মনজিত কৌৰে গোহালিৰ ইটা-মাটিৰ মজিয়াৰ পৰা দুয়োখন হাতেৰে ম’হৰ গোবৰ তুলিছে। গোৰোহাৰ ওপৰৰত ভৰ দি বহা ৪৮ বছৰ বয়সীয়া মনজিতে মজিয়াত লাগি থকা অৱশিষ্ট গোবৰখিনি তুলি চৰিয়া এটাত ভৰাইছে, তাৰপাছত মূৰৰ ওপৰত লৈছে। সাৱধানে সেই বোজা মূৰৰ ওপৰত ভাৰসাম্য ৰাখি চৌহদটোৰ কাঠৰ জপনাখন তেওঁ পাৰ হৈছে, ৫০ মিটাৰমান দূৰত থকা গোবৰনিত সেয়া নিক্ষেপ কৰিছে। গোবৰনিত দ’মটো তাইৰ বুকুৰ সমান ওখ হৈছে, সেয়া তাইৰ মাহজোৰা শ্ৰমৰ সাক্ষী।
এপ্ৰিলৰ প্ৰখৰ ৰ’দ পৰিছে। আধা ঘণ্টা সময়ত মনজিতে আঠবাৰ এনেকৈ গোবৰ পেলাইছে। শেষত তেওঁ দমকলৰ পানীত চৰিয়াটো খালি হাতেৰে ধুইছে। দিনটোৰ বাবে ঘৰ এৰাৰ আগেয়ে তেওঁ ষ্টীলৰ পাত্ৰ এটাৰ আধামানলৈকে ম’হৰ গাখীৰ ভৰাইছে, সেয়া তাইৰ নাতিল’ৰাটোৰ কাৰণে।
ৰাতিপুৱা ৭ বজাৰ পৰা এয়া তেওঁ ছয় নম্বৰ ঘৰৰ কাম সামৰিছে, এই আটাইবোৰ ঘৰ জাট শিখসকলৰ। তেওঁৰ নিজৰ গাওঁ তৰন তাৰন জিলাৰ হৱেলিয়া গাঁৱৰ উচ্চ জাতৰ ভূ-স্বামীৰ ঘৰ।
“মজবুৰি হ্যে,” তেওঁ কয়। এনেকৈ গোহালি চাফা কৰি তেওঁ পেট পোহে। এদিনত কিমান গোবৰ তেওঁৰ মূৰত বোজাই কৰি নিয়ে, তেওঁ হিচাপ কৰা নাই, কিন্তু তেওঁ কয়, “বড়া চিৰ দুখতা হ্যে, ভাৰ চুকে চুকে (ইমান ওজন দাঙি দাঙি মোৰ মূৰ বিষায়)।”
তেওঁৰ ঘৰমুৱা বাটত দুয়োপাৰে সোণোৱালী ঘেঁহুৰ খেতি দুৰ-দিগন্তলৈ বিয়পি আছে। সেয়া পাঞ্জাৱত এপ্ৰিল মাহত উদযাপিত শস্য চপোৱা উৎসৱ বৈশাখীৰ পিছতে চপোৱা হ’ব। গন্দিৱিণ্ড ব্লকৰ বেছিভাগ খেতিমাটি হৱেলিয়াৰ জাত শিখ সম্প্ৰদায়ৰ লোকৰ। তেওঁলোকে তাত ঘেঁহু আৰু ধানখেতি কৰে।
মনজিতৰ দুপৰীয়াৰ আহাৰ হৈছে এঘণ্টাৰ জিৰণিৰ পিছত ঠাণ্ডা হৈ যোৱা চাপাটি আৰু চাহ। এতিয়া তেওঁৰ পিয়াহ লাগিছে। “এই গৰমতো তেওঁলোকে আমাক পানী নাযাচে,” উচ্চ জাতৰ মালিকৰ প্ৰসংগত মনজিতে কয়।
মনজিত কৌৰ মজহবি শিখৰ দলিত সম্প্ৰদায়ৰ মহিলা। দুটা দশক আগতে তেওঁলোকৰ পৰিয়াল খ্ৰীষ্টান ধৰ্মত দীক্ষিত হৈছিল। ২০১৯ৰ হিন্দুস্তান টাইমচৰ এক প্ৰতিবেদন মতে হৱেলিয়াৰ এক-তৃতীয়াংশ জনসংখ্যা অনুসূচীত জাতি আৰু পিছপৰা শ্ৰেণীৰ, যিসকল কৃষিশ্ৰমিক নাইবা দিনহাজিৰা কৰা লোক। বাকীসকল জাত শিখ। জাত শিখসকলৰ ১৫০ একৰ খেতিমাটিৰ সীমাত তাঁৰ কাঁটাৰ বেৰ, তাৰ পৰা ২০০ মিটাৰ দূৰত পাকিস্তান, প্ৰতিবেদনত কোৱা হৈছে।
হৱেলিয়া গাঁৱৰ দলিত মহিলাই জাত শিখসকলৰ ঘৰত ঘৰুৱা কাম কৰে নাইবা গোহালি চাফা কৰা আৰু গোবৰ পেলোৱা কাম কৰে।
“ গৰীবাঁ বাৰে চৰকাৰ নহী চৌচদি তহি তে গোহা চুকদে হা আচি (চৰকাৰে দুখীয়াৰ কথা নাভাৱে, সেয়ে আমি গৰু-গোহালিতে সোমাই থাকো),” মনজিতে কয়।
কামৰ বিনিময়ত সিহঁতে কি পায়?
“প্ৰতিটো গৰু বা ম’হৰ বিপৰীতে আমি এক মান (বা মৌন্দ; প্ৰায় ৩৭ কিলোগ্ৰাম) ঘেঁহু বা চাউল পাওঁ, যিটো সময়ত যিটোৰ খেতি হয়, প্ৰতি ছমাহৰ মূৰে মূৰে পাওঁ,” মনজিতে কয়।
মনজিতে সাতখন ঘৰত কাম কৰে, তেওঁলোকৰ মুঠ ৫০ টা ডংগৰ (জন্তু) আছে। “এঘৰৰ ১৫ টা, আন কোনোঘৰৰ সাতটা আছে। তৃতীয়ঘৰৰ পাঁচটা, চতুৰ্থঘৰৰ ছটা আছে…” মনজিতে গণিবলৈ ধৰিলে।
প্ৰতিঘৰে সঠিক পৰিমাণৰে ধান-চাউল দিয়ে। কেৱল ১৫ টা পশুধন থকা ঘৰে নিদিয়ে। “তেওঁলোকে ১৫ টা জন্তুৰ বিপৰীতে মাত্ৰ ১০ মান (৩৭০ কিলোগ্ৰাম) দিয়ে,” তেওঁ কয়। “তেওঁলোকৰ ঘৰত কাম কৰিবলৈ এৰিম বুলি ভাবিছো।”
সাতটা ম’হ থকা পৰিয়ালটোৰ পৰা মনজিতে ৪,০০০ ধাৰে লৈ সদ্যজাত নাতিটোৰ বাবে কাপোৰ আৰু ঘৰুৱা সামগ্ৰী আদি কিনিছিল। তাত ছমাহৰ কাম সম্পূৰ্ণ কৰাৰ পিছত তেওঁৰ পৰা প্ৰতি কিলো ঘেঁহুৰ দাম হিচাপত সেই পইচা কাটি ঘেঁহু দিয়া হৈছিল।
তেওঁ সাতটা জন্তুৰ বাবদ সাত মান পায়, প্ৰায় ২৬০ কিলোগ্ৰাম।
এক কুইণ্টল ঘেঁহুৰ ন্যূনতম সমৰ্থন মূল্য এইবছৰ ভাৰতীয় খাদ্য নিগম অনুযায়ী ২,০১৫ টকা, তেওঁৰ ২৬০ কিলোগ্ৰামত তেওঁ ৫,২৪০ টকা পাব লাগে। ঋণ পৰিশোধৰ পিছত মনজিতৰ হাতত ৰৈছিল মাত্ৰ ১,২৪০ টকাৰ ঘেঁহু।
তাৰোপৰি সুতো দিবলগীয়া হৈছে। “প্ৰতি এশ টকাত (ঋণৰ) তেওঁলোকে ৫ টকা প্ৰতিমাহ লয়,” তেওঁ কয়। এনেকৈ বাৰ্ষিক সুত ৬০ শতাংশ হয়।
এপ্ৰিলৰ মাজভাগলৈ তেওঁ ৭০০ টকা সুত দিছিল।
মনজিতে তেওঁৰ সাতজনীয়া পৰিয়ালৰ লগত থাকে। তেওঁৰ পঞ্চাশোৰ্ধ বয়সৰ গিৰীয়েক এগৰাকী কৃষিশ্ৰমিক, ২৪ বছৰীয়া পুত্ৰগৰাকীও কৃষিশ্ৰমিক, বোৱাৰী, দুটি নাতি আৰু দুজনী অবিবাহিত জীয়ৰী, বয়স ২২ আৰু ১৭। দুয়োজনীয়ে জাত শিখৰ ঘৰত ঘৰুৱা কাম কৰে আৰু মাহে গাইপতি ৫০০ টকা পায়।
তেওঁ আন এঘৰৰ পৰাও ২৫০০ টকা ধাৰে লৈ থৈছে, তাত সুত দিব নালাগে। ঘৰ চলাবলৈ উচ্চ জাতৰ লোকৰ পৰা ধাৰ ল’বলগা হয়েই, তেওঁ কয়। শাক-পাচলি কিনা, দৰৱ-পাতি, পৰিয়ালৰ বিয়া আৰু আন বিভিন্ন পৰ্বত আৰু পশুধন কিনা বা আন খৰছৰ বাবে মহিলাসকলে খোলা ক্ষুদ্ৰ সঞ্চয়ৰ কিস্তি দিবলৈ - আদি নানানটা কামত পইচাৰ প্ৰয়োজন হয়।
‘গ্ৰামীণ পাঞ্জাৱৰ দলিত মহিলা শ্ৰমিক: ভিতৰুৱা বাস্তৱ পৰিদৃষ্টি’ শীৰ্ষক ২০২০ত প্ৰকাশ পোৱা এক প্ৰতিবেদনত পাঞ্জাৱ বিশ্ববিদ্যালয়, পাটিয়ালাৰ প্ৰাক্তন অধ্যাপক ড. গিয়ান সিঙে কয় যে তেওঁ কৰা এক সমীক্ষাত পাইছিল যে গ্ৰামীণ পাঞ্জাৱৰ ৯৬.৩ শতাংশ দলিত মহিলাৰ পৰিয়াল ঋণগ্ৰস্ত, তেনে পৰিয়ালৰ গঢ় ঋণৰ বোজা আছিল ৫৪,৩০০ টকাৰো অধিক। তাৰে ৮০.৪০ পৰিয়ালৰ ঋণ অনানুষ্ঠানিক উৎসৰ পৰা লোৱা।
সুখবীৰ কৌৰ (৪৯), হৱেলিয়াৰ আন এগৰাকী দলিত মহিলাই কয় যে বেছি বছৰ কাম কৰা পৰিয়ালৰ লোকে ব্যাজ (সুত) নলয়, কেৱল নতুনবোৰে লয়।
মনজিতৰ সম্পৰ্কীয়, সুখবীৰ তেওঁৰ দুটা কোঠাৰ ঘৰৰ কাষতে থাকে। তেওঁৰ লগত তেওঁৰ স্বামী আৰু ২০ বছৰীয়া দুই পুত্ৰ থাকে। আটাইকেইজন কৃষিশ্ৰমিক, দিনহাজিৰা পালে সেয়াও কৰে, মজুৰি দিনে ৩০০ টকা। সুখবীৰে ১৫ বছৰ ধৰি জাত শিখৰ ঘৰত গোবৰ পেলোৱা আৰু গোহালি চাফা কৰা কাম কৰে।
তেওঁ দুঘৰত কাম কৰে, দহটা গৰু-ম’হৰ গোহালি চাফা কৰে। তৃতীয় ঘৰত তেওঁ মাহে ৫০০ টকাত কাম কৰে। তেওঁ পুৱা ৯ বজাৰ আগতে ঘৰ এৰে, কিন্তু ঘুৰি অহাৰ নিৰ্দিষ্ট সময় নাই। “কেতিয়াবা মই আবেলি ঘৰ উভতো, কেতিয়াবা ৩ বজাত। কেতিয়াবা সন্ধিয়া ৬ বাজে,” সুখবীৰে কয়। “ঘৰলৈ আহি আকৌ নিশাৰ আহাৰ ৰান্ধো আৰু কাম-বন কৰো। শোৱাপাটিলৈ যাও মানে ৰাতি ১০ বাজে।”
মনজিতে এইক্ষেত্ৰত সামান্য ৰেহাই পায়, সুখবীৰে কয়। তেওঁৰ বোৱাৰীয়ে ঘৰৰ প্ৰায়খিনি কাম কৰি থয়।
মনজিতৰ দৰে সুখবীৰেও মালিকহঁতৰ পৰা লোৱা ঋণত ডুবিছে। প্ৰায় পাঁচ বছৰ আগতে তেওঁ জীয়াৰীৰ বিয়াৰ বাবে এঘৰৰ পৰা ৪০,০০০ টকা ধাৰে লৈছিল। ছয় মান (প্ৰায় ২২০ কিলোগ্ৰাম) ঘেঁহু আৰু ধান তেওঁ প্ৰতি ছমাহত দি থকা স্বত্ত্বেও তেওঁৰ ধাৰ এতিয়ালৈ মৰা নাই।
তেওঁৰ দেয় পইচাখিনি প্ৰতি ছমাহৰ মূৰে মূৰে হিচাপ কৰা হয় যদিও তেওঁ ঘৰুৱা অনুষ্ঠান আৰু আন কামৰ বাবেও পইচা ধাৰে লয়। “ত্যে চলদা হি ৰেহনা হ্যে (এনেকৈয়ে চলি থাকে)। এনেকৈয়ে আমি ঋণৰ বেহুৰ পৰা ওলাব নোৱাৰা হৈ তাকো,” সুখবীৰে কয়।
তেওঁ যিঘৰৰ পৰা পইচা ধাৰে লৈছে, তেওঁলোকে মাজে-সময়ে আন ঘৰুৱা কামৰ বাবেও মাতে। “পইচা ধাৰে লৈ থোৱা কাৰণে আমি একো ক’বও নোৱাৰো,” সুখবীৰে কয়। “আমি যদি এদিন কামলৈ নাযাও, তেওঁলোকে আমাক গালি পাৰে, পইচা ঘুৰাই দি ঘৰত বহি থাকিবলৈ কয়।”
পাঞ্জাৱত দাস প্ৰথা আৰু জাতিগত বৈষম্য দূৰ কৰিবলৈ ১৯৮৫ৰ পৰা কাম কৰি অহা দলিত দাস্তান বিৰোধী আন্দোলনৰ সচিব আৰু এগৰাকী অধিবক্তা-সমাজকৰ্মী গগনদ্বীপে কয় যে এনেধৰণৰ কাম কৰা প্ৰায়ভাগ মহিলাৰে শিক্ষা-দীক্ষা নাই বুলিবই পাৰি। “তেওঁলোকে ঋণৰ পইচা ধান-ঘেঁহুত কিমান কাটিছে সেয়া হিচাপ ৰাখিব নাজানে। সেয়ে ঋণৰ বেহুত সোমাই পৰে।”
এনেধৰণৰ শোষণ মালৱা (দক্ষিণ পাঞ্জাৱ) আৰু মাঝা (পাঞ্জাৱৰ সীমামূৰীয়া এলেকা য’ত তৰন তাৰন আছে) অঞ্চলত বেছি, উপাধি নোকোৱা গগনদ্বীপে কয়। “ডোৱাবা অঞ্চলত পৰিস্থিতি সামান্য ভাল (বিজ আৰু সুতলেজ নদীৰ মাজত অৱস্থিত পাঞ্জাৱৰ এটা অংশ), তেওঁলোকৰ বহুতেই দেশৰ বাহিৰত নিগাজি হৈছে।”
পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ অধ্যয়নৰ গোটটোৰ তথ্যত কোৱা হৈছে যে সমীক্ষাত ভাগ লোৱা দলিত মহিলাসকলে ন্যূনতম মজুৰি আইন, ১৯৪৮ সম্পৰ্কে একো নাজানে।
গৰু-ম’হৰ গোবৰ পেলোৱা মহিলাসকলক ন্যূনতম মজুৰি আইনখনৰ অধীনত অন্তৰ্ভূক্ত কৰা নহয়, গগনদ্বীপে কয়। ঘৰুৱা কাম কৰাসকলক চৰকাৰে আইনখনৰ অধীনত সামৰি লৈছে যদিও ঘৰৰ বাহিৰত গোহালি চাফা কৰাসকলক সামৰি লোৱা হোৱা নাই। “এই মহিলাসকলকো প্ৰতিঘণ্টা হিচাপত ন্যূনতম মজুৰি দিয়াৰ প্ৰয়োজন আছে, কাৰণ তেওঁলোকে এদিনত এঘৰতকৈ বেছি মানুহৰ ঘৰৰ গোহালি চাফা কৰে,” গগদদ্বীপে কয়।
সুখবীৰে কেতিয়াও এইবোৰ কথা তেওঁৰ জীয়েকৰ শাহু-শহুৰৰ আগত ক’ব নোৱাৰে। “সিহঁতে গম পালে আমাক ঘিণ কৰিব। সিহঁতে ভাবিব যে তেওঁলোকৰ ল’ৰাই দৰিদ্ৰ পৰিয়াল এটাৰ পৰা বিয়া পাতিছে,” তেওঁ কয়। তেওঁৰ জোৱাঁয়েকে মেচন হিচাপে কাম কৰে যদিও তেওঁলোকৰ পৰিয়ালটো শিক্ষিত। সুখবীৰে সিহঁতক কৈছে যে তেওঁ কেতিয়াবা দিনহাজিৰা কৰে।
১৭ বছৰ বয়সত যেতিয়া মনজিতে হৱেলিয়া গাঁৱলৈ বিয়া হৈ আহে, তেওঁ কেতিয়াও আগতে তেনে কাম কৰি পোৱা নাছিল। টকা-পইচাৰ নাটনিয়ে তেওঁক দিনহাজিৰা কৰিবলৈ বাধ্য কৰালে। তেওঁৰ জীয়েকহঁতে ঘৰুৱা কাম কৰে, কিন্তু সিহঁতে গোহালি চাফা কৰিবলগীয়া নহওঁক যাতে, সেয়া তেওঁ নিশ্চিত কৰিছে।
মনজিত আৰু সুখবীৰে কয় যে তেওঁলোক দুয়োজনৰে গিৰীয়েকহঁতে মদ খাই উপাৰ্জনৰ সৰহভাগ পইচা শেষ কৰে। “তেওঁলোকে দিনটোৰ হাজিৰাৰ ৩০০ টকাৰ ২০০ টকাই মদ খাই উৰুৱায়। সেয়ে চলাটো (অৱশিষ্ট টকাৰে) টান হৈ পৰে,” সুখবীৰে কয়। কাম নাপালে সিহঁতে তেওঁলোকে ঘৈণীয়েকহঁতৰ পৰাও পইচা নিয়ে। “আমি নিদিলে আমাক মাৰ-ধৰ কৰে, ঢকিয়ায় আৰু গালৈ বস্তু দলিয়ায়,” সুখবীৰে কয়।
পাঞ্জাৱত ১৮ৰ পৰা ১৯ বছৰ বয়সৰ বিবাহিত মহিলাৰ ১১ শতাংশই স্বামীৰ পৰা শাৰীৰিক অত্যাচাৰৰ সন্মুখীন হৈছে, ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণ ২০১৯-২০ (ৰা.প.স্বা.স.-১৫)ত এই কথা কোৱা হৈছে। তাৰে ৫ শতাংশক ঢকিয়াইছে, জোকাৰি দিছে নাইবা গালৈ কিবা দলিয়াইছে; ১০ শতাংশক গিৰীয়েক চৰিয়াইছে; ৩ শতংশক ঘুচিয়াইছে নাইবা কিহবাৰে আঘাত কৰিছে, ৩ শতাংশক গুৰিয়াইছে, চোঁচৰাই নিছে বা মাৰ-পিট কৰিছে। ৩৮ শতাংশ মহিলাই সমীক্ষাত কৈছে যে তেওঁলোকৰ গিৰীয়েকবোৰে প্ৰায়ে মদ খায়।
একেটা চুবুৰীতে নিজৰ ১৫ আৰু ১২ বছৰীয়া পুত্ৰ আৰু জীয়ৰী আৰু ৬০ বছৰীয়া শহুৰেকৰ সৈতে বাস কৰা ৩৫ বছৰ বয়সীয়া দলিত মজহবি শিখ সম্প্ৰদায়ৰ সুখৱিন্দৰ কৌৰে কয় যে তেওঁ সৰুকালিত কেতিয়াও ভবা নাছিল যে তেওঁ গোবৰ পেলোৱা কাম কৰিব লাগিব। পুত্ৰ জন্ম পোৱাৰ পিছত তেওঁৰ শাহুৱেকে (পাঁচ বছৰ আগতে তেওঁ ঢুকাইছে) তেওঁক পৰিয়ালৰ খৰছ মিলাবলৈ কাম কৰিবলৈ পৰামৰ্শ দিছিল, যদিওবা সেই সময়ত তেওঁৰ গিৰীয়েকে কৃষিশ্ৰমিক হিচাপে কাম কৰি আছিল।
বিয়া হোৱাৰ পাঁচ বছৰ হোৱাৰ পিছত তেওঁ ডাঙৰ জাতৰ মানুহৰ ঘৰ মচা-সৰা কৰা, গোবাৰ পেলোৱা আৰু গোহালি চাফা কৰা কামত লাগে। এতিয়া তেওঁ দিনে পাঁচ ঘৰত কাম কৰে, তাৰে দুঘৰত মাহে ৫০০ টকাকৈ ঘৰুৱা কাম-বন কৰে। বাকী তিনিঘৰত তেওঁ ৩১ টা গৰু-ম’হৰ গোবৰ পেলায়।
আগতে তেওঁ কামটো বেয়া পাইছিল। “মোৰ মূৰত সেয়া বৰ ডাঙৰ বোজা আছিল,” তেওঁ কয়। এক চৰিয়া গোবৰৰ ওজন প্ৰায় ১০ কিলোগ্ৰামমান আছিল। তাতে আকৌ দুৰ্গন্ধ। “অ’ ডিমাগ জা কীড়া মৰ গয়া (এতিয়া আৰু গন্ধ-চন্ধ নোপোৱা হ’লো),” তেওঁ কয়।
খেতিপথাৰত কাম কৰা তেওঁৰ গিৰীয়েক ২০২১ৰ অক্টোবৰত অসুস্থ হৈ পৰে। তেওঁৰ বৃক্ক বিকল হোৱা বুলি ধৰা পৰে। তেওঁক প্ৰাইভেট হস্পিতেল এখনলৈ নিয়া হয় যদিও পিছদিনা তেওঁ ঢুকায়। “মেডিকেল ৰিপ’ৰ্টৰ পৰা আমি জানিব পাৰিলো যে তেওঁৰ এইডচ্ হৈছিল,” সুখৱিন্দৰে কয়।
তেতিয়াই তেওঁ মেডিকেল পৰীক্ষাৰ বাবে তেওঁ কাম কৰা মানুহ এঘৰৰ পৰা ৫,০০০ টকা ধাৰে লৈছিল। তাৰে পিছে পিছে শেষকৃত্য আৰু সকাম আদিৰ বাবে ১০,০০০ আৰু ৫,০০০ টকা লৈছিল।
গিৰীয়েকৰ মৃত্যুৰ আগত লোৱা ঋণৰ বাবে তেওঁ ১০০ টকাত ১০ টকা সুদ দিব লাগে, তাৰমানে বছৰি সুত হ’ব ১২০ শতাংশ। একেটা পৰিয়ালে আকৌ তেওঁৰ বিৰুদ্ধে ঘৰৰ গহণা-পাতি চুৰ কৰাৰ অভিযোগ তোলে। “সেয়ে মই তেওঁলোকৰ ঘৰত কাম কৰিবলৈ এৰি আনৰ পৰা ১৫,০০০ টকা ধাৰ কৰি তেওঁলোকৰ পইচা সুতে-মূলে পৰিশোধ কৰিলো। শেষত যেনিবা তেওঁলোকে নিজৰ ঘৰতে গহণাখিনি পালে,” সুখৱিন্দৰে কয়।
এতিয়াও তেওঁ ১৫,০০০ টকা দিবলৈ আছে।
দলিত দাস্তান বিৰোধী আন্দোলনৰ তৰন তাৰন জিলাৰ জিলা সভাপতি ৰঞ্জিত সিঙে কয় যে উচ্চ হাৰৰ সুতে এই দলিত মহিলাসকলৰ ঋণৰ লেঠা যাতে কেতিয়াও নিচিগে, সেয়া নিশ্চিত কৰে। “সুতৰ হাৰ ইমানেই বেছি হয় যে মহিলাগৰাকীয়ে সেয়া কেতিয়াও সুজিব নোৱাৰে। এনেকৈয়ে তেওঁ বন্ধুৱা শ্ৰমিক হৈ পৰে,” তেওঁ কয়। সুখৱিন্দৰৰ উদাহৰণেই লোৱা হওঁক, তেওঁ ১০,০০০ টকাৰ ঋণৰ বাবদ মাহে ১,০০০ টকা সুত ভৰে।
পঞ্চলিচ বছৰ আগতে ভাৰতে বন্ধুৱা শ্ৰমিক ব্যৱস্থা (বিলোপ) আইন, ১৯৭৬ বলৱৎ কৰিছিল। আইনখন উলংঘা কৰিলে তিনিবছৰ পৰ্য্যন্ত কাৰাবাস আৰু ২,০০০ টকাৰ জৰিমনা বিহা হয়। এগৰাকী অনুসূচীত জাতিৰ লোকক যদি বন্ধুৱা শ্ৰমিক হিচাপে কাম কৰালে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (উৎপীড়ন প্ৰতিৰোধ) আইন, ১৯৮৯ত অধীনতো দণ্ডনীয় অপৰাধ বুলি ধৰা হয়।
ৰঞ্জিতে কোৱা মতে জিলা প্ৰশাসনে এইবোৰ গোচৰ সমাধানত তেনেই সামান্য গুৰুত্ব দিয়ে।
“তেওঁ (গিৰীয়েক) বাচি থকা হ’লে ঘৰ চলোৱাত সকাহ পালোহেঁতেন,” সুখৱিন্দৰে তেওঁৰ অসহায় অৱস্থাটোক লৈ কয়। “আমাৰ জীৱনবোৰ ধাৰ লোৱা আৰু ধাৰ মাৰোতেই গৈছে।”
অনুবাদ: পংকজ দাস