ৰপত্ৰ দিয়া হওঁক, আৰু উপকেন্দ্ৰত এটা আলমাৰী দিয়া যাওক, যাতে তেওঁলোকে কণ্ডম, চেনিটেৰী নেপকিন আদি ঘৰত মজুত ৰাখিবলৈ বাধ্য নহয়। ফাকুৱা উৎসৱৰ তিনিদিন আগত নীতুৰ ল’ৰাটোৱে আলমাৰীত ৰখা বেলুনৰ কথা সুধিছিল, দৰাচলতে সেয়া নীতুৱে বিতৰণৰ বাবে মজুত কৰি ৰখা কণ্ডম আছিল।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, আশাকৰ্মীসকলে বিচাৰে যে তেওঁলোকৰ কামৰ সন্মান আৰু স্বীকৃতি তেওঁলোকে পাব লাগে।

Many ASHAs have lost track of how much they are owed. Anita (second from left), from Kakroi village, is still waiting for her dues
PHOTO • Pallavi Prasad

বহু আশাকৰ্মীৰ আনকি এই কথাও মনত নাই যে তেওঁলোকৰ বকেয়া ৰাশি কিমান। কাকৰৌৱি গাঁৱৰ অনীতা (বাওঁফালৰ পৰা দ্বিতীয়গৰাকী)য়ে এতিয়াও বকেয়া ৰাশি পোৱাৰ আশাত অপেক্ষাৰত

‘জিলাখনৰ ভালেমান হস্পিতালৰ প্ৰসৱ কক্ষত চিহ্ন এটাত লিখা থাকে, ‘আশাকৰ্মীৰ প্ৰৱেশ নিষেধ’,’ ছবিয়ে কয়। ‘আমি মহিলাসকলক প্ৰসৱৰ কাৰণে দোভাগ ৰাতি লৈ যাও, আশ্বস্ত নোহোৱা মহিলাই আমাৰ ওপৰত ভৰসা কৰে বাবেই আমাক প্ৰায়ে ৰ’বলৈ কয়। কিন্তু আমি ভিতৰলৈ যাবলৈ অনুমতি নাপাও। হস্পিতালৰ কৰ্মচাৰীয়ে কয়, ‘এতিয়া বাহিৰলৈ ওলাই যাওক।’ কৰ্মচাৰীয়ে আমাক এনে আচৰণ কৰে যেন আমি তেওঁলোকতকৈ নিম্নস্তৰৰ,’ তেওঁ কয়। বহু আশাকৰ্মীয়ে দম্পত্তিহালৰ সৈতে নাইবা পৰিয়ালৰ সৈতে গোটেই ৰাতি থাকে, যদিওবা বহুতো প্ৰাথমিক আৰু সামুহিক স্বাস্থ্যকেন্দ্ৰত অপেক্ষাকাৰীৰ কক্ষ নাথাকে।

বিৰোধ প্ৰদৰ্শনৰ ঠাইত আবেলি প্ৰায় ৩ বাজিছে। মহিলাসকল উচপিচ কৰিব ধৰিছে। তেওঁলোকে কামলৈ ঘূৰি যোৱাৰ সময় হৈছে। সুনীতাই মোখনি মাৰিবলৈ লৈছেঃ ‘চৰকাৰে আমাক বিভাগীয়ভাৱে কৰ্মচাৰী হিচাপে স্বীকৃতি দিব লাগে, স্বেচ্ছাসেৱক হিচাপে নহয়। তেওঁলোকে আমাৰ মুৰৰ পৰা সমীক্ষাৰ বোজা আঁতৰাব লাগে, যাতে আমি নিজৰ কাম সুচাৰুৰূপে কৰিব পাৰো। আমাৰ বকেয়া ৰাশি আদায় দিব লাগে।’

এতিয়া ভালেকেইগৰাকী আশাকৰ্মী থিয় দিছে। ‘নিশ্চিত কাম, অনিশ্চিত মজুৰী,’ সুনীতাই শেষবাৰৰ বাবে শ্লোগান জুৰিছে। ‘নচলিব, নচলিব,’ আগতকৈ এইবাৰ সবল কণ্ঠৰে মহিলাসকলে সঁহাৰি দিছে। ‘আমাৰ হাতত নিজৰ অধিকাৰৰ কাৰণে অনশনত বহাৰো সময় নাই, আমি অনশনৰ কাৰণে শিবিৰ আৰু সমীক্ষাৰ মাজতে সময় উলিয়াবলগীয়া হৈছে!’ শীতলে নিজৰ দোপাত্তাখন মুৰত লৈ হাঁহি মাৰি কথাষাৰ কৈ নিজৰ দৈনিক সমীক্ষাৰ কামৰ কাৰণে সাজু হ’ল।

প্ৰচ্ছদ সচিত্ৰকৰণঃ প্ৰিয়ংকা ব’ৰাৰ এগৰাকী নিউ মিডিয়া শিল্পী। নতুন ধৰণৰ অৰ্থ আৰু প্ৰকাশভংগীৰ সন্ধানত তেওঁ প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা চলাই আহিছে। শিকন আৰু খেল-ধেমালীৰ বাবে ন-অভিজ্ঞতাৰ সৃষ্টি কৰা, ইণ্টাৰেক্টিভ মিডিয়াৰে কাৰচাজি কৰা প্ৰিয়ংকাই কাগজ-কলমেৰেও সৃষ্টিশীল কাম কৰি ভাল পায়।

সমগ্ৰ দেশখনৰ গ্ৰামাঞ্চলৰ কিশোৰী আৰু যুৱ মহিলা শ্ৰেণীৰ ওপৰত পাৰি আৰু কাউণ্টাৰমিডিয়া ট্ৰাষ্টে কৰা প্ৰতিবেদনৰ প্ৰকল্প হৈছে সৰ্বসাধাৰণ মানুহৰ জীৱন্ত অভিজ্ঞতা আৰু মাত-কথাৰ জৰিয়তে অত্যন্তিক অথচ উপান্ত হৈ ৰোৱা এই শ্ৰেণীৰ নাৰীসমাজৰ অৱস্থাৰ অনুধাৱনৰ বাবে পপুলেশ্যন অৱ ইণ্ডিয়া সমৰ্থিত অন্বেষণমূলক পদক্ষেপৰ এক অংশ।

এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিবলৈ বিচাৰে নেকি? তেন্তে অনুগ্ৰহ কৰি Cc-ত [email protected] ৰাখিএই ইমেইল ঠিকনালৈ লিখক- [email protected]

অনুবাদঃ পংকজ দাস

Anubha Bhonsle

২০১৫ সালের পারি ফেলো এবং আইসিএফজে নাইট ফেলো অনুভা ভোসলে একজন স্বতন্ত্র সাংবাদিক। তাঁর লেখা “মাদার, হোয়্যারস মাই কান্ট্রি?” বইটি একাধারে মণিপুরের সামাজিক অস্থিরতা তথা আর্মড ফোর্সেস স্পেশাল পাওয়ারস অ্যাক্ট এর প্রভাব বিষয়ক এক গুরুত্বপূর্ণ দলিল।

Other stories by Anubha Bhonsle
Pallavi Prasad

পল্লবী প্রসাদ মুম্বই-ভিত্তিক একজন স্বতন্ত্র সাংবাদিক, ইয়ং ইন্ডিয়া ফেলো এবং লেডি শ্রী রাম কলেজ থেকে ইংরেজি সাহিত্যে স্নাতক। তিনি লিঙ্গ, সংস্কৃতি এবং স্বাস্থ্য ইত্যাদি বিষয়ের উপর লেখেন।

Other stories by Pallavi Prasad
Illustration : Priyanka Borar

নিউ-মিডিয়া শিল্পী প্রিয়াঙ্কা বোরার নতুন প্রযুক্তির সাহায্যে ভাব এবং অভিব্যক্তিকে নতুন রূপে আবিষ্কার করার কাজে নিয়োজিত আছেন । তিনি শেখা তথা খেলার জন্য নতুন নতুন অভিজ্ঞতা তৈরি করছেন; ইন্টারেক্টিভ মিডিয়ায় তাঁর সমান বিচরণ এবং সেই সঙ্গে কলম আর কাগজের চিরাচরিত মাধ্যমেও তিনি একই রকম দক্ষ ।

Other stories by Priyanka Borar
Editor : Hutokshi Doctor
Series Editor : Sharmila Joshi

শর্মিলা জোশী পিপলস আর্কাইভ অফ রুরাল ইন্ডিয়ার (পারি) পূর্বতন প্রধান সম্পাদক। তিনি লেখালিখি, গবেষণা এবং শিক্ষকতার সঙ্গে যুক্ত।

Other stories by শর্মিলা জোশী
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das