“আমাক এনেকৈ তিল তিলকৈ মৰাতকৈ নেদেখাজনে সকলোকে একেলগে মাৰি নিব পাৰিলেহেঁতেন,” ২৬ মে’ৰ প্ৰচণ্ড ঘূৰ্ণীবতাহৰ ফলত অহা প্ৰৱল ঢৌৱে সুন্দৰবনৰ মৌচুনী দ্বীপ থানবান কৰি পেলোৱাত গৃহহাৰা কৃষক আজহাৰ খানে দুখেৰে কয়।

বংগ উপকূলত সিদিনাৰ প্ৰৱল জোৱাৰ-ভাটা আৰু চক্ৰবাতে মুড়িগংগা নদীত প্ৰচণ্ড উজান আনে। সেই ঢৌ আনদিনাতকৈ ১-২ মিটাৰ ওপৰলৈ উঠিছিল। নদীৰ পানীয়ে মথাউৰি ভাঙে আৰু দাঁতিকাষৰীয়া অঞ্চলবোৰ ডুবাই পেলোৱাত ঘৰ-বাৰী, খেতি-বাতিৰ প্ৰচুৰ ক্ষতিসাধন হয়।

২৬ মে’ৰ দিনা বেলি ভাতি দিয়াৰ ঠিক আগে আগে ওড়িশাৰ বালাশোৰৰ কাষত, মৌচুনীৰ দক্ষিণ-পশ্চিম দিশে প্ৰায় ৬৫ সামূদ্ৰিক মাইল দূৰত ইয়াছ ঘূৰ্ণীবতাহৰ স্থলাগম ঘটে। তাৰ লগে লগে প্ৰৱল ধুমুহাৰ সৃষ্টি হয়। এই প্ৰচণ্ড চক্ৰবাতীয় ধুমুহাই ঘণ্টাত ১৩০-১৪০ কিলোমিটাৰ বেগত গতি কৰিছিল।

“আমি ধুমুহা অহা দেখিছিলো আৰু ভাবিছিলো যে আমাৰ ঘৰৰ বস্তু-বাহিনী নিবলৈ সময় পাম। কিন্তু তেনেতে গাঁৱৰ ভিতৰলৈ হোৰাহোৰে পানী সোমাই আহিল,” বাঘদাঙা মৌজা(গাওঁ)ৰ মাজুৰা বিবিয়ে কয়। মৌচুনীৰ পশ্চিমে মুড়িগংগা নদীৰ মথাউৰিৰ কাষত তেওঁৰ ঘৰ। “আমি প্ৰাণৰ মমতাত দৌৰিলো, কিন্তু আমাৰ বস্তু-বাহিনী বচাব নোৱাৰিলো। আমাৰ বহুতেই প্ৰাণ বচাবলৈ গছৰ ওপৰত উঠিল।”

বাঘদাঙা, বালিয়াৰা, কুসুমতালা আৰু মৌচুনী- এই চাৰিখন গাঁৱলৈ নাও আৰু ফেৰি নেৰেনেপেৰা বৰষুণৰ বাবে তিনিদিন ধৰি বন্ধ আছিল। ২৯ মে’ৰ দিনা ৰাতিপুৱা মই মৌচুনী পাওতে দ্বীপটোৰ প্ৰায়ভাগ অঞ্চলেই জলমগ্ন হৈ আছিল।

মোৰ খেতিমাটিখিনি লুণীয়া পানীয়ে বুৰাই পেলালে, বাঘদাঙাৰ আশ্ৰয় শিবিৰত লগ পাওঁতে অভিলাস চৰ্দাৰে মোক কয়। “আমি খেতিয়কবোৰে জীৱিকা হেৰুৱাইছো,” তেওঁ কয়। “অহা তিনি বছৰলৈ মই সেই মাটিখিনিত একো কৰিব নোৱাৰিম। আকৌ সাৰুৱা হৈ উঠিবলৈ মাটিখিনিক সাত বছৰ পৰ্যন্ত লাগিব পাৰে।”

PHOTO • Ritayan Mukherjee

ঘূৰ্ণীবতাহ আৰু বানপানীত সৰ্বস্বান্ত হোৱা গায়েন পৰিয়াল আমাৰ ঘৰটো ভাঙি পৰিল , কেনে অৱস্থাত আছো দেখিছেই ভাগি - ছিগি শেষ হোৱা ঘৰটোৰ পৰা বিচাৰি উলিয়াবলৈ একো এটা বস্তু নাথাকিল

পশ্চিমবংগৰ দক্ষিণ ২৪ পাৰগানা জিলাৰ নদী আৰু সাগৰে আৱৰি থকা মৌচুনী দ্বীপত ইয়াছৰ তাণ্ডৱ কোনো নতুন কথা নহয়, তাত চলি অহা ধাৰাবাহিক দুৰ্যোগৰ এয়া এক শেহতীয়া ঘটনাক্ৰমহে।

এবছৰ আগতে, ২০২০ৰ ২০ মে’ত আমফান ঘূৰ্ণীবতাহে সুন্দৰবন তচনচ কৰিছিল। তাৰ আগেয়ে ২০১৯ত বুলবুল আৰু ২০০৯ৰ আইলাই বদ্বীপটো বিধ্বস্ত কৰিছিল। আইলাই মৌচুনী দ্বীপৰ প্ৰায় ৩০-৩৫ শতাংশ ভূমি প্লাৱিত কৰাত মাটিত লৱণ পৰিমাণ বাঢ়ি দক্ষিণ উপকূলৰ অধিকাংশ মাটিয়েই কৃষিৰ অনুপযোগী হৈ পৰে।

বিশেষজ্ঞসকলৰ লক্ষ্য কৰিছে যে গোলকীয়া উষ্ণতা বঢ়াৰ লক্ষণ কেৱল সাগৰপৃষ্ঠৰ উষ্ণতা বঢ়াই নহয়, বংগ উপত্যকাৰ ঘূৰ্ণীবতাহৰ প্ৰাৱল্য বৃদ্ধি কৰা উপকূলীয় অঞ্চলৰ পৃষ্ঠভাগৰ উষ্ণতা বঢ়াটোও ইয়াৰ এক লক্ষণ। এই প্ৰাৱল্য এনেকৈ বাঢ়িল যে বছৰটোৰ মে’, অক্টোবৰ আৰু নৱেম্বৰ মাহত ই প্ৰৱল ঘূৰ্ণীবতাহৰ ৰূপ ল’লে, এয়া ভাৰতীয় বতৰবিজ্ঞান বিভাগ (আইএমডি)ৰ ২০০৬ৰ এক অধ্যয়নৰ তথ্য।

ইয়াছৰ অহাৰ আগেয়ে দ্বীপটোৰ ৬০০০ একৰ ভূমিৰ প্ৰায় ৭০ শতাংশ ভূমি কৃষিৰ উপযোগী আছিল, বাঘদাঙাত পাঁচ একৰ মাটি থকা সৰল দাসে কয়। “এতিয়া ৭০-৮০ একৰ মাটিতহে পানী নুঠাকৈ আছে।”

দ্বীপটোৰ ২২,০০০ জনসংখ্যাৰ (২০১১ৰ লোকপিয়ল) প্ৰায় সকলোকে ঘূৰ্ণীবতাহে জুৰুলা কৰিছে, খেতিৰ লগতে বাঘদাঙাৰ সমবায় বিদ্যালয় এখনত কাম কৰা দাসে কয়। “দ্বীপটোৰ প্ৰায় ৪০০ টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে আৰু ২,০০০ ঘৰ বানত জহি-খহি গৈছে।” গৰু-ছাগলী মৰিছে, মাছ পোহা পুখুৰীবোৰ তল গৈছে।

PHOTO • Ritayan Mukherjee

জলমগ্ন খেতিপথাৰৰ মাজেৰে বাঘদাঙাৰ বাসিন্দা এজনে খোৱাপানীৰ ড্ৰাম এটা টানি নিছে

ঘূৰ্ণীবতাহৰ পিছত খোৱাপানীৰ একমাত্ৰ উৎস দমকলবোৰ বিচাৰি পোৱা টান হৈ পৰিছে। “প্ৰায়বোৰ দমকলেই এতিয়া পানীৰ তলত। খোৱাপানী আনিবলৈ একমাত্ৰ উৎস হিচাপে থকা পাঁচ কিলোমিটাৰ দূৰৰ দমকলটোলৈ একঁকাল পানী কাটি যাবলগীয়া হৈছে,” জয়নালে কয়।

মৌচুনীৰ বাসিন্দাই এনে দুৰ্যোগৰ সৈতে মিলি চলিবলৈ শিকিব লাগিব, সুন্দৰবন আৰু তাৰে জনজীৱনকেন্দ্ৰীক তিনিমহীয়া আলোচনী শুধু সুন্দৰবন চৰ্চাৰ সম্পাদক তথা সংৰক্ষণবিদ জ্যোতিন্দ্ৰনাৰায়ন লাহিড়ীয়ে কয়। “বানপানীত টিকিবপৰা ঘৰকে ধৰি বিভিন্ন নতুন কৌশল আয়ত্ব কৰি জীয়াই থাকিবলৈ তেওঁলোকে শিকিব লাগিব।”

মৌচুনীৰ দৰে দুৰ্যোগপ্ৰৱণ এলেকাৰ মানুহে চৰকাৰী সাহায্যৰ ওপৰত নিৰ্ভৰ নকৰে, লাহিড়ীয়ে কয়। “তেওঁলোকে জাগি শুই বাচি থাকে।”

পশ্চিমবংগ চৰকাৰৰ সমীক্ষা অনুযায়ী সমগ্ৰ ৰাজ্যজুৰি অতিকমেও ৯৬,৬৫০ হেক্টৰ (২৩৮,৮৩০ একৰ) শস্যপথাৰ বানপানীত বুৰ গৈছে। মৌচুনীত, খেতিয়েই য’ত ঘাই জীৱিকা, উৰ্বৰা খেতিমাটিৰ সিংহভাগেই লুণীয়া পানীত বুৰ যোৱাত এতিয়া জীৱন-জীৱিকা অতিকৈ শোচনীয় হৈ পৰাটো ধুৰূপ।

ইয়াছ ঘূৰ্ণীবতাহে এৰি যোৱা ধ্বংসস্তুপৰ মাজত আকৌ জীৱন গঢ়িবলৈ দ্বীপৰ বাসিন্দাবোৰ উপস্থিত হৈছে কি নাই, তাৰ মাজতে বতৰবিজ্ঞান কেন্দ্ৰই ১১ জুনত বংগ উপত্যকাৰ উত্তৰাঞ্চলত প্ৰৱল ধুমুহাৰ আগজাননী দিছে, যাৰ ফলত সুন্দৰবনত প্ৰচুৰ বৃষ্টিপাত হ’ব পাৰে।

বাঘদাঙাত বিবিজান বিবি ভয়ত বিতত হোৱাৰ আন এটা কাৰণো আছে। “পানী কমিলে গোখ্ৰা (ফেটিসাপ)বোৰ ঘৰবোৰত সোমোৱা কৰিব। বৰ ভয় খাই আছো।”

PHOTO • Ritayan Mukherjee

বোকা - পানী গৰকি নিৰঞ্জনে খোজ দিছে , কান্ধত আছে দমকলৰ পৰা ঘৰলৈ বুলি কঢ়িওৱা একলহ খোৱাপানী

PHOTO • Ritayan Mukherjee

মোৰ ছোৱালীজনী মৌচুনীত থাকে মই কেইদিনমান ধৰি তাইক ফোনত পোৱা নাই ,” নামখানাৰ প্ৰতিমা মণ্ডলে কয় জীয়েকৰ ঘৰটো যে এতিয়া পানীৰ তলত , সেই লৈ তেওঁ নিশ্চিত তাই কেনে আছে চাবলৈ গৈ আছো

PHOTO • Ritayan Mukherjee

মৌচুনী দ্বীপ পাবলৈ নাও আৰু ফেৰিয়েই যাতায়তৰ একমাত্ৰ উপায় ইয়াছ ঘূৰ্ণীবতাহৰ বাবে নামখানাৰ পৰা তিনিদিন ধৰি এই সেৱা বন্ধ হৈ আছিল ২৯ মে পৰা ফেৰিবোৰ আকৌ চলিবলৈ ধৰাত দ্বীপটোৰ বাসিন্দাই অকণমান সকাহ পাইছে

PHOTO • Ritayan Mukherjee

বান - বিধ্বস্ত মৌচুনীৰ পৰা পৰিয়াল এটাই বাঘদাঙাৰ নিৰাপদ স্থানলৈ পশুধন কঢ়িয়াই আনিছে

PHOTO • Ritayan Mukherjee

মৌচুনীৰ নিম্নদেশত বসতি কৰা পৰিয়ালবোৰৰ বহুতেই ঘৰ খালি কৰি বস্তু - বাহিনী বোজাই কৰি নিৰাপদ স্থানলৈ নিছে

PHOTO • Ritayan Mukherjee

ঘৰলৈ হোৰাহোৰে পানী সোমাই আহিল , বাঘদাঙাৰ এইগৰাকী মহিলাই কয় তেওঁ ঘৰৰ একো এটা বস্তু বচাব নোৱাৰিলে

PHOTO • Ritayan Mukherjee

তাইক বচাব পাৰি মই বৰ ভাল পাইছো ,” কণমানিজনীয়ে চৰাইটোলৈ চাই কয় তায়েই মোৰ আটাইতকৈ ভাল লগ

PHOTO • Ritayan Mukherjee

দ্বীপটোৰ কেইগৰাকীমান মহিলাই বাঘদাঙাত আশ্ৰয় লৈছে , বানৰ পানী কমালৈ অপেক্ষা কৰিছে

PHOTO • Ritayan Mukherjee

গাওঁখনৰ প্ৰাথমিক বিদ্যালয়খনত পতা ক ভিড কেয়াৰ কেন্দ্ৰটোও পানীত বুৰ গৈছে

PHOTO • Ritayan Mukherjee

বানৰ কবলত পৰি মাছুদ আলীয়ে গোটেই বছৰটোৰ বাবে জমা কৰি থোৱা চাউলখিনি হেৰুৱাইছে পানীয়ে তেওঁৰ ১২০০ কিলোগ্ৰাম চাউলৰ আটাইখিনি নষ্ট কৰিছে ,” তেওঁ কয় লুণীয়া পানীত তিতাৰ পিছত চাউলবোৰ খোৱাৰ অনুপযোগী হৈ পৰে এতিয়া ৪০ বস্তা চাউল পেলাই দিব লাগিব

PHOTO • Ritayan Mukherjee

ইমৰানে ইঁটাৰ ব্লক এটা বগৰাই ওখ ঠাইলৈ নিয়াৰ যত্ন কৰিছে সামূদ্ৰিক ঢৌ মুড়িগংগাৰ মথাউৰি ভাঙি দ্বীপটোৰ ভিতৰলৈ সোমাই আহিছিল

PHOTO • Ritayan Mukherjee

মথাউৰিৰ কাষতে থকা মাজুৰা বিবিৰ ঢৌৱে ভাঙি নিয়া ঘৰটোৰ চিন - ছাব নাই পানী হোৰাহোৰে সোমোৱাত আমি কোনোমতে বাচিলো কাগজ - পাতিতো বাদেই , ফুটা কড়ি এটাও লগত আনিব নোৱাৰিলো ,” তেওঁ কয়

PHOTO • Ritayan Mukherjee

মথাউৰিৰ পাৰত বাস কৰা ৰুকছানাই বানত তাইৰ স্কুলৰ বহী - কিতাপ হেৰুৱালে

PHOTO • Ritayan Mukherjee

এই শিশুটোক বানে উটুৱাই নিয়াৰ উপক্ৰম হৈছিল মোৰ জোঁৱাইয়ে এডাল গছত উঠি কোনোমতে তাক বচালে ,” শিশুটিৰ আইতাক প্ৰতীমাই কয় তাৰ বয়স আঠমাহ মাত্ৰ , পিন্ধা কাপোৰ - কানি সোপাকে বানে উটুৱাই নিলে

PHOTO • Ritayan Mukherjee

পানী সোমাই তিতি যোৱা কাগজ - পত্ৰ , কিতাপ - বহীবোৰ দত শুকুওৱা হৈছে

PHOTO • Ritayan Mukherjee

৮ম মানত পঢ়া জাহানাৰাৰ আটাইবোৰ কিতাপ - পত্ৰ ২৬ মে বানত উটি গ

PHOTO • Ritayan Mukherjee

গংগাৰ উপনৈ মুড়িগংগাৰ চিন - মোকাম নাইকিয়া হোৱা মথাউৰি মৌচুনী দ্বীপৰ দক্ষিণে বংগ উপত্যকাত নৈখন মিলিছে

অনুবাদ: পংকজ দাস

Ritayan Mukherjee

ঋতায়ন মুখার্জি কলকাতার বাসিন্দা, আলোকচিত্রে সবিশেষ উৎসাহী। তিনি ২০১৬ সালের পারি ফেলো। তিব্বত মালভূমির যাযাবর মেষপালক রাখালিয়া জনগোষ্ঠীগুলির জীবন বিষয়ে তিনি একটি দীর্ঘমেয়াদী দস্তাবেজি প্রকল্পের সঙ্গে যুক্ত।

Other stories by Ritayan Mukherjee
Translator : Pankaj Das

গুয়াহাটি নিবাসী পঙ্কজ দাস পিপলস্ আর্কাইভ অফ রুরাল ইন্ডিয়ার অসমিয়া ভাষার অনুবাদ-সম্পাদক, এছাড়াও তিনি ইউনিসেফের সঙ্গে লোকালাইজেশন বিশেষজ্ঞ রূপে কর্মরত। idiomabridge.blogspot.com ওয়েবসাইটে শব্দ নিয়ে খেলা করা তাঁর নেশা।

Other stories by Pankaj Das